অনুবাদপ্ৰবন্ধ

চ্যায়, চ্যায় (Chai, Chai): অজান জিৰণি ঠাইৰ যাত্ৰা (মূল: বিশ্বনাথ ঘোষ, অনুবাদ: কল্যাণী কোঁৱৰ)

অনুবাদিকাৰ টোকা –

(Why do you go away? So that you can come back. So that you can see the place you came from with new eyes and extra colours. And the people there see you differently, coming back to where you started is not the same as never leaving. —Terry Pratchett .

“চ্যায়, চ্যায়”— এই শব্দ দুটা আওঁৰালে ভাৰত উপমহাদেশখনৰ ৰে’ল,  ৰে’লষ্টেচন, ৰে’লত উঠা-নমা কৰা যাত্ৰী, চাহৰ কেটলিটো লৈ চাহ বিক্ৰী কৰা চাহৱালাটোৰ লগতে প্লেটফৰ্মত ৰৈ চাহ খাই থকা মানুহৰ ছবিখন মনলৈ আহে। ভাৰতীয় ৰে’লৱেৰ সকলো শ্ৰেণীৰ ৰেলযাত্ৰীৰ বাবে চিৰ পৰিচিত, ৰেলযাত্ৰাৰ এক অভিন্ন অংগ এই শব্দযুগল। ভাৰতীয় জনজীৱনৰ লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে এই চাহ। চাহ হৈছে ভাৰতীয় বিচিত্ৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক অন্যতম উপাদানৰ লগতে আৰ্থ-সামাজিক দিশত প্ৰভূত অৰিহনা যোগোৱা এক সম্বল।

১৮৫৩ চনৰ ১৬ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰথমখন যাত্ৰীবাহী ৰে’ল বুৰী বুন্দেৰ (বম্বে) ৰ পৰা থানেলৈ চাহিব, চুলতান আৰু সিন্ধ নামৰ তিনিটা ইঞ্জিনৰ সহায়ত চলোৱা হৈছিল। এই ১৭০ বছৰীয়া ইতিহাসক সাক্ষী কৰি ভাৰতৰ অৰ্থনীতিলৈ এক সবল অৰিহণা যোগান ধৰা ভাৰতীয় ৰে’লৱে বিশ্বৰ দ্বিতীয় বৃহত্তম ৰাজহুৱা পৰিবহণ ব্যৱস্থা হিচাপে পৰিগণিত। তাৰোপৰি কলকাতা, দিল্লী, মুম্বাই মহানগৰীৰ স্থানীয় ৰে’ল (local train) সৰ্বজনবিদিত। মধ্যবিত্তীয়, নিম্ন মধ্যবিত্তীয়, শ্ৰমিক শ্ৰেণীৰ দৈনন্দিন জীৱন ধাৰণৰ লগত জড়িত এই পৰিবহণ ব্যৱস্থা। স্কুল-কলেজ, অফিচ-কাছাৰী লৈ অহা যোৱা কৰা, ক্ষুদ্ৰ ব্যৱসায়ীৰ বেহা-বেপাৰৰ মাধ্যম হৈছে এই ৰেল ব্যৱস্থা। প্ৰান্তীয় অঞ্চলক মূল চহৰ বা নগৰৰ লগত সংযোগ কৰে। এনে এটা ৰাজহুৱা ব্যৱস্থা ‘ভাৰতীয় ৰেলৱে’ কিবা কাৰণত নোহোৱা হৈ গ’লে ৮০% ভাৰত স্তব্ধ হৈ যাব!

বাস্তৱিকতে, ভাৰতীয় ৰে’লৱেত প্ৰত্যেক বছৰে নতুন নতুন ৰেল অন্তৰ্ভুক্ত কৰা হয়, ষ্টেচনবোৰক উন্নত তথা মেৰামতি কৰা হয় আৰু যাত্ৰীৰ বাবে বহুতো সা-সুবিধা প্ৰদান কৰা হয়। কিন্তু আমাৰ উত্তৰ পূৰ্বাঞ্চল এই ক্ষেত্ৰত অতি দুৰ্ভগীয়া। ভাৰতৰ আন অংশৰ তুলনাত এই অঞ্চলত ৰে’ল ব্যৱস্থা অনুন্নত। সৌ সিদিনা মাত্ৰ (২০২৩ চনত) গুৱাহাটীলৈ প্ৰথমখন বৈদ্যুতিক ৰে’ল আহে। দ্বৈত ৰে’লপথ নিৰ্মাণকাৰ্য চলি আছে। আচলতে আমি উত্তৰ-পূৰ্বাঞ্চলবাসীয়ে ৰেলযাত্ৰাৰ প্ৰকৃত সোৱাদ পোৱা নাই। ভাৰতীয় ৰেলৱেৰ বহুতো সা-সুবিধাৰ পৰা আমি এতিয়াও বঞ্চিত। ৰে’লেৰে দূৰণিবটীয়া ঠাইলৈ ভ্ৰমণ কৰিলেহে, সেইবোৰ ঠাইৰ ৰে’ল সেৱাৰ প্ৰকৃত ৰূপ আমি উত্তৰ পূৰ্বাঞ্চলবাসীয়ে দেখা পাওঁ।

কিন্তু ভাৰতীয়ৰ চেতনাত ৰে’ল প্ৰীতি অতি গভীৰভাৱে শিপাই আছে। ৰেল এখন গৈ থকাৰ দৃশ্য, ৰেলৰ খিৰিকীৰে উপভোগ কৰা দৃশ্যবোৰ, ৰেলত চানা-বাদাম, চাহ, ফল-মূল, মনিহাৰী বস্তু বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা মানুহবোৰৰ গ্ৰাহকক আকৰ্ষণ কৰিবলৈ মতা সিঁহতৰ বিচিত্ৰ মাত-কথাবোৰ, অনাকাংক্ষিত ভাৱে গৈ থকা ৰেলখন সৰু ষ্টেচন এটাৰ মাজবাটতে ৰখাই দিয়া, গন্তব্যস্থল গৈ পোৱাৰ আনন্দ ইত্যাদিয়ে এতিয়াও আমাৰ মনটো ল’ৰালিৰ উত্তেজনাৰে ভৰাই তোলে। মানুহৰ জীৱনৰ হাঁহি-কান্দোন, মান-অভিমান, হাস্য ৰসেৰে পৰিপূৰ্ণ কত যে কাহিনীৰে ভৰপূৰ এই ৰেলযাত্ৰাবোৰ! তাৰেই আলম লৈ শ্ৰদ্ধাৰ বুৰঞ্জীবিদ তথা সাহিত্যক ড° লীলা গগৈদেৱে লিখিছিল ‘কপলিং ছিগা ৰেল’।

“চ্যায়, চ্যায় (Chai, Chai)”- হৈছে ভাৰতৰ মূল ৰেলৱে জংচনবোৰৰ মাজেৰে যাত্ৰা কৰাৰ বিষয়ে বিশ্বনাথ ঘোষৰ এখন মিঠা সৰু ভ্ৰমণ গ্ৰন্থ। ৰে’ল জংচন বা ষ্টেচনবোৰত এখন্তেক ৰৈ, তাৰ সিপাৰে কি আছে সেই বিষয়ে চিন্তা নকৰাকৈয়ে আমি প্ৰায়ে সেই  ঠাইবোৰৰ কাষেৰে পাৰ হৈ যাওঁ। ষ্টেচনৰ প্লেটফৰ্মত নামি কিছু জিৰণি লোৱাৰ উদ্দেশ্যৰে এপিয়লা চাহৰ প্ৰয়োজনবোধ কৰোঁ আৰু সেই যাত্ৰাৰ আলস্যতা দূৰ কৰিবৰ নিমিত্তে প্লেটফৰ্মত জাগ্ৰত প্ৰহৰীৰ দৰে প্ৰায় চৌবিশ ঘন্টাই উপলব্ধ থাকে সেই চৰিত্ৰটো, যিয়ে ৰে’ল এখন আহি ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে হাতত এটা কেটলি লৈ অবিৰতভাৱে চিঞৰি উঠে – ‘চ্যায়, চ্যায়!’ এই ব্যতিক্ৰমী ভ্ৰমণ কাহিনীটো ৰে’ল যাত্ৰাৰ এনে এক ভ্ৰমণ কাহিনী যিবোৰ ঠাইত অলপ সময়ৰ বাবে ৰোৱা হয়, কিন্তু ঠাইখনত নামি যোৱা নহয় – ‘Chai, Chai’ : Travels in Places Where You Stop but Never Get Off. আৰু অলপ সময়ৰ বাবে ৰোৱা সেই ঠাইবোৰৰ স্মৃতি আমাৰ মনত জীপাল কৰি ৰখাৰ অন্তৰালত আছে ‘চ্যায় চ্যায়’ মাতষাৰৰ প্ৰতি আকৰ্ষিত হৈ হাতত তুলি লোৱা সেই চাহ কাপ।

 তেওঁ ভ্ৰমণ কৰা মূলতঃ  ৮খন ঠাই – ঝান্সী (দিল্লী), খাজুৰাহো ( কানপুৰ), ইতাৰ্ছী (ভোপাল), মোগলছৰাই (বানাৰস), গুন্তকাল, আৰাক্কোনাম, জোলাৰপেট্টাই, শোৰানুৰ (মধ্য চেন্নাই)  বিষয়ে ইয়াত অন্তৰ্ভুক্ত।

 লেখকৰ সৰু সৰু পৰ্যবেক্ষণৰ অন্তৰ্গত এই স্থানসমূহ দেশখনৰ অতি গুৰুত্বপূৰ্ণ  প্ৰধান ৰেল সংযোগস্থল।

অতি সূক্ষ্ম পৰ্য্যবেক্ষণ আৰু ৰসাল বৰ্ণনাৰে স্থানীয় খাদ্যৰ পৰা আৰম্ভ কৰি স্থানীয় লোকৰ সৈতে তেওঁৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ আদিৰ ধাৰাভাষ্য গ্ৰন্থখনিত মনোগ্ৰাহী হৈ উঠিছে। এই গ্ৰন্থৰ যোগেদি ভূমি পৰ্যায়ত ভাৰতখন কেনেকুৱা তাৰ এটা সুন্দৰ আভাস পাব।

বিশ্বনাথ ঘোষে ভাৰতৰ বিভিন্ন ঠাই  ভ্ৰমণ কৰোঁতে ভ্ৰমণ লেখক হিচাপে সেই ঠাইবোৰৰ মানুহে অনুসৰণ কৰা বিভিন্ন সাংস্কৃতিক প্ৰথা, খাদ্যাভ্যাস, বিশ্বাস-পৰম্পৰা, পৰিচয় আৰু বস্তুগত সংস্কৃতিৰ সৈতে সন্মুখীন হৈছে আৰু সংগৃহীত সেই তথ্যবোৰেই তেওঁৰ গ্ৰন্থ ‘চ্যায়, চ্যায়’ ত লিপিবদ্ধ কৰিছে। এই অধ্যয়নৰ বিশেষত্ব হৈছে-  ভ্ৰমণ আখ্যানে মানুহৰ সংস্কৃতি বুজিবলৈ কেনেদৰে সহায় কৰে, সেই বিষয়ে অন্বেষণ কৰাৰ প্ৰয়াস কৰা হৈছে। তেওঁ ভ্ৰমণ বেলিকা লগ পোৱা  বিভিন্ন শ্ৰেণীৰ মানুহবোৰৰ মূলতঃ ভাষা, অৰ্থনৈতিক সম্পৰ্ক ,ৰাজনৈতিক দৃষ্টিকোণ আদি  দিশবোৰৰ তাৎপৰ্য তুলনামুলক সাংস্কৃতিক অধ্যয়নৰ যোগেদি  বুজিবলৈ যত্ন কৰিছে। তেওঁ লগতে আঙুলিয়াই দিছে যে বহুমাত্ৰিক বিচিত্ৰ ভাৰত ভূমিৰ এই লোকসকলক সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে বান্ধি ৰখাত ভাৰতীয় ৰে’লৱেই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

গ্ৰন্থৰ শিৰোনাম অসমীয়া লৈ অনুবাদ নকৰি একে ৰাখিলোঁ। কাৰণটো হ’ল- মূল হিন্দীভাষীৰ ঠাঁচত শব্দ যুগল উচ্চাৰণ কৰিলে যি অনুৰণনৰ  সৃষ্টি হয়, অসমীয়া ভাষাত ‘চাহ, চাহ’ বুলি ক’লে তেনে নহয়। মূল ইংৰাজী গ্ৰন্থৰ লগতে সুচিতা মিতলৰ দ্বাৰা হিন্দী ভাষালৈ অনূদিত গ্ৰন্থৰ তুলনামূলক অধ্যয়নৰ আলমত গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰা হৈছে। তাৰেই প্ৰথম খণ্ডৰ অনুবাদ ‘মুক্ত চিন্তা’ ৰ পাঠক লৈ আগবঢ়ালোঁ। পৰৱৰ্তী খণ্ডসমূহ একাদিক্ৰমে ‘মুক্ত চিন্তা’ তে প্ৰকাশ পাব। আশাকৰোঁ সুহৃদ পাঠকে গ্ৰন্থখন আদৰি ল’ব আৰু বহুমূলীয়া মতামতেৰে  উৎসাহিত কৰিব ।)

লেখক পৰিচয়ঃ- বিশ্বনাথ ঘোষৰ জন্ম ২৬ ডিচেম্বৰ ১৯৭০ চনত উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত হৈছিল। তেওঁ এজন লেখক, কবি আৰু সাংবাদিক যদিও ভ্ৰমণ কাহিনীকাৰ হিচাপে বেছি জনাজাত, যিবোৰ ভ্ৰমণ কাহিনীয়ে ভাৰতৰ বাস্তৱ ৰূপটোক উদ্ভাসিত কৰে। প্ৰথমে সাংবাদিকতাৰে নিজৰ কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০০১ চনত ‘ন্যু ইণ্ডিয়ান এক্সপ্ৰেছ’ ৰ লগত জড়িত হোৱাৰ পৰিপ্ৰেক্ষিতত চেন্নাইত বাস কৰিবলৈ লয়। পিছত ২০০৮ চনত চেন্নাইৰ পৰা প্ৰকাশিত ‘দ্যা টাইমছ্ অব ইণ্ডিয়া’ ৰ সহঃ সম্পাদকৰ দায়িত্বত আছিল। বৰ্তমান ২০১৮ চনৰ পৰা কলকাতাৰ নিবাসী আৰু ‘দ্যা হিন্দু’ কাকতৰ সহযোগী সম্পাদক হিচাপে কৰ্মৰত।

বিশ্বনাথ ঘোষৰ গ্ৰন্থসমূহ – ২০০৯ চনত প্ৰকাশিত, বহুলভাৱে জনপ্ৰিয় হোৱা Chai, Chai: Travels in Places Where You Stop but Never Get Off, গ্ৰন্থখনক ‘দ্যা টেলিগ্ৰাফ’ (কলকাতা) কাকতে এখন অগতানুগতিক মনোগ্ৰাহী ভ্ৰমণ গ্ৰন্থ বুলি অভিহিত কৰিছে। তেওঁৰ Tamarind City: Where Modern India Began (2012) গ্ৰন্থখনিত চেন্নাইৰ প্ৰতিকৃতি অংকিত হৈছে বুলি কোৱা হয়। ২০১৪ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ Longing, Belonging: An Outsider at Home in Calcutta (2014) ত বৰ্তমানৰ কলকাতা চহৰৰ চিত্ৰকল্পৰ বৰ্ণনা আছে। সত্তৰ বছৰীয়া ভাৰত বিভাজনৰ লগত সংগতি ৰাখি লিখা গ্ৰন্থ Gazing at Neighbours: Travels Along the Line That Partitioned India (2017). ২০১৯ চনত সৰ্বোচ্চ বিক্ৰেয় গ্ৰন্থ Aimless in Banaras: Wanderings in India’s Holiest City প্ৰকাশ পায়। তেওঁৰ শেহতীয়াকৈ প্ৰকাশিত Jiyo Banaras (2021) হৈছে বানাৰসৰ ওপৰত এটি হিন্দী কবিতা সংকলন।

*****

প্ৰস্তাৱনা

সৰু চহৰ : ডাঙৰ ষ্টেচন

ভাৰতীয় চহৰ বা নগৰৰ ৰেলষ্টেচনবোৰ, তাৰ স্থানীয় ৰূপ-গন্ধৰ পৰা সম্পূৰ্ণ পৃথক, দেখাত স্বতন্ত্ৰ একোখন ৰাজ্যৰ দৰে হয়, কিন্তু আচলতে দিল্লীত উপৱিষ্ট ঔপনিৱেশিক প্ৰভূত্বৰে নিয়ন্ত্ৰিত একো একোখন স্বায়ত্বশাসিত অঞ্চল যে, এইটো নিশ্চিত। সাদৃশ্য ইমানেই বেছি, কেনেবাকৈ ষ্টেচনত থকা হালধীয়া মাইল খুঁটি বা অন্যান্য ছাইনবোৰ্ড বোৰ আঁতৰাই দিলে চিনি পোৱাটোৱেই মস্কিল হৈ পৰে। আপুনি ধৰিবই নোৱাৰিব কোন ষ্টেচন পালেগৈ। আপুনি এনে এখন দেশত আছোঁ বুলি অনুভৱ কৰিব য’ত চৌব্বিশ ঘন্টাই চাহ উপলব্ধ আৰু তাৰ নিবাসী সকলৰ মূল ব্যৱসায় হ’ল – যাত্ৰা কৰা আৰু অপেক্ষা কৰা।

যদি কোনো ৰেলযাত্ৰাত ষ্টেচন এটাত অপেক্ষা কৰি থকা কিছু সময় হ’ল, তেন্তে আপুনি আপোনাৰ অৱস্থানৰ এটা আভাস পাব পাৰে, যেতিয়া ফেৰিৱালাবোৰে স্থানীয় ভাষাত ইটোৱে সিটোক চিঞৰি উঠে নাইবা ঘোষক যন্ত্ৰটোত ঘোষকে ঘোষণা দিয়ে। ঘোষণাটো সহজ-সৰল ইংৰাজী আৰু হিন্দী ভাষাৰ উপৰিও যদি তামিল ভাষাৰ হয়, জানিব যে আপুনি তামিলনাডুত আছে। কিন্তু তামিলনাডুৰ ক’ত? মাদুৰাই বা কয়ম্বতুৰ হ’ব পাৰে। চাৰিত্ৰিক দিশৰপৰা দুয়োখন চহৰৰ পৃথক পৰিচয় আছে। কিন্তু ৰেলষ্টেচনত বহি থাকি সেই পাৰ্থক্য ধৰা পেলোৱা সহজ নহয়। আৰু কেনেবাকৈ যদি আপুনি তামিলনাডু এক্সপ্ৰেছৰ দৰে দূৰণিবটীয়া ৰেলত যাত্ৰা কৰিছে, তেতিয়া তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশ অথবা অন্ধ্ৰপ্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ মাজৰ পাৰ্থক্য ধৰা পেলোৱা প্ৰায় অসম্ভৱ। হালধীয়া ছাইনবোৰ্ড বা তেনে চিনাক্তকৰণ চিহ্ন দৃষ্টিত নপৰিলে, আপুনি ক’ত আছে জানিবলৈ চাহৱালাটোৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব।

ভাৰতত ৰেলৱেত কৈ উৎকৃষ্ট ৰাষ্ট্ৰীয় একতাৰ প্ৰতীক চিহ্ন বিচাৰি নাপাব। ৰেলৰ টিকট আৰক্ষণ পত্ৰত আপোনাৰ নাম, বয়স, লিংগ আৰু ঠিকনাৰ বাহিৰে আন একো নিবিচাৰে। ৰেলত দুটা সম্প্ৰদায়ৰ লোক, যাক সাধাৰণতে কেতিয়াও একেলগে দেখা পোৱা নাযায়, কোনো ধৰণৰ গণ্ডগোলৰ সৃষ্টি নকৰাকৈ ঘন্টাৰ পিছত ঘন্টা ধৰি, আনকি কেইবাদিনো ধৰি একেলগে বহি যায়। এজন কোটিপতি, যিজনে নিজৰ সম্ভ্ৰম বজাই ৰাখিবলৈ শীত-তাপ নিয়ন্ত্ৰিত প্ৰথম শ্ৰেণীত যাত্ৰা কৰে, তেওঁও  যেনে তেনে কাম চলাব পৰা শোৱনি কোঠাটো তেওঁতকৈ বহু পৰিমাণে দুখীয়া সেইজন দেশবাসীৰ লগত সমানে ভগাই ল’বলগীয়া হয়, যিজনে অফিচে বহন কৰা খৰচত যাত্ৰা কৰে। শীত-তাপ নিয়ন্ত্ৰিত ডবাত তেওঁলোক সহযাত্ৰী- ধনী মানুহ জনে দুখীয়াজনৰ নাক বজোৱা শব্দ সহ্য  কৰিবলগীয়া  হয়।

যাত্ৰাই কেৱল সমতা যে আনে তেনে নহয়, পৰস্পৰৰ সংস্কৃতি বিনিময় হয়, বিশেষকৈ খাদ্য সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়ে। মাৰোৱাৰী সম্প্ৰদায়ৰ লোকে বৃহৎ পৰিয়ালটোৰ লগত যাত্ৰা কৰোঁতে গোটেই যাত্ৰাটোৰ বাবে পৰ্য্যাপ্ত পৰিমাণৰ খোৱাবস্তুৰ এটা ডাঙৰ ভাণ্ডাৰ নিজৰ লগত লৈ যায়। যিমান সদস্য সিমান সংখ্যক পুৰী! ঠিক সেই সময়তেই তেওঁলোকে নিজৰ খাদ্যৰ টুকুৰীটোৰ ঢাকোন খুলি তাৰপৰা পুৰী, চবজি আৰু আচাৰৰ লোভনীয় গোন্ধ বিয়পাই দিয়ে, যি সময়ত ভোকত কলমলাই থকা আপুনি আপোনাৰ খোৱাবস্তুৰ কাৰণে ৰেলৰ পেন্ট্ৰীৱালা লৈ ৰৈ থাকিব। মহিলাসকলৰ ভিতৰত আটাইতকৈ সৰু সদস্য গৰাকীয়ে সাধাৰণতে টুকুৰীটো খোলে। বসয়ত ডাঙৰ জনৰ পৰা আৰম্ভ কৰি প্ৰথমে পুৰুষ সকলক খাবলৈ দিয়া হয়। কেতিয়াবা এনেকুৱা হয় যে চকুৰ সন্মূখেৰে এজাপ পুৰী পাৰ হৈ যোৱা দেখি, সুধিবলৈ উত্ৰাৱল হৈ পৰোঁ, “ইয়াৰে দুখন পুৰী মইও পাম নেকি?”

তামিল সকলেও ৰেলযাত্ৰাত নিজৰ খোৱাবস্তুৰ টোপোলা লগত লৈ ফুৰে। ইডলি আৰু তেল বিৰিঙি থকা এটা পেষ্ট যিটোক তেওঁলোকে চাটনি বুলি কয়। ইডলিৰ প্ৰতি মোৰ দূৰ্বলতা আছে আৰু মই সদায়েই কল্পনা কৰোঁ যে এতিয়া ষ্টীলৰ সেই গোল টিফিন বাকচটো মোলৈ আগবঢ়াই দি সুধিব- “এটা খাব নেকি?” কিন্তু যেতিয়াই সেই ষ্টীলৰ গোল বাকচটো ঘুৰোৱা হয় মই সদায় আনফালে মূৰটো ঘূৰাই দিওঁ। আনহাতে বাঙালীয়ে কাচিৎহে নিজৰ খোৱা বস্তু লগত লৈ ৰেলত ফুৰে। তেওঁলোকৰ কাৰণে ৰেলযাত্ৰা মানে আন বাহিৰা বস্তু খোৱাৰ এটা অজুহাত। খাই উঠাৰ পাছত এইখন ‘চিকেন কাৰী’ আজিৰ পৰা ছমাহৰ আগতে ৰাজধানী এক্সপ্ৰেছত খোৱা ‘চিকেন কাৰী’ ৰ দৰেই সোৱাদ লগা হৈছে বুলি কৈ আড্ডাত মছগুল হৈ পৰিব । কিন্তু আচলতে কথাটো তেনে নহয়। ইয়াৰ কাহিনীটো এনেকুৱা যে ভাৰতত ৰেলসেৱা কেৱলমাত্ৰ যাতায়াত ব্যৱস্থা নহয়, এক ধৰণেৰে সংবহন তন্ত্ৰ। ৰেলপথ বোৰ ধমনী সদৃশ আৰু সেই পথেৰে ৰেলৰ চলাচল সুগম কৰি ৰাখিবলৈ জংচনবোৰে হৃদযন্ত্ৰৰ দৰে যেন কাম কৰে। এতেকে ৰেলসেৱা নাথাকিলে ভাৰতো নাথাকিব- এই কথাটো আমি ভালদৰে বুজি পাইছোঁ, নহয়নে?

কিন্তু ধমনীত তেজৰ  সৰবৰাহ সুচল ৰাখিবলৈ তেজ পাম্প কৰি থকা ডাঙৰ ৰেল জংচনবোৰক আমি কম গুৰুত্ব দিওঁ, যিবোৰে ভাৰতৰ এটা কোণৰ পৰা আন এটা কোণলৈ ৰেলগাড়ীৰ গতিবিধিৰ এই বিশাল যোগাযোগ ব্যৱস্থাক সুগম কৰি তোলে। দশক জুৰি এই জংচনবোৰত ৰেলগাড়ীবোৰে কিছু সময় জিৰণি লোৱা, ইঞ্জিন সলোৱা, ডবাবিলাক পৰিস্কাৰ কৰা আৰু খোৱাবস্তু ভৰোৱা কামবোৰ চলি আহিছে। ভাগৰুৱা যাত্ৰীৰ বাবে ‘কিছু সময় জিৰণি’ ৰ অৰ্থ হ’ল প্লেটফৰ্মত নামি হাত-ভৰি টানি এটা এঙামুৰি দিয়া, বটলত পানী ভৰাই লোৱা আৰু চাহ খোৱা। নাইবা এটা চিগাৰেট সেৱন কৰা, বাতৰি কাকত বা ‘ষ্টাৰডাষ্ট’ ৰ শেহতীয়া সংখ্যাটো কিনি লোৱা। নতুবা ষ্টেচনৰ পৰা বাহিৰলৈ গৈ এটা বিয়েৰ বটল কিনি ল’ব পাৰে- কাৰণ ট্ৰেইন এতিয়া ক’লৈকো নাযায়। বহু সময়ত এই জংচনবোৰ দূৰণিবটীয়া যাত্ৰীৰ জীৱনৰ বাবে একোটা স্মৃতিচিহ্ন হৈ পৰে।

কেৱল এইয়াই নহয়, লাখ লাখ যাত্ৰীয়ে নিজৰ গন্তব্যস্থান পাবলৈ ৰেল বদলিৰ অপেক্ষাত ঘন্টা ধৰি এই জংচনবোৰত সময় পাৰ কৰে। প্ৰত্যেক ঠাইলৈকে পোনপটীয়া ৰেল সংযোগ নাথাকে। উদাহৰণ স্বৰূপে, ১৯৭০ ৰ শেষৰ সময়লৈকে বাংগালোৰৰ পৰা মুম্বাই লৈকে পোনপটীয়া ৰেলৰ সংযোগ নাছিল। বাংগালোৰৰ যাত্ৰীসকলে মাদ্ৰাজৰ পৰা  মুম্বাইলৈ যোৱা ৰেলগাড়ীত উঠিবৰ বাবে অন্ধ্ৰপ্ৰদেশৰ গুন্তকাল জংচনত ঘন্টা জুৰি অপেক্ষা কৰিবলগীয়া হৈছিল। ঠিক তেনেকৈ যিসকল যাত্ৰীয়ে লক্ষ্ণৌৰ পৰা দক্ষিণ ভাৰতৰ যিকোনো চহৰ, মাদ্ৰাজ হওক বা ত্ৰিবান্দ্ৰমলৈ যাবৰ বাবে দিনটোৰ বেছিভাগ সময় ঝান্সী জংচনতে ৰেল ধৰিবলৈ ৰ’ব লগীয়া হয়। এইসকল যাত্ৰীৰ কাৰণে এই জংচনবোৰ মাথো একোটা লেণ্ডমাৰ্ক নহয়, তেওঁলোকৰ নিজস্ব ইতিহাসৰ একোটা অংশ হৈ পৰে।

ভাৰতৰ সুদুৰ অংশবোৰক একত্ৰিত কৰিলেও এই জংচনবোৰৰ বিষয়ে ৰেলযাত্ৰাৰ বাহিৰে আন বেলেগ প্ৰসঙ্গত কেতিয়াবা হে আলোচনা কৰা হয়। ইয়াৰ কাৰণ এইটো হ’ব পাৰে যে ৰেলৰ নক্সাত জংচনবোৰৰ নিজস্ব চিনাকি আছে যদিও নগৰ এখনৰ বিচিত্ৰতাৰ তুলনাত জংচন এটা ইমানেই সৰু হয় যে ই অপ্ৰাসংগিক হৈ পৰে। কিন্তু তাৰো নিজৰ এটা কাহিনী থাকিব পাৰে- মাথো তাক জানিবৰ বাবে ষ্টেচনৰ বাহিৰলৈ কোনোৱে নাযায়।

এই কিতাপখনৰ ধাৰণাটো আজিৰ পৰা দুবছৰৰ আগতে এদিন সন্ধিয়া মনত খেলাইছিল, যেতিয়া মই গোৰখপুৰ- ত্ৰিবান্দম এক্সপ্ৰেছত যাত্ৰা কৰি আছিলোঁ আৰু ভৰি দুটা পোনাই একাপ চাহ খাবলৈ বুলি ইতাৰ্ছী ষ্টেচনত ৰেলৰ পৰা নামিছিলো। মই কাণপুৰৰ ঘৰৰপৰা বৰ্তমান মোৰ থকা ঠাই মাদ্ৰাজলৈ বুলি ৰাওনা হৈছিলোঁ। বাৰ ঘন্টাৰ যাত্ৰা ইতিমধ্যে অতিক্ৰম কৰিলোঁ আৰু চৌবিশ ঘন্টাৰ বাট এতিয়াও যাবলৈ বাকী। ৰেলখনত মোতকৈ দহ ঘন্টাৰ আগতে উঠি অহা আৰু মই নামি যোৱাৰ পাছত আৰু পোন্ধৰ ঘন্টা যাত্ৰা কৰিবলগীয়া মানুহ আছিল। এই আটাইবোৰ কথাকে সামৰি ৰেলখনে হিমালয়ক যেন ভাৰত মহাসাগৰৰ সৈতে সংযুক্ত কৰিছে।

ধৰা হওক, আপুনি এজন গৱেষক পণ্ডিত আৰু আপোনাক  ভাৰতীয় ৰাজ্যসমূহক জনসাধাৰণৰ ৰাজহুৱা আচৰণৰ ওপৰত ভিত্তি কৰি গ্ৰেড দিবলৈ নিযুক্তি দিয়া হৈছে, তেন্তে আপুনি এইধৰণৰ গোৰখপুৰৰ পৰা ত্ৰিবান্দমলৈ যোৱা ৰেলত দ্বিতীয় শ্ৰেণীৰ ডবাত যাত্ৰা কৰাটো আটাইতকৈ বুদ্ধিমানৰ কাম হ’ব। আৰম্ভণিতে আপুনি এনে এখন ভাৰতত ভ্ৰমণ কৰিব য’ত ‘মোৰ মাটিত মই ৰজা’ ধৰণৰ এটা বাতাৱৰণ সৃষ্টি হয়। দৈনিক ৰেলেৰে ওচৰৰ চহৰবোৰলৈ চাকৰি কৰিবলৈ বা অধ্যয়ন কৰিবলৈ যোৱা কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰী সকলে আপোনাক এনে অনুভৱ কৰাব যেন আপুনি বহি যোৱা ছিটটো আচলতে তেওঁলোকৰ হে হয়। আপুনি বহি অহা ছিটটোতে চেপেটা লাগি তেওঁলোকক বহিবলৈ ঠাই উলিয়াই দিব লাগিব। যি নহওক, আপুনি পাৰ হৈ যোৱা ঠাইটুকুৰা তেওঁলোকৰে হয়, দিয়কচোন। কিন্তু যাত্ৰাৰ শেষৰফালে আপুনি সম্পূৰ্ণ বেলেগ ধৰণৰ দৈনিক অহা-যোৱা কৰা যাত্ৰীৰ সন্মূখীন হ’ব – লাজকুৰীয়া মালয়ালী পুৰুষ আৰু মহিলা যিয়ে আপোনাৰ স্বাধীনতাত প্ৰৱেশ নকৰিবলৈ বহুত চেষ্টা কৰে।

‘মোৰ মাটিত মই ৰজা’ এই আপ্তবাক্য শাৰীৰ ঠিক ওলোটা প্ৰভাৱ, মধ্যপ্ৰদেশৰ ডাঙৰ জংচন ইতাৰ্ছীৰ পৰাই আৰম্ভ হয়। ইতাৰ্ছী বিন্ধ্য পৰ্বতমালাৰ পাদদেশত অৱস্থিত এখন সৰু চহৰ আৰু বিন্ধ্য পৰ্বতমালাই ভাৰতখনক উত্তৰ আৰু দক্ষিণ এই দুভাগত বিভক্ত কৰিছে।

এই ইতাৰ্ছী জংচনতে প্ৰায়বোৰ ৰেল দীঘলীয়া সময়ৰ বাবে ৰখোৱা হয়। সেই সন্ধিয়া, প্লেটফৰ্মলৈ ওলাই আহিয়েই মই বুজিলোঁ যে উত্তৰ ভাৰতীয় জলপান খোৱাৰ এইটোৱেই মোৰ অন্তিম সুযোগ। ঠিক পাছদিনা ৰাতিপুৱা জলপানৰ পৰা আৰম্ভ কৰি সকলোৰে চাৰিত্ৰিক বৈশিষ্ট্য দক্ষিণ ভাৰতীয় হৈ পৰিব। সেইবাবে টুকুৰা কাগজত দুটা সেউজীয়া জলকীয়াৰ সৈতে বান্ধি দিয়া দুটা আলুৰ বুণ্ডা (alu bonda) কিনি ল’লো।

প্লেটফৰ্মত থিয় হৈ ষ্টেচনৰ চাহৰ লগত আলুৰ বুণ্ডা খাই থাকোঁতে চিৰ পৰিচিত সেই নাৰী কন্ঠই অবিৰতভাৱে ষ্টেচন আহি পোৱা বা দেৰিকৈ আহি পাবলগীয়া বিভিন্ন ৰেলৰ বিষয়ে ঘোষণা কৰি আছে। সেই কেইমিনিটমান সময় প্লেটফৰ্মত ৰৈ থাকোঁতে ভাৰতৰ প্ৰায় প্ৰতিটো কোণত অৱস্থিত বিভিন্ন ষ্টেচনৰ নাম মই ঘোষক যন্ত্ৰত শুনিবলৈ পালোঁ- অমৃতসৰ, মুম্বাই, গুৱাহাটী, ত্ৰিবান্দম, হাওৰা, চেন্নাই । তেতিয়া এটা কথা মোৰ মনত পৰিল, আমাৰ দেশৰ দীঘে-পথালিয়ে চলি থকা, যেনে- মুম্বাইৰ পৰা কলকাতা, দিল্লীৰ পৰা মাদ্ৰাজ, কোচিৰ পৰা গুৱাহাটী, আহমেদাবাদৰ পৰা হায়ডৰাবাদ ইত্যাদি ৰেলবোৰ এই ইতাৰ্ছী জংচনৰ মাজেৰে যাব লাগিব। কিবা কাৰণত যদি ইতাৰ্ছী জংচনৰ ৰেললাইন উঠাই দিয়া হয় তেন্তে কেইবাদিনো ধৰি দেশত ৰেলসেৱা ব্যাহত থাকিব, এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ’ব। ৰেলৱেৰ মানচিত্ৰত ইতাৰ্ছীৰ অৱস্থান ইমানেই গুৰুত্বপূৰ্ণ!

তথাপিও ভাৰতৰ ৰাজনৈতিক মানচিত্ৰত ইতাৰ্ছীৰ গুৰুত্ব অতি নগন্য। আপুনি কাচিৎহে কোনো ব্যক্তিক লগ পাব যিজনে ইটাৰ্ছীত কাম কৰে। নাইবা আপুনি কেতিয়াও  ইতাৰ্ছীৰ ঠিকনাত চিঠি পোষ্ট কৰাৰ সম্ভাৱনা নাই। ইতাৰ্ছী মাথো এটা ৰেলষ্টেচন য’ত যাত্ৰীসকল কিছু সময়ৰ বাবে নামে, চাহ খায়, কেতিয়াবা কিবাকিবি খোৱা বস্তু কিনি লয় আৰু গুচি যায়। কিন্তু ৰেলষ্টেচনৰ বাহিৰ ওলায়েই পোৱা সেই চহৰখননো কেনেকুৱা, যাৰ মাজেৰে কিছু কিছু সময়ৰ ব্যৱধানত অনেক সংস্কৃতি আৰু পৰম্পৰাৰ সৰবৰাহ হয় ?

একেদৰেই,  মুগলছৰাই বুলি কোৱাৰ লগে লগে এজন বাঙালী অথবা এজন বিহাৰী ব্যক্তিৰ মনত এটা অতি ব্যস্ত ৰেলষ্টেচনৰ ছবি ভাঁহি উঠিব আৰু সেইদৰেই জ’লাৰপেট বুলি ক’লে নিয়মিতভাৱে দক্ষিণৰ ফালে ৰেলযাত্ৰা কৰা এজন তামিল বা মালয়ালীয়ে অনুভৱ কৰিব। তেওঁলোকে এই ঠাইবোৰক জনবসতিপূৰ্ণ চহৰ বুলি কল্পনা কৰিবলৈ টান পাব, য’ত মানুহে আন ঠাইৰ মানুহৰ দৰেই দৈনন্দিন জীৱন যাপন কৰে। এনে ধাৰণাৰ কাৰণটো হ’ল, এই ঠাইবোৰ কেতিয়াও তেওঁলোকৰ গন্তব্যস্থান হোৱা নাই, গন্তব্যস্থানলৈ বাট দেখুৱাই দিয়া বাটচৰা হে মাথো।

তেন্তে আমি কেৱল প্লেটফৰ্মত থিয় হৈ ইফালে সিফালে ‘চ্যায়, চ্যায়’ বুলি চিঞৰি থকা মানুহটোকে বিচাৰি থকাৰ পৰিৱৰ্তে এই জংচনবোৰত নামি ষ্টেচনৰ চোতালৰ পৰা বাহিৰ ওলাই চহৰবোৰত ঘূৰি ফুৰোঁ আৰু তেওঁলোকে ক’বলৈ অপেক্ষা কৰি থকা সেই সাধুকথা বোৰ শুনো, আহক।

Leave a Reply

Your email address will not be published. Required fields are marked *