নিবন্ধশিল্প-কলা-সংস্কৃতি

চলচ্চিত্ৰীয় দাপোণেৰে প্ৰতিবিম্বিত এক সামাজিক সমস্যা:  “প্ৰযুক্তিপ্ৰসূত কৰ্মসংস্থানহীনতা”   (চিৰঞ্জিৎ দত্ত)

ইংৰাজীত বহুলব্যৱহৃত এটা পৰিশব্দ Technological Unemployment-ক অসমীয়াত “প্ৰযুক্তিপ্ৰসূত কৰ্মসংস্থানহীনতা” শব্দযুগলেৰে নিশ্চয় প্ৰকাশ কৰা যায়। আধুনিক পৃথিৱীৰ ন ন কাৰিকৰী প্ৰযুক্তিৰ উদ্ভাৱনে মানুহক এটা উন্নত, আৰামদায়ক আৰু সুচল জীৱন দিয়াৰ সমান্তৰালকৈ জন্ম হোৱা এটা সাৰ্বজনীন সামাজিক সমস্যা হ’ল প্ৰাচীন পৰম্পৰাগত বৃত্তি বা জীৱিকাৰে জড়িত একাংশ লোকৰ জীৱনত নতুনকৈ সৃষ্টি হোৱা কৰ্মসংস্থাপনহীনতা। বছৰ বছৰ জুৰি একো একোটা বিশেষ পৰম্পৰাগত বৃত্তি বা জীৱিকাক সম্বল কৰি জীৱন নিৰ্বাহ কৰি থকা এচাম লোকক প্ৰযুক্তিৰ পৰিৱৰ্তনে নতুন যুগৰ পৰিপ্ৰেক্ষিতত কেতিয়াবা একে ৰাতিৰ ভিতৰতে যেন প্ৰয়োজনহীন কৰি তোলে। তেওঁলোক হৈ পৰে পুৰণি দিনৰ “অচল টকা”। সংখ্যাত মুষ্টিমেয় হ’লেও তেনেচাম বৃত্তিধাৰী লোকৰ জীৱিকা হেৰুওৱাৰ বেদনা, অচলাৱস্থা জীৱনৰ সংঘাত, মানসিক দ্বন্দ্ব আদিক আওকাণ কৰিব নোৱাৰি; যদিও মানৱ কল্যাণৰ বৃহত্তৰ স্বাৰ্থত প্ৰগতি আৰু উন্নয়নকো আমি আদৰণি জনাবই লাগিব। তেনেকুৱা এক সংৱেদনশীল তথা স্পৰ্শকাতৰ বিষয়বস্তুকে উপজীৱ্য কৰি সময়ে সময়ে ইতিমধ্যে পৃথিৱীৰ বিভিন্ন কোণত বিভিন্ন ভাষাত চলচ্চিত্ৰও নিৰ্মিত হৈছে। প্ৰযুক্তিপ্ৰসূত কৰ্মসংস্থানহীনতাৰ সাৰ্বজনীন সমস্যা আৰু মানৱীয় সংঘাতক লৈ নিৰ্মিত তেনেকুৱা তিনিখন ভিন্ন ভাষাৰ চলচ্চিত্ৰৰ সন্দৰ্ভত এটা চমু আলোচনা আগবঢ়ালোঁ।

(১) সাগৰলৈ বহুদূৰ

১৯৯৫ চনত মুক্তিপ্ৰাপ্ত, জাহ্নু বৰুৱা পৰিচালিত অসমীয়া চলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াৰ জীৱনৰ ওপৰত আধাৰিত। দিহিং নদীৰ পাৰৰ নেমুগুৰি নামৰ গাঁ‌ওখনৰ নিৱাসী এজন বৃদ্ধ নাৱৰীয়া ‘পোৱাল দিহিঙীয়া’। গাঁ‌ৱৰ লোকক নাৱেৰে নৈ পাৰ কৰোৱাই জীৱন নিৰ্বাহ কৰি চলি আছিল তেওঁ। সেয়া আছিল পোৱালৰ বংশানুক্ৰমিক বৃত্তি। দলং নথকা গাঁওখনত তেওঁলোকৰ পৰিয়ালৰ কেইবাটাও প্ৰজন্মই ইতিমধ্যে সেই বৃত্তিটোৰেই পেট প্ৰৱৰ্তাই আহিছিল। কিন্তু পোৱালৰ জীৱনলৈ হঠাতে বিপৰ্যয় নামিল যেতিয়া নেমুগুৰি গাঁ‌ৱৰ নৈখনৰ বুকুত চৰকাৰে এখন দলং নিৰ্মাণ কৰিলে। জীৱিকা হেৰুৱাই দিকবিদিক হেৰুৱাই পেলোৱা পোৱালৰ জীৱনৰ সংঘাত আৰু মনোজগতৰ অন্তৰ্দ্বন্দ্ব চলচ্চিত্ৰখনত অতি মৰ্মস্পৰ্শী আৰু নিখুঁতভাৱে ফুটাই তুলিছে সুঅভিনেতা বিষ্ণু খাৰঘৰীয়াই।

নৱকান্ত বৰুৱাৰ “এতিয়া দলং সজা হ’ল” শীৰ্ষক এটি পুৰণি কবিতা আছিল-
“এতিয়া দলং সজা হ‘ল
শেষ হ‘ল খেয়াৰ ঘাটৰ কোলাহল
মাৰ গ‘ল সিপাৰৰ ৰিং
(ইপাৰ সিপাৰ দুয়োপাৰ একেপাৰ হ‘ল)
শেষৰ ঘাটৈজন গুছি গ‘ল
ভাটিয়ালী বেপাৰীক নাওখন বেচি।
হাতৰ এমুঠি নোট গণি গণি এখন এখনকৈ
ভাবিলে অলপ পৰ :
জীৱিকাৰ বিকল্পই
জীৱনৰো আনে নে সলনি?
জীৱনৰ বিকল্পৰ দাম নাই,
নাম মাথোঁ আছে
সেই নাম ভীতিৰে গধুৰ…”

“সাগৰলৈ বহুদূৰ”-ৰ কাহিনীৰ জুমুঠিটো জাহ্নু বৰুৱাদেৱৰ মনত প্ৰথমে কেনেকৈ উকমুকাইছিল নাজানোঁ, কিন্তু চলচ্চিত্ৰখন চোৱাৰ পিছতে ব্যক্তিগতভাৱে প্ৰথম নৱকান্ত বৰুৱাৰ উক্ত কৱিতাটোৰ এই স্তৱকটোৱেই আমাৰ মনলৈ আহিছিল। হয়তোবা এই সংযোগ সম্পূৰ্ণ কাকতালীয়। যি কি নহওক, ‘জীৱিকাৰ বিকল্প’-ই সলনি কৰা নাৱৰীয়া এজনৰ সংঘাতময় জীৱন, ‘ভীতিৰে গধুৰ’ অনিশ্চয়তাময় ভৱিষ্যতৰ সংশয়, মনস্তাত্ত্বিক দ্বন্দ্ব ইত্যাদিৰে ভাৰাক্ৰান্ত এটি কাহিনীৰ চলচ্চিত্ৰীয় উপস্থাপন আছিল যেন চেলুলয়ডৰ পৃষ্ঠাত লিপিবদ্ধ কৰা এটি কালোত্তীৰ্ণ কৱিতাহে। নিঃসন্দেহে “সাগৰলৈ বহুদূৰ” অসমীয়া ভাষাত নিৰ্মিত সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ চলচ্চিত্ৰ।

(২) জোনাকীৰ আলো

১৯৫৮ চনত মুক্তিপ্ৰাপ্ত বিখ্যাত চলচ্চিত্ৰ পৰিচালক অসিত সেন পৰিচালিত এখন বাংলা ভাষাৰ চলচ্চিত্ৰ। এইখিনিতে উল্লেখযোগ্য, হয়তো বহুতেই নাজানে, যে পঞ্চাশৰ দশকতে নিৰ্মিত ‘চলাচল’, ‘পঞ্চতপা’, ‘জীবন-তৃষ্ণা’ আদিৰ দৰে জনপ্ৰিয় বাংলা চলচ্চিত্ৰৰ সফল পৰিচালক তথা পৰৱৰ্তী সময়ত ‘খামোচী’, ‘মমতা’, ‘সফৰ’ আদিৰ দৰে হিন্দী চলচ্চিত্ৰৰ যোগেৰে বোম্বে’তো পৰিচালক হিচাপে সুপ্ৰতিষ্ঠা লাভ কৰা অসিত সেন ডাঙৰীয়াৰ ঘৰ অসমতে আছিল। সি যিয়েই নহওক, এই চলচ্চিত্ৰখনৰ অসমৰ সৈতে থকা আন এটা তাৎপৰ্যপূৰ্ণ সংযোগ হ’ল ডঃ ভূপেন হাজৰিকা আছিল ইয়াৰ সংগীত পৰিচালক। ডঃ হাজৰিকাদেৱৰ বংগীয় চলচ্চিত্ৰ জগতত সোণোৱালী সাংগীতিক যাত্ৰাৰ আৰম্ভণী কালৰ এটি সবল খোজ আছিল ‘জোনাকীৰ আলো’-ৰ সংগীত।

আলোচ্য বিষয়লৈ আহোঁ। গ্ৰামাঞ্চললৈ বিদ্যুৎ সংযোগ আহিলে কিদৰে জোনাকীৰ পোহৰ নিষ্প্ৰভ হৈ পৰে সেয়াই আছিল চলচ্চিত্ৰখনৰ কেন্দ্ৰীয় বিষয়বস্তুৰ প্ৰতীকী উপস্থাপন। কিংবদন্তী অভিনেতা পাহাড়ী সান্যালৰ মুখ্য চৰিত্ৰত অভিনয়েৰে ‘জোনকীৰ আলো’-ৰ কাহিনীভাগ আৱৰ্তিত হৈছে এনেধৰণেৰে—গাঁ‌ৱৰ এজন দৰিদ্ৰ মানুহ, কেৰোচিন তেলৰ বাতি জ্বলোৱাৰ কাম কৰে তেওঁ। এদিন ঠাইখনলৈ বিদ্যুতৰ সংযোগ আহিল, ৰাস্তাৰ কাষত ডাঙৰ ডাঙৰ বৈদ্যুতিক খুঁ‌টা বহিল। গাঁ‌ৱৰ আলি-পদূলিবোৰ বিজুলী বাতিৰ পোহৰেৰে আলোকিত হৈ উঠিল। বিজুলীবাতিৰ পোহৰত জোনাকীৰ পোহৰ নিস্তেজ হৈ পৰাৰ দৰে ইমানদিনে কেৰাচিন তেলৰ বাতি জ্বলাই ৰাইজক পোহৰ বিলাই অহা বৃদ্ধলোকজনৰ জীৱনটোও যেন অন্ধকাৰাচ্ছন্ন হৈ পৰিল। কৰ্মচ্যুত হ’ল তেওঁ।

চলচ্চিত্ৰখনৰ বিষয়বস্তু তথা ‘বক্তব্য বাৰ্তা’ সন্দৰ্ভত অৱশ্যে পৰিচালক অসিত সেনৰ সৈতে ছবিখনৰ সংগীত পৰিচালক ডঃ ভূপেন হাজৰিকাদেৱৰ এইখিনিতে ‘মতাদৰ্শগত পাৰ্থক্য’ আছিল। সেই বিষয়ে হাজৰিকাদেৱে তেখেতৰ আত্মজীৱনীত উল্লেখ কৰি গৈছে। চলচ্চিত্ৰখনত ‘ইলেক্ট্ৰিচিটি’-ক ভিলেইন সজোৱা কথাটোৰ প্ৰতি তেওঁৰ বিৰোধ আছিল। কিয়নো প্ৰগতিক বাধা দি ৰাখিব নোৱাৰি, সেয়া উচিতো নহয়। বিদ্যুৎ সংযোগ অহাৰ ফলত কৰ্মচ্যুত হৈ পৰা ব্যক্তিজনৰ বাবে প্ৰগতিক ব্যাহত কৰা যুগুত নহয়; বৰঞ্চ তেওঁৰ বাবে বিকল্প জীৱিকাৰ ব্যৱস্থা কৰাটোহে সমাজৰ দায়িত্ব হোৱা উচিত আছিল।

(৩) দ্য আৰ্টিষ্ট (The Artist)

২০১১ চনত মুক্তিপ্ৰাপ্ত এখনি ফৰাচী চলচ্চিত্ৰ। শ্ৰেষ্ঠ চলচ্চিত্ৰ তথা শ্ৰেষ্ঠ পৰিচালক, অভিনেতাকে লৈ সেইটো বৰ্ষত সৰ্বমুঠ পাঁ‌চটাকৈ শিতানত অস্কাৰ জয় কৰিবলৈ সক্ষম হোৱা ‘দ্য আৰ্টিষ্ট’-ৰ কাহিনীৰ ঘটনাকাল আৰু পটভূমি ১৯২৭ চনৰ পৰা ১৯৩২ চন মানৰ মাজৰ সময়চোৱাৰ হলীউডৰ চিনেমা উদ্যোগ; যিটো সময় আছিল বিশ্ব চলচ্চিত্ৰৰ নিৰ্বাক যুগৰ (Silent Era) পৰা সবাক (Talkies) যুগলৈ উত্তৰণৰ যুগসন্ধিৰ সময়। চলচ্চিত্ৰত ‘শব্দ’-ৰ (Sound) সংযোজনক চলচ্চিত্ৰৰ ইতিহাসৰে সবাতোকৈ মহত্ত্বপূৰ্ণ এক প্ৰযুক্তিগত বিৱৰ্তন বুলি গণ্য কৰা হয়। কিন্তু দুখৰ কথাটো হ’ল চিনেমা-প্ৰযুক্তিৰ এই যুগান্তকাৰী পৰিৱৰ্তনৰ লগে লগে বিগত যুগৰ এচাম প্ৰৱীণ অভিনয়-শিল্পীয়ে হঠাতে চিনেমা-উদ্যোগটোত তেওঁলোকৰ পূৰ্বৰ গুৰুত্ব আৰু মৰ্যাদা হেৰুৱাবলৈ আৰম্ভ কৰে। বিশেষকৈ শব্দ আৰু সংলাপ-নিৰ্ভৰ চলচ্চিত্ৰত সলনি হৈ পৰা অভিনয়-কলাৰ নৱ্য ধাৰণা আৰু পৰিৱৰ্তিত শৈলীৰ সৈতে যিসকল পুৰণি শিল্পীয়ে নিজকে অভিযোজন কৰি ল’বলৈ অসমৰ্থ হয়, নতুন যুগৰ পৰিপ্ৰেক্ষিতত সেইসকল শিল্পী লাহে লাহে উদ্যোগটোত এলাগী আৰু অৱহেলিত হৈ পৰে। ‘আংগিক অভিনয়’-ৰ মূল উপাদান শৰীৰী-ভংগিমা আৰু মুখৰ অভিব্যক্তিক মূলতঃ সমল কৰি অভিনয় কৰি অহা সেইসকল কলা-কুশলীয়ে শব্দ আৰু সংলাপ-নিৰ্ভৰ নতুন ধাৰাৰ চলচ্চিত্ৰত সমানেই অভিনয় পটুতা দেখুওৱাবলৈ অসফল হৈ পৰাত নতুন প্ৰজন্মৰ একাংশ প্ৰতিভাশালী অভিনয় শিল্পীয়ে অৱধাৰিতভাৱেই তেখেতসকলৰ স্থান ল’বলৈ আৰম্ভ কৰে।

বিগত যুগৰ তেনে এগৰাকী চিনেমা-তাৰকাৰ স্তিমিত কেৰিয়াৰ আৰু জীৱনক লৈ ‘দ্য আৰ্টিষ্ট’-ৰ মূল কাহিনীভাগে গতি কৰিছে। জৰ্জ ভেলেণ্টিন নিৰ্বাক চিনেমা যুগৰ এগৰাকী তাৰকা শিল্পী। শেহতীয়া মুক্তিপ্ৰাপ্ত ছবি এখনৰ প্ৰিমিয়াৰ ছেটত জৰ্জৰ নাটকীয়ভাৱে সংযোগ ঘটে তেওঁৰে এগৰাকী অনুৰাগী যুৱতী, অখ্যাত নৃত্যশিল্পী পেপি মিলাৰৰ সৈতে। জৰ্জৰ সহায় লৈ তথা তেওঁৰ জনপ্ৰিয়তাৰ গাতে ভেজা দি চিনেমা উদ্যোগত প্ৰথম খোপনি ল’বলৈ সুযোগ পোৱা পেপি মিলাৰে পৰৱৰ্তী সময়ত এগৰাকী জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে নিজৰ পৰিচয় গঢ়িবলৈ সক্ষম হয়। ইফালে, চিনেমাৰ নিৰ্বাক যুগটোৰ লাহে লাহে অৱসান ঘটি অহাত জৰ্জৰ দৰে প্ৰবীণ শিল্পীৰ চাহিদা উদ্যোগটোত টুটি আহিবলৈ ধৰে। ইতিমধ্যে চিনেমা-নিৰ্মাণৰ অভিজাত প্ৰযোজনা গোষ্ঠীসমূহে ‘নিৰ্বাক-ছবি’-ৰ নিৰ্মাণ সমূলি বন্ধ কৰি দিয়াৰ আনুষ্ঠানিক ঘোষণা কৰে। হতাশাগ্ৰস্ত জৰ্জে নিজৰ উপাৰ্জনৰ সাঁ‌চতীয়া ধন বিনিয়োগ কৰি স্ব-প্ৰযোজনাৰে চিনেমা নিৰ্মাণৰ সিদ্ধান্ত লয়। কিন্তু ব্যৱসায়িক বিফলতাই তেওঁক বাৰুকৈয়ে জুৰুলা কৰি তোলে। পূৰ্বৰ যশ-খ্যাতি ম্লান পৰি অহাৰ লগতে আৰ্থিকভাৱেও বিধ্বস্ত জৰ্জ একেবাৰে অকলশৰীয়া হৈ পৰে; আনকি শেষ পৰ্যন্ত তেওঁৰ জীৱন-সংগিনীয়েও তেওঁৰ সংগ পৰিত্যাগ কৰে। জৰ্জে আত্মহননৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

অৱশ্যে শেষলৈ এটা ইতিবাচক পৰিসমাপ্তিৰ ইংগিতেৰে চলচ্চিত্ৰখনৰ সমাপ্তি হয়। পেপি মিলাৰ নামৰ নতুন যুগৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে জৰ্জৰ দুঃসময়ত তেওঁৰ কাষত সহমৰ্মী হৈ থিয় দিয়ে; আশ্বাস আৰু সহযোগিতাৰ হাত আগবঢ়ায়। সেয়া অছিল পেপিৰ আত্মপ্ৰতিষ্ঠাৰ প্ৰাৰম্ভিক কালত জৰ্জে তেওঁক কৰি থোৱা সহায়ৰ প্ৰতিদান, জৰ্জৰ প্ৰতি পেপিৰ কৃতজ্ঞতাৰ প্ৰকাশ।

প্ৰযুক্তিগতভাৱে ‘দ্য আৰ্টিষ্ট’-ৰ অন্য এক ব্যতিক্ৰমী বৈশিষ্ট্য এই যে আধুনিক যুগৰ ছবি হৈয়ো এইখন এখন শতিকা-পুৰণি ছবিৰ দৰে সংলাপবিহীন আৰু ক’লা-বগা ৰীলত নিৰ্মিত ছবি। হয়তো অতীত চলচ্চিত্ৰৰ নিৰ্বাক যুগটোৰ (Silent Era) প্ৰতি তথা সেই যুগৰ কলা-কুশলীসকলৰ প্ৰতি এয়াও প্ৰকাৰন্তেৰে ছবিনিৰ্মাতাৰ এক সুন্দৰ শ্ৰদ্ধাজ্ঞ স্মৰণ।

মানৱ-জীৱনৰ এক নিৰ্মম সত্য—যশ, খ্যাতি, প্ৰাচুৰ্যৰ ক্ষণস্থায়িত্ব আৰু মানৱীয় সম্পৰ্কৰ স্বাৰ্থপৰতা, কপটতাৰ বিপৰীতে সহমৰ্মিতা, কৃতজ্ঞতাবোধ আদিৰ দৰে শক্তিশালী মানৱীয় গুণৰ চিত্ৰায়ণ হোৱা ছবি ‘দ্য আৰ্টিষ্ট’ কাৰিকৰীভাৱে নিঃশব্দ—নিৰ্বাক হৈয়ো যেন বহু কথা কৈ যাবলৈ সক্ষম হোৱা এক অনন্য সুন্দৰ ছবি ।

(মুক্ত চিন্তাৰ ফে’চবুক গোটত লেখকে ৩০.০৩.২০২৩ তাৰিখে দিয়া প’ষ্টৰ সম্পাদিত ৰূপ)

Leave a Reply

Your email address will not be published. Required fields are marked *