বিবিধ চিন্তাবিশ্বাস-অবিশ্বাস

যোগাত্মক চিন্তা আৰু বাস্তৱ -(মীনাক্ষী বৰুৱা)

বৰ্তমান সময়ত সামাজিক মাধ্যম আৰু বিভিন্ন সংবাদ মাধ্যমসমূহত যোগাত্মক চিন্তাৰ নামত আধ্যাত্মিক বিষয় কিছুমান বৰকৈ চৰ্চা হ’বলৈ লৈছে। শুকুলা অথবা গেৰুৱা বসন পৰিধান কৰি শান্ত সৌম্য ব্যক্তিত্বৰে কোৱা কথাবোৰ শুনিলে এনে লাগে যেন এয়াহে সুখী জীৱনৰ সঠিক বাট। জীৱনৰ সকলো সমস্যাৰে সমাধানসূত্ৰ শুনাই থকা এই বাণীবোৰ আমি যদি নিজৰ জীৱনত পালন কৰিবলৈ ল‌ওঁ তেন্তে আমি সঁচাকৈয়ে জীৱনৰ সকলো দুখ-দুশ্চিন্তাৰপৰা মুক্ত হৈ সুখী জীৱন এটা অতিবাহিত কৰিব পাৰিমনে? অন্যায়, অবিচাৰ, হত্যা, হিংসা, প্ৰতাৰণাৰে ভৰা মানৱ সমাজত সুখৰ ইমান সহজ বাট এটা থকাটো সম্ভৱনে বাৰু? সম্ভৱনে যোগ-প্ৰাণায়ামৰ দ্বাৰা সকলো সময়তে মনটোক শান্ত-সুস্থিৰ আৰু সুখী কৰি ৰখা? আমি মানুহবোৰ যে অসুখী তাৰ কাৰণবোৰ সদায়ে জানো ব্যক্তিগত? আমাৰ জীৱনৰ সুখ-অসুখ, দুখ-দৈন্যৰ সৈতে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিষয়বোৰ জড়িত হৈ নাথাকে জানো? সামাজিক নিৰাপত্তা, ব্যক্তি স্বাধীনতা আৰু আৰ্থিক স্বচ্ছলতা অবিহনে কোনো মানুহ সুখী হৈ জীয়াই থকাটো সম্ভৱ নহয়। এই নিৰাপত্তা, এই স্বাধীনতা, এই স্বচ্ছলতা আমি পাইছোঁনে? সাম্প্ৰদায়িক বৈষম্য, ৰাজনৈতিক শত্ৰুতা, জাত-পাত, শোষণ, বঞ্চনা আদিৰে জুৰুলা সমাজ এখনক আধ্যাত্মিক চিন্তা ভাবনাই ক্ষণিকৰ বাবে পাহৰাই ৰাখিব পাৰিলেও সকলো সময়তে এয়া সম্ভৱ নহয়। বাস্তৱক উপেক্ষা কৰি মানুহ সুখী হ’ব নোৱাৰে। সমস্যাৰ অন্তৰ্নিহিত কাৰকবোৰৰ বিচাৰ-বিশ্লেষণ নকৰি কেৱল আধ্যাত্মিক দৰ্শনৰদ্বাৰা সমস্যাৰ সমাধান নহয় বুলি সকলোৱে জানে। তথাপি একপক্ষীয় চিন্তাৰে প্ৰচাৰ হৈ থকা এনে কথাবোৰ মানুহে শুনে আৰু শুনি ভাল পায়। তাৰপৰা লাভ কিন্তু একো নাই। বন্দনা কলিতাই দুটাকৈ হত্যাকাণ্ড সংঘটিত কৰি কামাখ্যা মন্দিৰত পূজা দিবলৈ গৈ মানসিক শান্তিয়ে পালে নে শাস্তিৰপৰাই ৰেহাই পালে? পূজা-সেৱা এক অভ্যাস। সৰুৰেপৰা পালন কৰি অহা অভ্যাস এটা এৰিবলৈ যিমান শক্তিশালী চিন্তা-যুক্তিৰ আৱশ্যক, সেয়া আমাৰ সামাজিক-ৰাজনৈতিক পৰিবেশেই আমাক নিদিয়ে। কাৰণ এই আধ্যাত্মিক কথাবোৰৰ বহুল প্ৰচাৰৰ মাজত সুপৰিকল্পিত ৰাজনৈতিক অভিসন্ধিও নিহিত হৈ থাকে। জনতা যিমানেই অজ্ঞ হয় শাসকৰ বাবে সিমানেই সুবিধা।
আজিকালি ভিন ভিন নামেৰে বিভিন্ন আধ্যাত্মিক সংস্থাৰ জন্ম হৈ আছে। হঠাতে আৱিৰ্ভাৱ হোৱা দেখোঁ নতুন নতুন গুৰুৰ। ইয়াৰোপৰি বাস্তুশাস্ত্ৰ, ৰেইকি চিকিৎসা, আধ্যাত্মিক স্পীছ আদিৰ দ্বাৰাও কিছুমান অবৈজ্ঞানিক কথা সমাজত প্ৰচলিত হৈ আছে।
বাস্তুশাস্ত্ৰ‌ত মানুহৰ জীৱনৰ সুখ-শান্তি আৰু উন্নতিৰ সৈতে গৃহ নিৰ্মাণৰ সম্পৰ্কৰ কথা কোৱা হয়, ৰেইকী চিকিৎসাই ‘মহাজাগতিক প্ৰাণ শক্তি’ৰে ৰোগ-ব্যাধি আৰু জীৱনৰ সকলো সমস্যাৰ সমাধান আগবঢ়ায় আৰু আধ্যাত্মিক গুৰুৱে ধ্যান বা যোগাসনৰ মাধ্যমেৰে পৰমেশ্বৰৰ সৈতে একাত্ম হোৱাৰ কথা কয়। বাস্তু শাস্ত্ৰৰ নিয়মমতে গৃহ নিৰ্মাণ কৰিলেও যদি গৃহত সূৰ্য্যৰ পোহৰ আৰু বায়ু-বতাহ চলাচলৰ পৰ্যাপ্ত সুবিধা নাথাকে তেন্তে গৃহ পৰিবেশ স্বাস্থ্যকৰ হৈ উঠিব নোৱাৰে। শাস্ত্ৰতকৈ এই বৈজ্ঞানিক সত্যটোহে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত মন কৰিবলগীয়া কথা। কিন্তু আধুনিক বাস্তুশাস্ত্ৰ‌ই অমংগলৰ দোহাই দি মানুহক কিছুমান অবৈজ্ঞানিক ব্যাখ্যাৰে বিভ্ৰান্ত কৰি থকা দেখা যায়। এই বিধান বা থেৰাপীবোৰ যথেষ্ট খৰছী।
তেনেকৈ ৰেইকী চিকিৎসাৰ নামত দৰিদ্ৰ লোকে ঘৰৰ গৰু ছাগলী খেতি মাটি পৰ্যন্ত বিক্ৰী কৰিব লগীয়া কাহিনীও শুনা যায়। বিজ্ঞানৰ টাৰ্ম কিছুমান ব্যৱহাৰ কৰি মানুহক বিভ্ৰান্ত কৰাৰ কিটিপ তেওঁলোকে শিকি লৈছে। কেৱল অশিক্ষিত‌ই নহয় আশ্বৰ্য্যজনকভাৱে শিক্ষিত মানুহো এইবোৰৰ প্ৰতি আকৰ্ষিত হয়। মাজতে ঋতুশ্ৰাৱৰ সময়ত পেটৰ বিষত ভুগি থকা পোন্ধৰ বছৰীয়া ছোৱালী এজনীৰ মাতৃক ৰেইকী গুৰুমাই পৰামৰ্শ দিলে তেওঁ দূৰৰপৰাই ৰেইকী শক্তিৰ যোগেদি ছোৱালীজনীৰ বিষ ভাল কৰি দিব। তেওঁলোকে গুৰুমাৰ পৰামৰ্শ মতে যি যি কৰিবলৈ কৈছিল সকলো কৰিলে। কিন্তু ছোৱালীৰ বিষ অসহ্য হৈ উঠাত শেষত ডাক্তৰৰ পৰামৰ্শ ল’বলৈ বাধ্য হ’ল। তেনেকৈ হাড় ভগা, শৰীৰৰ বিভিন্ন বিষ, গৰ্ভৱতী নাৰীৰ সমস্যা, মানসিক ৰোগৰ প্ৰতিকাৰ আদি সকলো বিভাগৰে বিধান তেওঁলোকৰ হাতত থকাটো বৰ বিপজ্জনক কথা।
মাজতে পজিটিভ দৰ্শন বিলাই থকা চিষ্টাৰ এগৰাকীয়ে আত্মা আৰু পৰমাত্মা সম্পৰ্কে কিছু কথা কৈছিল। পূৰ্ব জন্মৰ কুকৰ্মৰ প্ৰভাৱত ইহ জনমত মানুহ কেনেকৈ বলাৎকাৰী হয় অথবা হত্যাকাৰী হয় তেওঁ তাৰ যুক্তি দৰ্শাইছিল। তেওঁৰ ভিত্তিহীন ধাৰণাক নস্যাৎ কৰিবলৈ মই অলেখ প্ৰতিপ্ৰশ্ন কৰিছিলোঁ। তেওঁ কৈছিল, মন বুদ্ধি প্ৰসন্ন ৰাখিবলৈ আমি সমাজত চলি থকা অসূয়াবোৰৰপৰা নিজকে আঁতৰাই ৰখা উচিত আৰু একান্তচিত্তে সকলোৰে মঙ্গলৰ অৰ্থে প্ৰাৰ্থনা কৰা উচিত। সকলো কথাকে যোগাত্মকৰূপে গ্ৰহণ কৰিব পৰাকৈ আমি সহনশীল হোৱা উচিত। আমাৰ মনবোৰ পৰিষ্কাৰ হ’লেই সমাজ পোহৰ হৈ উঠিব। আমি আমাৰ প্ৰেমস্বৰূপ, জ্ঞানস্বৰূপ, শক্তিস্বৰূপ মননক ‘পাৱাৰ হাউচ’ হিচাপে গঢ়ি তুলিব লাগিব। তেওঁৰ মতে আত্মাৰ সাতটা শক্তি থাকে। এই শক্তিক ধ্যানৰ যোগেদি জগাই তুলিব পাৰিলেই মানুহ বিপদ-আপদৰপৰা মুক্ত হৈ থাকিব পাৰে। মই সুধিলোঁ,”খাদ্য, জিৰণি, টোপনি জোখমতে নহ’লে আত্মাৰ সাত শক্তিয়ে মানুহক নিৰোগী কৰি ৰাখিব পাৰেনে?শৰীৰ দৃশ্যমান। ই এক বিজ্ঞান। ই সত্য। কিন্তু আত্মাক বিজ্ঞানে স্বীকাৰ কৰা নাই কিয়?” তেওঁ মোৰ প্ৰশ্নৰ উত্তৰৰপৰা ফালৰি কাটি মোক অনুৰোধ কৰিলে, ঘৰত যাতে মই কোনো কাৰণত ৰাজনৈতিক কথা-কাণ্ডৰ আলোচনা নকৰোঁ। যদি ২১ দিন তেওঁৰ পৰামৰ্শ মতে মই কাম কৰোঁ, অৰ্থাৎ ধ্যানৰ যোগেদি পৰম পিতাৰ প্ৰাৰ্থনা কৰোঁ, তেন্তে মোৰ জীৱনৰ ৰঙেই সলনি হৈ পৰিব। মই আচৰিত হলোঁ, চকুৰ আগত ঘটি থকা বিভিন্ন ঘটনা-পৰিঘটনা, দুৰ্যোগ-দুৰ্ঘটনা, হত্যা-হিংসা, অন্যায়বোৰক আওকাণ কৰি মানুহ সুখী হৈ থাকিব পৰাটো সঁচাকৈয়ে সম্ভৱনে? তেওঁ কোৱাৰ দৰে মানুহৰ জীৱনত ঘটা সকলো ঘটনা দুৰ্ঘটনাকে অৱধাৰিত বুলি ভাবি লোৱা যায়নে? ছোৱালীজনী কলেজলৈ ওলাই গৈ নিচাসক্ত সহপাঠীৰদ্বাৰা লাঞ্চিত হৈ অহা কথাটো ‘ভাগ্যৰ লিখন’নে? ডকাইত বুলি ভুলতে কৃষকক গুলীয়াই দিয়া কথাটোক ‘এনেকৈয়ে মৰিব লগা আছিল’ বুলি মানি ল’ব পাৰিনে? ফুৰিবলৈ ওলাই যোৱা ল’ৰাটোক ‘সোপাধৰা’ বুলি মৰিয়াই মৰিয়াই মাৰি পেলোৱা কেইজনৰ শৰীৰত পূৰ্বজন্মৰ অপকাৰী আত্মা লুকাই থকা বুলি ক্ষমা কৰিব পাৰিনে? আচলতে এখন গণতান্ত্ৰিক দেশৰ নাগৰিকক মৰ্যাদা আৰু অধিকাৰ সম্পৰ্কে সচেতন কৰাৰ পৰিবৰ্তে অন্ধকাৰ আৰু বিভ্ৰমৰ মাজত ডুবাই ৰাখিবলৈ কৰা এয়া কুটিল ষড়যন্ত্ৰৰ বাদে আন একো নহয়। যেতিয়ালৈকে মানুহক কাৰ্য আৰু কাৰণৰ পদ্ধতিগত বিশ্লেষণ কৰিবলৈ শিকোৱা নহয়, তেতিয়ালৈকে কোনো সমাজৰ উত্তৰণ আশা কৰিব নোৱাৰি। বাস্তৱ জীৱনৰ সমস্যাবোৰৰ গুৰি ক’ত, এইবোৰ কথা যুক্তি সহকাৰে চিন্তা কৰিব জনাটোহে শিক্ষিত লোকৰ লক্ষণ। অলৌকিক কথাবোৰে মানুহৰ মগজুক দুৰ্বলহে কৰি তোলে। ইয়াৰ ফলত সুবিধাভোগী শ্ৰেণীয়ে সুচতুৰভাৱে নিজৰ মুনাফা আদায় কৰি লোৱাত সহজ হৈ পৰে। কথাবোৰ ভীষণ চিন্তনীয়। এই একবিংশ শতিকাৰ ডিজিটেল পৃথিৱীত কোনবোৰ কথাৰ চৰ্চা হোৱা উচিত আছিল আৰু হৈ আছে কি? ভাবিলে ভয় লাগে যে, এই অবিবেচকী কাৰবাৰত এতিয়া বেছিভাগ শিক্ষিত লোকেই জড়িত হৈ পৰিছে। অশিক্ষিত লোকতকৈ শিক্ষিত লোকৰ ভ্ৰম বেছি ভয়ংকৰ। ই সমাজ ৰুগীয়া কৰে। চিন্তা-চেতনা আৰু প্ৰশ্ন অবিহনে এনে ৰোগৰ নিৰাময় সম্ভৱ নহয়। আমি প্ৰথমে চিন্তা কৰিব লাগিব – দেশৰ নাগৰিক হিচাবে আমাৰ অধিকাৰ কি? সেই অধিকাৰ আমি পাইছোঁনে? যদি নাই পোৱা তাৰপৰা আমাক কোনে বঞ্চিত কৰিছে? যদি বঞ্চিত হৈছোঁ প্ৰাপ্তিৰ উপায় কি? শিক্ষা, স্বাস্থ্য, খাদ্য, যাতায়ত, সুৰক্ষা আদি সকলো দিশতে উন্নত ৰাজ্য বা দেশ এখনৰ মূল চাবিকাঠি কোনে নিয়ন্ত্ৰণ কৰে? ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিভা বিকাশৰ বাবে উপযুক্ত সুবিধা পাইছেনে? দৈনন্দিন পূজা-অৰ্চনা, ঈশ্বৰ প্ৰাৰ্থনা আদিৰে আমি সুখী আৰু শান্ত জীৱন এটা পাব পাৰোঁনে? যুৱক-যুৱতীসকল হতাশাগ্ৰস্ত হৈ উঠাৰ মূলতে কি? পঢ়া-শুনা সমাপ্ত কৰি কৰ্ম সংস্থাপন নোপোৱাটো ভাগ্যৰ লিখন নেকি? দেশত হস্পিতালৰ পয়োভৰ হৈছে, কিন্তু উন্নত চিকিৎসাৰ বাবে ৰোগী বাহিৰলৈ দৌৰ মাৰিব লাগে কিয়? চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত সুবিধা নাই কিয়? চৰকাৰী শিক্ষাখণ্ডলৈ অভিভাৱকৰ কিয় ভয় সোমাই গ’ল? বীনামূলীয়া চাউল, বিজুলী, চৌকা, শৌচাগাৰ, দুকোঠলীয়া ঘৰ পোৱা নাগৰিকে দালি নিমখ কিনিব পাৰিছেনে? জীৱনদায়িনী ঔষধ? বিজুলীৰ বিল, চিলিণ্ডাৰ? পজিটিভ মন্ত্ৰণাৰ মোহিনী বানত আচ্ছন্ন হৈ থাকিলে মানুহৰ ব্যৱহাৰিক জ্ঞান বুদ্ধিৰ বিকাশ সম্ভৱ হৈ উঠিবনে?
কিন্তু প্ৰশ্ন কৰিলেই বিপদ। আনকি পজিটিভ চিন্তাৰে সুখী হৈ থকা গুৰুসকলকো প্ৰশ্ন কৰিলে তেওঁলোকৰ খঙে মূৰৰ চুলিৰ আগ পায়গৈ! তেওঁলোকৰ মতে, আমি কেৱল শুনিব লাগে আৰু মানিব লাগে। ভাগ্য কপালত লিখা থাকে। আচলতে ভাগ্য কপালত লিখা নাথাকে। ভাগ্য কৰ্ম‌ই গঢ়ে। ঈশ্বৰ বিশ্বাসত জীৱনৰ সফলতা নাহে। সফলতা আহে সঠিক চিন্তাৰে কৰা কঠোৰ পৰিশ্ৰমত। কৃতকাৰ্যতাৰ সহজ বাট নাই। সুখৰো নাই। ঠেকি শিকাতকৈ দেখি শিকা ভাল। আমি প্ৰশ্ন কৰিবলৈ শিকিব লাগিব। প্ৰশ্ন অবিহনে প্ৰগতি অসম্ভৱ। মূল্যবৃদ্ধি আৰু কৰৰ বৰ্ধিত হাৰে জনতাক কোঙা কৰি তোলাৰ সময়ত, জনপ্ৰতিনিধিসকল ব্যস্ত হৈ থাকে গীণিজ ৰেকৰ্ডেৰে চমক সৃষ্টিৰ চিন্তাত। আৰু এইবোৰ চাই আমি চেতনাহীন মানুহবোৰ আনন্দত উৎফুল্লিত হৈ উঠোঁ। চৰকাৰক বাহ্ বাহ্ দি তৎ নাপাওঁ। আজিকালি শাসকৰ ধৰ্মীয় পূজা-সেৱাৰ লাইভ টেলিকাষ্ট হয়। জেলৰপৰা ওলাই অহা লোকক গামোচাৰে সন্মান যঁচা হয়। অপৰাধীক ষ্টুডিঅ’ত বহুৱাই টক শ্ব’ পতা হয়। নিজৰ ৰাজ্যত বহিঃৰাজ্যৰ পৰম্পৰা আৰু অপসংস্কৃতিৰ উত্থান দেখি জনসাধাৰণৰ মন মগজু ভক্তিত গদগদ হৈ উঠে। আৰু এইবোৰৰ মাজত দেশৰ উন্নয়নমূলক কাম-কাজ প্ৰতিশ্ৰুতি আৰু আধাৰশিলাতে গেঁঠেলা মাৰি ৰয়। চন পৰা খেতিমাটি, বানপানীয়ে উটুৱাই নিয়া ঘৰ-সম্পত্তিৰ পাছত জীৱনৰ আশা হেৰুৱাই আত্মহত্যাৰ আশ্ৰয় লোৱা ঘটনা প্ৰতি বছৰেই শুনা যায়। প্ৰতি বছৰেই বাঢ়ি গৈ থাকে বানপানীৰ ক্ষতি। এইবোৰৰ কোনো স্থায়ী সমাধান নাই। আছে কেৱল মিছা আশ্বাস, ভুৱা প্ৰতিশ্ৰুতি। ডিজিটেল যুগত এতিয়া কষ্ট কৰি অৰ্জন কৰা টকাকেইটা বেংকৰপৰা উলিয়ালেও টেক্স, সুমুৱালেও টেক্স, আদান-প্ৰদানতো টেক্স। সদনত বহুৱালিৰ অন্ত নাই। চিৰিয়াছ বিষয়বোৰ পাতলীয়া মন্তব্যৰে তল পেলাই থোৱা হয়। কোনোবাই প্ৰতিবাদ কৰিলেই খাব লাগে জেলৰ ভাত। গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষা শাসকে নুবুজে। শাসকেই এতিয়া আইন, আদালত সকলো। সাম্প্ৰদায়িক আফিং খুৱাই সমাজত বিভেদ সৃষ্টিৰ প্ৰয়াস কৰা হয়। আৰু এই ক্ষেত্ৰত আটাইতকৈ ভয়ংকৰ ভূমিকা গ্ৰহণ কৰি আছে সংবাদ মাধ্যম আৰু পাবত গজা পৰ্টেলবোৰে। সস্তীয়া বাতৰিৰে মানুহক মূল সমস্যাৰপৰা আঁতৰাই ৰখাত তেওঁলোকেই এতিয়া মূখ্য ভূমিকা লয়। জন প্ৰতিনিধিৰ বেসুৰা গীত, নিচাগ্ৰস্ত দেহৰ নৃত্য, ফচহু কথা, অসন্মান, ভেঙুচালি আদিক চানা ভজা খোৱাদি খায় জনগণে।
আচলতে এতিয়া আমি সকলো অন্ধ, সকলো বোবা। জীয়াই আছোঁ – সেয়াই আমাৰ ডাঙৰ সন্তুষ্টি। অজ্ঞতা আৰু উদাসীনতাই জীৱনলৈ অন্ধকাৰ নমায়। সেই কথা ভাবিবৰ হ’ল। সময় থাকোঁতেই এই অপশক্তিৰ প্ৰভাৱৰপৰা আমি আমাক মুক্ত কৰিব লাগিব। সেই মুক্তি আহিব প্ৰশ্নৰদ্বাৰা। সেই মুক্তি আহিব শুদ্ধ চিন্তাৰ দ্বাৰা। চিন্তাই বিজ্ঞান। অন্ধ অনুকৰণ মানে অজ্ঞতা। বিজ্ঞানে নঠগে, ঠগে অজ্ঞতাই। এই একবিংশ শতিকাতো আমি যদি বিশ্বাস কৰোঁ জীৱনৰ সুখ-সমৃদ্ধি কপালত লিখা থাকে আৰু দুখ-সমস্যাৰপৰা পৰিত্ৰাণৰ পথটো আধ্যাত্মিকতাইহে দেখুৱাব পাৰে তেন্তে আমি আগুৱাই যোৱা নাই, পিছুৱাইহে গৈছোঁ। বিশ্বায়নৰ যুগত হাতত ইণ্টাৰনেট লৈ অন্ধবিশ্বাসত নিমজ্জিত হৈ থাকিলে উন্নতি সম্ভৱনে?

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *