ছাঁ ৷৷ চন্দামিতা শৰ্মা
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
চঞ্চল আৰু কোলাহলময় চহৰৰ পৰা আঁতৰত এখন শান্ত, সুন্দৰ ৰিজ’ৰ্টৰ সম্মুখত ৰৈ দিলোঁ। মোৰ গাড়ীৰ সম্মুখত এতিয়া জনহীনপ্ৰায় , স্থবিৰ , সুগম পথৰেখা অকাঁ। বনপথটোৰ দুয়োপিনে হাউলি অহা দীঘল ঘাঁহ-বনবোৰ আৰু জোপোহা গছৰ ডাল-পাত সৰকি ছিৰলা-ছিৰল হৈ পৰা নম্ৰ ৰ’দত চিকচিকাই উঠিছে বনৰীয়া ফুলবোৰ।
চৌহদৰ ভিতৰলৈ গাড়ী সুমুৱাই নিয়াৰ আগতে এবাৰ চাৰিওকাষে চকু ফুৰাই চালোঁ। অৰণ্যৰ মাজৰ ফৰেষ্ট বাংলোৰ দৰেই বিস্তৰ গছ-গছনিৰ মাজত পোত গৈ আছে ৰিজ’ৰ্টখন।
“আহক চাৰ, আপোনালোকক আমাৰ এই ৰিজ’ৰ্টলৈ স্বাগতম।” গাড়ীৰ পৰা নামিবলৈ ধৰোতেই মেনেজাৰ জাতীয় এজন লোকে স্বাগতম জনালে। গাড়ীৰ পৰা নামিয়েই সোঁভৰি পৰিল শুকান পাতৰ ওপৰত। আপোনা আপুনি মুখৰ পৰা বিৰক্তিসূচক শব্দ এটা বাহিৰ হ’ল। তলসৰা শুকান পাত গচকি মৃদু মৰ্ মৰ্ ধ্বনিৰে আগবাঢ়ি যোৱাটো মোৰ বাবে চুড়ান্ত অস্বস্তিকৰ।
মেনেজাৰৰ কথাৰ লগে লগে বাঁহ-ইকৰাৰে সজা আটোমটোকাৰি কোঠা এটাত প্ৰৱেশ কৰিলোঁ। আমি মানে মই আৰু ডেকা অফিচাৰ।
“আচলতে শুকান পাতৰ সমাহাৰ মানেই নতুনক আদৰাৰ প্ৰস্তুতিপৰ্ব।এতিয়া যেন এই গোটেই ঠাইখন হালধীয়া চিয়াঁহীত তিতি আছে যি কেইদিনমান পাছতেই বুৰ যাব সেউজীয়াত।”- ডেকা অফিচাৰে কিহৰ ৰাগীত(?) জানো অলপ কাব্য চৰ্চা কৰিলে! অৱশ্যে কথাটো তেনেই নুই কৰিব পৰা বিধৰ নহয়। চাৰিওফালে এবচাইচিচ এচিডৰ প্ৰভাৱত সৰি পৰা হালধীয়া শুকান পাতৰ সমাহাৰ। ফাগুনৰ বিষণ্ণতা( একপ্ৰকাৰ)!
এটা বিশেষ কামত আহিছিলোঁ ৰিজ’ৰ্টখনৰ পৰা কিছুদূৰৈৰ চহৰখনলৈ। চৰকাৰী দায়িত্ব। থকা-মেলাৰ বন্দোৱস্ত হৈছিল চৰকাৰী গেষ্ট হাউছ এটাত। তাতেই লগ পাইছিলোঁ এই ডেকা অফিচাৰক। সময়ৰ লেখেৰে মাত্ৰ দুদিন, তাতে আকৌ বয়সৰ তফাৎ দুয়োৰে মাজত যথেষ্ট বেছি কিন্তু গঢ়ি উঠিল এক সদ্ভাৱ। তেওঁৰ চিনাকি এজনৰ সহায়ত কামখিনি অনুমান কৰাতকৈ আগেয়ে শেষ হ’ল। গতিকে বাকী সময়খিনি কটাবলৈ তেওঁৰ প্ৰস্তাৱ আৰু অনুৰোধ, দুয়োটাকে সন্মান জনাই ইয়ালৈ আহিলোঁ। ৰিজ’ৰ্টখন তেওঁৰ আগৰে পৰা পৰিচিত। প্ৰায়ে হেনো আহে ইয়ালৈ।
চাহ-পানীৰ পৰ্ব শেষ হোৱাৰ পাছত ডেকা অফিচাৰ অলপ ওলাই গ’ল। বেলি ডুবিবলৈ বাৰু এতিয়াও কিছুপৰ বাকী। ডেকা ল’ৰা , কাম ‘বহুত’।
আমাৰ বাবে নিৰ্দিষ্ট কৰি থোৱা ‘কটেজ’ এটাত সোমালো। হাত-মুখ ধুই বাৰাণ্ডাৰ আৰামী চকীখনত শৰীৰটো এৰি দিলোঁ। ফাগুন মাহৰ বতৰ। আকাশত অলপ অচৰপ মেঘ আছে। পকেটৰ পৰা মোবাইলটো উলিয়াই বিদেশত কৰ্মৰত, মোৰ একমাত্ৰ সন্তান, ছোৱালীজনীৰ লগত কথা পাতিলোঁ। কথা নো কি! সদায়েই কোৱাৰ দৰে অসুখ বিসুখ নোহোৱাকৈ সাৱধানেৰে চলিব ক’লোঁ।
ৰিজ’ৰ্টৰ প্ৰৱেশদ্বাৰত এতিয়া প্ৰায় দুষ্প্ৰাপ্য হৈ পৰা এজোপা মাধৱীলতা। জকমককৈ ফুলি আছে। হঠাতে মনটো হতাশাৰ ঢৌৱে কোবাই গ’ল – ইমান জকমকীয়া হৈ ফুলি থকা ফুলবোৰচোন দুদিনমানৰ পাছতেই সৰি পৰিব ! মৰহি যাব। তেনেহ’লে ইমান আয়োজনৰ বা প্ৰয়োজনীয়তাই ক’ত?
কিবা এটা অশান্তি লাগিল। পৰিৱেশটো হঠাতে মোৰ বাবে কিবা এটা গিলিপ মাৰি ধৰা যেন অনুভৱ হ’ল। হঠাৎ বিৰক্তিকৰ হৈ পৰা বৰ্তমানৰ এই মূহুৰ্তটো ক্ৰমে চৰম অস্বস্তিকৰ হৈ পৰিল। ডেকা অফিচাৰো উভতি অহা নাই। কথা পতাৰো সংগী নাই(এনেয়ো বাৰু ইমান প্ৰগলভ নহয় মই)। তথাপিও! অলপ ঘাঁমি উঠিলোঁ। ভিতৰলৈ গৈ বিছনাৰ একাষৰ সৰু টেবুল এখনত বৰ সুন্দৰকৈ কলাসুলভভাৱে সজাই থোৱা পানীৰ গিলাচ এটাৰ পৰা ঢাকনিখন গুচাই ঘোটঘোটকৈ পি খালোঁ। উভতি আহি পুনৰ আৰামীচকীখনত শৰীৰটো এৰি দিলোঁ। হঠাতে বতাহৰ সোঁ-সোঁৱনি কাণত বাজি উঠিল। বতাহৰ কোবত কেঁটেকৈ শব্দ কৰি ৰিজ’ৰ্টৰ প্ৰৱেশদ্বাৰৰ কাঠৰ জপনাখন মেল খাই গ’ল। নাতিদূৰৈৰ শালগছ এজোপাৰ ডাঙৰ ডাল এটা মটককৈ ভাগি পৰিল। নিশ্চিতভাৱেই এনে বতাহ বহুতো বেমাৰৰ বীজাণুৰ বাহক।
একেজাপে বহাৰ পৰা উঠি ভিতৰ সোমালো। ইতিমধ্যেই কেতিয়া সন্ধিয়া হ’ল, অন্ধকাৰ হ’ল, টলকিবই নোৱাৰিলোঁ। একো মনিব নোৱাৰা হ’লোঁ। মোবাইলৰ টৰ্চটো জ্বলাই কোঠাৰ লাইটৰ চুইছ টিপিলোঁ, নজ্বলিল। তাৰমানে বিজুলী সৰবৰাহ বন্ধ! মোবাইলৰ টৰ্চৰ পৰা নিৰ্গত পোহৰৰ মাত্ৰাও কমি আহিছে। হাৰে, মোবাইলৰ নেটৱৰ্কো নাই চোন? উফ্, কি বিড়ম্বনা! কোনোমতে খেপিয়াই কোঠাৰ ভিতৰৰ চকীত বহিলোঁ। হঠাৎ কাষতেই এটা গলহেঁকাৰি শুনা পালোঁ। ডেকা অফিচাৰ উভতিল তাৰমানে।
“আহিলা নেকি? – সুধিলোঁ।
“আহিলোঁ। মানে অহাৰ প্ৰয়োজন আছিল।- ডেকা অফিচাৰৰ নহয়, এটা বেলেগ স্বৰত উত্তৰ আহিল।
শব্দাভিমুখে কোনোবা এজন থিয় দি থকা যেন অনুমান হ’ল।
“কাক বিচাৰিছে?” – মোৰ কথাত অলপ শংকাৰ সুৰ।
“এই ধৰক আপোনাকে।” – উত্তৰ লগেলগে আহিল।
“মোক? কিয়? “অলপ উষ্মাৰে সুধিলোঁ।
“ধৰক এনেয়েই। কিমান প্ৰশ্ন সুধিব আৰু? অলপ কথাকে পতা যাওক। কি কয়? অলপপৰ আগেয়েচোন তাকেই বিচাৰিছিল। “
আগন্তুকৰ কথা শুনি চকিত হ’লোঁ। তেওঁ কেনেকৈ জানিলে মোৰ মনৰ ভাৱ? আচৰিত !
“কি কৰা যায় এতিয়া? কথা পতাই ভাল হ’ব নেকি? “মুখেৰে একো নামাতিলেও , মনে মনে থিৰাং কৰিলোঁ।
“বতৰ বৰ বেয়া।” ময়েই আৰম্ভ কৰিলোঁ।
“কি কয়? বেয়া ? বাহিৰত ইমান সুন্দৰ শীতল বতাহ বলি আছে। ব’লক বাহিৰলৈ যাও।” আগন্তুকে কৈ উঠিল।
“কিন্তু ফাগুনৰ এই বতাহৰ পৰা এলাৰ্জী হোৱাৰ সম্ভাৱনাই যথেষ্ট বেছি।”
তৎপৰতাৰে কৈ উঠিলোঁ।
আগন্তুকে হো-হোৱাই হাঁহি উঠিল।
“আপুনিও যে আৰু ! ব’লকচোন অলপ উপভোগ কৰো ফাগুনৰ এই নীৰৱ সন্ধিয়া। নহ’লেনো জীৱনটোৰ পৰা কি লৈ যাম। অ’ কথা এটা মনত পৰিছে, আপুনি জানেনে দিগ্বিজয়লৈ যেতিয়া আলেকজেণ্ডাৰ দ্য গ্ৰেট ওলাইছিল, তেখেতে নিজৰ সকলো সা-সম্পত্তি তেখেতৰ অনুচৰসকলক দান দি গৈছিল। তেখেতৰ এক অতি বিশ্বাসী সহচৰ পেৰডিকাছে তেতিয়া সুধিছিল, আপুনি নিজৰ বাবে কি ৰাখিলে? তেতিয়া আলেকজেণ্ডাৰ দ্য গ্ৰেটে অতি সাধাৰণভাৱেই উত্তৰ দিছিল- আশা। গতিকে আমিও আশা লৈয়ে জীৱনটো সুন্দৰকৈ পাৰ কৰিব লাগে, নহয়নে বাৰু ?
মানুহজন অলপ অহৌবলীয়া নেকি?
মোৰ মনত এই মূহুৰ্তত তেনেকুৱাই ভাৱ এটাৰ সৃষ্টি হ’ল।
“চাওকচোন কেনে সুন্দৰ পৰিৱেশ!”
তেওঁৰ কথাত লাহেকৈ উত্তৰ দিলোঁ, – হয় । পৰিৱেশটো ঠাণ্ডা।
“সেইটোৱেই, আমি জানো আমাৰ চৌপাশৰ পৰিৱেশটো ঠাণ্ডা হৈ থকাটো নিবিচাৰো?”
মানুহজনৰ কথা-বতৰা অলপ বেলেগ।
“হয়, কিন্তু ঠাণ্ডা লাগি অসুখ হোৱাৰ পক্ষপাতী মুঠেও নহয়।”
অলপ স্পষ্টভাৱে কৈ উঠিলোঁ।
“আপোনাক বাৰু মৃত্যুভয়ে সততে বিতত কৰি তোলে নেকি? “
মানুহজনৰ কথাত উচপ খাই উঠিলোঁ।
কি কয় মানুহজনে? কেনেকৈ জানিলে তেওঁ? এই যে সৰাপাতৰ খচমচনি , এইটোও মোৰ বাবে অস্বস্তিকৰ।
“নামাতিলে যে একো? “
পুনৰাই সুধিলে।
“চাওক, মৃত্যভয় কাৰ নাই? আপোনাৰো আছে!”
অলপ উত্তেজিত হৈ ক’লোঁ।
এইবাৰ কিবা উত্তৰ দিয়াৰ সলনি অলপ হহাঁৰ দৰে কৰিলে।
নিজৰ ওপৰতে খং উঠিল, ইমানপৰ অহৌবলীয়া এটাৰ লগত কথা পাতি অবাবত সময় নষ্ট(?) কৰাৰ বাবে।
“মানুহ মৰণশীল। এই সাধাৰণ কিন্তু বিশেষ কথাটো সকলোৱেই জানে।তথাপিও কিয় ইমান শংকা? অহৈতুক নহয়নে? এইটো ঠিক যে আমি জীৱনত ‘খোজবোৰ’ যথাসম্ভৱ সতৰ্কতাৰে দিয়া উচিত কিন্তু অনবৰত মৃত্যুভয় কঢ়িয়াই ফুৰাটো কিমানদূৰ সমীচিন বাৰু? “
অলপ লাহে লাহে তেওঁ কৈ উঠিল।
“আপোনাৰ নিশ্চয় কোনো সমস্যা নাই জীৱনত? সেয়েহে …।”
মোৰ কথাত অলপপৰ ৰৈ তেওঁ ক’বলৈ ধৰিলে , “সমস্যা কাৰ নাই জীৱনত? বুদ্ধৰ এমুঠি সৰিয়হৰ কথাটো জানে নিশ্চয়। জীৱন মানেই সমস্যাৰ সমাহাৰ কিন্তু সেইবোৰ নিজস্ব ধৰণে পৰাভূত কৰি আত্মসন্তুষ্টি, অইনৰ প্ৰতি সহানুভূতিশীল, দয়াশীল, কৰ্তব্যনিষ্ঠা, সামাজিক দায়বদ্ধতাৰ অনুভুতিৰে সংপৃক্ত হৈ জীৱন ‘যাপন’ কৰাৰ পৰিবৰ্তে ‘উদযাপন ‘ কৰাটোৱেই জীৱনৰ বাবে প্ৰকৃতাৰ্থত সুগম পথ।”
অলপপৰ একো নামাতিলোঁ।
“জীৱন উদযাপন কৰাটো ইমান সহজ নহয়। যাৰ জীৱনটোৱেই সমস্যাবহুল, তেওঁৰ বাবে উদযাপন শব্দটোৱেই অৰ্থহীন। আপুনি হয়তো কোনোদিনেই কোনোধৰণৰ বিষময় পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱা নাই। সেয়েহে জীৱন সম্পৰ্কে এনেধৰণৰ মত প্ৰদান কৰিব পাৰিছে।”
অলপ বিৰক্তিসূচক মনোভাৱেৰে কৈ উঠিলোঁ।
“মই জীৱনত বিষময় পৰিস্থিতিৰ সন্মুখীন হ’ব লগা হোৱা নাই, এই কথাটো কিন্তু আপুনি ভবাৰ দৰে একেবাৰে শুদ্ধ নহয়।”
অলপ হহাঁৰ দৰে কৰি উত্তৰ দিলে ।
বিষময় পৰিস্থিতিৰ ভুক্তভোগী, অথচ জীৱন “উদযাপন” কৰাৰ কথা কয়? আচৰিত! বৰ আচৰিত!
ক্ৰমাৎ যেন ৰহস্যময় হৈ উঠিছে মানুহজন, ঠিক তেনেকুৱাই অনুভৱ হ’ল মোৰ। কিছুসময় পৰিৱেশটো মৌনতাই চানি ধৰিলে। কিন্তু অলপপৰ পাছতেই সেই মৌনতাৰ আৱৰণ ভেদি পৰম সহৃদয়তাৰে তেওঁ কৈ উঠিল ,” কি হ’ল? মনে মনে ৰ’ল যে? কোনো ধৰণৰ দ্বিধা নৰখাকৈ ক’ব পাৰে সকলো।”
তেওঁৰ কথাৰ সুৰে যেন কেৱল মগজুতেই নহয়, বুকুতো অনুৰণিত কৰিলে বিশ্বাসৰ ধ্বনি।
কি ক’ৰো, ক’ম নে সকলো? ইমানদিনে বুকু আৰু মগজুত পুঞ্জীভূত হৈ থকা কথাবোৰক মুকলি কৰি দিম নেকি? দিম নেকি পাৰপাৰ ভাগি ওলাই যাবলৈ?
একো ধৰিবই পৰা নাই, কি কৰা উচিত এই মূহুৰ্তত ।
“কওঁকচোন। কৈ যাওঁক। “
এইবাৰ পুনৰ তেওঁৰ মাতত বিশ্বাস, নিৰাপত্তাৰ, আশ্বস্ত হ’ব পৰা একধৰণৰ আকুলতাৰ সুৰ।
লাহে লাহে খহিবলৈ আৰম্ভ কৰিলে ইমানদিনে বুকুত গোট খাই হিমবাহসম হৈ পৰা অব্যক্ত বেদনাৰ পাহাৰৰ শিলাসম বৰফৰ টুকুৰা। হোৰহোৰাই।
“দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ যন্ত্ৰণাত কোঙা হৈ পৰা মোৰ আত্মাৰ লগৰী , মোৰ জীৱনসংগী সিদিনা শুই আছিল আমাৰ কোঠাৰ বিছনাত। তেওঁৰ যন্ত্ৰণাৰ উপশম ঘটাবলৈ কৰা আপ্ৰাণ চেষ্টাত কোনোদিনেই ক্ৰুটি কৰা নাছিলোঁ।
সিদিনা আছিল পাতলীয়া বৰষুণ এজাকৰ পাছত ৰ’দৰ জিলিঙনিৰে ভৰি উঠা ফাগুনৰ এটা দিন। আমাৰ ঘৰৰ পদূলিমুখত আছিল এজোপা নাহৰ আৰু এজোপা জবা ফুলৰ গছ। দুয়োজোপাৰ পাতবোৰ সৰি পদুলিমুখৰ জপনাখনৰ কাষ, সেইসময়ত সদায়েই ভৰি আছিল। সিদিনা আকৌ কিছুমান পাত বৰষুণজাকৰ বাবে মাটিত লিপিট খাই আছিল। পত্নীয়ে বৰ বেয়া পাইছিল সৰাপাতৰ দম বান্ধি পদূলিমুখ লেতেৰা হৈ থকাটো। সেয়েহে মই নিজে বাঢ়নীটাৰ লৈ এমূৰৰ পৰা সাৰিছিলোঁ। কিছু সেমেকা, কিছু শুকান পাতবোৰে এক অদ্ভুত শব্দ কৰি উঠিছিল, বাঢ়নীটাৰৰ খচখচ শব্দক ভেদি। গা-পা ধুই চাকি এগছ থাপনাত জ্বলাই দিছিলোঁ, কি প্ৰাৰ্থনা কৰিছিলো, এতিয়া আৰু মনত পেলাবলৈ বিচৰা নাই। ধূপ জ্বলাই কোঠাত প্ৰৱেশ কৰি দেখিছিলোঁ , তেওঁ শুই আছে। মাত লগাওতে লাহেকৈ চকু মেলি মোৰফালে চাইছিল। কেইটামান মুহূৰ্ত মাথো। তাৰপাছত? তাৰপাছত, সকলো শেষ! সকলো! একমাত্ৰ সন্তানটি তেতিয়া পঢ়াশুনাৰ সূত্ৰে বিদেশত। ওচৰচুবুৰীয়া আৰু আত্মীয়ৰ হুৱাদুৱা। কান্দোন। সান্ত্বনা বাণী। এইসকলোবোৰৰ মাজত মই মূক হৈ ৰৈ গৈছিলোঁ। এনে লাগিছিল যেন পদূলিমুখটো চাফা কৰি মই তেওঁৰ যোৱাৰ বাট হে মুকলি কৰি দিছিলোঁ। তেওঁ লেতেৰা পদূলিমুখেৰে কেতিয়াও ওলাই নগৈছিল। মানে, মই পদূলিমুখ চাফা কৰি তেওঁ যোৱাৰ বাট মোকলাই দিছিলোঁ? উফ্! অসহ্যকৰ! বৰ অসহ্যকৰ! কিয় তেনেকুৱা কৰিছিলো মই? দহজনে একমুখে সাদৰী বুলি শ্ৰদ্ধা কৰা, মৰম কৰা মানুহজনীৰ লগত কিয় কৰিছিলো তেনেকুৱা? যন্ত্ৰণাত আছিল কিন্তু মোৰ লগত আছিল, মোৰ ঘৰত আছিল। সৰাপাতবোৰ মোৰবাবে এক প্ৰকাৰৰ আৰ্তনাদ মাথো।”
সুদীৰ্ঘ দিনৰ মূৰত উচুঁপি উঠিলোঁ।
কিছুসময় লৈ কোনোমতে সম্বৰণ কৰিলোঁ নিজকে।
আচৰিত হ’লোঁ, ইমানদিনে কাকো কোনোদিনেই ঘূণাক্ষৰেও জানিব নিদিয়া কথাবোৰ আজি কেনেকৈ কৈ পেলালো? তাকো অলপ সময়ৰ চিনাকিতেই?
“জীৱনৰ অনিবাৰ্য পৰিণতি হ’ল মৃত্যু। যন্ত্ৰণাকাতৰ মৃত্যুক দীৰ্ঘ কৰা মানে যন্ত্ৰণাক দীঘলীয়া কৰা। ইয়াৰ উদ্দেশ্য সঠিক হ’বনে?”
বিশ্বাসৰ উমেৰে ভৰা মাতেৰে সুধিলে।
“কিন্তু..।”
কিবা উত্তৰ দিবলৈ গৈ, মই ৰৈ গ’লোঁ।
“মনত পেলাওকচোন, মৃত্যুৰ পাছত আপোনাৰ পত্নীৰ মুখখন প্ৰশান্তিৰে ভৰা নাছিল নে? “
চকিত হ’লো তেওঁৰ প্ৰশ্ন শুনি।
স্মৃতিৰ মণিকোঠাত আকৌ এবাৰ সেই দিনটো খুঁচৰিবলৈ ধৰিলোঁ। বিৰামহীনভাৱে এটা এটাকৈ ভাঁহি উঠিল সেই দিনটোৰ প্ৰতিটো পল, প্ৰতিটো ক্ষণ। তেওঁৰ কথাইচোন শুদ্ধ! কান্দিবলৈ পাহৰি যেতিয়া মূক হৈ পত্নীৰ মুখলৈ চাই আছিলোঁ, এক অপাৰ্থিৱ স্বৰ্গীয় জ্যোতিত পত্নীৰ মুখমণ্ডল প্ৰশান্তিময় হৈ আছিল! কিন্তু এই কথা, এই অচিনাকী(?) মানুহজনে কেনেকৈ জানিলে? এয়া কেনেদৰে সম্ভৱ?
“চাওক, আপুনিয়ে কৈছে যে দহজনে আপোনাৰ পত্নীৰ গুণ গৰিমা এতিয়াও বখানে তাৰ অৰ্থ এইটোৱেই যে তেওঁ মৃত্যুক জিনিছে। আপোনাক এই মুহূৰ্তত এটা কথা ক’বলৈ মন গৈছে, শুনক – মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ মৃত্যু হৈছিল ৭৬ বছৰ বয়সত। তেওঁ মহাধমনীৰ ৰোগত আক্ৰান্ত হৈছিল। চিকিৎসকসকলে তেওঁৰ প্ৰাণ ৰক্ষাৰ বাবে অস্ত্ৰোপচাৰ কৰিবলৈ সিদ্ধান্ত ল’লে। কিন্তু অস্ত্ৰোপচাৰ কৰাবলৈ আইনষ্টাইন কোনোমতেই সন্মত নহ’ল। চিকিৎসকসকল নাচোৰবান্দা, অস্ত্ৰোপচাৰ কৰিবই। মানৱজাতিৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীজনৰ জীৱন যদি মাত্ৰ কেইদিনমানৰ কাৰণেও ৰক্ষা কৰিব পৰা যায়, তেন্তে সেইটো কৰিবলৈ তেওঁলোক দৃঢ়প্ৰতিজ্ঞ। কিন্তু আইনষ্টাইনে চিকিৎসসকলক বাধা দি কৈছিল, – it is tasteless to prolong life artificially. I have done my share, it is time to go.”
একেথিৰে শুনি গ’লো তেওঁ কৈ যোৱা প্ৰতিটো শব্দ।
অলপপৰ মৌনতা। এপাকত তেওঁ বহাৰ পৰা উঠিল।
“মই আহোঁ।” অন্য প্ৰসংগৰ অৱতাৰণা নকৰি তেওঁ যাবলৈ ওলাল।
“ইমান সোনকালে? ক’লৈ যাব?”- সুধিলোঁ।
“কিছুমান কামত সোনকাল বা দেৰীৰ প্ৰাসংগিকতা নাথাকে। আৰু ক’লৈ যাম? ধৰক, আপোনাৰ পৰা আপোনালৈ বা মোৰপৰা মোলৈ। ধৰক বহুদূৰ বা ক’ব পাৰে একেবাৰে ওচৰলৈ।”
হাস্যবদনে উত্তৰ দিলে।
“ৰ’ব, ৰ’ব। আপোনাক যোগাযোগ কৰিব পৰা কিবা এটা উপায় মানে ধৰক আপোনাৰ দূৰভাষ নাম্বাৰটোকে দি যাওক। আপোনাক লগ নধৰাকৈ নাথাকোঁৱেই।”
তেওঁৰ কাষলৈ গৈ ক’লো।
মানুহজন ৰ’ল। অন্ধকাৰতে খচখচ কৰি কিবা উলিয়ালে আৰু মোৰ পিনে আগবঢ়াই দিলে। হাত পাতি ল’লো। এখন কাগজ। খহটা। ইতিমধ্যেই তেওঁ অন্ধকাৰত মিলি গৈছে।
চকুত পৰিল আকাশখনৰ উত্তৰ দিশত এছটা ক’লাবৰণীয়া ডাৱৰ। গছকেইজোপাৰ ওপৰেৰে তাৰ বিশাল ছায়াটো এক ছন্দোময় গতিৰে আগুৱাই আহিছে। এজাক শীতল বতাহ! আস্! দেহ- মন পুলকিত হৈ উঠিল। ঢেৰেকণিৰ শব্দত, সশব্দ হ’ল আকাশ। আন্দোলিত হ’ল বতাহ। ফাগুনৰ সৰাপাত, বনৰীয়া ফুল আৰু সেমেকা মাটিৰ এটা মিশ্ৰিত গোন্ধ আহি নাকত লাগিল। নাক উজাই গোন্ধ ল’লো। কিমানদিনৰ মূৰত বাৰু এই সুঘ্ৰাণ পালোঁ? জিৰজিৰকৈ বৰষুণ সৰিব ধৰিলে। চিলিক্ চিলিক্ কৰি ৰূপালী ছিটিকণিবোৰে যেন বাৰাণ্ডাৰ সম্মুখৰ ফুলৰ গছকেইজোপাৰ পাতৰ সৈতে খেলাহে কৰি আছে! গাত এছাৰকণি পৰিল যদিও উঠি যাবৰ মন নগ’ল। কাণত মাথো বাজি থাকিল জিৰজিৰকৈ সৰা বৰষুণ আৰু বতাহৰ সোঁ-সোঁৱনি ।
কিবা এক প্ৰশান্তিৰ ভাৱে চকুৰ পতা গধুৰ কৰি তুলিলে।
“চাৰ, চাৰ।”
খকমককৈ সাৰ পাই দেখো, কাষত ডেকা অফিচাৰ।
“ইয়াত টোপনি গ’ল যে? কোঠাৰ লাইটো জ্বলোৱা নাই! ইমান গৰমত ইয়াত কি কৰিছে? কেবাবাৰো ফোন কৰিছো অথচ ৰিচিভ কৰা নাই, এনি প্ৰব্লেম?”
ডেকা অফিচাৰৰ মুখত উদ্বিগ্নতাৰ চাপ সুস্পষ্ট।
“এহ ৰ’বা, ৰ’বা। কি কৈ আছাহে? গৰম? ইমান শীতল বতাহ এজাক বলি আছিল, গৰম কেনেকৈ পাম? বৰষুণ এজাকো পাতলীয়াকৈ আহিছিল। কাৰেন্টো নাছিল আৰু এই যে ফোন কৰাৰ কথা কৈছা, মোৰ মোবাইলত নেটৱৰ্ক নাছিল।”
মইও সমানে আচৰিত হৈ উত্তৰ দিলোঁ।
“কি কয় আপুনি? বতাহ? বৰষুণ ? আমি দুজনমানে তাকেই আলোচনা কৰি আছিলো যে চহৰৰ পৰা নিলগৰ এই ঠাইতো গোলকীয় উত্তাপ বৃদ্ধিৰ চাপ স্পষ্ট আৰু বৰষুণৰচোন একো উমঘামেই নাই ? কাৰেন্ট আছে , আপুনিহে লাইটৰ চুইছ অন কৰা নাই। আপুনি বাৰু কিবা সপোন-তপোন দেখিলে নেকি? “
ডেকা অফিচাৰে হাঁহিব ধৰিলে।
“হেই , মই মুঠেও ধেমালি কৰা নাই দেই। সৌজোপা শালগছৰ ডাঙৰ ডাল এটা বতাহৰ কোবত ভাগি পৰিছে। ” মোৰ কথাত বাৰাণ্ডাৰ লাইট জ্বলাই দিলে ডেকা অফিচাৰে।
দেখিলোঁ, গছজোপাৰ ডাল অক্ষত অৱস্থাত!
“চাৰ, চাওক বৰষুণ আহিলে গছবোৰৰ পাতবোৰ তিতি নাথাকিব জানো ? এয়া চাওক পাতৰ ওপৰত ধূলিৰ আস্তৰণ।”
ডেকা অফিচাৰে পাত এখিলা দেখুৱাই ক’লে।
মূৰটো কিবা গোলমাল হৈ যোৱা যেন লাগিল। কি হৈ আছে মোৰ লগত?
“এহ ৰ’বা, সেই মানুহজনে জানিব শীতল বতাহজাক, বৰষুণজাক অহাৰ কথা। ৰ’বাচোন যোগাযোগ কৰি চাওঁ তেওঁক। গম পাবা এতিয়াই সকলো। ক’ত থ’লো জানো যোগাযোগৰ নাম্বাৰ লিখি দিয়া কাগজখিলা? ” কথাখিনি কোৱাৰ সমান্তৰালভাৱে পেন্টৰ জেপৰ খুচৰিলোঁ। ৰক্ষা! আছে, কাগজডোখৰ আছে। তৎক্ষণাত জেপৰ পৰা হাতখন উলিয়াই আনিলোঁ। আৰে এয়া কি ? আচৰিত! এয়াচোন কাগজ নহয়, নাহৰ গছৰ এখিলা পাত ! দুভাঁজ কৰা।

