চীনলৈ কিমান ভয়?- (ড০ বসন্ত কুমাৰ বৰা)
চীনৰ লগত ভাৰতবৰ্ষৰ সীমা-বিবাদ নতুন নহয়। এফালে আমাৰ দেশৰ আক্ছাই চীন অঞ্চল চীনৰ নিয়ন্ত্ৰণত, ইফালে অৰুণাচল প্ৰদেশ পৰ্য্যন্ত চীনৰ দাবী, আনফালে আকৌ চিকিমৰ নাথু-লা খণ্ডৰ ওচৰত চীনৰ সৈতে ভাৰতবৰ্ষৰ অৰিয়াঅৰি। চীন আৰু ভাৰতবৰ্ষৰ মাজৰ সীমান্তৰ দৈৰ্ঘ্য প্ৰায় চাৰে তিনিহাজাৰ কিল’মিটাৰ; এই সীমান্তৰ বহু অঞ্চলেই বিবাদমান। চীন আৰু ভাৰতবৰ্ষৰ সীমান্ত-বাহিনীৰ মাজত সৰু-সুৰা উখনা-উখনি লাগিয়েই থাকে; আমি সকলো কথা জানিবলৈ নাপাওঁ। শেহতীয়াকৈ লাডাখৰ গালৱান নদী আৰু চিকিমৰ অংশবিশেষত পুনৰ চীন আৰু ভাৰতবৰ্ষৰ মাজত সীমা লৈ অৰিয়াঅৰি হোৱাৰ খবৰ আহিছে। বাতৰি অনুসৰি এই অৰিয়াঅৰি সংঘৰ্ষলৈও বাগৰিছে আৰু ভাৰতবৰ্ষৰ প্ৰায় বিশজন জোৱান আৰু চীনৰো অজ্ঞাত সংখ্যক জোৱান হতাহতি সংঘৰ্ষত নিহত হৈছে। এয়া নিশ্চয় অতি পৰিতাপৰ কথা। প্ৰায় সত্তৰ বছৰৰকৈও অধিক দিন সাৰ্বভৌম হৈ থকা দুখন আধুনিক ৰাষ্ট্ৰৰ মাজত এই বিবাদ আজিৰ দিনত অকল্পনীয় কথা ।
চীন আৰু ভাৰতবৰ্ষৰ সীমান্তত চলা উখনা-উখনিৰ মূল কাৰণ কিন্তু সীমান্ত নহয়। ১৯৬২ চনৰ বিখ্যাত ভাৰতবৰ্ষ-চীনৰ যুদ্ধৰ মূল কাৰণ আছিল ১৯৫৯ চনত ভাৰতবৰ্ষই তিব্বতৰ স্বাধীনতাকামী ধৰ্মগুৰু দালাই লামাক প্ৰদান কৰা ৰাজনৈতিক আশ্ৰয়। জৱাহৰলাল নেহৰুৱে কোৱা ‘হিন্দী-চীনী ভাই ভাই’ শ্লোগানক ভৰিৰে মোহাৰি এই পৰিঘটনাৰ প্ৰতিশোধ লোৱাৰ বাবেই চীন অসমৰ তেজপুৰ পৰ্য্যন্ত আগবাঢ়ি আহিছিল। আন্তঃৰাষ্ট্ৰীয়, বিশেষকৈ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অহা ৰাজনৈতিক-সামৰিক চাপৰ বাবেই চীনে একপক্ষীয়ভাবে যুদ্ধক্ষেত্ৰ এৰি উভতি গৈছিল। দখলীকৃত ভূমি এৰি উভতি গ’লেও কিন্তু চীনৰ অন্তৰৰ পৰা প্ৰতিশোধৰ স্পৃহা দূৰ নহ’ল আৰু সেই কাৰণেই তেতিয়াৰপৰাই দুইখন দেশ এককথাত শত্ৰুদেশলৈ পৰিণত হ’ল। বেঁকা আঙুলিৰে ঘিঁউ উলিওৱাৰ উপায় অৱলম্বন কৰি তেতিয়াৰপৰাই চীনে পাকিস্তান, নেপাল, ভূটান, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ আদি ভাৰতবৰ্ষক ঘেৰি থকা দেশবোৰত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈও আৰম্ভ কৰে আৰু যোৱা শতিকাৰ শেষৰফালে হঠাতে বাঢ়ি অহা চীনৰ অৰ্থনৈতিক উত্থানে এই কাম চীনৰ বাবে তেনেই সহজ কৰি তোলে।
শেহতীয়াকৈ ভাৰতবৰ্ষ আৰু চীনৰ মাজৰ যি সামৰিক পেশী-সঞ্চালন আৰম্ভ হৈছে, ইয়াৰ আঁৰত কি আছে? সঁচাই এই দুই পৰমাণু-শক্তিধৰ দেশৰ মাজত যুদ্ধ আৱশ্যম্ভাৱী নেকি? যুদ্ধ হ’বলৈ হ’লে কি হেৰুৱাব ভাৰতবৰ্ষই আৰু কি হেৰুৱাব চীনে? সীমান্তৰ প্ৰকৃত সত্য কি? এনেবোৰ প্ৰশ্নই আমাৰ জুমুৰি দি ধৰাটো স্বাভাৱিক।
প্ৰথম কথা, দুই চুবুৰীয়াৰ মাজৰ এই সামৰিক পেশী সঞ্চালনৰ কাৰবাৰ সমূলি নতুন নহয়। এয়া ঘটি থকা ঘটনা। কিন্তু আগতে যেনিবা এনেবোৰ ঘটনা জনগণৰ অগোচৰেই থাকি গৈছিল আৰু এতিয়া সেইবোৰ ঘটনাৰ বাতৰি আমাৰ দেশত সণ্ঢালনি হৈ পৰিছে। ইয়াৰ আঁৰত এক ৰাজনৈতিক শক্তি নিশ্চিতভাবে জড়িত হৈ আছে; পুলৱামা কাণ্ডৰ দৰে চীন-ভাৰতবৰ্ষৰ অৰিয়াঅৰিৰো আৱেগিক মুনাফা উঠাবলৈ এই শক্তিটো তৎপৰ। ক’ভিড-১৯ক লৈ সৃষ্টি হোৱা আৰ্থসামাজিক সংকট, আকৌ এনে সংকটৰ মাজতে আঢ়ৈ হাজাৰ কোটি টকাৰে ৰাম-মন্দিৰ নিৰ্মাণৰ আঁচনি, বাঢ়ি অহা নিবনুৱা সমস্যা, অতি-সাম্প্ৰদায়িক কথা-বতৰা, ৰাইজৰ মূৰত বঢ়াই অনা কৰৰ বোজা, ৰাজহুৱা সম্পত্তিৰ বিক্ৰী, হিন্দী সম্প্ৰসাৰণবাদ, প্ৰদেশবিলাকৰ স্বকীয়তা হৰণ, ক্ষমতাৰ কেন্দ্ৰীকৰণ – এইবিলাক প্ৰতি-গণতান্ত্ৰিক কাৰ্য্যৰ পৰা জনগণৰ দৃষ্টি আঁতৰাই নিবলৈ বাৰু এয়া সেই বিশেষ ৰাজনৈতিক শক্তিটোৰ ষড়যন্ত্ৰ নিশ্চয় হ’ব পাৰে। সততে দেশপ্ৰেমৰ কথা আওঁৰোৱা এই অহংকাৰী, স্বাৰ্থান্বেষীসকলৰ অতীতৰ কাৰ্য্যক্ৰমণিকাই আমাক এই কথা ভাবিবলৈ বাধ্য কৰে যে জনগণৰ মাজৰ চীন-বিৰোধী আৱগ সৃষ্টি কৰি বৰ্তমান পৰিস্থিতিকো তেওঁলোকে নিজে লাভবান হোৱাৰ কৌশল হিচাপেহে ব্যৱহাৰ কৰিছে।
এইখিনিতে পৰিস্থিতিটো আমি চীনৰ দৃষ্টিভংগীৰ পৰা কিছু বিশ্লেষণ কৰোঁ। ২০১০ চনত জাপানক আঁতৰাই বিশ্বৰ দ্বিতীয় বৃহৎ অৰ্থনীতিত পৰিণত হয় চীন। এই সাফল্যৰ আঁৰত বহুবোৰ কাৰক জড়িত হৈ আছে; ইয়াৰে এটা প্ৰধান কাৰক হ’ল দূৰদৰ্শী পৰিকল্পনাৰে চীনৰ অৰ্থনীতিক উৎপাদন-নিৰ্ভৰ অৰ্থনীতিলৈ ৰূপান্তৰ। এসময়ৰ বিশ্বৰ সৰ্ববৃহৎ জনসংখ্যা, অপুষ্টি আৰু দাৰিদ্ৰ, স্বাস্থ্য-সুবিধাৰ অভাৱ, শিক্ষাৰ নিম্ন মান আদি এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত চীনে মাত্ৰ কেইটামান দশকৰ ভিতৰতে ইয়াৰ বৃহৎ জনসংখ্যাক সমস্যাৰ পৰা সম্পদলৈ ৰূপান্তৰ কৰে; বিশ্বৰ প্ৰায় প্ৰতিখন উন্নত ৰাষ্ট্ৰৰ প্ৰতিটো ক’ম্পেনীয়ে আজি চীনৰ কাৰখানাত নিজৰ সামগ্ৰীসমূহ উৎপাদন কৰে। ইউৰোপৰ কাৰখানা হিচাপে জনাজাত জাৰ্মানীৰ স্মৃতি-সামগ্ৰী আজি চীনে নিৰ্মাণ কৰে। পৰিস্থিতি এনেকুৱা যে সম্প্ৰতি ক’ৰ’ণা-পৰিস্থিতিৰ বাবে চীনক প্ৰায়বোৰ উন্নত দেশে জগৰীয়া কৰিলেও পৰিস্থিতিৰ জোৰা মাৰিবৰ বাবে চিকিৎসা সামগ্ৰীসমূহ কিন্তু চীনৰ পৰা আমদানি কৰাৰ বাহিৰে গত্যন্তৰ নোহোৱা হৈছে। ভাৰতবৰ্ষৰ লগত আজি চীনৰ তুলনা নহয়; ক’ত চীনৰ প্ৰায় ২৭ ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতি আৰু ক’ত ভাৰতবৰ্ষৰ ১১ ট্ৰিলিয়ন ডলাৰ! এনে ইতিবাচক অন্তৰ্দেশীয় পৰিস্থিতিত চীনে যদিহে দীৰ্ঘদিনীয়া সীমান্ত-বিবাদৰ চেলু লৈ ভাৰতবৰ্ষক আক্ৰমণ কৰে, তেনেহ’লে লোকচান অধিক কাৰ হ’ব? যুদ্ধত লিপ্ত হোৱাৰ বাবে অৰ্থনৈতিক প্ৰতিবন্ধকতা লাগিব, এনেই ৰুষ্ট হৈ থকা আমেৰিকাই চীনক শ’লঠেকত পেলাবৰ আচিলা বিচাৰি পাব, ক’ম্পেনীবিলাকে চীনৰ কাৰখানাবিলাক বন্ধ কৰিবলৈ বাধ্য হ’লে চীনৰ লাখ লাখ কৰ্মী নিবনুৱা হৈ পৰিব, চীনে নিজে উৎপাদন কৰা বৈদ্যুতিক সামগ্ৰী-ঔষধ-বস্ত্ৰ – সকলোৰে বিশ্বজোৰা বজাৰ বন্ধ হৈ পৰিব আৰু চীনৰ উত্থানমান অৰ্থনীতি নিমিষতে ধূলিস্যাৎ হৈ পৰিব। আনহাতে ভাৰতবৰ্ষই যুদ্ধত লিপ্ত হোৱাৰ বাবে অৰ্থনৈতিক প্ৰতিবন্ধকতাৰ সন্মুখীন হ’লেও হেৰুৱাবলৈ চীনৰ তুলনাত একোৱেই নাই। ভাৰতবৰ্ষৰ অৰ্থনীতি উপভোক্তা-নিৰ্ভৰ; ১৩০ কোটি উপভোক্তাক তেতিয়াও বিশ্বৰ প্ৰতিটো ক’ম্পেনীয়ে নিজৰ নিজৰ উৎপাদন বিক্ৰী কৰিয়েই থাকিব। অন্য কথাত চীন-ভাৰতৰ সাম্ভাব্য যুদ্ধত পাহাৰ-সদৃশ লোকচানৰ সন্মুখীন হ’ব চীন আৰু তুলনামূলকভাবে ভাৰতৰ লোকচান হ’ব ক্ষুদ্ৰ। তদুপৰি চীনে ভালকৈ জানে-বুজে, আজিৰ পৰিস্থিতিত যুদ্ধ কৰি অন্য ৰাষ্ট্ৰৰ এলেকা স্থায়ীভাবে অধিকাৰ কৰাটো সম্পূৰ্ণ অসম্ভৱ কথা। তেনেহ’লে চীনে সঁচাই ভাৰতক আক্ৰমণ কৰিবৰ চেষ্টা কৰিবনে ? কেতিয়াও নকৰে।
প্ৰকৃততে ভাৰতবৰ্ষৰ অৱস্থা হৈ পৰিছে সম্প্ৰতি চীন আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰূপী দুই গোণা ম’হৰ যুঁজত চেঁপা-খুন্দা খাই লেবেজান হোৱা নিমাখিত বিৰিণা-সদৃশ। যি কাৰণতেই নহওক, এসময়ৰ নিৰপেক্ষ অৱস্থান এৰি বৰ্তমান ভাৰতবৰ্ষ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভৃত্য হৈ পৰিছে; এই কথা স্পষ্ট। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ শক্তিৰে বলীয়ান হৈ ভাৰতবৰ্ষই অতি সম্প্ৰতি ক’ৰ’ণা-পৰিস্থিতিৰ সন্দৰ্ভত চীনৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ তদন্ত হ’ব লাগে বুলিও নিজৰ মত দিছে। আনহাতে জাপান, ভিয়েটনাম আদিৰ লগত থকা সীমা-বিবাদৰ আচিলাত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ লগত চীনে পৰোক্ষ সংঘৰ্ষত লিপ্ত হৈ আহিছে যদিও যুক্তৰাষ্ট্ৰৰ লগত প্ৰত্যক্ষভাবে ফেঁপেৰি পাতি লোৱাৰ সময় চীনৰ যে এতিয়াও হোৱা নাই, সেয়াও চীনে নজনা নহয়। কাজেই, নিজতকৈ বহু যোজন পিছপৰি থকা ভাৰতবৰ্ষৰ লগত সৃষ্টি হোৱা সীমা-বিবাদ আৰু তাৰ পৰৱৰ্তী পৰিস্থিতি যে আচলতে চীনে আমেৰিকা যুক্তৰাষ্ট্ৰক “চোৱা, তোমালোকলৈ আমি ভয় নকৰোঁ। তোমালোকৰ বন্ধুৰ সীমাত আমি যুদ্ধ কৰি আছোঁ, কি কৰিব পাৰা কৰা” বুলি বুকু ফুলাই দেখুউৱা প্ৰত্যাহ্বান, সেই কথা স্পষ্ট। তদুপৰি ইয়াৰ দ্বাৰা চীনে ভাৰতবৰ্ষ আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বন্ধুত্বৰ প্ৰকৃত গভীৰতাও নিশ্চয় জুখি চাব খুজিছে। কোৱা বাহুল্য, ভাৰতবৰ্ষই যিমানেই ঢোল নোকোবাওক, মাৰ্কিন যুক্তৰাষ্ট্ৰৰে আমাৰ দেশৰ বন্ধুত্ব তেনেই তৰল আৰু যুক্তৰাষ্ট্ৰৰ ফালৰপৰা অন্ততঃ সন্দেহৰ আৱৰ্তৰে আৱৰা। পুৰণি ছোভিয়েট-সংগী ভাৰতবৰ্ষৰ লগত মাৰ্কিন যুক্তৰাষ্ট্ৰই তথাকথিত বন্ধুত্ব গঢ়িবৰ চেষ্টা কৰাৰ মূল কাৰণ নিজৰ স্বাৰ্থহে; তেওঁলোকে চীনৰ বিৰুদ্ধে ভাৰতবৰ্ষক মাথোন ব্যৱহাৰ কৰিব খোজে । কাৰণ, যুক্তৰাষ্ট্ৰৰ পুৰণি আজ্ঞাবাহী ভৃত্য পাকিস্তান আজি চীনৰ লিকচৌত পৰিণত হৈছে। ভাৰতবৰ্ষৰ প্ৰয়োজনত আজিৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই যে চীনৰ সৈতে সন্মুখ-সংঘাতত লিপ্ত হ’ব, সেই কথা আশা কৰাটো হ’ব নিৰ্বুদ্ধিতাৰহে পৰিচায়ক।
এইখিনিতে আৰু এটা কথা অপ্ৰাসংগিক যেন লাগিলেও উল্লেখনীয়। কিবা কাৰণত চীনে ভাৰতবৰ্ষক আক্ৰমণ কৰিবই বুলি ধৰি ল’লেও চীনে অসম তথা উত্তৰ-পূবক ধ্বংস কৰি পেলাবনেকি ? আমাৰ ধাৰণা, সেই আশংকা অমূলক। চীনে ভালকৈ জানে, উত্তৰ-পূবক একেবাৰে ধ্বংস কৰি পেলালেও ভাৰতবৰ্ষৰ ৰাষ্ট্ৰ-যন্ত্ৰৰ গা নলৰে; কাৰণ, এই অঞ্চলৰ মানুহ ভাৰত-ৰাষ্ট্ৰৰ বাবে দ্বিতীয় শ্ৰেণীৰ নাগৰিক মাথোন। ভাৰতবৰ্ষক যদি চীনে সঁচাই এশিকনি দিবলৈ মন মেলে, দিল্লী অথবা মুম্বাই; নোৱাৰিলে ভাৰতীয় মূল ভূখণ্ডৰ অন্য চহৰ বা মহানগৰহে চীনে লক্ষ্য কৰি ল’ব। আমি এই কথা ক’ব খোজা নাই, সেইবাবে আমি চীনে ভাৰতবৰ্ষক আক্ৰমণ কৰাটো সমৰ্থন কৰিব লাগে; কিন্তু চীনৰ সাম্ভাব্য আক্ৰমণত ১৯৬২ৰ দৰে অসম বা উত্তৰ-পূৰ্বাঞ্চল তচনচ হ’ব, সেই লৈ আমি আতংকিত হোৱাৰো অৰ্থ নাই।
চীনৰ লগত সংঘাত ভাৰতবৰ্ষৰ ভৱিষ্যৎ নিৰ্বাচনী বিষয় হিচাপে ব্যৱহাৰ কৰা যাতে হ’ব নোৱাৰে; তাৰ বাবে আমি উত্তৰ-পুৰ্বাঞ্চলৰ জনগণ অন্ততঃ সজাগ আৰু সচেষ্ট হোৱাটো খুবেই প্ৰয়োজন। অহা বছৰত হ’ব লগীয়া অসমৰ নিৰ্বাচনত যাতে এই বিষয়টোৰে জনতাৰ আৱেগিক ব্লেকমেইলিং কৰি নিজৰ সৰ্বাত্মক বিফলতা আৰু প্ৰবঞ্চনাবিলাক ৰাইজৰ চকুৰ পৰা ঢাকি পেলাব নোৱাৰে, তাৰ ব্যৱস্থা বিৰোধী দলবিলাকে আজিৰ পৰিস্থিতিত কৰিব পাৰিব বুলি বিশ্বাস নহয়; গতিকে জনমুখী বুদ্ধিজীৱি, সচেতন আৰু ভু-ৰখা মহলে এই বিষয়ত প্ৰয়োজনীয় পদক্ষেপ আগ নবঢ়ালে হয়তো ৰামৰাজ্যত পুনৰ আমি এবাৰ ৰামঠগন খোৱাৰ বিকল্প নাথাকিবগৈ।