গল্প-কবিতা

চিন্তাৰ চোলাটো (অঙ্গনা দত্ত)

There was a pain
That like cigarettes
I inhaled quietly..
চিন্তাৰ চোলাটো পিন্ধি মই
ওলাই গলোঁ—
সৰু চহৰখনত শীত সদায়,
‘এই, আৰু একাপ চাহ।’
অমৃতা আহিল,
হাতত “দ্য ৰেভিনিউ ষ্টাম্প”
বৰ আক্ষেপ,
“সমবয়সী বহুত,
সমসাময়িক নাই।”
মই চিন্তাৰ চোলাটোৰ
জেপত হাত ভৰাই
বেখেয়ালী হৈ ক’লো,
“শীতৰ এই চাদৰখনে শুৱাব জানো তোমাক!”
তেওঁক মই ন’কলো এই সাধুটো
ময়ো কেতিয়াবা নৈখনক কওঁ৷

খুপৰি খুপৰি সৰু ৰঙা
ঘৰবোৰৰ মাজত,
ফিৰফিৰিয়া বতাহ বৈছে,
মোৰ চিন্তাৰ চোলাটো
এই উৰো এই উৰো কৰিছে,
মই ধৰি আনি টানি
খুছি ল’লো,
এডাল বেল্ট লাগে
আতি আতি বান্ধি থ’ব পৰাকে।

বাহিৰত কিনকিনিয়া বৰষুণ,
আজি নেৰুদা পঢ়িম-
In what language does rain
fall over tormented cities?”
মুখ ঘূৰাই চালোঁ,
অমৃতাই খৰাহীৰ আপেলটো
তুলি লৈছে,
পুৱা দেখা নাঙঠ পিঙঠ
পাহাৰীয়া ছোৱালী কণৰদৰে
টিকটিকিয়া আপেলটো,
আবুৰ হোৰাটোৰ পৰা
মোৰ চোলাটোলৈ ৰ’ লাগি চাই
ফেলেক্ কৈ হাঁহিছিল তাই।

চোলাটো ফিচিকিছে,
সৰু চহৰখনো ক’ৰবাতে থাকি আহিল,
চাহকাপো চেঁচা হৈছিল,
অমৃতাও গুচি গৈছিল,
আধাখোৱা আপেলৰ টুকুৰাটো
টেবুলত ঘূৰি থাকিল,
ময়ো চিন্তাৰ চোলাটোত
আধাখোৱা আপেলটো ভৰাই
কঁপি কঁপি খোজ ল’লো।

চহৰখনত যে সদায় শীত…..

Leave a Reply

Your email address will not be published. Required fields are marked *