অনুবাদকবিতা

চৰিত্ৰ ।। মূলঃ তছলিমা নাছৰিন, অনুবাদঃ বিতোপন গগৈ

মুক্ত চিন্তা, ১০ম বছৰ, ৬ষ্ঠ সংখ্যা

তুমি ছোৱালী
এই কথা খুব ভালকৈ মনত ৰাখিবা
তুমি যেতিয়া ঘৰৰ দুৱাৰদলি পাৰ হ’বা
মানুহে তোমাক আঁৰ চকুৰে চাব
তুমি যেতিয়া ৰাস্তালৈ ওলাই যাবা
মানুহে তোমাৰ পিছ ল’ব, উকি মাৰিব
যেতিয়া তুমি সৰু ৰাস্তাটোৰ পৰা ৰাজআলিত উঠিবা
মানুহে তোমাক চৰিত্ৰহীন বুলি গালি পাৰিব।

যদি তুমি অপদাৰ্থ
তুমি ঘূৰি আহিবা
আৰু যদি নহয়
যেনেকৈ গৈ আছা, গৈ থাকিবা।

Leave a Reply

Your email address will not be published. Required fields are marked *