ক্ৰীষ্টিন দি পিজানৰ “মহিলাৰ নগৰী” ।। সন্ধ্যা দেৱী
মধ্যযুগ বুলিলে এখন অতিশয় ৰক্ষণশীল সমাজৰ এন্ধাৰ ছবি আমাৰ চকুৰ আগত ভাঁহি উঠে। এইখন সমাজত পৰম্পৰা আৰু প্রচলিত আচাৰ-বিচাৰৰ বিৰুদ্ধে যোৱাৰ সুযোগ প্রায় নাছিলেই। কিন্তু তাৰ মাজতেই—ক’লীয়া মেঘৰ বুকুত জিলিকা বিজুলীৰ দৰে—দুই-এক ব্যক্তিয়ে সোঁতৰ বিপৰীতে যায় বা যাবলৈ চেষ্টা কৰে। এনে এগৰাকী ব্যক্তিৰ বিৰুদ্ধবাদী চিন্তা-ভাবনাৰ বিষয়ে আমাৰ এই লেখা। এই ব্যক্তিগৰাকীৰ নাম ক্ৰীষ্টিন ডি পিজান (Christine De Pizan)। আধুনিক যুগৰ পূৰ্বেই ফ্ৰান্সত নিজৰ সাহিত্য-কৰ্মৰ কাৰণে খ্যাতি লাভ কৰা পিজানৰ বৈশিষ্ট্য তথা সাহস আৰু স্পষ্টবাদিতাৰ আভাস পাবলৈ আমাৰ আলোচনাৰ আৰম্ভণিতেই তেওঁৰ The Book of the City of Ladies-ৰ পৰা এটা বাক্য উদ্ধৃত কৰিব পাৰোঁ : ‘Those men who have slandered the opposite sex out of envy have usually known woman who were cleverer and more virtuous than they are’ (Christine De Pizan, The Book of the City of Ladies, Translated by Rosalind Brown-Grant, Penguin Books, London, 1999, P. 19)। আলোচনাৰ পৰৱৰ্তী অংশত গ্ৰন্থখনৰ কেৱল পৃষ্ঠা সংখ্যাৰ উল্লেখ থাকিব। এই উক্তিত পিতৃতান্ত্রিক চিন্তা-ভাবনাৰ নাৰী-নিন্দামূলক দিশটোৰ ওপৰত আঘাত হনাৰ চেষ্টা স্পষ্ট।
ক্ৰীষ্টিন ডি পিজানে কিধৰণৰ প্ৰতিকূল পৰিৱেশত নিজৰ প্ৰতিবাদী চিন্তা-ভাবনা লেখাৰ জৰিয়তে প্ৰকাশ কৰিছিল তাৰ পৰিচয় পাবলৈ হ’লে আমি ইউৰোপৰ মধ্যযুগীয় সমাজলৈ চকু দিব লাগিব। সেই যুগত চিন্তা আৰু আচৰণৰ স্বাধীনতাৰ ওপৰত কোনো গুৰুত্ব দিয়া হোৱা নাছিল। জীৱন আৰু চিন্তাৰ কেন্দ্ৰবিন্দুত আছিল ধৰ্মৰ কটকটীয়া বান্ধোন আৰু এই ধৰ্মৰ পৃষ্টপোষক আছিল চাৰ্চ বা গীর্জা। চাৰ্চৰ নীতি আৰু অনুশাসনবোৰ নিষ্ঠাৰে আৰু অন্ধভাৱে পালন কৰাটোৱেই আছিল মধ্যযুগীয় মানৱ-জীৱনৰ চৰম লক্ষ্য। এনে এক বাতাৱৰণত ফ্ৰান্সৰ দৰে আগবঢ়া দেশতো মুক্ত চিন্তাৰ সামান্য প্রকাশকো সহ্য কৰা নহৈছিল। সেই মধ্যযুগৰ কালছোৱাতেই পেৰিচৰ দাৰ্শনিক আৰু শিক্ষক ছিজাৰ ডি ব্ৰাবণ্ট-এ (Siger de Brabant, 1240 1284) সত্যৰ বহুমাত্রিক চৰিত্ৰলৈ আঙুলিয়াই দি প্রকাশ্যে কৈছিল—”বিশেষ এটা বক্তব্য ধৰ্মত্বৰ দৃষ্টিত মিছা হ’লেও দার্শনিক বিচাৰত সত্য হ’ব পাৰে (G. G. Coulton, The Medieval Scene, Cambridge 1967, P. 110)।এনে সাহসী অভিনৱ বক্তব্যৰ কাৰণে তেওঁ কাৰবাস খাটিবলগীয়া হৈছিল। এনেকৈয়ে চিন্তাক শৃংখলিত কৰাৰ চেষ্টা চলিছিল মধ্যযুগৰ ধৰ্ম-নিয়ন্ত্রিত সমাজত। ধৰ্ম, পৰম্পৰা, প্রচলিত সমাজ ব্যৱস্থা, নৈতিক মূল্যবোধ, নাৰী-পুৰুষৰ বৈষম্যমূলক সম্পর্ক— এইবোৰক প্ৰশ্ন কৰা বা যুক্তিৰে বিশ্লেষণ কৰাৰ কোনো সুযোগেই নাছিল। এই প্রসংগত উল্লেখ কৰা যায় যে মধ্যযুগীয় সমাজত নাৰী-পুৰুষৰ মাজত অধিকাৰ, স্বাধীনতা, মৰ্যাদা আদিক কেন্দ্ৰ কৰি যি বৈষম্য দেখা যায় তাৰ এটা প্ৰধান উৎস আছিল ধৰ্মৰ প্ৰভাৱ আৰু শিক্ষা। নাৰীক চয়তানৰ অনুচৰ বুলি গণ্য কৰা পিতৃতান্ত্রিক মনোভাৱৰ সূচনাৰ লগত যে খ্ৰীষ্টান পৰম্পৰা যুক্ত তাৰ উল্লেখ পাওঁ এগৰাকী বিদূষীৰ ৰচনাত : ‘The view of woman as instrument of the Devil, a thing at once inferior and evil, took shape in the earliest period of church history and was indeed originated by the church (Eileen Power, Medieval Women, Cambridge, 1999, PP. 6-8)!এইবিধ নাৰী-বিদ্বেষী মনোভাৱক পিজানে কেনেকৈ নাকচ কৰিছে তাৰ সম্ভেদ আমি পাওঁ তেওঁৰ The Book of the City of Ladies-ৰ পৰ্যালোচনাত (বর্তমান আলোচনাত এইখন গ্ৰন্থৰ কেৱল পৃষ্ঠাসংখ্যাৰ উল্লেখ থাকিব)।
মধ্যযুগৰ হতাশজনক প্রতিকূল বাতাৱৰণত ক্ৰীষ্টিন ডি পিজানৰ প্ৰতিবাদী স্থিতি আৰু কৃতি এক বিস্ময়কৰ ঐতিহাসিক ঘটনা। ১৩৬৪ চনত পিজানৰ ইটালীত জন্ম যদিও জীৱনৰ বেছি ভাগ সময় তেওঁ ফ্ৰান্সত অতিবাহিত কৰে। পিতৃ টাচ ডি পিজান (Thomas de Pizan) ৰজা পঞ্চম চাৰ্লচৰ ৰাজসভাৰ চিকিৎসক আৰু জ্যোতিষী আছিল। মাকৰ তীব্র আপত্তি সত্ত্বেও দেউতাকৰ উৎসাহ আৰু তত্ত্বাৱধানত ক্ৰীষ্টিন পিজানে লিখা-পঢ়া শিকিবলৈ সক্ষম হয়। ফৰাচী ভাষা আৰু সাহিত্য আয়ত্ত কৰাৰ লগে লগে তেওঁ লেটিনো শিকে। ১৩৮০ চনত মাত্ৰ পোন্ধৰ বছৰ বয়সত তেওঁ ইতিয়েন ডি কেষ্টেলৰ (Etienne de Castle) লগত বিবাহ পাশত আবদ্ধ হয়। কেষ্টেল আছিল ৰাজপৰিয়ালৰ সচিব আৰু পিজান তিনিটা সন্তানৰ মাতৃ হৈ স্বামীৰ লগত সুখী বৈবাহিক জীৱন যাপন কৰিব ধৰে। কিন্তু দুর্ভাগ্যজনকভাৱে বিবাহিত জীৱনৰ দহ বছৰ অতিক্ৰম কৰাৰ পিছত তেওঁ স্বামীৰ লগতে পিতৃকো হেৰুৱাই এক নিঃস্ব আৰু সম্বলহীন জীৱন যাপন কৰিবলৈ বাধ্য হয়। নিজৰ পৰিয়াল, মাতৃ আৰু ভগিনীৰ পোহপালনৰ দায়িত্ব আহি পৰাত তেওঁ হাতে লিখা পুথিৰ প্ৰতিলিপি প্রস্তুত কৰি সেই সময়ত পেৰিছত নিজৰ জীৱিকা অৰ্জনৰ পথ বাচি লয়। ১৩৯৯ চনৰ পৰা তেওঁ নিজে সাহিত্য ৰচনাত মনোনিৱেশ কৰে, কাৰণ তেওঁৰ মূল উদ্দেশ্য আছিল স্বৰচিত গ্ৰন্থ প্ৰকাশ কৰি উপাৰ্জন কৰা। অভিজাত শ্ৰেণীৰ লগত ঘনিষ্ঠ সংস্পর্শ থকাৰ বাবে তেওঁৰ কিছু সুবিধা হয়, কিয়নো তেতিয়া কেৱল সম্ভ্রান্ত লোকসকলৰ মাজতহে সাহিত্য-চৰ্চাৰ প্ৰচলন আছিল। ষষ্ঠ চাৰ্লচ (Charles vi) আৰু ডিউক অফ অৰলিয়েন্স (Duke of Orleans) তথা অন্য অভিজাতলোকে তেওঁৰ সাহিত্যকৰ্মৰ প্ৰশংসা কৰাৰ বাবে তেওঁ খ্যাতিৰ মুখ দেখে আৰু বৈষয়িক দিশতো আত্মনিৰ্ভৰশীল হয়। ৰাজপৰিষদৰপৃষ্ঠপোষকতা আৰু অৰ্থেৰে তেওঁলোকৰ জীৱনী লিখি তেওঁ তেতিয়াৰ মূল্যবোধ আৰু ৰাজনৈতিক জগতখনো তেওঁৰ লেখাত প্রতিফলিত কৰে। ১৪০৩ চনত তেওঁ প্ৰকাশ কৰে The Book on the Mutation of Fortune। ইয়াৰ আগতে প্রকাশ হয় তেওঁৰ Letter of the God of Love।
সাহিত্যৰ বিভিন্ন দিশত পিজানে তেওঁৰ প্ৰতিভাৰ স্বাক্ষৰ থৈ গৈছে। কবিতা বা জীৱনীৰ কথা বাদেই, তেওঁ আনকি শিষ্টাচাৰ বিষয়ক পুথিও ৰচনা কৰিছিল। শিষ্টাচাৰৰ কথা কওঁতে তেওঁৰ সাংস্কৃতিক মূল্যবোধৰ কিছু আভাস পোৱা যায়। কোৱা বাহুল্য যে চিন্তাশীল আৰু অধ্যয়নপুষ্ট পিজানে পিতৃতান্ত্রিক সংস্কৃতিৰ সকলো দিশ নতশিৰে মানি লোৱা নাছিল। উদাহৰণ হিচাপে নাৰী-নিন্দাৰ কথা ক’ব পাৰি। প্রাচীন আৰু সমকালীন সাহিত্যৰ সংস্পৰ্শলৈ অহা পিজানে এই নিন্দাৰ অযুক্তিকৰ স্বৰূপ ভালকৈ উপলব্ধি কৰিছিল। সেয়ে নাৰী-নিন্দাৰ প্ৰতি প্ৰত্যাহ্বান জনাই তেওঁ লিখিলে The Book of the City of Ladies। পিজানে সৃষ্টি কৰা এই নাৰী-নগৰীত বিৰাজ কৰিছে সাহসী নাৰী যোদ্ধা, গুণৱতী আৰু দক্ষ মহিলা আৰু নিষ্ঠাৱতী ভাৰ্যা এই পুথিখনৰ পিছতো তেওঁৰ সাহিত্য ৰচনা অব্যাহত থাকে। জীৱনৰ শেষ কালছোৱাত তেওঁ অতিবাহিত কৰে মঠত, কাৰণ ইয়াৰ পৰিৱেশ তেওঁৰ বাবে আছিল অনুকূল। ১৪৩০ চনত এই মধ্যযুগীয় কিন্তু বিস্ময়কভাৱে আধুনিকমনা লেখিকাৰ জীৱনৰ অৱসান ঘটে।
পিজানৰ সাহিত্যিক জীৱন আছিল একাধিক কাৰণে ব্যতিক্রমী। মধ্যযুগীয় লেখিকাসকলৰ ভিতৰত তেৱেই পোন-প্রথমে লিখা-মেলাৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰিছিল। বৃত্তিধাৰী লেখিকা হোৱা হেতুকে তেওঁ আছিল অর্থনৈতিকভাৱে স্বাৱলম্বী আৰু মানসিকভাৱে দৃঢ়। এই ব্যক্তিত্বৰ বাবে মধ্যযুগীয় পুৰুষ-শাসিত পৰিৱেশক নেওচা দি তেওঁ নিজৰ বক্তব্য দৃঢ়ভাৱে উপস্থাপন কৰিব পাৰিছিল। তেওঁৰ উদ্দেশ্য আছিল নাৰী-নিন্দুকসকলক সমালোচনা কৰি আৰু তেওঁলোকৰ যুক্তিৰ অসাৰতা প্ৰমাণ কৰি নেতিবাচক মনোবৃত্তি সলনি কৰা আৰু নাৰীসকলক সচেতন কৰি এক স্বয়ংসম্পূর্ণ আত্মমর্যাদাসম্পন্ন ব্যক্তি হিচাপে গঢ়ি তোলা। এই উদ্দেশ্যেৰে তেওঁ লিখিলে The Book of the City of Ladies। এই কিতাপখনে ক্ৰীষ্টিনৰ জীৱনীকালতেই প্ৰচুৰ সমাদৰ পায়। পিছত ১৫২১ চনত কিতাপখন ইংৰাজীলৈ অনূদিত হয়। উল্লেখযোগ্য যে এই ক্ষেত্ৰতো পিজান আছিল ব্যতিক্রমী, অগ্রগামিনী। মধ্যযুগত তেওঁৰ আগতে কোনো লেখিকাই নাৰী-বিদ্বেষক প্রকাশ্যে আক্রমণ কৰিবলৈ সাহস গোটাব পৰা নাছিল।
পিজানৰ The Book of the City of Ladiesআৰম্ভ হৈছে এক সপোনৰ বৃত্তান্তেৰে। কিতাপখনৰ আৰম্ভণিয়ে বংগৰ নাৰীবাদী লেখিকা ৰোকেয়া বেগমে ১৯০৫ চনত লিখা গল্প Sultans’s Deam-লৈ মনত পেলাই দিয়ে। সপোনৰ সহায় লৈ দুয়োগৰাকী লেখিকাই নিজৰ বক্তব্য মুকলিকৈ দাঙি ধৰিবলৈ কল্পনা ৰাজ্যক অৱলম্বন হিচাপে লৈছে— কাৰণ পুৰুষ-শাসিত সমাজত পুৰুষৰ মনোভাবক পোনপটিয়াকৈ আঘাত কৰাটো অতিকৈ স্পৰ্শকাতৰ আৰু দুঃসাহসিক কাৰ্য্য। City of Ladies-ত প্রথমেই দেখা যায় যে পিজানে মেথিউলাছ (Matheolus) নামৰ লিখক এজনৰ নাৰী-বিদ্বেষেৰে ভৰা এখন গ্রন্থ পঢ়ি দুখ, বেদনা আৰু হতাশাত ভাগি পৰিছে। অপবাদ আৰু শালীনতাহীন ভাষাৰে লিখা কিতাপখন পঢ়ি তেওঁ আত্মগ্লানি আৰু হীনমন্যতা অনুভৱ কৰে। তেনেতে সপোনত তিনিটি গুণ (Three Virtues) ব্যক্তিৰূপে উপস্থিত হয়— যুক্তি (Reason), সাধুতা ( Rectitude) আৰু ন্যায় (Justice)। তেওঁলোকে পিজানক অৱগত কৰিলে যে তেওঁলোকৰ আগমনৰ উদ্দেশ্য হ’ল, নাৰী-নিন্দাক প্রত্যাহ্বান জনাই কিতাপ এখন প্ৰস্তুত কৰিবলৈ ঈশ্বৰে তেওঁলোকক পিজানৰ ওচৰলৈ পঠিয়াই দিছে। নাৰী-নিন্দুকসকলৰ ভুল ধাৰণাবোৰ তেওঁলোকে মানুহৰ মনৰ পৰা আঁতৰাব খোজে, কাৰণ সেইবিলাক যুগে যুগে চলি অহা ভ্ৰান্ত ধাৰণাহে। আচলতে যিসকল পুৰুষে নাৰীৰ বিষয়ে এনে কুৎসা-টনাত লিপ্ত হয় তেওঁলোকে নিজৰেই বেছি অনিষ্ট কৰে (P . 9)। নাৰীসকল ভগৱানৰেই সৃষ্টি আৰু এনে মহৎ সৃষ্টিৰ অপযশ কৰাটো এক আস্পর্ধা (P. 22)।তেওঁলোকে অনুৰোধ কৰে যেন পিজানে নিজৰ যুক্তি আৰু জ্ঞানৰ ভিত্তিত সমগ্ৰ নাৰী জাতিক এই কুন্ধচ অপবাদৰ পৰা নিষ্কৃতি দিয়ে(P. 11)।নাৰী-বিদ্বেষী পুৰুষৰ অমূলক নিন্দাৰ পৰা সমগ্ৰ নাৰী জাতিক উদ্ধাৰ কৰা সময় এতিয়া সমাগত (P.11)।
যুক্তিৰ (Reason) মতে নাৰী-নিন্দুকসকলে নাৰীৰ অপযশ ৰটনা কৰে বহুতো কাৰণে। যেনে, এচাম নিন্দুক পুৰুষ নিজেই ব্যাভিচাৰী কাৰ্যত লিপ্ত। মেথিউলাছে (Matheolus) তেওঁৰ ব্যাভিচাৰী স্বভাৱৰ বাবে দোষাৰোপ কৰিছে তেওঁৰ সংস্পৰ্শলৈ অহা নাৰীসকলকহে, কাৰণ তেওঁলোকৰ বাবেই তেওঁৰ চৰিত্ৰৰ স্খলন ঘটিল। আনহাতে যিসকল নিন্দুক শাৰীৰিকভাৱে অক্ষম তেওঁলোক মানসিকভাৱেও অক্ষম। যিসকল নাৰী বুদ্ধিমতী অথবা গুণী তেওঁলোকক নাৰী-বিদ্বেষীসকলে ঈৰ্ষাৰ বশৱৰ্তী হৈ সমালোচনা কৰে আৰু পৰচৰ্চাত লিপ্ত হোৱা লোকসকলে তেওঁলোকৰ স্বভাৱগত প্ৰতিক্ৰিয়াৰে নাৰীসকলক গৰিহণা দিয়ে(P. 18-19)।এইদৰে হীনমনা নাৰী-নিন্দুকসকলে যুক্তি আৰু প্ৰকৃতিৰ বিৰুদ্ধে যায় যুক্তিৰ বিপক্ষে, কাৰণ পুৰুষে নাৰীসকলে কৰা সৎকৰ্মক স্বীকৃতি নিদিয়ে, কৃতজ্ঞতা প্রকাশ নকৰে; আৰু প্ৰকৃতিৰ বিৰুদ্ধে, কাৰণ প্ৰকৃতিৰ কোনো জন্তুৱে, আনকি চৰাই-চিৰিকতিয়েও, নিজৰ সংগীক কেতিয়াও ত্যাগ নকৰে—‘So man acts in a most unnatural way when he, a rationalbeing, fails to love woman’ (P.20)।
নাৰী-নিন্দুকসকলৰ আঘাত আৰু অপবাদৰ পৰা নিষ্কৃতি দিবলৈ পিজানৰ সন্মুখত ব্যক্তিৰ ৰূপ ধাৰণ কৰি উপস্থিত হোৱা গুণ(virtue) তিনিটাই ঈশ্বৰৰ নিৰ্দেশক্রমে ৰমণী নগৰী স্থাপন কৰিবলৈ তেওঁক আহ্বান জনালে। যুক্তিয়ে পিজানক ক’লে যে দাসত্বক মানি নোলোৱা আমাজনসকলৰ প্ৰতাপী আৰু অপৰাজেয় ৰাজ্যও এদিন বিলুপ্ত হৈছিল, কিন্তু পিজানক যি নাৰী নগৰী নিৰ্মাণ কৰিবলৈ কোৱা হৈছে সেইখন সম্পূর্ণভাৱে সুৰক্ষিত, ইয়াৰ ভেটি হ’ব সুদৃঢ়, প্ৰাচীৰবোৰ দুৰ্গম-দুৰ্জেয়— যাতে সকলো বাধা বিপৰ্যয় প্ৰতিৰোধ কৰিব পাৰে। পিজানক এই ইংগিতো দিয়া হৈছে প্ৰস্তাৱিত নগৰীখনৰ সৌন্দৰ্য হ’ব তুলনাবিহীন আৰু তাৰ অস্তিত্ব বিৰাজ কৰিব অনন্তকাললৈ (PP.12-13)।
এনেকৈয়ে গঢ় লৈ উঠিব ‘মহিলাৰ নগৰী’ (City of Ladies)। যুক্তিৰ নিৰ্দেশক্রমে বিদ্যাৰ পথাৰত আৰম্ভ হ’ল মেধাৰ সঁজুলিৰে খননৰ কাম—যি কামত প্রধান সহায়ক হ’ব Spade of intelligence (P. 16 ) আৰু Trowel of pen (P. 35 )। Lady Reasona-ইতেওঁক আশ্বাস দিয়ে—যিমানেই পুৰুষে নাৰীক নিন্দা আৰু সমালোচনাৰে আঘাত কৰিব সিমানেই তেওঁলোক হৈ পৰিব জুইয়ে পোৰা সোণৰ দৰে, কাৰণ অগ্নিদগ্ধ সোণৰ জিলিকনি বেছি (PP. 15-16 )। তদুপৰি যুক্তিয়ে পিজানক সোঁৱৰাই দিয়ে যে আদামক (Adam) সৃষ্টি কৰা হৈছিল এটুকুৰা সাধাৰণ চপৰাৰ পৰা, কিন্তু ইভৰ (Eve) সৃষ্টি হ’ল আদামৰ মহামূল্যৱান এডাল হাড়ৰ পৰা— যি প্ৰমাণ কৰে ইভৰ শ্ৰেষ্ঠতা আৰু যোগ্যতা (PP. 22-23)। নাৰী হিচাপে ইভে সকলোকে বিপথে নিলে বুলি তিৰস্কৃত হয়, কিন্তু অন্য এগৰাকী এনে নাৰীয়েই আকৌ সমগ্ৰ মানৱজাতিক এই পংকিলতাৰ পৰা উদ্ধাৰ কৰিলে আৰু তেওঁ হ’ল স্বয়ং মেৰী(P.23)।পিজানৰ মনলৈ অন্য এটা কথায়েও হতাশা আনে। সেইটো হ’ল, সঘনাই আওঁৰাই থকা এটা লেটিন প্রবাদ— ‘God made woman to weep, talk and spin’– অর্থাৎ ভগৱানে নাৰীসকলক কন্দাকটা কৰিবলৈ, পেক্পেকাই থাকিবলৈ আৰু সুতা কাটিবলৈহে সৃষ্টি কৰিছে (P.26)। যুক্তিৰ মতে কিন্তু এইটো এটা বিৰূপ সমালোচনা, যদিও এই ক্রন্দন প্ৰৱণতাৰ বাবেই মেৰী মেগডেলিন (Mary Magdalene) যীশুৰ ক্ষমাপ্রার্থী হ’ল আৰু চেইণ্ট অগষ্টাইনৰ (Saint Augustine) মাকৰ অশ্ৰুৱে তেওঁক সৎপথলৈ আনিলে। নাৰীৰ এই বাক্চাতুৰ্য থকাৰ বাবেই ভগৱানে তেওঁৰ পুনৰুত্থানৰ (Resurrection) বাৰ্তা নাৰীসকলৰ আগতেহে ব্যক্ত কৰিছিল। আনহাতে নাৰীৰ সূতা কটা দক্ষতাৰ বাবে বিশ্বৰ সকলো মানুহক এক কদৰ্য ৰূপত দেখা নগ’ল ‘Without it (spinning) the world would have been a vile state (P. 28)।পৰিতাপৰ কথা যে এনে পাৰদৰ্শিতাৰ বাবে পুৰুষসকলে নাৰীসকলক প্ৰশংসা, সন্মান আৰু কৃতজ্ঞতাহে যাচিব লাগে; কিন্তু তাৰ বিপৰীতে তেওঁলোকে নাৰীসকলক গৰিহণা দি এক নীচ কাৰ্য্যতহে লিপ্ত হৈছে (P.28)।
নাৰী-নিন্দুকসকলৰ এনে অপবাদসমূহ খণ্ডন কৰিবলৈ এই প্রমীলা নগৰী নিৰ্মাণৰ প্ৰস্তুতি। পুৰুষবিহীন এই মহিলা নগৰী এক সুপৰিকল্পিত আঁচনিৰে নিৰ্মাণ কৰা হ’ব। যশস্বী মেধাসম্পন্ন মহিলাসকলক সমৱেত কৰি ভেটি গঢ়াৰ সম্পূৰ্ণ দায়িত্ব ল’ব স্বয়ং যুক্তিয়ে। ইয়াৰ তত্ত্বাৱধানত থাকিব দক্ষ সম্রাজ্ঞীসকল— যেনে Nicaula, যি সুচাৰূপে আৰৱ, ইজিপ্ত আদি দেশত ৰাজত্ব কৰিছিল (P.30)। তেওঁৰ লগত থাকিব আমাজনসকল আৰু তেওঁলোকৰ বীবাংগনা ৰাণীসকল, খ্যাতনামা কবি-দার্শনিক চেফো (Sappho), মিনার্ভা (Minerva) যি ঊন আৰু বস্তুৰ উদ্ভাৱক, চিছে (Ceres) যি নাঙল আৰু খেতি সম্পৰ্কীয় বিভিন্ন সঁজুলি সৃষ্টি কৰিছিল, আইচিচ (Isis) যি বাগিচা আৰু কলম কৰা ডালৰ পৰা ৰোপন কৰাৰ জ্ঞান(garfting) পৃথিৱীবাসীক দিছিল, আৰাকনে(Arcachne) যি ঊনসূতা ৰঙ কৰা কাৰ্য উদ্ভাৱন কৰিছিল আৰু পেমফিল (Pamphile) যি পলুৰ দ্বাৰা চিন্তৰ বস্ত্ৰ তৈয়াৰ কৰাৰ পদ্ধতি আৱিষ্কাৰ কৰিছিল (PP.60-61, PP. 66 67, PP. 68-69, PP. 73 74, PP. 74 75 )।সাধাৰণতে কোৱা হয়, নাৰীসকল যুক্তিবিহীন, বিবেচনাহীন আৰু বুদ্ধিবিহীন। এই ধাৰণা যে সমূলি ভ্রান্ত এই কথা বিশ্লেষণ কৰি যুক্তিয়ে উদাহৰণ হিচাপে দাঙি ধৰিলে নিকোটোৰ (Nicostrata) দৃষ্টান্ত— যি লেটিন আখৰসমূহ আৰু লগতে লেটিন ভাষাৰ শুদ্ধ পদ্ধতি আৰু ব্যাকৰণসমূহ প্ৰণালীবদ্ধভাৱে সৃষ্টি কৰে(P.65)। বিশ্বৰ এনে খ্যাতনামা নাৰীসকলেই হ’বগৈ City of Ladies-ৰ ভেটি স্বৰূপ।
ইয়াৰ পিছত নগৰী নিৰ্মাণৰ নিৰ্দেশ দিলে সাধুতাই (Rectitude)। তেওঁৰ আঁচনি হ’ল উজ্জ্বল আভাৰ কিছু শিলাখণ্ড লৈ নগৰীৰ প্ৰাচীৰসমূহ তৈয়াৰ কৰা। প্রথম পৰ্যায়ত আহিল তীক্ষ্মধী, দূৰ-দৃষ্টিসম্পন্না আৰু ভৱিষ্যবাণী কৰিব পৰা ক্ষমতাশালী নাৰীসকল। তেনে দহগৰাকী চিবিলৰ (Sibyls) ভিতৰত আছিল প্ৰখ্যাত আৰথ্ৰেৰিয়া (Erthrea) আলমেথিয়া (Almathea) আদি। এওঁলোকৰ পদানুসৰণ কৰিলে পিতৃ-মাতৃৰ প্ৰতি গভীৰ আনুগত্য থকা ন্যায়নিষ্ঠ কন্যা সন্তানসকলে। ‘দাম্পত্য জীৱন গৃহিণীসকলে বিষম কৰি তোলে’— এনে একপক্ষীয় ধাৰণা কিয় বর্জনীয় তাৰ প্ৰমাণ হিচাপে সাধুতাই (Rectitude) ইতিহাসৰ পৰা তুলি আনে সদাচৰী পতিব্রতা স্ত্ৰীসকলক—যি আছিল স্বামীসকলৰ সেৱিকা আৰু সতীৰ্থ—যেনে ৰাণী ট্রায়াৰিয়া (Triaria),ৰাণী আৰটেমিডিয়া (Artemisia), চিজাৰৰ (Ceasar) দুহিতা আৰু পম্পেৰ (Pompey) স্ত্রী জুলিয়া (Julia), চক্ৰেটিচৰ (Socrates) স্ত্রী জেনথেপি (Xanthippe), আৰু খ্যাতনমা কেটোৰ (Cato) জীয়েক আৰু ব্রুটাছৰ (Brutus) পত্নী প’চীয়া (Portia)।
দুৰ্গসদৃশ এই নগৰীৰ মুধচ প্ৰস্তুত কৰাৰ কাৰ্যভাৰ আদৰি ল’লে ন্যায়ে (Justice)। ইয়াৰ সুউচ্চ শিখৰত থাকিব ভার্জিন মেৰী (Virgin Mary)। তেওঁৰ চৰণত বিৰাজ কৰিব সত্য সন্ধানীসকল—যিসকলে এক ন্যায়নিষ্ঠ আদর্শ পৃথিৱী গঢ়ি তোলাৰ বাবে নিজৰ জীৱন আৰু প্ৰাণ আহুতি দিছিল। প্রথমেই স্বীকৃতি লাভ কৰিব যীশুৰ প্রিয়পাত্রী চেইণ্ট ম্যাগডেলীন (Saint Magdelence)আৰু তেওঁৰ অনুগামীসকলে— যেনে চেইণ্ট কেথেৰীণ (Saint Catherine), চেইণ্ট মার্গাৰেট (Saint Margaret) চেইণ্ট লুচি (Saint Lucy) আৰু অন্য মহৎ নাৰীবৃন্দই। এই স্বৰ্গীয় চহৰৰ বাসিন্দা হৈ থাকিব পাৰিব তেওঁলোক।
অৱশেষত নগৰী সৃষ্টি কৰাৰ কাম সম্পন্ন হয় মহীয়সী নাৰীসকলৰ প্ৰচেষ্টাত। ই কেৱল এক সুগঠিত আৰু সুপৰিকল্পিত নগৰীয়েই নহয়, ই নাৰীসকলৰ আনন্দধামো য’ত তেওঁলোকে পৰম স্বস্তিৰে বাস কৰিব পাৰিব। ইয়াত নাৰীক পাপাত্মা বুলিঘৃণা কৰা নাৰী-বিদ্বেষী পুৰুষৰ ঔদ্ধত্য নাই। এইখন নগৰীয়ে যোগ্যতা থকা নাৰীক আশ্ৰয় দিয়াৰ উপৰি ই আক্ৰমণকাৰীকপ্ৰতিহত কৰি নাৰীক ৰক্ষনাবেক্ষণো দিব—”If will not only shelter you all, or rather those of you who have proved yourselves to be worthy, but will also defend and protect you against attackers and assailants, provided you look after it well” (P. 237 )। এইখন নগৰী সুৰক্ষিত কৰিবলৈ হ’লে নাৰীসকলৰ মাজত বিৰাজ কৰিব লাগিব আদর্শনিষ্ঠা আৰু এক উচ্চ মানদণ্ডৰ নৈতিকতা। তেওঁলোকে পুৰুষসকলক এইবুলি সঁকিয়াই দিয়ে যেন—‘দুষ্টলোক নিজৰ চক্রান্তৰেই বলি হয়’ (P.239)। সদায় পাপাত্মা, উতনুৱা, চঞ্চলা আৰু নির্বোধ বুলি ধিক্কাৰ দি অহা নাৰীসকলকেই কিন্তু কুটিল স্বভাৱৰ পুৰুষসকলে জন্তুক কৰাৰ দৰেই উদ্ভট আৰু জটিল পন্থাৰে ফান্দত পেলাবলৈ যত্ন কৰে। পিজানৰ স্পষ্ট পৰামৰ্শ হ’ল, এইবিধ পুৰুষক অবিলম্বে পৰিত্যাগ কৰা উচিত (P.239 )। “O my ladies, fly fly from the passionate love with which they try to tempt you! For God’s sake fly from it… they think of to trap you, just as one would a wild animal. Fly, fly from them my Ladies. Have nothing to do with such man beneath whose smiling looks a lethal venom is conealed, one which will poison you to death’ (P239)।এই ক্ষোভ আৰু গৰ্জন সম্ভৱ সেইকালৰ বিখ্যাত গ্রন্থ Romance of the Rose-ৰেই প্ৰত্যুত্তৰ, যিখন গ্ৰন্থত নাৰীসকলক ঘাঁহত লুকাই থকা বিষাক্ত সাপৰ লগত তুলনা কৰি কোৱা হৈছে– “Fly, fly, fly, fly, fly, my children, I advise and admonish you frankly and without deceit to fly from such a creature (P.243)।
কিতাপখনিৰ সামৰণিত পিজানে বিবাহিতা নাৰীৰ প্ৰতি ব্যক্ত কৰিছে তেওঁ ব্যক্তিগত মনোভাব। বিবাহিতাসকলে তেওঁলোকৰ স্বামীৰ বহতীয়া বুলি যেন অনুশোচনা নকৰে বা হতাশবোধ নকৰে, কাৰণ পিজানৰ মতে মুক্তাৱস্থা বৰ আদৰণীয় কথা নহয়—“For its not necessarily the best thing in the world to be free.” (P. 238 )। বিবাহিতা মহিলাৰ প্ৰতি পিজানৰ পৰামৰ্শ এইধৰণৰ— যিসকল স্ত্ৰীৰ স্বামী মৰমীয়াল, সৎ, দয়ালু আৰু জ্ঞানী তেওঁলোকৰ প্ৰতি স্ত্ৰীসকল কৃতজ্ঞ হৈ পৰম নিষ্ঠাসহকাৰে সেৱা আগবঢ়াব লাগে, যিসকলৰ স্বামী ভাল-বেয়া এই দুয়োটাৰ সংমিশ্রন তেওঁলোকৰ লগত স্ত্ৰীসকলে শান্তিৰে সহবাস কৰিব লাগে, যিসকলৰ স্বামী পাপী, নিষ্ঠুৰ অথবা দুঃশ্চৰিত্ৰ তেওঁলোকৰ প্ৰতি স্ত্ৰীসকল সহনশীল হৈ সজ পথলৈ আনিবলৈ চেষ্টা কৰিব লাগে আৰু যিসকলৰ স্বামী পাপকাৰ্যত আকণ্ঠ নিমজ্জিত অথবা সেই অধঃপতি অৱস্থাৰ পৰা ঘুৰাই অনা টান, তেওঁলোকৰ স্ত্ৰীসকল ধৈর্যশীলা হ’ব লাগে (P.238)। মুঠতে সকলো নাৰী হ’ব লাগে বিনয়ী আৰু কষ্টসহিষ্ণু। তৰল বা অযুক্তিকৰ ধাৰণা, অনমনীয়তা, ঈর্ষা, বিদ্বেষপূর্ণ কথা-বতৰা আৰু লজ্জাজনক আচৰণ নাৰীত্ব লগত খাপ নোখোৱা এই বৈশিষ্ট্যবোৰে ব্যক্তিত্ব আৰু মনৰ ক্ষতি কৰে(P.238)।কুমাৰীসকলক পিজানে বিনম্র, দৃঢ় আৰু ভয়াতুৰ হ’বলৈ কৈছে— ‘For the wicked have set their snares to catch you’ (P. 239 )। বিধৱাসকলক তেওঁ পোছাক, কথা-বতৰা আদিত সংযত হ’বলৈ উপদেশ দিছে (P.239)।
মধ্যযুগীয় লেখিকা হিচাবে পিজানে এক সীমিত পৰিসৰত লেখা-মেলা কৰিবলৈ বাধ্য হৈছিল। City of Ladiesপঢ়িলে বুজিব পাৰি যে সীমিত সমলৰ ওপৰত ভেজা দি পিজানে তেওঁৰ বিসম্বাদৰ সপক্ষে যুক্তি দাঙি ধৰি নাৰী-বিদ্বেষৰ অসাৰতা প্ৰমাণ কৰি কৰাত ব্ৰতী হৈছিল। The Book of the City of Ladies-ৰ ইংৰাজী অনুবাদিকা Rosalind Brown Grant সুলিখিত আৰু তথ্যপূর্ণ পাতনিৰ পৰা আমি লেখিকা পিজান আৰু তেওঁ গ্ৰন্থখনিৰ বিষয়বস্তু সম্পৰ্কে বহু কথা জানিব পাৰোঁ। মধ্যযুগীয় পিতৃতান্ত্রিক সমাজত নাৰী বিশেষ কোনো উচ্চ স্থান বা মৰ্যদা নাছিল। বৰঞ্চ নাৰীৰ বিৰুদ্ধে বিবিধ অপপ্ৰচাৰহে চলিছিল। আৰু তেওঁলোকক প্ৰায়েই ইতঁৰ প্ৰাণীৰ লগতেই তুলনা কৰা হৈছিল। গ্রাণ্টে দেখুৱাইছে যে এই নাৰী-বিদ্বেষৰ উৎস দুটা হ’ল ইহুদীয়-খ্ৰীষ্টীয় ধর্মতত্ত্ব আৰু আনটো হ’ল প্ৰাচীন কালৰ চিকিৎসা-বিজ্ঞান(P.xix)।খ্ৰীষ্টীয় ধর্মপুথি বাইবেলৰ মতে মানৱ-জাতি স্বৰ্গচ্যুত হোৱাৰ মূল কাৰণ ইভ। কিয়নো ইভে ভগৱানৰ আদেশ উলংঘা কৰি জ্ঞান-বৃক্ষৰ ফল ভক্ষণ কৰে। এই অবাধ্য নাৰী ইভৰ বাবেই অভিশপ্ত মানৱ-জাতিৰ চূড়ান্ত পতন ঘটিল। এই ঘটনাটিয়েই হ’ল বাইবেলৰ অন্যতম মূল তত্ত্ব আৰু ই সমগ্ৰ নাৰীৰ প্ৰতি এটা বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰাত সহায় কৰিলে। অন্য এটা উৎস হ’ল প্রাচীন কালৰ চিকিৎসা-বিজ্ঞান। গ্রীক চিন্তাবিদ এৰিষ্টটল (Aristotle) পৰা আৰম্ভ কৰি গেলেনৰ (Galen) লৈকে চিকিৎসা-বিজ্ঞানীসকলে এই ধাৰণা কৰি লৈছিল যে এক সুস্থ মানৱ-দেহত যি উত্তাপ থাকিব লাগে সেইটো নাৰীৰ শৰীৰত নাই, সেয়ে নাৰী হ’ল এক ‘defective male’ (P.xx)। এই প্রাচীন ভাৱধাৰাৰ ভিত্তিত ভবা হৈছিল যে নাৰীৰ যি প্ৰকৃতিপ্রদত্ত স্বাভাৱিক উত্তাপহীনতা তাৰ ফলত তেওঁলোকৰ শৰীৰ-মন অস্থিৰ (P.xx)।এনেধৰণৰ উদ্ভট আৰু বিবেচনাহীন ভাৱধাৰাই নাৰীৰ মূল্য আৰু ভূমিকাক নেতিবাচক ৰূপ দিছিল।
গ্রাণ্টে উল্লেখ কৰা বক্তব্য অনুসৰি ইহুদী-খ্ৰীষ্টীয় ধর্মতত্ত্বই নাৰী-নিন্দাক কৰিছিল অধিক ব্যাপক আৰু গভীৰ। ধৰ্মীয় শাস্ত্ৰকাৰসকলে ইয়াক বৰকৈ পৃষ্ঠপোষকতা কৰাৰ স্পষ্ট আভাস পোৱা যায় তেওঁলোকৰ লিখনিসমূহত। নাৰী-নিন্দাক দ্ব্যর্থহীন ভাষাৰে প্ৰকাশ কৰি তেওঁলোকে তেওঁলোকৰ উগ্ৰ মানসিকতা উন্মুক্ত কৰিবলৈ অকণো কুণ্ঠাবোধ কৰা নাছিল। তেওঁলোকৰ মূল বক্তব্য হ’ল, নাৰী নৰকৰ দ্বাৰ,তেওঁলোকই মানৱ জাতিৰ সকলো কষ্টৰ মূল কাৰণ ‘Women was represented as the door of hell, as the mother of all human ills’ (Bertrand Russell, Marriage and Morals, London, 1970 P. 35 )। ৰাছেলৰ মতে যিহেতু শাস্ত্ৰকাৰসকল পুৰুষ সেই বাবে নাৰী-বিদ্বেষৰ মানসিকতা তেওঁলোকৰ লিখনিত স্পষ্টভাৱে ধৰা পৰে। তেওঁলোকে নাৰীক প্রলুব্ধকাৰিণী (temptress) বুলিয়েই আখ্যা দিছিল। মধ্যযুগীয় সমাজ আছিল ধর্মকেন্দ্ৰিক আৰু সেইবাবে শাস্ত্ৰকাৰসকলে পৃষ্টপোষকতা কৰা ধৰ্মই জনগণৰ ওপৰৰ গভীৰ প্ৰভাৱ পেলাইছিল। এই নাৰী-বিদ্বেষী খ্ৰীষ্টীয় ভাবধাৰাই কেনেকৈ নাৰী-শোষণত যথেষ্ট অৰিহণা যোগাইছিল তাৰ স্পষ্ট আভাস আমি চিমন দ্য বোভোৱাৰ (Simone de Beauvoir) ৰচনাতো পাওঁ। তেওঁৰ গ্ৰন্থ The Second Sex-ত তেওঁ এইদৰে লিখিছে–‘Christian ideology has contributed no little to the oppression of women. Simine de Beauvoir,The Second Sex, Penguim, 1974 P. 128)।আদাম ইভৰ আখ্যানৰ ভিত্তিত নাৰীৰ ওপৰত পুৰুষ আধিপত্যক ধর্মীয় বৈধতা কেনেকৈ দিয়া হ’ল তাৰ স্বৰূপ সুন্দৰকৈ ফঁহিয়াই দেখুৱাইছে বোভোৱাই। নাৰী নৰকৰ দ্বাৰ– ‘Women, you are devil’s doorway’– শাস্ত্ৰকাৰ Tertullion-এ এইবুলি ঘোষণা কৰিছিল। ইভৰ প্ৰৰোচনাৰ বাবেহে আদামৰ পতন হ’ল ‘Adam was led to sin by Eve and not Eve by Adam’এনে আছিল Saint Ambrose উক্তি। নাৰীৰ ওপৰত পুৰুষৰ কৰ্তৃত্বক বৈধতা দিয়া হ’ল যীশুখ্ৰীষ্টৰ দোহাই দি—For the husband is the head of the wife, even as Christ is the head of the church….Therefore as the church is subject into Christ, so let the wives be to their own husbands in everything.(The Second Sex, P . 129 )। Saint John Chrysostoma ঘৃণামিশ্রিত তিৰ্যক ভাষাৰে লিখিছিল—‘Among all savage beasts none is found so harmful as woman’ (The Second Sex, P . 129)।
ধর্মতাত্ত্বিকসকলে বাইবেলৰ কাহিনীৰ ভিত্তিত ইভৰ জৰিয়তে যি নাৰী-নিন্দাৰ প্ৰচাৰ চলাইছিল তাৰ বিপৰীতে কিন্তু পিজানে অন্য এক বক্তব্য দাঙি ধৰিছে। তেওঁৰ মতে সৃষ্টিকৰ্তাই ইভক উচ্চ আসনত অধিষ্ঠিত কৰি এক মৰ্যদাপূর্ণ ব্যক্তি হিচাপেহে প্রতিষ্ঠা কৰিছে। ইভৰ জন্ম হৈছিল স্বৰ্গত, Paradise-ত। আদামৰ জন্ম কিন্তু তাত হোৱা নাছিল। তদুপৰি আদামক গঢ়া হৈছিল মাটিৰে– ‘From the clay of the field of Damascus (P. 22) আৰু তাৰ পিছতহে তেওঁক সৃষ্টিকতাই পেৰেডাইজলৈ স্থানান্তৰিত কৰে। ইভৰ সৃষ্টি হ’ল পেৰেডাইজত, আদামৰ কামিহাড়ৰ পৰা—অর্থাৎ এক উৎকৃষ্ট উপাদানেৰে। এনে ঘটনাই যথার্থভাৱে সূচাই যে প্রকৃততে সৃষ্টিকতাই ইভক আদামৰ সংগী ৰূপেহে স্বীকৃতি দিছিল অর্থাৎ নিজৰ শৰীৰ অংগৰ পৰা গঢ়া ইভক আপোন গণ্য কৰি আদামে প্ৰেমৰ দৃষ্টিৰেহে চাব, ভৰিত পৰা দাসীৰ দৰে নহয়—‘There he put Adam to sleep and created the body of woman from one of his ribs. This was a sign that she was meant to be his companion, standing at his side, whom he would love as if they were one flesh and not his servant lying at his feet (P. 22)।এইখিনিতে আমি Kate Millet-ৰ এটি বক্তব্য উল্লেখ কৰিব পাৰোঁ। মিলেটৰ মতে ইভৰ কল্পনাৰ আঁৰত Pagan অর্থাৎ মূৰ্ত্তি-পূজকসকলৰ উৰ্ব্বতা-দেৱীৰ অৰিহণা আছে আৰু এই দেৱীৰ স্মৃতি ইভৰ ব্যক্তিত্বত বিদ্যমান—‘The figure ofthe Eve.. has traces of a fertility goddess overthrown’ (Kate Millet: ‘Theory of Sexual Politics’, in Sookie Stambler ed; Woman Liberation : Blueprint for the Future New York, 1970 P. 204)।মিলেটৰ বক্তব্যত আমি এই কথাও যোগ দিব পাৰোঁ যে মূৰ্ত্তি-পূজা অথবা উৰ্ব্বৰতা দেৱীক হেয় প্রতিপন্ন কৰাৰ উদ্দেশ্যে ইভক নেতিবাচক চৰিত্ৰ অথবা অবাধ্য হিচাপে উপস্থাপন কৰা হ’ল। আৰু এটি তাৎপৰ্যপূৰ্ণ তথ্য আমি মিলেটৰ ৰচনাত পাওঁ। সেইটো হৈছে ইভৰ সৃষ্টি সম্পর্কে দুটা পৰস্পৰ বিৰোধী কাহিনী আছে—‘Due to the fact that the tale represents a compilation of different oral traditions, it provides two contradictory schemes for Eve’s creation, one in which both sexes are created at the same time, and one in which Eve is fashioned later than Adam, an afterthought born from his ribs, peremptory instance of the males expropriation of the life force through a god who created the world without benefit of female assistance” (Ibid, P. 204)।
আমি আগতেই উল্লেখ কৰিছোঁ, পুৰুষে নিৰ্ধাৰণ কৰি দিয়া নাৰীৰ মৰ্যাদাহীন পৰিচয় অথবা নাৰীৰ প্ৰকৃতিক বেয়াভাৱে দাঙি ধৰাৰ যি ঐতিহ্যবাহিত প্রৱণতা তাক খণ্ডন বা নাকচ কৰাৰ চেষ্টা পিজানৰ City of Ladies-ৰ প্রধান বিষয়। যদিও তেওঁ স্পার্টান মহিলাসকলৰ বা ৰাণী চেমিৰামিচৰ (Queen Semeramis) শাৰীৰিক ক্ষমতাক আৰু যোদ্ধাসুলভ দক্ষতাক ভূয়সী প্ৰশংসা কৰিছে তথাপি তেওঁ স্বীকাৰ কৰিছে যে নাৰী শাৰীৰিকভাৱে দুৰ্বল। কিন্তু নাৰী মানসিকভাৱেও দুর্বল—পুৰুষতন্ত্ৰৰ এইঅপপ্ৰচাৰ পিজানে মানি ল’বলৈ অস্বীকাৰ কৰিছে। প্ৰত্যাখানৰ এই প্ৰক্ৰিয়াত মননশীল লেখিকাগৰাকীয়ে বহুতো তথ্য আৰু বিস্তৰ বিশ্লেষণৰ সমাৱেশ ঘটাইছে। নাৰীৰ শাৰীৰিক, মানসিক আৰু নৈতিক সাহসৰ দৃষ্টান্ত দাঙি ধৰি তেওঁ বিভিন্ন উদাহৰণেৰে নাৰীৰ মৰ্যাদাক ৰক্ষণাবেক্ষণ দিছে। সাহসৰ লগত শাৰীৰিক শক্তিৰ সম্পৰ্ক নাই বুলি পিজানে ডাঠি কৈছে। উদাহৰণ হিচাপে তেওঁ শাৰীৰিকভাৱে অক্ষম কিন্তু বৌদ্ধিকভাৱে সক্রিয় দার্শনিক এৰিষ্টটলৰ (Aristotle) কথা উনুকিয়াইছে। অন্য এজন এনে ব্যতিক্রমী পুৰুষ আছিল আলেকজেণ্ডাৰ (Alexander)— চুটি-চাপৰ, দেখিবলৈ কুন্ধচ আৰু নিশকটীয়া আলেকজেণ্ডাৰৰ আছিল প্ৰচণ্ড উদ্যম আৰু অদ্যম সাহস। সেয়ে পিজানৰ মতে, ‘Courage comes from a natural vital force. This force resides in the mind and the heart, not in the bodily strength of one’s limbs (P. 34)।নাৰীসকলক সৃষ্টিকৰ্তাই শাৰীৰিকভাৱে দুৰ্ব্বল কৰিছে ঠিকেই, কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকক তেওঁ গঢ়িছে সৎ গুণৰ গৰাকী ৰূপে, যি ঈশ্বৰৰ অনুশাসনবোৰৰ প্ৰতি অনুগত—I am convinced that if Nature decided not to endow women with a powerful physique, she nonetheless made up for it by giving them a most virtuous disposition: that of loving God and being fearful of disobeying his commandments (P.34)।
পিজানৰ বক্তব্য স্পষ্ট— যিহেতু নাৰীসকলৰ নৈতিক সাহসেই একমাত্র অস্ত্র, তেওঁলোকে তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিব লাগে। ইয়াক তেওঁলোকে সীমিত গণ্ডীৰ ভিতৰতেই কাৰ্যকৰী কৰিব পাৰে। তিক্ততা-মিশ্রিত ক্ষোভোৰে তেওঁ সমগ্ৰ নাৰীজাতিক উদাত্ত আহ্বান জনাই কৈছে—‘নিজৰ নীতিপৰায়ণতা আৰু সৎ গুণেৰে নাৰী-নিন্দামূলক উগ্ৰ অপপ্ৰচাৰৰ অসত্যতা প্ৰমাণ কৰা—“My Ladies, see how these men assail you on all sides and accuse you of every vice imaginable. Prove them all wrong by showing how principled you are and refute the criticism they make of you by behaving morally (P. 239)।
আজিৰ নাৰীবাদীয়ে এনে আহ্বানত প্রচলিত নৈতিকতাৰ সৈতে আপোচ দেখা পাব পাৰে। কিন্তু মধ্যযুগত পিজানৰ স্থিতি আছিল কিছুমান বদ্ধমূল ধাৰণাক প্ৰত্যাহ্বান জনোৱাৰ এক বলিষ্ঠ প্রয়াস। মুক্ত চিন্তা অবিহনে মধ্যযুগ আছিল যুক্তি-বিবর্জিত সমাজ, য’ত ধৰ্মই আছিল জীৱনৰ প্ৰাণকেন্দ্ৰ, য’ত ৰাষ্ট্ৰ আৰু সমাজ ধৰ্মৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈছিল আৰু ব্যক্তি আছিল সম্পূর্ণভাৱে ধৰ্মৰ কটকটীয়া বিধান আৰু বিশ্বাসৰ দ্বাৰা শৃংখলিত। এনে ধর্মাশ্রয়ী সমাজত নৈতিক পৰম্পৰাৰ বিৰুদ্ধাচৰণ কৰাটো এক অমার্জনীয় অপৰাধ। ধাৰণা হয়, এই অপৰাধৰ অপবাদৰ পৰা পৰিত্ৰাণ পোৱাৰ উদ্দেশ্যেই পিজানে নাৰীৰ নৈতিক অনুগত্যৰ ওপৰত অতিৰিক্ত গুৰুত্ব দিছিল।
নাৰী-নিন্দাৰ সাৰশূন্যতা প্রমাণ কৰিবলৈ পিজানে কেৱল সাহিত্য, ইতিহাস, ধর্মগ্রন্থ, ৰূপকথা আদিৰ সহায় লৈয়ে ক্ষান্ত থকা নাই। তেওঁ কেতিয়াবা নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ কথাও উনুকিয়াই নিজৰ বক্তব্যৰ গ্রহণযোগ্যতা বঢ়াব বিচাৰিছে। নাৰীৰ বিৰুদ্ধে সঘনাই শুনা এটা অভিযোগ হ’ল– তেওঁলোক ভোগবিলাসী আৰু অৰ্থলোভী। এই অভিযোগ অস্বীকাৰ কৰিবলৈ পিজানে কিন্তু ধ্রুপদী সাহিত্য, ৰূপকথা বা ইতিহাসৰ সহায় লোৱা নাই। তেওঁ এনে নিন্দা নাকচ কৰিবলৈ ব্যক্তিগত অভিজ্ঞতাৰ কথা উল্লেখ কৰি লিখিছে যে তেওঁ নিজে এনে বহু নাৰীৰ কথা জানে যিসকল সংগ্রামী আৰু দয়াময়ী। এই সংযমী মনোভাৱ তেওঁলোকৰ স্বভাৱগত—‘Few of them actually frequent taverns…. not for shame as some suggest, but rather, in my opinion, because they are naturally disposed to avoid them altogether (P. 24)।ব্যক্তিগতভাৱে তেওঁ এনে এগৰাকী ভদ্ৰ মহিলাৰ সংস্পৰ্শলৈ আহিছে যাৰ স্বামীয়ে অতিৰিক্ত খৰচ কৰি মদ্যপান কৰে আৰু সেইকাৰণে সেই খৰচৰ বোজা কমাবলৈ নিজেই মদ পান কৰাৰ পৰা বিৰত থাকে (P. 24)।পিজানৰ মত হ’ল, সৎ গুণ আৰু চাৰিত্ৰিক দৃঢ়তাৰ কাৰণে এইসকল নাৰী প্ৰশংসনীয় (P. 24)।নাৰীসকলক অর্থলোভী বুলিও গৰিহণা দিয়া হয়। পিজানৰ মতে তেওঁৰ এনে বহুতো সংগী আছে যিসকলে মুক্তহস্তে দান কৰে। এইসকল উদাৰ স্বভাৱৰ মহিলাৰ বদান্যতাৰ চাক্ষুষ অভিজ্ঞতা তেওঁৰ আছে—‘All the honourable ladies I’ve seen making discreet displays of generosity” (P.193)।
অৱশ্যে ব্যক্তিগত অভিজ্ঞতাৰ উপৰি City of Ladies-ত ধর্মশাস্ত্ৰ আৰু পুৰণি সাহিত্যৰ পৰা সংগ্ৰহ কৰা উদাহৰণেৰে পিজানে নাৰীৰ সহমর্মিতা তথা উদাৰতাৰ সপক্ষে যুক্তি দিছে। নাৰীসকল যে অর্থলোভী নহয় তাৰ জ্বলন্ত ঐতিহাসিক উদাহৰণ হ’ল ৰোমৰ অৰ্থ সংকটৰ সময়ত ৰোমান নাৰীসকলে—আনকি বিধৱাসকলেও—তেওঁলোকৰ সমস্ত মূল্যৱান অলঙ্কাৰ আৰু সা-সম্পত্তি ৰজা-মহাৰজাসকলক উদারহস্তে দান কৰিছিল। মন কৰিবলগীয়া কথা, কেতিয়াবা পিজানে নাৰী-নিন্দুকসকলে ব্যৱহাৰ পৰা উৎসৰ পৰাও নিজৰ মতৰ সপক্ষে তথ্য সংগ্ৰহ কৰা দেখা যায়। ইভৰ বিপৰীতে তেওঁ Old Testament-ৰ ইতিবাচক আৰ্হি মহিলাৰ দৃষ্টান্তলৈ আঙুলিয়াইছে। যেনে, প্রতুৎপন্নমতিসম্পন্না বিধৱা জুদিথ (Judith),যি নিজৰ কৌশলেৰে ইহুদিবিলাকক আক্ৰমণ কৰা হলোফাৰনেচক (Holofernes) হত্যা কৰে (PP.131-132), ৰাণী এষ্টাৰ (Esther)—যাৰ বাবে তেওঁৰ প্ৰজাসকলে মৃত্যুদণ্ডৰ পৰা পৰিত্ৰাণ পালে (PP. 133-134);আৰু সতী চ্যুচানা (Susanna),যি নিৰ্মল চৰিত্ৰৰ বাবে দুই লম্পট পুৰোহিতৰ পৰানিজকে ৰক্ষা কৰিবলৈ সক্ষম হয়।
উল্লেখনীয় যে City of Ladies-ত পিজানে নাৰী-নিন্দুকসকলৰ অভিযোগবোৰ খণ্ডন কৰাতহে জোৰ দিছে—পুৰুষতান্ত্রিক পৰম্পৰাৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনোৱা নাই। মধ্যযুগীয় পৰম্পৰা আৰু ঐতিহ্যৰ পৰিসীমাত এনে আহ্বান অৱশ্যে অভাৱনীয়।তেওঁৰ গ্ৰন্থখনিৰ পিছৰছোৱাত নাৰীসকলক ধৈৰ্যসহকাৰে পুৰুষৰ কৰ্তৃত্ব মানি ল’বলৈহে পৰামৰ্শ দিছে। ইয়াৰ অৰ্থ হ’ল, নাৰীৰ ওপৰত জাপি দিয়া প্রথাগত মূল্যবোধক অকুণ্ঠচিত্তে পালন কৰাটোৱেই হ’ব লাগে নাৰীৰ নৈতিক ধৰ্ম। পিজানৰ পৰামৰ্শৰ সাৰমৰ্ম হ’ল বিবাহিতা মহিলাসকল বিনয়ী আৰু কষ্ট সহিষ্ণু হ’ব লাগে, কুমাৰীসকল সংযত আৰু অনুগত হ’ব লাগে আৰু বিধৱাসকল নৈতিক সাহস আৰু শালীনতাৰ গৰাকী হ’ব লাগে। এনে আপোচকামী ভাবধাৰাত আচৰিত হ’বলগীয়া একো নাই। মধ্যযুগত আজিৰ দৰে নাৰীয়ে পুৰুষৰ সৈতে সমান অধিকাৰ বিচৰাটো সম্ভৱ নাছিল। তদুপৰি পিজানৰ সমালোচনাৰ লক্ষ্য আছিল পুৰুষতান্ত্রিক ধ্যান-ধাৰণাৰ এটা দিশহে— নাৰী-নিন্দা। আধুনিক নাৰীবাদৰ লগত পিজানৰ স্থিতিৰ পাৰ্থক্যৰ বিষয়ে গ্রাণ্টে এক সাৰগৰ্ভ মন্তব্য দিছে,“Christine de Pizan’s achievement as a defender of her sex lies not in her anticipation of the strategies which later feminist would employ but rather in her critical engagement with the dominant ideology of her own day” (P. XXXV)।সেয়ে আমি ঐতিহাসিক পটভূমিৰ ওপৰত গুৰুত্ব নিদিলে পিজানৰ মূল্যায়ন সঠিক আৰু যুক্তিসংগত হোৱাৰ আশা নাই।
আধুনিক নাৰীবাদীসকলে পিজানক শ্ৰদ্ধাৰে সোঁৱৰে তেওঁৰ অভিনৱ চিন্তা-চেতনাৰ বাবে। পিজানৰ দৰে স্পষ্টভাষী আত্মসচেতন মহিলা আছিল চৈধ্য শতিকাৰ সামাজিক ঐতিহাসিক পটভূমিত প্রায় দুলর্ভ। সামন্ততান্ত্ৰিক আৰু ধৰ্মীয় কটকটীয়া বান্ধোনৰ বিপক্ষে গৈ তেওঁ কৰিছিল সবল প্ৰতিবাদ আৰু পিতৃতান্ত্রিক নাৰী-নিন্দাৰ পুৰণি সুৰক্ষিত দুর্গত হানিছিল মোক্ষম আঘাত— নিজৰ প্ৰচুৰ অধ্যয়ন আৰু বিচক্ষণতাৰে। নাৰীৰ আত্ম-সংজ্ঞায়নৰ বাটকটীয়া পিজানক ‘unwearied champion of her sex’বুলি এক অর্থবহ স্বীকৃতি দি Eileen Power-এ পিজানৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিছে (Eileen Power, Medieval Women, Cambridge, 1995, P . 23)।বিশিষ্ট নাৰীবাদী লেখিকা Simone de Beauvoir-ৰ লেখাতো পিজানৰ বিষয়ে সপ্রশংস উল্লেখ পাওঁ। তেওঁ আমাক জনাইছে যে পিজানৰ বিশ্বাস অনুযায়ী উপযুক্ত প্রশিক্ষণ পালে বালিকাবিলাকেও ল’ৰাৰ দৰেই শিক্ষাৰ মৰ্ম গ্ৰহণ কৰিবলৈ সমৰ্থৱান হ’ব(The Second Sex, P. 136)। ১৪ শতিকাৰ ৰক্ষণশীল প্ৰেক্ষাপটত এনে ভাবধাৰা বিস্ময়কৰ। নিঃসন্দেহে ক’ব পাৰি যে এই মতত আধুনিকতাৰ বীজ বিদ্যমান।
অৱশ্যে পিজানৰ ভাৱধাৰাক নাৰীবাদী বোলা যায় নে নাযায় সেইটো এটা বিতৰ্কৰ বিষয় হ’ব পাৰে। কিন্তু আজিৰ মতামতৰ ভিত্তিত মধ্যযুগৰ এগৰাকী সাহসী আৰু আত্মমৰ্যাদাসম্পন্না মহিলাক বিচাৰ কৰা আমাৰ উচিত নহ’ব। নাৰীবাদৰ সংজ্ঞা কি তাৰ সম্ভেদ পোৱাটো সহজ নহয়। কিন্তু ইতিহাসৰ বিভিন্ন স্তৰত পিতৃতান্ত্রিক শোষণ আৰু শাসনৰ বিৰুদ্ধে অসন্তোষৰ এটা ক্ষীণ প্রবাহ মাজে- মাজে নিশ্চয় শুনা গৈছিল। এই অসন্তোষৰ মাজতেই হয়তো নিহিত হৈ আছিল নাৰীবাদৰ বীজ। এই সন্দৰ্ভত Shiela Rowbotham-ৰএষাৰ কথাই আমাক বাট দেখুৱাব পাৰে। তেওঁ কৈছে- ‘There is no beginning of feminism in the sense that there is no beginning of feminist possibility – even before it is conceived as such. Female resistance has taken several historical shapes’ (Sheila Rowbotham, Women, Resistance and Revolution, Penguin, 1974,PP.16-17)। পিজানৰ লেখাত যে ‘feminist possibility’ বিদ্যমান তাত কোনো সন্দেহ নাই।
City of Ladies-ৰ পিছতো নাৰীৰ শক্তি আৰু মহত্বৰ দৃষ্টান্ত দাঙি ধৰি পিজানে অপবাদৰ পৰা নাৰীক মুক্ত কৰিবলৈ যত্ন কৰিছিল। জীৱনৰ বিয়লি কালত তেওঁ ইংৰাজ সৈন্যৰ বিৰুদ্ধে বিচক্ষণতাৰে যুঁজ দিয়া Joan of Arc-ৰ সমৰ্থনত হাতত কলম তুলি লৈছিল। ১৪২৯ চনত লিখা The Poem of Joan of Arc-ত কাব্যৰ নায়িকাগৰাকীক পিজানে সেইবোৰ গুণেৰে ভূষিত কৰিছিল। যিবোৰৰ বন্দনা আমি শুনা পাওঁ তেওঁ City of Ladies-ত। দুর্ভাগ্যজনকভাৱে ১৪৩১ চনত ইংৰাজসকলে নিৰ্মমভাৱে ডাইনীৰ সন্দেহত Joan-ক অগ্নিদগ্ধ কৰি হত্যা কৰে। এই মর্মান্তিক ঘটনা চাবলৈ অৱশ্যে পিজান বাচি নাথাকিল। কিন্তু Joan of Arc-ৰমর্মান্তিক মৃত্যুৱে আমাক যেন পিজানৰ গ্ৰন্থত পোৱা এই সাগৰ্ভ তির্যক মন্তব্যৰ মৰ্ম অনুধাৱন কৰাৰ প্ৰয়োজনৰ কথা পুনৰ সোঁৱৰাই দিলে—‘Those men who have slandered the opposite sex out of envy have usually known women who were cleverer and more virtuous than they are’ (P. 19);অর্থাৎ যিসকল পুৰুষে ঈৰ্ষাৰ বশৱৰ্তী হৈ নাৰীৰ বিৰুদ্ধে কুৎসা-ৰটনা কৰে তেওঁলোকে সাধাৰণতে এনে নাৰীক চিনি পায় যাৰ মেধা আৰু গুণ তেওঁলোকতকৈ বেছি। মন্তব্যটোৰ প্ৰাসংগিকতা বোধহয় আজিও একেবাৰে শেষ হৈ যোৱা নাই।