কেন্দ্ৰীয় নিবন্ধ

ডাইনী: মিছনেৰী দলিলৰ সাক্ষ্য ।। প্ৰসেনজিৎ চৌধুৰী

মুক্ত চিন্তা। একাদশ বছৰ।। ১ম সংখ্যা

ঊনৈশ শতিকাৰ অসমৰ সামাজিক ইতিহাসৰ এটা গুৰুত্বপূর্ণ উৎস হ’ল আমেৰিকান মিছনেৰীসকলৰ প্রতিবেদন, জার্নেল, চিঠি-পত্র ইত্যাদি। এই ক্ষেত্রত উদ্যমী মিছনেৰীসকলে প্রকাশ কৰা অসমৰ প্ৰথম আলোচনী ‘অৰুনোদই’ৰ তাৎপৰ্য যে তর্কাতীত সেই কথা নিশ্চয় বহলাই কোৱাৰ সকাম নাই। ভিন্ন বাতাবৰণত লালিত-পালিত আমেৰিকান মিছনেৰী আছিল অচিন-অজান দেশলৈ অহা একেশ্বৰবাদী ধৰ্মৰ দৃঢ়ব্ৰত প্ৰচাৰক। সেই কাৰণে কোনো কোনো ক্ষেত্ৰত তেওঁলোকে পৰিৱেশন কৰা তথ্য সীমাবদ্ধতাৰ পৰা মুক্ত নহয়; তাত অজ্ঞতা, অসম্পূর্ণতা তথা অতিৰঞ্জন থকাটো খুবেই স্বাভাৱিক। আনহাতে একে কাৰণতে— অর্থাৎ বিদেশী আৰু একেশ্বৰবাদী হোৱা হেতুকে বহুক্ষেত্রত তেওঁলোকৰ পর্যবেক্ষণ আৰু সমালোচনাত্মক বিচাৰে নির্মোহ চৰিত্ৰ কিছু পৰিমাণে আয়ত্ত কৰাটোও সম্ভৱ হৈছিল। আমাৰ এই চুটি লেখাটোৰ সীমিত পৰিসৰত অৱশ্যে এই বিষয়ে বিতং পৰ্য্যালোচনাৰ সুযোগ নাই। আমি কেৱল তাহানিৰ অসমীয়া সমাজত প্রচলিত অন্ধবিশ্বাসসমূহ— বিশেষকৈ ডাইনী বিশ্বাস— মিশ্যনেৰীসকলৰ ব্যক্তিগত লেখা-মেলাত কেনেকৈ বিম্বিত হৈছে তাৰ চুম্বক বিৱৰণ দাঙি ধৰিবলৈ যত্ন কৰিম নির্বাচিত দুটামান দৃষ্টান্তৰ আধাৰত।

ডাইনীৰ মিছনেৰী-বর্ণিত ৰহস্যঘন ৰাজ্যত সোমোৱাৰ আগতে তেওঁলোকৰ ৰচনাৰ ওপৰত ভেঁজা দি অন্ধবিশ্বাসৰ অলীক লোকত এভুমুকি মৰা যাওক। অন্ধবিশ্বাসবোৰ একেবৰণীয়া নহয়, তাৰ বৈচিত্র্য বিস্ময়কৰ। দুর্বোধ্য/ভীতিজনক প্রাকৃতিক ঘটনা, ব্যাধিৰ আকস্মিক আক্ৰমণ বা দুৰাৰোগ্যতা, মনোবাঞ্ছা পূৰণৰ অদম্য আগ্রহ, কল্পিত শুচিতাক সুৰক্ষা দিয়াৰ সুতীব্ৰ হেঁপাহ আদি বহুতো কাৰণে অন্ধবিশ্বাসৰ অংকুৰণ তথা দৃঢ়কৰণ ঘটিব পাবে। মিছনেৰী ৰচনাৰ পৰা বুটলি অনা দুটামান নমুনাৰ সহায়ত আমি অন্ধবিশ্বাসৰ বিশাল আৰু বিচিত্র পৃথিৱীখনৰ প্ৰাথমিক পৰিচয় দাঙি ধৰিব পাৰোঁ:

এক।। সূর্যগ্রহণ বা চন্দ্ৰগ্ৰহণৰ দৰে ঘটনাবোৰ আদিম কালৰে পৰা সাধাৰণ মানুহৰ বাবে দুর্বোধ্য প্রহেলিকা, দুৰ্ভাৱনাৰ হেতু। ঊনৈশ শতিকাৰ অসমত এনে ঘটনাই কি ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল তাৰ সম্ভেদ পোৱা যায় মিশ্যনেৰী ব্রাউনৰ জার্নেলত। ১৮৩৮ চনৰ ৩ অক্টোবৰৰ দিনা হৈছিল পূর্ণগ্রাস চন্দ্রগ্রহণ। এনে ঘটনা ‘দুৰ্য্যোগৰ পূৰ্বলক্ষণ’ বুলি মানুহে ভাবিছিল। চন্দ্রগ্রহণ কেনেকৈ হয় সেই সম্পর্কে কোনো ধাৰণা নথকাৰ বাবে তেওঁলোকে ভাবিছিল যে ‘ৰাহু নামৰ এটা দৈত্যই চন্দ্রটোক খাই পেলায়। সেই কাৰণে তাক ভয় খুৱাবলৈ তেওঁলোকে চিঞৰ-বাখৰ কৰে আৰু ডাঙৰ ডাঙৰ ঘণ্টাবোৰ বজায়।’ (এলিজাবেথ হুইটনি ব্রাউন, পৃ. ৯৭)

দুই।। হিন্দু সমাজত শুচি-অশুচিৰ বাচ-বিচাৰ বৰ কটকটীয়া। এই শুচিতা-কেন্দ্রিক আৱিষ্ট মানসিকতাৰ পৰাই উদ্ভট বিশ্বাস অযুক্তিকৰ নিয়ম আৰু হাস্যকৰ আচৰণ কেতবোৰৰ সূচনা। ব্ৰন্সনৰ পৰা জানিব পাৰি যে এচাম শুচিবায়ুগ্রস্ত ভকতৰ শুচি-অশুচিৰ বিচাৰ ইমানেই উৎকট আছিল যে তেওঁলোকে ‘ভাত ৰান্ধিবলৈ ব্যৱহাৰ কৰা খৰিখিনিও তিয়াই লয়, একেদৰেই সকলো টকা-পইচাও ধুইহে ছোৱে যাতে অশুদ্ধি হ’ব নোৱাৰে। সেইদৰেই তেওঁলোকে আমাৰ (মিছনেৰীৰ) পুথি আদি স্পৰ্শ নকৰে, আকৌ ছাঁ পৰিলে তাতো নবহে।’ (হেৰম্বকান্ত বৰপূজাৰী,পৃ: ৬১)

তিনি।। বেমাৰ-আজাৰ ভাল কৰা বা তাৰ কাল বিচৰাৰ ক্ষেত্ৰত মানুহ অলৌকিক-অযুক্তিকৰ পদ্ধতিৰ শৰণাপন্ন হোৱাটো কোনো নতুন কথা নহয়। আমেৰিকান মিছনেৰীসকলে যীশুৰ বাণী বিলাবলৈ দিহিঙে-দিপাঙে ঘুৰি ফুৰোঁতে লক্ষ্য কৰিছিল যে ‘বেমাৰ আৰোগ্য কৰিবৰ নিমিত্তে মন্ত্ৰ পাঠাদি প্ৰায়ে কৰা হয়, দৰব-জাতিৰ কথাই নাই, তাকে যদি খ্রীষ্টানে দিয়ে তেনেহ’লে সেই দৰবো নিষিদ্ধ।’ ১৮৪২ চনত মিছনেৰী বাৰ্কাৰে শিৱসাগৰত এনে এক দৃশ্য দেখিছিল : ‘এজন ব্রাহ্মণে পুথি পাঠ কৰি, আৰু মাজে মাজে ফু মাৰি পানী জাৰি ভূত আৰু বেমাৰ দূৰ কৰাত ব্যস্ত আছিল।’ (উক্ত গ্রন্থ, পৃ. ৫৮)

শেষোক্ত দৃষ্টান্তৰ পৰা এটা কথা বুজা যায়ঃ ভূত-প্রেত লম্ভাৰ কাৰণে মানুহৰ বেমাৰ হয় বুলি এটা জন-বিশ্বাস সমাজত বেছ জনপ্রিয় আছিল। ঠিক সেইদৰে মানুহে ভাবিছিল যে ডাইনীৰ কবলত পৰিলেও ৰোগ-ব্যাধিয়ে আক্রমণ কৰে। নাথান ব্রাউন আৰু তেওঁৰ জীৱন-সংগিনী ইলাইজা ব্রাউনৰ লিখা-মেলাত এই বিষয়ে কিছু আপুৰুগীয়া আভাস পোৱা যায়। ব্রাউন দম্পতীৰ দুহিতা এলিজাবেধ হুইটনি ব্রাউনে মাক-দেউতাকৰ জার্নেল, চিঠি-পত্র আদিৰ ভিত্তিত লিখা “The Whole World Kin’ (১৮৯০)-ত সন্নিবিষ্ট অসম বিষয়ক কথাখিনিৰ অসমীয়া অনুবাদ অলপতে পুস্তকাকাৰে প্রকাশ পাইছে। ‘নাথান ব্রাউনৰ অসম অভিযান’ (অনুবাদকঃ ইমৰান হুছেইন) শীর্ষক এই গ্রন্থখনত আমি ইলাইজা ব্রাউনৰ অভিজ্ঞতাব এটা ছুটি চিত্তাকর্ষক বৃত্তান্ত পাওঁ (ব্রাউন দম্পতীব ঘৰত এজন ‘গোড়া হিন্দু, বুঢ়া’ মানুহে মালীৰ কাম কৰিছিল। মানুহজন দিনক দিনে শুকাই-খীনাই গৈছিল, হাত-ভৰি কঁপিছিল, বিষত তেওঁৰ দেহা বেঁকা হৈ পৰিছিল। মুমূর্ষু মালীজনৰ মনত এই বিশ্বাস বদ্ধমূল হৈ পৰিছিল যে ‘তাক ডাইনীয়ে পালে। গতিকে সি সোনকালে মৰিব।’ (এলিজাবেথ হুইটনি ব্রাউন, পৃ. ৯৮)। এবছৰৰ পিছত তেওঁৰ মৃত্যু হয়। মালীজনৰ মৃত্যুৰ আচল কাৰণ নিচাসক্তি। ইলাইজা ব্রাউনে বৃদ্ধৰ কৰুণ কাহিনী সামৰিছে এটা চুটি অর্থপূর্ণ মন্তব্যৰেঃ ‘আচলতে তাৰ (মালীজনৰ) ডাইনী আছিল কানি’ (উক্ত গ্রন্থ, পৃ. ৯৯)। ডাইনী বিশ্বাসে-বা ব্যাধি বিষয়ক বিবিধ অন্ধবিশ্বাসে কেনেকৈ ৰোগৰ কাৰণ নির্ণয়ৰ প্ৰক্ৰিয়াক ব্যাহত কৰে তাৰ এক শিক্ষাপ্রদ উদাহৰণ ব্রাউন-বর্ণিত মালীৰ কাহিনীটো।

শিষ্ট সমাজত সমাদৃত এটা বহুশ্রুত বক্তব্য হ’ল- সমাজৰ নিম্নবর্গৰ অজ্ঞ মানুহবিলাক অন্ধবিশ্বাসৰ অন্ধকাৰত বুৰ গৈ আছে। শিষ্ট সমাজৰ অহমিকা-প্রণোদিত এনে ধৰণৰ ধাৰণাৰ সীমাবদ্ধতা পৰোক্ষভাৱে উদঙাই দি ব্রাউন-দুহিতা এলিজাবেথে তেওঁৰ কিতাপখনত লিখিছে যে ডাইনী আৰু ভূত বিশ্বাস ‘কেৱল নিম্ন আৰু অধিক অজ্ঞ জাতিবোৰৰ মাজত সীমাবদ্ধ হৈ থকা নাই।’ (উক্ত গ্রন্থ, পৃ. ১০০) এই সূক্ষ্মদর্শী পৰ্য্যৱেক্ষণৰ সমর্থনত সাক্ষ্য দাঙি ধৰি এলিজাবেথে শিৱসাগৰৰ এগৰাকী ধৰ্মান্তৰিত ব্রাহ্মণ বিধৱাৰ কথা উল্লেখ কৰিছে। দেশীয় ডাইনী বিশ্বাসৰ ওপৰত ভিন্নধর্মী বিদেশী মিছনেৰীসকলৰ কোনো আস্থা নাছিল। তেওঁলোকৰ প্রার্থনা সভাই এইবিধ বিশ্বাসক প্রশ্রয় দিয়াৰ কথা কল্পনাও কৰিব নোৱাৰি। পিছে মজাৰ কথা হ’ল শিৱসাগৰৰ উল্লিখিত ব্রাহ্মণ বিধৱা গৰাকীয়ে গির্জাৰ সভাত অকুণ্ঠচিত্তে আৰু গুৰুত্বসহকাৰে নিজৰ ডাইনী বিশ্বাসৰ সপক্ষে চাক্ষুষ ‘প্রমাণ’ তুলি ধৰিছিল। গির্জাৰ সভাত তেওঁ পৰিৱেশন কৰা কাহিনীটো এই ধৰণৰঃ ‘তেওঁ এজনী ডাইনীৰ ঘৰলৈ গৈছিল আৰু বেৰৰ ফাঁকেদি জুমি চাওঁতে ডাইনীজনীয়ে পোৱালি ভূতবোৰক খুৱাই থকা দেখিছিল।’ (উক্ত গ্রন্থ, পৃ. ১০০) এনে নাভূত-নাশ্রুত ‘অভিজ্ঞতা’ৰ দুটা সম্ভাব্য ব্যাখ্যা আমাৰ মনলৈ আহিছে। ঘৰত নিজৰ দৃঢ়-প্রোথিত দেশীয় বিশ্বাসৰ সত্যতা প্রতিপন্ন কৰাৰ মানসেৰে ব্রাহ্মণ বিধৱা গৰাকীয়ে চাক্ষুষ অভিজ্ঞতাৰ কাহিনী উদ্ভাৱন কৰি বিদেশী মিশ্যনেৰীৰ সমালোচনাৰ চোক কমাব বা ভিত্তি নোহোৱা কৰিব বিচাৰিছিল। অথবা ‘তাক ডাইনী বিশ্বাসে চিন্তা-চেতনাক সম্পূর্ণভাৱে আচ্ছন্ন কৰি পেলোৱাৰ ফলত তেওঁ হয়তো অলীক দর্শন (visual hallucination)-ৰ কবলত পৰিছিল- সঁচাকৈ ‘দেখিছিল’ ভূতৰ পোৱালিবোৰক ডাইনীয়ে খুৱাই আছে।

‘হেম-কোষ’ৰ মতে ‘ডাইনী’ৰ এটা অৰ্থ হ’ল- ‘ভূত পোহা তিৰোতা’। শিৱসাগৰৰ ব্ৰাহ্মণ বিধৱা গৰাকীৰ বিস্ময়জনক বৃত্তান্তত আমি লগ পোৱা ডাইনীজনী ‘হেম-কোষ’ৰ সংজ্ঞাৰ সৈতে খাপ খাই পৰে- খুৱাই-বুৱাই ভূত পুহিছে শিৱসাগৰীয়া ডাইনীজনীয়ে। কিন্তু সংজ্ঞা ইমান সহজো নহয়। ‘হেম-কোষ’তেই আমি ডাইনীৰ অন্য এটা অর্থ পাওঁ- ‘ভূতুনী’। অর্থাৎ ভূত পোহা তিৰোতা নহয়। স্বয়ং ভূতুনী। বেণুধৰ ৰাজখোৱাৰ ‘Assamese Demon-ology’-তো যি সংজ্ঞা দিয়া হৈছে তাত ভূত পোহাৰ কথা নাই, ডাইনী এবিধ ‘female spirit’- যি লুভীয়া, নৰমাংসভোজী। (B. Rajkhowa, P. 130) লোক বিশ্বাসৰ বিচিত্র প্রাংগনত এই ধৰণৰ বিভিন্নতা বিৰলদৃষ্ট কোনো ঘটনা নহয়। লোক-সংস্কৃতিবিদসকলে এই বিষয়ে ভালদৰে ক’ব পাৰিব। কোৱা বাহুল্য যে তেওঁলোকৰ বিদ্যায়তনিক আলোচনা-বিলোচনা অধিক সমৃদ্ধ কৰাত মিছনেৰীসকলে যোগান ধৰা পৰ্য্যবেক্ষণলব্ধ তথ্যই নিশ্চয় কিছু সহায় কৰিব। উদাহৰণ হিচাপে ব্রাউনৰ ১৮৩৮ চনৰ অক্টোবৰ মাহৰ জার্নেলত সন্নিৱিষ্ট কেতবোৰ কৌতূহলোদ্দীপক তথ্যলৈ আঙুলিয়াব পাৰি। ব্রাউনে লিখিছে, খামতিসকলৰ মুখিয়াল শদিয়াখোৱা গোহাঁইৰ মৃত্যুৰ আঁৰত স্থানীয় লোকসকলে তন্ত্র-মন্ত্র (sorceny)ৰ প্রভার দেখা পাইছিল। তেওঁলোকৰ ভাষাত প্রয়াত মুখিয়াল গৰাকীক ‘ডাইনীয়ে খালে’। এই তথ্য পৰিৱেশন কৰিয়েই ব্রাউনে এটা সাধাৰণ মন্তব্য দিছে: স্থানীয় মানুহে এনে ধাৰণাৰ আলমত যিকোনো ‘sudden and violent disscase’ৰ ব্যাখ্যা আগবঢ়ায়। (H.K. Barpujari, p. 182)

ব্রাউনৰ উল্লিখিত জার্নেলত অনিষ্টকাৰী অপশক্তি আৰু তাৰ সৈতে সম্পৃক্ত মানুহ সম্পর্কে কিছুমান চিত্তাকর্ষক আৰু চমকপ্রদ কথা পোৱা যায়। ব্রাউনৰ দুই-এটা উক্তিত অৱশ্যে আসোঁৱাহ নথকা নহয়। যেনে, তেওঁ লিখিছে যে ডাইনী বিষয়ক বিশ্বাস কেৱল খামতিসকলৰ মাজতহে পোৱা যায়। পক্ষান্তৰে বেণুধৰ ৰাজখোৱাৰ দৰে ব্রাউনেও লিখিছে যে ডাইনীবিলাক নৰখাদক- cannibals। (Ibild.p. 182) এইক্ষেত্ৰত জন-কল্পনাৰ যথার্থ চিত্ৰ ব্ৰাউনে দাঙি ধৰিছে বুলি ক’ব পাৰি। ডাইনীৰ ৰোমহর্ষক ৰেহ-ৰূপৰ বিচিত্ৰ বৃত্তান্ত নাথান ব্ৰাউনে তেওঁৰ জার্নেলত লিপিবদ্ধ কৰি থৈ গৈছে। ডাইনীৰ দুটামান ব্রাউন-বর্ণিত বৈশিষ্ট্য আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ। যেনে, ডাইনীয়ে ইচ্ছানুযায়ী যিকোনো ৰূপ ল’ব পাৰে। তদুপৰি যি আক্ৰান্ত হয় তেওঁ ডাইনীক দেখা নাপায়। কিন্তু কোনো তৃতীয় ব্যক্তিয়ে দূৰৰ পৰা চাই থাকিলে ডাইনীৰ কাণ্ড-কাৰখানা তেওঁৰ দৃষ্টিগোচৰ হয়, ‘by which means the daini is often detected and brought to punishment.’ (Ibid, pp. 182-83) এই উক্তিৰ ভিত্তিত অনুমান কৰিব পাৰি যে ঊনৈশ শতিকাৰ চতুৰ্থ দশকতেই ব্রাউনে ডাইনী-নিগ্রহৰ সমাচাৰ পাইছিল। স্থানীয় লোকৰ কল্পনা-ৰাজ্যৰ ভীতিজনক ভিতৰুৱা খবৰৰ সম্ভেদ দি ব্রাউনে তেওঁৰ জার্নেলত লিখিছে: ‘They imagine there are two kinds of sorcerers, daini and bhutia, the formen found only among the khamtis, the latter among the Ahoms, or A’samese. The former are cannibals…’ (Ibid, p. 182) ব্রাউনৰ জার্নেলৰ পৰা আমি ডাইনী বিষয়ক আৰু এটা আশ্চর্যজনক তথ্য জানিব পাৰোঁ ডাইনীয়ে জধে-মধে মানুহক আক্ৰমণ কৰিব নোৱাৰিছিল। যিসকলৰ আয়ুস-কাল শেষ হৈছে কেৱল তেওঁলোককহে ডাইনীয়ে আক্রমণ কৰিব পাৰিছিল। এইসকল মৰণোন্মুখ মানুহক ডাইনীয়ে এক উদ্ভট উপায়েৰে চিনাক্ত কৰিছিল: জীৱন-কাল ওৰ পৰা মানুহৰ ব্ৰহ্মতালুৰ পৰা ধোঁৱা ওলায়! (Ibid, p. 183)

আমি ওপৰত উল্লেখ কৰা নাথান ব্রাউনৰ জার্নেলৰ কিয়দংশ এলিজাবেথ হুইটনি ব্রাউনৰ “The Whole World Kin’ নামৰ কিতাপখনত অন্তর্ভুক্ত কৰা হৈছে। ইমৰান হুছেইনে এইখন কিতাপৰ অসম বিষয়ক অংশৰ অসমীয়া অনুবাদ কৰি নিঃসন্দেহে এক প্রয়োজনীয় আৰু প্রশংসনীয় কাম কৰিছে। অনুবাদ-কৰ্মৰ লগত জড়িত বা সেই বিষয়ে চিন্তা-চর্চা কৰা লোকে ভালদৰে জানে যে অনুবাদৰ কামটো দৰাচলতে কষ্টসাধ্য কাম, যদিও আপাতদৃষ্টিত কামটো সহজসাধ্য যেন লাগে। হুছেইনে এলিজাবেথৰ কিতাপৰ প্ৰাসংগিক কথাখিনি কিমান যত্ন আৰু গুৰুত্বসহকাৰে কৰিছে তাৰ নিদৰ্শন অনূদিত গ্ৰন্থখনৰ পাতে পাতে বিদ্যমান। তথাপি ব্রাউনৰ অন্ধবিশ্বাস বিষয়ক কথাখিনিৰ ভাঙনিত দুটামান আসোঁৱাহ থাকি যোৱা যেন লাগিছে। পূর্বৱর্তী পৰিচ্ছেদত আমি ব্রাউনৰ জার্নেলৰ পৰা এটা বাক্য উদ্ধৃত কৰিছোঁ। তাত থকা ‘sorcerers’ শব্দটো অনুবাদত হৈ পৰিছে ‘অশৰীৰী আত্মা’। (এলিজাবেথ হুইটনিব্রাউন, পৃ ১৮) জ্যোতি দ্বিভাষিক অভিধান’ত আমি ‘sorcers’ৰ অন্য অর্থ পাওঁঃ ‘যাদুকৰ… ভূতৰ ওজা, তন্ত্র-মন্ত্র কৰা লোক… “sorcerers’ৰ এই অভিধানিক অর্থ জানো ‘অশৰীৰী আত্মা’ শব্দদ্বয়ে ব্যক্ত কৰে? উল্লেখ্য, ব্রাউন-কথিত ডাইনীয়ে কেতিয়াবা ‘attacks his victim in his own proper person’ (H.K. Barpujari, p. 182). সোঁ-শৰীৰে মানুহক আক্রমণ কৰিব পৰা এইবিধ দুৰ্ঘোৰ-দুর্জেয় ডাইনীক ‘অশৰীৰী’ আখ্যা দিব জানো? আসোঁৱাহৰ আৰু এটা নমুনা ‘ভূত’ আৰু ‘ভুতীয়া’ শব্দ দুটাই সৃষ্টি কৰা খেলি-মেলি। ব্রাউনৰ জার্নেলত আমি ‘bhutia শব্দটো পাওঁ। অসমীয়া অনুবাদৰ ‘ভুতীয়া’ৰ সলনি ‘ভূত’ শব্দটো পাওঁ। (এলিজাবেথ হুইটনি ব্রাউন, পৃ. ৯৮) একে প্রসংগত সমজাতীয় বিভ্রাট হেৰম্বকান্ত বৰপূজাৰীৰ ৰচনাতো চকুত পৰে। (হেৰম্বকান্ত বৰপূজাৰী, পৃ. ৫৮) ‘হেম-কোষ’ত আমি ‘ভূতীয়া’ শব্দৰ এই অর্থ পাওঁঃ ‘ভূত-পোহা মানুহ, ভূতক বশ কৰোঁতা’। অর্থাৎ ভূতীয়া নিজে ভূত নহয়, ভূতহে তেওঁৰ আজ্ঞাধীন। ভূতীয়াই ভূতৰ প্রতিপালন কৰাৰ কথা ব্রাউনৰ জার্নেলত পৰিষ্কাৰকৈ লিখা আছে- “The familiar spirit, or demon, which they call Bhut, is fed and supported by the sorcerer (bhutia). (H.K. Barpujari, p. 183) জার্নেলৰ এই কথাখিনি এলিজাবেথৰ ইংৰাজী গ্রন্থ ‘The Whole World Kin’-ত নাই। থকা হ’লে আমি নিশ্চয় অসমীয়া অনুবাদত ভূতীয়াই ভূত পোহাৰ চমকপ্ৰদ বিষয়টো পঢ়িবলৈ পালোঁহেতেন।

ডাইনীক দণ্ড দিয়াৰ সমাচাৰ যে মিছনেৰী ব্রাউনে পাইছিল তাৰ ইংগিত আমি যথাস্থানত দিছোঁ। তেওঁৰ জার্নেলত এই সন্দর্ভত আৰু তথ্য পোৱা যায়। ব্রাউনে লিখিছে যে বৰ খামতিৰ ৰাজ্যত ডাইনীৰ বিৰুদ্ধে বিধি-বিধান কঠোৰ আৰু কটকটীয়া। ‘In the Bor Khamti country, the laws against them are very rigid. Any person accused of being a daini, is subjected to an ordeal similar to that which has been used elsewhere for the trial of witches.” (Ibid. p. 183) ব্রাউনে ‘elsewhere’ বোলোতে নিশ্চয় ইউৰোপৰ কথাকেই বুজাইছিল। কাৰণ এসময়ত ইউৰোপত ডাইনীৰ নির্মম নিপীড়নে এক এক কালান্তক ৰূপ লৈছিল: সপ্তদশ শতিকাত ইংলেণ্ড আৰু অন্যান্য দেশত ডাইনীক ওপৰমুৱাকৈ শুৱাই কেবল পানী খাবলৈ দিয়া হৈছিল আৰু এই অগ্নিপৰীক্ষাত উশাহ বন্ধ হৈ নিৰ্য্যাতিত ব্যক্তিৰ মৃত্যু নহ’লে তেওঁৰ অপৰাধ সঁচা বুলি বিচাৰকসকলে ঠাৱৰ কৰিছিল (দেবব্রত ভট্টাচার্য, পৃ. ১১৬)। গৱেষকসকলৰ পৰা জনা গৈছে যে ডাইনী-দমনৰ যি ইউৰোপীয় অভিযান তাত বিম্বিত হোৱা দেখা যায় সামাজিক প্রান্তিকায়ন (marginalisation)ৰ বহুমাত্রিক চিত্র-‘… in most of Europe the stereotypical witch was a women, and usually an old and poor one.” (G. Scarre. P. 25) ব্রাউনে শুনা মতে বৰ খামতি ৰাজ্যতো ডাইনীক প্রাণদণ্ড দিয়া হৈছিল। তেওঁ জার্নেলত লিপিবদ্ধ কৰা এটা চিত্তাকর্ষক তথ্য এইধৰণৰ স্থানীয় লোকসকলে ভাবে যে ইষ্ট ইণ্ডিয়া কোম্পেনীৰ শাসন বলবৎ হোৱাৰ পিছৰে পৰা ডাইনীৰ দুষ্কর্ম বৃদ্ধি পাইছে, কাৰণ এতিয়া দণ্ড দিবলৈ কোনো বিধি-বিধান নাই। (H.K. Barpujan, p 183)

যিশুৰ বাৰ্তা বিলাবলৈ সুদূৰ আমেৰিকাৰ পৰা অহা মিশ্যনেৰীসকলে মূলতঃ ধর্ম-প্ৰচাৰৰ স্বাৰ্থতেই- খুব ওচৰৰ পৰা দেশীয় লোকৰ বিশ্বাস-বিধান, ৰীতি-ৰেওৱাজ, আচাৰ-বিচাৰ আদি পৰ্য্যবেক্ষণ কৰিছিল। কিন্তু ইয়াতেই ক্ষান্ত নাথাকি তেওঁলোকে কেতিয়াবা মানুহৰ মন-মেজাজৰ ৰেহ-ৰূপ অনুধাৱন কৰিবলৈও পাৰ্য্যমানে প্রয়াস কৰিছিল। ইয়াৰ সাক্ষ্য আমি পাওঁ ব্রাউনৰ জার্নেলত। মানুহৰ মনোৰাজ্যত ভূত-প্রেত, ডাইনী আদি অন্ধবিশ্বাসৰ যি একাধিপত্য তাৰ অপপৰিমানৰ আভাস দি তেওঁ লিখিছে These superstitions notion make the life of the natives one of continual fear and torment (H. K. Barpujan, p. 184) অন্ধবিশ্বাসে মানুহৰ ব্যক্তিত্বক বিকাৰগ্রস্ত কৰি কেনেকৈ জীৱনটোক শংকাৰ শিকলিৰে বান্ধি পেলায় তাৰ এখন আমোদজনক ছবি ব্রাউনৰ বৃত্তান্তত পোৱা যায়। গাঁৱে-ভূঞে ঘুৰি ফুৰা মিশ্যনেৰী গৰাকীয়ে ডাঠি কৈছে যে তেওঁ এনে এজনো মানুহ লগ পোৱা নাই যি নিশা অকলে শুব ইচ্ছা কৰে বা নিঃসংগে অলপ দূৰলৈ যাব বিচাৰে। এই ভয়ার্ত আত্মপ্রত্যয়হীন লোকসকলৰ এটাই ভয়- যদি হঠাতে ভূত বা ডাইনীৰ সৈতে মুখামুখি হয়! (Ibid, p.184) কোৱা বাহুল্য, এইবিধ অলপ ধতুরা মানুহ অন্ধবিশ্বাসৰেই স্বাভাৱিক সন্তান। ব্রাউনৰ দিনৰ তুলনাত এওঁলোকৰ সংখ্যা আজি নিশ্চয় কম, পিছে যি মানসিকতাৰ গৰ্ভত এওঁলোকৰ অংকুৰণ ঘটিছিল তাৰ অৱলুপ্তিতো বাদেই- আশাপ্রদ অৱক্ষয়ো আৰম্ভ হোৱা নাই বুলি ক’লে বোধহয় বঢ়াই কোৱা নহ’ব।

ওপৰঞ্চিঃ ডাইনী-পীড়নৰ পৰম্পৰা খামতিৰ দৰে জনগোষ্ঠীয় সমাজৰ নিজস্ব বৈশিষ্ট্য হয় নে নহয় সেই সম্পর্কে কোনোবাই যুক্তিসংগতভাৱে সংশয় প্রকাশ কৰিব পাৰে। ডাইনী-পীড়নৰ পৰ্যালোচনা প্রসংগত তীক্ষ্ণধী সমাজ-বিজ্ঞানী ইন্দিবৰ দেউৰীয়ে তেওঁৰ ‘ডাইন: অসমৰ জনগোষ্ঠী’ শীর্ষক তথ্যসমৃদ্ধ নিবন্ধটোত কৈছে যে যিসকলক ডাইনী বা ডাইনী-চিকিৎসক আদি আখ্যা দিয়া হয় তেওঁলোক জনগোষ্ঠীয় সমাজত ‘জ্ঞানী’ ব্যক্তি হিচাপে মান-মর্যাদা পাইছিল। বড়ো আৰু চাওতাল সমাজ সম্পর্কে দাঙি ধৰা সংক্ষিপ্ত আলোচনাত দেউৰীয়ে এই অর্থপূর্ণ ইংগিত দিছে যে বহিঃসমাজৰ ধৰ্ম-বিশ্বাসৰ প্রভাৱৰ ফলত বা সংগঠিত বৃহৎ ধৰ্মৰ প্ৰসাৰৰ প্রতিক্রিয়া হিচাপে জনগোষ্ঠীয় সমাজত ‘জ্ঞানী সকলৰ অৱমূল্যায়ন আৰম্ভ হয়, তেওঁলোক ক্রমশঃ অনিষ্টকাৰী ডাইনীলৈ অধঃপতিত হয়। (পৰমানন্দ মজুমদাৰ সম্পাদিত, পৃ. ২৪-২৫) যোগ্যজনে দেউৰীৰ অনুসন্ধানৰ ওপৰত ভেজা দি বা স্বতন্ত্রভাৱে এই বিষয়ে নির্মোহ আৰু বিশদ পর্যালোচনাৰ সূচনা কৰিলে আমি উপকৃত হ’ম।

গ্রন্থপঞ্জী

H.K. Barupujari, The American Missionaries and North-East India (1836-1900 A.D.): A Documentary Study, Guwahati, 1986.

Rajkhowa, Assamese Popular Superstitions and Assamese Demonology Ed., P.D. Goswamti, Gauhati, 1973

Scarre, Witchcraft and Magic in 16th and 17th Centruey Europe, Hampshire/ London, 1987

এলিজাবেথ হুইটনি ব্রাউন, নাথান ব্রাউনৰ অসম অভিযান, (অনুবাদ: ইমৰান হুছেইন, গুৱাহাটী, ২০২২

হেৰম্বকান্ত বৰপূজাৰী, আমেৰিকান মিছনেৰীসকল আৰু ঊনবিংশ শতিকাৰ অসম, যোৰহাট, ১৯৮৩

পৰমানন্দ মজুমদাৰ সম্পাদিত, ডাইনী, জ্যোতিষ আৰু অলৌকিক চিকিৎসা, গুৱাহাটী, ২০০৩

দেবব্রত ভট্টাচার্য, ইয়োৰোপেৰ ডাইনিবৃত্তিৰ ইতিকথা, কলকাতা, ১৯৯৭

হেমকোষ, গুৱাহাটী, ২০১৩

জ্যোতি দ্বিভাষিক অভিধান, গুৱাহাটী, ২০১১

Leave a Reply

Your email address will not be published. Required fields are marked *