ডাইনী বিশ্বাস কিয় নকমে (ডা: ৰাণা মুকুট কেওঁট)
ভূত আছে বুলি আৰু ভূতে অপকাৰ কৰিব পাৰে বুলি বিশ্বাস কৰা মানুহ যথেষ্ট ওলাব। সৰুতে বিভিন্নধৰণৰ ভূতৰ সাধু আমিও শুনিছিলোঁ। তাৰ মাজতে আকৌ ভয়েই ভূত বুলি কোৱা মানুহো পাইছিলোঁ। ভূত বিশ্বাসৰে এটা অংশ হৈছে ডাইনী বিশ্বাস, আৰু এই বিশ্বাস গোটেই পৃথিৱীতে বিয়পি আছে। ডাইনী বিশ্বাসৰ বিষয়ত বহুত আলোচনা-বিলোচনা হৈ গৈছে। অশিক্ষিত লোকৰ মাজত ডাইনী বিশ্বাস বেছি বুলি কোৱা হয়। শিক্ষাৰ—বিশেষকৈ বিজ্ঞান-শিক্ষাৰ—অভাৱ, উপযুক্ত আধুনিক চিকিৎসালয়ৰ অভাৱ, ঢিলা প্ৰশাসন যন্ত্ৰ, বিষয়টোৰ প্ৰতি ৰাইজৰ অনাগ্ৰহ, অৰ্থনৈতিক দুৰৱস্থা, যোগাযোগৰ অভাৱ—এইবিলাক সঁচা কথা। আনহাতে আগতকৈ মানুহ বেছি শিক্ষিত হৈছে, বিজ্ঞান-শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰ বেছি হৈছে, নতুন নতুন আধুনিক চিকিৎসালয় স্থাপন হৈছে, পুলিচ আৰু প্ৰশাসন যন্ত্ৰই আগতকৈ বেছি সক্ৰিয়ভাৱে কাম কৰিছে, স্বেচ্ছাসেৱী সংগঠনসমূহ আগবাঢ়ি আহিছে—এইবিলাকো সঁচা কথা।
পাচে এইবিলাক কথা জনাৰ পাছতো অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই।
ডাইনী বিষয়টো মানুহৰ তথা সমাজৰ একেবাৰে অভ্যন্তৰৰ এক চলি অহা বিশ্বাস। কেৱল সাধাৰণ শিক্ষা, চিকিৎসালয়, পুলিচ-প্ৰশাসনৰ যোগেদি মানুহৰ তথা সমাজৰ বিশ্বাস সলনি কৰাটো সম্ভৱ নহয়। পুলিচ-প্ৰশাসনে সাময়িকভাৱে কিবা এটা গণ্ডগোল হোৱাত বাধা দিব পাৰে, আৰু পৰিস্থিতি ভালে ৰাখিবৰ কাৰণে এইটো বৰ প্ৰয়োজনীয়। হ’লেও কেৱল পুলিচ-প্ৰশাসনে হস্তক্ষেপ কৰি মানুহৰ মনত সোমাই থকা বিশ্বাসক নোহোৱা কৰিব নোৱাৰে। এইখিনিতেই আহি পৰে যোগাযোগৰ বিষয়টো। ভিতৰুৱা অঞ্চলবিলাকত যোগাযোগৰ ব্যৱস্থা সহজ নহয়। মোবাইল নেটৱৰ্ক উপলব্ধ হ’লে সম্ভাব্য গণ্ডগোল এটাৰ বিষয়ে প্ৰশাসনক খবৰ দিয়াৰ সুবিধা হয়। কেৱল খবৰ দিলেই নহয়, পুলিচ-প্ৰশাসন যাব পৰাকৈ ৰাস্তা-ঘাট-দলং আছেনে নাই সেয়াও চিন্তা কৰিবলগীয়া। আধুনিক চিকিৎসালয়ৰ অভাবেই যদি এনেবিলাক বিশ্বাসৰ কাৰণ হ’লহেতেন, চিকিৎসালয়ত ভৰ্তি হোৱা বিনামূলীয়া চিকিৎসা পোৱা ৰোগীক জৰাফুকা কৰিবলৈ বেজ লৈ নাহিলেহেতেন, বা জৰাফুকা কৰিবলৈ ঘৰলৈ ওভোতাই নিনিলেহেতেন, অথবা চিকিৎসালয় সহজে ঢুকি পোৱা চহৰৰ মানুহ বেজৰ ওচৰ নাচাপিলেহেতেন। শিক্ষাৰ অভাবেই যদি ইয়াৰ কাৰণ হ’লহেতেন, তেতিয়াহ’লে শিক্ষিত, আনকি বিজ্ঞান-শিক্ষাৰে শিক্ষিত মানুহৰ মাজত অন্ধবিশ্বাস নাথাকিলেহেতেন। গ্ৰহণৰ দিনত ভাত-পানী নাখাই লঘোণ দিয়া বা ঘৰ-দুৱাৰ মাৰি ভিতৰত সোমাই থকা অথবা কোনো নতুন কাম আৰম্ভ নকৰা, শনিবাৰে ছিজাৰিয়ান অস্ত্ৰোপচাৰ কৰিব নোখোজা, বিবাহৰ বাবে ৰাহি-জোৰা চোৱা, কোষ্ঠী বিচাৰ কৰা, কাম এটা আৰম্ভ কৰিবলৈ শুভক্ষণ গণনা কৰা—এইবিলাক চহৰৰ শিক্ষিত মানুহৰ মাজতো পোৱা যায়।
এইবিলাক কিছুমান সাধাৰণ উদাহৰণ মাথোন।
টিভিৰ বাতৰি কিছুমানত বাৰে বাৰে ঘৰৰ ভিতৰত কোনোবা নেদেখা শক্তিয়ে বস্তু দলিওৱা, নিজে নিজে জুই জ্বলি উঠা, ক’ব নোৱাৰাকৈ ঘৰৰ ভিতৰত য’তে-ত’তে তেজ পৰি থকা—এইবিলাক দেখুওৱা হয়। এনেকৈ বাৰে বাৰে দেখুৱাই থাকিলে এই ঘটনাবিলাকৰ প্ৰতি মানুহৰ বিশ্বাসেই হৈ যায় আৰু সেইবিলাক সঁচা বুলি পতিয়ন যায়। কিছুমান সময়ত টিভিৰ বাতৰিয়ে আচলতে অন্ধবিশ্বাস বিয়পাব খোজে নে বন্ধ কৰিব খোজে, সেয়া ঠিৰাং কৰাটো টান হৈ পৰে। তদুপৰি টিভি বা বাতৰিকাকতত প্ৰকাশ হৈ থাকে বিভিন্নধৰণৰ ৰত্নধাৰণ কৰি সমস্যা সমাধানৰ উপায়, ৰাশিফল চাই দিনটো কেনেকৈ পাৰ হ’ব তাৰ আভাস আদি। এনেকুৱা বহুতো বাতৰিৰ শেষৰ পিনে ‘অশ্বত্থমা হত ইতি গজ’-ৰ নিচিনাকৈ সৰুকৈ ‘কিছুসংখ্যক ৰাইজে ঘটনাৰ বিষয়ত সন্দেহ প্ৰকাশ কৰে’ বুলি কৈ থয়, যদিও বেছিভাগেই এইখিনি কথা আচলতে নুশুনে বা কথাখিনি সহজে চকুতো নপৰে। এনেকুৱা বাতৰিবিলাকে অন্ধবিশ্বাস আৰু তাৰ বাতাৱৰণ বাঢ়ি যোৱাত সাৰ-পানী যোগায়।
আজিকালি তাবিজ, পূজা, শৰাই দিয়া, পূজা পতা, ৰত্নধাৰণ কৰা আদিত মানুহৰ নতুনধৰণৰ ধাউতি এটা আহিছে। ল’ৰা-ছোৱালীয়ে নপঢ়ে, তাবিজ দিয়া। পঢ়া মনত নাথাকে, পূজা দিবলৈ বা শৰাই আগ বঢ়াবলৈ দিয়া। পৰীক্ষাত ভাল হ’বৰ বাবে পঢ়াত জোৰ দিয়াতকৈ সৰস্বতী পূজাত জোৰ বেছি দিয়া। ল’ৰা-ছোৱালীয়ে কথা নুশুনা হৈছে, ৰত্নধাৰণ কৰিবলৈ দিয়া৷ বানপানী-খহনীয়া হৈছে, নদী দেৱতাক পূজা-পাতল কৰা। মৰিশালীত কোনোবাই বাৰে বাৰে গাত খান্দে, পুলিচৰ সহায় লোৱাতকৈ ভূতৰ সন্তুষ্টিৰ বাবে পূজা কৰা। এনেকুৱাধৰণৰ বিষয়বিলাকত অশিক্ষিত বুলি কথা নাই; এইবিলাকত এচাম অৰ্ধশিক্ষিত, শিক্ষিত, উচ্চ শিক্ষিত সকলো একে৷ বিজ্ঞানৰ প্ৰতিষ্ঠান এটা আৰম্ভ কৰিবৰ বাবেও ধৰ্মীয় নিয়ম পালন কৰিবলগীয়া অৱস্থা। এই বাতাৱৰণত কিছুসংখ্যক নেতা-বুদ্ধিজীৱী—যিসকলে সমাজখনক বাট দেখুৱাই নিব লাগে—যেতিয়া অন্ধবিশ্বাসী, অৰ্ধশিক্ষিত মানুহখিনিৰ সৰহভাগেই নিশ্চয় তাতকৈ বেছি অন্ধবিশ্বাসী হ’ব, অশিক্ষিতসকলৰ বেছিভাগৰে কথা ক’বই নালাগে। ডাঙৰ চহৰত থকাসকল যদি এখোপ ওপৰত, সৰু চহৰ বা গাঁৱত তাতকৈ বেছি, ভিতৰুৱা গাঁৱত অন্ধবিশ্বাস নিশ্চয় তাতোকৈ বেছি। যিমানে তললৈ আহি থাকিব, সিমানে এই বিশ্বাসবিলাক বহল আৰু গভীৰ হৈ যায়। এনেকুৱা অৱস্থাত ভিতৰুৱা গাঁও এখনৰ অশিক্ষিত বা অৰ্ধশিক্ষিত মানুহৰ বিষয়ে চিন্তা কৰক। সেই পৰিৱেশৰ লগত লগাই দিয়ক দুষ্ট বুদ্ধিৰ মানুহকেইজনমান, যি ডাইনী বুলি মানুহ মাৰি বা খেদাই টকা-পইচা বা মাটি-বাৰী সৰকোৱাৰ ধান্দাত থাকে।
ডাইনী-বিশ্বাস কেৱল ভিতৰুৱা অঞ্চলৰ অশিক্ষিত সমাজৰ কুসংস্কাৰ বুলি ভবা উচিত নহয়। কিছুসংখ্যক চহৰীয়া, শিক্ষিত আৰু সমাজৰ আগশাৰীৰ লোকে মনৰ মাজত পোহপাল কৰি যি অন্ধবিশ্বাসৰ বাতাৱৰণ সমাজত বিয়পাই ৰাখিছে, তাৰে ই একপ্ৰকাৰ প্ৰতিফলন। সমাজৰ আগশাৰীৰ লোকসকল, যিসকলে ৰাইজক বাট দেখুৱাই নিব লাগে, সেইসকলেই যদি অন্ধবিশ্বাসৰ বাতাৱৰণৰ পৰা ওলাই আহিব নোৱাৰে, তেনেস্থলত সাধাৰণ মানুহৰ পৰা বিশেষ একো আশা কৰিব পৰা নাযায়। বিজ্ঞান-শিক্ষাৰ প্ৰসাৰ, আধুনিক চিকিৎসালয়, সক্ৰিয় আৰক্ষী আৰু প্ৰশাসন, অৰ্থনৈতিক উন্নতি, যোগাযোগৰ ব্যৱস্থা উন্নত কৰা—এই সকলোবিলাকেই ডাইনী-বিশ্বাস কমাবৰ কাৰণে প্ৰয়োজনীয়। পুলিচ-প্ৰশাসনে কোনো বিশেষ ঘটনা এটাৰ তদন্ত কৰিব পাৰে বা ঘটনা এটা সংঘটিত হোৱাত বাধা দিব পাৰে; কিন্তু চহৰীয়া, শিক্ষিত আৰু সমাজৰ আগশাৰীৰ কিছু লোকৰ মাজত সোমাই থকা অন্ধবিশ্বাস দূৰ কৰিব নোৱাৰিলে এই সমস্যা শেষ কৰা সম্ভৱ নহয়।