কেন্দ্ৰীয় নিবন্ধ

ডাৰউইনৰ মতবাদ বনাম সৃষ্টিকৰ্তাৰ সৃষ্টি-(ড° অমৃত গোস্বামী)

(NCERT-ৰ পাঠ্যক্ৰম বিতৰ্ক)

খেলখনৰ বিতৰ্ক কেৱল ভাৰত মুলুকতেই নহয়, সুদূৰ আমেৰিকাতো ঘটিছিল। অলপতে এখন ৰাষ্ট্ৰীয় বাতৰি কাকতত জি. এন. দেৱাই (G N Devy) নামৰ টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ (Tata Institute of Fundamental Research)ৰ জৈৱ বৈজ্ঞানিক কেন্দ্ৰৰ এজন অধ্যাপকৰ Unintelligent Design শীৰ্ষক এটা লেখা প্ৰকাশ পায়। লেখাটোৰ শিৰোনামটো লেখকে সৃষ্টিকৰ্তাই ‘বুদ্ধিমত্তা আৰ্হি’-ৰে (Intelligent Design) কৰা এই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ ধাৰণা দিবলৈ বৰ্তমান চৰকাৰে NCERT-ৰ নৱম/দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা ডাৰউইনৰ মতবাদক উঠাই দিয়া বিষয়টোৰ বিপৰীতে দিয়া ব্যঙ্গাত্মক শিৰোনাম। উক্ত লেখাটোতে আলোকপাত কৰা কিছু বিষয়ৰ মাজতে সুদূৰ আমেৰিকাতো যে এনেধৰণৰ বিষয় উদ্ভৱ হৈছিল তাৰ কথা উল্লেখ কৰে। চাৰ্লছ ডাৰউইনৰ মৃত্যু হোৱা আজি ১৪১ (১৮৮২চনত) বছৰ হ’ল যিজনে ২২ বছৰ বয়সতেই ৰয়েল নেৱি (Royal Navy) এইচ এম এছ বিগলৰ (HMS Beagle) আহ্বানক্ৰমে প্ৰকৃতিবিদ হিচাপে সমুদ্ৰ যাত্ৰা কৰি বিভিন্ন স্থান ঘূৰি প্ৰকৃতিৰ বিভিন্ন বিষয় ভুতত্ব, উদ্ভিদ আৰু জীৱৰ বিভিন্ন প্ৰজাতিৰ বিষদ অধ্যয়নৰ তথ্যৰে তেখেতৰ ৭৭০ পৃষ্ঠাজোৰা ডায়েৰি লিখি উলিয়াই যিখন পাছলৈ এখন গৱেষণা গ্ৰন্থ হিচাপে Journal of Research into the Geology and Natural History of the Various Countries Visited by H.M.S.Beagle (1839) শীৰ্ষত প্ৰকাশ পায়। ইয়াৰ পাছতে ডাৰউইন এজন অতি উচ্চ পৰ্যায়ৰ প্ৰকৃতিবিদ হিচাপে চিহ্নিত হয়। যদিও ডাৰউইনে তেওঁৰ বিৱৰ্তনৰ মতবাদ ইতিমধ্যেই (১৮৪০) প্ৰতিষ্ঠিত কৰিছিল, তেওঁ তাক বহুত দিনলৈ প্ৰকাশ কৰা নাছিল। কিন্তু কালক্ৰমত তেওঁ যেতিয়া আন এজন প্ৰকৃতিবিদে তেনেধৰণৰে এটা মতবাদ প্ৰস্তুত কৰি উলিওৱা কথাৰ উমান পায়, ডাৰউইনে ১৮৫৯ চনত তেওঁৰ Origin of species by means of natural selection প্ৰকাশ কৰে, যিখনে সেই সময়ত বিজ্ঞান জগতত এক খলকনিৰ সৃষ্টি কৰিলে, যিদৰে নিউটনৰ পদাৰ্থ আৰু গতি বিজ্ঞানৰ সূত্ৰই ১৬৮৭ চনত এক আলোড়নৰ সৃষ্টি কৰিছিল আৰু মানুহকো বিভিন্ন জীৱ আৰু উদ্ভিদৰ সম্পৰ্কত ধৰ্মগ্ৰন্থ সমূহত উল্লেখ থকা কথাবিলাক কিছুমান পৌৰাণিক আখ্যান বুলি ভাবিবলৈ শিকালে। ডাৰউইনে জানিছিল যে তেওঁৰ বৈজ্ঞানিক তথ্য আৰু উদ্ভাৱনে গীৰ্জাৰ যাজক সম্প্ৰদায়ক খঙাল কৰি তুলিব। সেয়েহে তেওঁৰ আত্মজীৱনীত ঈশ্বৰ সম্বন্ধে তেওঁ যে সন্দেহবাদী তাক পৰিষ্কাৰকৈ লিখি থৈ গৈছে। তেওঁৰ মৃত্যুৰ পাছত শৱদেহক খ্ৰিষ্টীয় ৰীতি নীতি অনুসাৰে সৎকাৰ কৰাক লৈ এক সমস্যাৰ সৃষ্টি হৈছিল যদিও গীৰ্জাৰ যাজক সকলৰ অনুমতি সাপেক্ষে পাছত সম্পূৰ্ণ খ্ৰিষ্টীয় নিয়ম অনুসাৰেই লণ্ডনৰ ৱেষ্টমিনস্তাৰ এব্বেত (Westminster Abbey) শৱদেহৰ শোভাযাত্ৰাৰে সৎকাৰ কৰা হৈছিল। অৱশ্যে এনে ব্যৱস্থা কৰা হৈছিল যদিও ডাৰউইনৰ মতবাদক ধৰ্মবিশ্বাসৰ দ্বাৰা ম্লান পৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিত ডাৰউইনৰ মতবাদৰ পাঠ সুমুৱাবলৈ আদালতৰ দ্বাৰস্থ হ’ব লগা হৈছিল। এই ক্ষেত্ৰত ১৯২৫ চনতে আগভাগ লৈছিল জন স্ক’পচ্ (John Scopes) নামৰ বিদ্যালয়ৰ এজন শিক্ষকে যেতিয়া আমেৰিকাৰ বহুতো প্ৰদেশত ডাৰউইন মতবাদ অন্তৰ্ভূক্ত কৰিবলৈ নিদি ধৰ্মীয় অন্ধবিশ্বাস প্ৰৱৰ্তাই ৰাখিব বিচৰা হৈছিল আৰু এই যুঁজখন ৪টা দশক জুৰি চলিছিল আৰু অৱশেষত ১৯৬০ চনত আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ে সৃষ্টিকৰ্তাৰ সৃষ্টিৰ ধৰ্মীয় বিশ্বাসৰ শিক্ষাৰ স্থানত ডাৰউইনৰ মতবাদ বিদ্যালয়ৰ বিজ্ঞানৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্তিৰ আদেশ দিয়ে। কিন্তু এই আইনী যুঁজখন জিকাৰ পাছতো ডাৰউইনৰ মতবাদ বিদ্যালয়ৰ শিক্ষাত বহুত দিনলৈকে সিমান সুখকৰ নাছিল। ১৯৮৪ চনত আমেৰিকাৰে এজন সৃষ্টিশীল ব্যক্তি আৰু ৰসায়নবিদ চাৰ্লছ বি থেক্সটনে (Charles B Thaxton) তেওঁৰ দুজন সহযোগীৰ সৈতে ‘The Mysteries of Life’s Origin:Reassessing Current Theory নামৰ গ্ৰন্থখন প্ৰকাশ কৰে যিখনত বিভিন্ন আকৃতি আৰু জটিলতাৰে ভৰা বিভিন্ন জীৱৰ এই বিনন্দীয়া পৃথিৱী আৰু বিশ্বব্ৰহ্মাণ্ড অতি বুদ্ধিমত্তাৰ কোনোবা সৃষ্টিকৰ্তাৰ দ্বাৰাহে সম্ভৱ, ডাৰউইনৰ সহজ প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা হ’ব নোৱাৰে বুলি উল্লেখ আছে আৰু সেয়ে ইয়াকে লৈ কূট-বিজ্ঞানীসকলে (Pseudo Scientists) তাকে প্ৰচাৰ কৰিবলৈ ধৰি আদালতৰ দুৱাৰ পালেগৈ। অৱশেষত ২০০৫ চনত আমেৰিকাৰ ডৱাৰ জিলাৰ জিলা ন্যায়ধীশ জন জ’নচে্ (John Jones) নিৰ্দেশ দিয়ে যে ‘বুদ্ধিমত্তাৰ আৰ্হি’-ৰ (Intelligent Design) যু্ক্তি এক ধৰ্মীয় আধাৰৰ যুক্তিহে, কোনো বিজ্ঞান সন্মত যুক্তি নহয়। তেওঁ কিটজমিলাৰ (Kitzmiller) নামৰ আবেদনকাৰীজনক মনত পেলাই দিয়ে যে আমেৰিকাৰ সৰ্বোচ্চ ন্যায়ালয়ে সৃষ্টিকৰ্তাধৰ্মী বিজ্ঞানৰ বিদ্যালয়ৰ শিক্ষা বাইবেলীয় ধৰ্মীয় বিশ্বাসৰ বাদে আন একো নহয় আৰু ই অসাংবিধানিক।

এতিয়া আহোঁ ভাৰতীয় প্ৰেক্ষাপটলৈ। ভাৰত চৰকাৰে NCERT-ৰ নৱম/দশম শ্ৰেণীৰ পাঠ্যক্ৰমৰ পৰা ডাৰউইনৰ মতবাদ অধ্যায়টো উঠাই গীতাৰ অধ্যায় সন্নিৱিষ্ট কৰা বিষয়টো বৰ্তমানলৈকে আদালতৰ মজিয়ালৈ যোৱা হোৱা নাই। আমাৰ সংবিধানৰ ৫১এ’(51A) ধাৰামতে সকলো ব্যক্তিয়ে বৈজ্ঞানিক মানসিকতা গঢ় দি চৰ্চা কৰাৰ কথা কোৱা হৈছে। কিন্তু কেনেকুৱা বৈজ্ঞানিক মানসিকতা? যদি ওপৰত কোৱামতে চাৰ্লছ থেক্সটনৰ বুদ্ধিমত্তাৰ আৰ্হি (Intelligent Design) মতবাদলৈ ঘূৰি গৈ ভাৰতীয় প্ৰেক্ষাপটত চাওঁ, তেন্তে আমি ঋগ বেদৰ ‘পুৰুষ সুক্ত’লৈ আৰু তাৰপৰা ইয়াৰ উত্তৰাধিকাৰী মনুস্মৃতিলৈ যাব লাগিব। পুৰুষ সুক্তৰমতে এই বিশ্বব্ৰহ্মাণ্ড এক মহাজাগতিক আদিপুৰুষৰ (Cosmic man) বিভিন্ন অংশৰ পৰা আদি অৱস্থাত সৃষ্টি হয় য’ৰ পৰা ঋগ বা শ্লোক আৰু বেদৰ সৃষ্টি আৰু পুৰুষৰ পাছত ঘোঁৰা, ছাগলী, ভেড়া আদি বিভিন্ন জন্তুবোৰৰ সৃষ্টি হয়। ভগৱানে পুৰুষক বিভিন্ন ধৰণেৰে ভাগ কৰে। পুৰুষৰ মুখৰ পৰা ব্ৰাহ্মণ, বাহুৰ পৰা ৰাজন্যবৰ্গ, উৰুৰ পৰা বৈশ্য আৰু ভৰিৰ পৰা শূদ্ৰ সকলৰ জন্ম হয়। এইধৰণৰ কিছুমান কাল্পনিক কাহিনীৰ পুথি সকলো সভ্যতা, সকলো ধৰ্মৰ মাজতে বিভিন্ন ধৰণেৰে আছে আনকি মুখেমুখে চলি অহা কিছুমান জনজাতীয় গোষ্ঠীৰ মাজতো পোৱা যায় য’ত কিছুমানৰ মতে সকলোবিলাক সূৰ্য্যৰ পৰা, কিছুমানৰ মতে চন্দ্ৰৰ পৰা, আন কিছুমানৰ বাবে কোনোবা অজান সাগৰ, পৰ্বত বা হাবিৰ পৰা সৃষ্টি হোৱা। এনেদৰে কিছুমান কাল্পনিক কাহিনীৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ড চলি থকাৰ বিষয়ে কোৱা হয়। হিন্দু ধৰ্মৰ সেই কৌটিকালৰ ঋগবেদৰ পুৰুষ সুক্তৰ সৃষ্টিৰ কাহিনীৰ কথাবিলাক যেন আইনৰ ভিত্তি, যিবিলাক আনকি বিভিন্ন জাতি জনজাতি উচ্চ-নীচ আদি ভাবৰো গুৰি কথা। এই চলি অহা বিশ্বাসৰ যদি কোনোবাই বিৰোধিতা কৰে তাক মহাপাপ বুলি গণ্য কৰা হয়। কালক্ৰমত কোনো অজ্ঞাত সময়ৰ পৰা মনুস্মৃতিৰ আৱিৰ্ভাৱ হ’ল। তেতিয়াৰ পৰা ঋগ বেদৰ পুৰুষৰ স্থান ল’লে হিন্দুৰ কাল্পনিক দেৱতা ব্ৰহ্মই। ভাৰতবৰ্ষৰ সৃষ্টিতত্বৰ কাল্পনিক কাহিনী আৰু ‘বু্দ্ধিমত্তাৰ আৰ্হি’-ৰ ধাৰণাই যেতিয়া পাঠ্যক্ৰমত ডাৰউইনৰ মতবাদৰ স্থান ল’লে তেতিয়া লাহে লাহে আমাৰ সংবিধানৰ পৰাও মুক্ত হৈ মনুস্মৃতিয়ে চীনৰ মাও চে টুঙৰ ‘ৰক্ত গ্ৰন্থ’ৰ (Red Book) নিচিনাকৈ ‘গেৰুৱা গ্ৰন্থ’ (Saffron Book) হিচাপে স্থান ল’ব।যদি সেয়ে হয় আৰু ডাৰউইনৰ মতবাদক ঐতিহ্যমণ্ডিত ভাৰতী্য় পৌৰাণিক সংস্কৃতিৰ বিপৰীতে অপমানজনক বুলি ধৰি তাৰ ব্যৱস্থা লোৱা হয় তেন্তে আধুনিক ভাৰতৰ এখন অবৈজ্ঞানিক মানসিকতাৰ চৰকাৰে শিক্ষা ব্যৱস্থাত যি পশ্চাদগামী যাত্ৰা আৰম্ভ কৰিবলৈ লৈছে সি দেশৰ বাবে অতি ভয়ঙ্কৰ হৈ উঠিব! এনে ক্ষেত্ৰত আমি কি কৰা উচিত? আমেৰিকাৰ দৰে আমাৰ বিদ্যালয়ৰ বিজ্ঞানৰ শিক্ষক শিক্ষয়িত্ৰীসকলে এই ক্ষেত্ৰত কিয় প্ৰতিবাদ কৰা নাই? তেওঁলোক কেৱল বিজ্ঞান শিকোৱা কিছুমান শ্ৰমিকহে নেকি? বিজ্ঞানী নহয় নেকি যে কেইজনমান মুষ্টিমেয় সাহসী বিজ্ঞানী, অধ্যাপকেহে এইক্ষেত্ৰত যুঁজ দিব লাগিব। আনহাতে আমাৰ দেশত ২২০০০ খন বিজ্ঞান মহাবিদ্যালয় আছে, ১০০০ ৰ অধিক বিশ্ববিদ্যালয় আছে, ৬০০০০ -ৰ অধিক বিজ্ঞানৰ গৱেষক ছাত্ৰ আছে। এই সকলোবোৰৰ এই ক্ষেত্ৰত কোনো উমৈহতীয়া প্ৰতিবাদ কিয় নাই? আন নালাগে অসমৰে ইমানবোৰ মহাবিদ্যালয়ৰ বিজ্ঞান শিক্ষক আছে। নিজৰ নিজৰ প্ৰাপ্যৰ বাবে সকলোৱে একেলগ হৈ আন্দোলন কৰিব পাৰে, কিন্তু আজিলৈকে‍ চৰকাৰৰ এনেকুৱা এটা অবৈজ্ঞানিক পদক্ষেপৰ বিপক্ষে এষাৰ মাত মতা পৰিলক্ষিত হোৱা নাই। যি সময়ত হেজাৰ হেজাৰ কৃষকৰ প্ৰতিবাদক চৰকাৰে কোনো কেৰেপেই নকৰে তেনে সময়ত মুষ্টিমেয় কেইজনমান বিজ্ঞানী বা অধ্যাপকে প্ৰতিবাদ কৰি লিখা প্ৰতিবেদনলৈ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়ে ক’ত সঁহাৰি দিব। আজি কেইদিনমান আগতে ইলোৰা বিজ্ঞান মঞ্চৰ আহ্বানক্ৰমে এই ক্ষেত্ৰত গুৱাহাটী প্ৰেছ ক্লাৱত বিশিষ্ট বুদ্ধিজীৱী ড° হীৰেন গোহাঁই, বিশিষ্ট বিজ্ঞান লেখক আৰু অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীকে ধৰি কিছু সংখ্যক সচেতন ব্যক্তিৰে হোৱা এক প্ৰতিবাদমূলক আলোচনাৰ যোগেদি এই ক্ষেত্ৰত লোৱা প্ৰস্তাৱ ভাৰত চৰকাৰৰ মানৱ সম্পদ বিকাশ মন্ত্ৰালয়লৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। কিন্তু যিখিনি এতিয়ালৈকে কৰা হৈছে এই সকলোবোৰ এপাচি কচু শাকত এটা জালুকৰ দৰে। বিজ্ঞান সকলোৰে বাবে। ২১ শতিকাৰ এই বিজ্ঞানৰ যুগত চৰকাৰ এখনৰ এনেধৰণৰ অবৈজ্ঞানিক পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ কৰাটো সকলো দল সংগঠনৰে দায়িত্ব হোৱা উচিত, কেৱল এক বিশেষ শ্ৰেণীৰ বিশেষ কেইজনমান ব্যক্তিৰ দায়িত্ব নহয়।

Leave a Reply

Your email address will not be published. Required fields are marked *