ডেউকাত পোহৰ (কৌশিক দাস)
পুৱাৰ কোমল ৰ’দত উজলিছে ঘৰটো, পদূলিত মানুহৰ জুম।
ইমানদিনৰ অন্তঃপুৰবাসিনী মানুহজনী হেনো
বাহিৰলৈ ওলাব
বতাহত কঁপি উঠিল খিৰিকীৰ গধুৰ পৰ্দা।
ছঁয়াময়াকৈ দেখিলোঁ আমি
এচিডে পোৰা নাৰীৰ এখনি মুখ
ভাতঘুমটিত শেষ হয় দিনৰ দুপৰ
সন্ধিয়াবোৰ পাৰ হৈ হৈ নিশা হৈ আহে—
তেনেকৈয়ে থাকি যায় বন্ধ দুৱাৰ
দোভাগ নিশা আকৌ সেই আৰ্ত চিৎকাৰ
কাষত নে আঁতৰত আঁতৰত নে কাষত
ধৰিব নোৱাৰোঁ
পুৱতি নিশা শুনোঁ দুৱাৰ খোলাৰ অনুচ্ছ শব্দ
এখন দুৱাৰ দুখন দুৱাৰ অজস্ৰ দুৱাৰ
শব্দবোৰ গোট খাই খাই এটা ঘণ্টা হৈ পৰে
কাষত নে আঁতৰত আঁতৰত নে কাষত
ধৰিব নোৱাৰোঁ
ঘণ্টাৰ শব্দত আমি চক্ খাই গম পাওঁ—
ৰাতি পুৱাবৰ সময় হ’ল
নিশাবোৰ সেমেকি সেমেকি সঁচাই এদিন ৰাতি পুৱাই উঠে
আমি আকৌ চক্ খাওঁ
ঘৰবোৰৰ দুৱাৰৰ ডাং খুলি ওলাই আহিছে
অজস্ৰ বিবস্ত্ৰা নাৰী
চৌদিশে ক্ষত-বিক্ষতা বিবসনা বনিতাৰ অবিশ্ৰান্ত সমদল
হাতে হাতে তেজৰঙা যোনিৰ ৰক্তাক্ত পতাকা