গল্প-কবিতা

দেশখোৱা – অচ্যুৎ মাধৱ দাস

চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকোঁতেই
দেশখোৱা আহি ৰাজপাটত বহিল
.
চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকিয়েই
মানুহবোৰৰ টোপনি নাভাগিল
.
চৰাইৰ মাতত ৰাতি পুৱাব বুলি ভাবি থাকোঁতেই
দেশখোৱাই সোপাকে চৰাই গিলিল
.
চৰাইৰ মাত মাথোঁ সপোন আছিল
চৰাইৰ মাতত মানুহ জাগিব নোৱাৰে
.
কমৰেড,
চৰাইৰ মাতত ৰাতি পুৱাব বুলি আৰু বাট চাই থকা নাই
গুলী ফুটাৰহে উমান লৈ আছোঁ
.
কালি জয়ন্ত কালিলৈ অখিল
পৰহিলৈ মোৰো বুকুত গৰম সীহ এটুকুৰাই শীতল কৰি দিব
তলাব পৰাকৈ এতিয়া আৰু একোৱেই নাই
ভয়-ভীতিবোৰো তেনেই ফিকা হৈ পৰিল
মাথোঁ কাৰণ এটাহে বিচাৰি আছোঁ
.
মোৰ বুকুত সুমুৱাই দিয়া গৰম সীহ টুকুৰাই
তোমাৰ বুকুও যেন গৰম কৰি তোলে
.
কমৰেড,
চৰাইৰ মাতত ৰাতি পুৱাব বুলি আৰু বাট চাই থকা নাই
গুলী ফুটাৰহে উমান লৈ আছোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *