বিজ্ঞান-প্ৰযুক্তি

ডায়েবেটিছ ৰোগৰ হাতপুথি (দ্বিতীয় অংশ) (ডা: কুঞ্জন শইকীয়া)

ডায়েবেটিছ কিয় হয়?

কি কি কাৰকৰ বাবে ডায়েবেটিছ ৰোগ হয় বা এই ৰোগৰ RISK FACTOR কোনবোৰ? ডায়েবেটিছ এনে এটা ৰোগ যাৰ কাৰণসমূহ বংশগত, শৰীৰৰ অভ্যন্তৰৰ Metabolism-ৰ তাৰতম্য, জীৱনশৈলীৰ প্ৰভাৱ—এই সকলোৰে জটিল সমাহাৰ। মনত ৰাখিবলগীয়া যে আমি ঘাইকৈ ইয়াত TYPE 2 ডায়েবেটিছৰ কথাই কৈছোঁ, TYPE 1-ৰ চৰিত্ৰ আৰু বৈশিষ্ট্য বেলেগ হোৱাৰ বাবে তাক বেলেগ সময়ত আলোচনা কৰা হ’ব। ৩৩ বছৰ বয়সৰ তলত সাধাৰণতে এই ৰোগ কমকৈ দেখা যায়, যদিও বর্তমান সময়ত তাতোকৈ কম বয়সতো এই ৰোগে দেখা দিছে। ৩৩ বছৰ বয়সৰ পাছত যিমানে বয়স বাঢ়ি যায় সিমানে ডায়েবেটিছ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। সাধাৰণতে পুৰুষৰ মহিলাতকৈ এই ৰোগ বেছিকৈ হয়। বংশগত কাৰণসমূহ অৰ্থাৎ মাক বা বাপেকৰ থাকিলে সন্তানৰো ভৱিষ্যতে ডায়েবেটিছ হোৱাৰ প্ৰৱণতাৰ বিষয়ে অধ্যয়ন চলি আছে। GENOME WIDE ASSOCIATION STUDIES (GWAS) এনে এটা অধ্যয়ন যি ৰোগৰ জিনসমূহ চিনাক্ত কৰাৰ প্ৰচেষ্টা চলাই আহিছে। ভৱিষ্যতে ইয়াৰ পৰা বহুতো নতুন তথ্যৰ উদ্‌ঘাটন হ’ব।

সভ্যতাৰ উন্নতিৰ লগে লগে মানুহৰ জীৱনশৈলী আগতকৈও বহু পৰিমাণে সহজ হৈ পৰিছে। নগৰীকৰণ হৈছে, বিভিন্নধৰণৰ কাৰিকৰী উন্নতিয়ে দৈনন্দিন জীৱনৰ কাম উজু কৰি পেলাইছে। লগতে পৰিবহনো সহজ কৰিছে গাড়ী, মটৰ চাইকেল আদিৰ ক্ৰমাগত পয়োভৰে। শাৰীৰিক পৰিশ্ৰম সেয়ে প্ৰায়ে অপ্রয়োজনীয় হৈ পৰিছে আৰু ই মানুহৰ ওজন বৃদ্ধি কৰি মেদবহুলতাৰ প্ৰসাৰ ঘটাইছে। লক্ষ্য কৰিবলগীয়া যে ওজন বৃদ্ধি ডায়েবেটিছৰ অন্যতম কাৰণ। শৰীৰত থকা অতিৰিক্ত মেদে ইনচুলিনৰ কামত প্ৰতিৰোধ জগায়। অর্থাৎ ইনচুলিন Resistance বঢ়ায়।

মানুহৰ খাদ্য প্ৰণালীৰো ব্যাপক পৰিৱৰ্তন হৈছে। এছিয়ান মানুহৰ মুখ্য খাদ্য ভাত। পৰম্পৰাগত এই খাদ্যই কিন্তু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি গৱেষণাত দেখা গৈছে। এই বিষয়ে পিছলৈ আৰু আলোচনা কৰা হ’ব। পশ্চিমীয়া খাদ্যই এতিয়া পৰম্পৰাগত খাদ্যৰ লগতে যোগ দিছে। উচ্চ কেলৰিযুক্ত ফাষ্ট-ফুড আৰু শীতল পানীয় ডায়েবেটিছৰ বাবে শক্তিশালী কাৰক। শাক-পাচলি আৰু ফল-মূলৰ কম ব্যৱহাৰ, বেকাৰী আৰু Processed খাদ্য যেন চিপ্‌ছ আদিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ আৰু বেছি কৰিছে।

নতুন গৱেষণাই টোপনিৰ অভাৱকো ডায়েবেটিছৰ এবিধ কাৰক ৰূপে দেখুৱাইছে। ৫-ৰ পৰা ৬ ঘণ্টাতকৈ কম শুলে গ্লুকজৰ Metabolism-ৰ ওপৰত অপকাৰী প্ৰভাৱ পৰে। কোনো এজন লোকে যদি ৫ ঘণ্টাৰ কম সময় শোৱে তেন্তে তেওঁৰ ইনচুলিন Resistance বৃদ্ধি পায় আৰু লগতে কৰ্টিচল (CORTISOL) হৰমনৰ মাত্ৰা অধিক হয়। GHRELIN নামৰ হৰমনৰ মাত্ৰা বৃদ্ধি আৰু LEPTIN নামৰ হৰমনৰ হ্রাস হোৱা বাবে কমকৈ শোৱা ব্যক্তিৰ ভোকৰ পৰিমাণো বেছি হয়। যিসকল ব্যক্তিয়ে SHIFT WORK কৰে অৰ্থাৎ দিন আৰু ৰাতি উভয়তে কাম কৰিবলগীয়া হয়, তেওঁলোকৰ শৰীৰত হৰমনৰ মাত্ৰাৰ লগতে শৰীৰৰ ভিতৰৰ ছন্দ—যাক CIRCADIAN RHYTISM—বুলি কোৱা হয় তাৰো ভালেমান সালসলনি ঘটে। তেনে লোকৰ ডায়েবেটিছত ভোগাৰ প্ৰৱণতা বেছি হয়। এই কথাও কিন্তু বৰ আচৰিত যে যি ব্যক্তিয়ে বেছিকৈ শোৱে (৮ বা ৯ ঘণ্টাতকৈ বেছি) তেওঁলোকৰ ডায়েবেটিছ বেছিকৈ হয়। বেছিকৈ শোৱা ব্যক্তিৰ কিয় ডায়েবেটিছ বেছিকৈ হয় তাৰ বিষয়ে গৱেষণা হৈ আছে।

টোপনি গ’লে বহু লোকৰ নাকৰ শব্দ হয়। নাক বজাই শুলে মানুহে টোপনি ভাল হোৱা বুলি কয়। আচলতে কিন্তু কথাটো তেনেধৰণৰ নহয়৷ নাক বজাই শোৱা বহুতো লোকৰ বিশেষকৈ যিসকল শকত লোক তেওঁলোকৰ ৰাতি মগজুত অক্সিজেনৰ অভাৱ ঘটে আৰু ৰাতি তেওঁলোকে গম নোপোৱাকৈ কেইবাবাৰো সাৰ পায়। এই অৱস্থা আচলতে এটা ৰোগ আৰু ইয়াক OBSTRUCTIVE SLEEP APNOEA (OSA) বুলি কোৱা হয়। অৱশ্যে তাৰমানে কেতিয়াও এনে নহয় যে টোপনিত নাকৰ শব্দ হোৱা সকলো ব্যক্তিৰে এই অসুখ আছে। ইয়াৰ নিৰ্দ্ধাৰণৰ বাবে এবিধ বিশেষ পৰীক্ষা কৰা হয় যাক Sleep Study বুলি কোৱা হয়। এনে লোকে চিকিৎসাৰ বাবে ততালিকে চিকিৎসকৰ ওচৰ চাপিব লাগে। ডায়েবেটিছ ৰোগৰ বাবে ইও এক কাৰক, লগতে বৰ দৰকাৰী কথা এইটো যে এনে লোকৰ দিনত টোপনি ধৰি থাকে আৰু সেয়ে গাড়ী চলোৱা বা গধুৰ মেছিনত কাম কৰা আদি বিপদজনক হ’ব পাৰে। OSA-ত ভোগা লোকে সুৰাপান কৰা উচিত নহয় কাৰণ এলকহলে অক্সিজেনৰ অভাৱ আৰু বেছি কৰি দিব পাৰে টোপনিৰ সময়ত। এলকহল আৰু ডায়েবেটিছ ৰোগৰ সম্পৰ্কটো ইংৰাজী ইউ (U) আকৃতিৰ বুলি কোৱা হয়। এলকহলৰ কম মাত্ৰাত গ্রহণে ডায়েবেটিছৰ পৰা আঁতৰাই ৰাখিবও পাৰে বুলি গৱেষণাই কয়। এই পৰিমাণৰ এলকহল পুৰুষৰ বাবে ২২ গ্ৰাম আৰু মাহিলাৰ বাবে ২৪ গ্রাম বুলি কোৱা হয়। সহজভাৱে ক’বলৈ গ’লে হুইস্কী বা তেনে হার্ড ড্ৰিংকছৰ এয়া ৫০-ৰ পৰা ৫৫ মি.লি. হ’ব। কিন্তু প্রায় বেছিভাগ লোকেই অতিৰিক্ত পৰিমাণৰ পান কৰে আৰু ই ডায়েবেটিছৰ আশংকা বেছি কৰে। ৬০ গ্রাম পুৰুষৰ ক্ষেত্ৰত আৰু ৫০ গ্রাম মহিলাৰ–এইধৰণে অত্যাধিক মদ্যপানে ডায়েবেটিছ ৰোগ হোৱাত প্রত্যক্ষ অৰিহণা যোগায়।

চিগাৰেটৰ লগতো ডায়েবেটিছৰ সম্পৰ্ক আছে। এলকহলৰ অলপ-অচৰপ ভাল ফল থাকিলেও চিগাৰেটৰ এই ক্ষেত্ৰত একেবাৰে যোগাত্মক প্ৰভাৱ নাই। চিগাৰেট খালে বা অন্যধৰণৰ Smoking কৰিলে ইনচুলিনৰ Resistance বাঢ়ে আৰু যিমানে বেছিকৈ খোৱা হয় সিমানে ডায়েবেটিছৰ সম্ভাৱনা বাঢ়ি যায়। তদুপৰি চিগাৰেটত থকা নিক’টিনে হৃদৰোগৰ সম্ভবনাও বঢ়ায়। ডায়েবেটিছ ৰোগীৰ হৃদৰোগৰ পৰা জটিলতা সৃষ্টি হোৱা অতি বেছিকৈ হয় আৰু চিগাৰেট বা বিড়িৰ সেৱনে ইয়াত দুগুণে অৰিহণা যোগায়। চিগাৰেটত থকা নিকটিন অন্য উপায়েৰেও লোকে সেৱন কৰে যেনে ধপাত, জর্দা, গোট্‌খা আদিত। এই মাদক দ্রব্যসমূহ সেয়ে সমানে অপকাৰী আৰু ইহঁতক পৰিহাৰ কৰি চলাই নিৰাপদ।

এলকহল, চিগাৰেট আৰু লগত আন আন মাদক দ্ৰব্যৰ ব্যৱহাৰৰ লগত প্ৰায়ে জড়িত হৈ থাকে মানসিক চাপ বা Stress। আধুনিক যুগৰ লোকৰ বাবে মানসিক চাপ এক চিৰসংগী। সোতশ শতিকাত ডাঃ থমাছ উইলিছে এই কথা তেওঁৰ কিতাপ PHARMACEUTICALS RATIONALIS-ত লিখিছিল যে মানসিক চাপ ডায়েবেটিছৰ এটা কাৰক হ’ব পাৰে। কুৰি শতিকাৰ চিকিৎসক ডাঃ ৱাণ্টাৰ বি কেননে ডায়েবেটিছৰ আৱেগিক বা মানসিক যোগসূত্ৰৰ বিষয়ে পৰীক্ষাগাৰত বিশদ গৱেষণা আৰম্ভ কৰিছিল। তাৰ পাছৰপৰা আজিলৈকে এই বিষয়ে নতুন অধ্যয়ন হৈয়েই আছে। ডিপ্ৰেছন, মানসিক চাপ আৰু উদ্বিগ্নতাই গ্লুকজৰ মাত্ৰাৰ ওপৰত প্ৰভাৱ পেলায়। এই মানসিক অৱস্থাসমূহে CORTISOL-কে মুখ্য কৰি আৰু কেইবাবিধো এনে হৰমনৰ মাত্ৰা বঢ়াই তোলে যাৰ ফলত ইনচুলিনৰ নিজৰ কাম কৰিব পৰা ক্ষমতা হ্ৰাস পায়। গতিকে মনৰ শান্তিৰ বাবে প্ৰয়োজনীয়খিনি কৰাটো সকলোৰে কর্তব্য। ডিপ্রেছন আদি মানসিক ৰোগৰ বাবে ব্যৱহাৰ হোৱা ঔষধৰো পার্শ্বক্ৰিয়া হিচাপে ডায়েবেটিছ ৰোগ হ’ব পাৰে।

আমেৰিকান ডায়েবেটিক এছছিয়েছনে (ADA) ডায়েবেটিছৰ Risk Factor হিচাপে তলৰ কাৰণসমূহক উল্লেখ কৰিছে—

(১) ৪৫ বছৰৰ ওপৰৰ বয়স।

(২) Prediabetes-ত ভোগা। ই ডায়েবেটিছৰ প্ৰাৰম্ভিক অৱস্থা ।

(৩) গৰ্ভৱতী অৱস্থাত ডায়েবেটিছ হোৱা বা গধুৰ ওজনৰ কেঁচুৱা (৯ পাউণ্ডৰ = ৪.০৮ কেজিৰ) ওপৰৰ কেঁচুৱা জন্ম দিয়া।

(৪) পৰিয়ালত ডায়েবেটিছ ৰোগ থকা।

(৫) ওজন অত্যাধিক থকা।

(৬) শাৰীৰিক পৰিশ্ৰম নকৰা বা একেবাৰে কমকৈ কৰা।

(৭) উচ্চ ৰক্ত চাপ, হৃদৰোগ, পক্ষাঘাত ৰোগ, Polycystic Ovary Syndrome (PCOS) বা ডিপ্ৰেছনত ভোগা।

(৮) তেজত ভাল কলেষ্টৰল HDL-ৰ পৰিমাণ কমকৈ আৰু Triglyceride-ৰ পৰিমাণ বেছিকৈ থকা।

(৯) কিছু বিশেষ সম্প্ৰদায়ৰ লোকৰ যেনে— আফ্রিকান, আমেৰিকান, আমেৰিকান ইণ্ডিয়ান বা এছিয়ান আমেৰিকানৰ ডায়েবেটিছ হোৱাৰ আশংকা বেছি।

(১০) ডিঙিৰ ভাঁজত বা কাষলতিৰ তলৰ ছাল কলা, ডাঠ আৰু ভেলভেটৰ দৰে হোৱা যাক Acanthosis Nigricans বুলি কোৱা হয়। ই ডায়েবেটিছ ৰোগৰ বাৰ্তা দিয়ে।

সকলো ৰোগৰ দৰে ডায়েবেটিছ ৰোগৰো নিজা লক্ষণ থাকে। বহুক্ষেত্ৰত বিশেষকৈ গ্লুকজৰ মধ্যমীয়া বা কম বৃদ্ধিৰ ক্ষেত্ৰত ই সম্পূৰ্ণ লক্ষণবিহীনভাৱে থাকিব পাৰে আৰু পৰীক্ষা কৰিলেহে ই ধৰা পৰে। গ্লুকজ বেছিকৈ তেজত থাকিলে খুউব পিয়াহ লগা, ঘনাই প্ৰস্ৰাৱ হোৱা, ওজন কমি যোৱা, চকুৰে জলক-তবক দেখা, ভাগৰ লগা আদিয়ে দেখা দিয়ে। ডায়েবেটিছ বা মধুমেহ ৰোগে শৰীৰৰ বিভিন্ন অংগত কৰা জটিলতাবোৰৰ উপসৰ্গও দেখা দিয়ে। উদাহৰণস্বৰূপে নাৰ্ভৰ বা স্নায়ুৰ বিকলতাৰ বাবে ভৰিৰ পোৰণি বা বিষ, চকুৰ ৰেটিনাৰ দোষৰ বাবে দেখাত অসুবিধা, বৃক্কৰ বাবে হাত-মুখ ভৰি আদি ফুলি উঠা ইত্যাদি। ডায়েবেটিছ ৰোগৰ চিকিৎসাৰ বাবে ইয়াৰ সঠিক সময়ত ডায়েগনছিছ হোৱাটো অতি দৰকাৰী। এইসকল লোকে ডায়েবেটিছ ৰোগৰ বাবে পৰীক্ষা কৰাব লাগে:

(১) ৪৫ বছৰ বা তাতোকৈ বেছি বয়সৰ সকলো লোকে।

(২) ১৯ আৰু ৪৪ বছৰ বয়সৰ ভিতৰৰ ওজন বেছি থকা আৰু উপৰিউক্ত তালিকাৰ ৰিস্ক ফেক্টৰসমূহৰ এটা বা তাতোধিক কাৰক থকাসকলে।

(৩) GDM-ৰ ডায়েগনছিছ হোৱা মহিলাসকলে।

(৪) ১০ আৰু ১৮ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়েও পৰীক্ষা কৰাব লাগে যিসকলৰ ওজন জন্মৰ সময়ত কম আছিল, মাকৰ গৰ্ভৱতী অৱস্থাত GDM আছিল বা ৰিস্ক ফেক্টৰৰ তালিকাৰ কোনোবা এটা কাৰক আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *