পঞ্চম বছৰ (প্ৰথম সংখ্যা)

‘ডিজিটেল ইণ্ডিয়া’ৰ স্বপ্ন আৰু সাম্প্ৰতিক সমাজ (কনকলতা দত্ত)

আজিকালি প্ৰতি পলতে কিয় জানো একোটা মানসিক চাপত থাকিব লগাত পৰিছোঁ। মইতো ডিজিটেল ইণ্ডিয়াৰ মানুহ, মই বিশ্বায়নৰ দিনৰ মানুহ, মই আধুনিক প্ৰযুক্তিবিদ্যাৰ পয়োভৰত ওলমি থকা মানুহ, মই চন্দ্ৰ গ্ৰহলৈ চন্দ্ৰযান-২ পঠোৱা মানুহ। তথাপিওচোন কিছুমান আদিম প্ৰবৃত্তি, প্ৰস্তৰ যুগৰ খেয়ালি আৰু বৈদিক যুগৰ চতুৰালিয়ে মগজুৰ কিছুমান সিৰা উপসিৰা দখল কৰি বাঁহৰ মুঢ়াটোৰ দৰে বহি আছে। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে মইতো চিন্তা আৰু উদ্ভাৱন কৰিবপৰা এটা উন্নত মগজু লৈ জীৱকুলৰ মাজত গৰ্বিত।

আমাৰ জীৱন যাত্ৰাত যিধৰণে মাত্ৰাধিক পৰিৱৰ্তন আহিছে তেনেকৈ বাৰু আমাৰ চিন্তা চেতনা দৃষ্টিভংগীত আশা কৰা মতে পৰিৱৰ্তন আহিব নালাগিছিলনে? আদিম বন্যাৱস্থাৰপৰা ওলাই আহি খেতি কৰিলোঁ, শস্য সাঁচি ৰাখিবলৈ শিকিলোঁ, সম্পদ দখল কৰিবলৈ শিকিলোঁ, কেঁচা মঙহৰপৰা পুৰি খাবলৈ শিকিলোঁ (এতিয়া কি মঙহ খাম তাৰ সিদ্ধান্ত এচামে দিব পৰা হ’ল!), যাঠি জোঙৰপৰা আধুনিক মাৰণাস্ত্ৰ তৈয়াৰ কৰিলোঁ, বৰুণ দেৱতাৰ দান বুলি ভৱা বৰষুণৰ পৰা জ্বলবিদ্যুৎ প্রকল্প বনাব পাৰিলোঁ, অত্যাধুনিক প্ৰক্ৰিয়াৰে বৰষুণ সৃষ্টি কৰিব পৰা হ’লোঁ, টেষ্ট   টিউৱ বেবি জন্ম দিব পৰা হ’লোঁ, টোলত গ্ৰহণ কৰা শিক্ষাৰপৰা কম্পিউটাৰ যুগৰ আধুনিক প্ৰযুক্তিৰে শিক্ষিত হ’লোঁ। সকলোতেচোন বিজ্ঞান প্ৰযুক্তিৰ দিশাৰে ধাবিত হৈছোঁ। ইমানৰ পাছতো আমাৰ মন মগজুৰ মামৰবোৰ আঁতৰাব পৰা নাই নে আঁতৰাবলৈ বিচৰা নাই নে ধৰ্মীয় গোড়ামিৰে পুষ্ট এচামে আঁতৰাবলৈ দিয়া নাই? ক’ৰবাত যেন চেতনাৰ উন্মেষণত স্থবিৰতাই দেখা দিছে সৰ্বস্তৰতে। বিজ্ঞজনে কয় “শিক্ষাই পোহৰৰ মাপকাঠি”, তেন্তে আজিচোন শিক্ষিত সকলৰ ভিতৰতে অধিকাংশৰ মাজতে অন্ধবিশ্বাস, কু-সংস্কাৰ তথা ধৰ্মীয় গোড়ামিৰ প্ৰকোপ বৃদ্ধি পোৱা দেখা গৈছে। শিক্ষিত আৰু সাজে পোছাকে আধুনিক যেন লগা বহু ব্যক্তিৰ মনবোৰ এতিয়াও এলান্ধুকলীয়া হৈয়ে আছে। তাৰ প্ৰমাণ প্ৰতিদিনেই স্পষ্ট ৰূপত দেখা পোৱা যায়। আজিও জৰাফুঁকা, পানী কটা, ভূত-প্ৰেত, বীৰা বিশ্বাস (স্বয়ং ডাক্তৰ, মন্ত্ৰী) হাতত ৰঙা-ক’লা সূতা, তাবিজ, মাদলি, আঙঠি আদি ব্যৱহাৰ দেখা পাওঁ।

পুৰুষ শাসিত আমাৰ সমাজ ব্যৱস্থাত নাৰীসকল হৈছে সকলো ধৰণৰ নিপীড়নৰ চিকাৰ। এনে কিছু প্ৰথা, পৰম্পৰা, ৰীতি-নীতি আছে যি কেৱল নাৰীৰ বাবেহে যেন সৃষ্ট। এক বিশেষ সমীক্ষা অনুসৰি ইউৰোপত জ্যোতিষ শাস্ত্ৰত বিশ্বাসী পুৰুষৰ সংখ্যা শতকৰা ৫ আৰু মহিলাৰ সংখ্যা ৩০। তাৰ বিপৰীতে ভাৰতত পুৰুষৰ মাজত শতকৰা ৯৮ আৰু মহিলাৰ মাজত প্ৰায় ১০০ শতাংশ (তথ্য “মুক্তচিন্তা”, ডঃ অনিমা গুহ)। অলপতে মোৰ বন্ধু এজনৰ দেউতাকৰ মৃত্যু হোৱাত শ্ৰাদ্ধ নোহোৱালৈকে ব্ৰতত থাকিব লগা হোৱা নিয়মৰ কথা এটা উনুকিয়াব বিচাৰিছোঁ। ডাঙৰ পুত্ৰৰ যকৃতৰ অস্ত্ৰোপচাৰ কৰি নতুন যকৃত সংস্থাপন কৰা হৈছে। কমেও ২৫/৩০ লাখ টকা খৰচৰ বিনিময়ত। গতিকে তেখেতে স্বাস্থ্যজনিত কাৰণত নিয়ম অনুযায়ী ব্ৰত ৰক্ষা কৰিব পৰা নাই। সমাজেও ৰেহাই দিছে। কিন্তু প্ৰায় ৭৫ বছৰ উৰ্দ্ধৰ বৃদ্ধা মাতৃয়ে যিহেতু স্বামী ঢুকাইছে গতিকে পিত্ত ৰোগত বমি কৰি কৰি উশাহ ল’ব নোৱৰা অৱস্থাতো ব্ৰত পালন কৰি থাকিব লগা হৈছে। তাতে গ্ৰহণ লগা, আঁউশী-একাদশী লগ লাগি ব্ৰত আৰু জোৰদাৰ হৈ পৰিল। ব্ৰতৰ মুঠ ১১ দিনৰ ভিতৰত মাত্ৰ এসাঁজহে আহাৰ গ্ৰহণ কৰিছে। মৃতকৰ পৰিয়ালটিত মাত লগাবলৈ গৈ মাকৰ অৱস্থা দেখি মোৰ পুতৌ লাগিল। একে সময়তে বিয়া দি উলিয়াই দিয়াৰ বাবেই জীয়ৰী গৰাকীয়ে পিতৃৰ মৃত্যুত ব্ৰত নাৰাখিলেও হয়। কাৰণ তেওঁক কুশ ছিঙি বিয়া দি পৰৰ কৰি দিয়া হ’ল। সেইবাবেই জীয়ৰীগৰাকী শোকপালনৰ পৰাও বঞ্চিত হয়। এই বিষয়বিলাক যুক্তিযুক্ততাৰে বিচাৰ কৰি চাই আমি এনে এটি সিদ্ধান্তত উপনীত হ’ব পাৰোঁ যে পিতৃ-মাতৃ ঢুকালে কিমানদিন শোক পালন কৰিম, কেইসাঁজ নোখোৱাকৈ থাকিম সেয়া সমাজে নিৰ্দ্ধাৰণ কৰি দিয়া বাধ্যতামূলক বিষয় নহয়।

সচৰাচৰ ঘটি থকা আন এটি প্ৰচলিত পৰম্পৰা হ’ল কন্যা সন্তান ঋতুমতী হোৱাৰ উৎসৱ। উৎসৱ বুলি এইবাবেই উল্লেখ কৰিছোঁ যে আজিকালি এইবিধ প্ৰাকৃতিক পৰিৱৰ্তন সমাজত উৎসৱত পৰিণত হৈছে। আমি সকলোৱে জানো যে এগৰাকী কন্যা সন্তান প্ৰায় ১০/১১ বছৰৰ পৰা ১৩/১৪ বছৰৰ ভিতৰত শাৰীৰিক গঠনত পূৰ্ণপ্ৰাপ্তি লাভ কৰে। তাক ঋতুমতী (তোলনী) হোৱা বুলি কোৱা হয়। প্ৰাকৃতিকভাৱে কন্যা সন্তানটিৰ যৌন শক্তি বৃদ্ধি হয় আৰু প্ৰজনন ক্ষমতা লাভ কৰে। এই প্ৰাকৃতিক শাৰীৰিক পৰিৱৰ্তনটোকে যুগ যুগ ধৰি এনে এটি পৰম্পৰাত পৰিণত কৰিলে যে আজিকালি কন্যা সন্তান ঋতুমতী হোৱা মানেই ৰীতি-নীতি সহ ঢাক-ঢোল কোবাই বিষয়টি সামাজিক কৰা হয়। ৰীতি-নীতি অনুসৰি কন্যাটিক লগে লগে মেখেলা-চাদৰ পিন্ধাই মজিয়াত বিছনা পাৰি থাকিবলৈ দিয়ে। সন্মুখত বন্তি এগচি, তামোল-পাণ সহ এটি টোপোলা (কনাই) বান্ধি থোৱা হয়। চাৰিদিনলৈ ভাত, ৰুটি আদি গধুৰ আহাৰ গ্ৰহণ কৰা নিষেধ। ফলাহাৰ গ্ৰহণ, ঘৰৰ বাহিৰ হোৱা নিষিদ্ধ, কোনো পুৰুষৰ মুখ দেখিব নোৱাৰিব। লগে লগেই ব্ৰাহ্মণৰ ওচৰত ঋতুমতী হোৱাৰ ক্ষণ জনাই শুভ-অশুভ, দান-দক্ষিণা, কেইদিনীয়া ব্ৰত হ’ব (যোগ-শুভগা, দুখিলা, বেশ্যা আদি) চোৱাই আহি সেই অনুসৰি প্ৰথম চাৰিদিনীয়া ধুওৱা আৰু ক্ৰমে বিশাল আয়োজনেৰে সৰু বিয়া সম্পন্ন হয়। মাহ হালধিৰে নোৱাই ধুৱাই ফল থকা তামোল এজোপা সেৱা কৰিবলৈ দিয়ে যাতে তেওঁ ভৱিষ্যতে সন্তানসম্ভৱা হয়। আনৰ কেঁচুৱা কোলাত লৈ মিঠৈ খুৱাবলৈ দিয়া আদি অজস্ৰ নীতি নিয়ম পালন কৰা হয় (ব্যাখ্যাৰ পৰা বিৰত থাকিলোঁ)। নিয়মবোৰ গমিপিটি চালে মূলতঃ কন্যা সন্তানটি প্ৰজনন ক্ষমতা প্ৰাপ্ত হ’ব লাগিব। এই সমগ্ৰ নীতি নিয়মক এইবাৰ শিক্ষিত এচামে বিজ্ঞানৰ ৰহণ সানি প্ৰতিটো নিয়মৰ পিছফালে বৈজ্ঞানিক ব্যাখ্যা আগবঢ়ায়। কিন্তু আমাৰ সমাজত কথিত আছে যে “খালি পেটে জ্বল, ভৰ পেটে ফল।” এই আপ্ত বাক্য ফাঁকিত বৈজ্ঞানিক যুক্তি দেখা পোৱা যায়। কিন্তু সৰু ছোৱালী এজনী খালি পেটে ৰাখি ফলাহাৰ খুৱাই পিত্ত ৰোগক উদগনি দিয়া হয়। আনহাতে ল’ৰাবোৰ ‘ঋতুমতা’ নহয় নেকি? যৌন শক্তি বৃদ্ধিৰ বয়সপ্ৰাপ্ত নহয় নেকি? যদি হয় তেওঁলোকৰ ক্ষেত্ৰতো ঢাক-ঢোল কোবাই ৰীতি-নীতি পালন কৰা নহয় কিয়? এনে বহু জাতি-জনজাতি, সম্প্ৰদায় আছে যিসকলৰ মাজত এনে পৰম্পৰা নাই। আটাইতকৈ অশোভনীয় কিছু শব্দ আজিৰ ডিজিটেল সমাজত ব্যৱহৃত হৈ আছে যিবোৰ শুনিলে লাজ লাগে, হাঁহি উঠে। ঋতুমতী হোৱা দিনকেইটাত নাৰীগৰাকী হৈ পৰে অশুচী, অসুবিধা, চুৱা। চিকিৎসা বিজ্ঞানৰ মতে এটি শিশু শাৰীৰিকভাৱে বয়সৰ জোখাৰে পূৰ্ণপ্ৰাপ্তি অথবা পূৰ্ণ মানৱত পৰিণত হয়। সেই সময়ছোৱাত কোনো বীজাণু সংক্ৰমিত হোৱাৰ প্ৰশ্ন নাথাকে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ বাহিৰে সাধাৰণ জিৰণিৰ প্ৰশ্নও নাথাকে। ই সম্পূৰ্ণৰূপে এক প্ৰাকৃতিক প্ৰক্ৰিয়া। আমাৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই এই প্ৰাকৃতিক প্ৰক্ৰিয়াক এনে ৰূপ প্ৰদান কৰিলে যে কোন কেইগৰাকী কন্যা সন্তানে প্ৰজনন ক্ষমতা লাভ কৰিলে সি জনাজাত হ’ব লাগিব কাৰণ নাৰীগৰাকীৰ প্ৰধান আৰু অন্যতম কাম হ’ল-“সন্তান জন্ম দিয়া।” ইয়াক চিহ্নিত কৰাইএই সমাজৰ লক্ষ্য। তাই বহু বাধ্যবাধকতা মানি চলিব লাগিব, তাইক সুৰক্ষিত কৰি ৰাখিব লাগিব, তাইৰ ব্যক্তি স্বাধীনতা কাঢ়ি লোৱা হ’ল। কাৰণ তাইৰ সন্তান জন্ম দিয়া ক্ষমতাৰ হীনডেঢ়ি হ’ব নোৱাৰিব। এই অন্তৰ্নিহিত মৰ্ম বিষয়টোক পৰোক্ষভাৱে প্ৰচাৰ চলোৱা হয়।

এটা সময় আছিল, যেতিয়া চিকিৎসা বিজ্ঞানৰ পোহৰ পৰা নাছিল। কিন্তু আজি এই পৰম্পৰাক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে বিশ্লেষণ কৰাৰ সময় আহি পৰিছে। এই অ-বৈজ্ঞানিক ৰীতি-নীতিবিলাকৰ ফলশ্ৰুতিত বহু কন্যা শিশুৰ মানসপটত বিৰূপ প্ৰভাৱ পৰাও দেখা যায়। এই খিনিতেই আহি পৰে বিজ্ঞান, বিজ্ঞানমনস্কতা, বৈজ্ঞানিক দৃষ্টিভংগী, যুক্তি আৰু যুক্তিবাদ। বিজ্ঞানৰ ছাত্ৰ বা শিক্ষক হ’লেই বিজ্ঞানমনস্ক অথবা বৈজ্ঞানিক দৃষ্টিভংগীৰ অধিকাৰী বুলি সাধাৰণীকৰণ কৰিব পৰা নাযায়। চিকিৎসক, অভিযন্তা হ’লেই বিজ্ঞানমনস্ক ব্যক্তি বুলিব নোৱাৰি। বিপৰীতে এজন নিৰক্ষৰ ব্যক্তিও বিজ্ঞানমনস্ক বা বৈজ্ঞানিক দৃষ্টিভংগীসম্পন্ন ব্যক্তি হ’ব পাৰে। বিজ্ঞান সত্যৰ ওপৰত প্ৰতিষ্ঠিত কিন্তু চিৰসত্য বুলিবও নোৱাৰি। ই পৰিৱৰ্তনশীল। স্থান-কাল-পাত্ৰ আৰু প্ৰকৃতিৰ পৰিৱৰ্তিত পৰিক্ৰমাৰ সৈতে বিজ্ঞান সম্পৃক্ত আৰু নিৰ্দ্ধাৰিত হয়। ওপৰত আলোচ্য কন্যা সন্তান ঋতুমতী হোৱা বিষয়টোৰ লগত সম্পৃক্ত বিষয়টোও যুক্তিৰে চাব বিচাৰিছোঁ। শিশুটি ঋতুমতী হোৱাৰ সময়ত পালন কৰিবলগা সামাজিক পৰম্পৰা অথবা সহজ ভাষাত নিয়মবোৰ শিশুটিৰ সকলো ধৰণৰ মঙ্গল কামনা কৰিয়ে পালন কৰা হয় বুলিয়ে পৰম্পৰাৰ বাহক সকলে যুক্তি দৰ্শাব বিচাৰে। কন্যাকালত ঋতুমতী হোৱা আৰু সকলো পৰম্পৰা মানি ৰীতি-নীতি   পালন কৰাৰ পাছতো বহু নাৰী বিবাহৰ পাছত সন্তানসম্ভবা নোহোৱাকৈ থকা দেখা যায়। অন্যহাতে সন্তান জন্মৰ প্ৰক্ৰিয়াত বাৰে বাৰে মৃত সন্তান হ’ব পাৰে বা হয়। তেতিয়া এই নিয়মবোৰে সেই ক্ষমতা পুনৰ উদ্ধাৰ কৰিব পাৰেনে? সন্তান জন্ম দিয়াৰ ক্ষমতা কেৱল নাৰী গৰাকীৰ থাকিলেই সন্তান সম্ভৱনে? যদি তেওঁৰ স্বামী বা পুৰুষজনৰ সেই ক্ষমতা নাথাকে তেতিয়াওতো সন্তান জন্মৰপৰা বঞ্চিত হ’ব পাৰে। সেই বিষয়ে আমাৰ সমাজ নিমাত। কাৰণ পুৰুষৰ সন্তান জন্ম দিয়াৰ ক্ষমতা থাককেই বা নাথাককেই তেওঁ পুৰুষ, পতি পৰমেশ্বৰ। বিজ্ঞানে এই সকলো বিষয় যুক্তিযুক্ততাৰে বিচাৰ কৰি চাবলৈ শিকাইছে। ভাৰতৰ বাহিৰে অন্যান্য উন্নত দেশ সমূহত এনেবোৰ মতান্ধতাৰ পৰা আজিৰ মানুহ মুক্ত হ’বলৈ ধৰিছে। প্ৰকৃতাৰ্থত মানৱ সমাজত অন্ধবিশ্বাস, কু-সংস্কাৰ, ডাইনী হত্যা, ভূত-প্ৰেত, বীৰা, বুঢ়া ডাঙৰীয়া, বাবা, সাধু, মৌলৱী, যাজক আনকি আত্মা-পৰমাত্মা আদি বিশ্বাসৰ আঁৰত সদায় এটা সুবিধাবাদৰ নিৰ্মম শোষণ লুকাই থকাহে প্ৰমাণিত হৈছে। এনে বিশ্বাস অথবা পৰম্পৰাবোৰক আমি নিজৰ পৰিয়ালৰপৰা আৰম্ভ কৰি তৃণমূল স্তৰত সচেতনতা বঢ়াই তুলিব লাগিব আৰু লগতে সুবিধাবাদীসকলৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিব লাগিব। কিন্তু কেনেকৈ? য’ত স্বয়ং চৰকাৰৰ মহাৰজাসকলে দিনবাৰ চোৱাই চৰকাৰী বাসভৱনত প্ৰৱেশ কৰে, নমামী বৰাক-নমামী ব্ৰহ্মপুত্ৰ পাতে, অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰাৰম্ভণিতে ভূমি পূজন কৰে, কেন্সাৰ ৰোগক যেতিয়া পাপ-পূণ্যৰে নিৰূপণ কৰা হয়, তেনে এখন দেশত বিজ্ঞান প্ৰযুক্তিক সৰ্বস্তৰতে ব্যৱহাৰ কৰাৰ পাছতো বৈজ্ঞানিক ধাৰণা আৰু বিজ্ঞানমনস্কতা আদি প্ৰগতিশীল চিন্তা চেতনাৰ উন্মেষ হ’ব কেনেকৈ? শিক্ষা ব্যৱস্থাৰ প্ৰাথমিক স্তৰৰ পৰা সকলো ক্ষেত্ৰতে যুক্তিযুক্ততাৰে সকলো বিষয় বিশ্লেষণ কৰাৰ ব্যৱস্থা বা কাঠামো গঢ়ি তুলিব লাগিব। যুক্তিবাদী আন্দোলনৰ বিকাশ সাধনত সকলো প্ৰকাৰৰ প্ৰচাৰত গুৰুত্ব দিব লাগিব। সাহিত্য-সংস্কৃতি, প্ৰচাৰ মাধ্যম, সামাজিক প্ৰচাৰ মাধ্যমৰ পৰা গাঁৱে-ভূঁঞে, চহৰে-বাগিচাই জনগণৰ ওচৰলৈ বিজ্ঞান আৰু যুক্তিৰ বাৰ্তা আমি লৈ যাব লাগিব। তেতিয়াহে হয়তো বিজ্ঞানক বৈজ্ঞানিক দৃষ্টিভংগিলৈ আৰু যুক্তিক যুক্তিবাদী আন্দোলনলৈ ৰূপান্তৰ ঘটাব পৰা যাব।

Leave a Reply

Your email address will not be published. Required fields are marked *