বিবিধ চিন্তা

নোবেল বঁটাৰ সৰু সৰু কথা-( ৰাচিদা ৰহমান)

নোবেল বঁটাটোক সকলোতকৈ শ্ৰেষ্ঠ বঁটা বুলি সকলোৱেই জানে। ৬-টা বিভাগত নোবেল বঁটা দিয়া হয়। সেইকেইটা হৈছে– পদাৰ্থ-বিজ্ঞান, ৰসায়ন-বিজ্ঞান, ঔষধ (মেডিছিন), সাহিত্য, অৰ্থ-বিজ্ঞান (ইকনমিক্স) আৰু শান্তি। ১৯০১ চনত প্ৰথম নোবেল বঁটাৰ আৰম্ভণি কৰা হয়। এই চমু লিখাটোত বঁটাটিৰ সৈতে সম্পৰ্কিত কিছুমান তথ্যৰ উল্লেখ কৰিম।

আলফ্ৰেড নোবেলৰ (১৮৩৩-১৮৯৬) জন্ম হৈছিল চুইডেনৰ ষ্টকহ’ম (Stockholm) নগৰত, ১৮৩৩ চনৰ অক্টোবৰ মাহৰ ২১ তাৰিখে। তেওঁ বিখ্যাত হৈছিল ডাইনেমাইট (dynamite) আৱিস্কাৰ কৰাৰ কাৰণে। তেখেতে জীৱনকালত তেখেতৰ নামত ৩৫৫-টা পেটেণ্ট কৰিছিল। তাৰ ভিতৰত ডাইনেমাইটটোৱেই আছিল সকলোতকৈ বিখ্যাত। তেখেত ১৮৯৬ চনৰ ১০ ডিচেম্বৰত মৃত্যুবৰণ কৰে।

বঁটাটোৰ এটি পিঠিত আলফ্ৰেড নোবেলৰ চিত্ৰ খোদিত কৰা থাকে।

নোবেল বঁটাৰ যোগ্য সকলক কোনে নিৰ্বাচন কৰে? নোবেলে শেষ সময়ত কোনে কোনটো বিষয়ৰ যোগ্যসকলক নিৰ্বাচন কৰিব তাক ধুনীয়াকৈ ঠিক কৰি গৈছে। The Royal Swedish Academy of Science-এ পদাৰ্থ-বিজ্ঞান আৰু ৰসায়ন-বিজ্ঞানৰ নোবেল বঁটাৰ যোগ্যসকলক নিৰ্বাচন কৰে। মেডিচিন বা ফিজিঅ’লজীৰ নোবেল বঁটাৰ যোগ্যকেইজনক নিৰ্বাচন কৰাৰ দায়িত্ব দি থৈ গৈছে Karolinska Institute-ক। The Swedish Academy-এ সাহিত্যৰ যোগ্যজনক নিৰ্বাচন কৰে। নৰৱেৰ পাৰ্লিয়ামেন্টৰ পৰা ভোটত জিকা পাঁচজন সদস্য লৈ এখন কমিটি গঠন কৰি সেই কমিটিখনে নোবেল শান্তি বঁটাৰ যোগ্যজনক নিৰ্বাচন কৰে।
১৮৯৫ চনৰ ২৭ নৱেম্বৰত তেখেতে নিজৰ উপাৰ্জনৰ এটা বৃহৎ অংশ নোবেল বঁটাৰ কাৰণে দান দি থৈ গৈছে। নোবেল বঁটাত থকা টকাৰ পৰিমাণ প্ৰত্যেক বছৰেই বেলেগ হয় । বাপুজী মহাত্মা গান্ধী ৫-বাৰকৈ মনোনীত হৈছিল নোবেল শান্তি বঁটাৰ কাৰণে, কিন্তু তেওঁ নামটো প্ৰত্যকবাৰতেই শেষ পৰ্যায়ত বাদ পৰিছিল।

এতিয়া এই অতি সন্মানজনক বঁটাটোৰ সৈতে জ‌ড়িত কেইটিমান আকৰ্ষণীয় তথ্যলৈ লক্ষ্য কৰা যাওক।

  • ১৯০১ চনৰ পৰা ২০১৯ চনলৈকে মুঠ ৫৯৭-টা নোবেল বঁটা ৯৫০ জনক প্ৰদান কৰা হয় । ২০১৭ চনলৈকে এই বঁটা প্ৰাপ্তসকলৰ গড় বয়স প্ৰায় ৬০ বছৰ ।
  • মালালা ইউচুফজাই হৈছে সকলোতকৈ সৰু নোবেল শান্তি বঁটাৰ বিজয়ীনী। তেওঁ ২০১৪ চনত ১৭ বছৰ বয়সত নোবেল বঁটা লাভ কৰে। জন বি. গুডেনাফ হৈছে সকলোতকৈ বয়োজেষ্ঠ্য, তেওঁ ২০১৯ চনত ৯৭ বছৰ বয়সত নোবেল বঁটা পাইছিল।
  • জন বাৰডিনে পদাৰ্থ-বিজ্ঞানত দুবাৰকৈ নোবেল বটা প্ৰাপ্ত কৰে, ১৯৫৬ আৰু ১৯৭২ চনত।
  • মেৰী কিউৰি হৈছে একমাত্ৰ মহিলা যি এতিয়ালৈকে ৰসায়ন-বিজ্ঞানত দুবাৰ নোবেল বঁটা লাভ কৰে ১৯০৩ চনত আৰু ১৯১১ চনত।১৯০১ চনৰ পৰা ২০১৯ চনলৈকে মাত্ৰ ৫৪ গৰাকী মহিলাইহে এতিয়ালৈকে নোবেল বঁটা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
  • প্ৰথম শান্তিৰ নোবেল বঁটা ১৯০১ চনত চুইজাৰলেণ্ডৰ হেনৰী ডুনাণ্ট আৰু ফ্ৰান্সৰ ফ্ৰেডেৰিক পাছেই লাভ কৰিছিল।
  • মাত্ৰ শান্তিৰ নোবেল বঁটাটোহে ষ্টকহ’মত দিয়া নহয়। এইটো নৰৱেৰ ৰজাৰ উপস্থিতিত অচলোত ডিচেম্বৰৰ ১০ তাৰিখে আলফ্ৰেড নোবেলৰ মৃত্যু বাৰ্ষিকীত প্ৰদান কৰা হয়‌।
  • এতিয়ালৈকে ৯-জন ভাৰতীয় বা ভাৰতীয় মূলৰ লোকে নোবেল বঁটা অৰ্জন কৰিছে। প্ৰথম ভাৰতীয় নোবেল বঁটা বিজয়ীগৰাকী হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ‌।
  • নোবেল বঁটাটো এটা ১৮ কেৰেটৰ সোণৰ মেডেল, ওজনটো প্ৰায় ১ পাউণ্ডৰ তিনি ভাগৰ এভাগৰ সমান আৰু ২.৬ ইঞ্চি ব্যাসৰ‌।
  • পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা বিজয়ী লিঅন লেডাৰমেনে তেওঁৰ বঁটাটো নিজৰ চিকিৎসাৰ খৰচ বহন কৰিবৰ কাৰণে বিক্ৰি কৰি দিছিল। আৰু কেইবাজনেও বঁটাটো নিজৰ বিপদৰ সময়ত বিক্ৰি কৰি দিয়াৰ উল্লেখ আছে ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *