গল্প-কবিতা

দৈনন্দিন -(অংগনা দত্ত)

কথাটো প্ৰথমে ময়ো ভালদৰে টং কৰিব পৰা নাছিলোঁ৷ সেইদিনা বগী চাদৰখন লৈ মেলাহি মেলা খুটখুটিয়া বুঢ়ীজনীও অহা নাছিল৷ দৰৱত দিবলৈও নথকা যেন দেওবাৰটো অপচয় নহওক বুলিয়েই ময়ো বাটৰ ফালে পোনালো৷
দূৰৈত, বহুত দূৰৈত কাঁচৰ এটা গোলাৰ মাজত এজনি কিবাকিবি এসোপামান লৈ বহি আছে৷ ওচৰ চাপি ধাৰণা হ’ল এন্ধাৰকলীয়া বিৱৰ্ণ হাত মোজাযোৰেৰে তাৰ মোটোহা আঙুলিবোৰ ঢাকি লৈছে৷ চাওঁ-নাচাওঁ কৈ তাৰ চকুযোৰলৈ মন কৰিলতহে বুকুখন ঢিপলিংকৈ গ’ল৷ ইমান দ’ আৰু বেজাৰমুৱা চকু এযোৰ লৈ বজাৰখন মেলি লৈছে৷ মই তাত আৰু এপলকো ন’ৰলোঁ‌।

স্বাভাৱিকভাৱেই বিৰক্ত হ’লোঁ৷ মটীয়া ৰঙৰ ধূসৰ পথটোৰ আশে-পাশে দোকান ঘৰবোৰ সজাই থোৱা আছে৷ যুৰীয়াকৈ যুটি থোৱা ক’লা-বগা ছাগলী পোৱালি দুটিয়ে অগাভেটা কৰি আছে৷ ট্ৰাক দুখনমান সম্ভৱতঃ অলপ সময়ৰ আগেয়ে পাৰ হৈ গৈছে৷ বাটৰ ধূলিৰ সুতা চিঙি চিঙি মই আগবাঢ়িলোঁ৷ খয়েৰী ৰঙৰ চাদৰ এখনহে যেন কোনোবাই মেলি থৈছে৷ মোৰ আগে আগে যোৱা ঘোঁৰাগাড়ীখনত এবোজা খেৰ বোজাই থোৱা আছে; লগত হাতলেম এটা, এছটি নোহোৱা টেবুল ফেন এখন আৰু জাপি এটা৷ ক’ত বা গৈ আছে মানুহবোৰ? ইমান খৰধৰ, লৰাঢপৰা৷ এজাক মানুহ, চোলা-পেণ্ট, জোতা-চেণ্ডেল, চেলোৱাৰ, চাদৰ- মেখেলাৰ জপজপ শব্দৰে পথটো গাভিনী গাইৰ দৰে উখহি আছিল৷ সকলোফালেই দলদোপ্‌ হেন্দোলদোপ্‌৷ আৰে, কথাটো কি? ইমান তাৰাতাৰি কিহৰ? মই অলপ ৰৈ উমান ল’বলৈ যত্ন কৰিলোঁ৷

বাছখন ইতিমধ্যে ষ্টপেজটো এৰি গুচি গৈছে৷ একেবাৰে ঠেৰুচিগা যেন শূন্য ঠাইখনত শব্দবোৰ ৰূদ্ধশ্বাস আৰু অসলগ্ন হৈ পৰিল৷ ষ্টপেজটোত মোৰ বাহিৰেও আন কোনোবা আছে নেকি বুলি চকু ফুৰালোঁ৷ একেবাৰে সৌ কাষত নীল সেউজীয়া যেন বান্দৰৰ পোৱালি তিনিটাচোন! নাক, কাণ ধৰি বহি আছে৷ এৰা, ইহঁতৰে অতপালি বেছি আজিকালি৷ খাবলৈ নোপোৱা কেলেহুৱাবোৰ৷ ওচৰ চাপি দেখিলো নহয়-
‘ধেৎ, ডাষ্টবিনহে সেইকেইটা!’
বয়সৰ তাল মিলাই চকুৰ লগতে মাথাও হিলিছে৷ চকু দুটা মোহাৰি মোহাৰি সিহঁতক তাতে এৰিলোঁ৷
ব’হাগমাহ এই শেষ হওঁ হওঁ৷ ৰ’দেও ছেগাচোৰোকাকৈ তলি-ভেদি ৰং দেখাইছে৷ মোৰ নাক, থুতৰিত অলপ চলপকৈ ঘাম বিৰিঙি উঠিছে৷ মচি মচি মই আগবাঢ়িলোঁ৷ বাটটোকো পৰোৱাই পালে বোধহয়৷ সকলো অনিশ্চয়তা আঁতৰাই গমগমীয়া কোৰ্হাল শুনা পালোঁ৷ পেপাঁৰ শব্দ, ঢোলৰ শব্দ, মাজে মাজে গা সিৰিক্‌কৈ যোৱা মাইকৰ কেচকেচনি শুনিলোঁ৷

টগবগাই থকা ডাঙৰ বিহু মঞ্চ৷-
” শ্ৰদ্ধেয় বিহুবলীয়া ৰাইজ, আপোনালোকক জনাবলৈ আমি নথৈ আনন্দিত যে আমাৰ স্বনামধন্য নেতা অমুক আৰু মৰমৰ গায়ক তমুক আমাৰ মাজত আহি উপস্থিত হৈছে৷ সেয়ে পলম নকৰি আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰোহঁক৷”

“মানুহজন সঁচাই নিৰ্ভীক জানেনে?”-
মোৰ কাষতে বহি থকা ভদ্ৰমহিলা গৰাকীয়ে কৈ উঠিল৷
“কোনজনৰ কথা বা কৈছে?”মনতে পাগুলিলোহে৷ সুধিবলৈ সাহে নুকুলালে৷ মই আঁৰ চকুৰে ভদ্ৰ মহিলালৈ চালোঁ৷ তেওঁৰ পাৰ্লাৰধন্য নিমজ হাতখন ঢাকি মুগা ৰেছমী আঁচলখন উৰি আছে৷ হঠাতে হাতখন মুকলিকৈ ওলাই পৰিলত দেখি মোৰ পিলাই চমকি উঠিল৷ ভদ্ৰমহিলাক কোনোমতে শুভ সন্ধ্যা জনাই মই ঘৰলৈ কোবাকুবিকৈ বাট ল’লো৷

কি যে অধিবাস্তৱীয় দিন এটা!

দিনটো কিবা যেন বিচিত্ৰ, বিপথগামী আৰু কপটতাৰে ভৰা৷ কোনোবা কাহানিতেই পঢ়া পুৰণি ৰচনা এখন মনলৈ আহিল৷ জন্মান্ধ কেইজনমানৰ গোট এটাক লৈ সম্পৰীক্ষা এটা চলোৱা হৈছিল৷ কেটাৰেক্টৰ এটা অপাৰেচনৰ পাছত তেওঁলোকে দৃষ্টিশক্তি সম্পূৰ্ণকৈ ঘূৰাই পায়৷ কিন্তু দুবিধাটো হ’ল সেই সময়ত তেওঁলোকৰ মগজুৱে দৃশ্যগত চেতনাসমূহ যেনে-ৰং, ৰূপ, আকাৰ, দ্যুতি ইত্যাদিক অনুভৱ কৰিবলৈ অক্ষম হ’ল৷ তেওঁলোকৰ সন্মুখত পৰি আছিল এখন চাৰিচুকীয়া, অগভীৰ চকমকীয়া ৰঙৰ চেকুৰা, কিছুমান পোহৰ আৰু কিছুমান ইমান আন্ধাৰ যে দ খাদ এটাৰ দৰে৷ ঠিক যেন তেওঁলোকৰ চিনাকি পৃথিৱীখনত এইমাত্ৰ কোনোবাই জোটঁ লগাই গ’ল৷
জোটঁলগা পৃথিৱীখন তাতে এৰি খোজৰ গতি খৰ কৰিলোঁ৷ চকুৰ পতা গধুৰ হৈ পৰিল৷ মুখৰ আগত মনেটৰ পেইণ্টিঙৰ নিচিনা ছবি কিছুমান অগাদেৱা কৰি আছে৷ এদিন এনেকৈয়ে জাতিংগা চাবলৈ গৈ জলপ্ৰপাত এটা বিচাৰি ফুৰিছিলোঁ৷ পৰুৱাই পোৱা বাটটোৱেদি গৈ গৈ মাহ মাহ ধৰি বৰষুণ নপৰা ঠাই এখন ওলালোগৈ৷ বিষণ্ণ বেলিটোক লৈ নৈ নে জুৰিটো স্তিমিত৷ ক্লেদাক্ত৷
উভতি আহোঁতে গাড়ীৰ পিছছিটত মূৰটো হাওলাই পত্নীয়ে মোক ক’লে,
” মাকণ আৰু পুতুকণে নতুনকৈ ঘৰ এটা ল’লে বুজিছা৷ কিন্তু কথা হ’ল, পুতুকণে যে ঘৰটো অলপো পচন্দ নকৰে৷ নকৰিবলগীয়া কথাও৷ বৰ খঙাল, এলাইবাদু মেকুৰী এজনী থাকে চৌহদটোত৷ মাজে মাজে আহি গোটেইখন লণ্ড-ভণ্ড কৰে৷ তাইৰ ‘টেৰিটৰী’বোলে৷ মুঠতে পুতুকণ ভীষণ অসুখী৷ কিন্তু মাকণৰ মতে কথাটো সেইটো নহয়৷ সমস্যাটোৰ গুৰি আন ক’ৰবাত৷ কোৱাচোন মাকণে কিয় তেনেকৈ ভাৱিলে?”

“উৱা, মইনো কেনেকৈ জানিম? তোমাৰ মাকণ, তোমাৰ পুতুকণ, তুমিহে জানিবা৷”
তেওঁক তেনেদৰে ক’লোঁ যদিও সেইদিনাৰ পৰাই মনতে উত্তৰটো বিচাৰি আছোঁ৷ ছেঃ, আপদীয়া কথাবোৰ এতিয়াহে মনলৈ আহিব পাইনে?
উত্তৰটো গুণাগঁথা কৰি কৰিয়েই ঘৰ পালোহি৷ পাকঘৰলৈ ভুমুকিয়াই চালো৷ পত্নী ব্যস্ত পিঠা ভজাত৷ বেকগ্ৰাউণ্ডত তেওঁৰ প্ৰিয় সংগীত৷ “এই ধুনীয়া গধূলি লগন”ৰ লগে লগে তিল-গুৰৰ ফুৰফুৰীয়া সুগন্ধি এটাই মোহ লগাই মোকো বান্ধি ল’লে৷
বিহু খেদিবলৈকে ওচৰৰে বন্ধু দুজনমান আহিল৷ বিহু, চান্দা, মূল্যবৃদ্ধিৰ ৰটনা ৰটি হ’লত তেওঁলোককো মাকণ, পুতুকণৰ সাঁথৰটো সুধিলোঁ৷ পুতুকণৰ ওচৰত তেওঁলোকেও হাৰ মানিলে৷ এজনে এইটো চেলুতে আন এটা প্ৰশ্নৰ অৱতাৰণা কৰিলে,

“সাধুটো বছৰ বছৰ পুৰণি৷ এখন ডাঙৰ গেজেপনি হাবি আছিল৷ তাতে মজা মাৰি এগালমান বান্দৰে খাই-বৈ সুখেৰে আছিল৷ গণ্ডাই গণ্ডাই বান্দৰ, গণ্ডাই গণ্ডাই গছ গছনি, ফল-মূল৷ মুঠতে ৰামৰাজ্য৷ এদিন দেশখনৰ ৰজা যাওক সেইফালেৰে৷ এনেই ৰজা লুটুৰা, তাতে এনেহেন সোনৰ খনি ঠাইকণ দেখি তেওঁৰ বোপা ককাৰ দিনৰ বেপাৰী প্ৰবৃত্তি উকমুকাই উঠিল৷পিছে দিলে নহয় বিধি-পথালি বান্দৰবোৰে৷ কি কৰোঁ, কি নকৰোঁ হৈ অৱশেষত ৰজা সিয়ান মন্ত্ৰীৰ কাষ চাপিল৷ উপায় দিলে যে আমুক বাঁহীবাদকক মাতক৷ যাদুকৰী বাঁহীৰ সুৰে বান্দৰ দলটোক সন্মোহিত কৰি একেবাৰে ৰাজ্যৰ সীমাত থকা কুঁৱাটোত পেলাই দিব৷ কথামতেই বাঁহীবাদকক মতা হ’ল৷ আচৰিত কথাটো হ’ল বাঁহীবাদকে বাঁহীটো বজোৱাৰ প্ৰয়োজনেই ন’হল৷ তেওঁৰ নামটো শুনিয়েই বান্দৰৰ দলটোৱে নিজেই কুঁৱাত জাপ দিলেগৈ৷এতিয়া প্ৰশ্নটো হ’ল, বাঁহীবাদকৰ নামটো কি?”

আজিচোন শেনৰ এজাত৷ মই মনে মনে গমি পিতি চালো৷ এজনেও নোৱাৰিলো৷ প্ৰশ্ন সোধাজনে ঢেকঢেকাই হাঁহি ক’লে,“ কিয় পুঁজিপতি আকৌ৷ নাম শুনি বান্দৰ কি আমিয়েই পলামচোন৷”
চাহৰ খবৰ লোৱাৰ অচিলা লৈয়ে পাকঘৰ পালোহি৷ পত্নীয়ে একান্তমনে চাহ বাকি আছে৷ পিৰিচত পিঠা, লাডু ভাগে ভাগে সাজি চাহৰ কাপত কাৰোবাৰ কাটি লোৱা তৰ্জনী আঙুলি এডোখৰ লৈ লৰাই লৰাই চেনি গুলি আছে৷ চকু কেইটা মোহাৰিলোঁ৷ চালোঁ, কি দেখিছোঁ৷ মানুহটো জ্বৰে ঘমাদি ঘামিছোঁ৷ দুপদুপাই চৰাঘৰ পালোহি৷
সময়ত চাহ আহিল৷ পিৰিচত পিঠা, লাডু, কেক আহিল৷ একো যেন হোৱাই নাই তেনে এটা ভাৱত চাহৰ কাপ হাতত লৈ আকৌ সৰস আলোচনাত ডুৱ গ’লো৷
সেই তেতিয়াৰ পৰাই ডিঙিটোত কিবা এটা যেন লাগি আছে৷ চুই চালে আঙুলিৰ দৰে গঠন এটা৷ পত্নীকো সুধিব নোৱাৰি৷ যিহে দিনকাল, পগলা ফাটেকত ধৰি বান্ধি নপঠাব যে তাৰো কোনো গেৰাণ্টী নাই৷ পুঁৱতি নিশা হলহলাই বমি কৰিলতহে ৰক্ষা৷
ঠিকেই, কাৰোবাৰ সোণালী নখীয়া তৰ্জনী আঙুলি এটা!মূৰৰ যে বিকৃতি হোৱা নাই সেইটো ভাৱিয়েই সকাহ পালোঁ৷ পত্নীয়ে ক’লে যে, ইটো বস্তু এলাপেচাজনৰ নহয়, কোনোবা ঘিউ মৌ খোৱা ঘৰৰ৷ আমাৰো দিন ভাললৈ আহিছে যেন পাইছোঁ৷ মই একো নকৈ চুপচাপ শুবলৈ গ’লোঁ৷
দুদিনমান বাতৰি কাগজত চকু দিয়াই নহ’ল৷ সেয়ে পুৱাই মেলি ল’লোঁ৷ ৰাজ্যত চাৰিওফালে হৈ চৈ৷ শুই থাকোতেই ৰাজ্যাধিনায়কৰ তৰ্জনী আঙুলিটো কোনোবা চোৰে লৈ গ’ল৷ সেই লৈ মিডিয়া, ৰাইজ সকলোৰে হুলস্থূল৷ সৰ্বসাধাৰণৰ সুৰক্ষা ক’ত? ৰাজ্যাধিপতিৰে এনেকুৱা৷ ইতিমধ্যে দুই এটা গোচৰ ৰুজু হৈছেই৷ মুখ লজ্জাৰ বাবে কিছুৱে ন’কলেও প্ৰায় মানুহৰে শুই থাকোতে , বজাৰলৈ যাওঁতে, কামলৈ ওলাওঁতে তৰ্জনী আঙুলিটো হেৰাইছে৷
মুখৰোচক খবৰেৰে ভৰা বাতৰি কাকতখন দলিয়াই দি ময়ো দিনটোলৈ সাজু হ’লো৷ ল’ৰা -ছোৱালী অহা নাই ৷ স্কুলো তলা লগা৷ শিকোৱা মেলাৰ কাম এৰি হৰেকমালৰ বজাৰ খনকে লৈ ওলালোঁ৷ পলিঅ’ৰ কাম৷ পিয়লৰ কাম৷ ইটো-সিটো লৈ ব্যস্ত মানুহ৷
হৰেকমালৰ বাকচটো এঘৰত খুলি খালি দেখুৱাইছো৷ খুচ-খাচ ইটো সিটো৷ গৃহিণীয়ে তামোল চকলিয়াই চকলিয়াই খা-খবৰ ল’লে৷ কথাৰ লাচতে বহীত জমা দিবলৈ তেওঁৰ আঙুলিৰ চাব এটা বিচাৰিলো৷ মোক আচৰিত কৰি দীঘল নলীয়া কটাৰী খনেৰে হঠাতে তৰ্জনী আঙুলিটো কাটি মোৰ আগত দিলেহি৷
” বাপু ঘৰত চলিবলৈ ফুটাকড়ি এটাও নাই৷ জানাইচোন বিনামূলীয়া দেৱাইয়ে দদাইদেউক এলেহুৱা কৰিলে৷ চৰকাৰী আচনিত এওঁৰ নাম নাহিলে চৰু নজ্বলিব৷ তুমিয়ে কাণ চোৱাই থ’বা৷”
কথমপি সৰি নপৰিলো৷
হওঁতে এইবোৰ কথা আজিকালি সাধাৰণ যেন ল’গা হৈছে৷ ফাওতে দুজাঁই মাৰি আতংক কৰাবোৰ নোহোৱা কৰা হৈছে৷ সকলোতে মিডাছ টাচ্ছ৷ কোনো ফাটাফাটি নাই৷ বোমা-বাৰুদ নাই৷ মুঠতে চাৰিওফালে শান্তিয়েই শান্তি৷
ঠাইখন ছমাহমানলৈকে “ডিষ্টাৰ্ব এৰিয়া”ৰ মাজত শান্তিৰ “এৰিয়া” হিচাপে জিলিকি আছে৷ তথাপি এইদৰে একলব্যৰ দৰে আঙুলি এটা কাটি মুখৰ আগত দিলে কাৰনো বুকু নকঁপিব বাৰু?

সন্ধিয়া চাহকাপৰ লগতে পত্নীয়ে বতৰা এটিও দিলে৷ ডাক পৰিছে৷ তাকো ৰজা ঘৰৰ৷ এই কামফেৰি যে পত্নীৰ, নক’লেও বুজি পাওঁ৷ আঙুলিটো মালিকক গোটোৱাৰ দিহা কৰিছে৷ দস্তুৰমত মূল্য দিব৷
আৰামত বহি লোৱা পত্নীক সুধিলোঁ,” বেচেই পাওঁনে বেচাই যাওঁ নাজানো৷
সেইদিনাৰ সাথঁৰটোৱে এতিয়াওঁ উকমুকাই আছে৷ পাৰিলে আজিয়েই উত্তৰটো কোৱা৷”
পত্নীও কম নহয়, লেনিয়াই ক’লে,” নাজানো তুমি কি শিক্ষা দিয়া৷ সাধাৰণ কথা এটাও নাজানানে? উত্তৰটো পুতুকণ নিজে৷ পুতুকণেই সেই মেকুৰীটো৷ ঘৰলৈ সোমাওঁতেই আইনাত পুতুকণে নিজৰ প্ৰতিচ্ছবি দেখি অইন মেকুৰী বুলি ভাৱি লম্ফ জম্ফ কৰিবলৈ ধৰে৷ সেয়ে মাকণে গুৰুত্ব দিয়া নাছিল৷
“এৰা, ইমান সাধাৰণ কথা এটাই নাজানো৷ এনেই পঢ়াব শিকাব নোৱাৰো বুলি গালি খোৱা নাই৷
পুৱাই ওলালোঁ৷ ৰাজভৱন দলদোপ হেন্দোলদোপ্৷ ক’লা বগা পাঠাৰ ডাঙৰ ভোজ৷ তেনেই ইলাহী কাৰবাৰ৷ ৰাজ্যাধিনায়কৰ যঁজা ভায়েক দুজনো আহিছে৷ ভালদৰে খাবলৈ নাপালে এজনে যদি অস্ত্ৰ তুলি ল’ব বুলি কৈছে, আনজনে ধৰ্ণাতে বহিবলৈ লৈছে৷ মুঠতে চাৰিওফালে তাৰাতাৰি৷ তাৰ মাজতে কোনোবাই মোক আন্ধাৰবুলীয়া কাঁচৰ গোলা এটাৰ ভিতৰত বহুৱালেগৈ৷
মোৰ সন্মুখত ৰাজ্যাধিনায়ক ভায়েক সহিতে বহি আছে৷ ভালদৰে মন কৰিলোঁ তিনিওজন হুবহু অবিকল৷ আচৰিত হ’বলগীয়া কথাটো হ’ল তিনিওজনৰে তৰ্জনী আঙুলিটো হেৰাইছে৷ একেদিনাই৷ একেধৰণেৰে৷ তিনিওজনৰে দাবী আঙুলটো তেওঁৰ৷ আঙুলিটো যিহেতু মই বিচাৰি পাইছোঁ৷ সেয়ে বিচাৰৰ গুৰুভাৰো মোৰ ওপৰতে৷
ওচৰতে থকা বুদ্ধিজীৱী দুজনমানে উপায় দিলে৷ তিনিওজনৰ ভিতৰত এজনে কেৱল সঁচা কথা কয়৷ এজনে মিছাৰ বাহিৰে একো নিচিনে৷ এজনে সচাঁও নকয়, মিছাও নকয়৷ এই অবিকল মানুহকেইজনৰ পৰা উপযুক্ত জনক বাচি আঙুলিটো দিব লাগে৷
সঁচাই অধিবাস্তৱীয়!
বহুতপৰ ভাৱি গুণি মই তেওঁলোকৰ প্ৰত্যেকজনকে এটা প্ৰশ্ন সুধিলো৷” সোণালী নখীয়া আঙুলিটো যাৰ হাতত, ৰাজ্যও তাৰ মুঠিত৷ যিহেতু আঙুলিটো অতি মূল্যবান, সেয়ে ইয়াৰ পৰা প্ৰকৃততে কোন লাভান্বিত হ’ব- আপুনি নে মই নে কাৰোৰেই নহয়৷”
মই মনতে ভাবিলোঁ, যিজনে ক’ব আপুনিহে লাভান্বিত হ’ব সেইজনেই সঁচা কৈছে৷ সেইজন মোৰ মতে ৰাজ্যাধিনায়ক৷ যিজনে ক’ব তেওঁহে লাভান্বিত হ’ব, সেইজন সংগ্ৰামকাৰী৷ কাৰণ এইটো সচাঁ হ’ব নোৱাৰে আৰু এটাও নোকোৱাজন আমাৰ ধৰ্ণা ধৰাজন৷
আমাক লাভান্বিত কৰাজনৰ হাতত আঙুলিটো দি ময়ো ঘৰমুৱা হ’লো৷ মনতে ভাৱিলোঁ, উপযুক্তজনক দিলোঁ যেতিয়া আমাৰ আঙুলিবোৰ এতিয়া সুৰক্ষিত৷
সেইদিনা ৰাতি এটা আচৰিত সপোন দেখিলো৷ সপোনত পুতুকণক দেখিলো৷ পুতুকণ আৰু কোনো নহয় মই নিজে৷ খঙাল মেকুৰী এটা হৈ গোঁ গোঁৱাই আছো৷ আইনাত নিজকে চাই আছো৷ নিজকে চৰিয়াইছোঁ, গুৰিয়াইছোঁ৷ তথাপি ঘৰটো এৰি নাযাঁও হে নাযাওঁ৷ পুৱা উঠি চিঞৰি চিঞৰি পত্নীক জগাইছোঁ৷ তেওঁক দেখুৱালোঁ মোৰ তৰ্জনী আঙুলি এটা হঠাত হেৰাইছে৷ পত্নীয়েও ভয়ে ভয়ে হাতখন দেখুৱাই ক’লে তেওঁৰ আঙুলিটোওচোন নাই৷
দুয়ো মুখামুখি কৈ বহি অৱশেষত ক’লো,”এৰা আমাৰ আঙুলিবোৰ হেৰাইছে”৷

Leave a Reply

Your email address will not be published. Required fields are marked *