বিবিধ চিন্তা

‘ঘৰ জেউতি’ আৰু তৎকালীন নাৰী সমাজ: ‘ঘৰ-জেউতি’ৰ জেউতি চৰোৱা এখন গ্ৰন্থ – (বৰ্ণালী বৰুৱা দাস)

১৯২৭ চনতে অসমৰ প্ৰথমখন মহিলাৰ আলোচনী প্ৰকাশ পাইছিল‌। নাম আছিল ‘ঘৰ জেউতি’‌। ১৯২৭ ৰ পৰা ১৯৩১ লৈকে আলোচনীখন প্ৰকাশ পাই আছিল‌। সুদীৰ্ঘ কালৰ পাছত আলোচনীখনৰ প্ৰকাশিত সংখ্যাসমূহ সংগ্ৰহ কৰি সংকলন কৰাৰ কাম সম্পন্ন কৰিলে নাৰীবাদী লেখিকা অপৰ্ণা মহন্তই‌। অসমৰ নাৰী অধ্যয়নৰ ক্ষেত্ৰত এই সংকলনখনে যথেষ্ট সহায় কৰাৰ সম্ভাৱনা আছে‌। সেই সম্ভাৱনাক বাস্তৱ ৰূপ দিলে বিদূষী নাৰীবাদী লেখিকা সন্ধ্যা দেৱীয়ে এই গ্ৰন্থখনৰ জড়িয়তে‌। গ্ৰন্থখন হ’ল “ঘৰ জেউতি’ আৰু তৎকালীন নাৰী সমাজ”‌। সমাজলৈ অহা বিভিন্ন পৰিৱৰ্তনৰ হাত ধৰি সেই সময়ৰ নাৰী সমাজৰ মন আৰু মননত যি এক নতুন চিন্তাৰ উন্মেষ ঘটিছিল, তাৰ প্ৰতিফলন ঘটিছিল ‘ঘৰ-জেউতি’ৰ পাতত‌। সেয়েহে ‘ঘৰ জেউতি’ক নাৰীৰ মৰ্যাদা তথা নাৰীৰ অধিকাৰ সম্পৰ্কে নতুন চিন্তাৰ বাৰ্তাবাহক ৰূপে প্ৰক্ষেপ কৰিব পৰা যায়‌। আলোচনীখনৰ সকলো দিশ সামৰি সন্ধ্যা দেৱীয়ে যুগুত কৰা এই গৱেষণামূলক গ্ৰন্থখন অসমৰ নাৰী অধ্যয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সমল হৈ ৰ’ব‌।

উপসংহাৰকে ধৰি মুঠ নটা অধ্যায় গ্ৰন্থখনত সন্নিৱিষ্ট হৈছে‌। সেইখিনিত ‘ঘৰ জেউতি’ আলোচনীখন প্ৰকাশ পোৱাৰ পটভূমিৰ কথা, ঘৰ জেউতিত প্ৰকাশ পোৱা গল্প-কবিতা ইত্যাদিৰ কথা, জয়মতী সম্পৰ্কে ‘ঘৰ জেউতি’ত প্ৰকাশ পোৱা আলোচনা ইত্যাদিৰ কথা, স্ত্ৰীশিক্ষা সম্পৰ্কে ঘৰ জেউতিৰ ভূমিকাৰ কথা ইত্যাদি এই অধ্যায়সমূহত বৰ্ণিত হৈছে‌। তাৰ লগতে তৎকালীন প্ৰগতিশীল নাৰী কমলালয়া কাকতি, হেমপ্ৰভা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়াৰ কথাও সুকীয়াকৈ আলোচনা কৰা হৈছে‌।

লেখিকাই ‘ঘৰ জেউতি’ৰ বস্তুনিষ্ঠ তথা নিৰ্মোহ বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে‌। সমগ্ৰ সংকলনখন অধ্যয়ন কৰি তেওঁ দেখুৱাইছে যে বিভিন্ন লেখাৰ জড়িয়তে ‘ঘৰ জেউতি’য়ে মহিলা পাঠকক সচেতন কৰিবলৈ কৰা প্ৰয়াস আছিল ঐকান্তিক আন্তৰিকতাৰে ভৰা‌। কিন্তু পুৰুষতন্ত্ৰৰ মূল ভেটিত আলোচনীখনে আঘাত কৰিছিল বুলি ক’লেও বঢ়াই কোৱা হ’ব‌। অৱশ্যে সেই সময়ৰ পৰিপ্ৰেক্ষিতত আলোচনীখনৰ পৰা সিমানখিনি আশা কৰাটোও যে বৰ সঠিক নহয় সেইটো উল্লেখ কৰিবলৈও তেওঁ পাহৰা নাই‌।

আশা কৰিব পাৰি যে অসমৰ পাঠকসমাজে, বিশেষকৈ নাৰীবাদী চিন্তাৰ প্ৰতি আগ্ৰহী পাঠকসকলে লেখিকাৰ পূৰ্বৰ গ্ৰন্থ ‘নাৰী: বন্ধন আৰু মুক্তি’ দৰেই এইখনো আদৰি ল’ব‌ (‘নাৰী: বন্ধন আৰু মুক্তি’-ৰ চমু পৰিচয়ৰ বাবে ইয়াত টিপা মাৰক)।

গ্ৰন্থ: ’ঘৰ জেউতি’ আৰু তৎকালীন নাৰী-সমাজ

লেখক: সন্ধ্যা দেৱী

প্ৰকাশক: বান্ধৱ

প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০২১

মূল্য: ১৫০ টকা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *