ড০ হীৰেন গোহাঁইৰ বিতচকুৰে অসম আন্দোলন দৰ্শনঃ এক আড্ডিক আলোচনা ।। অলকেশ শইকীয়া
আড্ডা এটাৰ কথাৰে
শৰৎ কালৰ এটা সুন্দৰ সন্ধিয়া। শিৱসাগৰ জিলাৰ নামতিৰ এখন গাঁৱত কেইজনমান স্থানীয় যুৱকে মিলি এটা সাহিত্যৰ অনুষ্ঠান পাতিছিল। মূল অনুষ্ঠানৰ সামান্য আছুতীয়াকৈ কেইজনমান ব্যক্তিয়ে কথা পাতি আছিল। প্ৰায়কেইজনেই চিনাকি হোৱাৰ সুবাদত আমিও কথাত ভাগ লোৱাৰ সুযোগ পাইছিলোঁ। কথাৰ মাজত নেহৰুৰ প্ৰসংগ ওলাইছিল। প্ৰসংগ উলিওৱাজন বৰ্তমান শাসনাধিষ্ঠিত ভাৰত চৰকাৰৰ গুণমুগ্ধ। সাজে-পোছাকে গহীন-গম্ভীৰ মানুহজনে মাজে মাজে উন্নাসিক মন্তব্য কৰিছিল যদিও তাত অকণো উগ্ৰতা নাছিল। কথাৰ লগত যোগ দি আমি ক’লো যে আজিকালি বেছিকৈ প্ৰচলন হ’বলৈ ধৰা ‘ভাৰত মাতা’ৰ ধাৰণাটো বুজিবলৈ নেহৰুৰ লেখা পঢ়িব লাগিব। যেন টিঙিৰতহে তুলা দিলোঁ। নেহৰুৰ নাম শুনি তেওঁ জ্বলি পকি উঠিল। “নেহৰুৰ পাণ্ডিত্যক সন্মান কৰোঁ, কিন্তু ‘ভাৰত মাতা’ৰ ধাৰণা নেহৰুৰ লেখাত নাই। তোমাৰ কথাটো মানি নলওঁ।” সেই একেইধৰণৰ অভিজ্ঞতা হয় ডঃ হীৰেন গোহাঁইৰ প্ৰসংগ ওলালে। কেৱল পঢ়াশুনাক লৈ ব্যস্ত থকা শ্ৰেণীৰ লোকৰ মুখত সাধাৰণতে শুনো ডঃ হীৰেন গোহাঁইৰ পাণ্ডিত্যক সন্মান কৰোঁ, কিন্তু তেওঁৰ ৰাজনীতিটো সমৰ্থন নকৰোঁ। আমি যিটো কাৰণত সকলোৱে ডঃ হীৰেন গোহাঁই অধ্যয়ন কৰাটো জৰুৰী বুলি ভাবোঁ সেইটোৱেই হৈছে তেখেতৰ ৰাজনীতি। আনন্দৰ কথা যে আজিকালি গাঁৱৰ সাধাৰণ মানুহেও ডঃ হীৰেন গোহাঁইক বুজি পাইছে। বিদ্যায়তনিক জগতৰ বিদ্বান ডঃ হীৰেন গোহাঁইক তেওঁলোকে বুজি পোৱা নাই, তেখেতৰ গ্ৰন্থবিলাকো পঢ়া নাই। কিন্তু হীৰেন গোহাঁইক ৰাইজে কেনেকৈ বুজিছে? ৰাইজে ডঃ হীৰেন গোহাঁইক বুজি উঠিছে অসমীয়া জাতিৰ বিপদৰ সময়ত যোৱা কেইবাটাও দশক ধৰি গ্ৰহণ কৰি অহা আপোচবিহীন স্থিতিৰ বাবে। যাৰ বাবেই জীৱন্ত কিংবদন্তিত পৰিণত হৈছে ডঃ হীৰেন গোহাঁই।
ডঃ হীৰেন গোহাঁইৰ ভূমিকা প্ৰসংগত বেজবৰুৱাৰ কথা মনলৈ আহে। ঊনবিংশ শতিকাৰ শেষৰফালে অসমীয়া ভাষাৰ হকে যুঁজত অৱতীৰ্ণ হৈছিল বেজবৰুৱা। গভীৰ আত্মবিশ্বাস আৰু ভৱিষ্যদৰ্শী দৃষ্টিভংগীৰে আজীৱন বেজবৰুৱাই এই যুঁজখন চলাই গৈছিল। প্ৰয়োজনত ৰূপ লৈছিল কৃপাবৰ বৰবৰুৱাৰ। অসমীয়া মানুহৰ চিন্তাৰ জগতখনলৈ আমূল পৰিৱৰ্তন আনিবলৈ বেজবৰুৱাই চেষ্টাৰ ত্ৰুটি কৰা নাছিল। এনেবোৰ কাৰণতে বেজবৰুৱাক জাতিয়ে চন্দ্ৰ-দিবাকৰ থাকে মানে কৃতজ্ঞতাৰে স্মৰণ কৰি থাকিব। বিংশ শতিকাৰ সপ্তম দশকত অসম মুলুকত তেনেধৰণৰ ভূমিকাই লৈছিল হীৰেন গোহাঁয়ে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত গৱেষণা কৰি উভতি আহিছিল অসমলৈ। নিজৰ মানুহখিনিৰ মাজলৈ। ১৯৬৯ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপকৰ চাকৰিত যোগদান কৰিছিল। নিবিড়ভাৱে সম্পৃক্ত হৈ পৰিছিল অসমৰ সমাজ-ৰাজনৈতিক ঘটনাৰাজিৰ সৈতে।
‘তেজৰ আখৰে লেখা’ কথাবোৰ
১৯৭৯ চনত আৰম্ভ হৈছিল জগত বিখ্যাত অসম আন্দোলন। আন্দোলনৰ ঘোষিত উদ্দেশ্য অতি মহৎ—বিদেশী বিতাড়ন কৰিব লাগে। আন্দোলনৰ সমৰ্থকসকলে আজিও প্ৰচাৰ কৰে যে হীৰেন গোহাঁই আন্দোলনৰ ঘোৰ বিৰোধী আছিল। বিশেষকৈ ‘গণতন্ত্ৰৰ ৰণুৱা’ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কৈছে, “ডঃ হীৰেন গোহাঁই ছাৰক আমি শ্ৰদ্ধা কৰোঁ। আমি সন্মান কৰোঁ। এতিয়া অসম আন্দোলনৰ সময়ৰ কথা আমি যদি পাতিবলৈ যাওঁ, অসম আন্দোলনটো এটা গণ আন্দোলন আছিল। এটা গণতান্ত্ৰিক অহিংস আন্দোলন আছিল। আৰু তাত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী, পুৰুষ-মহিলা, আবাল-বৃদ্ধ-বনিতা সকলোৱে তাত অংশ গ্ৰহণ কৰিছিল। গণ আন্দোলন আছিল। আৰু ছাৰে এই আন্দোলনটোক বিৰোধিতা কৰিছিল। আন্দোলনটো আছিল অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন আছিল। আৰু এই অস্তিত্ব ৰক্ষাৰ আন্দোলনটো ছাৰে বিৰোধিতা কৰিছিল”। তথ্যচিত্ৰখনত উল্লিখিত বক্তব্যটো শুনি মনলৈ অহা অসমীয়া প্ৰবচনটো আছিল এয়া যেন ইন্দ্ৰৰ ৰাজসভাত ফেঁচাৰ কুৰুলি। কাৰণ তথ্যচিত্ৰখনত অসম আন্দোলনত ডঃ হীৰেন গোহাঁইৰ ভূমিকা সম্পৰ্কে যথেষ্ট আলোচনা হৈছে। গোহাঁই অসম আন্দোলনৰ বিৰোধী আছিল নে নাছিল বা সেইটো বৰ্তমান দিনৰ পোহৰৰ দৰে স্পষ্ট। ঔষধৰ কাৰণে হ’লেও ক’তো এনে এটা বাক্য পোৱা নাযায় য’ত ডঃ হীৰেন গোহাঁয়ে অসম আন্দোলনৰ মূল দাবীটোৰ বিৰোধ কৰিছে। বৰঞ্চ অসম আন্দোলনৰ মূল দাবীটো ডঃ হীৰেন গোহাঁয়ে সমৰ্থন কৰিছিল। আন্দোলনটোৰ প্ৰতি অসমীয়া ৰাইজৰ উৎসাহ দেখি আৱেগ বিমুগ্ধ হৈছিল। লিখিছিল, ”মই য’ত থাকোঁ তাৰ পৰা শুনা যায় ৰাষ্ট্ৰীয় মহাপথেৰে ট্ৰাক আৰু বাছ ভর্তি হৈ সত্যাগ্রহ বা পিকেটিং কৰিবলৈ যোৱা অগণন গঞা ডেকা-গাভৰুৰ উদ্দীপ্ত কণ্ঠস্বৰঃ “ইনকিলাব- জিন্দাবাদ!” সেই কৰ্মঠ তৰুণ-তৰুণীৰ মুখবোৰ উৎসাহ আৰু দুপৰ ৰ’দত ৰঙা। তাৰ পৰা বতাহত ফাটি ফুটি যায় চিঞৰ—“আৱাজ দো, এক হো”। বিদ্রোহী, দুঃসাহসী যৌৱনৰ অভিব্যক্তিত মুগ্ধ নোহোৱাকৈ থাকে কোন? বোকাপানীভৰা পথাৰৰ পৰা অমল সূৰ্য্যৰ জ্যোতিৰে ওলাই আহিছে অৱহেলিত, বঞ্চিত অসমৰ হেজাৰ হেজাৰ কিশোৰ-কিশোৰী, যুৱক-যুৱতী। সিহঁতৰ চকুত কিহৰ যেন স্নিগ্ধ সপোন, মুখমণ্ডলত কি এক লৌহ কঠিন প্রতিজ্ঞা!” (উৎসঃ তেজৰ আখৰে লেখা, পৃষ্ঠাঃ ১৩০)।
ডঃ হীৰেন গোঁহায়ে আন্দোলনৰ নেতৃত্বৰ উদ্দেশ্য সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিছিল। সন্দেহৰ কাৰণবোৰ বিতংভাৱে ব্যাখ্যা কৰি দেখুৱাইছিল। আন্দোলনটোত পৰিষ্কাৰকৈ দেখা পাইছিল উগ্ৰজাতীয়তাবাদ আৰু ফেচীবাদৰ বিষাক্ত বীজ। তাৰ অৱশ্যম্ভাৱী বিষম পৰিণতি ডঃ হীৰেন গোহাঁয়ে উপলব্ধি কৰিব পাৰিছিল। নিজৰ কলমেৰে জাতিটোক বাৰে বাৰে সকীয়াই দিছিল। ১৯৭৯ চনৰ ১৫ ডিচেম্বৰত ‘সাপ্তাহিক কলাখাৰ’ত গোঁহায়ে লিখিছিল, “যোৱা কেইমাহ ধৰি অসমত বিদেশী মানুহে কৰা বিভিন্ন অপৰাধ আৰু দুষ্কাৰ্য সাড়ম্বৰে ৰহন চৰাই প্ৰকাশ কৰা হৈছে। এনে ধাৰণা সৃষ্টি কৰা হৈছে যে সকলো চোৰ ডকাইত, ঠগ-প্ৰবঞ্চক, জুৱাচোৰ হ’ল বিদেশী। ফলত অসমৰ সৰলচিতীয়া জনগণে বিদেশী নালাগে, বহিৰাগত মাত্ৰকে ভয় আৰু সন্দেহৰ চকুৰে চাবলৈ শিকিছে। এইবোৰ কাৰণতে দুখীয়া বহিৰাগতৰ ওপৰত নিৰ্মম অত্যাচাৰ, লাঞ্ছনা আৰু আক্ৰমণ চলিছে। জনগণ তাৰ বাবে জগৰীয়া নহয়, সমাজবিৰোধীও নহয় আচলতে। আচল আচামী হ’ল- সুবিধাবাদী, দায়িত্বজ্ঞানহীন, অপৰিণামদৰ্শী নেতা। অভাৱত জ্বলা-কলা খোৱা সাধাৰণ মানুহ, জীৱিকাৰ বাট নেপাই ক্ষোভ আৰু তিক্ততাত উদণ্ড হৈ পৰা নিবনুৱা আৰু আদৰ্শৱান কিন্তু আধুনিক ৰাজনীতিৰ মেৰপাক বুজি নোপোৱা যুৱক—সকলোকে প্ৰৰোচিত কৰি নেতা আৰু সাংবাদিকসকলে ‘ঔম শান্তি! ঔম শান্তি!!’ বুলি চিঞৰি হিংসাত্মক কাৰ্য ঘটাইছে বহুত” (উৎসঃ তেজৰ আখৰে লেখা, পৃষ্ঠা-৫৬)। ডঃ হীৰেন গোহাঁইৰ আহ্বান ভৰিৰে গচকি জাতিটোৱে নেতৃত্বৰ উচটনিত বৰ্বৰ ৰূপ ধাৰণ কৰি জাতিটোৰ ধ্বংস-যজ্ঞত নামি পৰিছিল। বাঁওপন্থী আৰু সংখ্যালঘুৰ তেজেৰে হাত ৰাঙলী কৰিছিল। অসম আন্দোলনৰ আন এক বৈশিষ্ট্য আছিল জনজাতি বিদ্বেষ। ইয়াৰ বিৰুদ্ধেও ৰাইজক সজাগ কৰিবলৈ তেখেতে যত্নপৰ হৈছিল। ফুলুং চাপৰিৰ হত্যাকাণ্ডৰ পিছত ডঃ হীৰেন গোঁহায়ে ‘সাপ্তাহিক কলাখাৰ’ত ১৯৭৯ চনৰ ১৫ ডিচেম্বৰত লিখিছিল, ”চহৰত কোট-পেণ্ট পিন্ধি অসম আৰু অসমীয়াৰ দুৰ্গতিৰ ওপৰত লেকচাৰ দিয়া অসমীয়া বিহুৰাম আৰু হাবিৰাম নহয়। এওঁলোক হ’ল তেনে অসমীয়া মানুহ যাৰ পৰিশ্ৰমে জীয়াই ৰাখিছে অসমীয়া জাতি আৰু অসমীয়া সংস্কৃতি।আমাৰ দেশপ্ৰেম কিহে ইমান উন্মত্ত কৰিলে যে এনে লোকৰ ভৰিৰ ধূলি শিৰত সানিব নেজানি তেওঁলোকৰ তেজেৰে আমাৰ হাত ৰাঙলী কৰিলোঁ। নে আমাৰ দেশপ্ৰেমৰ সাম্প্ৰতিক জোঁৱাৰত বহু সৎ সম্ভাৱনাৰ লগত লুকাই আছে এনে এক ভয়ংকৰ ফেচীবাদৰ বীজ যি দেশৰক্ষাৰ নামত সাধাৰণ মানুহৰ ডিঙি ভৰিৰে গচকিব খোজে, সি সেৱাৰ আদৰ্শৰ ঠাইত প্ৰতিষ্ঠা কৰিব খোজে ক্ষমতালোলুপ দম্ভ আৰু বৰ্বৰতাৰ ৰাজত্ব” (তেজৰ আখৰে লেখা- পৃষ্ঠা- ৫১)।
ইমান নিৰ্ভুল ডঃ হীৰেন গোহাঁইৰ ভৱিষ্যতবাণী
১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনৰ নেতৃত্বই ‘অসম চুক্তি’ত স্বাক্ষৰ কৰিছিল। চুক্তিমতে বিদেশী বহিষ্কৰণৰ ভিত্তিবৰ্ষ হ’ল ১৯৭১। ‘৭১কে সীমাৰেখা কৰা হওঁক’ বুলি ডঃ হীৰেন গোঁহাই ছাৰে ১৯৮০ চনৰ ২৫ মাৰ্চতে প্ৰবন্ধ লিখিছিল। ‘অসম চুক্তি’ৰ জৰিয়তেই ছবছৰীয়া অসম আন্দোলনৰ ‘সফল’ সামৰণি মৰা হ’ল বুলি ঘোষণা কৰা হৈছিল।‘অসম চুক্তি’ ৰূপায়ণকে লক্ষ্য হিচাপে দেখুৱাই আছুৱে অসম গণ পৰিষদ গঠন কৰিলে। আধুনিক অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত আৰু অকৰ্মণ্য চৰকাৰখন দিছপুৰত বহিল আৰু এদল ধুৰন্ধৰ ৰাজনৈতিক নেতাৰ উত্থানৰ বাট মুকলি হ’ল। বিদেশী বিতাড়ন ফুটুকাৰ ফেনত পৰিণত হ’ল। উল্লেখযোগ্য যে স্পৰ্শকাতৰ বিষয়ত সৃষ্টি হোৱা আন্দোলনে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণৰ মাজত জনজাগৰণৰ সৃষ্টি কৰিছিল। অভূতপূৰ্ব এই জনজাগৰণক ৰাজ্যখনৰ শুভ উত্তৰণৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পৰাৰ সম্ভাৱনা আছিল। কিন্তু আন্দোলনৰ সুবিধাবাদী নেতৃত্বৰ অভিপ্ৰায় বেলেগ আছিল। বৰঞ্চ কেৱল আৱেগ সৃষ্টিৰে এটা জাতিক উন্মাদ কৰি সমগ্ৰ জাতিটোক যে ধ্বংসস্তূপত পৰিণত কৰিব পাৰি তাৰ নিদৰ্শন অসম আন্দোলনে ৰাখি থৈ গ’ল। অসম আন্দোলনৰ ফলশ্ৰুতিয়ে দৰাচলতে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰিলে। সেইবোৰ বহলাই লিখাৰ প্ৰয়োজন নাই।
অসম আন্দোলনৰ সময়ত ডঃ হীৰেন গোহাঁইৰ ভূমিকা তেখেতৰ অদম্য সাহস আৰু অকৃত্ৰিম অসম প্ৰেমৰ নিদৰ্শন। সম্পূৰ্ণ আৱেগেৰে পৰিচালিত আন্দোলনটোৱে মাৰাত্মক ৰূপ লৈ এটা জাতিক পথভ্ৰষ্ট কৰাৰ সময়ত তাক তীক্ষ্ণভাষাৰে সমালোচনা কৰাটো মুখৰ কথা নাছিল। যাৰ বাবে শাৰীৰিক আক্ৰমণৰো বলি হৈছিল তেখেত। তথাপি মৃত্যুকো তুচ্ছজ্ঞান কৰি ধাৰাবাহিকভাৱে লিখি গৈছিল তেখেতে। ডঃ হীৰেন গোহাঁয়ে আত্মজীৱনীৰ চতুৰ্থ খণ্ডত ক’বৰ দৰে প্ৰায় ওৰেটো জীৱন উগ্ৰজাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে যুঁজ দিলে। এতিয়াও লিখি আছে, যুঁজি আছে বিৰামহীনভাৱে।
কেনেকৈ কওঁ যে অসম আন্দোলন সম্পৰ্কে ডঃ হীৰেন গোহাঁইৰ বিশ্লেষণ ভুল আছিল! কাৰণ সময়ে সকলো প্ৰমাণ কৰিলে।