সাক্ষাৎকাৰ

ডাঃ সুৰজিৎ গিৰিৰ সৈতে সাক্ষাৎকাৰ (দ্বিতীয় অংশ) (কৌশিক দাস আৰু অদিতি বৰুৱা)

দ্বিতীয় অংশ

(প্ৰথম অংশৰ বাবে ইয়াতে টিপক)

প্ৰশ্ন:- আপুনি এককভাৱে সৰ্প-দংশনত আক্ৰান্ত ব্যক্তিক প্ৰথমবাৰৰ বাবে কেতিয়া চিকিৎসা প্ৰদান কৰিছিল? সেই অভিজ্ঞতাৰ কথা অলপ কওকচোন।

উত্তৰ:- সেইটো ২০০৮ বৰ্ষৰ কথা হ’ব। ছেপ্টেম্বৰ মাহৰ কথা বোধকৰোঁ। মই এজন এনাস্থেছিয়া-বিশেষজ্ঞ হিচাপে শিৱসাগৰৰ প্ৰগতি হস্পিটেলত আপাতকালীন বিভাগত কৰ্মৰত আছিলোঁ। তেতিয়া এগৰাকী মহিলা সৰ্পদংশনৰ চাৰি ঘণ্টাৰ পিছত আহি পাইছিল প্ৰায় মৃতপ্ৰায় অৱস্থাত। তেওঁৰ হৃদপিণ্ডই ক্ৰিয়া কৰি আছিল যদিও মাংসপেশী অৱশ হৈ গৈছিল। তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোকে এটা এণ্টিভেনম লগতে লৈ আহিছিল। যিহেতু সেইটো সময়ত সৰ্প-দংশনৰ বিষয়ে  মই জ্ঞাত নাছিলোঁ, লগতে কি সাপে দংশন কৰিলে কি চিকিৎসা প্ৰদান কৰিব লাগে, সেইটোও ভালদৰে নাজানিছিলোঁ, গতিকে মই একো চিকিৎসা নকৰিলোঁ আৰু তেখেতক স্থানান্তৰিত কৰিলোঁ ডিব্ৰুগড় মেডিকেললৈ। পাছদিনা বাতৰি কাকতত তেখেতৰ মৃত্যুৰ খবৰটো পালোঁ, যিটোৱে মোক মানসিকভাৱে বৰকৈ আক্ৰান্ত কৰে। তাৰপিছৰ পৰাই এই বিষয়টোত মই লাহে লাহে সোমাই পৰোঁ। দেখিলোঁ, মানুহে বিভিন্নধৰণৰ বেমাৰ-আজাৰত হস্পিটেললৈ আহে, কিন্তু সৰ্প-দংশনৰ দৰে ভয়ানক পৰিস্থিতিত হস্পিটেললৈ নগৈ বেজ-বেজালিৰ কাষ চাপে। বিভিন্ন বিষাক্ত সাপে দংশন কৰিলে কি, কেনেকৈ আৰু কিমান পৰিমাণৰ এণ্টিভেনম প্ৰয়োগ কৰিব লাগে— এই সকলোখিনি ক্ৰমাৎ জানিবলৈ ললোঁ, শিকিবলৈ ললোঁ। সমান্তৰালভাৱে শিৱসাগৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ গৈ সজাগতা অভিযান আৰম্ভ কৰিলোঁ। এবাৰ তেনেধৰণৰ সভাতে এজন ৮৫ বছৰীয়া বৃদ্ধ ব্যক্তিয়ে মোক সুধিছিল যে ইমানদিনে বেজ-বেজালি কৰিয়েই কেনেকৈ মানুহ সুস্থ হৈ উঠিছে বুলি! তাৰ যথাযথ উত্তৰ দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁলোকে মানি লোৱা নাছিল, কাৰণ সেই সময়ত আমাৰ ওচৰত কোনো সঠিক পৰিসংখ্যা নাছিল। কিন্তু আজি আমাৰ হাতত প্ৰায় ১২০০ ৰোগীৰ পৰিসংখ্যা আছে আৰু জানিব পাৰিছোঁ যে ১০০ জনৰ ভিতৰত মাত্ৰ ১২ জনকহে বিষাক্ত সাপে দংশন কৰে। গতিকে আজি আমি দৃঢ়তাৰে ক’ব পাৰোঁ যে বেজৰ ওচৰলৈ যোৱা মানুহক দৰাচলতে বিষহীন সাপেহে দংশন কৰিছিল বা বিষাক্ত সাপে দংশন কৰিলেও বিষ ঢলা নাছিল। বিষাক্ত সাপে বিষ ঢালিবলৈ হ’লে চাৰিটা পৰ্যায়ত সংঘটিত হ’ব লাগিব: প্ৰথমতে, সাপটোৱে মুখখন সম্পূৰ্ণৰূপে মেলিব লাগিব, দ্বিতীয়তে ভেনম গ্লেণ্ডৰ (venom gland) ওপৰত জোৰ দিব লাগিব, তৃতীয়তে সেই ভেনমখিনি ভেনম নলীকাৰে (venom duct) আহি দাঁতলৈ ওলাই আহিব লাগিব আৰু শেষত দাঁতেৰে খুচি সেই বিষখিনি মানুহৰ শৰীৰত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে বিষে মানুহৰ শৰীৰত ক্ৰিয়া কৰিব। মনত ৰাখিব, সাপে কেতিয়াও বিষখিনি মানুহৰ শৰীৰত প্ৰয়োগ কৰিবলৈ ৰাখি নথয়। চিকাৰ কৰিবলৈ বা মানুহৰ লগত হোৱা আকস্মিক সংঘাতৰ ফলতহে ই নিজক ৰক্ষা কৰিবলৈ বিষ ঢালে।

প্ৰশ্ন:- আজিৰ পৰিস্থিতিটো কেনেকুৱা? প্ৰথমছোৱাতকৈ তাৎপৰ্যপূৰ্ণ কি কি পৰিৱৰ্তন আহিছে উক্ত ক্ষেত্ৰত?

উত্তৰ:- আজিৰ পৰিস্থিতিটো সম্পূৰ্ণ বিপৰীত। একেবাৰে এটা ৩৬০ডিগ্ৰী টাৰ্ণ এটা দেখা গৈছে। আগতে সৰ্প-দংশন বুলি ক’লে বেজ-বেজালি আছিল। আজিকালি সৰ্প-দংশন মানে চিকিৎসালয় হ’ল। আগতে দেখা যায় যে সৰ্প-দংশনৰ পিছত বেজ-বেজালি কৰি প্ৰায় সুদীৰ্ঘ পাঁচ ঘণ্টাৰ পিছতহে ৰোগীক হস্পিটেলত ভৰ্তি কৰোৱা হয়, যিটো আজিকালি কমি গৈ বিশ মিনিটমান হৈছেগৈ।

গতিকে এটা ব্যাপক পৰিৱৰ্তন পৰিলক্ষিত হৈছে। ইয়াৰ লগতে আমাৰ স্বাস্থ্য বিভাগৰো পৰিৱৰ্তন দেখা গৈছে। যিহেতু বৰ্তমান যুগত আমি ছ’চিয়েল মেডিয়াৰ যোগেদি সৰ্প-দংশনৰ বিষয়ে প্ৰকাশ, প্ৰচাৰ আৰু প্ৰসাৰৰ চেষ্টা কৰিছোঁ যিটোৱে চিকিৎসাকৰ্মীসকলক আগবাঢ়ি অহাত উৎসাহ যোগাইছে। যিহেতু ডিমৌ হস্পিটেলৰ নিচিনা এখন ঠাইত চিকিৎসাকৰ্মীসকলে ICU অবিহনে চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হৈছে, সেইটোৱে বেলেগ হস্পিটেল আদিকো যথেষ্ট উৎসাহিত কৰিছে। গতিকে প্ৰত্যেকজন ডাক্তৰে, প্ৰত্যেকগৰাকী নাৰ্ছে উৎসাহ পাইছে আৰু লাহে লাহে মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। উদাহৰণস্বৰূপে, ২০২১ বৰ্ষত প্ৰায় ৫৭ জন ব্যক্তিৰ মৃত্যুৰ বাতৰি আমাৰ হাতত পৰিছিল; কিন্তু ২০২২ বৰ্ষত সেই সংখ্যা ২৫ জনলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ। গতিকে ৰাইজ সজাগ হৈছে যদিও এশ শতাংশই সজাগ বুলি ক’ব নোৱাৰোঁ। এতিয়াও সজাগতা আনিবলৈ বহুখিনি কৰণীয় আছে।

প্ৰশ্ন:- চিকিৎসক এগৰাকী সকলো সময়তে চিকিৎসালয়ত উপস্থিত থকাটো হয়তো সম্ভৱ নহয়। তেনেক্ষেত্ৰত সৰ্প-দংশনৰ দৰে জৰুৰীকালীন বিপদৰ সময়ত প্ৰশিক্ষণপ্ৰাপ্ত দলৰ প্ৰয়োজন অপৰিহাৰ্য। এই ক্ষেত্ৰত আপুনি কেনেদৰে ব্যৱস্থা কৰিছে?

উত্তৰ:- এইটো এটা বৰ দৰকাৰী প্ৰশ্ন উত্থাপন কৰিলে। কাৰণ সেইটো সম্ভৱো নহয়। গতিকে যিজন ব্যক্তি আপাতকালীন বিভাগত কৰ্মৰত তেওঁ সৰ্প-দংশনৰ চিকিৎসাৰ বিষয়ে ভালদৰে অৱগত হোৱাটো নিতান্তই প্ৰয়োজনীয়—বিশেষকৈ গ্ৰাম্য চিকিৎসালয়ত। আগতে আমি WhatsApp-ৰ যোগেদি চিকিৎসাৰ protocol আৰু সৰ্প-দংশনৰ লক্ষণবোৰ পঠিয়াই দিছিলোঁ। তদুপৰি আমাৰ আপাতকালীন বিভাগটোত আমি protocol আৰু লক্ষণসমূহ গোট গোট আখৰেৰে প্ৰদৰ্শিত কৰি ৰাখিছোঁ। লগতে আমি ২০২০ বৰ্ষত এটা আছুতীয়া কক্ষও সাজু কৰি তুলিছোঁ। যিহেতু এজন চিকিৎসকে এখন চিকিৎসালয়ত বিভিন্নধৰণৰ ৰোগীক চিকিৎসা প্ৰদান কৰিব লগা হয়, সেইসময়তে যদি সৰ্প-দংশনৰ ৰোগী হস্পিটেলত ভৰ্তি হয়, আৰু সেই সময়ত যদি তেওঁ দৰৱসমূহ বা আনুষংগিক সামগ্ৰীসমূহ ক’ত আছে নাজানে তেন্তে তেওঁ নিশ্চয় ৰোগীক বেলেগ হস্পিতাললৈ স্থানান্তৰিত কৰিব—যাৰ ফলস্বৰূপে ৰাস্তাতে ৰোগীয়ে মৃত্যক সাৱটি ল’ব। সেইটো প্ৰতিৰোধ কৰিবলৈ আমি এটা কক্ষ সৰ্প-দংশনৰ কক্ষ হিচাবে ঠিক কৰিলোঁ, য’ত দুখন বিছনা, atropin, anti-venom, বিভিন্ন সাপৰ চিত্ৰ ইত্যাদি ৰখা হৈছে। ৰোগীয়েও যেতিয়া চিত্ৰসমূহত দেখুৱাই দিয়ে যে কোনটোৱে দংশন কৰিছে— তেতিয়া আমি সাৱধান হৈ যাওঁ। তদুপৰি ৰাতি ১২ বজাতো যদি ৰোগী ভৰ্তি হয়, সকলো সামগ্রী সুসংগঠিত অৱস্থাত ৰখাৰ ফলস্বৰূপে চিকিৎসাকৰ্মীসকলে দৃঢ় আত্মবিশ্বাসেৰে চিকিৎসা কৰিবলৈ সক্ষম হৈছে।

প্ৰশ্ন:- চিকিৎসালয় এখনত সৰ্প-দংশনৰ চিকিৎসা কৰিবলৈ চিকিৎসকগৰাকীৰ উপৰিও আৰু কি কি লাগিব? বিশেষ কোনো আন্তঃগাঁথনিৰ প্ৰয়োজন আছে নেকি এই ক্ষেত্ৰত? ঔষধ বা অন্যান্য সা-সামগ্ৰীৰ প্ৰয়োজন কেনেকুৱা? সেইসমূহ সহজতে পোৱা যায় নে?

উত্তৰ:- সৰ্প দংশনৰ চিকিৎসা কৰিবলৈ চিকিৎসক বা নাৰ্চ এগৰাকী ২৪×৭ ঘণ্টাই উপলব্ধ থকাতো নিতান্তই প্ৰয়োজনীয়। সাধাৰণতে গ্ৰাম্য চিকিৎসলয়ত ঔষধপাতি আছে নে নাই, ক’ত আছে বা ম্যাদ উকলিছে নেকি— সেইবোৰ কথাত জৰুৰীকালীন সময়ত হুলস্থূল লাগি যাব পাৰে। সেইটো নহ’বলৈ আমি নতুন প্রচেষ্টা হাতত লৈছোঁ আৰু সেইটো হৈছে সৰ্প-দংশনৰ এটা আছুতীয়া কক্ষ, য’ত বিভিন্ন ধৰণৰ সাপৰ চিত্ৰ ৰাখিব লাগে protocol প্ৰদৰ্শন কৰিব লাগে। এইখিনি আন্তঃগাঁথনিয়ে যথেষ্ট। ইয়াত বিশেষ খৰছ হয় বুলি মই নাভাবোঁ। মাত্ৰ যদি সিঁচৰতি হৈ থকা বস্তুবোৰ সুসংগঠিতভাৱে ৰাখিব পাৰোঁ তেন্তে সেয়াই যথেষ্ট। ঔষধখিনিও সহজতে পোৱা যায়। কিন্তু বেচৰকাৰী চিকিৎসালয়ৰ কথা ক’বলৈ অলপ অসুবিধা। এটা এণ্টিভেনমৰ দাম হৈছে ৪৫০ টকা। কমেও ২০টামান আমি হাতত ৰাখিব লাগে। যদি ৰোগী নাহে বা সেইবোৰ প্ৰয়োগ কৰিবলৈ পোৱা নাযায় তেন্তে ম্যাদ উকলি যাব পাৰে। মই বহুবাৰ বেচৰকাৰী চিকিৎসালয়ক অনুৰোধ কৰিছোঁ যে তেওঁলোকে এইবোৰ ৰাখিব লাগে আৰু যদি ১০০০০-২০০০০ হাজাৰ টকা কেনেবাকৈ নষ্টও হয় সেইটোৰ কোনো মূল্য নাই বুলি ভাবিব নালাগে, কাৰণ এইটো এটা সমাজৰ সেৱা, মানৱ সেৱা। কিন্তু কিমান দূৰলৈ তেওঁলোকে মোৰ অনুৰোধ ৰক্ষা কৰিব সেইটো ক’বলৈ অলপ দিগদাৰ। কিন্তু কমিউনিটি হেলথ্‌ চেণ্টাৰ, ডিষ্ট্ৰিক্ট হস্পিটেল, মেডিকেল কলেজবিলাকত এই দৰৱসমূহ আৰু এণ্টিভেনমমূহ সহজে উপলব্ধ।

প্ৰশ্ন:- সমগ্ৰ অসমতে সৰ্প-দংশনৰ চিকিৎসা সকলোৰে বাবে সহজতে কেনেকৈ উপলব্ধ কৰাটো সম্ভৱ? আন্তঃগাঁথনি, উপযুক্ত প্ৰশিক্ষণ আদিৰ কথা নিশ্চয় আহি পৰিব। এই প্ৰসংগত আপোনাৰ মতামত বৰ মূল্যৱান হ’ব। কথাটো বিস্তাৰিতভাৱে জনালে বৰ ভাল হয়।

উত্তৰ:- সমগ্ৰ অসমতে সৰ্প-দংশনৰ চিকিৎসা সকলোৰে বাবে সহজতে হ’ব পৰাকৈ আমি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক বিভাগৰ ওচৰলৈ গৈছিলোঁ আৰু অনুৰোধ কৰিছিলোঁ। তেওঁলোকে কামটোত আগভাগ লৈছে আৰু ২০২৩-২৪ বৰ্ষৰ কাৰণে এটা বিস্তৃত প্ৰকল্প হাতত লৈছোঁ যাতে আমি প্ৰত্যেকজন চিকিৎসকক প্ৰশিক্ষণ দিব পাৰোঁ আৰু সেই চিকিৎসকজনে জিলাখনৰ বাকী   চিকিৎসাকৰ্মীক প্ৰশিক্ষণ দিব আৰু এনেকৈয়ে এই প্ৰক্ৰিয়াটো চলি থাকিব। তদুপৰি জানুৱাৰী মাহ বা ফেব্ৰুৱাৰী মাহৰ শেষৰফালে NHM-ৰ মুখ্য কাৰ্যালয়ত বিস্তৃত আলোচনা হ’ব আৰু তাত সমগ্ৰ ভাৰতবৰ্ষত ২০৩০ বৰ্ষৰ ভিতৰত সৰ্প দংশনৰ মৃত্যুৰ হাৰ আধালৈ হ্ৰাস কৰিবলৈ ঠিক কৰা হৈছে। আমাক যিহেতু তালৈ নিমন্ত্ৰণ কৰিছে, আমি কেনেকৈ গ্ৰাম্য চিকিৎসালয়ত এইবোৰ সম্ভৱ কৰি তুলিলোঁ—সেইখিনি কথা উপস্থাপন কৰিম, লগতে অনুভৱবোৰ আলোচনা কৰিম। আমি আশা ৰাখিছোঁ যে আমি অসমত অনাগত ২-৩ বছৰত সৰ্প-দংশনত “শূন্য মৃত্যু” সম্ভৱ কৰি তুলিবলৈ সক্ষম হ’ম। এইখিনিতে আমি NHM, NHM-ৰ মুখ্য কাৰ্য্যালয় আৰু চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যিহেতু তেওঁলোক আগবাঢ়ি আহিছে। “শূন্য মৃত্যু” সম্ভৱ কৰি তুলিবলৈ সকলোৰে সহায় সহযোগিতা নিতান্তই প্ৰয়োজনীয়। তাৰ বাবে চিকিৎসাকৰ্মী, চৰকাৰৰ লগতে সমাজৰ প্ৰত্যেকজন নাগৰিক আগবাঢ়ি আহিব লাগিব। ৰোগীসকলেও বেজৰ ওচৰলৈ নগৈ তৎক্ষণাত হস্পিটেললৈ আহিব লাগিব। মই আগতেও কৈছোঁ এইটো বিষয়ত আগতে কোনো আলোচনা নাছিল বা চিকিৎসকলেও এণ্টিভেনম দিয়াৰ ক্ষেত্ৰত ইতঃস্তত কৰিছিল, যিহেতু বিস্তৃত জ্ঞান নাছিল। আজি আমাৰ ওচৰত ১২০০ ৰোগীৰ চিকিৎসা প্ৰদান কৰাৰ তথ্য আছে যাৰ জৰিয়তে আমি ক’ব পৰা হৈছোঁ যে সৰ্প-দংশনৰ চিকিৎসা গাঁৱৰ চিকিৎসালয়তেই সম্ভৱ যাৰ বাবে কোনো অত্যাধুনিক ICU, ভেণ্টিলেশ্বনৰ প্ৰয়োজন নাই, আছে মাত্ৰ সদ ইচ্ছাৰ।

প্ৰশ্ন:- ভাৰতত সৰ্প-দংশনৰ ফলত মৃত্যু হোৱা লোকৰ নিৰ্ভৰযোগ্য পৰিসংখ্যা পোৱা যায়নে? অসমৰ ক্ষেত্ৰত পৰিস্থিতিটো কেনেকুৱা?

উত্তৰ:- WHO-ৰ তথ্য অনুসৰি সমগ্ৰ ভাৰতবৰ্ষৰত সৰ্প-দংশনত মৃত্যুমুখত পৰা ব্যক্তিৰ সংখ্যা বছৰি প্ৰায় ৫৮,০০০। সম্ভৱ আচল সংখ্যা ইয়াতকৈ বহুত বেছি। কিয়নো কিছুমান মানুহে ৰোগীক সৰ্প-দংশনৰ পিছতেই বেজৰ ওচৰলৈ যায়। তাৰপিছত চিকিৎসালয়লৈ লৈ গৈ থকা অৱস্থাত ৰোগীয়ে মৃত্যবৰণ কৰে। ইয়াৰ উপৰিও বহুত ৰোগীক ভূৰত উটুৱাই দিয়ে। গতিকে আমাৰ হাতত শুদ্ধ পৰিসংখ্যা বৰ্তমান নাই। কিন্তু এইটো বিষয়ত আমি আলোচনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এক-দুই বছৰৰ পিছত এটা শুদ্ধ পৰিসংখ্যা পাবলৈ সক্ষম হ’ম, কাৰণ মই ইতিমধ্যে কৈছোঁ যে NHM-ৰ লগত আমাৰ এটা সুসম্পৰ্ক গঢ় লৈ উঠিছে। এতিয়া মই যদি যিকোনো মেডিকেল কলেজক সৰ্প-দংশনৰ ডাটা বিচাৰোঁ তেওঁলোকে দিবলৈও ভাল নাপাব। কিন্তু আমি যদি ষ্টেট NHM-ৰ তৰফৰ পৰা পৰিসংখ্যাখিনি বিচাৰোঁ তেন্তে যিকোনো মেডিকেল কলেজেই নিশ্চয়কৈ সঁহাৰি জনাব। গতিকে আমি আশা ৰাখিছোঁ যে কিছুবছৰৰ পিছতেই এই ক্ষেত্ৰত আমি এটা সম্যক জ্ঞান লাভ কৰিবলৈ সক্ষম হ’ম।

প্ৰশ্ন:-  সৰ্প-দংশনৰ ক্ষেত্ৰত বিষৰ গাঢ়তা (concentration) আৰু পৰিমাণৰ (volume) কথাটো কেনেদৰে সম্পৰ্কিত? অসমৰ বিষাক্ত সাপকেইবিধৰ মাজত কোনবিধৰ বিষৰ গাঢ়তা অধিক? কোনবিধ সাপে অধিক পৰিমাণৰ বিষ নিৰ্গত কৰে?

উত্তৰ:- বিষৰ গাঢ়তা আচলতে সাপটোৰ ওপৰতে নিৰ্ভৰ কৰিব। আমি দেখিছোঁ যে যেতিয়া ফেঁটী সাপে দংশন কৰে তেতিয়া তিনি প্ৰকাৰৰ লক্ষণে দেখা দিয়ে। প্ৰথমতে, ভৰিটোত বহুত বিষ হ’ব, ফুলিব, ক’লা পৰি যাব, চকুৰ বাদু নামি আহিব, শ্বাস-প্ৰশ্বাস ল’বলৈ কষ্ট হ’ব আৰু চিকিৎসাৰ অভাৱত মৃত্যুক সাৱটি ল’ব পাৰে। অন্য এটা প্ৰকাৰত দংশনৰ ঠাইখিনি নিবিষায়, নুফুলে, ৰঙৰ পৰিৱৰ্তন নহয়, ঘাঁৰ সৃষ্টি নহয় কিন্তু ৪৫ মিনিট-এঘণ্টাৰ ভিতৰত উশাহ ল’বলৈ অসুবিধা হয় আৰু চিকিৎসাৰ অভাৱত মৃত্যু হোৱা দেখা যায়। তৃতীয়প্ৰকাৰত এনেধৰণৰ পৰিৱৰ্তন একোৱে দেখা নাযায় আনকি উশাহ ল’বলৈও অসুবিধা নহয় কিন্তু দংশনৰ ঠাইখিনি সম্পূৰ্ণকৈ গেলি যায়। গতিকে একেটা সাপৰে তিনিটা বেলেগ বেলেগ লক্ষণ দেখা পোৱা গ’ল। কোনজন মানুহক কি প্ৰকাৰৰ বিষ ঢালিছে সাপটোৱেও হয়তো নাজানে। এই ভেনমটো হৈছে কিছুমান প্ৰটিনৰ সংমিশ্ৰণ। তাত থকা কিছুমান এনজাইমৰ ক্ৰিয়াৰ ফলস্বৰূপে এনেধৰণৰ লক্ষণ দেখা পোৱা যায়। এইবিলাকক three finger toxin, alfatoxin বুলিও জনা যায় যাৰ লক্ষণবোৰ বেলেগ বেলেগ। বিষৰ পৰিমাণৰ ওপৰতো নিৰ্ভৰ কৰিব বহুতো কথা। সাপটোক যদি গচকি নিদিওঁ, তাৰ খং তুলি নলওঁ তেন্তে ই বিষখিনিও কমকৈ ঢালে, যাৰ ফলস্বৰূপে লক্ষণসমূহো বেলেগ বেলেগ সময়ৰ ব্যৱধানত দেখা পোৱা যায়। এটা ঘটনা আমি দেখিছোঁ য’ত এডাল সাপে উমনি লৈ থকা সময়ত এজন মানুহে গচকি দিয়াত প্ৰচণ্ড খঙত সি বিষ ঢালে যাৰ ফলত ৪৫ মিনিটৰ ভিতৰতে লক্ষণসমূহে দেখা দিছিল।

কোনবিধ সাপে অধিক পৰিমাণৰ বিষ ঢালে সেইটোৰ কোনো সঠিক উত্তৰ দিব নোৱাৰি। কিছুমানে কমকৈ ঢালিব কিছুমানে বেছিকৈ ঢালিব। গতিকে ই কিমান কষ্ট পাইছে, তাৰ কিমান খং উঠিছে বা প্ৰত্যাক্ৰমণৰ গভীৰতাৰ ওপৰতহে সেইটো নিৰ্ভৰশীল।

প্ৰশ্ন:- সাপডালৰ আকাৰ, বয়স আদিয়ে বিষৰ গাঢ়তা আৰু পৰিমাণ নিৰ্ধাৰণ কৰিব পাৰে নেকি বাৰু? এই ক্ষেত্ৰত অন্য কোনো কাৰক আছে নে? যেনে, এডাল সাপে একাধিকবাৰ দংশন কৰিলে প্ৰত্যেকবাৰতে বিষৰ গাঢ়তা আৰু পৰিমাণ একেই হ’বনে? ঋতুভেদে বিষৰ গাঢ়তা আৰু পৰিমাণ বেলেগ হোৱাৰ সম্ভাৱনা থাকিব পাৰেনে বাৰু?

উত্তৰ:- ফেঁটী সাপৰ ক্ষেত্ৰত চাবলৈ গ’লে পোৱালি অৱস্থাতো ইয়াৰ বিষৰ গাঢ়তা প্ৰায় একেই বুলি কোৱা হয়। কিন্তু আমি ৪-৫জন ৰোগীৰ চিকিৎসা কৰিছোঁ আৰু দেখিছোঁ যে লক্ষণবোৰ মাত্ৰাধিক নহয়। খুব কম লক্ষণহে দেখা পাইছোঁ। অভিজ্ঞতাৰ পৰা ক’বলৈ গ’লে এনেকুৱা ধৰণৰ ঘটনাত—মই আগতেই কৈছোঁ—সাপটোৰ কিমান খং উঠিছে বা দুখ কিমান পাইছে সেইটো হিচাপতহে বিষ ঢালে। একাধিকবাৰ দংশন কৰিলে প্ৰত্যেকবাৰতে বিষ দিয়ে নে নিদিয়ে সেইটোৰ ক্ষেত্ৰত আমি উত্তৰ দিব নোৱাৰিম। কিন্তু আমি এজন ৰোগীক পাইছিলোঁ যাক তিনিবাৰ দংশন কৰিছিল আৰু তিনিবাৰেই সৰ্ব্বোচ্চ বিষ ঢালিছে বুলি আমি অনুমান কৰিছোঁ— যিহেতু ১০-টা এণ্টিভেনমেও কাম কৰা নাছিল। ৩০ টা এণ্টিভেনমৰ দ্বাৰাহে তেওঁক সুস্থ কৰিবলৈ সক্ষম হৈছিলোঁ। অৱশ্যে প্ৰত্যেকবাৰেই বিষ ঢালিছিল নে নাই, কিমানকৈ বিষ  ঢালিছিল সেইটোৰ সঠিক উত্তৰ আমাৰ হাতত নাই।

ঋতুভেদে যদি বিষৰ গাঢ়তাটোৰ কথাটোলৈ গৈছোঁ। পিট ভাইপাৰ বাৰমাহেই দেখা পোৱা যায়। বিশেষকৈ নৱেম্বৰ-ডিচেম্বৰ মাহত ই গৰ্ভধাৰণ কৰে আৰু মতাবোৰ শীতনিদ্ৰাত সোমাই পৰে। সাধাৰণতে ই খুঁটিলে তেজ গোট নামাৰে কিন্তু ঠাণ্ডা দিনত ই দংশন কৰিলে তেজ গোট মৰা দেখা যায়। গতিকে হয়তো বিষৰ গাঢ়তাৰ সাল-সলনিৰ কাৰণেই এনেধৰণৰ পৰিৱৰ্তন দেখা যায়। ইয়াৰ যথাযথ উত্তৰ মোৰ হাতত নাই, অনুমান কৰিহে কৈছোঁ।

প্ৰশ্ন:- সৰ্প-দংশনত আক্ৰান্ত ব্যক্তিৰ বয়স, ওজন আদিৰ সৈতে বিষক্ৰিয়াৰ কোনো সম্পৰ্ক আছেনে বাৰু? একেই পৰিমাণৰ বিষৰ ক্ৰিয়া প্ৰাপ্তবয়স্ক ব্যক্তি আৰু কমবয়সীয়া ল’ৰা-ছোৱালীৰ শৰীৰত একেই হ’ব জানো?

উত্তৰ:- সাধাৰণতে কোৱা যায় যে সৰুৱেই হওক ডাঙৰেই হওক কিমান পৰিমাণৰ বিষ ঢালে সেইটোহে ডাঙৰ কথা। সঠিক উত্তৰটো দিবলৈ অলপ দিগদাৰ। কিন্তু যদি সাপটো খঙত থাকে বা দুখ পায় তেন্তে সৰ্ব্বোচ্চ বিষ ঢালে।

প্ৰশ্ন:- আক্ৰান্ত ব্যক্তিৰ লিংগৰ সৈতে (পুৰুষ-মহিলা) সাপৰ বিষৰ ক্ৰিয়াৰ কোনো সম্পৰ্ক আছেনে?

উত্তৰ:- এই প্ৰশ্নৰ পোনপটীয়া উত্তৰটো হৈছে যে তেনেকুৱা ধৰণৰ একো নাই। অৰ্থাৎ আক্ৰান্ত ব্যক্তিৰ লিংগৰ সৈতে সাপৰ বিষক্ৰিয়াৰ কোনো সম্পৰ্ক নাই।

প্ৰশ্ন:- অসমৰ প্ৰধান বিষাক্ত সাপকেইবিধৰ দংশনৰ লক্ষণসমূহৰ কথা বিস্তাৰিতভাৱে কওকচোন।

উত্তৰ:-  পিট ভাইপাৰ সাপটোৱে দংশন কৰিলে অত্যন্ত বিষাব, ফুলিব আৰু লগতে তেজ গোট নামাৰে। সাধাৰণতে মানুহৰ তেজ ওলালে ২০ মিনিটৰ ভিতৰত গোট মাৰে। কিন্তু ই খুঁটিলে তেজ গোট মাৰিব নিদিয়ে যাক কোৱা হয় coagulopathy। যদিহে তেনেকুৱা হয়, মানুহজনৰ অত্যধিক ৰক্তক্ষৰণ হৈ মৃত্যুমুখত পৰিব পাৰে। গতিকে আমি বিষ আৰু ফুলাটো কমিবলৈ magnesium sulphate-ৰে ড্ৰেছিং কৰোঁ আৰু মানুহজনক সম্পূৰ্ণ জিৰণিত, মানে bed rest-ত ৰখা হয়, কোনোধৰণৰ এণ্টিভেনম দিয়া নহয়। গ্ৰীণ পিট ভাইপাৰ বা পিট ভাইপাৰ আদিৰ দংশনত কোনোধৰণৰ এণ্টিভেনমে কাম নকৰে।

চকৰি ফেঁটীৰ ক্ষেত্ৰত ই কেনেধৰণৰ বিষ ঢালিছে ইও নাজানে। কিছুমান ৰোগীৰ ক্ষেত্ৰত অত্যন্ত বিষায়, ফুলি যায়, ক’লা পৰি যায়। লাহে লাহে মানুহজনৰ পিয়াহ লাগিব ধৰে, মূৰ ঘূৰায়, বমি কৰে। কেতিয়াবা দংশনৰ ঠাইখিনি গেলিও যাব পাৰে। তাৰ কাৰণে আমি ড্ৰেচিং কৰিবলগীয়া হয়। দ্বিতীয় প্ৰকাৰত নিবিষায়, নুফুলে, ক’লা নপৰে কিন্তু এঘণ্টামানৰ ভিতৰত ৰোগী মৃত্যুমুখত পৰে। তৃতীয় প্ৰকাৰত দংশনৰ ঠাইখিনি ঘাঁ হৈ যায় কিন্তু সেইটোৱে মানুহক মৃত্যু মুখত পেলাব নোৱাৰে।

তৃতীয় সাপটো হৈছে বেণ্ডেড ক্ৰেইট বা ব্লেক ক্ৰেইট। এইটো এটা শান্তিপ্ৰিয় সাপ। ই ভৰিৰ ওপৰেদি গ’লেও একো নকৰে যেতিয়ালৈকে মানুহে ইয়াৰ কোনো অপকাৰ নকৰে। ইয়াক অমি নীৰৱ ঘাতক বুলিও কওঁ। ই দেখাত সাইলাখ ক’লা মচোৱা (এইটো এটা বিষহীন সাপ) সাপৰ দৰে। বেণ্ডেড ক্ৰেইট বা ব্লেক ক্ৰেইটে দংশন কৰিলে প্ৰথমতে কোনোধৰণৰ পৰিৱৰ্তন দেখা পোৱা নাযায়। তেতিয়া মানুহে গুৰুত্বসহকাৰে নলয়। ই শ্ল’ পইজন হিচাপে কাম কৰে। এনেকুৱা এটা ঘটনা ঘটিছিল ২০২০ বৰ্ষত। ব্যক্তিগৰাকী প্ৰায় ৪ ঘণ্টামানৰ পিছতহে আমাৰ ওচৰলৈ আহিছিল যিহেতু তেওঁ একো বিষ অনুভৱ কৰা নাছিল। কিন্তু অৱশেষত তেওঁক বচাব পৰা নগ’ল।

ৰঙামূৰীয়া সাপে খোঁটা ৰোগী আমি ৫০-জনতকৈও ওপৰত চিকিৎসা কৰিছোঁ। এই সাপডালে সাধাৰণতে সহজে বিষ ঢালিব নোৱাৰে। এইটো সাপৰ বিহ দাঁতবোৰ পিছফালে থাকে। গতিকে বিষ ঢালিবলৈ হ’লে ই মুখখন সম্পূৰ্ণৰূপে মেলি দিব লাগিব। যেতিয়াই ইহঁতে দংশন কৰিবলৈ চেষ্টা কৰে মানুহে এচাৰ মাৰি দিয়ে, যাৰ ফলস্বৰূপে সাপডালে বিষ ঢলাৰ পৰা বঞ্চিত হয়। যদিহে কেনেবাকৈ বিষ ঢালে, তেন্তে বিভিন্নধৰণৰ লক্ষণে দেখা দিব পাৰে, যেনে তেজ গোট মৰাৰ লগতে নাকে-মুখে তেজ ওলাব পাৰে। লগতে মেলিনা হোৱাও দেখা যায়। ইয়াৰ কাৰণেও কোনোধৰণৰ এণ্টিভেনম নাই, গতিকে মই সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ জনালোঁ।

ৰজা ফেঁটী এটা প্ৰকাণ্ড সাপ আৰু এবাৰতে বৃহৎ পৰিমাণৰ বিহ ঢালি দিয়ে। সাধাৰণতে ইয়াৰ লগত মানুহৰ কোনো সংঘাত হোৱা দেখা নাযায়। গতিকে আমি আজিলৈকে তেনেকুৱা ৰোগী পোৱা নাই। ই দংশন কৰিলে কোনোপধ্যে মানুহ জীয়াই থাকিব নোৱাৰে আৰু শ্বাস-প্ৰশ্বাসত অসুবিধা পাই মৃত্যুবৰণ কৰে। আজিলৈকে ভাৰতবৰ্ষত কেৱল ৪-৫জন লোকৰ মৃত্যু হৈছে, নিজৰ ভুলৰ বাবেই।

প্ৰশ্ন:- চিকিৎসাৰ অবিহনে কিমান সময়ৰ পাছত অসমৰ প্ৰধান বিষাক্ত সাপকেইবিধৰ দংশনে ব্যক্তি এজনক মৃত্যুৰ মুখত পেলাব?

উত্তৰ:- ই কিমান পৰিমাণত বিহ ঢালিছে তাৰ ওপৰত নিৰ্ভৰ কৰিব। যদিহে কম বিষ দিছে তেন্তে সৰ্বোচ্চ ছয় ঘণ্টালৈকে আমি সময় পাওঁ, যদিহে ৰোগীয়ে দংশন কৰা ঠাইখিনি চলাচল নকৰাকৈ ৰাখিব পাৰে। কিন্তু যদিহে ই খঙত বহুত বেছিকৈ বিষ ঢালিছে তেন্তে প্ৰায় ৪৫ মিনিটৰ ভিতৰত ব্যক্তিগৰাকী মৃত্যুমুখত পৰিব পাৰে। গতিকে এইটো বহুত কাৰকৰ ওপৰত নিৰ্ভৰ কৰে, বিশেষকৈ তাৰ কিমান খং উঠিছিল বা মানুহজনে গচক মাৰি দিছিল নেকি! সেই অনুযায়ী আমি ব্যক্তিজনক সুস্থ অৱস্থালৈ আনিবলৈ ৪-৬ ঘণ্টা সময় পাওঁ।

প্ৰশ্ন:- আপোনাৰ অভিজ্ঞতাৰ পৰা কোনবিধ বিষাক্ত সৰ্পৰ দংশনৰ চিকিৎসা অধিক প্ৰত্যাহ্বানপূৰ্ণ বুলি বিবেচনা কৰিব বাৰু?

উত্তৰ:- গ্ৰীণ পিট ভাইপাৰৰ দংশনৰ চিকিৎসা প্ৰত্যাহ্বানমূলক। কাৰণ আমাৰ ওচৰত যিখিনি এণ্টিভেনম আছে সেইখিনিয়ে ইয়াৰ বিষক কোনোপধ্যে অকামিলা কৰিব নোৱাৰে।

এই সাপে দংশন কৰিলে অত্যন্ত বিষায়, ফুলি যায় আৰু তেজ গোট মাৰিবলৈ নিদিয়ে। যদিহে বিষ কমকৈ ঢালে তেন্তে ৫ দিনৰ ভিতৰত ভাল হৈ যায়। কিন্তু যদিহে বেছিকৈ ঢালে তেন্তে ১০ দিন সময় লাগে আৰু সেই দহ দিন আমি ৰোগীক হস্পিটেলত বন্দী কৰি ৰাখোঁ। কাৰণ ইয়াৰ কোনো নিৰ্দিষ্ট ঔষধ নাই। বিষ কমাবলৈ হ’লে magnesium suphate-এৰে ড্ৰেছিং কৰিব লাগিব আৰু একেৰাহে নিৰীক্ষণ কৰি থাকিব লাগিব।

প্ৰশ্ন:- এতিয়ালৈকে আপুনি কিমান ব্যক্তিক বিষাক্ত সৰ্প-দংশনৰ পৰা ৰক্ষা কৰিছে, তাৰ কোনো পৰিসংখ্যা সংৰক্ষণ কৰি থৈছেনে বাৰু? বহুতো সফল চিকিৎসাৰ মাজতো, কেতিয়াবা বাৰু বিফল হোৱাৰ ঘটনা আপোনাৰ হৈছেনে?

উত্তৰ:- আমি ডিমৌ চিকিৎসালয়ত এতিয়ালৈকে ১২১৭ জন ৰোগীক চিকিৎসা প্ৰদান কৰিছোঁ। তদুপৰি অসমৰ বিভিন্ন ঠাইত ফোনৰ যোগেদি চিকিৎসকৰ লগত কথা-বতৰা পাতি ৩০০ জনমান লোককো চিকিৎসা প্রদান কৰিছোঁ। অৰ্থাৎ এতিয়ালৈকে পৰোক্ষ বা প্ৰত্যক্ষভাৱে প্ৰায় ১৫০০ জন লোকৰ চিকিৎসা কৰিবলৈ আমি সক্ষম হৈছোঁ। তাৰ ডাটাখিনিও সংৰক্ষণ কৰি ৰাখিছোঁ। ইয়াৰ মাজত কেতিয়াবা বিফলতাৰো মুখ দেখিছোঁ।

বিষাক্ত সৰ্পৰ দংশনৰ হাৰ ১২.৫%। অৰ্থাৎ ১০০-টা কেছৰ ভিতৰত মাত্ৰ ১২ জনকহে বিষাক্ত সাপে দংশন কৰে। গতিকে বুজনসংখ্যক মানুহক বিষহীন সাপে দংশন কৰে।

(পাছৰ অংশ পৰৱৰ্তী সংখ্যাত প্ৰকাশ হ’ব)

Leave a Reply

Your email address will not be published. Required fields are marked *