সাক্ষাৎকাৰ

ডাঃ সুৰজিৎ গিৰিৰ সৈতে সাক্ষাৎকাৰ (প্ৰথম অংশ) (কৌশিক দাস আৰু অদিতি বৰুৱা)

  • বিষাক্ত সৰ্পৰ দংশনৰ পৰিণতি যে ভয়াবহ হ’ব পাৰে, সেইটো কথা প্ৰাগৈতিহাসিক যুগৰে পৰাই মানুহে দেখি আহিছে, শুনি আহিছে। সেয়ে প্ৰাচীন কালৰে পৰাই সাপৰ প্ৰতি সৰহ সংখ্যক মানুহৰেই মনত সোমাই আছে সীমাহীন ভয়ৰ ভাব। পৃথিৱীৰ নানান দেশৰ পুৰাণ-লোককথাত সাপৰ বিষয়ে বহুতো কল্পকাহিনী পঢ়িবলৈ পোৱা যায়। সাপক কেন্দ্ৰ কৰি দেশে দেশে বহুতো অন্ধবিশ্বাস-কুসংস্কাৰৰো জন্ম হৈ আহিছে।
    ভাৰতবৰ্ষৰ লগতে অসমতো বহুতো মানুহ সৰ্প-দংশনত মৃত্যুমুখত পৰে। এইক্ষেত্ৰত সহায় কৰিব পাৰে একমাত্ৰ আধুনিক চিকিৎসা-বিজ্ঞানে। দুখৰ কথা, সৰ্বসাধাৰণ মানুহ এই ক্ষেত্ৰত বৰ এটা সচেতন নহয়। লগতে হয়তো যাবতীয় সা-সুবিধাৰো অভাৱ। বহুতো প্ৰতিকুল পৰিস্থিতিৰ মাজতেই অসমৰ এগৰাকী সুচিকিৎসকে অসমৰ ভিতৰুৱা অঞ্চলতো সঁচা অৰ্থত এক নতুন দিগন্তৰ উন্মোচন কৰিবলৈ সমৰ্থ হৈছে। তেখেত হৈছে ডা: সুৰজিৎ গিৰি “মুক্ত চিন্তা”-ৰ ফালৰ পৰা তেখেতৰ সৈতে এটা দীৰ্ঘ সাক্ষাৎকাৰ গ্ৰহণ কৰিলে ড০ কৌশিক দাস আৰু অদিতি বৰুৱাই। সাক্ষাৎকাৰৰ এইটো প্ৰথম অংশ।
প্ৰথম অংশ

প্ৰশ্ন:- নমস্কাৰ ডা: সুৰজিৎ গিৰি ডাঙৰীয়া। “মুক্ত চিন্তা”-ৰ তৰফৰ পৰা আপোনালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি এই সাক্ষাৎকাৰটি আৰম্ভ কৰিছোঁ। প্ৰথমতেই এটা কথা উল্লেখ কৰি থওঁ। আপুনি যদি সাক্ষাৎকাৰটিত উল্লিখিত প্ৰসংগসমূহৰ সৈতে কোনো ব্যাখ্যাচিত্ৰ, ফটোগ্ৰাফ, তালিকা আদি সন্নিবিষ্ট কৰাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰে, তেনেহ’লে সেইসমূহ সাক্ষাৎগ্ৰহণৰ অন্তত অনুগ্ৰহ কৰি আমাৰ হাতত দিলে বৰ আনন্দিত হ’ম। সাক্ষাৎকাৰটি প্ৰকাশ কৰাৰ সময়ত সেইসমূহ যথাস্থানত সন্নিবিষ্ট কৰা হ’ব।

ডাঃ সুৰজিৎ গিৰি।

সাপ, সৰ্প-দংশন, সৰ্প-দংশনৰ চিকিৎসা, এণ্টিভেনম ইত্যাদি প্ৰসংগ সাক্ষাৎকাৰটিৰ যথোচিত স্থানত উত্থাপিত হ’ব। তাৰ আগতে আমি আপোনাৰ ব্যক্তিগত জীৱনৰ দুটিমান কথা জানিবলৈ পালে বৰ ভাল পাম। প্ৰথমতেই আপোনাৰ সৰুকালৰ কথা কওঁকচোন! আপোনাৰ জন্মৰ চন, জন্মস্থান, পৰিয়াল, প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আদিৰ কথা!

উত্তৰ:- ১৯৭৭ বর্ষৰ ৪ জুলাইত, দিচাংমুখ,শিৱসাগৰত জন্ম মোৰ। দিচাংমুখ বেচিক স্কুলত পঢ়া আৰম্ভ কৰিছিলোঁ। সপ্তম শ্ৰেণীত তিনি মাহমানলৈকে ঢকুৱাখনা হায়াৰ চেকেণ্ডাৰী স্কুলত আছিলোঁ দেউতাৰ চাকৰি সংক্ৰান্ততে। দেউতা শিৱসাগৰলৈ বদলি হোৱাৰ পাছত সপ্তম শ্ৰেণীৰ পৰা শিৱসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ লওঁ আৰু ১৯৯২ বর্ষত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হওঁ।

প্ৰশ্ন:- তাৰ পাছত? হায়াৰ চেকেণ্ডাৰীৰ শিক্ষা?

উত্তৰ:- শিৱসাগৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৪ বর্ষত বিজ্ঞান শাখাৰ পৰীক্ষাত উত্তীৰ্ণ হওঁ।

প্ৰশ্ন:- সৰু কালত সৰ্প-দংশনৰ কোনো ঘটনা আপুনি প্ৰত্যক্ষভাৱে দেখিছিল নেকি?

উত্তৰ:- মনত নপৰে। কিন্তু সৰ্প দংশন মানেই মৃত্যু বুলি জানিছিলোঁ বা আমাক বুজোৱা হৈছিল।

প্ৰশ্ন:- তেতিয়াৰ সময়ত সাপ আৰু সৰ্প-দংশনৰ প্ৰতি আপোনাৰ নিজৰ মনৰ ভাব বাৰু কেনেকুৱা আছিল?

উত্তৰ:- তেতিয়া সাপ মানেই ভয় আৰু সাপৰ দংশন মানেই মৃত্যু বুলি জানিছিলোঁ। সাপ মানেই কাল বুলি জানিছিলোঁ। কিন্তু আজি সাপ মানে ভয় নহয়। সাপ মানে কাল নহয়।

প্ৰশ্ন:- তাৰ পাছত আপুনি চিকিৎসা-বিজ্ঞানৰ ছাত্ৰ হৈছিলগৈ। তাৰ আগতে আপোনাৰ বাৰু চিকিৎসক হোৱাৰ কথা মনলৈ আহিছিলনে?

উত্তৰ:- সপ্তম শ্ৰেণী লৈকে মই পঢ়াত বৰ ভাল নাছিলোঁ। মা-দেউতাৰ মোক লৈ বৰ চিন্তা আছিল। পঢ়াৰ প্ৰতি একেবাৰে ধাউতি নাছিল। মা-দেউতাই মেট্ৰিক পৰীক্ষাটো যেনে তেনেহে পাছ কৰিম বুলি ভাবিছিল। তাতে টেষ্ট পৰীক্ষাত মাত্ৰ ৪০%-ৰে যেনে তেনে পাছ কৰিছিলোঁ। Social study বিষয়ততো যেনে-তেনে ১০০ ভিতৰত মাত্ৰ ৩৫হে পাইছিলোঁ। কিন্তু টেষ্ট পৰীক্ষাৰ পৰা মেট্ৰিক পৰীক্ষালৈকে মই হাতত পোৱা ৯০ দিনৰ সদব্যৱহাৰ কৰিলোঁ। ৪০%-ৰ পৰা একেবাৰে ৭০%-ৰে প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে Social study বিষয়ত লেটাৰ পালোঁ। অৱশ্যে ২-৩ মাৰ্কৰ কাৰণে গণিত আৰু বিজ্ঞান বিষয়ত লেটাৰ মাৰ্ক পাবলৈ থাকি গৈছিল। তাৰ পাছত আৰু ঘূৰি চাব হোৱা নাছিল। হায়াৰ চেকেণ্ডাৰীত আকৌ Physics বিষয়ত লেটাৰসহ ৭২%-ৰে উত্তীৰ্ণ হওঁ।

তেতিয়ালৈকে লক্ষ্য স্থিৰ হোৱা নাছিল মোৰ। লাহে লাহে আত্মবিশ্বাস বাঢ়ি গ’ল আৰু মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাও দিওঁ। ফলাফললৈ কিছু সময় লাগিছিল বাবে গুৱাহাটীৰ কটন কলেজত Geology বিষয়ত Major লৈ এটা নতুন জীৱন আৰম্ভ কৰোঁ। ৩ মাহ কটন কলেজত পঢ়াৰ পাছত, দুৰ্গা পূজাৰ ছুটিত শিৱসাগৰ লৈ আহোঁ। তেতিয়াই ৫৭ স্থানেৰে মেডিকেলৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হওঁ। কটন কলেজলৈ যোৱা নহ’ল পুনৰ। খবৰো দিয়া নহ’ল। মোৰ চিকিৎসকৰ জীৱন তেনেকৈ আৰম্ভ হৈছিল।

প্ৰশ্ন:- মেডিকেল কলেজত পঢ়ি থকা অৱস্থাত সৰ্প-দংশনত আক্ৰান্ত কোনো ব্যক্তি চিকিৎসালয়লৈ অহা আপুনি পাইছিলনে?

উত্তৰ:- নাই পোৱা।

প্ৰশ্ন:- এম.বি.বি.এছ-ৰ পাঠ্যক্ৰম সম্পূ্ৰ্ণ কৰাৰ পাছত আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি কৰ্মস্থলত যোগ দিছিল। এইচোৱা সময়ৰ কথা অলপ জনাব নেকি?

উত্তৰ:- MBBS পাছ কৰি ডাক্তৰ হোৱাৰ পাছত, আমাৰ অগ্ৰজ আৰু লগৰবোৰ দিল্লীলৈ গৈছিল। দিল্লীত দৰমহা বেছি আছিল, লগতে নতুন নতুন কথা শিকাৰ লগতে ভাৰতৰ বাহিৰৰ পৃথিৱীৰ যোগসূত্ৰ আশা কৰি ময়ো দিল্লীত উপস্থিত হওঁ। আমাৰ লগৰ ২৮জন ডাক্তৰে দিল্লীৰ বিভিন্ন চিকিৎসালয়ত চাকৰি পায়। কিন্তু মই আৰু মোৰ লগৰ ভাস্কৰে ক’তো চাকৰি পোৱা নাছিলোঁ। দিল্লীৰ চুকেকোণে ঘূৰিলোঁ। Interview দি দি ভাগৰি গৈছিলোঁ।ওহোঁ, কোনো এখন চিকিৎসালয়তে চাকৰি নাপালোঁ। শেষত অতিষ্ঠ হৈ মই আৰু ভাস্কৰ (মোৰ সতীৰ্থ) ১৭ দিনত ৰেলৰ tatkal টিকট কৰি ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি আহোঁ। সম্ভৱ সাপে টানিছিল। আমোদজনক যে যিকেইখন চিকিৎসালয়ে মোক ১৯৯৯ বর্ষত প্ৰত্যাখান কৰিছিল, সেইকেইখন চিকিৎসালয়তে মই বিভিন্ন সময়ত বিশেষজ্ঞ চিকিৎসক হিচাপে বিভিন্ন পাঠদানৰ বাবে নিমন্ত্রিত হৈছোঁ।

দিল্লীৰ পৰা ঘূৰি অহাৰ তৃতীয় দিনাখনেই মই অসম চিকিৎসা মহাবিদ্যালয়ৰ বৃক্ক বিভাগত চাকৰি পাওঁ। সমান্তৰালভাৱে PG প্ৰৱেশিকা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰি দিওঁ। PG প্ৰৱেশিকা পৰীক্ষা দি ২০০১ বৰ্ষত প্ৰগতি হস্পিটেলত চাকৰি কৰোঁ। ২০০২ বর্ষত কাৰ্বি আংলংৰ দীপাৰ লগত মোৰ বিয়া হয়। ২০০৩ বৰ্ষৰ এপ্ৰিল মাহত ENT বিভাগত PG-ত সোমাও। ১১ মাহলৈকে মই ENT বিভাগত সুচাৰুৰূপে বিভিন্ন অস্ত্ৰোপচাৰ কৰোঁ। মোক ENT বিভাগৰ সকলো প্ৰফেছৰ আৰু বাকী PG-সকলেও ভাল পাইছিল। যদিও মই ENT বিভাগৰ বিভিন্ন অস্ত্ৰোপচাৰ কৰি পাৰ্গত হৈছিলোঁ, কিন্তু মই যেন সুখী নাছিলোঁ। মই জানিছিলোঁ পাছলৈ মই ভাল শল্য চিকিৎসক হ’ব নোৱাৰিম। মই কৰা অস্ত্ৰোপচাৰবোৰত finishing টো নাছিল।তথাপি ENT-ৰ অস্ত্ৰোপচাৰবোৰ কৰি গ’লোঁ।

কিন্তু মোক আচৰিত কৰি অসমৰ স্বাস্থ্য বিভাগে তৃতীয় আৰু শেষ কাউঞ্চিলিঙৰ জাননী জাৰি কৰে। কোনোবাই বিষয় সলনি কৰিব বিচাৰিলে কৰিব পাৰে। শেষ সুযোগ। মই এনেস্থেছিয়া, চকু নাইবা পেথলজী বিভাগলৈ যাবলৈ সুযোগ পাইছিলোঁ।

এই কাউঞ্চিলিংত বিষয় সলালে, পিছলৈ মই ১১ মাহ বিনা বেতনত PG পঢ়িব লাগিব। হাতত টকা-পইচা বুলিবলৈ নামমাত্ৰ। ইফালে ঘৰত সদ্য বিবাহিত স্ত্ৰী দীপা। আমাৰ পৰিয়াললৈ নতুন আলহীও আহিব লৈছে। কি কৰা যায়?কাউঞ্চিলিং অফিচত গৈ দোধোৰ মোধোৰত পৰিছিলোঁ।

এইবোৰ ভাবি থাকোঁতে মন দৃঢ় কৰি নিজকে নিজে ক’লোঁ, ভৱিষ্যতে যিহেতু মই এজন ভাল শল্য চিকিৎসক হ’ব নোৱাৰিম বুলি ভাবিছোঁৱেই, তেনেস্থলত ঘৰুৱা কিছু সমস্যা হ’লে দীপা আৰু মই একেলগে মোকাবিলা কৰিম বুলি থিৰাং কৰি শল্য চিকিৎসা বাদ দি ২০০৩ বৰ্ষত এনেস্থেছিয়া বিভাগলৈ গুচি যাওঁ।

ENT বিভাগৰ সকলো বন্ধু, শিক্ষক মোৰ ওপৰত খৰ্গহস্ত হৈ আছিল। হোৱাটো স্বাভাৱিক। বিশেষকৈ দেৱজিত দাস ছাৰ। তেওঁ মোক বহুত মৰম কৰিছিল আৰু লগতে সকলো অস্ত্ৰোপচাৰ কৰিবলৈ মোক দিছিল। দেৱজিত ছাৰে মোক খুব বিশ্বাস কৰিছিল আৰু এজন উদীয়মান ENT শল্য চিকিৎসক হিচাপে ছাৰে মোক গণ্য কৰিছিল। কিন্তু মই ছাৰৰ লগত বিশ্বাসঘাতকতা কৰিলোঁ। দেৱজিত ছাৰক আজিলৈকে মই মুখ দেখুৱাব পৰা নাই। শিৱসাগৰৰ ENT বিভাগৰ ডাক্তৰ তাপস দাস ছাৰেও মোক এজন উদীয়মান ENT বিশেষজ্ঞ হিচাপে ভালেখিনি দিহা-পৰামৰ্শৰ লগতে প্ৰগতি হস্পিটেলত এজন গৃহ-চিকিৎসক হিচাপে কৰ্মৰত থাকোঁতে অস্ত্ৰোপচাৰ কক্ষলৈ মাতি মাতি ENT অপাৰেচনবোৰ শিকাইছিল। তাপস দাস ছাৰৰ লগতো মই বিশ্বাসঘাতকতা কৰিলোঁ।

সম্ভৱ মোৰ নিয়তিয়ে এনেস্থেছিয়া বিভাগলৈ টানি নিছিল। এই বিভাগত সুকলমে কেনেদৰে এনেস্থেছিয়া প্ৰয়োগ কৰিব লাগে, সেইখিনি শিকোৱাৰ লগতে মৃতপ্ৰায় ৰোগীক কেনেদৰে পুনৰুজ্জীৱিত লাগে, সেইখিনি প্ৰথম দিনাখনৰ পৰাই শিকোৱা হয়। সম্ভৱ এই শিক্ষাৰ বাবেই পিছলৈ সৰ্প-দংশনৰ চিকিৎসা কৰিবলৈ মই মৰসাহ কৰিছিলোঁ। প্ৰথমে অকলে। পিছলৈ সকলোৱে হাত উজান দিছিল যদিও পথ মসৃণ নাছিল। আমি লাহে লাহে অগ্ৰসৰ হ’লোঁ।

(পাছৰ অংশৰ বাবে ইয়াতে টিপক)

Leave a Reply

Your email address will not be published. Required fields are marked *