সাক্ষাৎকাৰ

ডাঃ সুৰজিৎ গিৰিৰ সৈতে সাক্ষাৎকাৰ (অন্তিম অংশ)— (কৌশিক দাস আৰু অদিতি বৰুৱা)

(প্ৰথম অংশৰ বাবে ইয়াতে, দ্বিতীয় অংশৰ বাবে ইয়াতে আৰু তৃতীয় অংশৰ বাবে ইয়াতে টিপক) 

প্ৰশ্ন:- সৰ্প-দংশনৰ চিকিৎসা কেনেদৰে কৰা হয়? অনুগ্ৰহ কৰি এই কথাটো আমাক বহলাই জনাবনে?

উত্তৰ:- ৰোগী অহাৰ লগে লগে সৰ্বপ্ৰথমে vitals-খিনি, নাড়ীবেগ, কোনখিনিত দংশন কৰিছে সেইটো পৰীক্ষা কৰা হয়। কেতিয়াবা সাপডাল দেখিছিল নেকি, বৰণ কেনেকুৱা আছিল সেইটো সোধা হয়, বা কেনেকৈ কি পৰিস্থিতিত দংশন কৰিছিল সেইটোৰো তথ্য লোৱা হয়। তদুপৰি,  তেজ পৰীক্ষাৰ পিছত যদি দেখা পোৱা যায় যে তেজখিনি গোট মৰা নাই, দংশিত অংশ ফুলিছে, বিষাইছে তেন্তে সেইটো পিট ভাইপাৰ সাপে দংশন কৰাৰ লক্ষণ। সাধাৰণতে মানুহৰ তেজ শৰীৰৰ বাহিৰলৈ উলিয়াই আনিলে ২০ মিনিটৰ ভিতৰত গোট মাৰে আৰু যদি নামাৰে তেন্তে সেইটো পিট ভাইপাৰ সাপৰ দংশনৰে ফল। যদি বিষ হোৱা বা ফুলাৰ উপৰিও কিছুমান neuro toxic লক্ষণে দেখা দিছে যেনে— থু গিলিব পৰা নাই, চকুৰ বাদু নামি আহিছে, উশাহ চুটি হৈছে, বমি হৈছে বা ভালকৈ থিয় হ’ব পৰা নাই, তেন্তে সেইখিনি হৈছে ফেঁটী সাপে দংশন কৰা লক্ষণ। তেনে ক্ষেত্ৰত তৎক্ষণাত এণ্টিভেনম আৰু mycophenolate, neostigmine বেজী এটা প্ৰয়োগ কৰা হয়। যদিহে ৰোগীৰ কোনোধৰণৰ বিষ নাই, ফুলা নাই কিন্তু ৰোগীয়ে থু গিলিব পৰা নাই, চকুৰ বাদু নামি আহিছে তেন্তে তৎক্ষণাত এণ্টিভেনম আৰু neostigmine আৰু লগতে calcium gluconate বুলি এটা বেজী প্ৰয়োগ কৰা হয়, কাৰণ এইখিনি হৈছে ক্ৰেইট সাপৰ দংশনৰ লক্ষণ। অৰ্থাৎ ক্ৰেইট সাপে দংশন কৰিলে কোনোধৰণৰ বিষ অনুভৱ নহয় আৰু নুফুলে। এইখিনি চিকিৎসা প্ৰদান কৰাৰ পিছত আমি blood profile পৰ্যবেক্ষণ কৰোঁ আৰু সেইমতে চিকিৎসা প্ৰদান কৰোঁ। যদি ২৪ ঘণ্টাৰ ভিতৰত ৰোগীৰ একো লক্ষণে দেখা নিদিয়ে, তেতিয়া আমি ৰোগীক ভালদৰে সেই ২৪ ঘণ্টাৰ ভিতৰত পৰীক্ষা-নিৰীক্ষা কৰি ছুটী দিওঁ। অৰ্থাৎ সৰ্পদংশনৰ পিছত ২৪ ঘণ্টা হস্পিতালত থকাটো অত্যন্তই জৰুৰী। কাৰণ যদি বিষাক্ত ফেঁটী সাপ হয়, তেন্তে ৬ ঘণ্টাৰ ভিতৰত লক্ষণসমূহে দেখা দিব আৰু যদি শংখচূড় বা ক্ৰেইট সাপে দংশন কৰে তেন্তে কেতিয়াবা ২৪ ঘণ্টাৰ ভিতৰতহে লক্ষণসমূহে দেখা দিব পাৰে। অৰ্থাৎ ৰোগী যদি সৰ্পদংশনৰ পিছতেই তৎক্ষণাত আমাৰ ওচৰলৈ আহে আৰু চিকিৎসালয়ত ভৰ্তি হৈ থাকে তেন্তে প্ৰথম  লক্ষণসমূহ (early symptoms) যেনে— মূৰ ঘূৰোৱা, বমি হোৱা, চকু জ্বলা-পুৰা কৰা, অস্থিৰ হৈ পৰা, চকুৰ বাদু নামি অহা, থু গিলিবলৈ অক্ষম হোৱা, উশাহ চুটি হোৱা  ইত্যাদিয়ে দেখা দিলে আমি এণ্টিভেনম প্ৰয়োগ কৰোঁ আৰু ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠে। কিন্তু, বাকী ৰোগীসকলক আমি এণ্টিভেনম প্ৰয়োগ কৰি ৭২ ঘণ্টালৈ ৰাখোঁ। যদিহে সৰ্পদংশনৰ পিছত ৰোগী আহিছে কিন্তু একো লক্ষণ দেখুৱা নাই তেনেক্ষেত্ৰত ৰোগীক ২৪ ঘণ্টা ৰাখি তেওঁলোকক ছুটী দিওঁ।

প্ৰশ্ন:- সকলোবিধ বিষাক্ত সাপৰ এণ্টিভেনম বেলেগ বেলেগ নেকি বাৰু? যদি কথাটো তেনেকুৱা, কি সাপে দংশন কৰিছে সেইটো জনা নগ’লে এণ্টিভেনম কি দৰে প্ৰয়োগ কৰা হয়?

উত্তৰ:- হয়, তেনেক্ষেত্ৰত আমাৰ অলপ অসুবিধা হয়। সেইকাৰণে আমি polyvalent অৰ্থাৎ বিষ ফুৰ এণ্টিভেনমখিনি ব্যৱহাৰ কৰোঁ। ভাৰতবৰ্ষত বিশেষকৈ ফেঁটী সাপ, ক্ৰেইট, ৰাচেল ভাইপাৰ আৰু শ্ব-স্কেল ভাইপাৰ— এই চাৰিবিধ সাপে বহুখিনি মানুহক আক্ৰান্ত কৰে, গতিকে এই চাৰিবিধ সাপৰ বিহৰ পৰা এণ্টিভেনম তৈয়াৰ হয় আৰু সেইকাৰণে ইয়াক polyvalent বোলা হয়— অৰ্থাৎ এই চাৰিবিধ সাপৰ বিহ মিহলি কৰি এণ্টিভেনমবিধ তৈয়াৰ কৰা হৈছে। কাৰণ প্ৰায়েই সৰ্পদংশনৰ পিছত আমি সাপডাল চিনাক্ত কৰিব নোৱাৰোঁ, সেইকাৰণে monovalent অৰ্থাৎ সাপ নির্দিষ্ট এণ্টিভেনম প্ৰয়োগ কৰিলে কেতিয়াবা অসুবিধা হয়। যদিহে ৰোগীয়ে সাপৰ চিত্ৰ লৈ আহে বা বিশেষ লক্ষণ দেখা পোৱা যায়, তেতিয়া monovalent এণ্টিভেনম প্ৰয়োগ কৰিবলৈ অসুবিধা নহয়। কিন্তু যিহেতু সৰ্বসাধাৰণ মানুহৰ বাবে এইটো  সম্ভৱ নহয় কাৰণ ৯০% ব্যক্তিয়েই ফটো নাৰাখে বা ভয়ত বিহ্বল হৈ সঠিক বিৱৰণ দিব নোৱাৰে। সেইবাবে আমি polyvalent প্ৰয়োগ কৰাৰহে প্ৰয়োজনীয়তা আছে বুলি ভাবোঁ। বৰ্তমান সময়ত ভাৰতবৰ্ষত monovalent এণ্টিভেনম অৰ্থাৎ সাপ নিৰ্দিষ্ট এণ্টিভেনম প্ৰস্তুত হৈ উঠা নাই, যদিও বাহিৰৰ দেশ, যেনে অষ্ট্ৰেলিয়া ইত্যাদিত তাৰ প্ৰচলন আছে আৰু সেইমতে বিষাক্ত সাপৰ ভয়াৱহতা তাত নাই। তাৎপৰ্যপূৰ্ণভাৱে, অসমত পোৱা পিট ভাইপাৰ সাপৰ এণ্টিভেনমে সুফল দিয়া নাই। যিহেতু ইয়াৰ ভয়াৱহতা অত্যধিক, সেয়েহে আমি চৰকাৰক এই এণ্টিভেনমবিধ প্ৰস্তুত কৰি তুলিবলৈ অনুৰোধ কৰিছোঁ। এই ফাইলটো বৰ্তমান পৰ্যালোচনাত আছে আৰু যদিহে সেইটো হয় তেন্তে নিশ্চয়কৈ আমি এটা সুফল পাম।

প্ৰশ্ন:- অসমত পোৱা সকলোবিধ বিষাক্ত সাপৰ এণ্টিভেনম আছেনে বাৰু?

উত্তৰ:- অসমত পোৱা পিট ভাইপাৰ, ৰঙামূৰীয়া সাপ আৰু ৰজা ফেঁটীৰ কোনো এণ্টিভেনম আমাৰ হাতত নাই।  বৰ্তমান কেৱল ফেঁটী সাপ আৰু শংখচূড় বা ক্ৰেইট সাপৰ বিহৰ এণ্টিভেনমহে অসমত উপলব্ধ।

প্ৰশ্ন:- যদি কোনো সাপৰ এণ্টিভেনম ওলোৱা নাই, বা ঠাইতে উপলব্ধ নহয়, তেনেহ’লে আক্ৰান্ত ব্যক্তিক কেনেদৰে চিকিৎসা প্ৰদান কৰা হয়?

উত্তৰ:- সৰ্প দংশনৰ চিকিৎসা মানেই কেৱল এণ্টিভেনম নহ’বও পাৰে। উদাহৰণস্বৰূপে পিট ভাইপাৰ সাপৰ ক্ষেত্ৰত magnesium sulphate-ৰ ড্ৰেছিং কৰোঁ, ৰোগীক সম্পূৰ্ণ bedrest-ত ৰাখোঁ আৰু  আনুষংগিক দৰব, যেনে platelet আদি প্ৰয়োগ কৰোঁ যিহেতু এণ্টিভেনমে একো কাম নকৰে। ঠিক তেনেদৰে ৰঙামূৰীয়া সাপৰ কোনো এণ্টিভেনম নাই। ই দংশন কৰিলে নাকে মুখে তেজ ওলাব পাৰে বা melena হ’ব পাৰে। তেতিয়া ৰোগীক platelet, FFP আদি দৰৱ দি সুস্থ কৰোৱা হয়। যদি ৰজা ফেঁটীয়ে দংশন কৰে তেন্তে ৰোগী কেতিয়াও হস্পিতাল আহি নাপায়হি। কাৰণ ই এটা বৃহৎ বিষাক্ত সাপ আৰু ই অতি বেছি পৰিমাণে বিহ ঢালে।

প্ৰশ্ন:- এণ্টিভেনম প্ৰথমতে কেনেকৈ প্ৰস্তুত কৰা হৈছিল? এণ্টিভেনমৰ আৱিষ্কাৰৰ ইতিহাস আৰু প্ৰস্তুতপ্ৰণালী নিশ্চয় বৰ আকৰ্ষণীয়। বৰ্তমানে বিজ্ঞানৰ এইটো দিশত নিশ্চয় নতুন নতুন কথা যোগ হৈছে, অগ্ৰগতি হৈয়েই আছে। ‘মুক্ত চিন্তা’-ৰ পাঠকক এইটো দিশত কিছু কথা জনাবনে?

উত্তৰ:- ফৰাচী বিজ্ঞানী তথা চিকিৎসক এলবাৰ্ট কালমেট, ১৮৯৫ চন— তেৱেঁ কৰিছিল আৰম্ভণি। কিন্তু ইয়াৰ আঁৰত এটা কাহিনী আছে। এদিন তেখেতে দেখিলে যে, ঘোঁৰা এটাক বিষাক্ত ফেঁটী সাপে দংশন কৰাৰ পিছত মাটিত পৰি যায়। তেখেতে ভাবিলে যিহেতু এটা বিষাক্ত সাপে দংশন কৰিছে, ঘোঁৰাটোৰ মৃত্যু অনিবাৰ্য। কিন্তু অলপ সময়ৰ পিছতে ঘোঁৰাটো সক্ৰিয় হৈ উঠে। এই ঘটনাটোক পৰীক্ষা কৰিবলৈ যাওঁতে তেওঁ আৱিষ্কাৰ কৰিলে যে, ঘোঁৰাৰ শৰীৰত আচলতে সাপৰ বিহখিনিৰ বিৰুদ্ধে যুঁজিব পৰাকৈ কিছুমান প্ৰতিকণা (antibody) আছে। অৰ্থাৎ এনেকুৱা কিছুমান প্ৰটিন ঘোঁৰাৰ দেহত আছে যিয়েই বিহখিনি শৰীৰত সোমোৱাৰ লগে লগে নিষ্ক্ৰিয় (neutralize) কৰি দিয়ে যাতে স্নায়ু, মগজু এইবোৰত প্ৰভাৱ পেলাব নোৱাৰে। তেতিয়া বিজ্ঞানীসকলে মানুহৰ শৰীৰতো এইটো প্ৰয়োগ কৰাৰ কথা লাহে লাহে ভাবিবলৈ ল’লে।

প্ৰত্যেকখন ৰাষ্ট্ৰই এণ্টিভেনম প্ৰস্তুত কৰে। ভাৰতবৰ্ষই বিষফুৰ অৰ্থাৎ ফেঁটী সাপ, ক্ৰেইট, ৰাচেল ভাইপাৰ আৰু শ্ব-স্কেল ভাইপাৰ ইত্যাদি সাপৰ বিহখিনি নিষ্কাষণ কৰে আৰু তাৰপিছত ঘোঁৰাৰ দেহত প্ৰয়োগ কৰে। বিহখিনি ঢলাৰ লগে লগে ঘোঁৰাৰ শৰীৰত বিহখিনিৰ বিৰুদ্ধে যিখিনি antibody উৎপন্ন হয়, সেই antibody থকা তেজখিনি বিজ্ঞানীসকলে উলিয়াই নিষ্কাষণ কৰি শোধন কৰি লৈ এণ্টিভেনম হিচাপে উৎপাদন কৰে। যিহেতু সেই এণ্টিভেনমখিনি দৰাচলতে ঘোঁৰাৰ তেজৰ পৰা তৈয়াৰ কৰা হয়, গতিকে কেতিয়াবা পাৰ্শ্বক্ৰিয়া দেখা পোৱাটো স্বাভাৱিক।

প্ৰশ্ন:- এণ্টিভেনমে কি দৰে ক্ৰিয়া কৰে? এণ্টিভেনমৰ ক্ৰিয়াৰ কথা (Mechanism of action) বহলাই জনালে বৰ ভাল হয়।

উত্তৰ:- এণ্টিভেনম যেতিয়া আমি ৰোগীৰ শৰীৰত প্ৰয়োগ কৰোঁ, তেতিয়া সেইখিনিয়ে ৰোগীৰ দেহত থকা বিহখিনি নিষ্ক্ৰিয় (neutralize) কৰি দিয়ে। দ্বিতীয়তে, যদি বিহখিনি লক্ষ্যস্থল অংগত (target organ), যেনে স্নায়ুকোষত চুম্বকৰ দৰে লাগি থাকে তেন্তে এণ্টিভেনমে স্নায়ুকোষৰ পৰা সেইখিনি আঁতৰাই আনি তেজলৈ স্থানান্তৰিত কৰে আৰু বিহখিনি নিষ্ক্ৰিয় কৰে। অৰ্থাৎ এণ্টিভেনম প্ৰয়োগ কৰাৰ লগে লগে ই তেজত থকা বিহ তথা লক্ষ্যস্থল অংগত লাগি থকা বিহখিনিও নিষ্ক্ৰিয় কৰি ৰোগীক মৃত্যুমুখত পৰাৰ পৰা বচাই তোলে।

প্ৰশ্ন:- মানুহৰ শৰীৰত এণ্টিভেনমৰ কোনো ঋণাত্মক প্ৰতিক্ৰিয়া আছেনে? যদি আছে, সেইবোৰ কেনেধৰণৰ?

উত্তৰ:- যিহেতু এণ্টিভেনম ঘোঁৰাৰ তেজ নিষ্কাষিত কৰি তৈয়াৰ কৰা হয়, সেইখিনি যেতিয়া আমি ৰোগীৰ শৰীৰত প্ৰয়োগ কৰিম তেতিয়া পাৰ্শ্বক্ৰিয়া হোৱাটো স্বাভাৱিক। পাৰ্শ্বক্ৰিয়া হ’লেও আমি এণ্টিভেনম প্ৰয়োগ কৰিবই লাগিব। সাধাৰণতে দুইধৰণৰ পাৰ্শ্বক্ৰিয়া দেখা পোৱা যায়, এটা হৈছে তাৎক্ষণিক, যিটো এণ্টিভেনম প্ৰয়োগ কৰাৰ ঠিক ১০-২০ মিনিটৰ পিছতেই দেখা দিয়ে, যেনে, উশাহ লোৱাত অসুবিধা হ’ব পাৰে আৰু কেতিয়াবা ৰোগী মৃত্যুমুখত পৰিব পাৰে। তেনেক্ষেত্ৰত আমি adrenalin বেজী প্ৰয়োগ কৰোঁ। লক্ষণখিনি হ্ৰাস পোৱাৰ পিছত আমি আকৌ এণ্টিভেনম দিয়া আৰম্ভ কৰোঁ। অৰ্থাৎ ই ৰোগীৰ কাৰণে নিতান্তই প্ৰয়োজনীয়। দ্বিতীয়তে, কেতিয়াবা ৰোগী সুস্থ হৈ উঠাৰ ১০-১২ দিন পিছত কিছুমান লক্ষণে দেখা দিয়ে, যেনে জ্বৰ উঠা, শৰীৰ দুৰ্বল লগা, গাঁঠি বিষ ইত্যাদি; সেইখিনি হৈছে দেৰিকৈ দেখুওৱা পাৰ্শ্বক্ৰিয়া (delayed reaction)। তেনেকুৱা দুই এজন ৰোগীও আমি নোপোৱা নহয় যদিও তাৰো চিকিৎসা আছে। কিন্তু যদি আমি পাৰ্শ্বক্ৰিয়াৰ কথা ভাবি ৰোগীক এণ্টিভেনম প্ৰয়োগ নকৰোঁ, তেন্তে ৰোগীক আমি অকাল মৃত্যমুখলৈ ঠেলি দিয়া যেন হ’ব।

প্ৰশ্ন:- অলপতে আপোনাৰ ‘সাপ আৰু আমি’ নামৰ গ্ৰন্থ এখন প্ৰকাশ হৈছে। গ্ৰন্থখনৰ বিষয়ে অলপ জনাবনে?

উত্তৰ:- হয়; আমাৰ যিবোৰ বাস্তৱ অভিজ্ঞতা, অন্ধবিশ্বাসৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজিছিলোঁ, এই বিষয়টোৰ গভীৰতালৈ আমি কেনেকৈ সোমাই পৰিছিলোঁ, আমি কি কি বাধাৰ সন্মুখীন হৈছিলোঁ লগতে দূৰ-দূৰণিৰ বিভিন্ন ৰোগী, যিসকলে অন্ধবিশ্বাসক জয় কৰি বেজ-বেজালিৰ সহায় লোৱাৰ বিপৰীতে চিকিৎসকৰ চিকিৎসাৰ সহায় লৈ সুস্থ হৈ উঠিছিল, অসমত উপলব্ধ বিভিন্নধৰণৰ বিষাক্ত সাপ, সৰ্প-দংশনৰ লক্ষণসমূহ আৰু কেনেকৈ চিকিৎসা ল’ব লাগে আৰু লগতে সেই গোটেইখিনি গল্প আকাৰত সাৱলীলভাৱে বৰ্ণনা কৰা হৈছে। তদুপৰি, সাপ আমাৰ কাৰণে তথা পৰিৱেশৰ বাবে কিমান উপকাৰী, ইয়াৰ প্ৰয়োজনীয়তা ইত্যাদি অৰ্থাৎ ইয়াৰ সংৰক্ষণ কৰাৰ উপায়কে ধৰি দংশন কৰাৰ পৰা নিজক কেনেকৈ বচাম বা চিকিৎসা কেনেকৈ কৰিম এই সকলোখিনি উল্লেখ কৰা হৈছে। তদুপৰি, কিছু বিষাক্ত সাপৰ ফটোও কিতাপখনত দিয়া হৈছে আৰু স্বাস্থ্য কর্মীসকলৰ কাৰণে protocol-খিনিও বৰ্ণনা কৰা হৈছে। ৰাইজ, সমাজ, স্বাস্থ্য-কৰ্মী সকলোকে লক্ষ্য কৰি কিতাপখন লিখা হৈছে। এতিয়ালৈকে আমি দুটা সংস্কৰণ সমাপ্ত কৰি তৃতীয়টোত ভৰি দিছোঁ।

প্ৰশ্ন:- সৰ্প-দংশনৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনাৰ স্মৰণীয় ঘটনাৰ কথা কওকচোন।

উত্তৰ:- দুটা স্মৰণীয় ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিম। প্ৰথমটো হৈছে স্বাগত হস্পিতালৰ কথা, য’ত তেওঁলোকক প্ৰায় ৩৫ টা এণ্টিভেনম দিয়া হৈছিল। ৰোগীক CT scan, MRI সকলোধৰণৰ পৰীক্ষা কৰোৱা হৈছিল কিন্তু তথাপিও ল’ৰাজন মৃতপ্ৰায় অৱস্থাত আছিল। তিনিদিনলৈকে তেখেত উন্নত অৱস্থালৈ অহা নাছিল। যিহেতু ল’ৰাজনৰ আৰ্থিক অৱস্থা ভাল নাছিল, সেয়েহে তেখেতক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ স্থানান্তৰিত কৰা হৈছিল। তেখেত সুস্থ হৈ উঠাৰ কোনো লক্ষণ আমি দেখা পোৱা নাছিলোঁ যিহেতু গোটেইখিনি পৰীক্ষা কৰাৰ পিছতো আমি উত্তৰহীন হৈ আছিলোঁ। তথাপি আমি চৰকাৰী যোগান লৈয়ে  চিকিৎসা পুনৰাৰম্ভ কৰিছিলোঁ আৰু আমাৰ protocol-ৰ মতে ২০ টা এণ্টিভেনম দিয়া হৈছিল আৰু সুস্থ হৈ উঠিছিল আৰু আজি তেওঁ সম্পূৰ্ণ সুস্থ।

দ্বিতীয়টো হৈছে ৰঙিয়াৰ ঘটনা। মানুহজনে ৰঙিয়াৰ বেচৰকাৰী চিকিৎসালয়ত চিকিৎসা লাভ কৰাৰ পিছত ঘৰলৈ উভতি যায়। কিন্তু ঠিক ১২ ঘণ্টাৰ পিছতে তেওঁ মূৰ্চ্চা যায় আৰু অজ্ঞান হৈ পৰে। তেখেতক আকৌ হস্পিতালত ভৰ্তি কৰোৱা হয় আৰু পুনৰ ২০ টা এণ্টিভেনম প্ৰয়োগ কৰা হয়। কিন্তু তথাপিও তেখেত একেবাৰে অৱশ হৈ পৰে আৰু মাত-বোল নকৰা হয়। ৰোগীৰ এটেণ্ডেণ্টগৰাকীয়ে মোক যোগাযোগ কৰে আৰু আমি ডিউটিত থকা চিকিৎসকৰ জৰিয়তে সকলোখিনি জানি লওঁ। আমি জানি আশ্বস্ত হৈছিলোঁ যে ৰোগীক ক্ৰেইট সাপে দংশন কৰিছিল। আমি তৎক্ষণাত তেখেতক ১০-টা এণ্টিভেনম দি চিকিৎসা পুনৰাৰম্ভ কৰি দিছিলোঁ আৰু লগতে calcium gluconate— যিটো ক্ৰেইট সাপৰ এটা বিশেষ বেজী— সেইটোও প্ৰয়োগ কৰিছিলোঁ। লাহে লাহে এদিন-দুদিনৰ পাছত ৰোগী সুস্থ হৈ উঠে আজি তেখেত সম্পূৰ্ণ সুস্থ। এই দুইটা ক্ষেত্ৰতে হয়তো আমি মানুহ দুজনক হেৰুৱাই পেলালোঁহেঁতেন, কিন্তু আমাৰ বিভিন্ন অভিজ্ঞতাৰ পৰাই আমি ৰোগীক সুস্থ কৰি তুলিবলৈ সক্ষম হলোঁ। গতিকে এই দুয়োটা ঘটনা মোৰ জীৱনত স্মৰণীয় হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *