শিক্ষক-শিক্ষয়িত্ৰীৰ পোছাক বিধি আৰু পশ্চাৎপদ চিন্তা-চৰ্চা— (জুনু বৰা)
আমাৰ সমাজখন কিমান পিছপৰি আছে, তাক মহিলাৰ সাজ-পোছাকক কেন্দ্ৰ কৰি হোৱা পশ্চাদপদ চিন্তাপ্ৰসূত বিতৰ্কসমূহেই নগ্নভাৱে উদঙাই দিয়ে। আজি একবিংশ শতিকাৰ তৃতীয় দশকত অত্যাধুনিক সমাজখনত চলি থকা এনে বিতৰ্কই মানুহৰ চিন্তা-চৰ্চাক সংকুচিত কৰি ঠেক গণ্ডিত আবদ্ধ কৰি পেলাইছে আৰু শিক্ষা জগতৰ মূল বিষয়সমূহ ঢাকি ৰাখি অথবা আকাশলংঘী মূল্যবৃদ্ধি, সংস্থাপনহীনতা, গণতন্ত্ৰৰ ওপৰত আক্ৰমণৰ দৰে জৰুৰী বিষয়বোৰ তল পেলাই মানুহক বিভ্ৰান্ত কৰিছে। মেকুৰীটো ক’লা নে বগা, সেইকথা জনাতকৈ সি নিগনি ধৰিব পাৰেনে নোৱাৰে সেইটোহে দৰকাৰী। তেনেদৰে শিক্ষয়িত্ৰীগৰাকীয়ে চুৰিদাৰ পিন্ধিছেনে মেখেলা-চাদৰ পিন্ধিছে তাতকৈ দৰকাৰী কথাটো হৈছে তেওঁ ভালকৈ পঢ়াইছেনে বেয়াকৈ। আজি আমাৰ সমাজত ইয়াৰ বিপৰীত দিশটোক প্ৰাধান্য দিয়াহে পৰিলক্ষিত হৈছে।
অসমৰ স্কুল-কলেজকে ধৰি শিক্ষানুষ্ঠানসমূহত কৰ্মৰত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে শিক্ষা বিভাগে যোৱা ১৯ মে’, ২০২৩ তাৰিখে স্বাক্ষৰ কৰা এক নিৰ্দেশনা যোগে পোছাক বিধি [ড্ৰেছ কোড] জাৰি কৰাৰ পিচত ইয়াক কেন্দ্ৰ কৰি যথেষ্ট¸ চৰ্চা হৈছে; বিশেষকৈ বিভিন্ন স্তৰৰ মতামত, তৰ্ক-বিতৰ্কই সামাজিক মাধ্যম উত্তাল কৰি তুলিছে। শিক্ষা বিভাগৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে কিছু শিক্ষক-শিক্ষয়িত্ৰীয়ে এনে ধৰণৰ সাজ-পোছাক পৰিধান কৰে, যিবোৰ ব্যাপক ৰাইজৰ বাবে গ্ৰহণযোগ্য নহয়৷ নিৰ্দেশনাত কোৱা হৈছে, যিহেতু শিক্ষকসকলক আদৰ্শনীয় লোক হিচাপে গ্ৰাহ্য কৰা হয়, সেয়ে তেওঁলোকে নিৰ্দিষ্ট সাজ-পোছাক বিধি মানি চলা উচিত। এই নিৰ্দেশনা অনুসৰি শিক্ষকসকলে আনুষ্ঠানিক চাৰ্ট-পেণ্ট আৰু শিক্ষয়িত্ৰীসকলে মাৰ্জিত চুৰিদাৰ-কামিজ, শাৰী, মেখেলা-চাদৰ পৰিধান কৰিব পাৰিব। তেওঁলোকে টি চাৰ্ট, জিনছ, লেগিংছ আদি অনানুষ্ঠানিক পোছাক পৰিধান কৰিব নোৱাৰিব।
নিৰ্দেশনাই অনুমতি প্ৰদান কৰা সত্ত্বেও এইবাৰ চুৰিদাৰ-কামিজক কেন্দ্ৰ কৰি বিতৰ্ক ঘনীভূত হয়। এই বিতৰ্কৰ পৰা গাঁও বা নগৰ-মহানগৰ কোনেও ৰেহাই পোৱা নাই। গাঁৱৰ মানুহলৈ আঙুলিয়াই দি কোৱা হয়–গাঁও অঞ্চলত চুৰিদাৰ খাপ নাখায়। তেনেদৰে নগৰ-মহানগৰৰ ক্ষেত্ৰত কোৱা হয়— চুৰিদাৰ বুদ্ধিজীৱীসকলে মানি নলয়। গতিকে একমাত্ৰ মেখেলা-চাদৰ পিন্ধিব লাগিব— গাঁও, নগৰ সকলোতে। আনকি গুৱাহাটী মহানগৰৰ এখন ঐতিহ্যমণ্ডিত বালিকা বিদ্যালয়ত জ্যেষ্ঠ শিক্ষয়িত্ৰী কেইগৰাকীমানে নৱ নিযুক্ত শিক্ষয়িত্ৰী কেইগৰাকীয়ে চুৰিদাৰ পিন্ধি অহাৰ বাবে টেলিভিছন চেনেল মাতি আনি শিক্ষয়িত্ৰীকেইগৰাকীক টি ভিৰ সন্মুখত দাগী অপৰাধীৰ দৰে ধমকি দিয়ে আৰু মেখেলা-চাদৰ পিন্ধিবলৈ কঠোৰ নিৰ্দেশ দিয়ে।
বিভিন্ন স্কুল-কলেজত চুৰিদাৰ-কামিজ পিন্ধিবলৈ বাধা পাই অতিষ্ঠ হৈ পৰা শিক্ষয়িত্ৰীসকলে অসহায় অৱস্থাত এগৰাকীয়ে আনগৰাকীৰ লগত ফোনত নিতৌ ক্ষোভ উজাৰে। গুৱাহাটীকে ধৰি অসমৰ কেবা ঠাইৰো তেনেধৰণৰ কেইগৰাকীমান শিক্ষয়িত্ৰীয়ে অত্যন্ত ক্ষোভেৰে এই লেখিকাৰ এই বিষয়ক লেখা এটাৰ সঁহাৰিত যিখিনি কথা জনাইছিল তাৰ সাৰাংশ হৈছে— একাংশ মানুহে সমাজখন পিছলৈ ঠেলি আছে আৰু আওপুৰণি ধ্যান-ধাৰণাসমূহ মেলি দি ক্ষুদ্ৰ স্বাৰ্থত সমাজখনক প্ৰদূষিত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছে। একাংশ নাৰীবিদ্বেষী লোকে পুৰুষতন্ত্ৰৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থত মহিলাকো ব্যৱহাৰ কৰি দেখুৱাব খুজিছে যে ‘নাৰী নাৰীৰ শত্ৰু’— সেই পুৰণি আপ্তবাক্যষাৰ আজিও ধ্ৰুৱ সত্য। মেখেলা-চাদৰ পিন্ধাসকলৰ মনৰ ভাৱ— ‘আমি পিন্ধিছোঁ যেতিয়া তহঁতে নিপিন্ধিবি কিয়? ’
একাংশ শিক্ষানুষ্ঠানত সাজ-পাৰকেন্দ্ৰিক বিতৰ্কই জটিলতা ধাৰণ কৰাৰ বিপৰীতে সৰহভাগ স্কুল-কলেজতে আলোচনা সাপেক্ষে বা বুজাপৰাৰ মাজেৰে বিষয়টো মীমাংসা হৈছে, য’ত উদ্দেশ্যপ্ৰণোদিতভাৱে লোকসকলৰ মুখা খুলি দিয়া আৰু বিষয়টো তন্নতন্নকৈ বুজাই দিয়াত শিক্ষয়িত্ৰীসকল সফল হৈছে আৰু অধ্যক্ষকে ধৰি বাকী শিক্ষক-শিক্ষয়িত্ৰীসকলে গণতান্ত্ৰিক স্থিতি গ্ৰহণ কৰিছে, সেইবোৰ বিদ্যালয়-মহাবিদ্যালয়ত জটিলতা অৰ্জনৰ আগতেই এই বিবাদৰ অন্ত পৰিছে আৰু সেইবোৰ স্কুল-কলেজলৈ সুস্থ বিদ্যায়তনিক পৰিৱেশ ঘূৰি আহিছে।
স্কুলসমূহৰ কথা বাদেই দিলোঁ, অলপতে অসমৰ প্ৰায় সাতশ মহাবিদ্যালয়ৰ এখনত সাজপাৰ বিবাদে চৰম ৰূপ পৰিগ্ৰহ কৰে। মহাবিদ্যালয়ৰ ছাত্ৰসকলে চুৰিদাৰ পিন্ধি যোৱা তিনিগৰাকী শিক্ষয়িত্ৰীক চৌহদত প্ৰৱেশত বাধা দিয়ে আৰু তেওঁলোকে পৰিধান কৰা সাজপাৰ সন্দৰ্ভত নানা প্ৰশ্ন কৰে। শিক্ষয়িত্ৰীকেইগৰাকীক চুৰিদাৰ পিন্ধি পাঠদান কৰিব নোৱাৰিব বুলি সকীয়াই দিয়ে আৰু পৰস্পৰ কথা কটাকটি হয়। মহাবিদ্যালয়ৰ শ্ৰেণীকোঠাত ছাত্ৰসকলে তলা লগাই দিয়ে। ছাত্ৰসকলে শিক্ষয়িত্ৰীকেইগৰাকীৰ বিৰুদ্ধে কেবাটাও অভিযোগ তুলি ছাত্ৰসকলৰ ওচৰত ক্ষমা খোজাৰ দাবী জনায় আৰু পৰিস্থিতিৰ অবনতি ঘটে।
এই নেতিবাচক উদাহৰণৰ বিপৰীতে ২০১১ চনতে এখন মহাবিদ্যালয়ৰ চুৰিদাৰ পৰিধান কৰা শিক্ষয়িত্ৰীৰ বিৰুদ্ধে ছাত্ৰ একতা সভাই ভাৰপ্ৰাপ্ত অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছিল যদিও তেওঁ শিক্ষয়িত্ৰীসকলক ছাত্ৰসকলৰ সৈতে আলোচনা কৰিবলৈ পৰামৰ্শ দিয়ে। শিক্ষয়িত্ৰীসকলে ছাত্ৰকেইজনৰ পৰা কেইটামান প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ বিচাৰে। প্ৰশ্নৰ উত্তৰ দিয়াত ছাত্ৰসকল ব্যৰ্থ হয়। ছাত্ৰসকলে কৈছিল যে শিক্ষয়িত্ৰীসকলক ছাত্ৰ-ছাত্ৰীয়ে মাতৃৰূপত চাব বিচাৰে আৰু সেয়ে শিক্ষয়িত্ৰীসকলে মেখেলা-চাদৰ পিন্ধিব লাগে।
শিক্ষয়িত্ৰীকেইগৰাকীয়ে ছাত্ৰ একতা সভাৰ ওচৰত তুলি ধৰা প্ৰশ্নকেইটা হৈছে— চুৰিদাৰ পিন্ধা ভাৰতীয় মহিলা এগৰাকী ‘মা’ নহয় নেকি? আনৰ মাৰ্জিত পোছাকক ঘৃণা কৰিবলৈ শিকিছো নেকি? মেখেলা-চাদৰ পিন্ধি ঘামত তিতি থকা অংগ চাই তোমালোকে ভালপোৱা নেকি? চুৰিদাৰ আৰু মেখেলাৰ মাজত পাৰ্থক্য কি? ক্লাছ ভাল, নিয়মীয়া হোৱা বিচাৰা নে পছন্দৰ কাপোৰ পিন্ধটো বিচাৰা? ইউনিফৰ্মসমূহ অসমীয়া সাজপাৰ নেকি? চুৰিদাৰ পিন্ধাৰ বাবে আমাৰ সন্মান কমিছে নেকি? এই প্ৰশ্নকেইটাই ছাত্ৰ-ছাত্ৰীসকলক বিষয়টো ভাবিবলৈ বাধ্য কৰে আৰু অহৈতুক বিষয়বোৰ এৰি প্ৰকৃত বিষয়বোৰলৈ তেওঁলোকক ঘূৰাই আনে আৰু কলেজখনত সাজ-পাৰ বিতৰ্কৰ অন্ত পৰে।
বহু স্কুল-কলেজত আকৌ অধ্যক্ষ বা প্ৰধান শিক্ষক, পৰিচালনা সমিতিৰ সভাপতি, সদস্য আদিয়ে চুৰিদাৰ পিন্ধা শিক্ষয়িত্ৰীসকলক কটূকথা কোৱা, ৰাজহুৱাকৈ ঠাট্টা-মস্কৰা কৰাৰ উপৰিও ছাত্ৰসকলক উচটনি দি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰা দেখা যায়। ই সমস্যা অধিক জটিল কৰি তুলিছে৷ সাজ-পোছাকক লৈ শিক্ষয়িত্ৰীসকল আচলতে পুৰুষতান্ত্ৰিক বৈষম্য আৰু ঘৃণনীয় আক্ৰোশৰ বলি হৈছে।
আমাৰ সমাজত নাৰী-বিদ্বেষ আৰু লিংগ-বৈষম্য কিমান প্ৰকট ৰূপত বৰ্তি আছে তাক এই কথাৰ পৰাই উপলব্ধি কৰিব পাৰি যে, চৰকাৰী নিৰ্দেশনাই শিক্ষয়িত্ৰীসকলক চুৰিদাৰ পিন্ধাৰ পূৰ্ণ অনুমতি প্ৰদান কৰাৰ পিছতো চুৰিদাৰ পিন্ধিব নোৱাৰে, কিন্তু জিনছকে ধৰি অনানুষ্ঠানিক পোছাক পিন্ধা বন্ধ কৰাৰ পিছতো একাংশ শিক্ষকে বুঢ়া আঙুলি দেখুৱাই জিনছ-টি চাৰ্ট পিন্ধি আছে। আশ্চৰ্যৰ বিষয় হ’ল যে চৰকাৰী নিৰ্দেশনাটো বলবৎকৰণৰ ক্ষেত্ৰত শিক্ষবিভাগকে ধৰি বিদ্যালয়ৰ প্ৰধান শিক্ষক, অধ্যক্ষ, স্কুল পৰিদৰ্শক, পৰিচালনা সমিতি আদি সকলোৰে দায়িত্ব আছে। কিন্তু এইক্ষেত্ৰত সকলোৱে গা এৰা দিয়াৰ মনোভাব গ্ৰহণ কৰা দেখা যায়— তাহানি সৰুতে মুখস্থ মতা ‘অ’ ফুল অ’ ফুল নুফুল কিয় গৰুৱে যে আগ খায় মইনো ফুলিম কিয়’ কবিতাটোত ফুলে গৰুক, গৰুৱে আকৌ গৰখীয়াক, গৰখীয়াই ৰান্ধনীৰ ওপৰত দোষ জাপি দিয়াৰ দৰে। চৰকাৰী নিৰ্দেশনাখনৰ বলবৎকৰণৰ দায়িত্বৰ ক্ষেত্ৰত অধ্যক্ষ বা প্ৰধান শিক্ষকে পৰিচালনা সমিতিৰ ওপৰত আৰু পৰিচালনা সমিতিয়ে স্কুল পৰিদৰ্শকৰ ওপৰত দোষ জাপি দিয়া দেখা যায়— যেন বাকীসকলৰ কোনো দায়িত্ব নাই।
চুৰিদাৰ-কামিজ পিন্ধাৰ বিৰোধিতা কৰা সকলৰ ভিতৰত যোৰহাট জিলা শিক্ষক ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদকো আছে। সামাজিক মাধ্যমত ঐক্যমঞ্চৰ সভাপতি আৰু সম্পাদকে চুৰিদাৰ পিন্ধাৰ বিৰোধিতা কৰি কৈছে— “যোৰহাট জিলাৰ শিক্ষক তথা বুদ্ধিজীৱী সমাজে এইক্ষেত্ৰত সহমত পোষণ কৰিব বিচৰা নাই। পৰিৱেশ পৰিস্থিতি সাপেক্ষে চুৰিদাৰ পৰিধান কৰাৰ ওপৰত যুক্তি আগবঢ়ালেও যোৰহাট জিলাত চুৰিদাৰ পৰিধান কৰি [বিশেষকৈ গ্ৰাম্য অঞ্চলত] শিক্ষকতা কৰাক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা লক্ষ্য কৰা হৈছে। সেয়েহে যোৰহাট জিলাৰ শিক্ষক ঐক্যমঞ্চৰ হৈ সকলো শিক্ষয়িত্ৰীক চুৰিদাৰৰ পৰিৱৰ্তে চৰকাৰী নিৰ্দেশনাত উল্লিখিত আন মাৰ্জিত পোছাক পৰিধান কৰাৰ লগতে শিক্ষকসকলকো উক্ত নিৰ্দেশনাত উল্লিখিত মাৰ্জিত পোছাক পৰিধান কৰিবলৈ বিনম্ৰ অনুৰোধ জনালোঁ। ”
সম্প্ৰতি চুৰিদাৰ পিন্ধাৰ বিৰোধিতা কৰাসকলৰ বিৰুদ্ধে বহু শিক্ষক-শিক্ষয়িত্ৰী আৰু আন পুৰুষ-মহিলাই তীব্ৰ প্ৰতিবাদ জনাইছে। আজি ২০২৩ চনত একাংশই চুৰিদাৰ পিন্ধাৰ বিৰোধিতা কৰা সময়ত আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে, আশীৰ দশকতে ছাত্ৰীসকলে চুৰিদাৰ পিন্ধাৰ অনুমতি দাবী কৰি যোৰহাটৰ দেৱীচৰণ বৰুৱা কলেজত আন্দোলন হৈছিল আৰু সেই আন্দোলনৰ ফলত ছাত্ৰীসকলে চুৰিদাৰ পিন্ধাৰ অনুমতি লাভ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত জগন্নাথ বৰুৱা মহাবিদ্যালয়কে ধৰি অন্যান্য মহাবিদ্যালয়সমূহত ছাত্ৰীসকলে এই সুবিধা পাইছিল। আনকি বিদ্যালয় পযাৰ্য়ত সপ্তম শ্ৰেণীৰ পৰা দশম বা দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰীসকলে মেখেলা-চাদৰৰ পৰিৱৰ্তে চুৰিদাৰ পিন্ধাৰ অধিকাৰ লাভ কৰিছিল। তাৰ বহু বছৰৰ পিছত অসম চৰকাৰৰ শিক্ষা বিভাগে দিয়া এই নিৰ্দেশনাৰ জৰিয়তে শিক্ষয়িত্ৰীসকলে মেখেলা-চাদৰ, শাৰী আৰু চুৰিদাৰ পিন্ধি পাঠদান কৰাৰ সুবিধা লাভ কৰিলে যদিও বহু স্কুল-কলেজত এই নিদেৰ্শনা কাৰ্যকৰীকৰণত বিভিন্ন ৰূপত বাধা আৰোপ কৰা দেখা গৈছে।
মহিলাক আওপুৰণি কৌটিকলীয়া ভোগবাদী দৃষ্টিৰে চোৱা, তেওঁলোকৰ সুবিধা-অসুবিধাসমূহ আওকাণ কৰি সকলো সময়তে পৰম্পৰাগত সাজপাৰ পিন্ধিবলৈ মহিলাক বাধ্য কৰাৰ মাজেৰে প্ৰকৃততে নাৰীবিদ্বেষী আৰু পিতৃতান্ত্ৰিক আধিপত্য ফুটি উঠিছে। এয়া আচলতে একবিংশ শতিকাৰ তৃতীয় দশকত পুৰুষতন্ত্ৰৰ উৱলি যোৱা দেৱালখন ঢোকা-ভেজা দি ধৰি ৰখাৰ এক দুৰ্বল প্ৰচেষ্টাৰ বাহিৰে আন একো নহয়।
আমি দেখিছিলোঁ, কেইটামান দশকৰ আগলৈকে শিক্ষকসকলে সাধাৰণতে চুৰিয়া-কামিজ পৰিধান কৰিছিল আৰু চাইকেলেৰে স্কুল-কলেজলৈ আহি পাঠদান কৰিছিল। কিন্তু আজি চাইকেল চলোৱা আৰু চুৰিয়া পিন্ধা শিক্ষক আছে কেইজন? সময়ৰ পৰিৱৰ্তনৰ লগে লগে সুবিধা-অসুবিধা বা অভ্যাস অনুসৰি আজি সাজপাৰসমূহো সলনি হোৱা নাই জানো? বহুতে প্ৰশ্ন কৰিছে— মহিলাক মেখেলা-চাদৰ পিন্ধিবলৈ উপদেশ দিয়া পুৰুষসকলে চুৰিয়া-কামিজ নিপিন্ধি পেণ্ট-চাৰ্ট পিন্ধিবলৈ লাজ লগা নাই নে? জাতীয় পৰিচয় ৰক্ষাৰ মহান দায়িত্ব কেৱল মহিলাসকলৰহে আছে নেকি? তেনেস্থলত স্বাভাৱিকতে প্ৰশ্ন উঠে— যিসকল পুৰুষ-মহিলাই সাজপোছাকলৈ আঙুলিয়াই জাতীয় পৰিচয়, জাতীয় সংস্কৃতিৰ কথা কয় আৰু জাতীয় পৰিচয় ‘মেখেলা-চাদৰ’ৰ মাজত বিচাৰি পায়, তেওঁলোকে নিজে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি আদৰ্শ নেদেখুৱায় কিয়?
সৰহভাগ মহিলাই উপলব্ধি কৰে যে পুৰুষৰ পেণ্ট-চাৰ্টৰ দৰে মহিলাৰ বাবে চুৰিদাৰ-কামিজ পিন্ধাৰ ভালেমান সুবিধা আছে। গেলা গৰমত মেখেলা-চাদৰ বা শাৰীৰ লগত চুৰিদাৰৰ পাৰ্থক্য সহজে উপলব্ধ হয়৷ চুৰিদাৰ পিন্ধি স্কুটী-গাড়ী আদি চলাবলৈ সুবিধা আৰু ই আইনসন্মত। পিন্ধোতেও নিচেই কম সময় লয়। চুৰিদাৰ পিন্ধি আমাৰ মহিলাসকলে স্কুটী চলাই দৈনন্দিন কাম-কাজকে ধৰি স্কুলৰ পৰা ল’ৰা-ছোৱালী অনা-নিয়া কৰা পৰিলক্ষিত হয়। ছাত্ৰৰ দৰেই ছাত্ৰীসকলে স্কুটীৰে কলেজলৈ অহা-যোৱা কৰে। বহু স্কুল-কলেজৰ শিক্ষয়িত্ৰীসকলে আজি-কালি চুৰিদাৰ পিন্ধি স্কুটীৰে অহা-যোৱা কৰে। বহুতে প্ৰশ্ন তুলিছে— বিভিন্ন সুবিধাৰ লগতে শালীন চুৰিদাৰযোৰ কেনেকৈ বৰ্জনীয় পোছাক বুলি ভাবিছে? এয়া নাৰীবিদ্বেষৰ আন এক নমুনা নহয় নে?
ভাবকচোন/ শিক্ষক-শিক্ষয়িত্ৰীসকল স্কুটী বা স্কুটাৰ লৈ বোকা ৰাস্তাৰে দূৰৈৰ স্কুললৈ যাব লাগে৷ শিক্ষকসকলে চুৰীয়া-কামিজ পিন্ধিব নে পেণ্ট-চাৰ্ট পিন্ধিব? আপুনি যদি এগৰাকী শিক্ষয়িত্ৰী, তেনেহ’লে? মেখেলা-চাদৰ নে চুৰিদাৰ— কি পিন্ধিব? ঢকঢকীয়া বগা চুৰিয়া বা মেখেলাত গেলাবোকা লগাই স্কুল ওলাবগৈ? দুৰ্ঘটনাৰ আশংকা কোনবিধ পোছাকত আটাইতকৈ বেছি? আপুনি এইবোৰ কথা নভবাকৈ থাকিব পাৰিব নে? যদি পুৰুষৰ ক্ষেত্ৰত চুৰিয়া পিন্ধাৰ কোনো বাধ্যবাধকতা নাই, তেনেহ’লে মহিলাৰ মেখেলা-চাদৰ পিন্ধা বাধ্যতামূলক হ’ব কেনেকৈ? সেই বুলি শিক্ষয়িত্ৰীসকলে চুৰিদাৰ-কামিজ পিন্ধাৰ অৰ্থ মেখেলা-চাদৰ আৰু শাৰী বৰ্জন কেতিয়াও নহয়। সৰ্বোপৰি কোনে কি সাজ-পোছাক পিন্ধিব, কি খাব সেইটো নাগৰিকৰ নিশ্চিতভাৱে ব্যক্তিগত পছন্দৰ বিষয় আৰু ই বিতৰ্কৰ উৰ্দ্ধত।
সামাজিক মাধ্যমত প্ৰচাৰিত মতামতৰ পৰা জানিব পৰা গৈছে যে সমগ্ৰ অসমৰ বহু বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে চুৰিদাৰ পিন্ধি পাঠদান কৰি আছে আৰু বাকীসকলকো তেওঁলোকে উৎসাহিত কৰিছে। তেওঁলোকে জনাইছে যে, এতিয়ালৈকে কোনো প্ৰশ্নৰ সন্মুখীন হোৱা নাই, যদি কোনোবাই প্ৰশ্ন তোলে, তেনেহ’লে তাৰ সমূচিত প্ৰত্যুত্তৰ দিবলৈ তেওঁলোক সাজু। সম্প্ৰতি বহু যুৱক-যুৱতীয়ে অসমৰ বিদ্যালয়সমূহত শিক্ষক-শিক্ষয়িত্ৰী হিচাপে নিযুক্তি লাভ কৰিছে। তেওঁলোকক মুক্ত আৰু স্বাধীন মনেৰে কাম কৰাৰ সুযোগ প্ৰদান কৰা দৰকাৰ। বিশেষকৈ নৱনিযুক্ত শিক্ষয়িত্ৰীসকল যাতে সাজপোছাকৰ নামত অকাৰণতে নাৰী-বিদ্বেষ আৰু পিতৃতান্ত্ৰিক গোড়ামীৰ বলি নহয়, ভয়-ভাবুকিৰ সন্মুখীন নহয়, নৈতিকতাৰ চৰ্দাৰগিৰিৰ কবলত পৰিবলগা নহয়, তাৰ প্ৰতি শিক্ষক সমাজ, বিদ্যালয় কৰ্তৃপক্ষ, সচেতন নাগৰিক আৰু স্কুল পৰিদৰ্শককে ধৰি সংশ্লিষ্ট পক্ষই সতৰ্ক দৃষ্টি ৰখা উচিত। লগতে অসম চৰকাৰৰ শিক্ষা বিভাগে চোকা নজৰ ৰাখিব লাগিব যাতে সাজ-পোছাকক কেন্দ্ৰ কৰি কোনো অবাঞ্ছিত, ক্ষতিকাৰক পৰিস্থিতিৰ উদ্ভৱ নহয়।
গতিকে প্ৰৰোচনামূলকভাৱে তেনে এটা বিষয় উত্থাপন কৰি উত্তপ্ত পৰিস্থিতি বা চেপা উত্তেজনা সৃষ্টি কৰা কিমান ক্ষতিকাৰক তাক সকলোৱে উপলব্ধি কৰিছে৷ আজি আমাৰ শৈক্ষিক ক্ষেত্ৰখন বিদ্যালয় বন্ধ হোৱা, শিক্ষক, শিক্ষা কৰ্মী, ৰন্ধন কৰ্মীয়ে দৰ্মহা নেপোৱা আদি এশ-এবুৰি সমস্যাই জুমুৰি ধৰিছে। সাজ-পোছাককেন্দ্ৰিক ঠেক গণ্ডিৰ চিন্তা-চৰ্চাৰ মাজত সোমাই নপৰি শিক্ষা জগতৰ সমস্যাসমূহ সমাধানৰ বাবে শিক্ষক সমাজ, ৰাইজ আৰু চৰকাৰ আগবাঢ়ি অহা প্ৰয়োজন।