গল্প-কবিতা

দৃষ্টি— (কলচুম বিবি)

কিছু মুহূৰ্তলৈকে মই মোক লৈ খুবেই স্পষ্ট আছিলোঁ। মনত কোনো শংকা নাছিল। নাছিল কোনো দোমোজা। এটা পোন বাটেৰে মই গৈ আছিলোঁ। কিন্তু পোন আৰু সৰল বুলি ভবা সেই বাটত আজি উজুটি খালোঁ। জীৱনৰ সংগ্ৰাম কি এতিয়া বুজিছোঁ।
মোৰ চিন্তা আৰু মোৰ যুক্তিবোৰ প্ৰকাশ কৰিবলৈ মই অহৰহ চেষ্টা কৰি আছিলোঁ। কিন্তু কোনেও মোৰ কথাবোৰ গ্ৰহণ কৰিবলৈ সাজু নাছিল। সকলোৱে হাঁহি উৰুৱাই দিছিল।
যেতিয়া মই সামাজিক মাধ্যমত এখন মঞ্চ পালোঁ, তেতিয়া মই মোক উজাৰি দিলোঁ। মোৰ চিন্তা, মোৰ যুক্তিক প্ৰকাশ কৰিলোঁ। অন্যায়ৰ প্ৰতিবাদ কৰিলোঁ। মোৰ এনে লাগিবলৈ ধৰিলে যেন মানুহবোৰে বুজি পাইছে মোৰ চিন্তাক। মোৰ যুক্তিক। সেইবাবে মই প্ৰতিবাদ কৰি যাম। মাত মাতি যাম জাতিৰ হকে। মানুহৰ বাবে। সম্প্ৰীতিৰ প্ৰাচীৰখন খহাবলৈ চেষ্টা কৰা প্ৰতিজনৰে মই মুখা খুলি দিম। মই চেষ্টা কৰিম। মোৰ কণ্ঠ কোনেও ৰোধ কৰিব নোৱাৰে।
-“সাৱধান বন্ধু! তোমাৰ গতিবিধি লক্ষ্য কৰি থকা হৈছে। কিবা এটা কৰাৰ আগতে এশবাৰ ভাবিবা।”
বন্ধুৰ মেচেজ আওকাণ কৰিছিলোঁ আৰু এটা দীঘল টোকা লিখি ফেচবুকত দিছিলোঁ। বাক স্বাধীনতা সকলোৰে আছে। মোৰো আছে। তাক কোনেও ৰুদ্ধ কৰিব নোৱাৰে। যিয়ে ৰুদ্ধ কৰিব সেইজনে প্ৰতিবাদৰ সম্মুখীন হ’বই লাগিব। সংবিধান আছে। দেশৰ ন্যায় ব্যৱস্থা আছে। মানৱতাৰ হকে মাত মতাৰ অধিকাৰ সকলোৰে আছে।
হঠাৎ দেখিছিলোঁ কমেণ্ট বক্স তৰ্ক-বিতৰ্কৰে ভৰি পৰিল। মই নিজকে চাব্বাছ দিলোঁ। মানুহক চিন্তা কৰিবলৈ বাট দেখুৱাব পাৰিছোঁ।
মনটো ভাল লগাত সুহুৰি এটা বজাই ভণ্টিৰ স্কুটিখন লৈ ওলাই যাব খোজোঁতে মায়ে বেঁকাকৈ চালে। বাইদেৱে চিঞৰি ক’লে—”ঐ বজাৰ অলপ আছে আনি দে।”
—”কি কি লাগিব?”
মই স্কুটিখন পদূলিমুখত থৈ মোনা আৰু বজাৰৰ লিষ্টখন আনিবলৈ ভিতৰলৈ গৈছিলোঁ। সেই মুহূৰ্তত মোৰ ষষ্ঠ ইন্দ্ৰিয়ই মোক কিবা এটা ইংগিত দিলে। মোৰ এনে লাগিল মোক কোনোবাই নিৰীক্ষণ কৰি আছে।
তাই মোনাখন আৰু বজাৰৰ লিষ্টখন টকাকেইটাৰে সৈতে মোৰ হাতত গুজি দিছিল। তাৰপাছত কৈছিল—”ফেচবুকত এনেকৈ লিখা-মেলা কৰাতকৈ তই এপিএচছিৰ কাৰণে প্ৰস্তুতি চলাব পাৰ দেখোন।”
-“মোৰ সপোন ইমান সীমিত নহয়।”
তাইৰ মুখখন ক’লা পৰিছিল। পুৱাই পুৱাই মোৰো মনটো বেয়া হৈ গৈছিল। ভাবিলোঁ লগৰবোৰৰ সৈতে অলপ সময় কটাওঁ। হাঁহি-ধেমালি কৰিম। অলপ আলাপ-আলোচনা কৰিম।
চ’কত মোক দেখিয়েই বন্ধু নৃপেনে ক’লে-“ৰাজীৱ মই আহোঁ দেই বৰ জৰুৰী কাম এটা আছে।”
মুন্না আৰু ধনটি বাইকৰ পৰা ননমাকৈ হাত জোকাৰি গুচি গ’ল। সিহঁত যোৱাৰ পাছত মোৰ এনে লাগিল মই যাক আপোন বুলি ভাবিছিলোঁ, সেইসকল মোৰ পৰা আঁতৰি গৈছে। মোক যেন কোনোবাই অনুসৰণ কৰি আছে। চাই আছে। মই আমাৰ আড্ডাথলীৰ দোকান কেইখনলৈ চালোঁ। কিয় জানো আজি মোক কোনেও গুৰুত্ব দিয়া নাই। কিয় জানো অচিনাকিৰ ভাও ধৰিছে। মই লাহেকৈ তাৰপৰা আঁতৰি আহিলোঁ। বজাৰখিনিকে কৰোঁ বুলি স্কুটিখনৰ ডিকীটো খুলি মোনাখন উলিয়ালোঁ। মোনাটোৰ লগতে কেইটামান সৰু সৰু পেকেট ওলাই পৰা দেখি মই আচৰিত হ’লোঁ। কিহৰ পেকেট বুলি চাবলৈ হাতত লওঁতে ‘ক্লিক’ ‘ক্লিক’ শব্দ শুনি মূৰ তুলি চালোঁ। কেবাটাও কেমেৰাই মোক ঘেৰি ধৰিছে। এজনে চিঞৰিছে, “দিন দুপৰতে ড্ৰাগচৰ যোগান ধৰিবলৈ অহা ৰাজীৱ আৰক্ষীৰ জালত।”
“এয়া ধোৱা তুলসীৰ পাত ৰাজীৱ। ড্ৰাগচ সৰবৰাহকাৰী। আজি আৰক্ষীৰ জালত।”
মোৰ মূৰটো আচন্দ্ৰাই কৰিব ধৰিলে। হাতৰ পৰা বেগটো খহি পৰিল। মই সপোন দেখা নাইতো। মই নিজকে চিকুটি চালোঁ। নাই এয়া সপোন নহয়।
এতিয়া বন্দীত্বৰ শিকলি পিন্ধি কুঠৰী এটাত বহি আছোঁ। ইয়াতো যেন মোক কোনোবাই অহৰহ চাই আছে আৰু কৈছে -“কেনে বেটা? বিদ্ৰোহ কৰি কেনে লাগিছে? মৰ এতিয়া জেলৰ ভাত খাই।”
মোৰ চিন্তা, মোৰ যুক্তি, মোৰ প্ৰতিবাদ সকলো ফুটুকাৰ ফেন হৈ পৰিল। ইমানদিনে যিসকলে মোক উৎসাহিত কৰি আছিল আজি সকলো নিমাত। মই কি পৰাজিত সৈনিক? নাই। মই পৰাজিত হ’ব নোৱাৰোঁ। এজন সৈনিকে কেতিয়াও পৰাজয় বৰণ নকৰে। ময়ো নকৰোঁ। যুঁজিম। নমৰালৈকে যুঁজিম।

One thought on “দৃষ্টি— (কলচুম বিবি)

  • Jnanashree Saikia

    ভাল লাগিল কলচুম বাইদেউ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *