অনুবাদকবিতা

দুজনৰ ভাত ‌।‌। মূল বাংলা: নিৰ্মলেন্দু গুণ, অনুবাদ: ৰীতিমালা

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

আগৰাতিৰ বাহি ভাত খাই খাই
মনত পেলাব নোৱাৰি? পাৰি।
ভালপাব নোৱাৰি? পাৰি।
টেপৰ মুখেৰে শ্লথ গতিৰে পানী পৰে গোটেই দিন
উপচি পৰা পানীত ধুই আহোঁ লেতেৰা মুখ।

আগৰাতিৰ বাহি ভাত খাই খাই
প্ৰেম নাজাগে? জাগে।
একো নামাতো নেকি? মাতোঁ।
জুইৰ তাপে যিমান পোৰে
অনুতাপত গলি থাকোঁ ততোধিক।

আগৰাতিৰ বাহি ভাত খাই খাই
কান্দোন নোলায়? ওলায়।
তিতাকেৰেলা ভজাৰ কবিতা লিখি লিখি
দুজনৰ জোখাৰে এচৰু ভাত ৰান্ধোঁ।

আগৰাতিৰ বাহি ভাত খাই খাই
একো ভাবনা নাহে? আহে।
ভাবি পাৰ নাপাওঁ নেকি? পাওঁ।
তথাপি পলাইনে তুমি নামৰ তৃষ্ণা?
ভাতে সকীয়াই, তুমি নাই, তুমি নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *