গল্প-কবিতা

দুটা কবিতা ।। আকাংক্ষা গগৈ

মুক্ত চিন্তা। একাদশ বছৰ।।  দ্বিতীয় সংখ্যা

(১)
ফিনিক্স
মোক জোনৰ পৰা নমাই
মাটিত থেকেচি দিয়া,
ধূলি হৈ পৰক মোৰ অস্তিত্ব
মই বতাহৰ কোলাত উঠি নতুন দেশলৈ যাম
নিজক নতুনকৈ গঢ়ি, নতুনকৈ বিচাৰি পাম।
যি সপোনে পুৰি ছাই কৰে হৃদয়,
তেনে সপোনৰ শেহতো
ডেউকা মেলি উৰিব পাৰে ফিনিক্স পখী।
মোক শিলৰ পৰা ধূলি কৰা,
মই পুনৰ প্ৰতিমা হম।

(২)
গধূলি-গোপাল
ভাগৰ লগা পৰত মই তেওঁৰ কাষলৈ গুচি যাওঁ
তেওঁ মোক হেৰাবলৈ এটা বাট আঁকি দিয়ে।
তেওঁ মোক বুজায়—
হৃদয় কাঁচৰ নহয়,
মৃৎশিল্প।
ভাঙিবলৈ সহজ,
কিন্তু গঢ়িবও পাৰি
বাৰম্বাৰ,
যেনেকৈ মন যায় ঠিক তেনেদৰেই।
তেওঁ কয়,
আৰম্ভণি হ’বলৈ ৰাতিপুওৱাৰ প্ৰয়োজন নাই,
জোনাকত ৰচা সপোন বেছি গাঢ় ৰঙী।
একঘেয়ামি জীৱনত নতুনত্ব আনিবলৈকে
হৃদয় ভঙা আৰু জোৰা লগোৱাৰ
এই প্ৰক্ৰিয়াটো বৰ জৰুৰী।
তেওঁৰ ভাষাৰে মই এটি কবিতা লিখোঁ
নাম থওঁ গধূলি-গোপাল।

Leave a Reply

Your email address will not be published. Required fields are marked *