দুৱাৰ (অজিত তালুকদাৰ)
এন্ধাৰৰ বাবেও
খোলা থাকক দুৱাৰ
ৰাতিৰ ৰাতিটো
ক’লৈনো যাব জাঁপ মাৰি?
ওৰে ৰাতি
আন্ধাৰৰ জাৰণি ভাঙি অহা
বন-কেতেকীৰ গীত শুনিম
ওৰে ৰাতি আইৰ উচুপনিৰ দৰে
দুখত তিতিম…
মোৰ স্বদেশৰ অন্ধকাৰত
ডুবি থাকে যেতিয়া নষ্ট নাগৰিক
মই তেতিয়াই
পুৱতিৰ ভোটাতৰাৰ দৰে উজ্জ্বল
তোমাক বিচাৰি ফুৰোঁ
ঠিক তোমাক ভগৎ সিং
ধলফাট দিয়া বগা পোহৰে
ধুই দিয়ে ৰাতিৰ আন্ধাৰ
ৰাতি ভাঙি পথাৰত
ভেন গঘৰ সোণবৰণীয়া
সূৰ্যমুখী ফুলৰ গুটি সিঁচিম..
আহা! বহল পথাৰখনত
জাকপাতি পৰিছেহি ৰ’দ!
ৰ’দ, চৰাইৰ গীত, ফুলৰ সুগন্ধি
কোনে কৰে বন্দী?
মানুহৰ স্বাধীনতা
স্বাধীনতা সোমাই আহে
ফুলৰ সুগন্ধিৰ দৰে
চৰাইৰ গীতৰ দৰে
ৰ’দৰ দৰে