গল্প-কবিতা

এক ভৌগোলিক ভূ-খণ্ডত, ২০৩৮ চনৰ এদিন (প্ৰজিত নাথ)

কালি নিশা হিটলাৰৰ উত্তৰাধিকাৰীহঁতে
ঘৰৰ পৰা উঠাই লৈ গৈছিল বুঢ়ীৰ নাতিনীয়েকক।
আজি সিহঁত উভতি আহিছে—
তথাকথিত দুৰ্ঘটনাত চেপেটা হোৱা
নাতিনীয়েকৰ মৰাশটো লৈ।

“গণতন্ত্ৰ… হায় ৰে’ হায়”!
—এইবুলি বুঢ়ীয়ে চিঞৰি উঠাৰ লগে লগে
বুট জোতাৰ গোৰ পৰিল তাইৰ
পেটত বুকুত মুখত
বুকুত মুখত পেটত
সৰ্বশৰীৰত

নাতিনীয়েকৰ মৰাশটো প’ষ্টমৰ্টেম কৰিবলৈ লৈ যোৱাৰ সময়ত
বুঢ়ীৰ শৰীৰটোও মৰাশ হ’ল।

মৰাশ হোৱাৰ আগমুহূৰ্তত
পাৰৰ বিষ্ঠাৰ দৰে অকটা গোন্ধৰ
খেকাৰ অলপ থুৱাই থৈছিল বুঢ়ীয়ে
হিটলাৰৰ উত্তৰাধিকাৰীহঁতৰ চৰ্দাৰৰ
বন্ধাই থোৱা ফটো এখনত।

চৰ্দাৰৰ ফটোত থু-খেকাৰ দেখি
“ভাল হৈছে, ভাল হৈছে” বুলি
মুখৰ ভিতৰতে ভোৰভোৰাই
উৱঁলি যোৱা আধা চিঙা জিভাৰে—
ৰবটৰ দৰে—
“জয়, চৰ্দাৰৰ জয়” বুলি চিঞৰি চিঞৰি
মৰাশ দুটাৰ কাষেৰে পাৰ হৈ গ’ল
চিকিৎসালয়খনৰ কিছু পুৰণি ৰোগী।

Leave a Reply

Your email address will not be published. Required fields are marked *