সম্পাদকৰ টোকা : বিজ্ঞান, যুক্তিবাদ আৰু সৌন্দৰ্যবোধ (কৌশিক দাস)
১.
পণ্ডিত জ্যোতিৰ্বিজ্ঞানী এগৰাকীয়ে কোঠা এটাৰ ভিতৰত বক্তৃতা দি আছিল। জটিল জটিল চিত্র, গণিতৰ ফৰ্মুলা, গ্রাফ্, হিচাপ-নিকাচ, তথ্য-প্রমাণ এইবোৰে আলোড়িত কৰি তুলিছিল শ্রোতা-দৰ্শকৰ মন আৰু মগজু। সেইবোৰৰ মাজত এজনে কিন্তু অকণো ৰস পোৱা নাছিল। তেওঁৰ ইমানেই আমনি লাগিল যে উশাহ বন্ধ হৈ তেওঁৰ গাটো বেয়া লাগিবলৈ ধৰিলে। লাহেকৈ তেওঁ কোঠাটোৰপৰা ওলাই আহিল। বাহিৰত তেতিয়া মায়াময় নিশাৰ ঐন্দ্রজালিক সেমেকা বতাহৰ ৰহস্যময়তা। সুদূৰ মহাকাশৰ মুঠি মুঠি তৰাৰ নীৰৱ তিৰ্বিৰণিয়ে তেওঁৰ মনটো পৰিপূৰ্ণ কৰি পেলালে। সেয়া আছিল মুক্তক ছন্দৰ পিতৃ বুলি বহুতেই গণ্য কৰা এমেৰিকাৰ কবি ৱাল্ট হুইট্মেনৰ (১৮১৯-১৮৯২) “When I Heard the Learn’d Astronomer” নামৰ চিন্তা উদ্রেককাৰী কবিতাটোৰ সাৰমৰ্ম।
হুইট্মেনৰ কবিতাটোৰ কাব্যিক মূল্যৰ বিচাৰ-বিশ্লেষণ এই আলোচনাৰ বিষয় নহয়; কবিতাটোত অন্তৰ্নিহিত হৈ থকা অন্য এটা তাৎপৰ্যপূৰ্ণ দিশহে বৰ্তমানৰ নিবন্ধটোৰ কেন্দ্রীয় প্রসংগ। এটা সময়ত দ্বিধাহীনভাৱে ধাৰণা কৰা হৈছিল যে মানুহৰ শিল্প-সৌন্দৰ্যবোধ যথাৰ্থ ৰূপত ধাৰণ কিম্বা প্রতিফলিত কৰিবলৈ বিজ্ঞান মুঠেও উপযুক্ত আধাৰ নহয়। হুইট্মেনৰ উপৰিউক্ত কবিতাটি তাৰ এটা চমৎকাৰ উদাহৰণ। তীব্র অন্তৰ্মুখী জীৱন যাপন কৰা অন্য এগৰাকী এমেৰিকান কবি আছিল এমিলি ডিকিন্সন (১৮৩০-১৮৮৬)। তেখেতৰ এটি কবিতাৰ নাম “A Light Exists in Spring”। এই কবিতাটিত তেখেতে মনোগ্রাহী কাব্যিকতাৰে কৈছে যে নিভৃত কোনো এক মুকলি প্রাংগণত পোহৰৰ বৰ্ণালীৰ মোহনীয় সৌন্দৰ্য বিজ্ঞানৰ পৰিসীমাৰ বাহিৰত, তেনে সৌন্দৰ্য মাথোন মানৱ-প্রকৃতিয়েহে অনুভৱ কৰিবলৈ সক্ষম (“A Color stands abroad / On Solitary Fields / That Science cannot overtake / But Human Nature feels”)। তেনে প্রসংগতেই, ইংলেণ্ডৰ বিখ্যাত ৰোমাণ্টিক কবি জন কিট্ছৰ (১৭৯৫-১৮২১) তীব্র শ্লেষেৰে ভৰা মন্তব্য এটি বৰ আমোদজনক। তেখেতে কৈছিল, আইজ্যাক নিউটনে (১৬৪২-১৭২৬) প্রিজমৰ মাজেৰে পোহৰ পাৰ হ’বলৈ দি, পোহৰক বেলেগ বেলেগ ৰঙত ভাগ কৰিলে হয়, কিন্তু সি প্রকৃতিৰ সৌন্দৰ্যই ধ্বংস কৰি পেলালে! অথচ, এই কিট্ছৰেই এটা বিখ্যাত কবিতাৰ (“Ode on a Grecian Urn”) শেষৰ শাৰীটোৰ ঠিক আগৰ বাক্যটি আছিল এনেধৰণৰ : সৌন্দৰ্যই হ’ল সত্য, সত্য সুন্দৰ (“Beauty is truth, truth beauty – that is all”)। মজাৰ কথাটো হ’ল, নিউটনেওতো পোহৰৰ ধৰ্ম, পোহৰ যিটো মাধ্যমৰ মাজেদি সঞ্চাৰিত হয় তাৰ চৰিত্র, আদি সন্দৰ্ভত পৰীক্ষা-পৰ্যবেক্ষণৰ মাজেদি প্রকৃতিৰ সত্যৰ উদ্ঘাটনতহে ব্রতী হৈছিল। কিন্তু সত্যানুসন্ধানী নিউটনৰ ওপৰত সেই একেজনা কিট্ছেই জাপি দিলে প্রকৃতিৰ সৌন্দৰ্য ধ্বংস কৰাৰ গুৰুতৰ অভিযোগ ! প্রসংগত আৰু এটা কথা কৈ থোৱা ভাল, প্রিজমৰ সহায়েৰে পোহৰক বেলেগ বেলেগ বৰণত বিভক্ত কৰা কামটো নিউটনৰ বহু আগতেই মানুহে কৰি পেলাইছিল। নিউটনে বৰণ হিচাপে পোহৰ কেনেকৈ ভাগ ভাগ হৈ পৰে, সেই পৰিঘটনাটোৰ বৈজ্ঞানিক ব্যাখ্যাহে দাঙি ধৰিছিল সন্তোষজনকভাৱে।
যি কি নহওক, কলা-শিল্প-সৌন্দৰ্যবোধৰ উপাসক বহুতো কীৰ্তিমান মানুহে গভীৰভাৱে বিশ্বাস কৰিছিল যে বিজ্ঞানে মানুহৰ সৌন্দৰ্যবোধ প্রতিফলিত কৰাৰ কথাতো বাদেই, সি মানুহৰ নান্দনিক অনুভূতিক সংকীৰ্ণ আৰু খণ্ডিত কৰাতহে অৰিহণা যোগায়। মানুহৰ শৈল্পিক চেতনাৰ সৈতে বিজ্ঞানৰ সমন্ধ অসেতুবন্ধ্য, এই কথাটো প্রায় স্বতঃসিদ্ধ প্রমেয়ৰ দৰে হৈ পৰিছিল। এক বুজনসংখ্যক কবি-সাহিত্যিক আছিল তেনে মাৰ্গৰ চিন্তাৰ উদ্গাতা, সমৰ্থক আৰু প্রচাৰক। হুইট্মেন, ডিকিন্সন আৰু কিট্ছৰ উপৰিউক্ত মতামতবোৰ তাৰেই প্রতিনিধিত্বমূলক উদাহৰণ। মন কৰিবলগীয়া কথা, বৰ্তমান সময়তো বহুতেই বিজ্ঞান আৰু মানুহৰ নান্দনিক চেতনাৰ মাজৰ সম্পৰ্কটো অসামঞ্জস্যপূৰ্ণ আৰু বৈৰীমূলক বুলি ধাৰণা কৰে।
২.
বিজ্ঞান যেনেকৈ মানৱ-সমাজৰ অগ্রগতিৰ অন্যতম চালিকাশক্তি, তেনেদৰেই সূক্ষ্মতৰ নান্দনিক চেতনাৰ বিকাশো মানৱ-মননৰ বিস্ময়কৰ স্ফুৰণৰ স্বাক্ষৰ। অথচ আলোচনাৰ প্রথম অংশত আমি পাই আহিলোঁ যে এচাম ধীমান লোকে মানৱ-সভ্যতাৰ এই দুই অবিচ্ছেদ্য অংগৰ মাজত অনতিক্রম্য দুস্তৰ ব্যৱধান আৰু বিৰোধৰ উপস্থিতি অৱধাৰিত বুলি ধাৰণা কৰে। কথাটো অলপ যুকিয়াই চোৱা প্রয়োজন।
গতিকে প্রাসংগিক প্রশ্নটো হ’ল, বিজ্ঞান আৰু সৌন্দৰ্যবোধৰ মাজৰ সমন্ধটোৰ আঁতি-গুৰি কি? সমস্যাটোক সম্বোধন কৰিবলৈ যাওঁতে মূলতঃ তিনিটা দিশ আলোচনাৰ মাজলৈ আহি পৰে। প্রশ্নাকাৰে ক’বলৈ গ’লে এই দিশ তিনিটা হ’ল :
(ক) এচাম চিন্তাশীল প্রাজ্ঞ লোকে কোৱাৰ দৰে, বিজ্ঞান আৰু নান্দনিক চেতনা, এই দুয়োটা পৃথক পৃথক প্রকোষ্ঠত বন্দী স্বয়ংসম্পূৰ্ণ অসামঞ্জস্য প্রপঞ্চ নেকি? আৰু, এই দুয়োটাৰ মাজৰ সমন্ধটো সঁচাই বৈৰীমূলক নে?
(খ) মানুহৰ মনত সৌন্দৰ্যবোধৰ উদ্ভৱ আৰু বিকাশ কেনেদৰে হৈছিল, সেই সন্দৰ্ভত খোদ বিজ্ঞানেই বা কি কয়?
(গ) বিশুদ্ধ বিজ্ঞানৰ স্বতন্ত্র আভ্যন্তৰীণ ক্ষেত্রখনত সৌন্দৰ্যবোধৰ উপস্থিতি আছেনে?
উপৰিউক্ত তিনিওটা দিশ সন্দৰ্ভত বিস্তৃত আৰু সম্যক বিচাৰ-বিশ্লেষণেহে বিষয়টোৰ গভীৰ স্তৰলৈ আমাক লৈ যাব। কিন্তু তেনে বিশ্লেষণৰ বাটত আমাৰ ব্যক্তিগত বিচাৰ-বুদ্ধিৰ সীমাবদ্ধতা প্রতিবন্ধক হৈ উঠাৰ বাবে এইটো নিবন্ধত মাথোন প্রথম দিশটোৰ কথাহে সামান্যকৈ আলচ কৰাৰ চেষ্টা কৰিম। অৱশ্যে, আগলৈ বাকী দিশ দুটাৰ কথাও আলোচনা কৰাৰ হাবিয়াস আছে।
প্রথম দিশটোৰ আলোচনাৰ নঙলামুখতেই আমি এটা কথাত দৃষ্টিপাত কৰাটো জৰুৰী। সৌন্দৰ্যবোধৰ প্রসংগত একাংশ লোকে বিজ্ঞানৰ প্রতি যে অৱজ্ঞা-অনীহা দেখুৱায়, সেই কথাটো আমি উদাহৰণৰ সৈতে পাই আহিছিলোঁ। মন কৰিবলগীয়া কথাটো হৈছে, বিজ্ঞানৰ প্রতি তেনে নঞৰ্থক-নেতিবাচক আৰু ক্ষেত্রবিশেষে প্রচণ্ড অৱজ্ঞাসূচক মনোভাবৰ উদ্ভৱৰ এটা ঐতিহাসিক পটভূমি আছে। পৃথিৱীৰ নানা দেশত সুপ্রাচীন কালৰেপৰাই যে বিজ্ঞান-চৰ্চা চলি আহিছে, সেই কথাটোৰ তৰ্কাতীত সাক্ষ্য-প্রমাণ বিদ্যমান। হ’লেও, আজি যিটো ধাৰাক আধুনিক বিজ্ঞান বুলি সংজ্ঞায়িত কৰা হয়, তাৰ অংকুৰোদ্গম হৈছিল ইউৰোপত, নৱজাগৰণৰ সময়ত। প্রকৃততে সেই সময়পৰ্বত আধুনিক বিজ্ঞানৰ জন্ম হৈছিল এটা শক্তিশালী দৰ্শনৰ বিকাশৰ দ্রুতিৰ সৈতে সংগতি ৰাখি। দৰ্শনটো হ’ল, যুক্তিবাদ। সঁচা কথা, মানৱ সমাজত বিজ্ঞান-চৰ্চাৰ দৰেই, যুক্তিবাদৰো এক সুপ্রাচীন ইতিহাস আছে। ভাৰতবৰ্ষৰেই লোকায়ত মাৰ্গৰ চিন্তা-চৰ্চা তাৰ এটা প্রকৃষ্ট উদাহৰণ। কিন্তু উক্ত সময়পৰ্বত ইউৰোপত সামাজিক পৰিঘটনা হিচাপে যুক্তিৰ প্রাধান্যই যেনেদৰে তীব্র স্পন্দনৰ সৃষ্টি কৰিছিল, সেয়া আছিল সঁচাই অভিনৱ। সেই বৌদ্ধিক স্পন্দনৰ অভিঘাতে বিশ্বৰ অন্যান্য প্রান্তকো তৰংগিত কৰি তুলিছিল। আৰম্ভণিতে যদিও এই দৰ্শন নানান শাখা-প্রশাখাৰে পল্লৱিত হৈ পৰিছিল, সূক্ষ্ম বিচাৰত যদিও তাৰ চৰিত্র একমাত্রিক নাছিল, তথাপিও কিছুমান সাধাৰণ গুণ আৰু লক্ষণৰ বাবে যুক্তিবাদৰ ৰেহৰূপ আনবোৰ প্রচলিত দৰ্শনতকৈ চকুত পৰাকৈ পৃথক হৈ পৰিছিল। যুক্তিবাদে গভীৰ প্রত্যয়েৰে ঘোষণা কৰিলে, মানৱ-জাতিয়ে যুক্তিৰ জখলাত আৰোহণ কৰিহে চৌপাশৰ জটিল আৰু গতিশীল বিশ্ব-চৰাচৰৰ বাস্তৱ সত্য উদ্ঘাটন কৰিবলৈ সক্ষম হ’ব। যুক্তি হ’ল সত্যানুসন্ধানৰ অব্যৰ্থ সঁজুলি। বস্তুগত জগতখনক বুজিবলৈ কিম্বা ব্যাখ্যা কৰিবলৈ অতিপ্রাকৃত-অলৌকিক কল্পকথা আৰু আধিভৌতিক ধ্যান-ধাৰণাক যুক্তিবাদে পোনছাটেই পৰিত্যাজ্য বুলি ঘোষণা কৰিলে। নিঃসন্দেহে যুক্তিবাদৰ তেনে চৰিত্রটো বিজ্ঞানৰ বিকাশৰ সৈতে বৰ সংগতিপূৰ্ণ আছিল।
কিন্তু যুক্তিবাদৰ তেনে স্পন্দনময় স্ফুৰণৰ কথাটোও ঐতিহাসিক প্রেক্ষাপটৰপৰা বিচ্ছিন্নকৈ চাব নোৱাৰি। সেই যুগটো আছিল পুঁজিবাদৰ অভ্যুদয় আৰু প্রাৰম্ভিক জয়যাত্রাৰ ধ্বনিৰে নিনাদিত। সামন্ত যুগৰ উৎপাদন ব্যৱস্থা আৰু তৎজনিত সামাজিক মূল্যবোধ স্বাভাৱিকতেই হৈ পৰিছিল নৱোত্থিত পুঁজিবাদৰ বাটৰ হেঙাৰস্বৰূপ। সামন্ত যুগৰ মন্থৰ জীৱনপ্রণালী, অদৃষ্টৰ ওপৰত অটল আস্থা, প্রাতিষ্ঠানিক ধৰ্মৰ নীতি-কানুনৰ কট্কটীয়া বান্ধোন, নিয়তিৰ ওচৰত স্বপ্রণোদিত নিঃচৰ্ত আত্মসমৰ্পণ আদি পুঁজিবাদৰ বিকাশৰ বাবে প্রতিবন্ধক বুলি প্রতীয়মান হ’বলৈ ধৰিলে। তেনে পটভূমিতেই প্রচণ্ড গতিশীলতা গৰ্ভত লৈ ইতিহাসৰ ৰংগমঞ্চত প্রৱেশ কৰিছিল যুক্তিবাদে। আগতেই উল্লেখ কৰিছিলোঁ, সূক্ষ্ম বিচাৰত এই যুক্তিবাদী দৰ্শন আছিল বিভিন্ন স্বৰেৰে বহুধাবিভক্ত। হ’লেও, ক্রমাৎ শক্তিশালী হৈ উঠা পুঁজিপতি শ্রেণীটোৰ শ্রেণীস্বাৰ্থৰে সম্পৃক্ত প্রতিবাদী দৰ্শনৰ এক বুজন অংশ সামগ্রিকভাৱে প্রতিফলিত হৈছিল সেই কালপৰ্বৰ যুক্তিবাদৰ যোগেদি। স্বাভাৱিকতেই প্রাৰম্ভিক অৱস্থাত যুক্তিবাদে পুঁজিবাদী ব্যৱস্থাটোক ওলোটাই প্রদান কৰিছিল একধৰণৰ দাৰ্শনিক ন্যায্যতা।
তাৰ লগে লগেই কিন্তু যুক্তিবাদৰ পৰিশ্রুত ৰূপ এটা মূৰ্ত হৈছিল বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্রখনত। একান্ত বস্তুনিষ্ঠতা, নিৰ্মোহ-নিৰাৱেগ পৰ্যবেক্ষণ-পৰীক্ষণ, নিৰ্মমভাৱে পূৰ্বধাৰণা বৰ্জন, যৌক্তিক সিদ্ধান্ত গ্রহণ ইত্যাদি চৰিত্রই আধুনিক বিজ্ঞানক প্রদান কৰিলে এক বিশিষ্ট অবয়ব। কোনো সন্দেহ নাই, সেয়া আছিল মানৱ-মনীষাৰ উৎকৰ্ষৰ এটা বিস্ময়কৰ আৰু অবিসম্বাদী নিদৰ্শন। কিন্তু বিজ্ঞানৰ প্রায়োগিক দিশটোৰ ওপৰত স্বাভাৱিকতেই পৰিল উদীয়মান পুঁজিবাদী ব্যৱস্থাটোৰ হেঁচা আৰু নিৰ্দেশনা। পুঁজিৰ বিপুল আৰু নিৰংকুশ বৃদ্ধি আছিল এই পুঁজিবাদী ব্যৱস্থাটোৰ মৰ্মকথা; অবাধ লুন্ঠন আৰু নিৰ্মম শোষণ আছিল তাৰ প্রধান চালিকাশক্তি। সকলোৱে জনা কথা, নিৰন্তৰ শ্রমশোষণৰপৰা উদ্ভূত প্রকট শ্রেণী-বৈষম্য আছিল এই ব্যৱস্থাটোৰ অৱধাৰিত পৰিণতি। এইটোৰ লগতেই আমি কিন্তু লক্ষ্য কৰিব লাগিব, পুঁজিবাদৰ তেনে মুনাফাসৰ্বস্ব লুণ্ঠনকাৰী তৎপৰতাই প্রকৃতিকো ৰেহাই দিয়া নাছিল। মুনাফাসৰ্বস্ব দৃষ্টিকোণৰপৰা প্রকৃতিক বস্তুগত সম্পদৰ অফুৰন্ত ভাণ্ডাৰ বুলি বিবেচনা কৰা হ’ল আৰু তেনে সম্পদসমূহ অবাধ গতিত পুঁজিৰ বিকাশৰ বাবে আহৰণ কৰা আৰম্ভ হ’ল। প্রাকৃতিক ভাৰসাম্যৰ কথাটো তেতিয়া বিবেচনালৈ প্রায় নাহিলেই। প্রাকৃতিক প্রদূষণ আৰু তৎজনিত পৰ্যাৱৰণৰ পৰিৱৰ্তনে ভয়াবহ ৰূপ ধাৰণ কৰিলে।
গতিকে আদিতে পৰিৱৰ্তনৰ উদ্দীপনাময় বাণী কঢ়িয়াই অনা পুঁজিবাদী ব্যৱস্থাৰ দুটা নেতিবাচক পৰিণতি সময়ত গৈ অতি প্রকট ৰূপত সকলোৰে চকুত ধৰা পৰিল। সেইকেইটা হ’ল, নিৰ্মম শ্রেণী-শোষণে জন্ম দিয়া প্রকট শ্রেণী-বৈষম্যৰে পৰিপূৰ্ণ, যন্ত্রণাক্লিষ্ট কোঙা মানৱসমাজ এখনৰ অ-সম বিকাশৰ মৰ্মবেদনা; আৰু, পুঁজিবাদী মহালুণ্ঠনৰ তীক্ষ্ন আঁচোৰে বিপৰ্যস্ত কৰা বিনন্দীয়া প্রকৃতিৰ বিধ্বস্ত ৰূপ। পুঁজিবাদী ব্যৱস্থাটোৱে তেনে কৰ্মকাণ্ডত বিজ্ঞানক অতি তৎপৰতাৰে ব্যৱহাৰ কৰিবলৈ ধৰিলে। পুঁজিবাদৰ ছত্রছায়াত বিজ্ঞান হৈ পৰিল লুণ্ঠনৰ নিৰ্ভৰযোগ্য হাথিয়াৰ, আৰু তাৰ প্রায়োগিক দিশটো হ’লগৈ শোষণৰ বিশ্বস্ত সহযোগী। বিজ্ঞানপ্রদত্ত নানান বস্তুগত অৱদানৰ মহাসমাৰোহৰ উল্লম্ফন মূৰ্ত হ’ল শিল্প-বিপ্লৱৰ মাজেদি। পুঁজিবাদ-উদ্ভিন্ন সামাজিক আৰু প্রাকৃতিক প্রদূষণৰ দ্রুতি অভাবনীয় ৰূপত ত্বৰান্বিত হৈ পৰিল। শিল্প-বিপ্লৱ এহাতেদি যেনেকৈ আছিল পুঁজিবাদী উত্থানৰ অন্যতম পৰিণতি, তেনেদৰেই সি আছিল সমস্যাৰে ভাৰাক্রান্ত নতুন যুগ এটাৰ কোলাহলপূৰ্ণ আৰম্ভণি।
৩.
পুঁজিবাদৰ অগ্রগতিৰ তেনে অশুভ দিশসমূহ সংবেদনশীল শিল্পী-সাহিত্যিকসকলক বিচলিত কৰি তুলিবলৈ যথেষ্ট আছিল। উদাহৰণ হিচাপে আমি পাওঁ উইলিয়াম ৱৰ্ডছৱৰ্থৰ (১৭৭০-১৮৫০) এটা বিখ্যাত ছনেটত (“London, September, 1802”) প্রকাশ পোৱা সেই যুগ-যন্ত্রণাৰ মৰ্মবেদনা (“O Friend ! I know not which way I must look…./ The wealthiest man among us is the best….. / This is idolatry; and these we adore: / Plain living and high thinking are no more……”)। এইটো কবিতাৰেই অন্য দুটি শাৰীয়ে এটা অতি তাৎপৰ্যপূৰ্ণ দিশ প্রতিফলিত কৰিছে। অপূৰ্ব কাব্যিকতাৰে ৱৰ্ডছৱৰ্থে লিখিছিল, অতীতৰ সেই সুখ-শান্তিৰে ভৰা অতীতৰ সেই গৃহাশ্রমী সুন্দৰতা সমাজৰপৰা অন্তৰ্হিত হৈ পৰিল (“The homely beauty of the good old cause / Is gone; our peace, our fearful innocence….”)। গুৰুত্বসহকাৰে মন কৰিবলগীয়া কথা, এইটো পংক্তিৰ শেষৰছোৱাত ভয়-ভীতিৰে সম্পৃক্ত নিষ্কলুষতাও সমাজৰপৰা অন্তৰ্হিত হৈ পৰিছে বুলি গভীৰভাৱে আক্ষেপ কৰা হৈছে। স্পষ্টতঃ, সেইটো আছিল সমাজৰপৰা অতীতৰ ধৰ্মাশ্রয়ী মূল্যবোধৰ দ্রুত অপসাৰণৰ কাব্যিক প্রতিফলন। ইয়াত তদানীন্তন যুক্তিবাদী দৰ্শনৰ প্রতিমুখে অভিযোগ এটাও প্রচ্ছন্ন হৈ আছে বুলি আমি যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰোঁ। নক’লেও হ’ব, বহুতো কবি-সাহিত্যিকৰ অস্বাচ্ছন্দ্য আৰু অস্বস্তিৰ উৎস তেনে পৰিৱৰ্তিত মূল্যবোধৰ উদ্ভৱ হৈছিল পুঁজিবাদৰ অগ্রগতি আৰু আগ্রাসনৰ ফলত। শিল্প-বিপ্লৱত বিজ্ঞানৰ সুগভীৰ অৱদান আছিল, সেই অৱদান সহজতেই সকলোৰে চকুত ধৰা পৰিছিল বাবে শিল্প-বিপ্লৱে জন্ম দিয়া নানান বিসংগতিৰ বাবে বিজ্ঞানেই জগৰীয়া বুলি পোনে পোনে ধাৰণা কৰা হ’ল। তেনে ক্ষেত্রত বিজ্ঞান যে পুঁজিবাদৰ হাতত ব্যৱহৃত এবিধ হাথিয়াৰহে আছিল মাত্র, সেইটো কথা বিবেচনালৈ নাহিল। কোৱা হ’ল যে বিজ্ঞান হ’ল নান্দনিক অনুভূতিৰ বিনাশকাৰী। বিজ্ঞানৰ মূলগত স্বৰূপ নান্দনিক চেতনাৰ সৈতে খাপ নাখায়। সম্প্রসাৰিত ৰূপত এই অভিযোগ সামগ্রিকভাৱে যুক্তিবাদৰ বিপক্ষেও উত্থাপিত হ’ল। এয়াই আছিল বিজ্ঞানৰ (লগতে যুক্তিবাদৰ) ওপৰত আৰোপিত অভিযোগটোৰ মূল ঐতিহাসিক পটভূমি। সেই মাৰ্গৰ চিন্তা মাথোন ইউৰোপতেই যে সীমাবদ্ধ হৈ আছিল, তেনে নহয়; আটলান্টিকৰ সিপাৰে এমেৰিকাৰো এচাম বিদ্বৎ মানুহৰ মনবোৰো তেনে আশংকাই জোকাৰি গ’ল। তাৰ উদাহৰণ আমি ইতিমধ্যেই পাই আহিলোঁ। সেই ঐতিহাসিক উৎসৰপৰা সময়ে সময়ে শীৰ্ণ কিন্বা পল্লৱিত হৈ উক্ত অভিযোগৰ ধাৰাটো বৰ্তমানলৈকে প্রবাহিত হৈ আহিছে।
ঐতিহাসিক পটভূমিটোৰ বাহিৰেও বিজ্ঞান-যুক্তিবাদৰ বিৰুদ্ধে সৌন্দৰ্যৰ উপাসক একাংশ কবি-সাহিত্যিকৰ তেনে অভিযোগ-অনীহাৰ হয়তো একাধিক কাৰণ আছিল। বিজ্ঞানৰ এটা অতি প্রাথমিক আৰু মৌলিক চৰিত্র হৈছে তাৰ একান্ত বস্তুনিষ্ঠতা। বিজ্ঞানৰ নিজৰ আভ্যন্তৰীণ ক্ষেত্রখনৰ স্বৰূপ একেবাৰেই নৈৰ্ব্যক্তিক, নিৰ্মোহ আৰু ভাৱাবেগৰহিত। কোনো সন্দেহ নাই, ভাব-প্রকাশৰ লেকামহীন আৰু প্রগল্ভ ৰোমাণ্টিক সাহিত্যৰ জনপ্রিয় ধাৰাটোৰ সৈতে বিজ্ঞানৰ উক্ত চৰিত্রটো সংগতিপূৰ্ণ নাছিল। গতিকে সেই মাৰ্গৰ কবি-সাহিত্যিকসকলে বিজ্ঞান-যুক্তিবাদক সৌন্দৰ্যনাশক এক উৎপাত বুলি গণ্য কৰাটোত আচৰিত হ’বলগীয়া কথা নাছিল। তদুপৰি, প্রতি তেনে নেতিবাচক ধাৰণাৰ অংকুৰণ আৰু বিস্তাৰত সাৰ-পানী যোগাইছিল বিজ্ঞান-যুক্তিবাদক আদৰণি জনোৱা একাংশ লোকৰেই কৰ্মকাণ্ডই; তেওঁলোকে বিজ্ঞানক অসীম শক্তিশালী সৰ্বনিয়ন্তা বুলি জ্ঞান কৰি একধৰণৰ সংকীৰ্ণতাৰ জন্ম দিছিল। অৱশ্যে তাৰো এটা কাৰণ নথকা নহয়। প্রকৃতিৰ ওপৰত মানুহৰ প্রভুত্বৰ মনোভাবৰ উদ্ভৱ আছিল নিউটনিয়ান ধ্যান-ধাৰণাৰ চমকপ্রদ সাফল্যৰ অন্যতম পাৰ্শ্ব-পৰিণতি (কোৱান্টাম বলবিদ্যা আৰু আপেক্ষিকতাৰ তত্ত্ব তেতিয়া ভৱিষ্যতৰ গৰ্ভতহে)। এই প্রসংগত লাপ্লাছৰ সেই “ভীমকৰ্মা দৈত্য”-টোৰ কথা উল্লেখ কৰিব পৰি। ফ্রান্সৰ অসাধাৰণ প্রতিভাশালী বিজ্ঞানী পিয়েৰে-ছাইমন লাপ্লাছে (১৭৪৯-১৮২৭) কৈছিল যে এগৰাকী অতি তীক্ষধী আৰু সাংঘাতিক পৰিশ্রমী লোকক যদি প্রকৃতিৰ সঠিক আৰু খুঁটি-নাটি বিৱৰণ দিয়া যায়, তেন্তে সেইজনা লোকে এটা মাত্র সমীকৰণৰ সহায়েৰে এই বিশ্বব্রহ্মাণ্ডৰ বিৰাট-বিশাল অৱয়বসমূহৰপৰা আৰম্ভ কৰি ক্ষুদ্রাতিক্ষুদ্র অণু-পৰমাণুলৈকে, সকলোৰে ভূত-ভৱিষ্যৎ নিৰ্ভুলভাৱে গণনা কৰি উলিয়াই দিব। লাপ্লাছ-কথিত সেই বুদ্ধিমান লোকগৰাকী বিজ্ঞান আৰু দৰ্শনৰ ইতিহাসত কালক্রমত “লাপ্লাছৰ ভীমকৰ্মা দৈত্য” (Laplace’s demon) বুলি পৰিচিত হৈ পৰিল। সমগ্র বিশ্ব-চৰাচৰ যেন এটা বিৰাট যন্ত্র, কিছুমান তত্ত্ব-ফৰ্মুলাৰ সহায়েৰে এটা সময়ত মানুহ হ’বগৈ এই যন্ত্রটোৰ সুদক্ষ নিয়ন্ত্রক। লগতে, সকলো মানৱীয় সমস্যাৰো সমিধানৰ সঁচাৰকাঠি বিজ্ঞানৰ হাতত, এইটোৱেই আছিল তেনে ধাৰণাৰ মূল নিৰ্যাস। জীৱন আৰু জগতৰ প্রতি তেনে খণ্ডিত আৰু অহমিকাপূৰ্ণ দৃষ্টিয়ে বুজনসংখ্যক সংবেদনশীল লোকক ব্যথিত আৰু শংকিত কৰি পেলাইছিল। তেনে ক্ষেত্রতো, উক্ত আত্মম্ভৰি যুক্তিগৰ্বী দৃষ্টিকোণটোহে যে মূলতঃ জগৰীয়া, সেই কথাটোত যথোচিত গুৰুত্ব প্রদান নকৰি সমগ্র বিজ্ঞান-যুক্তিবাদকেই অভিযুক্ত কৰি বিচাৰৰ কাঠগৰাত উঠোৱা হ’ল।
৪.
পুনৰাবৃত্তিৰ দোষে চুলেও, আকৌ এবাৰ কোৱা দৰকাৰ যে বিজ্ঞান-যুক্তিবাদৰ প্রতি একাংশ মানুহৰ যি নেতিবাচক ধাৰণাৰ জন্ম হৈছিল, তাৰ আঁৰত কিছুমান সবল ঐতিহাসিক কাৰণ আছিল। লগতে মন কৰিবলগীয়া কথাটো হৈছে, তেনে ধাৰণাৰ প্রবক্তাসকলে সমাজবাস্তৱতাৰ নেপথ্যত ক্রিয়াশীল আৰ্থ-সামাজিক ব্যৱস্থাটোৰ নিৰ্ণায়ক ভূমিকাৰ কথাটো সাধাৰণতেই অগ্রাহ্য কৰিছিল। নিশ্চিতভাৱে সেইটো আছিল উক্ত মাৰ্গৰ চিন্তাৰ গুৰুতৰ সীমাবদ্ধতা। লক্ষণীয় কথা, তেনে যশোধৰ সাহিত্য-প্রতিভাৰ উক্ত সীমাবদ্ধতাৰ মাজত আমাৰ প্রাসংগিক প্রশ্নটোৰ উত্তৰ কিন্তু অনুপস্থিত। কথাটো সহজকৈ ক’বলৈ গ’লে, বিজ্ঞান-যুক্তিবাদৰ প্রতি একাংশ লোকৰ নেতিবাচক মনোভাবৰ নেপথ্যত কিছুমান ঐতিহাসিক কাৰণ যে আছে, সেইটো বাৰু বুজা গ’ল; কিন্তু বিজ্ঞান-যুক্তিবাদ আৰু সৌন্দৰ্যবোধ পৰস্পৰৰ সৈতে অসামঞ্জস্য কিম্বা বৈৰীমূলক প্রপঞ্চ নেকি, সেই প্রশ্নটোৰ উত্তৰ কি? আলোচনা সহজ কৰিবলৈ কথাটো এটা বিশেষ দৃষ্টিকোণৰপৰা লক্ষ্য কৰা যাওক। ধৰ্ম কিম্বা ঈশ্বৰৰ অস্তিত্বক অগ্রাহ্য-অস্বীকাৰ কৰাটো আছিল বিজ্ঞান-যুক্তিবাদৰেই যৌক্তিক পৰিণতি। আমাৰ আলোচনাৰ প্রসংগত, উক্ত দিশৰপৰা এটা বৰ প্রাসংগিক প্রশ্ন উত্থাপিত হয়। ধৰ্মহীন-যুক্তিবাদীৰ মনন নান্দনিক অনুভূতিৰে উদ্বেলিত কৰিবলৈ ধৰ্মাশ্রয়ী শিল্পকৰ্মসমূহ সক্ষম নহয় নেকি? আলোচনাৰ সুবিধাৰ্থে উত্থাপন কৰা এই প্রশ্নটোৰ উত্তৰৰ সন্ধানে আমাক মূল আলোচ্য বিষয়টোতো আলোকপাত কৰিবলৈ সহায় কৰিব।
মানৱ-ইতিহাসৰ এটা পৰ্যায়ত ধৰ্ম আৰু ঈশ্বৰ-বিশ্বাসে সিংহভাগ মানুহৰ নান্দনিক অনুভূতিক অতি গভীৰভাৱে প্রভাৱান্বিত কৰিছিল। মানৱজাতিৰ অসংখ্য শিল্পকীৰ্তিৰ মাজত আমি তাৰ স্বাক্ষৰ দেখিবলৈ পাওঁ; ধৰ্মাশ্রয়ী নানান গীত-ভাস্কৰ্য-সাহিত্য তাৰ তৰ্কাতীত নিদৰ্শন। এইটো অৱশ্যে আচৰিত হ’বলগীয়া কথা নাছিল, কিয়নো অতীতত মানৱীয় তৎপৰতাৰ এক বিস্তৃত অংশ দখল কৰি আছিল ধৰ্মাশ্রয়ী দৰ্শন আৰু তৎজনিত কাৰ্য-কলাপে। ধৰ্ম আৰু ঈশ্বৰ-চিন্তাৰ নানান পল্লৱিত শাখা-প্রশাখা সমাজ আৰু সংস্কৃতিৰ মৰ্মমূলত প্রোথিত হৈ পৰিছিল। ধৰ্মাশ্রয়ী দৰ্শন হৈ পৰিছিল মানুহৰ মনোগত আৰু সমাজ-উদ্ভিন্ন নানান প্রপঞ্চৰ নিৰ্ণায়ক চালিকাশক্তি। নক’লেও হ’ব, তদানীন্তন যুগৰ আৰ্থ-সামাজিক ভিত্তিটো আছিল ধৰ্মৰ তেনে বিস্তাৰিত আৰু সৰ্বব্যাপী প্রভাৱৰ আঁৰৰ মূল কাৰণ। কিন্তু ইতিহাসৰ এক দীৰ্ঘ কালজুৰি উপৰিসৌধ হিচাপে ধৰ্মই অমিত শক্তি আহৰণ কৰি একধৰণৰ স্বতন্ত্র বৈশিষ্ট্যও অৰ্জন কৰিছিল। গতিকে, অন্যান্য দিশৰ লগতে, শিল্প-কলা-ভাস্কৰ্যৰ অংগনতো ধৰ্মীয় ভাবধাৰা শক্তিশালী ৰূপত মূৰ্ত হোৱাটো আছিল এক অৱধাৰিত ঐতিহাসিক পৰিণতি। লগতে মন কৰিবলগীয়া কথা, অতীততো আপেক্ষিকভাৱে ধৰ্মমুক্ত ধাৰা এটাতো শিল্প-সাহিত্যৰ বিকাশ ঘটিছিল। শূদ্রকৰ ‘মৃচ্ছকটিকম’ তাৰ এক চমৎকাৰ উদাহৰণ।
সামন্ত যুগৰ অন্ত পৰাৰ লগে, কোপাৰ্নিকান বিপ্লৱৰ পৰৱৰ্তী কালত, শিল্প-কলা-ভাস্কৰ্যৰ সেই উচ্ছল ধাৰাটো ক্রমাৎ মৰা-সুঁতিত পৰিণত হ’ল। মানৱ-চেতনাৰ নান্দনিক ক্ষেত্রখন ধৰ্মমুক্ত চিন্তাৰ বাবে উন্মুক্ত হৈ পৰিল। আগতেই উল্লেখ কৰি আহিছিলোঁ, ৰেনেছাঁৰ সময়তেই নৱজীৱনৰ প্রাণপ্রাচুৰ্যৰে স্পন্দিত বৈজ্ঞানিক চিন্তাৰ বিস্তাৰৰ পৰিণতিত মানৱ-চিন্তাৰপৰা আধিভৌতিক-অলৌকিক উপাদানসমূহ ক্রমাৎ অপসৃত হৈ পৰিছিল। এই ঘটনাটোৰ সংগী হিচাপে বিকশিত হৈছিল উদাৰ মানৱতাবাদী ভাবধাৰা। শিল্প-বিপ্লৱৰ কোলাহলপূৰ্ণ পৰিৱেশৰ মাজতেই ছাঁ-ছিমোঁ, ফুৰিয়ে, ওৱেন আদি চিন্তাবিদৰ মনত ইউটোপীয় সমাজবাদী চিন্তাৰ উদ্ভৱ ঘটিছিল। সেইবোৰ ঘটনাক্রমৰ অন্যতম পৰিণতি হিচাপে ঈশ্বৰ আৰু মানুহৰ মাজৰ সম্পৰ্কৰ পৰিৱৰ্তে আন্তঃমানৱিক সম্পৰ্কই মানৱ-মননৰ কেন্দ্রীয় স্থান দখল কৰিবলৈ আগ বাঢ়িল। বাস্তৱৰ কঠোৰ জীৱন-সংগ্রামৰ অলৌকিকতাবৰ্জিত বিচাৰ-বিশ্লেষণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হ’বলৈ ধৰিলে। অৱধাৰিতভাৱেই তাৰ প্রভাৱ মানুহৰ নান্দনিক চেতনাৰ ওপৰতো পৰিল। উদাহৰণস্বৰূপে, বিংশ শতিকাৰ প্রথমছোৱাত বিকাশ লাভ কৰা কিউবিজিম কিম্বা ছুৰিয়েলিজিমৰ দৰে ধৰ্মমুক্ত শিল্পধাৰাৰ সবল উপস্থিতি অতীতত আছিল এটা ভাবিব নোৱাৰাবিধৰ কথা।
পৰিৱৰ্তিত আৰ্থ-সামাজিক পৰিৱেশ আৰু নব্য মানৱীয় মূল্যবোধে নিশ্চয় ধৰ্মমুক্ত অভিনৱ নান্দনিক চেতনাৰ বিকাশত অৰিহণা যোগাইছিল। কিন্তু এটা কথা এইখিনিতে মন কৰিব লাগিব। তেনে পৰিৱৰ্তিত সমাজখনতো কিন্তু অতীতৰ সেই ধৰ্মাশ্রয়ী নান্দনিক উপাদানসমূহ লুপ্ত হৈ নগ’ল। কথাটো সহজ কৰিবলৈ হাততে পোৱা অসমৰ উদাহৰণ এটালৈ লক্ষ্য কৰা যাওক। অসমৰ শংকৰ-মাধৱে সৃষ্টি কৰা অনুপম বৰগীতসমূহৰ সুৰ-ছন্দ আদি সম্পৃক্ত হৈ আছে ধৰ্মীয় ভক্তিৰসত। আজিৰ এই পৰিৱৰ্তিত সামাজিক পৰিস্থিতিত নতুনকৈ তেনে ভক্তিমাৰ্গীয় অনুপম সৃষ্টি হ’ব বুলি ভাবিব নোৱাৰি। কিন্তু সেই তেতিয়াতেই সৃষ্ট, ধৰ্মাশ্রয়ী তেনে শিল্পকৰ্মতো এতিয়াও বৰ্তি আছে। গতিকে, এইখিনিতে সেই গুৰুতৰ প্রশ্নটো পুনৰ উত্থাপিত হ’ব। বৰ্তমানৰ কোনো ধৰ্মহীন নাস্তিকৰ মনত তেনে ধৰ্মাশ্রয়ী শিল্পকৰ্মই কোনো নান্দনিক অভিঘাতৰ কম্পন সৃষ্টি কৰিবলৈ সক্ষম হ’ব নে? প্রশ্নটো আৰু অলপ খাৰাংখাচকৈ এনেদৰেও ক’ব পাৰি, ধৰ্মাশ্রয়ী শিল্পৰ ৰসাস্বাদনৰ বাটত নাস্তিক্য দৰ্শন বাৰু হেঙাৰ নেকি? ঈশ্বৰত অবিশ্বাসী এজনে কেনেকৈ বাৰু ঈশ্বৰভক্তিৰে সম্পৃক্ত গীত এটিৰ ৰস ভালদৰে অনুধাৱন কৰিব? মন কৰিবলগীয়া কথা, এই কথাটো একাংশ বিদ্বানে সৌন্দৰ্যবোধৰ প্রসংগত বিজ্ঞান-যুক্তিবাদৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগটোৰ সমসুৰীয়া। এইখিনিতেই আমি হুইট্মেন, ডিকিন্সন, কিট্ছ আদি যুগন্ধৰ প্রতিভাৰ বিজ্ঞান-বিৰোধিতাৰ কথাটো স্মৰণ কৰি ল’ব পাৰোঁ। লগতে মনকৰিবলগীয়া কথা, উক্ত কীৰ্তিমান লোকসকলে নেতিবাচক পৰিচয় এটাৰে বিজ্ঞানক চিহ্নিত কৰিছিল; ধৰ্মহীন যুক্তিবাদী নাস্তিক্য দৰ্শন নান্দনিক ক্ষেত্রত সংকীৰ্ণ-সীমাবদ্ধ বোলা অভিযোগটোৰ নেপথ্যতো সেই একেই নেতিবাচক ধাৰণা বিদ্যমান। গতিকে প্রশ্ন উঠিব, নান্দনিক ক্ষেত্রত নাস্তিক্য দৰ্শন সঁচাই অতি সংকীৰ্ণ নেকি?
কথাটো তেনেদৰে উত্থাপন কৰোঁতে এটা দিশ কিন্তু সাধাৰণতেই উপেক্ষিত হৈ ৰয়। স্বতঃসিদ্ধভাৱে ধৰি লোৱা হয় যে ধৰ্মাশ্রয়ী শিল্পবোধ উচ্চস্তৰৰ (ইয়াতো কিন্তু সাদৃশ্য এটালৈ লক্ষ্য কৰিব পাৰোঁ। বিজ্ঞান সৌন্দৰ্যবোধৰ বিনাশক, সেই অভিযোগ উত্থাপন কৰা কবি-সাহিত্যিকসকলৰ ধাৰণাত বিজ্ঞানতকৈ মানৱিকী বিদ্যা-অনুভূতি আছিল অধিক সূক্ষ্মতৰ, উন্নত আৰু পৰিশ্রুত)। কোৱা হয়, ধৰ্মাশ্রয়ী কলাকীৰ্তিৰ সৌন্দৰ্যৰসৰ আস্বাদ গ্রহণ কৰাত ধৰ্মই উৎসেচকৰ ভূমিকা লয়। বিপৰীতপক্ষে, ধৰ্মহীন যুক্তিবাদী নাস্তিক্য দৰ্শনে যিহেতু ঈশ্বৰ কিম্বা ধৰ্মক অস্বীকাৰ কৰে, সেয়েহে তেনে দৰ্শনৰ অনুগামী মানুহে কেনেকৈ ধৰ্মাশ্রয়ী শিল্প-কলাৰ ৰস ল’ব পাৰিব?
সঁচাই কথাটো বাৰু তেনেকুৱা নে? নহয়, কিয়নো উক্ত “যুক্তি”-ৰ মাজত এটা ডাঙৰ বিসংগতি লুকাই আছে। উক্ত “যুক্তি-বিন্যাস”ৰ মতে নাস্তিক্য দৰ্শনৰ মাজত ঈশ্বৰ কিম্বা ধৰ্মৰ অনুপস্থিতিয়েই হ’ল তেনে সংকীৰ্ণতাৰ উৎস। কথাটো যদি তেনেকুৱা, উক্ত “যুক্তি-বিন্যাস” যদি অভ্রান্ত, তেন্তে ধৰ্মাশ্রয়ী শিল্পবোধৰ বেলিকা কথাটো হ’বগৈ আৰু মাৰাত্মক। বাহুল্য নকৰি এটা সৰু উদাহৰণলৈ চাওঁ। উপৰিউক্ত “যুক্তি-বিন্যাস” অনুসৰণ কৰিলে এইটো প্রশ্নও উত্থাপিত হ’ব, যীচু-ভক্তিৰে পৰিপূৰ্ণ গীত এটি বিষ্ণু-ভক্ত এজনে কেনেকৈ ৰসাস্বাদন কৰিব? কথাটো হ’ল, নাস্তিক্য দৰ্শনক সংকীৰ্ণ বুলি প্রক্ষেপ কৰিবলৈ যাওঁতে ভিন্ন ধৰ্ম সাপেক্ষে আস্তিক্য দৰ্শনৰ নিজৰ সীমাবদ্ধতা-সংকীৰ্ণতাক পাহৰি থকা যায়।
গতিকে ধৰ্মবিশ্বাসী মহলে যুক্তিবাদীসকলৰ ওপৰত আৰোপ কৰা উক্ত অভিযোগটো নিজেই বিসংগতিপূৰ্ণ। ধৰ্ম-মুক্ত মনৰ মানুহে ধৰ্মাশ্রয়ী শিল্পৰ ৰসাস্বাদন কৰিবলৈ ভালদৰেই সক্ষম। কথাটো ব্যাখ্যা কৰাত, কিছু ভিন্ন প্রসংগৰ হ’লেও, উদাহৰণ কেইটামানে আমাক সহায় কৰিব। ছ্যেইক্সপীয়েৰৰ বহুকেইখন নাটত নানান অলৌকিক (ডাইনীৰ ভবিষ্যতবাণী ইত্যাদি) কাণ্ডকাৰখানা বৰ্ণিত হৈ আছে। সেইসমূহে, অলৌকিকতাক একেবাৰেই অস্বীকাৰ কৰা কোনো যুক্তিবাদীক, কালস্রোতত শাশ্বত হৈ ৰোৱা মানৱ-মনীষাৰ সেই অনন্য কৃতিৰ অনিৰ্বচনীয় ৰসৰপৰা জানো বঞ্চিত কৰি ৰাখিছে? আদিম সৰলতাৰে ৰচিত ঋগ্বেদৰ অজস্র সূক্তৰ অতুলনীয় কাব্যৰসৰপৰা পৰিশীলিত নাস্তিক লোক কেতিয়াও বঞ্চিত হৈ থকা নাই। বৌদ্ধ ধৰ্মৰ প্রগাঢ় প্রভাৱেৰে পৰিপুষ্ট অজন্তা-ইলোৰাৰ কাৰুকাৰ্য মানৱ-উৎকৰ্ষৰ অনুপম নিদৰ্শন। সেই মহৎ শিল্পকৰ্মৰ বিস্ময়কৰ নান্দনিক আৱেদন জানো মাত্র বৌদ্ধধৰ্মী লোকৰ মাজতেই সীমাবদ্ধ হৈ আছে?
গতিকে, ধৰ্মহীন মানুহে ধৰ্মাশ্রয়ী শিল্পৰ ৰসাস্বাদন কৰিবলৈ ভালদৰেই সক্ষমতো হয়েই, তাৰ উপৰিও তেওঁলোকে এটা অতিৰিক্ত সুবিধা লাভ কৰে। উদাহৰণ এটালৈ লক্ষ্য কৰিলেই কথাটো পৰিষ্কাৰ হ’ব। গীতা এখন অনুপম কাব্যগ্রন্থ; ইয়াৰ সাহিত্যক-সৌন্দৰ্য সময়-পৰীক্ষিত। কিন্তু এই কাব্যগ্রন্থখন ৰচিত হৈছিল ব্রাহ্মণ্যবাদক সংৰক্ষণ আৰু পৰিপুষ্ট কৰিবলৈহে, অমানৱীয় আৰু নিষ্ঠুৰ বৰ্ণাশ্রম ব্যৱস্থাটোৰ পৃষ্ঠপোষকতাই আছিল তাৰ মৰ্মকথা। তাতেই গীতাৰ মূল আৰ্থ-সামাজিক তাৎপৰ্য নিহিত হৈ আছে। গীতাৰ চিৰায়ত কাব্যিক ৰস লোৱাত ধৰ্মমুক্ত মনৰ মানুহৰ কোনো আহুকাল নাই। কিয়, সেইটো আগতেই পাই আহিলোঁ। কিন্তু তাৰ লগে লগে, তেওঁলোকে, গীতাৰ উপৰিউক্ত নেতিবাচক দিশৰ প্রতিও সজাগ-সচেতন হৈ থাকিবলৈ সক্ষম। এইটোৱেই ধৰ্মমুক্ত মানুহৰ অতিৰিক্ত সুবিধা। এই অতিৰিক্ত বোনাছ পইন্টটো ধৰ্মত প্রশ্নহীন আস্থা স্থাপন কৰা ধৰ্মবিশ্বাসীসকলে কেতিয়াও লাভ নকৰে। ভক্তি-বিশ্বাসৰ প্রাবল্যৰ বাবে ধৰ্মাশ্রয়ী শিল্প-সাহিত্যৰ নেতিবাচক দিশৰ সন্দৰ্ভত ধৰ্মবিশ্বাসীসকল এন্ধাৰতেই থাকি যায়।
৫.
সৌন্দৰ্যবোধৰ উৎকৰ্ষৰ বেলিকা উক্ত অতিৰিক্ত বোনাছ পইন্টটোৰ কথা বিজ্ঞানৰ ক্ষেত্রতো প্রযোজ্য হোৱা পৰিলক্ষিত হয়। এই প্রসংগত এগৰাকী অতি প্রতিভাশালী আৰু তীক্ষধী পদাৰ্থবিজ্ঞানী ৰিচাৰ্ড ফাইনমেনৰ (১৯১৮-১৯৮৮) কথা এটি উল্লেখ কৰিব পাৰি। তেখেত কৈছিল যে এবাৰ এগৰাকী শিল্পী-বন্ধুৱে ফুল এপাহ দেখুৱাই তেখেতক ক’লে, “এজন শিল্পী বুলি মই এই ফুলপাহৰ সৌন্দৰ্য অনুভৱ কৰিব পাৰোঁ। কিন্তু তুমি বিজ্ঞানী হিচাপে এই ফুলপাহ ছিন্ন-বিচ্ছিন্ন কৰি তাৰ সৌন্দৰ্য একেবাৰেই শেষ কৰি পেলোৱা”। ফাইনমেনে উত্তৰত কি ক’লে? গোটই কথাখিনি ফাইনমেনৰ ভাষাতেই চাওক, “… First of all, the beauty that he sees is available to other people and to me too, I believe. … I can appreciate the beauty of a flower. At the same time, I see much more about the flower than he sees. I could imagine the cells in there, the complicated actions inside, which also have a beauty. I mean it’s not just beauty at this dimension, at one centimeter; there’s also beauty at smaller dimensions, the inner structure, also the processes. The fact that the colours in the flower evolved in order to attract insects to pollinate it is interesting; it means that insects can see the colour. It adds a question: does this aesthetic sense also exist in the lower forms? Why is it aesthetic? All kinds of interesting questions which the science knowledge only adds to the excitement, the mystery and the awe of a flower. It only adds. I don’t understand how it subtracts.” কথাখিনি স্বয়ং ফিনমেনৰ মুখৰপৰা শুনিবলৈ ভিডিও এটা এইটো লিংকটোত পোৱা যাব : https://www.youtube.com/watch?v=zSZNsIFID28।
ফাইনমেনৰ সেই শিল্পী-বন্ধুগৰাকীৰ মতৰ দৰেই, আমি পাই আহিছিলোঁ সৌন্দৰ্যবোধৰ প্রসংগত ৱাল্ট হুইট্মেনৰ বিজ্ঞান-বিৰোধিতাৰে ভৰা কবিতা এটিৰ কথা। উক্ত কবিতাটিৰ প্রসংগত বিশ্ববিশ্রুত বিজ্ঞান-লিখক আইজ্যাক এছিম’ভৰ (১৯২০-১৯৯২) মতামত বৰ মনোগ্রাহী আৰু তাৎপৰ্যপূৰ্ণ। ১৯৮৩ চনত তেখেতে ‘Science and Beauty’ শীৰ্ষক এটা চুটি নিবন্ধ ৰচনা কৰিছিল। তেখেতে বৰ সুন্দৰকৈ লিখিছিল, খালী চকুৰে দেখা পোৱা নিশাৰ আকাশ অতীব মনোমোহা ঠিকেই, কিন্তু নানান মহাজাগতিক ঘটনা-পৰিঘটনাবোৰৰ বিস্ময়াৱহ নান্দনিক সৌন্দৰ্য আমাৰ বাবে বহুগুণে বাঢ়ি যায় বিজ্ঞানে উন্মোচন কৰা নৱ নৱ সত্যৰ জৰিয়তেহে। ৰচনাখনিৰ শেষৰছোৱাত তেখেতে হুইট্মেনৰ প্রতি অতি কঠোৰ বাক্য প্রয়োগ কৰিছে, “And all of this vision – far beyond the scale of human imaginings – was made possible by the works of hundreds of ‘learn’d’ astronomers. All of it; all of it was discovered after the death of Whitman in 1892, and most of it in the past twenty-five years, so that the poor poet never knew what a stultified and limited beauty he observed when he ‘look’d up in perfect silence at the stars’….” এছিম’ভৰ উক্ত ৰচনাখনিৰ সৰ্বশেষ বাক্যটিত বিনীতভাৱে প্রতিধ্বনিত হৈছে বিজ্ঞান আৰু নান্দনিক অনুভূতিৰ আন্তঃসম্পৰ্কৰ কথা, “Nor can we know or imagine now the limitless beauty yet to be revealed in the future – by science”। প্রসংগত কৈ থওঁ, এছিম’ভৰ ৰচনাশৈলীৰ সৌন্দৰ্য (সৌন্দৰ্য!!) অনুবাদত ৰক্ষা কৰাটো আমাৰ বাবে সম্ভৱ নহয়। তেখেতৰ উক্ত ৰচনাখনিৰ ভিডিও এটা এইটো লিংকত পোৱা যাব : https://www.youtube.com/watch?v=nsaHz1rvaGw)।
গতিকে আমি দেখিলোঁ, বিজ্ঞান-যুক্তিবাদ আৰু ধৰ্মমুক্ত নাস্তিক্য দৰ্শনৰ সৈতে মানুহৰ নান্দনিক অনুভূতিৰ সমন্ধটো বৈৰীমূলকতো নহয়েই, সেই সম্পৰ্ক অকণো অসামঞ্জস্যপূৰ্ণও নহয়। এই কথাটো আকৌ এবাৰ দোহাৰি, অন্য এটি দিশ গুৰুত্বসহকাৰে উনুকিয়াই আলোচনা শেষ কৰোঁ। কথাটো হ’ল, সুস্থ সমাজ এখনৰ বাবে ধৰ্ম পৰিত্যাজ্য হ’লেও ধৰ্মাশ্রয়ী বুলিয়েই কোনো শিল্পকৃতিক বৰ্জনীয় বুলি ভবাটো যুগুত নহয়। হাততে পেৱা উদাহৰণ এটা লওঁ, শংকৰদেৱৰ বৰগীতৰপৰা। “শুন শুন ৰে সুৰ” এইটো এটা বৰগীত, শেষ বিচাৰত এটি ধৰ্মাশ্রয়ী সৃষ্টি। কিন্তু এই ধৰ্মাশ্রয়ী সৃষ্টিৰ সুন্দৰ সুৰটোক কেনেদৰে এটা আধুনিক সংগ্রামী গীতত ভূপেন হাজৰিকাই সম্পৃক্ত কৰি পেলালে (“নামি আহা সুন্দৰৰে সেনা শিল্পীদল…” গীতটিৰ “শংকৰে যুঁজিলে সুৰৰে বৈৰী, নিশাচৰ যতমান পলাল ল’ৰি” এই পংক্তিটি), সেইটো মন কৰিবলগীয়া কথা। কথাটো মাত্র অ’ৰ-ত’ৰপৰা সুৰ এটা থাপ মাৰি অনাৰ কাৰবাৰ নহয়। শংকৰদেৱৰ বৰগীতটিতো সংগ্রামৰ অভিব্যক্তি আছে, কিন্তু সি নিশ্চিতভাৱে ধৰ্মযুক্ত। সেই সংগ্রামৰ শাহ, মূল স্পিৰিট, ভূপেন হাজৰিকাৰ গীতটিতো মূৰ্ত হৈছে, কিন্তু তাত ধৰ্মৰ নাম-গোন্ধ পাবলৈকে নাই। সেইটো হৈ পৰিছে খাটিখোৱা জনতাৰ ৰূঢ় বাস্তৱৰ এটি শৈল্পিক গাথা। এইটো এটা উদাহৰণহে মাথোন। পুনৰ কওঁ, ধৰ্মাশ্রয়ী শিল্পকৃতিক পৰিত্যাজ্য আবৰ্জনা বুলি ভবাটো যুক্তিযুক্ত কথা নহয়। ধৰ্মহীন নাস্তিকতা নিশ্চয় এক পৰিশীলিত উচ্চতৰ মননগত দাৰ্শনিক অৱস্থান। কিন্তু মাথোন ধৰ্মহীনতায়েই পূৰ্ণাংগ মানৱ-বিকাশৰ বহুধাবিভক্ত বন্ধুৰ বাটৰ শেষ মাইলৰ খুঁটি নহয়। তেনেদৰেই প্রযুক্তিসৰ্বস্ব বিজ্ঞানবাদো মানৱ-সভ্যতাৰ একক আৰু অদ্বিতীয় উপাদান নহয়। নিৰালম্ব নাস্তিকতা কিম্বা যান্ত্রিক বিজ্ঞানবাদ সমাজৰ বাবে ভয়ংকৰ হৈ উঠাৰো আশংকা থাকে। গতিকে, সুস্থ আৰু সমতাপূৰ্ণ পূৰ্ণাংগ মানৱ-বিকাশৰ বাবে এক অভিনৱ শৈল্পিক মননৰ গঢ় দিয়াটো অতি জৰুৰী। ইয়াকেই হয়তো কোনো কোনো বিদ্বানে “বিকল্প সংস্কৃতি” বুলি অ্যাখ্যা দিছে। তেনে শৈল্পিক মননে নিশ্চয় আমাৰ চৌপাশৰ বিশ্ব-চৰাচৰৰ মাজত নিহিত হৈ থকা নান্দনিক উপাদানৰ ৰসাস্বাদনত নতুন মাত্রা সংযোজিত কৰিব।