সম্পাদকৰ টোকা :: যুক্তি আৰু জীৱনশৈলী ।। কৌশিক দাস
(১)
“মোৰ দৈনন্দিন জীৱন”
“গৰু”, “কুকুৰ”, “আমাৰ বিদ্যালয়”, “মোৰ জীৱনৰ লক্ষ্য”—এইধৰণৰ বিবিধ ৰচনা হাইস্কুলৰ ইংৰাজীৰ পাঠ্যক্ৰম অনুসৰি ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰিব লাগে, নম্বৰ গোটাবলৈ পৰীক্ষাৰ বহীত লেখিব লাগে। তেনে ৰচনাসমূহৰ মাজৰ এখন হ’ল “মোৰ দৈনন্দিন জীৱন”—My Daily Life। বহু কালৰেপৰা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈ থকা এইখন ৰচনা অজস্ৰ ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ পাছত বছৰধৰি লেখি আহিছে। এই ৰচনাখননো বাৰু কেনেকুৱা? তেনেই সহজ—পুৱা শুই উঠি হাত-মুখ ধোৱা, পঢ়াৰ মেজত পঢ়িবলৈ বহা, জলপান খাই বিদ্যালয়লৈ যোৱা, বিয়লি খেলা-ধুলা কৰা, নিশা পঢ়াশুনা কৰি ৰাতি পাটীত পৰালৈকে বিদ্যাৰ্থীগৰাকীয়ে সম্পাদন কৰা কাম-কাজ সামৰি প্ৰস্তুত কৰা টোকা এটাই হৈছে “মোৰ দৈনন্দিন জীৱন” নামৰ ৰচনাখন।
ৰচনা হিচাপে বিষয়টো সহজ। এই ৰচনাখনৰ হাতধৰি কিছুমান প্ৰশ্ন হয়তো কোনো সন্ধিৎসু লোকৰ মনলৈ আহিব পাৰে—সেইসমূহৰ উত্তৰৰ আলোচনা কিন্তু তেনেই সৰল নহয়। উল্লেখ কৰি আহিছোঁ যে উপৰিউক্ত ৰচনাখন বহু দশকধৰি ছাত্ৰ-ছাত্ৰীসকলে লিখি আহিছে। আমি প্ৰশ্ন কৰিব পাৰোঁ—কেইটামান দশকৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে যিটো শৈলীৰ দৈনন্দিন জীৱনৰ সৈতে অভ্যস্ত হৈ আছিল, সেই শৈলীটো বাৰু—এতিয়াৰ যুগত—অপৰিৱৰ্তিত ৰূপত বৰ্তি আছেনে? সামান্য গমি চালেই আমি সঠিক উত্তৰটো পাম। নাই, সুদূৰ অতীজৰ কথা বাদেই, অদূৰ অতীতৰো ছাত্ৰ-ছাত্ৰীৰ দৈনন্দিন জীৱন এতিয়া আৰু অপৰিৱৰ্তিত ৰূপত বৰ্তি থকা নাই। কথাটো যদিও পৰিষ্কাৰ, তথাপি তাত অধিক স্পষ্টতা আনিবলৈ দুটিমান উদাহৰণ দিলে ভাল হ’ব। কেইটামান দশকৰ আগতে যেনেকৈ মুকলি পথাৰত ল’ৰা-ছোৱালীয়ে দলবান্ধি খেলিবলৈ গৈছিল, এতিয়া সাধাৰণতেই নাযায়। আনকি আগৰ দৰে এতিয়া সমূহীয়াকৈ টেলিভিছনত খেল নাচায়, চায় গাইগুটীয়াকৈ মোবাইল ফোনৰ স্ক্ৰীনত। টিউচনৰ হেঁচা বাঢ়ি আহিছে, স্কুলৰো সময় সলনি হৈছে, তাৰ সৈতে সংগতি ৰাখি পুৱা শুই উঠা আৰু নিশা পাটীলৈ যোৱা সময়ো বেলেগ হৈ পৰিছে। যৌথ পৰিয়াল সমাজৰপৰা দ্ৰুত গতিত অন্তৰ্হিত হৈ পৰিছে, আগৰদৰে ককা-আইতাৰ সাধু এতিয়াৰ শিশু আৰু কিশোৰৰবাবে হৈ পৰিছে প্ৰায় আচহুৱা, বিভিন্ন ডিজিটেল দৃশ্য-শ্ৰব্য মাধ্যমৰ সৈতে তেওঁলোকে এতিয়া অধিক একাত্মবোধ কৰে। উদাহৰণৰ সংখ্যা বঢ়াই অধিক বাহুল্য কৰাৰ সলনি আমি এতিয়া নিশ্চয় ক’ব পাৰোঁ যে এতিয়াৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠ্যক্ৰমৰ ৰচনাত ভাষাশিক্ষা তথা নম্বৰৰ বাবে যিয়েই নিলিখক, এই বিদ্যাৰ্থীসকলৰ দৈনন্দিন জীৱন পূৰ্ববৰ্তী ল’ৰা-ছোৱালীৰ সৈতে একেতো নহয়েই, বৰঞ্চ তাত আহিছে কিছুমান আমূল পৰিৱৰ্তন। কথাটো মাত্ৰ অতীত আৰু বৰ্তমানৰ নহয়—প্ৰসংগটো ভৱিষ্যতৰো, কিয়নো আহিবলগীয়া দিনবোৰতো জীৱনশৈলীৰ তেনে পৰিৱৰ্তন অনিবাৰ্যভাৱে সংঘটিত হৈয়েই থাকিব। আজিৰ ল’ৰা-ছোৱালীয়ে পৰিণত বয়সত তেওঁলোকৰ শৈশৱ-কৈশোৰৰ জীৱনশৈলী, নতুন প্ৰজন্মৰ বাবে আচহুৱা হৈ পৰা দেখিবলৈ পাব। লগতে আৰু এটা কথা উল্লেখ কৰাটো উচিত হ’ব। সময়ৰ লগে লগে দৈনন্দিন জীৱন মাত্ৰ ছাত্ৰ-ছাত্ৰীসকলৰহে সলনি হৈছেনে? কথাটো তেনেকুৱা নহয়, স্পষ্টতঃ বয়সস্থ চামৰো দৈনন্দিন জীৱনশৈলী সময়ৰ সোঁতত সলনি হৈ পৰিছে। তাহানিৰ বয়সীয়া মানুহ এজনে যিদৰে সময় কটাইছিল, এতিয়াৰ—সেই একেই বয়সৰ লোক এজনে—তেনেদৰে দিনটো পাৰ নকৰে। এইটো ইমানেই স্পষ্ট যে তাৰবাবে কোনো উদাহৰণ দিয়াৰ প্ৰয়োজন নাই। জীৱনশৈলীৰ তেনে পৰিৱৰ্তনৰ ধাৰা নিৰন্তৰভাৱে চলি আছে আৰু থাকিব।
আলোচনাৰ এই আৰম্ভণিৰ দফাটোত আমি গুৰুত্ব দিয়া কথাটো হ’ল—মানুহৰ জীৱনশৈলী অবিৰতভাৱে পৰিৱৰ্তনশীল। আপাতদৃষ্টিত সহজ যেন লগা এই কথাটো আমাৰ মূল আলোচনালৈ আগ বঢ়াৰ আগতেই স্পষ্ট কৰি লোৱটো জৰুৰী আছিল। সেইবাবেই আলোচনাৰ চ’ৰাঘৰলৈ সোমাই যোৱাৰ আগতে, নঙলামুখ কিছু নিজঞ্জাল কৰিবলৈ হাততে পোৱা সহজ উদাহৰণকেইটাৰ সহায় লৈছিলোঁ। তাৰেই আঁতধৰি এতিয়া আগ বাঢ়িবলৈ চেষ্টা কৰা যাওক।
(২)
জীৱনশৈলীৰ পৰিৱৰ্তন
ওপৰৰ দফাত জীৱনশৈলীৰ নিৰন্তৰ পৰিৱৰ্তনশীলতাৰ সত্যটো চিত্ৰায়িত কৰা হৈছে খহটা আৰু মোটা আঁকেৰে—সূক্ষ্ম বিশ্লেষণৰ নিমজ ৰেখাংকন তাত অনুপস্থিত। কথাটো নিশ্চয় সতৰ্ক আৰু সচেতন পাঠকৰ চকুত নপৰাকৈ থকা নাই। আলোচনাৰ এইটো দফাত আমি জীৱনশৈলীৰ পৰিৱৰ্তনৰ বহুমাত্ৰিক দিশ কেইটিমানৰ কথা উনুকিয়াই বিষয়টোৰ জটিল সূক্ষ্মতা অনুধাবন কৰিবলৈ চেষ্টা কৰিম। তাৰবাবে প্ৰথমতেই আমি এই চাৰিটা দিশলৈ মন কৰিব পাৰোঁ—।
ক। “আমি সৰুতে এনেকুৱা কৰিছিলোঁ, তহঁতে এইবোৰ কৰিছ কি”!
আলোচনাৰ প্ৰথম দফাত কোৱা হৈছিল যে আগৰ দিনৰ কিশোৰ-কিশোৰীৰ জীৱনশৈলী, এতিয়াৰ দিনৰ কিশোৰ-কিশোৰীৰ সৈতে নিমিলে। ভিন্ন যুগৰ প্রেক্ষাপটত, জীৱনশৈলীৰ তেনে পাৰ্থক্য মাত্ৰ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰতেই নহয়—, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাৰ ক্ষেত্ৰতো প্ৰযোজ্য। অতীত আৰু বৰ্তমানৰ দুগৰাকী বৃদ্ধৰ জীৱনশৈলীৰ কথা মনলৈ আনিলেই কথাটো স্পষ্টকৈ ওলাই পৰিব। তাহানিৰ আৰু এতিয়াৰ যুৱক-যুৱতীৰ জীৱনশৈলী জানোঁ একেই? কথাটো চমুৱাই এইদৰে ক’ব পাৰি—তদ্ৰূপ বয়স-গোটৰ (Same age group) মানুহৰ জীৱনশৈলী বেলেগ বেলেগ যুগত বেলেগ বেলেগ। এইটো দিশত জীৱনশৈলীৰ পৰিৱৰ্তনৰ নিৰ্ণয়ক কাৰণ হৈছে দুটা যুগৰ মাজৰ সময়ৰ ব্যৱধান। এই দিশটো আলোচনাৰ আৰম্ভণিতেই পৰিষ্কাৰ কৰা হৈছিল, গতিকে দীৰ্ঘ পুনৰাবৃত্তিৰ আৰু প্ৰয়োজন নাই।
খ। “তহঁত যা, এতিয়া আমাৰ আৰু ৰাতি ফাংচনলৈ যোৱাৰ বয়স নাই”!
সমাজ এখন বিভিন্ন বয়সৰ মানুহৰ সমাহাৰ—, অৰ্থাৎ একেই সময়তে সমাজখনত বিভিন্ন বয়স-গোটৰ মানুহ থাকে। এইসকলে বাস কৰে একেটা যুগতেই, কিন্তু বয়স অনুসৰি তেওঁলোকৰ জীৱনশৈলী বেলেগ বেলেগ হোৱা দেখা যায়। বয়সৰ ভিন্নতা হৈছে তেওঁলোকৰ মাজৰ জীৱনশৈলীৰ পাৰ্থক্যৰ অন্যতম কাৰণ। এইটো দিশ আমি ওপৰৰ “ক” দফাটোৰ সৈতে মিহলাই পেলালে কিন্তু ডাঙৰ ভুল হ’ব। সেইটো দফাত কোৱা হৈছে বেলেগ বেলেগ যুগৰ তদ্ৰুপ বয়স-গোটৰ (Same age group) মানুহৰ জীৱনশৈলীৰ ভিন্নতা কথা। কিন্তু এই দ্বিতীয় দিশটোৰ তাৎপৰ্য একেবাৰেই বেলেগ। এইটো দিশে দেখুৱায় যে একেই যুগত অৱস্থান কৰা ভিন্ন বয়স-গোটৰ (Different age group) মানুহৰ জীৱনশৈলী বেলেগ বেলেগ। বিপৰীতে, একেই বয়সৰ লোকসকলৰ ভিতৰত জীৱনশৈলীৰ ভিন্নতা সাধাৰণতেই কম। অৰ্থাৎ, এইটো দিশত জীৱনশৈলীৰ পাৰ্থক্যৰ নিৰ্ণয়ক কাৰণ হৈছে মানুহৰ গোটবোৰৰ মাজৰ বয়সৰ ভিন্নতা।
(গ) “তেতিয়া কিমান ঠাই ফুৰিলোঁ, এতিয়া ঘৰৰপৰা ওলাবলৈও মন নাযায়”!
ব্যক্তিগত স্তৰত জীৱনশৈলীৰ পৰিৱৰ্তনৰ কথাটো নিজৰ বয়সৰ সৈতে ওতপ্রোতভাৱে সম্পৰ্কিত। ওপৰৰ “খ” দফাটোত বয়সৰ যি ভিন্নতাৰ কথা কোৱা হৈছে—তাৰ সৈতে এই তৃতীয় দিশটোৰ বয়সৰ প্রসংগটো তেনেই বেলেগ। “খ” দফাত ভিন্ন ভিন্ন বয়স-গোটৰ মানুহৰ প্রসংগ উত্থাপিত হৈছে, কিন্তু তৃতীয় দিশটো ব্যক্তি এগৰাকীৰ নিজৰ বয়সৰ সৈতেহে সম্পৰ্কিত। শিশু এটিৰ বয়স বৃদ্ধি হৈ হৈ ক্রমাৎ কিশোৰ, যুৱক আৰু বৃদ্ধ হৈ পৰে। সেই ব্যক্তিৰ জীৱনশৈলী কিন্তু নিজৰ জীৱনৰেই বিভিন্ন পৰ্যায়ত একে হৈ নাথাকে। এজন ব্যক্তিয়ে যৌৱনত দিনটোৰ যিটো নিৰ্দিষ্ট সময়ত বাটত তহল দিবলৈ ওলাইছিল, বৃদ্ধাৱস্থাত সেই একেজন ব্যক্তিয়েই—দিনটোৰ সেই একেটা সময়তেই—নামঘৰলৈ যায়। অৰ্থাৎ, ব্যক্তি একেজনেই, কিন্তু জীৱনৰ বেলেগ বেলেগ পৰ্যায়ত তেওঁৰ জীৱনশৈলী বেলেগ বেলেগ হৈ পৰে।
(ঘ) “সেই ঘটনাটোৰ পাছৰে পৰা জীৱনটো একেবাৰে সলনি হৈ পৰিল”!
মানুহৰ ব্যক্তিগত আৰু সমজুৱা—দুয়োবিধ জীৱনশৈলীলৈ হঠাতে বা কম সময়ৰ ভিতৰতেই ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। শিশুৰ জন্মই পৰিয়াল এটাৰ সদস্যসকলৰ জীৱনশৈলীলৈ পৰিৱৰ্তন আনিব পাৰে। বিপৰীত কথাটোও সম্ভৱ—কাৰোবাৰ বিয়োগত পৰিয়াল এটাৰ জীৱনশৈলীয়ে বাট সলাব পাৰে হঠাতে। এইখিনিতে আমি এটা অতি নিদাৰুণ উদাহৰণৰ কথা মনলৈ আনিব পাৰোঁ। খেতি-বাতি-চাকৰি-বেপাৰ কৰি ধৰাবন্ধা ৰুটিনমাফিক জীৱনযাত্রাৰে সময় পাৰ কৰা লোকসকল যেতিয়া দেশবিভাজনৰ দৰে ঘটনাৰ ফলত গৃহহীন উদ্বাস্তু হৈ পৰে—তেতিয়া তেওঁলোকৰ পূৰ্বৰ জীৱনশৈলী জানোঁ অপৰিৱৰ্তিত হৈ থাকিব? তেনে অৱস্থাত সকলো বয়স-গোটৰ—শিশুৰপৰা আৰম্ভ কৰি বৃদ্ধলৈকে—মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটাটো অনিবাৰ্য। আৰু এটা উদাহৰণ—নবলব্ধ কোনো প্ৰযুক্তি বা বৈজ্ঞানিক আৱিষ্কাৰৰ ব্যৱহাৰে অতি খৰতকীয়াকৈ মানুহৰ জীৱনশৈলী সলাই পেলাব পাৰে। এই দিশটোত আমি ব্যাধি, ৰোগমুক্তি, দুৰ্ঘটনা, বন্ধুবিচ্ছেদ, বন্ধুলাভ, অৰ্থলাভ, প্ৰেম, নিৰ্বাচনত জয় কিম্বা পৰাজয়—এইধৰণৰ অজস্ৰ আৰু বিচিত্ৰ কাৰকৰ অন্তহীন তালিকা এখন পাম।
আলোচনাৰ এই দ্বিতীয় দফাত আমি ক’বলৈ প্ৰয়াস কৰিলোঁ যে মানুহৰ জীৱনশৈলীৰ পৰিৱৰ্তন কথাটো যদিও সহজেই আমাৰ চকুত পৰে—কথাটো বুজাত বিশেষ আহুকালো নহয়—, বিষয়টোৰ কিন্তু বহুমাত্ৰিক, জটিল আৰু সূক্ষ্ম দিশ কিছুমানো বিদ্যমান। যুগ আৰু প্ৰজন্মৰ ব্যৱধান, বয়সৰ ভিন্নতা, ব্যক্তি-জীৱনৰ পৰ্যায়, সংঘটিত হোৱা কোনো নিৰ্ণায়ক ঘটনা—এইবোৰৰ সৈতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ কথাটো সাঙোৰ খাই আছে।
এইখিনিৰ লগতে আৰু এটা অতি তাৎপৰ্যপূৰ্ণ দিশে গোটেই বিষয়টো অতি চিত্তাকৰ্ষক আৰু অধিক জটিল কৰি পেলায়। প্ৰকৃততে সেই দিশটোক অগ্ৰাহ্য কৰিলে আমি ইতিমধ্যে কৰি অহা আলোচনা মাত্ৰ অসম্পূৰ্ণই নহয়—সাংঘাতিকধৰণে প্ৰমাদগ্ৰস্ত আৰু অৰ্থহীন হৈ থাকিব। পিছে সেই দিশটোলৈ যোৱাৰ আগতে পশ্চাৎভূমি হিচাপে দুটিমান কথা আলচ কৰি লোৱা ভাল হ’ব।
(৩)
জীৱনশৈলী : অভিধান-গৱেষণাৰ ভিতৰে-বাহিৰে
আমি আটায়ে জানোঁ যে অক্সফ’ৰ্ড য়ুনিভাৰ্চিটি প্ৰেছে বহুকেইখন সৰু-বৰ অভিধান প্ৰকাশ কৰিছে। তাৰ মাজৰ এখন বিয়াগোম অভিধান হৈছে Oxford Dictionary of English (2003)। এই বিৰাট অভিধানখনে Lifestyle শব্দটোৰ অৰ্থ অতি চমুকৈ এনেদৰে দিছে—The way in which a person lives (p.1012)। ড০ হীৰেন গোহাঁইদেৱৰ সম্পাদনাত প্ৰকাশ পোৱা The Millennium pronouncing Anglo-Assamese Dictionary-ত শব্দটোৰ অৰ্থ এইদৰে আছে—Way someone spends his life (2025, p.451)। সচেতন পাঠকক কোৱা বাহুল্য হ’ব যে ঠিক এইটো আভিধানিক অৰ্থতেই আমি এই আলোচনাত “জীৱনশৈলী” শব্দটো ব্যৱহাৰ কৰিছোঁ।
অভিধানত শব্দ এটাৰ উপস্থিতি-অনুপস্থিতিয়ে আমাক বহুতো দিশৰ ইংগিত দিব পাৰে। উন্নত মানৰ অভিধানত যদি কোনো এটা শব্দ অনুপস্থিত, তেনেহলে প্ৰাৰম্ভিকভাৱে অনুমান কৰিব পাৰি যে অভিধানখন প্ৰণনয় কৰা সময়ত তেনে শব্দ হয়তো বহুলভাৱে চৰ্চিত কোনো বিষয়ৰ সৈতে সম্পৰ্কিত হৈ থকা নাছিল, বা তেতিয়া প্ৰয়োজন নাছিল বাবে তেনে শব্দৰ উদ্ভৱ-আগমন হোৱাই নাছিল। তীক্ষ্নধী মহাপণ্ডিত আনন্দৰাম বৰুৱাৰ অতি পুৰণি English-Sanskrit Dictionary (১৮৭৭) হৈছে এখন আপুৰুগীয়া অভিধান। তাৎপৰ্যপূৰ্ণ কথা, পণ্ডিতগৰাকীৰ এইখন অভিধানত কিন্তু Lifestyle শব্দটো অন্তৰ্ভুক্ত হৈ থকা নাই। এইটো কোনো অসাৱধানতাৰ ফল বুলি ভাবিবই নোৱাৰি। কিয়নো, এই অভিধানখনত তদানীনন্তন সময়ৰ বহুতো নতুন আৰু আধুনিক ধাৰণা বহন কৰা শব্দৰ অন্তৰ্ভুক্তি সহজেই চকুত পৰে। অৱশ্যে, বৰ্তমান সময়ত “জীৱনশৈলী” এটা বহুজনব্যৱহৃত শব্দ, লগতে বিষয়টো বিভিন্ন দিশত অতিশয় গুৰুত্বপূৰ্ণ। তাৰ মাজতো কিন্তু আমি দেখিছোঁ যে কিছুমান নতুন অসমীয়া অভিধানত—যেনে, “আধুনিক অসমীয়া শব্দকোষ” (২০২৪) আদিত “জীৱনশৈলী” শব্দটো এতিয়াও সোমোৱা নাই।
Lifestyle শব্দটোৰ সংক্ৰান্তত অষ্ট্ৰেলিয়াৰ এগৰাকী বিদ্বানৰ গৱেষণাপত্ৰত আমি দুটিমান বৰ কৌতূহলোদ্দীপক তথ্য পাওঁ। গৱেষণাপত্ৰখনৰ মূল প্ৰতিপাদ্য বিষয়টোৰ সৈতে আমাৰ বৰ্তমানৰ আলোচনাৰ কোনো সংগতি নাথাকিলেও, তেনে তথ্য কেইটিমানৰ উল্লেখ কৰিলে বোধকৰোঁ বৰ এটা অপ্ৰাসংগিক কথা নহ’ব (দ্ৰষ্টব্য : A. J. Veal, The concept of lifestyle: A Review, Leisure Studies, 12 : 4, 1993, 233-252)। বিদ্বানগৰাকীয়ে দেখুৱাইছে যে এতিয়া বহুল-ব্যৱহৃত হ’লেও, ইংৰাজী ভাষাত Lifestyle শব্দটোৰ ব্যৱহাৰৰ ইতিহাস বৰ বেছি পুৰণি নহয়, তাৰ আৰম্ভণি হৈছিল প্ৰায় এশ বছৰৰ আগৰপৰাহে—১৯২৯ চনত আলফ্ৰেড এল্ডাৰ নামৰ এগৰাকী মনোবিজ্ঞানীয়ে পোন-প্ৰথমে শব্দটোৰ ব্যৱহাৰ কৰিছিল। চিমেল (Georg Simmel) নামৰ এগৰাকী বিদ্বানে ১৯০০ চনত জাৰ্মান ভাষাত সমাৰ্থক শব্দ এটা ব্যৱহাৰ কৰিছিল, কিন্তু তেওঁৰ ৰচনাখন ১৯৬০ চনতহে ইংৰাজী অনুবাদত উপলভ্য হৈছিল। তেনেদৰে, মেক্স ৱেবাৰৰ দৰে চিন্তাশীল পণ্ডিতে ১৯২২ চনত সদৃশ শব্দ এটাৰ ব্যৱহাৰ কৰিলেও তাৰো ইংৰাজী অনুবাদ প্ৰকাশিত হৈছিল বহু বছৰ পাছত। অৱশ্য কোনো কোনো গৱেষকে ফৰাচী আৰু জাৰ্মান ভাষাত সমজাতীয় শব্দৰ ব্যৱহাৰৰ নিদৰ্শন ষোড়শ শতিকাতো হৈছিল বুলি জানিবলৈ দিছে। প্ৰণিধানযোগ্য কথা, শব্দটোৰ বহুল ব্যৱহাৰ আৰম্ভ হৈছিল ১৯৫০ চনৰ আশে-পাশে, এমেৰিকাৰ উপনগৰীকৰণ (suburbanization) সম্পৰ্কীয় গৱেষণাত। নগৰীকৰণ-উপনগৰীকৰণে যে জীৱনশৈলীত প্ৰভাৱ পেলায়, তাত বহুতো পৰিৱৰ্তন আনে—সেই কথাটো আমি অসমতো দেখিবলৈ পাইছোঁ। তেনে পৰিৱৰ্তনৰ দ্ৰুতি এমেৰিকাত নিশ্চয় বহুত তীব্ৰ আছিল বুলি আমি অনুমান কৰিব পাৰোঁ। তাৰেই হয়তো প্ৰতিফলত ঘটিছিল অনুসন্ধান-গৱেষণাৰ জগতখনতো—দিনে দিনে বাঢ়ি আহিছিল “জীৱনশৈলী” শব্দটোৰ ব্যৱহাৰ।
আলোচনাৰ এই তৃতীয় দফাত আমি দেখিলোঁ যে মানুহে একো একোটা জীৱনশৈলীৰ মাজেৰে জীৱনটো অতিক্ৰম কৰিলেও—জীৱনশৈলীৰ বিষয়ে আলোচনা-বিলোচনা-বিচাৰ-বিশ্লেষণৰ ইতিহাস বৰ বেছি দীঘলীয়া নহয়। হয়তো জীৱনশৈলীৰ বাস্তৱ আৰু বৈদ্যায়তনিক তাৎপৰ্যৰ দিশটোৱে মানুহৰ চিন্তা-চৰ্চাত অতীজত সিমান গুৰুত্ব পোৱা নাছিল। পিছে প্ৰশ্ন উঠিব, বিষয়টোৱে কিয় তেনে গুৰুত্ব লাভ কৰা নাছিল? তদানীনন্তন সময়ত জ্ঞানবিদ্যাৰ আপেক্ষিক সীমিত বিকাশ হয়তো তাৰ এটা প্ৰধান হেতু। লগতে অনুমান কৰিব পাৰি, জীৱনশৈলীৰ পৰিৱৰ্তনৰ দ্ৰুতি যদি আপেক্ষিকভাৱে মন্থৰ, তেনেহলে বিষয়টো আলোচনা-বিলোচনাৰ বাহিৰত ৰৈ যোৱাৰ সম্ভৱনা বেছি। জীৱনশৈলীৰ পৰিৱৰ্তন যদি দ্ৰুততৰ হৈ পৰে, তেনেহ’লে সি সামাজিকভাৱে তাৎপৰ্যপূৰ্ণতো হৈ পৰেই, লগতে সি মানুহৰ চিন্তা-চৰ্চাৰ পৰিধিৰ ভিতৰত সজীৱভাৱে সোমাই পৰে। এইটো দফাতেই আমি বিদ্বান এগৰাকীৰ কথাত ভৰ দি উল্লেখ কৰিছিলোঁ নগৰীকৰণে সৃষ্টি কৰা জীৱনশৈলীৰ দ্ৰুত পৰিৱৰ্তনে কেনেকৈ বিষয়টোৰ সন্দৰ্ভত চিন্তা-চৰ্চা তৰাণ্বিত কৰি পেলাইছিল।
পিছে আমোদজনক কথা, অভিধানত “জীৱনশৈলী” শব্দটো থাকক বা নাথাকক, মানুহৰ চিন্তা-চৰ্চা-গৱেষণাত জীৱনশৈলীৰ কথা থাকক বা নাথাকক—বাস্তৱৰ জীৱনত, সমাজখনত মানুহৰ জীৱনশৈলীৰ অস্তিত্ব অতীততো আছিল, এতিয়াও আছে।
(৪)
আদিম মানুহ : যুক্তি আৰু জীৱনশৈলী
অদূৰ অতীততেই মাত্ৰ নহয়, প্ৰাগৈতিহাসিক যুগৰ আদিম মানুহৰো নিৰ্দিষ্ট জীৱনশৈলী আছিল। পিছে আমি জীৱনশৈলীৰ উপস্থিতিলৈ মাত্ৰ লক্ষ্য কৰিলেই নহ’ব; তেনে জীৱনশৈলীৰ বাস্তৱ ভিত্তি কি আছিল—এই প্ৰশ্নটোৰ উত্তৰৰ সন্ধানৰ প্ৰচেষ্টাইহে বিষয়টোত আমাৰ দৃষ্টি অধিক স্বচ্ছ কৰি তুলিব।
তেতিয়াৰ সময়ত সংগ্ৰহবৃত্তি আৰু চিকাৰ-কাৰ্য আছিল মানুহৰ জীৱনধাৰণৰ মূল। পুৰাতত্ত্ব, নৃতত্ত্ব আদি বিষয়ৰ পণ্ডিতবৃন্দই এই কথাটো তৰ্কাতীতভাৱে প্ৰতিষ্ঠা কৰিছে বহু দিনৰ আগতেই। জনপ্ৰিয় কিতাপপত্ৰতো সততেই সেইটো কথা পঢ়িবলৈ পোৱা যায়। আমি কিন্তু সতৰ্ক হৈ মনত ৰাখিব লাগিব—সংগ্ৰহবৃত্তি আৰু চিকাৰ-কাৰ্যৰ কথাটো হ’ল এটা সাধাৰণ ৰূপৰেখাহে; প্ৰকৃততে তেতিয়াৰ বিভিন্ন ঠাইৰ মানুহৰ জীৱনধাৰণৰ পদ্ধতি-পন্থাৰ মাজত বহুতো পাৰ্থক্য আছিল। এই কথাটোও বিজ্ঞানীসকলে সুন্দৰভাৱে প্ৰমাণ কৰিছে। দেখদেখকৈ অৰণ্যবাসী, পৰ্বতীয়া, নৈপৰীয়া আদি মানুহৰ মাজত সংগ্ৰহবৃত্তি কিম্বা চিকাৰকাৰ্যৰ ধৰণকৰণ একেই নাছিল। কোনোবা হয়তো আছিল হিমশীতল জলবায়ুৰ অঞ্চলত, কোনোবা আকৌ আছিল শুষ্ক মৰুভূমিসদৃশ ঠাইত। কোনো সন্দেহ নাই, তেনে ভিন্নতাই তেওঁলোকৰ জীৱনশৈলীকো বেলেগ বেলেগকৈ গঢ় দিছিল। তেওঁলোকৰ জীৱনশৈলীত যিমানেই গুৰুতৰ পাৰ্থক্য নাথাকক, এটা দিশত কিন্তু সকলোৰে মাজত মিল এটা আছিল। সেইটো হ’ল—প্ৰত্যেকৰে জীৱনশৈলী আছিল পৃথিৱীত বৰ্তি থকাৰ সৈতে সংগতিপূৰ্ণ। এই ঘটনাটো বাৰু প্ৰকৃততে কেনেদৰে ঘটিছিল? তেতিয়া জীয়াই থাকিবলৈ, পৃথিৱীত বৰ্তি থাকিবলৈ চৌপাশৰ প্ৰকৃতিৰ সৈতে সংগ্ৰাম আৰু সহাৱস্থান কৰাটো আছিল প্ৰথম কথা। তেনে সংগ্ৰাম-সহাৱস্থানৰ ৰূপটো নিৰ্ণয় কৰিছিল মানুহৰ ইচ্ছাই নহয়—চৌপাশৰ বাস্তৱ পৰিস্থিতিয়েহে। উদাহৰণ স্বৰূপে ক’ব পাৰোঁ, পৰ্বতীয়া জনগোষ্ঠী এটাই প্ৰকৃতিৰ সৈতে কৰা সংগ্ৰাম-সহাৱস্থানৰ ৰেহৰূপ সমতলবাসীতকৈ স্বাভাবিকতেই বেলেগ আছিল। গতিকে সমতলবাসীৰ বাবে পৰ্বতবাসীৰ জীৱনশৈলী পৃথিৱীত বৰ্তি থকাৰ বাবে অনুকূল নাছিল। জীয়াই থাকিবলৈ মানুহৰ লাগিছিল সদায় এটা অনুকূল জীৱনশৈলী। আদিম মানুহৰ জীৱনশৈলীৰ ভিত্তিটো নিৰ্ণয় কৰি দিছিল চৌপাশৰ বাস্তৱতাই।
চৌপাশৰ বাস্তৱ পৰিস্থিতিয়ে আদিম জীৱনশৈলীক গঢ় দিয়াৰ কথাটো আলোচনা কৰোতে আমি এটা অতিশয় গুৰুত্বপূৰ্ণ দিশ মনলৈ আনিবই লাগিব। পৃথিৱীত বৰ্তি থাকিবলৈ মানুহৰ বাবে প্ৰাথমিক চৰ্ত আছিল এটা সমূহীয়া জীৱনৰ। ভয়ংকৰ প্ৰতিকূল পৰিৱেশত মানুহৰ দৰে প্ৰাণী গাইগুটীয়াকৈ জীয়াই থকাটো আছিল তেনেই অসম্ভৱ। গতিকে মানুহৰ জীৱনসংগ্ৰামৰ ভিত্তি আছিল এটা সমূহীয়া জীৱন আৰু সামূহিক শ্ৰম। এই কথাটো বহুজনবিদিত আৰু বহুজনচৰ্চিত যদিও আমি তাৰ লগতে আৰু এটি স্বল্পালোচিত দিশলৈও মন দিব পাৰোঁ। আদিম মানুহে মাত্ৰ সংগ্ৰাম আৰু শ্ৰম কৰি যোৱাটোৱেই শেষ কথা নাছিল—তেনে সংগ্ৰাম আৰু শ্ৰম প্ৰকৃতিত বৰ্তি থাকিবলৈ অৰ্থপূৰ্ণও হ’ব লাগিছিল। নিষ্ফল সংগ্ৰাম আৰু পণ্ডশ্ৰমৰ মাজেৰে মানুহে নতুন অভিজ্ঞতা লাভ কৰিলেও, সেইসমূহ তৎকালীনভাৱে প্ৰকৃতিত বৰ্তি থকাৰ সৈতে সংগতিপূৰ্ণ নাছিল।
আদিম মানুহে সেয়েহে তেওঁলোকৰ শ্ৰম আৰু সংগ্ৰামক আকাংক্ষিত পৰিণতিৰ ফালে লৈ যাবলৈ নিৰন্তৰভাৱে চেষ্টা চলাই যাবলগীয়া হৈছিল। কিন্তু তেনে প্ৰচেষ্টা অৰ্থপূৰ্ণ হৈছিল কেনেকৈ? মানুহৰ পৰ্যবেক্ষণসম্ভূত বাস্তৱ বুদ্ধিৰ সহায়তেহে সেইটো সম্ভৱ আছিল। কোনো শ্ৰম বা কাৰ্য বাৰে বাৰে সম্পাদন কৰি তেওঁলোকে বুজি উঠিছিল—কোনটো তেওঁলোকৰ বাবে লাগতীয়াল, কোনটো বৰ্জনীয়। তেনে প্ৰচেষ্টা আধুনিক যুগৰ দৃষ্টিত সুশৃংখল আৰু পদ্ধতিগত নাছিল সঁচা, কিন্তু পৰ্যবেক্ষণসম্ভূত বাস্তৱ বুদ্ধিৰ প্ৰয়োগৰ আঁৰত নিশ্চয়কৈ সক্ৰিয় হৈ আছিল একধৰণৰ আদিম যুক্তিবোধ। জীয়াই থাকিবলৈ, বৰ্তি থাকিবলৈ কি কৰিব লাগে, কৰিবই বা নালাগে কি—সেইটো তেওঁলোকে যুক্তিৰ প্ৰয়োগৰ মাজেদিহে বুজি পাইছিল, তেনে যুক্তি-আৰ্জিত বুদ্ধি বাস্তৱত প্ৰয়োগ কৰিছিল। এইদৰেই “আদিম যুক্তি” আছিল তেওঁলোকৰ জীয়াই থকাৰ অন্যতম সাৰথি। গতিকে—তাৎপৰ্যপূৰ্ণ কথা—মানুহৰ জীৱনশৈলী আৰম্ভণিতেই যুক্তিৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত হৈ পৰিছিল।
আদিম মানুহৰ বাবে প্ৰকৃতি আছিল অপৰিসীম গুৰুত্বপূৰ্ণ—প্ৰকৃতি আছিল তেওঁলোকৰ জীৱন। কিন্তু প্ৰকৃতিৰ অনুকূলতাৰ লগে লগে তেওঁলোকে দেখিছিল প্ৰকৃতিৰ বিধ্বংসী ৰূপ। প্ৰকৃতিৰ তেনে বিবিধ ৰূপ শুদ্ধকৈ বুজিবলৈ তেতিয়াৰ আদিম যুক্তিবুদ্ধি মুঠেও পৰ্যাপ্ত নাছিল। গতিকে প্ৰকৃতিক বুজিবলৈ আৰু নিয়ন্ত্ৰণ কৰিবলৈ আদিম সমাজখনত—যুক্তিবুদ্ধিৰ লগতে—কিছুমান কাল্পনিক কৰ্মকাণ্ডৰ সূচনা হোৱাটোও স্বাভাবিক আছিল। তেনে এটা পটভূমিত আদিম মানুহৰ সমাজখনত আবিৰ্ভূত হৈছিল মেজিকধৰ্মী কিছুমান আচাৰ-অনুষ্ঠানৰ। আজিৰ মানুহৰ জ্ঞানবুদ্ধিৰ প্ৰেক্ষাপটত তেনেবোৰ উপাদান অযুক্তিকৰ বুলি প্ৰতীয়মান হ’লেও, তেতিয়াৰ পটভূমিটো আছিল সম্পূৰ্ণ বেলেগ। আদিম মানুহৰ অবাস্তৱ কল্পনাৰ আঁৰতো ক্ৰিয়া কৰিছিল পৰ্যবেক্ষণৰপৰা প্ৰাপ্ত একধৰণৰ বাস্তৱবুদ্ধিয়ে—এই দিশটো আমি মনত ৰখা যুগুত। কোনো সন্দেহ নাই, তেওঁলোকৰ পৰ্যবেক্ষণৰপৰা পোৱা কিছুমান সিদ্ধান্ত শুদ্ধ আছিল, অন্য কিছুমান সীমাবদ্ধ জ্ঞানৰ বাবে অবাস্তৱতাৰ দিশলৈ গুছি গৈছিল। অলপ গমি চালেই আমি বুজি পাম যে তেতিয়াৰ তেনে অবাস্তৱ চিন্তাৰ আধাৰো আছিল চৌপাশৰ বাস্তৱ। প্ৰকৃততে মেজিকধৰ্মী কাম-কাজ-চিন্তাবোৰ আছিল বাস্তৱ আৰু অবাস্তৱৰ এক বিপুল সমাহাৰ। তেনে মেজিকধৰ্মী আচাৰ-অনুষ্ঠানৰ মাজেদি—যুক্তিসিদ্ধ কৰ্মকাণ্ডৰ লগতে—কিছুমান কল্পনাপ্ৰসূত উপাদানো তেতিয়াৰ মানুহৰ জীৱনশৈলীত সোমাই পৰিছিল।
প্ৰসংগতঃ উনুকিয়াই থওঁ যে আদিম সমাজত প্ৰত্যক্ষভাৱে জীৱন-সংগ্ৰামৰ সৈতে সম্পৰ্কিত কথা-বতৰাবোৰৰ বাহিৰেও নানান কৃষ্টি-সংস্কৃতিমূলক উপাদান জীৱনশৈলীৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। তেনে কৃষ্টি-সংস্কৃতিমূলক দিশটো তেতিয়া আৰোপিত নাছিল—একধৰণৰ স্বতঃস্ফূৰ্ততা আছিল সেইবোৰত, চৌপাশৰ বাস্তৱতা আছিল তেনে স্বতঃস্ফূৰ্ততাৰ ভিত্তি।
(৫)
জীৱনশৈলী : যুক্তি আৰু অযুক্তি
(ক)
সেই তেতিয়াৰ সংগ্ৰহবৃত্তি আৰু চিকাৰকাৰ্যৰ যুগটো সঁচাকৈয়ে বৰ দীঘলীয়া আছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভিন্ন ভিন্ন পৰিৱেশত মানুহে পৰিৱেশ-প্ৰকৃতিৰ মাজত নিজা নিজা জীৱনশৈলীত অভ্যস্ত হৈ পৰিছিল। ওপৰৰ দফাটোত আমি পাই আহিলোঁ যে আদিম মানুহৰ জীৱনশৈলী আছিল চৌপাশৰ পৰিৱেশ-প্ৰকৃতিৰ সৈতে কেতিয়াবা সন্ধি কৰি, কেতিয়াবা যুদ্ধ কৰি কৰা কামবোৰৰ সমাহাৰ। তেতিয়াৰ সেই প্ৰাগৈতিহাসিক যুগত বাস্তৱবুদ্ধি আৰু অবাস্তৱ কল্পনা সোমাই আছিল মানুহৰ চিন্তাৰ একেটা প্ৰকোষ্ঠৰেই ভিতৰত। যিহেতু অসাম্যবোধৰহিত ঐক্যবদ্ধ সংগ্ৰাম আৰু সমূহীয়া শ্ৰমৰ একমাত্ৰ লক্ষ্য আছিল পৃথিৱীত বৰ্তি থকা, সেইবাবে সেই বাস্তৱ-অবাস্তৱৰ মিশ্ৰণেৰে পৰিপূৰ্ণ একক চিন্তা-প্ৰকোষ্ঠই কোনো সমস্যাৰ সৃষ্টি কৰা নাছিল।
কৃষিৰ উদ্ভাৱনৰ পাছত কিন্তু মানুহৰ সমাজখনলৈ বৈপ্লৱিক পৰিৱৰ্তন আহিল। মানুহৰ অঘৰী জীৱন শেষ হৈ স্থায়ী বসবাস আৰম্ভ হ’ল, আগতকৈ অনিশ্চয়তা কমিল, হাতত অৱসৰৰ সময় বাঢ়ি যোৱাৰ বাবে সূক্ষ্মতৰ চিন্তাৰ বাট ওলাল। নতুন নতুন বৃত্তি আৰম্ভ হ’ল, লাহে লাহে আৰম্ভ হ’ল বেপাৰ-বাণিজ্য, ব্যক্তিগত সম্পত্তিৰ কথাটো আহি পৰিল। নৈপৰীয়া অঞ্চলত নগৰ গঢ় লৈ উঠিল, ৰাজ্য-সাম্ৰাজ্যৰ গঠন হোৱাৰ লগে লগে ডাঙৰ ডাঙৰ যুদ্ধ-বিগ্ৰহেও মানুহৰ ইতিহাসত ভুমুকি মাৰিলে। আৰম্ভ হ’ল সমাজত প্ৰকট বৈষম্যৰ—ধনী-দুখীয়া, শাসক-শাসিত, ক্ষমতাশীল-ক্ষমতাহীন আদি ভাগেৰে সমাজখন স্তৰীভূত হৈ পৰিল। কৃষিৰ উদ্ভাৱনৰ পৰৱৰ্তী যুগত সংঘটিত হোৱা এইধৰণৰ অজস্ৰ যুগান্তকাৰী পৰিৱৰ্তনৰ কথা পণ্ডিতসকলে বহুলাই আলোচনা কৰিছে। কোৱা বাহুল্য হ’ব—এইসমূহ পৰিৱৰ্তনে মানুহৰ জীৱনশৈলীলৈ অভাৱনীয় ৰূপান্তৰ আনিলে। সেইসমূহৰ প্ৰত্যেকৰে আলোচনা এই নিবন্ধৰ পৰিসীমা আৰু নিবন্ধকাৰৰ সাধ্যৰ বাহিৰত। গতিকে, আমাৰ আলোচ্য প্ৰসংগৰ সৈতে সংগতি থকা প্ৰয়োজনীয় দিশটোলৈ আমি ততাতৈয়াকৈ যোৱা ভাল হ’ব।
পূৰ্বৰ দফাত উল্লেখ কৰা হৈছিল যে মানুহৰ ইতিহাসৰ এটা পৰ্বত মেজিকে আত্মপ্ৰকাশ কৰিছিল, মানুহৰ চিন্তাৰ একেটা কোঠাতেই বাস্তৱ যুক্তি আৰু অবাস্তৱ কল্পনাৰ সহাৱস্থান ঘটিছিল—কোনো বিশেষ সমস্যা নোহোৱাকৈ। সংগ্ৰহবৃত্তি, চিকাৰ আদিৰ দৰে আদিম জীৱিকাৰ লগে লগে মেজিকধৰ্মী কাম-কাজ হৈ পৰিছিল মানুহৰ জীৱনশৈলীৰ অংগীভূত। কৃষিৰ উদ্ভাৱনৰ পৰৱৰ্তী যুগত কথাটো কিন্তু একেবাৰেই বেলেগ হৈ পৰিল। মেজিকৰ মাজত সোমাই থকা অযুক্তিকৰ ধাৰণাৰ পৰা ধৰ্মবিশ্বাসৰ জন্ম হ’ল। অন্যহাতেদি, মেজিকৰ যুক্তিসিদ্ধ ধাৰণাবোৰ হৈ পৰিল ভৱিষ্যতৰ বিজ্ঞানৰ আদি উৎস।
এই কথাটোৰ তাৎপৰ্য বহুত। ঘটনাটোৰ লগে লগে আদিম সেই একক চিন্তাপ্ৰকোষ্ঠৰ উলম্ব বিভাজন ঘটিল—এফালে থাকিল অযুক্তিকৰ আৰু বিশ্বাসনিৰ্ভৰ ধৰ্মবিশ্বাস; অন্যফালে থাকিল যুক্তিকেন্দ্ৰী প্ৰমাণনিৰ্ভৰ বিজ্ঞান। দুয়োটাৰে দিশ মাত্ৰ বিপৰীতমুখী বুলি আখ্যা দিলে ভুল হ’ব—ক্ৰমাৎ বিজ্ঞান আৰু ধৰ্মই বাট বুলিবলৈ আৰম্ভ কৰিলে অভিসাৰী বাটেৰে, দুয়োটাৰে মাজত প্ৰতিষ্ঠিত হ’ল এটা অসেতুবন্ধ্য সমন্ধৰ। এই কথাটোৰ প্ৰভাৱ মানুহৰ জীৱনশৈলীতো পৰিল অৱধাৰিতভাৱে। সৰহভাগ মানুহৰেই জীৱনশৈলীত এটা বিৰাট স্ববিৰোধে দেখা দিলে। যুক্তিসঞ্জাত জীৱনশৈলীৰ অবিহনে মানুহ যে পৃথিৱীত বৰ্তি থাকিবই নোৱাৰে, সেইটো আমি আগৰ দফাত পাই আহিছিলোঁ। গতিকে মানুহৰ জীৱনশৈলীত স্বাভাবিকতেই যুক্তিৰ উপস্থিতি বৰ্তি থাকিল। কিন্তু তাৰ লগে লগে জীৱনশৈলীত অযুক্তিকৰ অন্ধবিশ্বাস আৰু ধৰ্মও এটা বৃহৎ স্থান গ্ৰহণ কৰিলে। বিজ্ঞান আৰু ধৰ্ম—দুয়োটাৰে দিশ স্পষ্টতঃ অভিসাৰী হ’লেও, দুয়োটাই মানুহৰ জীৱনশৈলীত মাত্ৰ সোমাই পৰাই নহয়—দুয়োটাই জীৱনশৈলীৰ সৈতে অংগাংগীভাৱে মিহলি হৈ পৰিল। স্বীকাৰ কৰি লাগিব যে এই বিৰাট স্ববিৰোধ থকা সত্ত্বেও ব্যক্তি এজনে সাধাৰণতে বিশেষ অসুবিধা পোৱা দেখা নগৈছিল। যুক্তি আৰু অযুক্তি বিপৰীতমুখী হ’লেও মানুহৰ জীৱনশৈলীত দুয়োটাৰে সততে সংঘাতহীন উপৰিপাতন (Overlapping) হোৱা পৰিলক্ষিত হ’বলৈ ধৰিলে। বৰ্তমান সময়ৰ এটা উদাহৰণে কথাটো পৰিষ্কাৰ কৰিব। শ্ৰেণীকোঠাত জীৱৰ ক্ৰমবিকাশৰ কথা সুন্দৰভাৱে পাঠদান কৰা কোনো অধ্যাপকে ঈশ্বৰৰ সৃষ্টিতত্ত্বতো আস্থা ৰাখি—স্ববিৰোধেৰে পূৰ্ণ অথচ মানসিকভাৱে সংঘাতহীন—জীৱনশৈলী এটাৰ অধিকাৰী হ’ব পাৰে। তেনে হোৱাটো উচিত নে অনুচিত—সেই ঔচিত্যবোধৰ প্ৰসংগটো বেলেগ; বহুতো মানুহৰ জীৱনশৈলীত যুক্তি আৰু অযুক্তিৰ উপৰিপাতন আৰু সহাৱস্থান যে ঘটিছে, সেইটো কিন্তু এটা তৰ্কাতীত বাস্তৱ সত্য।
(খ)
ব্যক্তি-মননৰ ক্ষেত্ৰত যুক্তি-অযুক্তিৰ নিৰ্বিৰোধ মানসিক সহাৱস্থান যে সম্ভৱ, আৰু সি বাস্তৱত হৈয়ো আহিছে—সেইটো কথা আমি ওপৰৰ দফাত আলচ কৰি আহিলোঁ। কিন্তু ব্যক্তিগত পৰিসৰৰ বাহিৰত, সামাজিক ক্ষেত্ৰত যুক্তি-অযুক্তিৰ সমন্ধটো নিৰ্বিৰোধতো নহয়েই, বৰঞ্চ দুয়োটাৰে মাজত এটা দ্বন্দ্বময় সমন্ধ বিদ্যমান। এই দ্বন্দ্বৰ আৰ্থ-সামাজিক তাৎপৰ্য অতি গভীৰ।
মানুহৰ সভ্যতা আগ বঢ়াৰ লগে লগে সমাজত যুক্তি আৰু অযুক্তিৰ সন্তুলন একেবাৰেই ওলট-পালট হৈ পৰিল। ক্ৰমাৎ অতি শক্তিশালী হৈ পৰিল প্ৰাতিষ্ঠানিক ধৰ্ম। নানাবিধৰ ধৰ্মীয় আচাৰ-অনুষ্ঠান, বাধা-নিষেধ আদি মানুহৰ জীৱনশৈলীৰ অংগীভূত হৈ পৰিল। প্ৰাতিষ্ঠানিক ধৰ্মই সমাজৰ সকলো দিশতে নিজৰ ক্ষমতাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে। এনে এটা অৱস্থা হ’ল যে প্ৰাতিষ্ঠানিক ধৰ্ম হৈ পৰিল মানুহৰ জীৱনশৈলীৰ একক আৰু মুখ্য নিয়ন্ত্ৰক। কথাটো কিমানলৈ শিপাইছিল বা শিপাই আছে, সেইটো বুজিবলৈ অজস্ৰ উদাহৰণ আমি আলোচনালৈ আনিব পাৰোঁ। পুৱা শুই উঠিয়েই আমাৰ সেই My Daily Life-ৰ বিদ্যাৰ্থীজনে কি কৰে? ইষ্টদেৱতাৰ স্তুতি। ৰাতি শুবলৈ যোৱাৰ আগতে? ঈশ্বৰক প্ৰাৰ্থনা। বছৰৰ কিমানটা দিন যে ধৰ্মীয় আচাৰ-অনুষ্ঠানৰ নামত পাৰ হৈ যায়। এইবোৰ ধৰ্মীয় উপাদানে এতিয়াৰ যুগতো গঢ় দি আছে মানুহৰ জীৱনশৈলী। এই প্ৰসংগত মধ্যযুগৰ য়ুৰোপৰ এটা উদাহৰণ বৰ মনোগ্ৰাহী হ’ব।
খ্ৰীষ্টীয় একাদশ-দ্বাদশ-ত্ৰয়োদশ শতিকাত খ্ৰীষ্টান আৰু মুছলমান শাসকৰ মাজত লেথাৰি নিছিগাকৈ, ৰৈ ৰৈ চলি আছিল যুদ্ধ, যিবোৰক ইতিহাসৰ কিতাপত কোৱা হয় “ধৰ্মযুদ্ধ”—ক্ৰুছেডবুলি। ক্ৰুছেডত য়ুৰোপৰ পৰা দলে দলে বিভিন্ন স্তৰৰ যোদ্ধা চেঁকুৰি গৈছিল স্বদেশৰ পৰা বহু দূৰৈৰ যুদ্ধক্ষেত্ৰলৈ। তেওঁলোকৰ বীৰগাথাৰে বহুতো গ্ৰন্থ-উপন্যাস ৰচিত হৈছে। কিন্তু সেইসময়ত দেশত থাকি যোৱা সৰ্বসাধাৰণে কি কৰি আছিল, কি আছিল তেওঁলোকৰ জীৱনশৈলী? সুপণ্ডিত আৰু তীক্ষ্নধী বিশ্লেষক সুৰজিৎ দাশগুপ্তৰ এখন তথ্য আৰু তত্ত্বৰে পৰিপূৰ্ণ চিন্তাউদ্ৰেককাৰী চমৎকাৰ গ্ৰন্থ হৈছে “ভাসকো ডা গামাৰ পাঁচশ বছৰ”। গ্ৰন্থখনৰ মূল প্ৰতিপাদ্য বিষয়ৰ মাজতে আমি পঢ়িবলৈ পাওঁ মধ্যযুগৰ য়ুৰোপৰ বিভিন্ন দেশৰ সাধাৰণ জনতাৰ জীৱনশৈলীৰ কথা। পণ্ডিতগৰাকীয়ে দেখুৱাইছে (উক্ত গ্ৰন্থ, পৃ. ৪২-৪৩) যে সেই সময়ত সমাজৰ নিম্নতলৰ সৰ্বসাধাৰণ মানুহৰ জীৱনশৈলী ধৰ্মীয় উন্মাদনা আৰু হিংস্ৰ উত্তেজনাৰে পৰিপূৰ্ণ আছিল। দূৰ দেশত ক্ৰছেডৰ যুদ্ধ চলি থকাৰ সময়ত, সাধাৰণ মানুহখিনিয়ে দেশত থাকিয়েই নিজৰ ধৰণে “যুদ্ধ” কৰি গৈছিল। তেওঁলোকে দিনৰ পাছত দিন, সপ্তাহৰ পাছত সপ্তাহ শীত-বৰষুণ উপেক্ষা কৰি দলে দলে নীৰৱে পদযাত্ৰা কৰি ঘূৰি ফুৰিছিল। আৱেগত কেতিয়াবা হুকহুকাই কান্দিছিল, লঘোনে থাকিছিল, খোজ কাঢ়িছিল উকা ভৰিৰে। সেই সময়ৰ য়ুৰোপৰ অন্যতম বৈশিষ্ট্য আছিল গীৰ্জাৰ ঘণ্টাধ্বনি—গীৰ্জাত চলিছিল আকুল প্ৰাৰ্থনা—দুখ-সুখ বুলি কথা নাই, গীৰ্জাৰ ঘণ্টাৰ শব্দ অহৰহ নিনাদিত হৈছিল। এইধৰণৰ সৰ্বগ্ৰাসী ধৰ্মীয় কাণ্ডবোৰ সৰ্বসাধাৰণ মানুহৰ জীৱনশৈলীৰ মূল বস্তু হৈ পৰিছিল। তাৰ মাজতে আছিল আমোদ-প্ৰমোদ আৰু মনোৰঞ্জনৰ ব্যৱস্থা। কেনেকুৱাধৰণৰ আমোদ-প্ৰমোদ বা মনোৰঞ্জন? প্ৰকাশ্যে, ৰাজহুৱাভাৱে “অপৰাধী”বোৰক শাস্তিবিধানৰ নামত কৰা নিৰ্যাতন আছিল তেওঁলোকৰ আমোদ-প্ৰমোদ বা মনোৰঞ্জনৰ প্ৰধান অনুষ্ঠান। “অপৰাধী”ক ফাঁচি দিয়া হ’লে বা মূৰ কাটি হত্যা কৰা হ’লে জনতাৰ মনোৰঞ্জন তুংগলৈ উঠিছিল। পণ্ডিতগৰাকীৰ তেনে পৰ্যবেক্ষণৰপৰা আমি যুক্তিযুক্তভাৱে অনুমান কৰিব পাৰোঁ যে সুদীৰ্ঘ কাল চলি থকা ক্ৰুছেডৰ ধৰ্মীয় আৱেগ-হিংসা-উন্মাদনা সৰ্বসাধাৰণ মানুহৰ মনৰ গভীৰলৈ সোমাই পৰিছিল, আৰু সি তেওঁলোকৰ জীৱনশৈলীক তেনে ৰূপ প্ৰদান কৰিছিল।
পূৰ্বৰ দফা এটাত উল্লেখ কৰি আহিছিলোঁ যে আদিম সমাজত স্বতঃস্ফূৰ্তভাৱে নানান কৃষ্টি-সংস্কৃতিমূলক উপাদান মানুহৰ জীৱনশৈলীৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। পৰৱৰ্তী যুগত—প্ৰাতিষ্ঠানিক ধৰ্মই শক্তিশালী ৰূপ লোৱাৰ পাছত—তেনে সাংস্কৃতিক উপাদানসমূহতো ধৰ্মীয় অযুক্তিৰ ছাঁ পৰিল। আমি পাই আহিছিলোঁ যে পৃথিৱীত বৰ্তি থাকিবলৈ মানুহৰ সম্বল হৈছে যুক্তি। লগতে আমি ক’ব পাৰোঁ যে যুক্তিক সাৰথি কৰিহে প্ৰকৃত অৰ্থত সমাজ এখন সভ্যতাৰ বাটত অগ্ৰসৰ হ’ব পাৰে। গতিকে প্ৰাতিষ্ঠানিক ধৰ্মই যুক্তিক সমাজৰপৰা কেতিয়াও সম্পূৰ্ণভাৱে অন্তৰ্হিত কৰিব পৰা নাছিল, সেইটো সঁচা। যুক্তিৰ উপস্থিতি সেয়েহে সমাজত আছে ঠিকেই, কিন্তু মানুহৰ জীৱনশৈলীত ধৰ্মৰ উপস্থিতি অধিক সবল। এনেকুৱা এটা ধাৰণাৰ জন্ম দিয়া হৈছিল যে জীৱনশৈলী মানেই ধৰ্মীয় কৰ্মকাণ্ড—ধৰ্মবিশ্বাস হ’ল জীৱনশৈলীৰ মৰ্মবস্তু, ধৰ্মৰ অবিহনে জীৱনশৈলীৰ অস্তিত্বই নাই। তেনে প্ৰচেষ্টা আজিৰ যুগতো অতি শক্তিশালী ৰূপত চলি আছে। এই মাৰ্গৰ চিন্তা কিমান যে বিপজ্জনক আৰু ভ্ৰান্ত—সেইটো পৰবৰ্তী দফাত চমুকৈ উল্লেখ কৰি এই আলোচনাটো শেষ কৰিম।
(গ)
মধ্যযুগত প্ৰাতিষ্ঠানিক ধৰ্ম মানুহৰ জীৱনশৈলীৰ নিয়ন্ত্ৰক হৈ পৰাৰ ফলত অযুক্তিয়ে সমাজত যৌক্তিক মাৰ্গৰ চিন্তা-চৰ্চাক বাৰুকৈয়ে বিপৰ্যস্ত কৰি পেলাইছিল। তাৰ ফলত সমাজ আৰু মানুহৰ বিপুল ক্ষতি হৈছিল সেইটো ঠিক, কিন্তু তেতিয়া তেনে নেতিবাচক দিশৰ কথা কাৰোৰে বোধগম্য হোৱা নাছিল। কিয়নো, তেতিয়া মানুহৰ সমগ্ৰ জীৱনশৈলীটো আছিল প্ৰাতিষ্ঠানিক ধৰ্মৰ আচ্ছাদনত—তেনে এটা পটভূমিত ধৰ্মৰ ক্ষতিকৰ দিশো যে থাকিব পাৰে, তেনে চিন্তা মানুহৰ মনলৈ অহাটোৱেই আছিল অসম্ভৱ। অৱশ্যে ধৰ্মৰ সৈতে এক দীৰ্ঘ সংগ্ৰামত লিপ্ত হৈ শেষত যুক্তি আৰু বিজ্ঞান বিজয়ী হৈছিল, আৰম্ভ হৈছিল আধুনিক যুগৰ। ধৰ্ম আৰু বিজ্ঞানৰ উপৰিউক্ত যুঁজখনৰ পৰা দেখদেখকৈ ওলাই পৰিছিল যে প্ৰাতিষ্ঠানিক ধৰ্মই মাত্ৰ মানুহৰ জীৱনশৈলীতেই হস্তক্ষেপ কৰি ৰৈ যোৱা নাছিল, ধৰ্ম হৈ পৰিছিল বিৰাট-বিপুল ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাৰ অন্যতম নিৰ্ণায়ক শক্তি। বৰ্তমানৰ আলোচনাত এই দিশটো কিমান যে তাৎপৰ্যপূৰ্ণ, সেইটো বুজাবলৈ আমি আগতে আধৰুৱাকৈ এৰি অহা প্ৰসংগটোলৈ উভতি যাব লাগিব।
আমি মানুহৰ জীৱনশৈলীৰ ভিন্নতাৰ কথা, জীৱনশৈলীৰ পৰিৱৰ্তনশীলতাৰ কথা ওপৰৰ দফা এটাত আলোচনা কৰি আহিছিলোঁ। আলোচনা কৰিছিলোঁ কেনেকৈ যুগ আৰু প্ৰজন্মৰ ভিন্নতা, বয়সৰ পাৰ্থক্য, জীৱন পৰিক্ৰমাৰ বিবিধ পৰ্যায়, কোনো ডাঙৰ ঘটনা আদিৰ সৈতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ কথাটো সাঙোৰ খাই আছে। লগতে কোৱা হৈছিল—আৰু এটা দিশ আছে, যিটো অনালোচিত হৈ থাকিলে অন্য দিশবোৰৰ আলোচনাই পূৰ্ণতা লাভ নকৰিব। প্ৰশ্ন উঠিব, কি বাৰু সেইটো জীৱনশৈলীৰ সংক্ৰান্তৰ গুৰুত্বপূৰ্ণ দিশ?
যুগ আৰু প্ৰজন্মৰ ব্যৱধান, বয়সৰ ভিন্নতা, ব্যক্তি-জীৱনৰ পৰ্যায়, সংঘটিত হোৱা কোনো নিৰ্ণায়ক ঘটনা—এইবোৰৰ সৈতে জীৱনশৈলীৰ পৰিৱৰ্তনৰ কথাটো আমি যেতিয়া আলোচনা কৰিছিলোঁ, তেতিয়া আমি আলোচনাৰ বাট সুগম কৰিবলৈ সমসত্ত্ব সমাজ এখনকহে আৰ্হি হিচাপে লৈছিলোঁ। উদাহৰণ এটা লাগিব কথাটো পৰিষ্কাৰ কৰিবলৈ। কোৱা হৈছিল যে একেই সময়ৰ, একেই বয়সৰ দুজন মানুহৰ জীৱনশৈলীৰ মিল থাকে। কথাটো সঁচা, যেতিয়া আমি ধৰি লম যে দুয়োজন ব্যক্তি বাস কৰে এখন সমসত্ত্ব সমাজত। কিন্তু বাস্তৱত আমি কি পাওঁ? একেই সময়ৰ, একেই বয়সৰ এজন শ্ৰমিক আৰু এজন মালিকৰ জীৱনশৈলী অভিন্ন হ’ব পাৰেনে? একেই সময়ৰ, একেই বয়সৰ এজন পুৰুষ আৰু এগৰাকী নাৰীৰ বেলিকা? আমাৰ সেই My Daily Life-ত অফিচাৰ এজনৰ ল’ৰা আৰু বস্তীৰ ল’ৰা এজন একেখন স্কুললৈ যায়নে, তেওঁলোকৰ জীৱনশৈলী একেইনে? উত্তৰটো সহজ—নাই, তেওঁলোকৰ জীৱনশৈলী অভিন্ন হ’ব নোৱাৰে। অৰ্থাৎ, জীৱনশৈলীৰ ভিন্নতাৰ ক্ষেত্ৰত শ্ৰেণী আৰু লিংগ—এই দুটা দিশক অগ্ৰাহ্য কৰিলে আমি খণ্ডিত আৰু প্ৰমাদযুক্ত সিদ্ধান্তৰ মুখামুখি হ’ব লাগিব। গতিকে মানৱ-সমাজৰ তেনে বৈষম্যপূৰ্ণ স্তৰীভৱনৰ কথা জীৱনশৈলীৰ যৌক্তিক আলোচনালৈ অহাটো অনিবাৰ্য।
সমাজৰ তেনে প্ৰকট শ্ৰেণী বা লিংগবিভাজনৰ আদি-উৎসৰ সৈতে সম্পৰ্কিত হৈ আছে কৃষিৰ উদ্ভাৱনৰ কথা, ব্যক্তিগত সম্পত্তিৰ অংকুৰোদ্গমৰ কথা। লগতে আছে সমাজত শোষক-শোষিত-শাসক-শাসিতৰ আৱিৰ্ভাবৰ কথা। আৰু আছে ব্যক্তিগত সম্পত্তিৰ ধাৰণাটো সকলো মূল্যবোধৰ নিয়ন্ত্ৰক হৈ পৰাৰ কথা, ব্যক্তিগত সম্পত্তি ৰক্ষা কৰিবলৈ শাসকে বিবিধ আৰু বিচিত্ৰ পন্থা উদ্ভাৱন কৰাৰ কথা। এই দিশটোৰ বিস্তাৰিত আলোচনা ইয়াত প্ৰাসংগিক নহয়—কথাটো উল্লেখ কৰা হৈছে মাত্ৰ। কিন্তু আমাৰ বাবে প্ৰাসংগিক দিশটো হ’ল—শাসক আৰু শোষক শ্ৰেণীয়ে শোষণ আৰু শাসনৰ বাট নিষ্কণ্টক কৰি ৰাখিবলৈ প্ৰাতিষ্ঠানিক ধৰ্মক অতি সচেতন আৰু কৌশলীভাৱে ব্যৱহাৰ কৰি আহিছে। সেইবাবেই কালক্ৰমত প্ৰাতিষ্ঠানিক ধৰ্ম হৈ পৰিছিল ৰাজনৈতিক-অৰ্থনৈতিক ব্যৱস্থাৰ নিৰ্ণায়ক শক্তি। প্ৰকৃততে ধৰ্ম হ’ল শাসক শ্ৰেণীৰ বাবে এটা অতি বিশ্বাসযোগ্য হাথিয়াৰ। সমাজৰ বিপুল সংখ্যক মানুহে শোষণ ব্যৱস্থাৰ তলানলা ভালদৰে বুজি পাবলৈ তেওঁলোকক যৌক্তিক চিন্তাৰ প্ৰয়োজন। শোষণৰ কথা সঠিকভাৱে গম পালেহে তেওঁলোকে তাৰপৰা ওলাই অহা বাটৰ সন্ধান পাব। ধৰ্মৰ মৰ্মবস্তু হৈছে আলৌকিক-অবাস্তৱ বিশ্বাস কিছুমান—তেনে বিশ্বাসে মানুহৰ মনবোৰক বাস্তৱবিমুখ কৰি পাৰলৌকিক অবাস্তৱতাত কেন্দ্ৰীভূত কৰে। আৰু ইফালে শাসকশ্ৰেণীয়ে ধৰ্মাশ্ৰয়ী তেনে বিশ্বাসবোৰক মনস্তাত্ত্বিক, সাংস্কৃতিক আৰু আৱেগিক সঁজুলি হিচাপ প্ৰয়োগ কৰি জনমানসিকতাক সুচতুৰভাৱে নিজৰ নিয়ন্ত্ৰণত ৰাখি থয়। এই কথাটো কিন্তু শোষিত জনতাই বুজি পোৱাত টান পায়। তাৰ কাৰণ আন একো নহয়—ধৰ্মই শোষণৰ প্ৰকৃত কাৰণৰ অনুসন্ধানৰ পথত মানুহক ভৰি দিবলৈকে নিদিয়ে। ধৰ্মই মানুহক বাস্তৱৰপৰা আঁতৰাই কিছুমান অবাস্তৱ দিশৰ ফালেহে মুখ ঘূৰাই দিয়ে। অথচ, ধৰ্মবিশ্বাসত আক্ৰান্ত সৰ্বসাধাৰণে আৱেগিক বিশ্বাসজনিত ভ্ৰমৰ বাবে তেনে কৌশল বুজি পোৱাত ব্যৰ্থ হয়। সেইবাবেই যুক্তি বিবৰ্জিত সৰ্বসাধাৰণৰ জীৱনশৈলী শোষক-শাসকৰ বাবে বৰ লাভজনক। শাসকে সেইবাবেই ধৰ্মক মানুহৰ সনাতন জীৱনশৈলী বুলি সচেতনভাৱে প্ৰক্ষেপ কৰি যায়।
সাম্প্ৰতিক সময়ত সম্পূৰ্ণ যুক্তিনিৰ্ভৰ জীৱনশৈলীৰে জীৱন যাপন কৰাটো সৰ্বসাধাৰণৰ বাবে এটা কঠিন কাম। বহুতৰে মনত থকা মতাদৰ্শগত দ্বিধা-বিভ্ৰান্তি তাৰ এটা প্ৰধান কাৰণ। লগতে আছে সমাজৰপৰা পোৱা হেঁচা, ভাবুকি আদিৰ কথা। কিছুমান ক্ষেত্ৰত আকৌ পাৰিবাৰিক বাধাই ডাঙৰ আহুকালৰ জন্ম দিব পাৰে। সৰ্বোপৰি আছে শাসকৰ সুচতুৰ কৌশল। তেনে বাধা আৰু প্ৰত্যাহ্বান নিজে নিজে আঁতৰি যাব বুলি ভাবিলে মনস্তাত্ত্বিক স্বস্তি হয়তো পোৱা যাব—কিন্তু সি সমস্যাটোৰ সমাধানত অকণো সহায় নকৰিব। শোষণ-শাসনক ওফৰাই দিলে যুক্তিনিৰ্ভৰ জীৱনশৈলী নিজে নিজেই আহি যাব—এইদৰে ভাবিও সান্তনা লভা যায়, সেইটো সঁচা। কিন্তু ডাঙৰ কথা—ধৰ্মৰ আফিমৰ ৰাগিত থকা শাসিত-শোষিত জনতাই ৰাগি থকালৈকে শোষণ-শাসনক ওফৰাবলৈ আগ বাঢ়ি অহাৰ আশা খুবেই কম। গতিকে, সাম্প্ৰতিক পটভূমিটো বিচাৰ কৰি জনসাধাৰণৰ মাজত যুক্তিবাদ আৰু বিজ্ঞানমনস্কতাৰ ব্যাপক প্ৰচাৰৰ লগতে ৰাজনৈতিক সচেতনতা বৃদ্ধি কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰিলে সি কিছু দূৰলৈ ফলপ্ৰসূ হ’ব যেন বোধ হয়।


Very nice article for every conscious person in the really modern society.