কেন্দ্ৰীয় নিবন্ধ

এগৰাকী ব্যতিক্ৰমী নাৰী – লুচি হা’টকিনচন- (পূৰৱী দেৱী)

“When prostrate upon earth lay human life
Visibly trampled down and foully crushed
Beneath Religion’s cruelty, who meanwhile
Out of the regions of the heavens above
Showed forth her face, lowering on mortal men
With horrible aspect, first did a man of Greece
Dare to lift up his mortal eyes against her…”
Lucretius (99-55 BC)

সোতৰ শতিকাৰ এগৰাকী ব্যতিক্ৰমী নাৰী লুচি হা’টকিনচনক পাঠকৰ লগত চিনাকি কৰাই দিয়া এই লিখনিৰ উদ্দেশ্য। কিন্তু আৰম্ভণিতে প্ৰাচীন গ্ৰীচত এভুমুকি মৰাৰ আমি প্ৰয়োজন অনুভৱ কৰোঁ। কাৰণ প্ৰাচীন ৰোমৰ কবি লুক্ৰেটিয়াছে লিখা “De rerumnatura” নামৰ লেটিন কাব্য লুচিয়ে ইংৰাজীলৈ অনুবাদ কৰিছিল। এই কাব্যখনৰ লগত প্ৰাচীন গ্ৰীক দৰ্শনৰ সম্বন্ধ গভীৰ।

প্ৰাচীন গ্ৰীচৰ শিল্প, সাহিত্য, ভাস্কৰ্য, অংকশাস্ত্ৰত যুক্তিবাদী চিন্তাৰ ছাপ স্পষ্ট। আধুনিক বিজ্ঞানলৈ প্ৰাচীন গ্ৰীক বিজ্ঞানৰ অৱদান অনস্বীকাৰ্য। অৱশ্যে প্ৰাচীন বেবিলন, মেচোপটেমিয়া, ভাৰতবৰ্ষ আৰু চীন দেশৰ দান বহুমূলীয়া। ভাৰতৰ ছান্দোগ্য উপনিষদৰ উদ্দালক অৰুণিক দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে পৃথিৱীৰ প্ৰথম বিজ্ঞানী বুলি দাবী কৰিছে। সেইদৰে বৌদ্ধ ধৰ্মৰ জাতক, জৈন ধৰ্মৰ ধৰ্মসূত্ৰত আৰু ন্যায় শাস্ত্ৰত পৰমাণুবাদৰ আভাস আছে। কিন্তু অল বেৰুণীয়ে কৈ থৈ যোৱা এষাৰ বাক্য প্ৰকৃততে সঁচা। ভাৰতৰ হীৰা, মুকুতা লুকাই আছে গোবৰ জাবৰৰ মাজত। বিচাৰি উলিওৱা কষ্টসাধ্য। আনহাতে গ্ৰীক দৰ্শন, জ্যামিতি, অংক শাস্ত্ৰৰ লগত প্ৰত্যক্ষ চিনাকি হোৱাৰ সুবিধা বহু বেছি। তদুপৰি গ্ৰীচৰ সাহিত্য বা ইতিহাসৰ মাজতো যুক্তিবাদী চিন্তাৰ ছাপ দেখিবলৈ পোৱা যায়। নিম্নোক্ত উদাহৰণসমূহ মন কৰক –

ইংৰাজী History শব্দৰ মূল উৎস গ্ৰীক শব্দ ‘historie’, অৰ্থ অনুসন্ধানৰ জড়িয়তে জ্ঞান অৰ্জন। কিংবদন্তী বা অতিকথাৰ ভিত্তিত নহয়, তথ্যভিত্তিক ইতিহাস লিখিছোঁ বুলি দাবী কৰি গ্ৰীচৰ প্ৰথম ইতিহাসবিদ হেৰোডেটাচে এই শব্দ প্ৰথম ব্যৱহাৰ কৰে। অৱশ্যে বৰ্তমানৰ ইতিহাসবিদে তেখেতৰ লিখনিক সম্পূৰ্ণ তথ্যভিত্তিক বুলিব নোৱাৰে। হেৰোডেটাচে গ্ৰীচৰ চুবুৰীয়া দেশৰ সংস্কৃতিক শ্ৰদ্ধা সহকাৰে বৰ্ণনা কৰিছে। তেখেতে কৈ থৈ গৈছে যে গ্ৰীকসকল অ-গ্ৰীকবাসীৰ ওচৰত বহুখিনি ঋণী। গ্ৰীক বৰ্ণ মালা প্ৰকৃততে ফিনিচিয়ান সকলৰ অৱদান।

সকলো দেশৰ দৰে প্ৰাচীন গ্ৰীচ কিংবদন্তী আৰু অতিকথাৰে ভৰপূৰ। কিন্তু খৃঃ পূঃ ৪৪০ শতাব্দীত গ্ৰীচৰ দৰ্শকে চফোক্লেচৰ দাৰা লিখিত নাটকত এই বাক্য শাৰী শুনিবলৈ পাইছিল – “আশ্চৰ্যকৰ ঘটনা অসংখ্য। কিন্তু মানৱ সমাজৰ গঠনৰ দৰে আশ্চৰ্যজনক আন একো নহয়”। যি যুগত অতিপ্ৰাকৃতৰ ওপৰত থকা বিশ্বাসেই আছিল সত্য, সেই যুগত নাট্যকাৰে কৈ থৈ গৈছে যে সভ্যতাৰ সৃষ্টিৰ মূলতে মানৱ সমাজ। নিজ চেষ্টাৰ বলতে মানুহে পশু পালন, কৃষি, ঘৰ আৰু সাগৰত পাৰ দিয়া জাহাজ সাজিবলৈ শিকিছিল। সেই যুগত ই আছিল এক অত্যাধুনিক ধাৰণা।

আন এক উত্তম উদাহৰণ পাইথ’গোৰাচ (খৃঃ পূঃ ৫৭১-৪৯৬)। প্ৰাচীন ইজিপ্ত আৰু মেচোপটেমিয়াতে বিখ্যাত পাইথ’গোৰাচৰ উপপাদ্যৰ পাতনি। কিন্তু লজিক সহ ইয়াক প্ৰথম প্ৰমাণ কৰিছিল পাইথ’গোৰাচে। বিমূৰ্ত্ত জ্যামিতিৰ জন্মভূমি প্ৰাচীন গ্ৰীচ।

অৱশ্যে প্ৰাচীন গ্ৰীচ আৰু প্ৰাচীন ভাৰতীয় সমাজৰ মাজৰ তুলনামূলক লিখনি আমাৰ উদ্দেশ্য নহয়। আমি মাথো এটা প্ৰশ্ন উত্থাপন কৰিব খোজোঁ। প্ৰাচীন গ্ৰীচত এনে এখন সমাজ গঢ়ি উঠাৰ কাৰণ কি?

ইয়াৰ এক কাৰণ গ্ৰীচৰ ভৌগলিক পৰিস্থিতি বুলি কোনো কোনো ইতিহাসবিদে মত প্ৰকাশ কৰে। গ্ৰীক দেশখন সৰু সৰু দ্বীপপুঞ্জৰে গঠিত। সমুদ্ৰ পথেৰে মাথো যাত্ৰা কৰিব পাৰি। ফ্ৰেংকথি নামৰ গুহাত পুৰাতত্ত্ববিদে কৰা খনন কাৰ্যৰ পৰা খৃঃপূঃ ৭০০০ শতাব্দীতে গ্ৰীচত জনবসতি আছিল বুলি প্ৰমাণিত হৈছে। গুহাত অবচিদিয়ান নামৰ শিলেৰে গঢ়া আহিলা-পাতি পোৱা গৈছে। এই শিল পোৱা যায় ফ্ৰেংথিৰ পৰা কিছু দূৰত অৱস্থিত মেল’চ নামৰ দ্বীপত। অৰ্থাৎ প্ৰস্থৰ যুগতেই গ্ৰীক বাসীয়ে সম্ভৱত সৰু বঠা নাৱত সাগৰ পাৰ দিছিল। সেইদৰে খৃঃপূঃ ৬০০০ শতাব্দীত ছেচক্লোত প্ৰথম স্থায়ী বসতি স্থাপন কৰা গ্ৰীক খেতিয়কে পোহ-পাল দিয়া ভেড়া, ছাগলী আৰু ৰোপণ কৰা ঘেঁহু সম্ভৱত আনিছিল তুৰস্কৰ পৰা।

সমুদ্ৰ যাত্ৰা কৰা সহজ নহয়। সাগৰত পাৰ দিয়াৰ লগে লগে বতৰ, বায়ুৰ গতি, গতিপথ আদিৰ সঠিক নিৰীক্ষণ আৰু জ্ঞান অবিহনে যাত্ৰা কৰা কঠিন। প্ৰয়োজনৰ খাতিৰতে যুক্তিসহ চিন্তা কৰিবলৈ তেওঁলোক বাধ্য হৈছিল।

নদী উপত্যকা ভিত্তিক সাৰুৱা মাটিত জন্ম গ্ৰহণ কৰা সভ্যতা, ইজিপ্ত, মেচোপটেমিয়া, ভাৰতবৰ্ষত (সিন্ধু নদী) অংক শাস্ত্ৰ আৰু জ্যোতিৰ্বিদ্যাৰ বীজ ৰোপিত হয়। বতৰৰ আগজাননীৰ হকে দিন-পঞ্জিকা প্ৰস্তুতৰ খাতিৰতে পুৰোহিত শ্ৰেণীয়ে এনে বিদ্যা চৰ্চা কৰিছিল।

খৃঃপূঃ ৩০০০ শতিকাতেই ব্ৰ’ঞ্জৰ সামগ্ৰী গ্ৰীচত নিৰ্মিত হৈছিল। ক্ৰীটত প্ৰথম গ্ৰীচত গঢ়ি উঠা সভ্যতাক কেন্দ্ৰ কৰি লিখা বহু উপাখ্যান পঢ়িবলৈ পোৱা যায়। এনে উপাখ্যান কিমান দূৰ পৰ্যন্ত সঁচা ঠাৱৰ কৰা টান যদিও খৃঃপূঃ ৪০০ শতিকাত থুকাইদিদেচৰ লিখনি অনুসৰি ক’ন’চ’চত বাস কৰা এক বিশাল নৌ বাহিনীৰ অধিকাৰী ৰজা মিনায়ে বহু উপনিৱেশ স্থাপন কৰিছিল। বুজিব পাৰি যে এনে সভ্যতা আছিল বাণিজ্য ভিত্তিক। পুৰাতত্ত্ববিদে প্ৰায় খৃঃপূঃ ২০০০ শতিকাতেই গ্ৰীক বাসীয়ে পাল-তৰা নাও সহ সাগৰত পাৰ দিছিল বুলি প্ৰমাণ কৰাৰ লগতে উদ্ধাৰ কৰিছে Linear A নামে জনাজাত লিখন পদ্ধতি।

শিল বালিৰে ভৰা গ্ৰীচৰ অসাৰুৱা মাটিয়ে যোগাব নোৱৰা খাদ্য আমদানি কৰিবলৈকে বাণিজ্য কৰিবলৈ বাধ্য হোৱা গ্ৰীকসকলে আহৰণ কৰে যান্ত্ৰিক কৌশল সম্বন্ধীয় জ্ঞান আৰু উদ্ধৱ কৰে লিখনৰ উজু উপায়।

হেলেনিক সভ্যতা আৰম্ভ হয় খৃঃপূঃ ১০০০ শতিকাত। খৃঃপূঃ ৭০০ শতাব্দীৰ পৰা গ্ৰীচত কিছুমান নগৰ-ৰাষ্ট্ৰ গঠন হ’বলৈ ধৰে। অৱশ্যে আধুনিক অৰ্থত এইবোৰ ‘নগৰ’ বা ‘ৰাষ্ট্ৰ’, ইয়াৰ এটাৰ শাৰীতো নপৰে। এইবোৰ আছিল নিজস্ব নীতি নিয়ম পালন কৰা স্ব-শাসিত অঞ্চল। তদুপৰি প্ৰজাতান্ত্ৰিক বুলি অভিহিত কৰিলেও সাধাৰণ নাগৰিকৰ সংখ্যা আছিল নিচেই তাকৰ। দাস আৰু নাৰীৰ ভোটাধিকাৰ নাছিল। তথাপি সভা-সমিতিত নিজ মত যুক্তিসহ প্ৰকাশ কৰিবলৈকে মানুহে চিন্তা-চৰ্চা কৰিছিল বুলি অনুমান কৰিব পাৰি। প্ৰায় খৃঃপূঃ ৭০০ শতিকাৰ পৰা জনসংখ্যা বৃদ্ধিৰ ফল স্বৰূপে নগৰ-ৰাষ্ট্ৰ সমূহৰ মাজত বেহা-বেপাৰৰ লগতে যুদ্ধৰ মাত্ৰাও বৃদ্ধি হয়। যুদ্ধ বৃদ্ধিৰ অৰ্থ অস্ত্ৰ-শস্ত্ৰ আৰু অভিযান্ত্ৰিক কৌশলৰ বিকাশ। সামুদ্ৰিক যুদ্ধত নৌ পৰিচালনা কৰিবলৈকে অংক-শাস্ত্ৰ আৰু জ্যোতিৰ্বিদ্যা চৰ্চা কৰা আৱশ্যক।

বেহা-বেপাৰত ব্যৱহৃত মুদ্ৰাই তেখেতসকলক বিমূৰ্ত চিন্তাৰ খোৰাক যোগাই। কাৰণ এটুকুৰা সোন বা ৰূপক এক নিৰ্দিষ্ট মূল্য দান কৰাৰ অন্তৰালত লুকাই থাকে এক বিমূৰ্ত চিন্তা। ব্যৱহাৰিক প্ৰয়োজনেই এই চিন্তাৰ উৎস। এনেবোৰ কাৰণতে গ্ৰীচত যুক্তিবাদী চিন্তাই ঠন ধৰি উঠে।

বাৰ্ট্ৰাণ্ড ৰাছেলৰ মতে গ্ৰীক জাতিৰ ধৰ্ম বিশ্বাসৰ মাজত থকা প্ৰভেদ ইয়াৰ আন এক কাৰণ। সকলো জাতিয়েই, বিশেষকৈ ইহুদীসকলে বিশ্ব-ব্ৰক্ষ্মাণ্ডৰ সৃষ্টিকৰ্তাৰূপে ভগৱানৰ উপাসনা কৰে। ইহুদী ধৰ্ম বিশ্বাস অনুসৰি ইয়াহুৰ মাথো একেষাৰ বাক্যৰ ওপৰতে অন্ধকাৰময় বিশ্ব পোহৰ হয়। সৰ্বজ্ঞানী, সৰ্বগুণী ইয়াহুৱে মোজেচৰ হাতত তুলি দিয়ে ব্যক্তিগত আৰু সামাজিক নীতি-নিয়ম পালনৰ ঐশ্বৰিক আদেশ।

গ্ৰীক জাতিৰ দেৱ-দেৱী আৰু মানৱ চৰিত্ৰৰ মাজত অতি কমেইহে প্ৰভেদ আছিল। দেৱ-দেৱী আছিল অমৰ আৰু অতি-প্ৰাকৃত ক্ষমতাৰ অধিকাৰী। তথাপি মাথো তেওঁলোকৰ একেষাৰ বাক্যৰ ওপৰতে বিশ্ব সৃষ্টি হোৱা নাছিল। নীতি-নৈতিকতাবিহীন দেৱতাৰ পৰা নীতি শিক্ষা গ্ৰহণৰ উপায় নাছিল। নিজস্ব সমাজৰ নিজস্ব নীতি-নিয়ম গ্ৰীকসকলে নিজেই ঠাৱৰ কৰিছিল। ৰাছেলৰ মতে গ্ৰীচত যুক্তিবাদী চিন্তা বিকাশৰ ই এক প্ৰধান কাৰণ।

যুগে-যুগে প্ৰতিখন দেশৰ প্ৰতিখন সমাজৰ মানুহে প্ৰশ্ন কৰে– বিশ্ব সৃষ্টি কেনেকৈ হ’ল? জীৱনৰ আদি আৰু অন্ত ক’ত? ব্যক্তিগত জীৱন, সমাজ আৰু প্ৰকৃতিলৈ দুৰ্যোগ কিয় নামে? মৰণেই জীৱনৰ শেষ নেকি? প্ৰতিখন সমাজতে ধৰ্মৰ উত্তৰ তেনেই সহজ। নিজ উদ্দেশ্য সিদ্ধিৰ অৰ্থে সৃষ্টিকৰ্তাই বিশ্ব জগত সৃষ্টি আৰু পালন কৰে। ইহ আৰু পৰ জগতৰ যান্ত্ৰণা পাপ কৰ্মৰ ফল। আত্মা অমৰ, পাপ কৰ্মই আত্মাক নৰকগামী কৰিব পাৰে। গ্ৰীক সকলো ব্যতিক্ৰম নাছিল। প্লেটোৰ লিখনিত নৰক আৰু নৰক যান্ত্ৰণাৰ উল্লেখ আছে। দেৱ-দেৱীৰ ৰোষত পৰিলে জীৱনলৈ বা সমাজলৈ দুৰ্যোগ আহে। দেৱতাক সন্তুষ্ট কৰি দুৰ্যোগৰ পৰা ৰক্ষা পাব পাৰি। সেয়েহে দেৱতাক সন্তুষ্ট কৰাৰ উদ্দেশ্যে গ্ৰীচত নৰ-বলি দিয়া হৈছিল।

অৱশ্যে এই সহজ উত্তৰে সকলোকে সন্তুষ্ট নকৰে। এনে ব্যতিক্ৰম সকলো দেশতে যুগে-যুগে আছে। প্ৰাচীন গ্ৰীচৰ জড়বাদী ব্যতিক্ৰমী দাৰ্শনিকে প্ৰশ্ন কৰিছিল– মানুহে কৰা পাপ কৰ্মৰ ৰোষত পৰি শাস্তি বিহিবলৈকে যদি জিউচে বজ্ৰপাত নিক্ষেপ কৰে, তেন্তে জন-বসতিবিহীন শিলাময় পাহাৰৰ ওপৰত বজ্ৰপাত পৰে কিয়?

এনে জড়বাদী দাৰ্শনিক আছিল ডোমোক্ৰিটাচ আৰু লিউচিপাচ। লিউচিপাচৰ সম্বন্ধে অতি কম তথ্য ইতিহাসবিদৰ হাতত আছে। কিন্তু থ্ৰেচৰ আবদেৰা নামৰ স্থানত খৃঃপূঃ ৪৩২ শতিকাত ডেমোক্ৰিটাচৰ জন্ম হয় বুলি ইতিহাসবিদে মত প্ৰকাশ কৰে। সম্ভৱত জ্ঞানৰ সন্ধানত তেওঁ ইজিপ্ত আৰু পাৰস্য ভ্ৰমণ কৰিছিল। দৰ্শনত লিউচিপাচ আৰু ডেমোক্ৰটাচৰ নাম এনেদৰে সাঙোৰ খাই আছে যে পৃথক কৰা কঠিন। দুয়োজনেই আছিল পৰমাণু বাদৰ সমৰ্থক।

তেখেত সকলৰ পৰমাণুৰ ধাৰণাক আধুনিক বিজ্ঞানৰ শাৰীত পেলাব পাৰি। তেওঁলোকৰ মতে পৰমাণু পদাৰ্থৰ ক্ষুদ্ৰতম কণিকা। অবিনাশী, শূন্যস্থানবিহীন  পৰমাণু অবিভাজ্য আৰু চিৰকাল চলমান। দুটা পৰমাণুৰ মাজত থাকে শূন্যস্থান। এই চলন বিশৃংখল। দৃশ্যমান নহয় যদিও পৰমাণুৰ অস্তিত্ব আছে। পৰমাণুৰ ওজন সম্বন্ধে ডেমোক্ৰিটাচে একো উল্লেখ কৰা নাই। কিন্তু তেখেতৰ মতে বিভিন্ন পদাৰ্থৰ পৰমাণুৰ আকাৰ আৰু আয়তন বিভিন্ন। উদাহৰণস্বৰূপে অগ্নি আৰু আত্মাৰ পৰমাণু গোলাকৃতিৰ। পৰমাণুৰ চলনৰ ফলত দুটা বা ততোধিক পৰমাণুৰ মাজত খুন্দিয়া-খুন্দি হয় আৰু এটাৰ আকাৰ যদি আন এটাৰ আকাৰৰ লগত খাপ খুৱাব পৰা অৱস্থাত থাকে, তেন্তে সিহঁত সংযোজিত হ’ব পাৰে। এই সংযোজনৰ ফলত প্ৰথমে পকনীয়া (vortices), তাৰ পিচত পদাৰ্থ আৰু অৱশেষত বিশ্ব সৃষ্টি হয়। পৰমাণুৰ সংঘৰ্ষই বহু বিশ্ব সৃষ্টি কৰে। বিশ্বৰ আদি আৰু অন্ত আছে। এখন ডাঙৰ বিশ্বই সৰু এখনক খুন্দা মাৰি ধ্বংস কৰিব পাৰে।

চলমান পৰমাণুৰ কোনো চালক নাই। প্ৰাকৃতিক নিয়ম অনুযায়ী ইহঁতে চলন কৰে। প্ৰথমে পৰমাণু কেনেকৈ সৃষ্টি হৈছিল, এই বিষয়ে তেওঁলোক নিমাত। কিন্তু এবাৰ সৃষ্টিৰ পিচত প্ৰাকৃতিক যান্ত্ৰিক নিয়মে পৰমাণুক পৰিচালিত কৰে।

ডেমোক্ৰিটাচে বিশ্বাস কৰিছিল যে কোনো ঘটনাই দৈৱ-সংঘটিত নহয়। লিউচিপাচে কৈছিল – “Naught happens for nothing, but everything from a ground an of necessity”৷

তেওঁলোকে বিশ্বাস কৰিছিল যে নিজ উদ্দেশ্য সিদ্ধিৰ হকে সৃষ্টিকৰ্তাই জীৱন সৃষ্টি কৰা নাই। আলতীয়া মাটিৰ পৰা জীৱনৰ উৎপত্তি। সমগ্ৰ শৰীৰ জুৰি আছে তাপ (fire)। সৰ্বাধিক তাপ থাকে মগজুত। চিন্তা এক প্ৰকাৰৰ চলন, চিন্তা আৰু অনুভূতি ভৌতিক ক্ৰিয়া। আত্মা পৰমাণুৰ দ্বাৰা গঠিত। কিছুমান গুণ, যেনে তাপ, সোৱাদ, বৰণ আদি লক্ষ্য-বস্তুৰ (object) নিজস্ব গুণ নহয়, এইবোৰ ইন্দ্ৰিয়গ্ৰাহ্য অনুভূতি। কিন্তু ওজন, ঘনত্ব আদি নিজস্ব গুণ।

আনন্দময়, সুখী জীৱনৰ সন্ধান কৰায়েই জীৱনৰ লক্ষ্য হোৱা উচিত বুলি তেখেতে মত প্ৰকাশ কৰি থৈ গৈছে।

অৱশ্যে এথেনচত তেখেতে কোনো স্বীকৃতি পোৱা নাছিল। এৰিষ্টটোলে তেখেতৰ নাম উল্লেখ কৰিছে যদিও প্লেটোৱে নাম পৰ্যন্ত উল্লেখ কৰা নাই। অৱশ্যে পৰমাণুবাদীসকলৰ সোপাকে লিখনি সমূলে দাহ কৰা উচিত বুলি তেওঁ অভিমত প্ৰকাশ কৰিছে।

এনে আন এজন পৰমাণুবিদ এপিকিউৰাচে জন্ম গ্ৰহণ কৰে এক দুখীয়া খেতিয়কৰ পৰিয়ালত খৃঃপূঃ ৩৪২ শতাব্দীত। চামোচত তেওঁৰ শৈশৱ অতিবাহিত হয়। দাৰ্শনিক নৌচিফেনিচৰ যোগে তেখেত ডেমোক্ৰিটাচৰ পৰমাণুবাদৰ লগত পৰিচিত হয়। অৱশ্যে নৌচিফেনিচক স্বীকৃতি দিয়াৰ পৰিৱৰ্তে তেখেতক শামুক বুলি এপিকিউৰাচে ব্যংগ কৰিছিল। খৃঃপূঃ ৩১১ শতিকাত প্ৰথম স্থাপিত তেখেতৰ সংঘ ৩০৭ শতিকাত নিগাজিকৈ এথেনচত স্থাপিত হয়। তেখেতৰ দৰ্শনে সুখী জীৱনৰ সন্ধান কৰিবলৈ শিষ্যসকলক সহায় কৰিছিল। তেখেতৰ মতে সুখী জীৱনৰ অধিকাৰী হ’বলৈ মানুহৰ প্ৰয়োজন মাথো সাধাৰণ জ্ঞান, প্লেটোৰ দৰ্শন, লজিক বা অংক-শাস্ত্ৰ নহয়। সৰ্বোপৰি ভীতিহীন জীৱনেই সুখী জীৱন। মানুহৰ জীৱনত ত্ৰাস সঞ্চাৰ কৰা দুটা প্ৰধান উৎস হ’ল মৃত্যু ভীতি আৰু ধৰ্ম। ইটোৰ লগত সিটোৰ সম্বন্ধ নিবিড়। কাৰণ মৃত্যুৰ পিচত অহৰহ অসুখী জীৱন কটাব লাগিব বুলি বিশ্বাস কৰিবলৈ ধৰ্মই মানুহক শিক্ষা দিয়ে। সেয়েহে তেওঁ এনে এক দৰ্শনৰ সন্ধান কৰিছিল যি দৰ্শনে মানুহক এই ত্ৰাসৰ পৰা মুক্ত কৰিব পাৰে। ইয়াকে কৰিবলৈ গৈ তেখেতে ডেমোক্ৰিটাচৰ পৰমাণুবাদৰ সহায় লয়। ডেমোক্ৰিটাচৰ মতৰ সমৰ্থক যদিও পৰমাণু প্ৰাকৃতিক নিয়মৰ দাৰা পৰিচালিত হয় বুলি তেখেতে উল্লেখ কৰা নাই। এপিকিউৰাচৰ মতে আত্মা পৰমাণুৰ দ্বাৰা গঠিত আৰু সমগ্ৰ শৰীৰত বিয়পি থাকে। তেখেতৰ মতে শৰীৰে ওফৰাই দিয়া এখন পাতল চামনিয়ে আত্মাৰ পৰমাণুক স্পৰ্শ কৰাৰ ফলতেই সৃষ্টি হয় অনুভূতি। সেয়েহে দেহবিহীন আত্মা অনুভূতিবিহীন  আৰু মৃত্যুৰ পিচত আমাৰ একো অনুভূতি নাথাকে। সেয়েহে মৃত্যু ভয়ৰ কোনো কাৰণ নাই।

দেৱ-দেৱীৰ অস্তিত্ব স্বীকাৰ কৰিছে যদিও এপিকিউৰাচৰ মতে মানুহৰ জীৱন বা প্ৰাকৃতিক ঘটনা ৰাশিৰ ওপৰত দেৱতাৰ কোনো নিয়ন্ত্ৰণ নাই। দেৱতাৰ কোপদৃষ্টিত পৰি ৰৌ-ৰৌ নৰক যান্ত্ৰণা ভুগিব কৰা বিশ্বাসৰ কোনো থল নাই।

এপিকিউৰাচে কৈছিল যে বিপদ-আপদ, বেমাৰ-আজাৰ বা প্ৰাকৃতিক দুৰ্যোগ সাহসৰে সন্মুখীন হৈ সহ্য কৰিব পাৰি আৰু এই সহনশীলতা আৰু সাহসেই মানুহক সহায় কৰিব পাৰে। সংযমী, নৈষ্ঠিক জীৱন-যাপনে মানুহক কৰে সুখী, জীৱন হয় শান্তিময়। উচ্চ আকাংক্ষা পৰিত্যাগ কৰি সৰল জীৱন কটাবলৈ চেষ্টা কৰা মানৱ জীৱনৰ উদ্দেশ্য হোৱা উচিত। এপিকিউৰাচৰ দৰ্শনৰ সাৰাংশ – “God holds no fears, death no worries, Good is easily attainable, evil easily endurable”৷

লুক্ৰেটিয়াচৰ কাব্যৰ [“De rerumnatura” (The Nature of Things)] মাধ্যমেৰে এপিকিউৰাচ অমৰ হৈ ৰয়। লুক্ৰেটিয়াচৰ সম্বন্ধে বৰ বিশেষ জানিব পৰা নাযায়। জুলিয়াচ চিজাৰৰ সমসাময়িক লুক্ৰেটিয়াচৰ জন্ম হয় সম্ভৱত খৃঃপূঃ ৯৯ শতাব্দীত (৯৯-৫৫)। ৰোমানসকলে সভ্যতা গঢ়ি তোলা নাছিল। বিজিত দেশৰ উন্নত সভ্যতা তেওঁলোকে ধাৰ কৰিছিল। গ্ৰীক দৰ্শন, কাব্য, সাহিত্য, অংক-শাস্ত্ৰৰ জ্ঞানৰ অবিহনে অভিজাতৰোমান পুৰুষৰ শিক্ষা সম্পূৰ্ণ নহয় বুলি বিবেচিত হৈছিল। লুক্ৰেটিয়াচৰ লগত পৰিচিত সেই যুগৰ অভিজাত সমাজত ‘মুক্ত চিন্তা’ হৈ পৰে এক শৈলী। এই সমাজতে তেখেত এপিকিউৰাচৰ লগত পৰিচিত হয়। কাব্যখন তেখেতে মেমমিউচ নামৰ এজন সম্ভ্ৰান্ত পুৰুষৰ নামত উছৰ্গা কৰিছে।

আমাৰ চমু পৰিসৰত কাব্যখনৰ বিশদ আলোচনা কৰাৰ থল নাই। আমি মাথো এক চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ। কাব্যখনত আছে-

১) বিশ্ব-ব্ৰহ্মাণ্ড আৰু পৰমাণুৰ স্থায়ী গঠন

২) পৰমাণুৰ সহায়ত ইন্দ্ৰিয়গ্ৰাহ্য দৃশ্যমান জগতৰ ব্যাখ্যা

৩) আত্মাৰ প্ৰকৃতি আৰু অমৰত্ব

৪) মহাজগত আৰু ইয়াৰ অমৰত্ব

৫) পৰমাণুৰ দাৰা আত্মাৰ ব্যাখ্যা

৬) মহাজাগতিক ঘটনাৰ ব্যাখ্যা

লুক্ৰেটিয়াচে এপিকিউৰাচৰ দৰ্শনকে বহলাই আলোচনা কৰিছে। গ্ৰীচ দেশৰ গৌৰৱ মহান এপিকিউৰাচৰ পদচিহ্ন তেখেতে মাথো অনুসৰণ কৰিছে বুলি তেওঁ লিখি থৈ গৈছে। অৱশ্যে তেখেতে পৰমাণু শব্দৰ বিপৰীতে ব্যৱহাৰ কৰিছে “seed”, “matter” আৰু “beginning of things” আদি শব্দ। পৰমাণুৰ দাৰা গঠিত বিশ্ব অসীম (infinite)। স্থান অসীম আৰু শূন্য স্থানৰ অস্তিত্ব আছে।

প্ৰকৃতি ইমানেই নিষ্ঠুৰ যে কোনো দয়ালু সৃষ্টি কৰ্তাই এনে সৃষ্টি কৰিব নোৱাৰে। প্ৰাকৃতিক নিয়ন অনুসাৰে প্ৰকৃতি সৃষ্টি আৰু নিয়ন্ত্ৰিত হয়। সৃষ্টিবাদীৰ তত্ব শুদ্ধ নহয়।

মৃত্যুৰ পিচত আত্মাৰ কোনো অস্তিত্ব নাই, সেয়েহে মৃত্যুভীতিৰ কোনো কাৰণ নাই।

দৰ্শন আত্মাৰ ঔষধ। বিশেষকৈ এপিকিউৰাচৰ দৰ্শনে মানুহক ত্ৰাসৰ পৰা ৰক্ষা কৰে।

সেই সময়ত লুক্ৰেটিয়াচৰ কাব্যই সমাদৰ লাভ কৰিছিল যেন মনে ধৰে। তেখেতৰ সমসাময়িক ভাৰ্জিল প্ৰশংসাত পঞ্চমুখ- “Happy he who was able to know the causes of things, and who trampled beneath his feet all fear, inexorable fate, and roar of devouring hell”৷

খৃঃপূঃ ৫৫ শতাব্দীৰ পিচৰে পৰা ৰোমৰ বাতাবৰণ পৰিৱৰ্তন হ’বলৈ ধৰাত লুক্ৰেটিয়াচৰ কাব্য তল পৰে। মধ্য যুগত গোড়া খ্ৰীষ্টিয়ানসকলৰ কবলৰ পৰা কাব্যখনৰ এটা পাণ্ডুলিপি কোনো ৰকমেহে ৰক্ষা পৰে। চেইন্ট জেৰোমে লুক্ৰেটিয়াচক খ্ৰীষ্ট ধৰ্মৰ প্ৰধান শত্ৰু ৰূপে গণ্য কৰি কাব্যখন নিষিদ্ধ ঘোষণা কৰে। লুক্ৰেটিয়াচে মাজে সময়ে মানসিক ভাৰসাম্য হেৰুৱাই অৱশেষত আত্মহত্যা কৰিছিল বুলি পঢ়িবলৈ পোৱা যায় যদিও ইতিহাসবিদৰ মাজত এই তথ্য বিতৰ্কৰ বিষয়।

নৱজাগৰণত কাব্যখন পুনৰ পোহৰলৈ আহে। শিক্ষিত লোকে কাব্যখনৰ ওপৰত বহু টোকা লিখিবলৈ ধৰে।

এইবাৰ আমি আমাৰ আলোচ্য লুচিৰ প্ৰসংগলৈ আহিম। ইয়াৰ বাবে প্ৰথমে আমি সোতৰ শতিকাৰ ইংলেণ্ডলৈ ঘূৰি যাব লাগিব।

প্ৰায় তেৰ শতিকাতে ইটালীত ঠন ধৰি উঠা নৱজাগৰণ লাহে-ধীৰে আহি ইংলেণ্ডত প্ৰৱেশ কৰে। সোতৰ শতিকাৰ ইংলেণ্ডত আধুনিক বিজ্ঞানৰ বীজ ৰোপিত হয় বুলিব পাৰি। এই শতিকাৰ ইংলেণ্ডত এহাতে হৈছিল গৃহযুদ্ধ আৰু আন হাতে ৰবাৰ্ট বয়েলে পৰীক্ষামূলক নিৰীক্ষণৰ ভিত্তিত প্ৰকাশ কৰিছিল বিখ্যাত বয়েলৰ সূত্ৰ। এই পৰীক্ষা বয়েলে “New Experiments, Physico-mechanicall, touching the Spring of Air” নামে প্ৰকাশ কৰে। চাপৰ অনুপাতে বায়ুৰ আয়তনৰ হ্ৰাস-বৃদ্ধি হয় কিয়? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ সেই যুগৰ প্ৰাকৃতিক দাৰ্শনিকে ডেমোক্ৰিটাচৰ শৰণ ল’ব লগাত পৰে। (বৰ্তমান “Kinetic Theory of Gases”, স্কুলীয়া পাঠ্য পুথিৰ অংগ)। ইতিমধ্যে ফ্ৰান্সিছ বেকন আৰু থ’মাছ হেৰিয়টে পৰমাণু ধাৰণাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ডেকাৰ্ট, ডিগবি আদি দাৰ্শনিকে পৰমাণু ধাৰণা সম্বন্ধে চিন্তা-চৰ্চা কৰি লিখা-মেলা কৰিছিল। কিন্তু এপিকিউৰাচৰ পক্ষে ওকালতি কৰা মানুহজন আছিল পিৰী গাছেন্দি। ১৬৪০-৫০ শতিকাত গাছেন্দিয়ে পদাৰ্থ বিদ্যা সম্পৰ্কীয় কেইবাটাও প্ৰৱন্ধ প্ৰকাশ কৰে। থ’মাছ হ’বচ আছিল গাছেন্দিৰ বন্ধু। তেখেতে ইংলেণ্ডৰ বৌদ্ধিক মহলৰ এমুঠি লোকক এপিকিউৰাচৰ দৰ্শনৰ প্ৰতি দৃষ্টিগোচৰ কৰিবলৈ উৎসাহিত কৰে। কিন্তু বিপদ আছিল এইখিনিতেই যে এপিকিউৰাচৰ দৰ্শনৰ লগত খ্ৰীষ্ট ধৰ্মীয় প্লেটো বাদৰ ৰাহি-জোৰা নিমিলে। এই বিপদৰ পৰা ৰক্ষা পৰিবলৈকে পৰমাণু বাদক খ্ৰীষ্ট ধৰ্মৰে দীক্ষিত কৰাৰ প্ৰয়োজন হয়। কেইবাজনো লোকে এই কাম কৰিবলৈ চেষ্টা কৰিছিল। সকলোতকৈ উল্লেখযোগ্য ইয়ান কমেনিউচে (Jan Comenius) “NaturallPhilosophie Reformed by Divine Light or a Synopsis of Physics” নামৰ পুথিত পৰমাণু বাদৰ পক্ষে ওকালতি কৰি মত প্ৰকাশ কৰে যে বাইবেলৰ মাজত পৰমাণু বাদৰ বীজ নিহিত হৈ আছে। ভগৱানৰ প্ৰথম সৃষ্টি আকাৰ-আকৃতি বিহীন ‘পদাৰ্থ’ই পৰমাণু। সেয়েহে ডেমোক্ৰিটাচৰ ধাৰণা শুদ্ধ। ডেমোক্ৰিটাচৰ ভুল এইখিনিতেই যে সৰ্বজ্ঞানী সৃষ্টিকৰ্তাৰ পোহৰ ঢুকি নেপোৱাৰ হেতুকে তেওঁ গম ধৰিব পৰা নাছিল যে ভগৱানে “জীৱনৰ স্পিৰিট” (Spirit of Life) পৰমাণুৰ ওপৰত আৰোপ নকৰা পৰ্যন্ত জীৱন সৃষ্টি সম্ভৱ নহয়। আনজন লিখক, ৱালটাৰ চাৰলেটন লিখিত “The Darkness of Atheism Dispelled by the Light of Nature” পুথিত তেখেতে মত প্ৰকাশ কৰে যে প্ৰাকৃতিক ঘটনা ব্যাখ্যা কৰিব পাৰে বাবে পৰমাণু বাদ গ্ৰহণযোগ্য। কিন্তু সৃষ্টিকৰ্তাই পৰমাণু সৃষ্টি, পালন আৰু বিনাশ কৰে বুলি স্বীকাৰ কৰিব লাগিব। লুক্ৰেটিয়াচৰ কাব্য তেওঁলোকে নাকচ কৰা নাছিল যদিও গ্ৰহণো কৰা নাছিল।

এনে সামাজিক পৰিৱেশত ১৬২০ চনত “Tower of London”ত লুচি হা’টকিনচনে জন্ম গ্ৰহণ কৰে। লুচিৰ পিতৃ (এলেন এপচলি), মাতৃ (লেডী লুচি ) অত্যন্ত জ্ঞান আৰু শিক্ষা অনুৰাগী ব্যক্তি আছিল। মাতৃয়ে ৱালটাৰ ৰেল্যীক “Tower of London”ত পৰীক্ষামূলক গৱেষণা কৰিবলৈ অৰ্থ সাহাৰ্য দান কৰিছিল।

সেই যুগত নাৰীৰ শিক্ষা প্ৰাথমিক স্তৰতে অন্ত পৰিছিল বুলিব পাৰি। প্ৰাকৃতিক দৰ্শনৰ সোৱাদ কোনো কোনো সম্ভ্ৰান্ত বংশৰ মহিলাই ছেগা-চোৰোকাকৈ উপভোগ কৰাৰ সুযোগ পাইছিল। কাৰণ এনে জ্ঞান লাভ কৰা নাৰীয়ে চৰা-ঘৰৰ শোভা বৰ্দ্ধন কৰে। সেই যুগত ধ্ৰুপদী দৰ্শন, গ্ৰীক আৰু লেটিনৰ ক্ষেত্ৰ আছিল পুৰুষৰ একচেটিয়া সম্পত্তি। বৌদ্ধিক মহলৰ মাজত বিচৰণৰ হকে পুৰুষৰ বাবে গ্ৰীক আৰু লেটিন আছিল বাধ্যতামূলক পাঠ্যক্ৰম। নাৰীক এনে শিক্ষাৰ পৰা বঞ্চিত কৰা হৈছিল যদিও সম্ভ্ৰান্ত বংশৰ কোনো কোনো মহিলাই এই সোৱাদ উপভোগ কৰাৰ সুযোগ লাভ কৰিছিল। লুচি আছিল তেনে এগৰাকী মহিলা। লুচিয়ে লিখি থৈ যোৱা জীৱন-সোঁৱৰণৰ পৰা জানিব পাৰি যে তেওঁ ঘৰুৱা শিক্ষকৰ পৰা প্ৰাকৃতিক দৰ্শন, গ্ৰীক আৰু লেটিনৰ পাঠ গ্ৰহণ কৰিছিল। লেটিনৰ ওপৰত লুচিৰ অসাধাৰণ দখল আছিল। তেওঁ আছিল অধ্যয়নশীল, বুদ্ধিমতী, জ্ঞান অনুৰাগী, কঠোৰ মানসিক পৰিশ্ৰম কৰিব পৰা নাৰী।নাৰী সুলভ ঘৰুৱা হাতৰ কাম, অতিৰিক্ত অধ্যয়নৰ পৰা বিৰত ৰাখিবলৈ মাকে কৰা চেষ্টা, লেটিনৰ শিক্ষকৰ গাফিলতি আদিত শিক্ষাৰ ব্যাঘাত ঘটিছিল বুলি তেখেতে আক্ষেপ কৰিছে।

লুচিৰ ভাবী স্বামী জ’ন হা’টকিনচনক মহিলা বৰ্গই লুচিৰ পাণ্ডিত্য এক প্ৰকাৰৰ উৎকেন্দ্ৰিকতা বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰে। লুচিৰ লেটিনৰ ওপৰত থকা দখল দেখি জ’ন প্ৰেমত পৰে। জ’নৰ শিক্ষা অনুৰাগী পিতৃয়ে পুত্ৰৰ সমানে সমানে দুহিতাকো শিক্ষা দিছিল। জ’নৰ আইতাকৰ জ্ঞান আৰু শিক্ষাৰ প্ৰশংসা লুচিয়ে উচ্চ স্বৰে কৰি থৈ গৈছে। লুচিয়ে লিখা কবিতাই সমাদৰ লাভ কৰিছিল যেন মনে ধৰে। “Order and Disorder” নামৰ লুচিয়ে লিখা কাব্য ইংৰাজী ভাষাত মহিলাই লিখা প্ৰথম কাব্য।

১৬৩৮ জ’ন হা’টকিনচনৰ সৈতে লুচি বিবাহ পাশত আৱদ্ধ হয়। ১৬৪৯ চনত জ’নে ৰজা প্ৰথম চাৰ্লচৰ মৃত্যু পৰোৱানাত চহী দিয়ে। সংসদৰ (Parliament) পতনৰ পিচত ১৬৬০ চনত তেওঁক বন্দী কৰা হয়। লুচিয়ে “House of Lords) ৰ ওচৰত আবেদন কৰিছিল যদিও ফল একো নধৰিলে। বন্দী শালত তেখেতৰ মৃত্যু হয়। স্বামীৰ এখন জীৱনী লুচিয়ে লিখি থৈ গৈছে। সেই যুগত কিতাপখন ছপা নহ’ল যদিও ১৮০৬ চনত কিতাপখনে পোহৰৰ মুখ দেখে। সেই যুগৰ এক উত্তম সামাজিক ইতিহাস স্বৰূপে বৰ্তমান কিতাপখন স্বীকৃত।

‘পিউৰিটান’ পৰিয়ালৰ জীয়ৰী ধৰ্মভীৰু লুচিয়ে “On The Principles of The Christian Religion” নামেৰে এখন কিতাপ লিখিছিল। এনে এগৰাকী ধৰ্মভীৰু মহিলাই নিৰীশ্বৰবাদী লুক্ৰেটিয়াচৰ কাব্য অনুবাদ কৰিছিল কিয়? আৰ্ল অৱ এংগেলচিৰ নামত উছৰ্গা কৰা কিতাপখনত তেখেতৰ অজুহাত নিজ ভাষাত – “I heard so much of these things second hand……(Lucretius)। অৰ্থাৎ দাৰ্শনিক, প্ৰাকৃতিক দাৰ্শনিক, ধৰ্মতত্ত্ববিদ আৰু নীতিশাস্ত্ৰবিদে পৰমাণু বাদ সম্বন্ধে ইমানেই আলোচনা কৰিছে যে এই বিষয়ে অধ্যয়নৰ উদ্দেশ্যে তেওঁ কাব্যখন অনুবাদ কৰিছে। বুজিব পাৰি কাব্যৰ ওপৰত আলোচিত সকলো লিখনি লুচিয়ে পঢ়িছিল। অন্তৰংগ বন্ধু মহলে অনুবাদৰ উচ্চ প্ৰশংসা কৰিছে আৰু এই বৃত্তৰ বাহিৰলৈ এটা পাণ্ডুলিপি গৈছে বুলিও তেওঁ উল্লেখ কৰিছে। গম ধৰিব পাৰি লুচিৰ অজুহাত আংশিকহে সত্য।

আমাৰ বোধেৰে ইয়াৰ আন এক কাৰণ লুচিৰ প্ৰতিযোগিতাসুলভ মানসিকতা। লুচিৰ জীৱন সোঁৱৰণৰ পৰা তেওঁ নাৰী শিক্ষাৰ দুৰ্ঘোৰ সমৰ্থক আছিল বুলি ধৰিব পাৰি। নাৰীক পুৰুষৰ সমানে সমানে শিক্ষা দিয়া উচিত বুলি তেওঁ পাতে পাতে উল্লেখ কৰিছে। পুৰুষে লেটিনৰ পাঠ ল’ব পাৰিলে নাৰীয়ে নোৱাৰিব কিয়? সম্ভৱত কাব্যখনৰ অনুবাদ লুচিৰ আছিল প্ৰত্যাহ্বান। নিজ সামৰ্থ্য প্ৰকাশ কৰিবলৈকে এনে দুঃসাহসী   কাম তেওঁ হাতত লৈছিল যেন আমাৰ মনে ধৰে।

ইতিহাসবিদে লুক্ৰেটিয়াচৰ যুগৰ (খৃঃপূঃ ৯৯-৫৫) ৰোমৰ লগত তুলনীয় সোতৰ শতিকাৰ ইংলেণ্ডৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশৰ মাজত ইয়াৰ কাৰণ বিচাৰি পাইছে। জুলিয়াচ চিজাৰৰ গৃহ-যুদ্ধৰ যুগ ৰাজনৈতিক আৰু সামাজিক পৰিৱেশৰ উত্থান-পতনৰ যুগ। ঠিক সেইদৰে গৃহ-যুদ্ধৰ ধুমুহাৰ কবলত পৰি ফাঁট মেলা ইংলেণ্ডৰ সমাজত অভিজাত শ্ৰেণীৰ পৃথিৱী তল-ওপৰ হয়। আনকি ৰাজতন্ত্ৰ বিনাশ হ’বলৈ উপক্ৰম হোৱাৰ সময়ত গিৰ্জাত ফাঁট ধৰে। ৰজাৰ সপক্ষে আৰু বিপক্ষে থিয় দিয়া ককাই ভায়ে নিজৰ মাজত যুঁজ কৰে। সংসদক সমৰ্থন কৰা হেতুকে বহু বন্ধু লুচিয়ে হেৰুৱাব লগাত পৰে। লুক্ৰেটিয়াচে পৰমাণুৰ বিশৃংখল চলন আৰু অহৰহ সংঘৰ্ষৰ লগত সামাজিক সংঘাতৰ তুলনা কৰিছে। সোতৰ শতিকাৰ সকলো চিন্তাশীল লোকৰ দৰে লুচিয়েও নিশ্চয় ইয়াৰ অৰ্থ উপলব্ধি কৰিছিল। কিন্তু লুক্ৰেটিয়াচৰ দৰ্শনে কয় যে পৰমাণুৰ বিনাশ নাই, বিশৃংখল চলনৰ মাজতো এক প্ৰকাৰৰ শৃংখলতা আছে। এনে দৰ্শন এক প্ৰকাৰৰ সান্ত্বনা দায়ক। কাৰণ অবিনাশী পৰমাণুৰ দৰে সমাজ আৰু গিৰ্জাৰ বিনাশ নাই বুলি ভাবি সান্ত্বনা লাভ কৰিব পাৰি। অৱশ্যে লুচিয়ে এনে সান্ত্বনা লাভ কৰিছিল নে নাই ক’ব নোৱাৰি।

ইতিহাসবিদৰ মতে গৃহ-যুদ্ধ স্বত্ব নহয়, গৃহ-যুদ্ধৰ কাৰণেহে সেই যুগৰ চিন্তাশীল লোকে পৰীক্ষামূলক বিজ্ঞানৰ সূত্ৰপাত কৰে। এনে অধ্যয়নৰ মাজত সময় অতিবাহিত কৰা আছিল সমস্যা জড়িত বাস্তৱৰ পৰা পলায়নৰ উজু উপায়। বয়েলে কৈছে যে দৈৱ-জ্ঞান লাভ কৰিবলৈ প্ৰকৃতিৰ বুকুত লুকাই থকা ৰহস্য ভাঙিবলৈ চেষ্টা কৰি তেওঁ শান্তি লাভ কৰে। সম্ভৱত লুচি ইয়াৰ ব্যতিক্ৰম নাছিল। প্ৰাকৃতিক দৰ্শনৰ শিক্ষা প্ৰাপ্ত লুচিয়ে প্ৰকৃতিৰ ৰহস্য বুজিবলৈ চেষ্টা কৰি নিশ্চয় শান্তি লাভ কৰিছিল।

লুচি আছিল কুসংস্কাৰৰ অত্যন্ত বিৰোধী। লুক্ৰেটিয়াচে কাব্যখনত গ্ৰীক মহাকাব্যৰ ৰজা আগামেমনে ট্ৰয় যুদ্ধত জয় লাভৰ আশাৰে নিজ দুহিতাক দেৱতাৰ অৰ্থে বলিদান দিয়াৰ উদাহৰণ দাঙি ধৰি কু-সংস্কাৰ, অন্ধবিশ্বাস আৰু ধৰ্মীয় গোড়ামিৰ কঠোৰ সমালোচনা কৰিছে। লুচিয়ে গৃহ-যুদ্ধত অনাহকতে নিহত হোৱা বালক-বালিকাৰ লগত এই উদাহৰণ তুলনা কৰি প্ৰশ্ন কৰিছে – “এই অন্ধবিশ্বাসৰ লগত আমাৰ যুগৰ অন্ধবিশ্বাসৰ পাৰ্থক্য ক’ত? আমিও ধন আৰু ক্ষমতাৰ লোভৰ বশবৰ্ত্তী হৈ এখন জঘন্য যুদ্ধত আমাৰ পুত্ৰসকলক বলিদান দিছোঁ।” কুসংস্কাৰ, অন্ধবিশ্বাস, ধৰ্মীয় গোড়ামিয়ে কঢ়িয়াই অনা বিপদ লুচিয়ে অনুভৱ কৰিছিল।

অশান্তিময় সামাজিক পৰিৱেশত সুখ শান্তিময় জীৱনৰ সপোন সকলোৱে দেখে। এপিকিউৰাচৰ নীতি-শাস্ত্ৰত এনে জীৱন লাভ কৰাৰ নিৰ্দেশে লুচিক আকৰ্ষণ কৰিছিল। লুচিয়ে লিখা এক কবিতা এপিকিউৰাচৰ নীতি-শাস্ত্ৰৰ প্ৰচাৰ পত্ৰ। সম্ভৱত কাব্যখন অনুবাদ কৰাৰ ই আন এটা কাৰণ।

বৰ্তমান দৰ্শনৰ ওপৰত ৰাপ থকা লোকৰ বাদে প্লেটোৰ লিখনি অতি কম লোকেহে পঢ়ে। চেইন্ট জোৰোমৰ নাম কেইজনে শুনিছে? কিন্তু পৰমাণু শব্দৰ অৰ্থ জনা প্ৰতিজন লোকেই ডেমোক্ৰিটাচৰ নাম শুনিছে। ইংলেণ্ডৰ প্ৰায় প্ৰতিখন স্কুলীয়া বিজ্ঞানৰ পাঠ্যপুথিত ডেমোক্ৰিটাচৰ নাম উল্লেখ কৰা হয়। লুক্ৰেটিয়াচৰ কাব্য ইণ্টাৰনেটত পঢ়িবলৈ পোৱা যায়। কাৰণ এইসকল অগ্ৰদূতে কাটি থৈ যোৱা বৈজ্ঞানিক মানসিকতাৰ পথৰ পথিক যুগে-যুগে হাজাৰ-বিজাৰ। আমাৰ বিশ্বাস, দুঃসাহসিক পদক্ষেপ পেলাই ইতিহাসৰ পাতত নাম লিখি থৈ যাবলৈ সমৰ্থ হোৱা ব্যতিক্ৰমী লুচিয়ে সমাজৰ সকলো বাধা অতিক্ৰম কৰি আগবাঢ়ি যাবলৈ সাহস যোগাব হাজাৰ-বিজাৰ নাৰীক– যুগে-যুগে।

সহায় লোৱা গ্ৰন্থ

  • Tony Spawforth, “The Story of Greece and Rome”
  • DebiprasadChattopadhyaya, “History of Science and Technology in Ancient India”
  • Bertrand Russell, “History of Western Philosophy”
  • Rom Harre, “Great Scientific Experiments”
  • Edited by Lynette Hunter and Sarah Hutton, Women, Science and Medicine 1500-1700
  • Google, “The Nature of Things”

Leave a Reply

Your email address will not be published. Required fields are marked *