এই সময় ।। অনামিকা শৰ্মা
এতিয়া হৃদয়বোৰতো টাইলচ্ লগালে
এই যে চাৰিউকাষে থকা অট্টালিকাবোৰ
সেইবোৰৰ দৰেই হৃদয়বোৰ চহকী হ’ল
কাকো দুখ আৰু হতাশাই চুব নোৱাৰাকৈ
পথৰ গাঁতত পৰি কক্বকাই থকা
কাষৰজনক দেখিউ নেদেখাৰ ভাও যোৰা
ভোকত কল্মলাই থকা পাকস্থলীবোৰ
অসহায়জনৰ মনৰ বেদনা দেখি কষ্ট নোপোৱা
মৃতজনেও শান্তিত শুব নোৱাৰা
তেজ দেখিলে শংকিত নোহোৱাৰ সময়
আত্মীয়ক মাৰি কাটি শৰীৰত কেঁচাতেজৰ
আবিৰ সানি ঘূৰি ফুৰা নৰাধমৰ উল্লাস
মানুহৰ অমানুষিক আচৰণ আৰু উন্মাদনাত
হৃদয়খন ঘনে ঘনে কঁপি উঠিছে
হেঁপাহবোৰ আজিকালি শিকলিৰে আঁতি আঁতি
বান্ধি পেলাইছোঁ।
কষ্ট হৈছে,
তথাপি !
মোৰ আত্মীয়সকলেও নাজানে মই জীয়াই আছোঁনে
অকলশৰে শান্তিৰে উশাহ ল’ব পাৰিছোঁনে
গোত্ৰৰ পৰিচয় দিয়া সকলকেই বা কওঁ কি?
হৃদয়বোৰ এনেকৈয়ে সলনি হ’ল
একোগৰাকী জীৱন্ত দেৱীক অসন্মান কৰি তৃপ্তি লভা সকলে
মৃন্ময়ৰ দেৱীক নৈবেদ্য দি চাকি জ্বলাই সেৱা কৰে
এইয়াই আজিৰ সময়ৰ আহ্লাদ ।।

