কেন্দ্ৰীয় নিবন্ধনিবন্ধ

এখন ভয়াৱহ যুদ্ধ আৰু তাৰ পৰিণতি (খগেশ সেন ডেকা)

যুদ্ধ বুলিলে প্ৰত্যেকৰে মানস পটত প্ৰথমেই হত্যা আৰু ধ্বংসৰ এক ভয়াৱহ ছবি ভাহি উঠে৷ সভ্যতাৰ পত্তনৰ সময়ৰে পৰা আজিৰ পাৰমাণৱিক যুগলৈকে মানৱ সমাজৰ সুদীৰ্ঘ ইতিহাসত যিমানবোৰ যুদ্ধৰ উল্লেখ পোৱা যায়, সেইবোৰৰ প্ৰতিখনেই হত্যা আৰু ধ্বংসৰ বিৱৰণেৰে ভৰা৷ তথাপি সেইবোৰৰ ভিতৰত  খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাত সংঘটিত এখন বিশেষ যুদ্ধক অতিশয় নৃশংস  তথা বিধ্বংসী আখ্যা দিয়া হৈছে৷ এইখন যুদ্ধত হেনো সমসাময়িক কালৰ ৰাষ্ট্ৰসমূহে মানি চলা সকলো প্ৰকাৰৰ ৰণনীতি বিসৰ্জন দি কেৱল নিৰ্বিচাৰ হত্যা আৰু ধ্বংসলীলা চলাই যোৱা হৈছিল৷ এতিয়াৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ পূৰ্বে সংঘটিত সেই যুদ্ধ আছিল মুখামুখিকৈ হোৱা যুদ্ধ৷ সম্ভৱতঃ ধনু-কাঁড়, যাঠি-জোং, ঢাল-তৰোৱালেই আছিল তেতিয়াৰ দিনৰ অস্ত্ৰ-সম্ভাৰ৷ তথাপি আলোচ্য যুদ্ধখন এক ভয়াৱহ যুদ্ধৰূপে পৰিগণিত হৈ আহিছে৷ মানৱ ইতিহাসৰ এক কলংকিত অধ্যায় হিচাপে চিহ্নিত এই যুদ্ধখনৰ নাম ‘কলিংগ যুদ্ধ’৷

সকলোৱে জনা কথা যে, কলিংগ যুদ্ধৰ মূল হোতা আছিল তৎকালীন মগধ দেশৰ অধিপতি সম্ৰাট অশোক৷ মগধৰ একালৰ প্ৰতিপত্তিশালী সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰপৌত্ৰ, বিন্দুসাৰ আৰু ধৰ্মা ওৰফে সুভদ্ৰাংগীৰ পুত্ৰ অশোকৰ জন্ম হৈছিল আনুমানিক ৩০৭ খ্ৰীঃপূঃত৷ ২৭২ খ্ৰীষ্টপূৰ্বাব্দত৷ পিতৃ বিন্দুসাৰৰ মৃত্যুত তেতিয়াৰ নিয়মানুসাৰে তেওঁৰ জ্যেষ্ঠপুত্ৰ সুষিম মগধৰ তৃতীয়গৰাকী সম্ৰাট হিচাপে ৰাজপাটত বহে৷ কিন্তু ৰজা হিচাপে ৰাজকুমাৰ সুষিম প্ৰজাৰ আস্থাভাজন হ’ব নোৱৰাত মহামন্ত্ৰী ৰাধাগুপ্তৰ পৰামৰ্শ মতে অশোকে ৰাজধানী পাটলিপুত্ৰ আক্ৰমণ কৰে আৰু কনিষ্ঠ ভাতৃ বিতাশোকক বাদ দি সুষিম সহ আটাইকেইজন ভাতৃকে হত্যা কৰে৷ এনেদৰে তেওঁ ২৭৪ খ্ৰীষ্টপূৰ্বাব্দত মগধৰ ৰাজপাট দখল কৰে৷ ২৭০ খ্ৰীষ্টপূৰ্বাব্দত অশোকৰ ৰাজ-অভিষেক অনুষ্ঠিত হয়৷ “দিৱ্যাৱদান”, “মহাৱদান” আদি বৌদ্ধশাস্ত্ৰৰ মতে অশোক আছিল অতিশয় নিষ্ঠুৰ আৰু হিংসুক প্ৰকৃতিৰ৷ অকল সিংহাসন লাভৰ বাবেই তেওঁ ভাতৃসকলৰ তেজেৰে নিজৰ হাত ৰাঙলী কৰিছিল৷ এই ঘটনাৰ পাছত অশোক ‘চন্দাশোক’ নামেৰে জনাজাত হয়৷ কিন্তু পৰিহাসৰ কথা এয়ে যে, এইজনা জিঘাংসু মনোবৃত্তিৰ সম্ৰাটে কলিংগ যুদ্ধৰ পাছত নাটকীয়ভাৱে বৌদ্ধধৰ্মত দীক্ষিত হৈ বাকীছোৱা কাল কোনো যুদ্ধ বিগ্ৰহত লিপ্ত নোহোৱাকৈ মানৱীয় আদৰ্শেৰে দেশ শাসনত নিজকে নিয়োগ কৰে৷ বৌদ্ধধৰ্মত দীক্ষিত হোৱাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ ‘চন্দাশোক’ গুচি ‘ধৰ্মাশোক’ৰূপে বিভূষিত হয় আৰু তেতিয়াৰে পৰা তেওঁ ‘ৰাজৰ্ষি’  অশোক হিচাপে পৰিচিত হয়৷

সি যি নহওক, ৰাজপাটত বহিয়ে অশোকে পিতৃ-পিতামহৰ এখন বিশাল সাম্ৰাজ্য থকা সত্ত্বেও দিগ্বিজয়ত মনোনিৱেশ কৰে৷ প্ৰায় আঠ বছৰ জুৰি চলা এই অভিযানত তেওঁ বিভিন্ন প্ৰান্তীয় ৰাজ্যবোৰ জয় কৰাৰ উপৰি, সিবোৰত নিৰ্মম অত্যাচাৰো চলায়৷ বিশাল সামৰিক শক্তিৰে কৰা এই দিগ্বিজয়ৰ পৰিণতিত অশোকৰ সাম্ৰাজ্য পশ্চিমে গান্ধাৰ, অৰ্থাৎ এতিয়াৰ ইৰান-আফগানিস্তানৰ পৰা পূবে ব্ৰহ্মদেশ (ম্যানমাৰ) আৰু উত্তৰে হিমালয়ৰ পাদদেশৰ পৰা দক্ষিণে সিংহল (শ্ৰীলংকা) পৰ্যন্ত (কেৰল আৰু কৰ্ণাটকক বাদ দি) প্ৰায় সমগ্ৰ ভাৰতজুৰি বিস্তৃত হৈছিল৷ বাকী আছিল তেতিয়াও স্বাধীন হৈ থকা মগধৰ দক্ষিণ সীমান্তৱৰ্তী কলিংগ (বৰ্তমানৰ ওড়িশা) প্ৰদেশ৷

সেই কালত কলিংগ দেশে সুদূৰ মালয়েচিয়া, ফিলিপাইন, ইণ্ডোনেচিয়া, সিংহল আদি দেশৰ সৈতে বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্ক ৰক্ষা কৰি চলিছিল৷ আয়তনত নিচেই সৰু হ’লেও ইয়াৰ প্ৰজাসাধাৰণ আছিল স্বাভিমানী তথা স্বাধীন মনোবৃত্তিৰ৷ মন কৰিবলগীয়া যে, ওড়িআসকলৰ এই স্বাভিমান আজিও অটুট আছে৷  তেওঁলোকৰ নিজ মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা আৰু অদম্য সাহসৰ হেতু অশোকৰ পূৰ্বৱৰ্তী কোনো এজন মগধ সম্ৰাটে কলিংগ দেশক নিজৰ বশলৈ আনিব পৰা নাছিল৷ অশোকে দক্ষিণ ভাৰতৰ সৈতে সঘন যোগাযোগৰ বাবে সামুদ্ৰিক পথ আৰু স্থলপথ উভয়ৰে উপযোগিতাৰ কথা ভাবি কলিংগ বিজয়ৰ মন মেলে৷ অশোকৰ ১৪খন বৃহৎ শিলানুশাসনৰ ভিতৰত ১৩নং অনুশাসনত উল্লেখ থকা মতে, তেওঁ তেওঁৰ ৰাজ-অভিষেকৰ অষ্টম বছৰত, অৰ্থাৎ ২৬২ খ্ৰীষ্টপূৰ্বাব্দত কলিংগ দেশ আক্ৰমণ কৰে৷ ইতিহাসৰ তথ্য অনুসাৰে, এই ৰণত তেওঁ নিজেই সৈন্য বাহিনী পৰিচালনা কৰে৷ কিন্তু স্বাধীনচিতীয়া কলিংগৰ প্ৰজাই অশোকৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিয়ে৷ ইতিহাস প্ৰসিদ্ধ এই যুদ্ধ সংঘটিত হৈছিল তেতিয়াৰ কলিংগৰ ৰাজধানী তোছালিৰ দাঁতি কাষৰীয়া অঞ্চলত৷ বৰ্তমান ওড়িশাৰ এই ঠাই ধৌলী বা ধৱলগিৰিৰূপে জনাজাত৷ ইয়াত থকা সৰু পাহাৰখনত এটা অপূৰ্ব কাৰুকাৰ্যখচিত বৌদ্ধ মন্দিৰ আছে৷ মন্দিৰটোৰ দাঁতিয়েদি বৈ গৈছে দয়া নামৰ নদী এখন৷ এই নদীখনক স্থানীয় মানুহে এতিয়াও ‘খুন কী নদীয়া/দৰিয়া’ বুলি কয়’৷ কোৱা হয় যে, কলিংগৰ উল্লিখিত ৰক্তক্ষয়ী যুদ্ধ এইখন নদীৰ তীৰতে সংঘটিত হৈছিল৷ অশোকে খোদাই কৰোৱা শিলালিপিত (১৩ নং বৃহৎ শিলানুশাসন) বৰ্ণিত তথ্য অনুসাৰে এই যুদ্ধত হাজাৰ-বিজাৰ সৈন্য আৰু সাধাৰণ প্ৰজাৰ মৃত্যু ঘটিছিল৷ তেজেৰে ৰাঙলী হৈছিল দয়া নদীৰ পানী৷ সমগ্ৰ কলিঙ্গ দেশ জ্বলি পুৰি ছাই হৈ গৈছিল৷ যুদ্ধত স্বাভাৱিক কাৰণতে অশোক বিজয়ী হৈছিল৷

প্ৰাচীন ভাৰতৰ যুদ্ধ-নীতি অনুসাৰে যি যি দেশৰ মাজত যুদ্ধ সংঘটিত হৈছিল, সেই দেশৰ সামৰিক শক্তিৰ মাজতে সেই যুদ্ধ সীমাবদ্ধ থাকিব লাগিছিল৷ সাধাৰণ প্ৰজাক যুদ্ধই বিশেষ ক্ষতি কৰা নাছিল৷ অশোকৰ সময়তো নিশ্চয়কৈ তেনে কিছু যুদ্ধনীতিৰ বন্ধন আছিল৷ এই অনুযায়ী কৃষিভূমি, কৃষি, ব্যৱসায়-বাণিজ্যকে ধৰি সাধাৰণ প্ৰজাক যুদ্ধৰ পৰা নিলগত ৰাখিব লাগিছিল৷ কলিংগ যুদ্ধ আছিল এই ক্ষেত্ৰত সম্পূৰ্ণ ব্যতিক্ৰম৷ ইয়াত সাধাৰণ প্ৰজায়ো অংশ লৈছিল৷ মগধৰ সামৰিক বাহিনীয়ে সকলো প্ৰকাৰৰ দমন নীতি প্ৰয়োগ কৰি কলিংগ দেশ তচনচ কৰি পেলাইছিল৷

কলিংগ যুদ্ধ অশোকৰ জীৱনৰ অন্তিম যুদ্ধ৷ এই যুদ্ধক তেওঁৰ জীৱনৰ এটা মোৰ (Turning point) বোলা হয়৷  এই ঘটনাই অশোকৰ মানসিক পৰিৱৰ্তন ঘটায় আৰু তেওঁ বৌদ্ধভিক্ষু উপগুপ্তৰ ওচৰত শৰণ লৈ বৌদ্ধমতত দীক্ষিত হয় বুলি বুৰঞ্জী-পুথিবোৰত উল্লেখ কৰা হৈছে৷

অশোক আছিল অতিশয় বিচক্ষণ বুদ্ধিৰ কঠিন হৃদয়ৰ ব্যক্তি৷ এনে এগৰাকী শক্তিশালী সামৰিক নেতাৰ কলিংগ যুদ্ধৰ পৰিণতিয়ে মানসিক পৰিৱৰ্তন ঘটোৱা  কথাটো কিমানদূৰ বিশ্বাসযোগ্য, সেই প্ৰশ্ন সদায়ে উত্থাপিত হৈ ৰ’ব৷ কলিংগ যুদ্ধত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ আন যি কোনো যুদ্ধতকৈ যে বহুত বেছি আছিল, সেই কথাৰ উল্লেখ নকৰিলেও চলে৷ যুদ্ধজয়ৰ পিছদিনা অশোকে হেনো পৰিস্থিতিৰ বুজ ল’বলৈ গৈ জুইত জাহ যোৱা ঘৰ-বাৰী, পুৰি ছাৰখাৰ হোৱা শইচ আৰু শইচৰ পথাৰ, অ’ত ত’ত পৰি থকা হাজাৰ-বিজাৰ মানুহৰ মৃতদেহ, ধ্বংসপ্ৰাপ্ত চহৰ, জ্বলি পুৰি শেষ হোৱা প্ৰতিষ্ঠান আদিৰ বাহিৰে আন একোকে দেখা নাছিল৷ অশোকৰ ১৩নং বৃহৎ শিলানুশাসনৰ মতে,—

“…দিৱঢ-মিতে পান-শত ষহশে যে তফা অপুৱুঢ়ে, শত-ষহষ-মিতে তত হতে, বহু-তাৱতকে বা মতে…৷”

অৰ্থাৎ, এই যুদ্ধত ”এশ পঞ্চাশ হাজাৰ লোক” বন্দী হৈছিল, আৰু আন ”এশ হাজাৰ লোকক হত্যা কৰা হৈছিল” আৰু ”অন্য বহু লোক নিহত” হৈছিল৷ এই কথাই প্ৰমাণ কৰে যে, যুদ্ধত সমগ্ৰ কলিংগ প্ৰদেশ ধ্বংসস্তূপত পৰিণত হৈছিল৷ এই যুদ্ধ ইমানেই ভয়াৱহ আছিল যে, ই চুবুৰীয়া প্ৰদেশৰ প্ৰজাসকলকো ভীত-সন্ত্ৰস্ত কৰি তুলিছিল৷  এক বিষম পৰিস্থিতিৰ সৈতে মুখামুখি হৈ অশোক গধুৰ মনেৰে ৰাজধানী পাটলিপুত্ৰলৈ উভতি গৈছিল৷

কলিংগ যুদ্ধৰ প্ৰায় আঢ়ৈ বছৰৰ পাছত অশোকে বুদ্ধৰ অব্যৱহিত পৰৱৰ্তী বৌদ্ধগুৰু পূৰ্বোক্ত উপগুপ্তৰ ওচৰত বৌদ্ধধৰ্মত দীক্ষিত হয়৷ অৱশ্যে তাৰো কিছু পূৰ্বৰে পৰা তেওঁ বৌদ্ধধৰ্মৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা কোনো কোনো ইতিহাসবিদে উল্লেখ কৰিছে৷ ইয়াৰ পাছত তেওঁ নৈতিকতা, অহিংসা, প্ৰেম, মানৱতা আদি প্ৰমূল্যৰ আধাৰত নতুন প্ৰশাসনীয় নীতি ঘোষণা কৰে৷ নিজৰ সাম্ৰাজ্যৰ উপৰি দাঁতি কাষৰীয়া ৰাজ্যৰ প্ৰজাসাধাৰণকো অহিংসা, সজ আচৰণ আদিৰ জৰিয়তে পৰিশীলিত জীৱন যাপনৰ বাবে উদ্বুদ্ধ কৰিবলৈ তেওঁ সীমামূৰীয়া পাহাৰৰ বৃহৎ শিলাখণ্ডৰ বুকুত, দেশৰ ভিতৰৰ সৰু সৰু শিলাখণ্ডত আৰু শিলৰ স্তম্ভ নিৰ্মাণ কৰি সিবোৰৰ বুকুত নতুন ৰাজ-নিৰ্দেশ লিপিবদ্ধ কৰোৱায়৷ অস্ত্ৰৰ পৰিৱৰ্তে আত্মিক শক্তি তথা মানৱীয় গুণৰ জৰিয়তে মানুহৰ হৃদয় জয় কৰাটোৱে আছিল এই ঘোষণা বা নিৰ্দেশসমূহৰ মূল বিষয়৷

বুৰঞ্জীৰ পাতত কলিংগ যুদ্ধ আৰু তাৰ ভয়াৱহ পৰিণতিয়ে অশোকৰ মানসিক পৰিৱৰ্তন ঘটোৱাৰ কথা অলপ ইফাল-সিফালকৈ এনেদৰেই বৰ্ণিত হৈছে৷ কিন্তু এই যুদ্ধৰ আন এটা দিশো বিচাৰ্য৷ সকলো ক্ৰিয়াৰে সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে৷ এই যুদ্ধত কলিংগ প্ৰদেশ ধূলিসাৎ হোৱাৰ লগে লগে আক্ৰমণকাৰী অশোকৰ নিজৰ ধনবল আৰু সৈন্যবলৰো নিশ্চয়কৈ এক বৃহৎ ক্ষতি হৈছিল৷ তেওঁৰ ৰাজভঁড়াল হয়তো উদং হৈছিল৷ সৈন্যবলো প্ৰায় নিঃশেষ হৈছিল৷ কলিংগৰ দৰে আন এক যুদ্ধ সংঘটিত হ’লে তাক চম্ভালা তেওঁৰ পক্ষে কঠিন আছিল৷ প্ৰজা সাধাৰণৰ পৰা নতুনকৈ কৰ আৰোপৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰি ৰাজ-ভঁড়াল টনকিয়াল কৰিবলৈ গ’লে প্ৰজা-বিদ্ৰোহ হোৱাৰো নিশ্চয়কৈ আশংকা আছিল৷ তদুপৰি, যুদ্ধৰ বাবে নতুনকৈ সৈন্যৰ মকৰলো আছিল এক অতিশয় জটিল কাম৷ কাৰণ ইতিমধ্যে বিভিন্ন যুদ্ধত বহু সংখ্যক সৈন্য নিহত হৈছিল৷ গতিকে, নতুনকৈ সৈন্য মকৰল কৰি সামৰিক শক্তিৰ বৃদ্ধিৰে সৈন্যবল উজ্জীৱিত কৰাটো সেই সময়ত অশোকৰ বাবে নিঃসন্দেহে এক কঠিন কাম আছিল৷ সেই বাবে তেওঁ তৎকালীনভাৱে অতিশয় জনপ্ৰিয় হৈ উঠা বৌদ্ধধৰ্মৰ আশ্ৰয় লৈছিল বুলি ধাৰণা কৰিব পাৰি৷

সেইকালত সততা আৰু নৈতিকতাৰ ওপৰত প্ৰতিষ্ঠিত বৌদ্ধধৰ্মৰ নিৰীশ্বৰবাদী উদাৰ নীতিয়ে সাধাৰণ প্ৰজাক বাৰুকৈয়ে আকৰ্ষণ কৰিছিল৷ ব্ৰাহ্মণ-পুৰোহিত আৰু ক্ষত্ৰিয় শ্ৰেণীয়ে জাপি দিয়া শোষণ-বঞ্চনাৰ বিপৰীতে সাধাৰণ প্ৰজাই বৌদ্ধধৰ্মৰ জৰিয়তে শোষণ মুক্তিৰ সপোন দেখিছিল৷ তৎকালীনভাৱে বেহা-বেপাৰৰ সম্প্ৰসাৰণৰ জৰিয়তে নতুনকৈ বৈশ্য শ্ৰেণীটোৰো উত্থান ঘটিছিল৷ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সততা এক অতিকে প্ৰয়োজনীয় বিষয়৷ অন্যথা জীৱন-জীৱিকাৰ এই পথ বৰ কণ্টকাকীৰ্ণ হৈ পৰে৷  জড়বাদী চাৰ্বাকসকলৰ “যাৱৎ জীৱেৎ সুখং জীৱেৎ ঋণং কৃত্বা ঘৃতং পীৱেৎ” বা আন কথাত ‘ধাৰ কৰি ঘিঁউ খোৱা’ নীতিৰ সলনি বৌদ্ধধৰ্মই ঋণ পৰিশোধৰ নীতি আৰু অহিংসাত বিশ্বাস কৰিছিল৷ এনে নীতিয়ে বৈশ্য শ্ৰেণীক বাণিজ্যিক লেন-দেনত বিশেষভাৱে সহায় কৰিছিল আৰু তৎকালীনভাৱে নিজ দেশৰ উপৰি বহিঃৰাজ্যতো ব্যৱসায়ৰ প্ৰতিষ্ঠাৰ সুযোগ আনি দিছিল৷ মুঠতে সেই সময়ত বৌদ্ধধৰ্মৰ উদাৰ নীতিৰ প্ৰভাৱত বৈদিক মতবাদৰ ভেঁটি কিছু থৰক বৰক হৈ পৰিছিল৷ অশোকে এই সুযোগকে গ্ৰহণ কৰিছিল৷ যদি ধনবল, অস্ত্ৰবল নোহোৱাকৈ এখন বিশাল সাম্ৰাজ্য দখল কৰি থাকিব পাৰি, তেন্তে যুদ্ধনো কেলৈ? গতিকে তেওঁ বৌদ্ধধৰ্মক ৰাজধৰ্মৰূপে ঘোষণা কৰিছিল৷ তাৰ লগে লগে গান্ধাৰৰ পৰা কলিংগ পৰ্যন্ত বিভিন্ন স্থানত— ক’ৰবাত পাহাৰৰ শিলৰ গাত, ক’ৰবাত স্তম্ভ নিৰ্মাণ কৰি সেই সেই স্থানত প্ৰচলিত মানুহৰ মুখৰ কথিত ভাষাৰে তেওঁৰ নতুন নীতি খোদাই কৰোৱাই প্ৰচাৰ কৰাইছিল৷ এতিয়াৰ পাকিস্তানৰ অন্তৰ্গত শাহবাজগঢ়ী আৰু মানসেহৰা, গুজৰাটৰ কাঠিয়াৱাড়ৰ জুনাগড়ৰ গিৰ্ণাৰ (গিৰি + নগৰ) পাহাৰ, মহাৰাষ্ট্ৰৰ থানে জিলাৰ অন্তৰ্গত সোপাৰা (সূৰ্পাৰক), উত্তৰ প্ৰদেশৰ ডেৰাডুন জিলাৰ কালছী, অন্ধ্ৰপ্ৰদেশৰ কৰ্ণুল জিলাৰ ইয়েৰ্ৰাগুৰি, ওড়িশাৰ পুৰী জিলাৰ ধৌলী বা ধৱলগিৰি আৰু গঞ্জাম জিলাৰ জৌগড়ৰ ক্ষপিংগল পৰ্বত আদিত প্ৰাপ্ত অশোকৰ প্ৰত্নলেখ বা অনুশাসনসমূহে তাৰ প্ৰমাণ দাঙি ধৰে৷ এই অনুশাসনসমূহ সেই সময়ত কথিত স্থানীয় ভাষা (বৈদিক-সংস্কৃতৰ পৰিৱৰ্তিত ৰূপ)-ত লিখোৱা হৈছিল৷ আন কথাত ভাষাৰ যৎ কিঞ্চিৎ তাৰতম্যৰ বাহিৰে আটাইকেইখন অনুশাসনৰ বিষয়বস্তুৰ কোনো পাৰ্থক্য নাই৷ অৱশ্যে, কলিংগ বিজয়ৰ ঘটনা যিখন অনুশাসনত লিপিবদ্ধ আছে সেই অনুশাসনখনি (১৩ নং অনুশাসন) ধৌলী আৰু জৌগড়ত, অৰ্থাৎ ওড়িশাৰ যুদ্ধ সংঘটিত স্থানত পোৱা নাযায়৷ এই অনুশাসনখনিৰ সলনি তাত দুখন পৃথক অনুশাসন সংযোগ কৰা হৈছে৷ এই দুখনৰ নাম দিয়া হৈছে ”পৃথক কলিংগ অনুশাসন”৷

অশোকৰ এই অনুশাসনবোৰত পোনপটীয়াকৈ বৌদ্ধধৰ্মৰ অহিংসা নীতিৰ বাহিৰে আন কোনো কথা পোৱা নাযায়৷ বৰং এইবোৰত মানৱীয় প্ৰমূল্য তথা প্ৰজাহিতকৰ কামৰ চিন্তাহে অধিক পৰিমাণে প্ৰতিফলিত হৈছে৷ সেয়ে হ’লেও, ঘোষিত নীতিসমূহ যে বৌদ্ধমত আধাৰিত তাত কোনো সন্দেহ নাই৷

অশোকে লিখোৱা বৃহৎ শিলানুশাসনসমূহৰ ভিতৰত গুজৰাটৰ গিৰ্ণাৰ পাহাৰৰ বৃহৎ শিলাখণ্ডত প্ৰাপ্ত প্ৰথমখন প্ৰত্নলেখৰ পাঠ অৰ্থ সহ তলত উল্লেখ কৰা হৈছে৷ ভাষা সামান্য ভিন্ন হ’লেও, অন্যান্য ঠাইত পোৱা পাঠৰ বিষয়বস্তুৰ সৈতে গিৰ্ণাৰ অনুশাসনৰ কোনো প্ৰভেদ নাই৷ এই প্ৰত্নলেখখনৰ পাঠ এনে ধৰণৰ—

“ইয়ং ধংম-লিপী দেৱানংপ্ৰিয়েন প্ৰিয়দসিনা ৰাঞা লেখাপিতা৷ ইধ ন কিংসি জীৱং আৰভিৎপা পজুহিতৱ্যং৷ ন স সমাজো কতব্বো৷ বহুকং হি দোসং সমাজমহি পচতি দেৱানংপ্ৰিয়স প্ৰিয়দসি ৰাঞা৷ অস্তি পি তু একচা সমাজা সাধুমতা দেৱানংপ্ৰিয়স্য প্ৰিয়দসিনো ৰাঞো৷ পুৰা মহানসমহি দেৱানংপ্ৰিয়স প্ৰিয়গসিনো ৰাঞো অনুদিৱসং বহূনি প্ৰাণ-সত-সহস্ৰানি আৰভিসু সূপাথায়৷ সে অজ যদা অয়ং ধংম-লীপি লিখিতা, তি এৱ প্ৰাণা আৰভৰে সূপাথায় দ্বো মোৰা, একো মগো, সো পি মগো ন ধ্ৰুৱো৷ এতে পি ত্ৰি প্ৰাণা পছা ন আৰভিসৰে৷”

সেই সময়ৰ ভাৰতৰ পশ্চিম ভাগত প্ৰচলিত প্ৰাকৃত ভাষাত খোদিত এই প্ৰত্নলেখখনৰ অৰ্থ হ’ল—

“এই ধৰ্মলিপি দেৱতাসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাই লিখোৱাইছে৷ ইয়াত কোনো ধৰণৰ জীৱ হত্যা কৰি আহুতি দিব নোৱাৰিব৷ কোনো ধৰণৰ উৎসৱ-পাৰ্ৱণাদিও অনুষ্ঠিত কৰিব নোৱাৰিব৷ দেৱতাসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাই উৎসৱ পাৰ্ৱণাদিৰ বহু দোষ দেখিবলৈ পাইছে৷ অৱশ্যে এনে কিছুমান উৎসৱ আছে যিবোৰক দেৱতাসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাই সাধু বুলি ভাবে৷ পূৰ্বে দেৱতাসকলৰ প্ৰিয় প্ৰিয়দৰ্শী ৰজাৰ ৰন্ধনশালাত প্ৰতিদিনে ব্যঞ্জনৰ বাবে শত-সহস্ৰ পশু নিধন কৰা হৈছিল৷ কিন্তু এতিয়া এই ধৰ্মলিপি লিখোৱাৰ পৰত ব্যঞ্জনৰ বাবে (প্ৰতিদিনে) মাত্ৰ তিনিটা প্ৰাণী হত্যা কৰা হৈছে—দুটা ম’ৰা, এটা পশু৷ পশুটো আকৌ সদায় (বধ কৰা) নহয়৷ পাছলৈ এই তিনিটা প্ৰাণীও হত্যা কৰা নহ’ব৷”

মুঠতে, বুদ্ধ আৰু বৌদ্ধধৰ্মৰ উল্লেখ থাকিলেও এই অনুশাসনবোৰত নৈতিকতা আৰু সামাজিক সততাৰ কথাহে ঘাইকৈ বিবৃত হৈছে৷ দুই নং অনুশাসনখনত তেওঁ বাটৰ দাঁতিত মানুহ আৰু পশুৰ উপযোগীকৈ ফলমূল আৰু ঔষধী গুণযুক্ত গছপুলি ৰোৱাৰ কথাও উল্লেখ কৰিছে৷ তেওঁ “সৱ মুনিসা মে পজা”, অৰ্থাৎ ‘সকলো মানুহ মোৰ সন্তান’ বুলি, সকলোৰে ইহলোক আৰু পৰলোকত সুখ কামনা কৰি প্ৰজাৰ সুখ দুখৰ খবৰ ৰাখিবৰ বাবে ‘ধৰ্ম মহামাত্ৰ’ নামৰ এক শ্ৰেণীৰ বিষয়া নিয়োগ কৰাৰ কথাও ঘোষণা কৰিছিল৷  সেয়ে হ’লেও, তাৰ মাজে মাজে তেওঁ প্ৰাশাসনিক নীতিসমূহো উল্লেখ কৰিবলৈ পাহৰা নাই৷

অশোকে ২৬০ খ্ৰীষ্টপূৰ্বাব্দৰ আশে-পাশে বৌদ্ধধৰ্মক ৰাজধৰ্মৰূপে স্বীকৃতি দিছিল আৰু বুদ্ধই দক্ষ প্ৰশাসকৰ বাবে নিৰ্ধাৰণ কৰা দহোটা গুণৰ (দশ ৰাজধৰ্ম) আধাৰত ধৰ্মাভ্যাস কৰিছিল৷ সেই গুণকেইটা এনে ধৰণৰ—

(১) উদাৰ আৰু নিঃস্বাৰ্থ হোৱা,
(২) ওখ খাপৰ নৈতিক চৰিত্ৰৰ অধিকাৰী হোৱা,
(৩) প্ৰজাৰ হিতৰ বাবে আমোদ-প্ৰমোদ বৰ্জন কৰা,
(৪) সততা আৰু সংহতিৰ প্ৰতি দায়বদ্ধ হোৱা,
(৫) শান্ত-শিষ্ট আৰু দয়ালু হোৱা,
(৬) সৰল সহজ জীৱন যাপন কৰা,
(৭) ঘৃণাৰ পৰা আঁতৰত থকা,
(৮) অহিংসা নীতি অৱলম্বন কৰা,
(৯) মহধৈৰ্যক আশ্ৰয় কৰা, আৰু
(১০) সৰ্বসাধাৰণৰ মতক যথোচিত মূল্য দিয়া৷

প্ৰাচীন ভাৰতীয় সাহিত্যত ৰজা-মহাৰজাই বছৰেকত এবাৰ হ’লেও মৃগয়ালৈ যোৱাৰ অনেক কাহিনীৰ উল্লেখ পোৱা যায়৷ এনে মৃগয়াত ভালেমান জীৱ নিধন হৈছিল৷ অশোকে এই ব্যৱস্থাৰ বিলোপ ঘটাবলৈ চেষ্টা কৰিছিল৷ বিভিন্ন পশু-পক্ষীৰ চিকাৰ, মতা কুকুৰাৰ নিবীৰ্যকৰণ, পলুৰ লেটা পুৰি খোৱা আদি কাৰ্য নিষিদ্ধ কৰাৰ উপৰি জীৱ-জন্তু নিধনৰ বাবে হাবি বননি জ্বলাই দিয়া কাৰ্যত তেওঁ বাধা আৰোপ কৰিছিল৷

মৌৰ্য সাম্ৰাজ্যৰ পতনৰ পাছত গুপ্ত সাম্ৰাজ্যৰ দিনত কিছু সংশোধিত ৰূপত ব্ৰাহ্মণ্যবাদৰ পুনৰুত্থান ঘটাত অশোকৰ লিপি সম্বলিত জনসমাগমেৰে ভৰা ঠাইবোৰ পৰিত্যক্ত হয়৷ অতীতৰ তোছালী আৰু এতিয়াৰ ওড়িশাৰ ধৌলীগিৰিৰো একে অৱস্থা হয়৷ জনসমাগমহীনতাৰ হেতু এই স্থান পৰিত্যক্ত হৈ হাবি-জংগলেৰে ভৰি পৰে৷ তেতিয়াৰ বৃটিছ সৈন্য বাহিনীৰ এগৰাকী বিষয়া Lt. M. Kittoeএ সৈন্যৰ বাবে কেম্প পাতিবলৈ হাবি-বন পৰিষ্কাৰ কৰাওঁতে ধৌলীগিৰিত হাতীৰ মূৰ খোদিত এক বৃহৎ শিলাখণ্ডত পোনতে অশোকৰ এই অনুশাসনখনি দেখিবলৈ পায়৷ স্থানীয় প্ৰাকৃত ভাষা (প্ৰাচ্যা=মাগধী)-ত খোদিত এই অনুশাসনৰ পৰৱৰ্তী সময়ত পাঠোদ্ধাৰ কৰা হয়৷ (ধৌলীগিৰিত থকা শিলালিপিখনৰ পৰা কিছু আঁতৰত এটা যাদুঘৰত অশোকৰ অস্ত্ৰ-শস্ত্ৰসমূহো সংৰক্ষণ কৰা আছে৷) ব্ৰিটিছ অফিচাৰজনে ঘটনা ক্ৰমে উদ্ধাৰ নকৰা হ’লে কালৰ সোঁতত অশোকৰ এই ঐতিহাসিক সম্পদ বিলুপ্তিৰ গৰাহত পৰিলহেঁতেন৷ ইয়াৰ পাছত ভাৰতৰ অন্যান্য প্ৰান্ততো অশোকৰ অনুশাসনমূলক বাণী খোদিত সৰু বৰ অনেক শিলালেখ আৰু স্তম্ভলেখ উদ্ধাৰ হয়৷ এইবোৰ পাছৰ কালত অশোকৰ অনুশাসন (Ashokan edicts)-ৰূপে জনাজাত হয়৷

লিপিসমূহত থকা “দেৱাননামপ্ৰিয়েন প্ৰিয়দৰ্শী” যে অশোকহে আছিল, তাৰ নিশ্চয়তা পোনতে চি. বেডেন নামৰ জনৈক সোণৰ খনিৰ অভিযন্তাই কৰ্ণাটকৰ ৰাইচুৰ জিলাৰ মস্কী গাঁৱত পোৱা এখন অনুশাসনৰ আধাৰত প্ৰদান কৰে৷ মধ্য প্ৰদেশৰ দাতিআ জিলাৰ গুজাৰা গাঁৱত পোৱা আন এখন অনুশাসনতো দেৱানংপ্ৰিয় আৰু অশোক দুয়োটা নাম পোৱা গৈছে৷

অশোকে বৌদ্ধধৰ্মক ৰাজধৰ্ম কৰাৰ লগে লগে সেই ধৰ্মৰ স্থিতিও লাহে লাহে থৰক-বৰক হৈ আহে৷ ফলত পৰৱৰ্তী গুপ্তযুগত বৈদিক ধ্যান-ধাৰণাৰ কিছু সৰলীকৰণেৰে ব্ৰাহ্মণ্যবাদৰ পুনৰুত্থান ঘটাত ৰাজনৈতিক পৃষ্ঠপোষকতাৰ অভাৱত ইয়াৰ পতন অৱশ্যম্ভাৱী হৈ উঠে৷ সেই সময়তে উপনিষদৰ ব্ৰহ্মসূত্ৰৰ আধাৰত একেশ্বৰবাদ প্ৰতিষ্ঠিত হোৱাত লাহে লাহে বৌদ্ধমতত বিভাজন ঘটে আৰু ই কেতবোৰ তান্ত্ৰিক মতবাদলৈ ৰূপান্তৰিত হয়৷ একালত মধ্য-প্ৰাচ্য, চীন, ব্ৰহ্মদেশ, সিংহল (শ্ৰীলংকা) আদি দেশত এই ধৰ্মই বিস্তৃতি লাভ কৰিছিল৷ সেইবোৰ দেশত কিছু পৰিৱৰ্তিত ৰূপত বৌদ্ধমাৰ্গৰ ব্যাপকতা আজিও বিদ্যমান৷ অথচ বহু সদৰ্থক দিশ থকা সত্ত্বেও জন্মস্থান ভাৰতৰ পৰা ই উৎখাত হ’ল৷ অৱশিষ্ট যি আছে সিসকলেও নিৰীশ্বৰবাদী বুদ্ধৰ মূৰ্তি সাজি, বিগ্ৰহ প্ৰতিষ্ঠা কৰি পূজা কৰাত ব্যস্ত৷ ক’ৰবাত যেন হেৰাই গ’ল প্ৰথমগৰাকী বিপ্লৱী মনীষা বুদ্ধই দি থৈ যোৱা চতুৰাৰ্য সত্যৰ ধাৰণা, বৌদ্ধ ভিক্ষু আৰু গৃহী উভয়ে আৱশ্যিকভাৱে মানিবলগীয়া পঞ্চশীল নীতি, নিৰ্বাণৰ অনিৰ্বচনীয় সুখ লাভৰ বাবে সজ আচৰণে আনি দিয়া প্ৰশান্তিময় এক পৰিশীলিত জীৱন-চৰ্যা৷

যুদ্ধৰ ভয়াৱহতা বুজিবলৈ কলিংগ যুদ্ধৰ ঘটনাৱলীয়ে যথেষ্ট৷ মহাভাৰত, ৰামায়ণ, হোমাৰৰ ইলিয়াডৰ যুদ্ধৰ বিৱৰণো কম ভয়াৱহ নহয়৷ মানৱ সভ্যতাৰ ইতিহাসত হিৰোচিমা-নাগাচাকি চিৰকালৰ বাবে এক কলংকিত অধ্যায়ৰূপে চিহ্নিত হৈ ৰ’ব৷ যুদ্ধৰ পৰা বিৰত হৈ সকলো শান্তিৰে বসবাস কৰাটোৱেই এই যুগৰ ঘাই নীতি হোৱা উচিত৷ ড° ভূপেন হাজৰিকায়ো এটি গীতৰ মাজেৰে সেই কথাকে সকীয়াই থৈ গৈছে—

“…কোনোবা সমুদ্ৰত বোমা ফুটুৱালে
ক’ৰবাত পৰিলে ছাই
এগণ্ডা বোমাৰে পৃথিৱী পুৰিব
ক’ৰবাৰ ৰণ বলিয়াই
উদযান বোমাৰে গুণ-গান বখানি
নক’বি ভনী তই মোক
বোলো ৰণ হ’লে খাম কি
ৰণ হ’লে গাম কি
মৰিব দেশৰহে লোক
শান্তিৰে নি নিজৰাত নিগৰি নগ’লে আমি হ’ম বৰশীৰে টোপ…৷”

Leave a Reply

Your email address will not be published. Required fields are marked *