এন্ধাৰ আহিলে-(খগেশ সেন ডেকা)
এন্ধাৰ আহিলে
গছৰ ধোন্দত চুপি থাকে
ডাইল সৰীসৃপ
গা মূৰ কোটালি ওলাই আহে
নিশাচৰী জীৱ
তহিলং কৰি ফুৰে
হাবি বন
পিত পাত কৰি বিচাৰি চায়
গীতাল পখীৰ খোৰোং
আঁচুৰি বাহুকি নেফা নেফ কৰি থয়
হৰিণী সপোন ৷
এন্ধাৰ আহিলে
জোঙাল হয় বাটৰ কাঁইট
দুভৰিত লাগি ধৰে
বেত আৰু সৌকাৰ পাত
বিয়নি সাৱটাৰ গুটি
উজুটিত ওফৰে দুভৰিৰ আঙুলি ৷
এন্ধাৰ হ’লে
এন্ধাৰতে ধোঁৱাবোৰ আকাশলৈ উৰে
জুই আৰু ধোঁৱা
ধোঁৱা আৰু জুই
ধোঁৱাৰ বুকুতে সংগোপনে লুকাই থাকে
জুইৰ লেলিহান শিখা ৷
এন্ধাৰ আহিলে
ভয় নাখাবা
খোজ দিবা
সাৱধানে
সন্তপৰ্ণে
সাহসেৰে
এন্ধাৰৰ বুকুতে থাকে
অনিবাৰ্য প্ৰতিশ্ৰুতি
পোহৰ হোৱাৰ ৷