এন্ধাৰ কাতিৰ নিশাতে : শ্ৰোতাৰ অনুভূতিক জোকাৰি যোৱা এটি গীত-(বৰ্ণালী বৰুৱা দাস)
প্ৰাক-কথন:
বহুদিন বহুবাৰ ভূপেন হাজৰিকাৰ ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতটিৰ বিষয়ে লিখাৰ কথা ভাবিছোঁ। কিন্তু প্ৰত্যেকবাৰেই থমকি ৰৈছোঁ। যি কোনো সংবেদনশীল মানুহকেই যিটো গীতে ক্ষন্তেকলৈ হ’লেও বাকৰুদ্ধ কৰি পেলায়, তেনে এটা শক্তিশালী গানৰ কথা লিখা কিমানদূৰ সম্ভৱ? আৰু সম্ভৱ হ’লেও তাৰ প্ৰয়োজনেই বা কি? এই গীতটোতো গীতা বা ভাগৱত নহয়, যে বেলেগে তাৰ ধাৰা ভাষ্যকাৰ বা ব্যাখ্যাকাৰৰ প্ৰয়োজন। গীতটো নিজেই প্ৰাঞ্জল। শক্তিশালী কথা, সুসামঞ্জস্যপূৰ্ণ সুৰ, পৰিমিত বাদ্যযন্ত্ৰৰ ব্যৱহাৰ আৰু আন্তৰিকতাৰে গোৱা গীতটোৰ প্ৰতিটো শব্দ শুনিলেই শ্ৰোতাৰ মন-মগজুক সি জোকাৰি পেলাবই। তেন্তে?
এই দ্বিধাখিনিক আওকাণ কৰিও গানটোৰ কথা লিখিবলৈ ল’লোঁ এটা কাৰণতেই। ৰেডিঅ’ বা দূৰদৰ্শনৰ চেনেলসমূহত সচৰাচৰ শুনিবলৈ পোৱা গানৰ ভিতৰত এই গানটো শুনিবলৈ পোৱা প্ৰায় দুৰ্লভ হৈ পৰিছে। গতিকে বিচাৰ খোচাৰ কৰি গানটো শুনিবলৈ নোপোৱাসকলৰ মনত হয়তো এই লেখাই এক পূৰ্বাগ্ৰহৰ জন্ম দিব।
গানটোৰ কথাংশ:
গানটোৰ ৰচনা ১৯৫৩ চনত। গণনাট্যৰ উৰ্বৰ কালছোৱাত। লোক-সমাজৰ বিভিন্ন উপাদান সংগ্ৰহ কৰি তাকেই গণ-মুকুতিৰ আহ্বানৰ বাবে ব্যৱহাৰ কৰাৰ যি পৰিক্ৰমা গণনাট্য সংঘই আৰম্ভ কৰিছিল, এই গীতটোও সেই পৰিক্ৰমাৰে এক উজ্জ্বল নিদৰ্শন। গানটোক এটা নিটোল কাহিনী-গীত বা বেলাড বুলিব পাৰি। ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, নাহৰৰ গীত, মণিৰাম দেৱানৰ গীত আদিক যদিও বেলাডৰ শাৰীতেই ৰাখিব পাৰি, এইবোৰ আছিল লোক-কথা বা ঐতিহাসিক পটভূমিত ৰচিত আখ্যানমূলক গীত। তেনেকৈ বেজবৰুৱাৰ বদন বৰফুকনক সম্বোধি লিখা “কিয়নো আনিলি মান ঐ বদন তই কিয়নো আনিলি মান” বা “ধনবৰ ৰতনী” আদিকো মালিতা বা কাহিনী গীতৰ শাৰীতেই ধৰা হয়। কিন্তু অসমীয়া আধুনিক গীতত সৰু সৰু মানুহৰ হাঁহি-কান্দোন, সুখ-দুখ প্ৰতিফলিত কৰি সৃষ্টি কৰা ভূপেন হাজৰিকাৰ বেলাডবোৰে এক নতুন ধাৰাৰ সৃষ্টি কৰিছিল। ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতটোৰ দৰে সমাজৰ পদদলিত শ্ৰেণীৰ বাস্তৱতাক নিৰ্মমভাৱে উদঙাই দিয়া এনে বেলাডধৰ্মী গীত অসমীয়া ভাষাত আগতে নাছিল বুলিলেও অত্যুক্তি কৰা নহয়।
গীতৰ কাহিনীটোত আছে দুটি চৰিত্ৰ। এগৰাকী শীৰ্ণকায়া মাতৃ আৰু দুৰ্ভিক্ষপীড়িত এটি শিশু। দাৰিদ্ৰই কোঙা কৰা পানেই আৰু পোনাকণ। কাতিৰ কাঙাল নিশা, নৈৰ পাৰৰ এটি ভগা পঁজাত কাতিতকৈও কাঙাল মাকৰ কামীহাড়ত সাবটি ভোকে পিয়াহে জৰ্জৰিত পোনাটিয়ে আতুৰভাৱে বিনাইছে, আই ভাত দে, আই গাখীৰ দে —
এন্ধাৰ কাতিৰ নিশাতে
এখনি নৈৰ পাৰতে
এটি ভগা পঁজাতে
পানেইৰ কামীহাড় সাবটি
তাইৰ পোনাকণে ফেকুৰে —
“আই ভোক লাগিছে
আই ভাত দে
আই পিয়াহ লাগিছে
আই গাখীৰ দে
আই ডিঙি মোৰ শুকায়ে যায় আই
এন্ধাৰ দেখিছোঁ আই”
কি মৰ্মান্তিক এই দৃশ্য! এনেই কাতিৰ কঙাল দিন। তাতে এন্ধাৰ নিশা। পোনাৰ গাত তমোময় জ্বৰ। উদং ভগা পঁজাটোত পোনাটিক দিবলৈ একোৱেই নাই। অসহায় পানেইৰ ৰাতিপুৱালৈ অপেক্ষা কৰাৰ বাহিৰে আৰু কোনো উপায় নাই। ভোকাতুৰ পোনাটিকো ৰাতি পুওৱালৈকে ধৈৰ্য ধৰিবলৈ কোৱাৰ বাহিৰে অসহায় মাকে আৰু কৰেই বা কি?
কপালত হাত দি
পানেয়ে দেখিছে
পোনাটিৰ হু হু জ্বৰ
ঔষধো নাই, গাখীৰ নাই,
ফল নাই, মূল নাই,
তেনেই উদং ঘৰ।
“ৰাতিৰ পুৱাতেই,
খুজি-মাগি আনি দিম
অলপ ধৈৰ্য ধৰ
অ’ বাচা আজি নিশাটো
তেনেই উদং ঘৰ”
এগৰাহ ভাতৰ বাবে হাঁহাঁকাৰ কৰি এটি শিশু শুই পৰিল। অসহায় মাকে আশাৰ গীত গাই নিচুকালে – কাতিৰ কঙালি আঁতৰি যাব। সঁজাল ধৰা ধান সোণোৱালী হ’ব। আৰু সেই সোণোৱালী ধান কোনোবাই দাই আনিব। ন-চাউলেৰে চিৰা ভাজি বাতি ভৰাই দিব পোনাকণক।
অসমীয়া ভাষী প্ৰায় সকলো শিশুৰে চিৰ পৰিচিত নিচুকনি গীত “আমাৰে মইনা শুব এ’, বাৰীতে বগৰী ৰুব এ’, বাৰীৰে বগৰী পকি সৰি গ’লে মইনাই বুটলি খাব”। এই চিৰ পৰিচিত লোক-আংগিকত এক নতুন কথাৰ সংযোগেৰে লোক-সংগীতক গণ-সংগীতলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াৰ ই অংশ বিশেষ।
কান্দি কাটি ভাগৰি
আই বুলি চিঞৰি
পোনাটি টোপনি যায়
পানেয়ে তেতিয়া পোনাটিক চুমাদি
টোপনিৰ গীতটি গায়।
“আমাৰে মইনা শুব এʼ
সোণালী ধাননি দাব এʼ
ন-চাউলৰে চিৰা ভাজি দিমে
বাতি ভৰি ভৰি খাব
অই বাচা টোপনি যা”
কিন্তু শুই পৰা পোনাকণে এই আশাৰ গীত শুনিলে জানো? ন-চাউলৰ চিৰা এবাতিৰ সপোনে তাৰ ভোকাতুৰ চকুত ভৰ কৰিলে নে?
মাজনিশা কুকুৰৰ ভুকনিত
ধপ্ ধপ্ বুকুৰে কঁপনিত
পানেয়ে উচপ খাই
ফটা কঁথা আঁতৰাই
পোনাটিৰ মুখ চাই
আথেবেথে সাবটি গায়
“সোনৰে পুতলী বাচা
মূৰ তুলি চা
শুদা পঁজাত কূটাও নাই
পানীটোপা খা”
ফটা কঁথাৰ তলত এইয়া দেখোন পোনাটিৰ চেঁচা হৈ পৰা দেহা। মাকৰ আশাৰ নিচুকনি শুনিবলৈ পোনাটি আৰু নাহে কোনোদিন। সোণালী ধানৰ সপোন, ন-চাউলৰ চিৰাৰ সপোন, সপোন হৈয়ে পৰি ৰ’ল যেন তাৰ জঠৰ দেহাত। দুখুনি পানেইৰ কলিজাৰ জোন ডুব গ’ল চিৰদিনলৈ।
বাচা নামাত কেলেই ? কি হʼল বাচা ?
দেহা চেঁচা কেলেই ? চকু মেল বাচা !
তই জঠৰ কেলেই ? বুকুৰে সোণ!
আই বুলি নামাত কলিজাৰ জোন!
অʼ মোৰ বুকুৰে সোণ
তোৰ জীৱনৰ দোকমোকালিত
মৰণৰে মূৰতি চা
কি অসহায় সেই মাতৃ। পিঠা পিঠাকৈ ভোকত থেনথেনাই থকা পুতেকক অকণমান নিসনিও যি দিব পৰা নাছিল। হাঁহাঁকাৰ কৰি উঠিছে পানেইৰ মাতৃ হৃদয় –
পিঠা পিঠা কৰিছিলি অʼ বুকুৰ সোণ
নিসনিও নিদিলোঁ অʼ পঁজাৰ জোন
তই মৰিশালিৰ চিতা জুইত আলফুলে টোপনি যা।
অই বাচা টোপনি যা।
কিন্তু এই হাঁহাঁকাৰ কান্দোনতে শেষ হোৱা নাই। বঞ্চনা আৰু দাৰিদ্ৰই পানেইক কৰি তুলিছে বিদ্ৰোহী। পুত্ৰৰ মৃতদেহ দাঙি লৈ শ শ জন বঞ্চিতৰ সতে একেলগে থিয় হৈছেগৈ পানেই। সমাজৰ অসাম্যৰ বিৰুদ্ধে বঞ্চিতজনৰ এই ঐকবদ্ধ বিদ্ৰোহে পৃথিৱী যেন কঁপাই তুলিলে। এখন নতুন সমাজৰ আশা মূৰ্ত হৈছে বিদ্ৰোহৰ ঐক্যতানত।
পানেইৰ চকু দুটি হʼল ৰঙা ফিৰিঙতি
শেষ হʼল তপত চকুলো
“চকুৰ পানীবোৰ শুকুৱাই পেলালোঁ
এইবাৰ পণ লৈ ৰণলৈ ওলালোঁ—”
পোনাটিৰ মৰাশ দুই হাতে দাঙি লৈ
বিদ্ৰোহী পানেয়ে নতুন আশা লৈ
শ শ পানেইৰ বাটটি লʼলেগৈ
পৃথিৱী উঠিলে কঁপি–
হেজাৰ পানেয়ে চিঞৰি উঠিলে
আকাশত সূৰুযে ৰঙাকৈ আঁকিলে
ন-সমাজৰে ছবি।
এইবাৰ পানেইৰ কণ্ঠত মিছা আশাৰ প্ৰতিফলন নাই। কাঙাল দিন শেষ হ’লে খুজি মাগি ন-চাউল অনাৰ প্ৰতিশ্ৰুতি নাই। সমাজৰ প্ৰকট অসাম্যৰ বোধগম্যতাই বিদ্ৰোহী কৰি তোলা পানেইৰ কণ্ঠত এইবাৰ দৃঢ়তা। ভিক্ষা নহয়, এইবাৰ অধিকাৰ কাঢ়ি অনাৰ অংগীকাৰ –
“বাচা উভতি যিদিনা আহিবি
ন ন জীৱনৰ মূৰতি দেখিবি
বৰ বৰ মানুহৰ ভঁৰালৰ পৰা মই
কাঢ়ি আনি ফল দিম
দৰব-জাতি দিম
গাখীৰ গুড় দিম
পঢ়াশালি পাতি দিম ওঁঠত হাঁহি দিম
পুতলানো কত দিম
ন ন ৰহনে সজা
উজলাবি পানেইৰ পঁজা।
এইবাৰ অতদিনে যিসকলৰ বাবে এই অসমতা বৰ্তি আছিল, এচামৰ দুৰ্দশাৰ বিনিময়ত যিসকলে গঢ়ি তুলিছিল ঐশ্বৰ্য-বিভূতিৰ পাহাৰ, সেইসকলৰ পতনৰ দিন চমু চাপিল
ভোকত শুকাব মন্ত্ৰী-ৰজা
আৰু যত আছে চোৰ মহাৰজা
সমতাৰ গানেৰে মুখৰিত হ’ব নতুন সমাজ। নতুন গাঁও। ধানভৰা গাওঁ। আৰু সেই ৰাংঢালী আকাশত পোনাকণৰ জীৱনৰ ধ্বজা উৰি থাকিব। পোনাকণৰ মৃত্যুৱে বিদ্ৰোহৰ অগনি জ্বলাই অসাম্যৰ বিৰুদ্ধে গৰজি উঠাৰ যি প্ৰেৰণা যোগালে, সিয়েই সেই মৃত্যুক মহীয়ান কৰিলে। সেয়েহে চিতাক সাবটি লোৱা পোনাকণে যেন এই মৰা সমাজক জীয়াই তুলিলে, নিজৰ মৰণৰ মাজেদি।
ধান ভৰা গাঁৱৰে ৰাংঢালী আকাশত
তেতিয়াই উৰুৱাম তোৰেই জীৱনৰ ধ্বজা
বাচা টোপনি যা
আমাৰে মইনা শুব এʼ
চিতাকে সাবটি লʼব এʼ
মৰণৰ মাজেদি জীয়াই তুলিব
মৰা সমাজৰে মন
অই বাচা টোপনি যা
তই মৰিশালিৰ চিতাজুইত
আলফুলে টোপনি যা।
এই গীতটোৰ কম প্ৰচলিত আৰু এটি ভাৰ্চন আছে। ভূপেন হাজৰিকা আৰু কুইন হাজৰিকাৰ কণ্ঠত। তাত কথাংশৰ সামান্য পৰিবৰ্তন কৰা আছে। “চকুৰ পানীবোৰ শুকুৱাই পেলালোঁ” শাৰীটোৰ পাছত আছে “ভিক্ষাৰ সঁজুলি দলিয়াই পেলালোঁ” শাৰীটো। আকৌ “বৰ বৰ মানুহৰ ভঁৰালৰ পৰা” অংশখিনিৰো কিছু পৰিবৰ্তিত ৰূপ এই গীতটোত আছে—
“বাচা উভতি যিদিনা আহিবি
ন ন জীৱনৰ মূৰতি দেখিবি
জোনবায়ে হাঁহি থকা আকাশৰ পৰা মই
মিঠা পিঠা আনি দিম
দৰব-জাতি দিম
গাখীৰ গুড় দিম
পঢ়াশালি পাতি দিম
মূখত হাঁহি দিম
পুতলানো কত দিম
ন ন ৰহনে সজা
উজলাবি পানেইৰ পঁজা।
“জোনবায়ে হাঁহি থকা আকাশৰ পৰা মই মিঠা পিঠা আনি দিম” এই বাক্যটো কৰা হয়, “বৰ বৰ মানুহৰ ভঁৰালৰ পৰা মই কাঢ়ি আনি ফল দিম”।
প্ৰথমটোৰ কাব্যিক ব্যঞ্জনাক পৰিবৰ্তন কৰি পাছৰ গীতটোত পানেইৰ বিদ্ৰোহক আগতকৈও স্পষ্ট আৰু দৃঢ় কৰি তোলা হয়।
গানটোৰ সুৰ:
লোক-সংগীতৰ সুৰক আধুনিক গীতত প্ৰয়োগ কৰাৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ দক্ষতা অসাধাৰণ। গীতৰ কথাৰ সৈতে স্বত:স্ফূৰ্তভাৱে বিভিন্ন লোক-সংগীতৰ সুৰ যেন গাঁথ খাই পৰেহি। খাঁটি খোৱা মানুহৰ কথা ক’বলৈ সেই খাঁটি খোৱা মানুহৰ প্ৰাণৰ সুৰবোৰকেই তেওঁ বুটলি লৈছিল। আৰু সেই লোক-সুৰ আৰু লোক-কথাক নিজৰ অপৰিসীম সৃষ্টিশীলতাৰে গণ-সংগীতলৈ ৰূপান্তৰিত কৰিছিল। এই গীতটোত প্ৰথম অংশত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে নিচুকনি গীতৰ সুৰ আৰোপিত হৈছে। প্ৰথম অংশত কথকে বৰ্ণনা কৰা কাহিনীৰ পটভূমিৰ সুৰটোৱে বৰ সুন্দৰকৈ ছবিখন ফুটাই তুলিছে। নৈৰ পাৰত ভগা পঁজা এটিত কাতিমহীয়া কাঙাল দিনত মাক-পুতেকৰ অসহায় অৱস্থাটো কথাৰ লগতে সুৰতো ফুটি উঠিছে। এই অংশখিনিৰ লগতে “আই ভোক লাগিছে আই ভাত দে –” অংশখিনিতো নিচুকনিৰ সুৰ এটা প্ৰচ্ছন্ন হৈ আছে। তাৰপাছত “আমাৰে মইনা শুব এ’, সোনালী ধাননী দাব এ” অংশত সম্পূৰ্ণ ৰূপে নিচুকনি গীতৰ সুৰটোকেই প্ৰয়োগ কৰিছে। নিচুকনি গীতৰ বিশেষত্ব হৈছে তাৰ একঘেয়ামী ছন্দ আৰু সুৰ। একেকেইটা স্বৰ একেটা ছন্দত বাৰম্বাৰ গাই থকাৰ ফলত কেঁচুৱাৰ টোপনি আহে সহজে। পেণ্ডুলাম এটা যেনেকৈ এটা নিৰ্দিষ্ট ছন্দত একেটা পথেৰে পৰিক্ৰমণ কৰি থাকে, মাকে কেঁচুৱা শুৱাবৰ সময়তো কোলাত লৈ সেই একেটা নিৰ্দিষ্ট দোলনাত দোলাই থাকে। আৰু এই একঘেয়া দোলনটোৰ সৈতেই খাপ খাই গভীৰ মমতাময় সুৰ এটাৰ উৎপত্তি হয় মাকৰ কণ্ঠত। নিচুকনি গীতৰ সুৰটো সম্পৰ্কত লোক-সংগীতৰ গৱেষক হেমাংগ বিশ্বাসে বৰ্ণনা কৰা কথাখিনি প্ৰণিধানযোগ্য – তেখেতে “অসম আৰু বংগৰ লোক-সংগীত সমীক্ষা”ত বিশ্লেষণ কৰি দেখুৱাইছে যে এই সুৰ চতু:স্বৰিক।
আমাৰে মইনা শুব এ’
বাৰীতে বগৰী ৰুব এ’
বাৰীৰে বগৰী পকি সৰি গ’লে
মইনাই বুটলি খাব এ’
সা ৰে গা -, ৰে গা গা -, ৰে গা – গা,
ৰে গা – গা, ৰে গা – গা, ৰে গা – গা
গা – ৰে গা গা গা ৰে ৰে গা – ৰে সা ৰে সা ধ্
ধ্ সা ৰে সা গা – – ৰে সা সা – সা -।
তেখেতে উল্লেখ কৰিছে “এই গানবোৰৰ সুৰ কোনো ভঙা সুৰ নহয়, নতুবা কোনো উচ্চাংগ গীতৰ কেঁচা উপকৰণো (raw material) নহয়। এই সুৰবোৰ স্বয়ং সম্পূৰ্ণ আৰু এইবোৰৰ মাজত সামাজিক ভাবানুষংগ (social association)ৰ মানৱিক সম্পৰ্ক (human relations)ৰ এনে প্ৰাদুৰ্ভাৱ, যাক অন্য পৰিৱেশত ৰূপ দিয়া (reproduce) প্ৰায় অসম্ভৱ।”
উল্লেখযোগ্য যে লোক-সুৰৰ বিৱৰ্তনলৈ চালে এই কথা স্পষ্ট হয় যে সময়ৰ লগে লগে বা সমাজৰ বিকাশৰ লগে লগে লোক-সুৰতো ত্ৰিস্বৰিক আৰু চতু:স্বৰিক সুৰৰ ঠাইত পঞ্চস্বৰিক সুৰৰ বিকাশ হয়। সমগ্ৰ পৃথিৱীৰ লোক-সংগীতত এনে পঞ্চস্বৰিক সুৰৰ প্ৰাদুৰ্ভাব মন কৰিবলগীয়া। কিন্তু তাৰ পাছতো বহুতো সুৰ, বিশেষকৈ মহিলাসকলৰ দ্বাৰা সৃষ্ট বহু সুৰত চতু:স্বৰিক সুৰে প্ৰাধান্য পায়। হেমাংগ বিশ্বাসৰ মতে “উপজাতি স্তৰৰ পৰা অধিজাতি স্তৰলৈ বিকাশ লাভ কৰিলেও তিৰোতাসকলৰ ‘ৰক্ষণশীলতা’ই অতীতৰ উপজাতি স্তৰৰ ঐতিহ্যক বহু পৰিমাণে ৰক্ষা কৰিছে।”
নক’লেও হ’ব যে উপজাতি স্তৰৰ স্বাক্ষৰ বহনকাৰী এই নাৰী-সৃষ্ট চতুস্বৰিক নিচুকনি গীতৰ প্ৰয়োগৰ ফলত “এন্ধাৰ কাতিৰ নিশাতে” গীতটোৱে শ্ৰোতাক কৰুণ, মমতাময় আবেদনেৰে সিক্ত কৰে। আকৌ “সোণৰে পুতলি বাচা, মূৰ তুলি চা” অংশতো প্ৰয়োগ কৰা হৈছে নামনি অসমৰ মহিলাসকলে গোৱা বিয়ানামৰ সুৰ।
“উপেদি যায় উৰা জাহাজ তাৰো দুখান পাখা
মোকে লাগি আনি দিয়া হাতীদাঁতৰ শাখা”
শ্ৰমজীৱী মানুহৰ প্ৰাণৰ পৰা উদ্বেলিত সুৰবোৰ পৃথিৱীজুৰি প্ৰায় একেই হয়। এই কথা ভূপেন হাজৰিকাই নিজেও বহুবাৰ কৈছে। এই বিয়ানামটোৰ সুৰৰ ক্ষেত্ৰত সামঞ্জস্য থকা এটা মেক্সিক’ৰ লোক-সংগীতৰ কথা তেখেতে উল্লেখ কৰিছে ডুবাইত পৰিবেশন কৰা এক অনুষ্ঠানত (https://www.youtube.com/watch?v=wC6kxUe1cwQ&t=13s)। পল মেচন হাৱাৰ্ড আৰু পল ৱেষ্টনে (Paul Mason Howard / Paul Weston) ৰচনা কৰা গানটো জো ষ্টফৰ্ডৰ (Jo Stafford) কণ্ঠত ১৯৫১ চনত ৰেকৰ্ড হৈছিল আৰু অতি জনপ্ৰিয় হৈছিল। সাগৰৰ পাৰৰ পৰা দূৰৈত মাছমৰীয়াৰ (Shrimp fish ধৰিবলৈ যোৱা) নাওঁ দেখি ঘৰত অকলশৰে ৰৈ থকা মাছমৰীয়াৰ ঘৈণীয়েকে উলাহত গোৱা গান –
(https://www.youtube.com/watch?v=b1dz1YRXdOA)
Shrimp boats is a-comin’
Their sails are in sight
Shrimp boats is a-comin’
There’s dancin’ tonight
সি যি নহওক, নামনি অসমৰ কোনোবা ঘৈণীয়েকে গিৰিয়েকক হাতীদাঁতৰ শাখা আনি দিবলৈ ধৰা আব্দাৰ বা মেক্সিক’ৰ স্ৰীম্প মাছ মাৰি উভতি অহা গিৰিয়েকক সোনকালে আহিবলৈ ধৰা আব্দাৰৰ এই সুৰ আহিছে দুখুনী পানেইৰ কণ্ঠলৈ। মাজনিশা পুতেকক পানী এটুপি খাই পিয়াহ পলুৱাবলৈ ধৰা আব্দাৰ ৰূপে, “শুদা পঁজাত কূটাও নাই পানীটোপা খা”।
কথকৰ বৰ্ণনাখিনিতো নিচুকনিৰ কৰুণ সুৰটোৱেই মূল ভিত্তি। আকৌ শেষৰফালে বিদ্ৰোহৰ কথাখিনিতো একেকেইটা স্বৰ সমস্তিৰে সম্পূৰ্ণ এক ভিন্ন মুডৰ সৃষ্টি হৈছে। খং-ক্ষোভৰ বহি:প্ৰকাশৰূপে “ভোকত শুকাব মন্ত্ৰী ৰজা” উচ্চ স্বৰলৈ গতি কৰিছে। আকৌ বিদ্ৰোহৰ পাছত এখন নতুন সমাজৰ ছবিয়ে সুৰটোত অলপ আশা আৰু আনন্দৰ ৰঙো ছটিয়াই দিছে – ধানভৰা গাঁৱৰে ৰাংঢালী আকাশত” এই অংশখিনিত। কিন্তু গানটো শেষ হৈছে প্ৰথমৰ সেই কৰুণ নিচুকনি সুৰটোৰে। কাহিনী এটাৰ যোগাত্মক পৰিণতিৰ স্বস্তি ইয়াত নাই। প্ৰতিবাদ বা বিদ্ৰোহৰ দ্বাৰা অধিকাৰ প্ৰাপ্তিৰ আশাবাদ এটা থাকিলেও গানটোৱে শ্ৰোতাক এই ‘মৰা সমাজৰ’ কৰুণ বাস্তৱৰ কথা এক পলকৰ বাবেও পাহৰি যাবলৈ দিয়া নাই। গানটো শুনি শেষ হোৱাৰ পাছতো পোনাকণৰ চিতাৰ জুয়ে শ্ৰোতাক দগ্ধ কৰি থাকে অবিৰাম। তাতেই গানটোৰ সাৰ্থকতা।
তাল আৰু লয়:
নিচুকনি গীতৰ দোলনৰ লয়টো গানটোৰ অধিকাংশ জুৰি আছে। তালবিহীনভাৱে গোৱা কথকৰ প্ৰথমাংশৰ বৰ্ণনাখিনিতো এই লয়টো মন কৰা যায়। গানটোৰ মুডৰ সৈতে তালো সলনি হৈ গৈ থাকে। প্ৰথমে আৰম্ভ হয় তালবিহীনভাৱে। তাৰপাছত নিচুকনি অংশৰ দাদৰা তাল, মাজত আকৌ তালবিহীন অংশ, “বাচা উভতি যিদিনা আহিবি সিদিনা—” অংশত কাহাৰবা আৰু শেষত আকৌ নিচুকনিৰ দাদৰা তালেৰে শেষ হয়।
গায়কী:
গানটো পুৰুষ আৰু নাৰীৰ দ্বৈত কণ্ঠত পৰিবেশন কৰা হয়। প্ৰথম ভাৰ্চনটোত ভূপেন হাজৰিকাৰ লগত কণ্ঠদান কৰিছিল কুইন হাজৰিকাই (সুদক্ষিনা শৰ্মা) (https://www.youtube.com/watch?v=h5eRFYYz1D0)। ৰেডিঅ’ আদিৰ যোগেৰে বেছিকৈ প্ৰচলিত পাছৰ ভাৰ্চনটোত ভূপেন হাজৰিকাৰ লগত কণ্ঠদান কৰিছে অঞ্জু দেবীয়ে (https://www.youtube.com/watch?v=9eTnxSoTlwg)। দুটা ভাৰ্চনৰ কথা আৰু সুৰৰ সামান্য সাল-সলনি আছে। দুয়োটাৰে গায়কী অতি সুন্দৰ। কথকৰূপে ভূপেন হাজৰিকাৰ প্ৰক্ষেপণ মন কৰিবলগীয়া। ‘পানেইৰ কামীহাড় সাবটি তাইৰ পোণাকণে ফেকুৰে’ বুলি কওঁতে বা ‘কান্দি কাতি ভাগৰি, আই বুলি চিঞৰি, পোণাটি টোপনি যায়’ অংশখিনি গাওঁতে চেপি থোৱা কান্দোন এটা স্পষ্টভাৱেই কণ্ঠত শুনা যায়। তেনেকৈ গোটেই গানটোতে অন্তৰৰ পৰা নিগৰি অহা দুখ অকৃত্ৰিমভাৱে কণ্ঠত প্ৰকাশ পাইছে। বিদ্ৰোহৰ কথাখিনি গাওঁতেও তাত ক্ষোভৰ উদ্গীৰণ স্পষ্টভাৱে শুনা যায়।
নাৰী কণ্ঠ দুটাৰ গায়কীও গানটোৰ লগত খাপ খোৱা। অঞ্জু দেবীৰ শক্তিশালী কণ্ঠ ভূপেন হাজৰিকাৰ সৈতে এনেও খুব ৰজিতা খায়। এইটোতো তেওঁৰ কণ্ঠৰ দৃঢ়তা আৰু কোমলতা দুয়োটায়েই বৰ সুন্দৰভাৱে গানটোৰ প্ৰয়োজন পূৰ কৰিছে। কুইন হাজৰিকাৰ কণ্ঠও এই গানটোৰ লগত অতিশয় খাপ খোৱা। নি:স্ব, অসহায় মাতৃ এগৰাকীৰ হাঁহাঁকাৰ কণ্ঠত বৰ সুন্দৰকৈ ফুটি উঠিছে।
গানটোৰ ৰূপান্তৰ:
ভূপেন হাজৰিকাৰ প্ৰায় সকলোবোৰ গানেই বাংলাভাষালৈ ৰূপান্তৰ হৈছে। এই গানটোও শিবদাস বন্দোপাধ্যায়ে বাংলালৈ ৰূপান্তৰ কৰিছে। বাংলাত একক কণ্ঠত ভূপেন হাজৰিকাই গীতটো পৰিবেশন কৰিছে।
বহু গীত অনুবাদ কৰাৰ পাছত তাত মূল গীতৰ আবেদনটো নাথাকে। এই গীতটোৰ ক্ষেত্ৰতো তেনেকুৱাই হ’ল। পানেই হৈ গোৱা নাৰী কণ্ঠৰ অনুপস্থিতিৰ লগতে গীতৰ কথাইও শ্ৰোতাক অসমীয়াটোৰ দৰে আকৃষ্ট নকৰে। বিশেষকৈ কাতিৰ কঙালী আঁতৰি যোৱাৰ পাছত আঘোণৰ পথাৰৰ ন-চাউল আনি চিৰা ভাজি দিয়াৰ যি ব্যঞ্জনা, সেই ব্যঞ্জনা ‘মুড়ি দেব কাল সকালে’ত অসমৰ শ্ৰোতাই বিচাৰি নোপোৱাটোৱেই স্বাভাবিক।
আমাৰ খোকন ঘূমল
ক্ষুধাৰ জ্বালা জুৰল
মূড়ি দেব কাল সকালে
বাতি ভৰে ভৰে খেয়
সামৰণি:
বৰ্তমান সময়ত অধিকাংশ শ্ৰোতাৰ বাবে গান মানেই যেন নাচৰ এক আহিলা। উচ্চগ্ৰামত, দ্ৰুত ছন্দত মঞ্চৰ ওপৰত চলি থকা কিছু কোলাহল নাইবা টি ভিৰ পৰ্দাত ৰঙীন মায়াময় লাইটৰ পোহৰত গায়ক গায়িকাই হাতৰ লয়লাসেৰে টানি অনা কিছু সুৰ। এনে পৰিবেশত পানেইৰ পোনাকণক বিচাৰি পোৱাটো প্ৰায় দু:সাধ্য। সেয়েহে কোনো জনপ্ৰিয় অনুষ্ঠানৰ কাৰ্যক্ৰমণিকাত কাহানিও অন্তৰ্ভূক্ত নহয় এই গান। কোনোবা ব্যক্তিগত টি ভি চেনেলে বনোৱা ভূপেন হাজৰিকাৰ দহটা, বিশটা শ্ৰেষ্ঠ গানৰ তালিকাতো কোনোদিনে অন্তৰ্ভূক্ত নহয় এই গান। পিছে যিসকল প্ৰকৃততেই সংগীতৰ ৰসগ্ৰাহী শ্ৰোতা আৰু লগতে সমাজৰ তীব্ৰ অসাম্যৰ ছবিয়ে যাক কিছু হ’লেও অশান্তিত ভোগায়, তেওঁলোকে অন্তত: ‘এন্ধাৰ কাতিৰ নিশাতে’ গীতটোক এক অন্যতম শ্ৰেষ্ঠ অসমীয়া গীত বুলি ক’বলৈ অকণো দ্বিধাবোধ নকৰে।
খুব সুন্দৰকৈ গীতটিৰ বিশ্লেষণ কৰা হৈছে।গতীটিৰ বিশ্লেষণৰ লগতে লোকসংগীতৰ কিছু কথাও লিখাৰ বাবে গীতিটিৰ সুৰবিন্যাস সকলোৱে বুজিপোৱাত নিশ্চয় সুবিধা হ’ব।আগলৈও অসমৰ কিছু যুগজয়ী চিৰসেউজ গীতৰ বিশ্লেষণ কৰিবলৈ অনুৰোধ জনালো।