৬ষ্ঠ বছৰ (তৃতীয় সংখ্যা)অতিথি সম্পাদকৰ চ'ৰাগল্প-কবিতাষষ্ঠ বছৰ

এটা কুৰি শতিকাৰ সাধু (ত্ৰিদীৱ নীলিম দত্ত)

(কুৰি শতিকাৰ সাধু নামটোৱেই আচলতে খাপচৰা। কাশীৰ পৰা অসমৰ বিশ্ববিদ্যালয়ত সংস্কৃত পঢ়াবলৈ আহি ইয়াতে বিয়া-বাৰু কৰাই অসমীয়া গল্পৰ সমালোচক হোৱা বিনোৱা মণ্ডলৰ মতে গল্প হ’ল গল্প আৰু সাধু হ’ল সাধু। বচ! ইয়াৰ পাছত কাৰো ক’বলৈ একো নাথাকিল। কিন্তু সাধুবোৰ জুহালৰ কাষত বা গৰমকালি চোতালত জোৰ লৈ নাতিয়েকহঁতৰ আগত নকৈ আলোচনা সভাত পাঠ কৰিলে হয়তো গল্পই হ’ব-এই কথাও মণ্ডলে লগতে কৈ বেমেজালি লগাই দিলে। তাতে আকৌ সাধুত থাকে ৰজা-মহাৰজা, হালোৱা-হজুৱাৰ কাহিনী। এইবোৰ কওঁতাজন সাধাৰণতে অনাখৰী, বৃদ্ধ আৰু শুনোতাসকল পেন্দুকণা, নাকমচা, অঘাইটং কণমাণি। গল্প কওঁতাসকল আকৌ অধ্যাপক, শিক্ষক, বিষয়া আৰু শুনোতাসকল শিক্ষিত পাঠক, ভদ্ৰ লোক। গল্প কোৱাৰো ধৰণ আছে, সাধুৰ দৰে এফালৰ পৰা কৈ গ’লেই নহ’ব। নতুন ‘ফৰ্ম’ দিব লাগিব। আনহাতে কাহিনীয়ে সাধুৰ ৰূপ ল’ব পাৰে যদিহে এনেকৈ কোৱা হয়-)

হঠাতে হোৱা চিঞৰ-বাখৰত নন্দ উচপ খাই উঠিল। কিনো হৈছে বুলি কাণ উনাওতেই বাঁহ দুডালত দিবলৈ লোৱা গাঁথিটো ঢিলা হ’ল। ঘৰৰ পাছফালে জাৰণিখনত থকা ডাউককেইটাই আটাহ পাৰিলে। সিহঁতৰ চিঞৰত ঘৰটোৰ মূধচ চোৱা বাঁহ কেইজোপাত থকা কাউৰীৰ বাঁহটোত খৰমৰনি বাঢ়িল। বাঁহটোৰ পৰা শুকান বিষ্ঠা আৰু জাবৰৰ গুড়ি আহি টিঙত পৰিলহি। বাঁহপাতবোৰ টিঙত ঘনাই পৰাত কিনকিনীয়া বৰষুণৰ দৰে শব্দ হ’ল।

মদাহী কেইটা নেকি? কিন্তু সিহঁতেতো ইমান হুলস্থূল নকৰে। কেতিয়াবা উকি মাৰে, অবাইচ মাত মাতি নিজৰ মাজতে কাজিয়া কৰে নতুবা বমি কৰি কৰি পথৰ ওপৰতে শুই থাকে। কোনোবাই গালি পাৰিলে শিৱৰ শপত দি নামাৰিবলৈ কাউবাউ কৰে আৰু ঢলং পলংকৈ আঁতৰি যায়। তেন্তে ইমান হুলস্থূল কোনে কৰে?—বগা ৰং লুকুৱাই পথাৰৰ বোকাৰ ৰং লোৱা গেঞ্জীটোৰ ওপৰত হাত বুলাই দি নন্দই ভাবে— তেন্তে সিহঁত আগতেই আহি পালেহি নেকি?—নন্দৰ শৰীৰেৰে এটা তড়িৎ শিহৰণ বৈ গ’ল। নাৰিকলৰ জৰীৰ মুঠাটো দুভৰিৰে চেপি ধৰিলে। আঁহবোৰে ভৰিত বিন্ধিলে। জৰীৰ দাগ লাগি কলাফুলত তেজৰ সেৰা বহিল।

কোঠাটোৰ চুক এটাত মিলিক ভাং কুটাত ব্যস্ত। লালি ধপাত বা ভাঙৰ চিলিম এটা পালে তাক আৰু একো নালাগে। বাহিৰত হোৱা হুলস্থূলবোৰত সি কেৰেপ কৰা নাছিল। এটা যন্ত্ৰৰ দৰে সি মাথো ধপাত কুটি গ’ল। টুলখনত কটাৰীৰ অনৰ্গল শব্দ হয়— কটপ্ খট্ কটপ্ খট্ কটপ্ খট্। কুৰুকি কুৰুকি খান্দি পেলোৱা পাহাৰ এটাৰ মাজত ওলোৱা প্ৰকাণ্ড শিলৰ টুকুৰাৰ দৰে গালৰ হনু দুটা মোহাৰি মোহাৰি নন্দই মিলিকক সুধিলে—বাহিৰত হুলস্থূল শুনিছনে?

বহু যুগৰ অলসতা ভাঙি সাৰ পাই উঠাৰ দৰে মিলিকে লাহে লাহে মূৰ তুলি চালে। তাৰ মুখত প্ৰৱল বিৰক্তিৰ চিন। নিদ্ৰাবিহীন দুচকু, নুখুৰোৱা দাড়ি, মৰাপাটৰ পুৰণি জৰীৰ এৰাই যোৱা আহঁবোৰৰ দৰে ৰঙাচুলীয়া জপৰা মূৰটোৰে তাক সভ্যতাৰ পৰা হেৰাই যোৱা কল্পকাহিনীৰ কোনো নায়ক যেন লাগিছিল। মঙহৰ চিনচাব নথকা কংকালৰ দৰে দেহটো লৰচৰ কৰি সি এক বিশেষ ভংগীমাত কটাৰীখন শূন্যত দাঙি ধৰিলে। কটাৰীখনৰ দীঘল ছাঁ আহি বেৰত পৰিলহি। সি কাণেৰে কিবা এটা উনালে। তাৰপাছত চকু দুটা মুদি থুঁতৰিত হাতটো দি ওপৰৰ উঁৱলি যোৱা টিংবোৰলৈ চাই থাকিল। হঠাতে সি ধপাত কুটা টুলখনতে মুৰটো থৈ খিকখিকাই হাঁহি পেলালে।

: টুৱেন্টি টুৱেন্টি ক্ৰিকেট বুজিছ। ইয়াত আউট হ’লেও নাচে, ৰাণ ল’লেও নাচে। দাংকাটিহঁতক নাচিবলৈ চেলু এটা লাগে আৰু। সিহঁতৰ নঙঠা গা-মুৰ দেখি চাগে সৌ হোষ্টেলৰ ল’ৰাহঁতে আটাহ পাৰিছে।—কটাৰীখন মাটিতে জোৰেৰে কোবাই কোবাই মিলিকে ক’লে।

কথা কওঁতে মিলিকৰ মুখেৰে লেলাউতি বৈ আহি মাটিত পৰো নপৰোকৈ ৰ’লহি। কেতিয়াবা চিকাৰ বিচাৰি জালখনৰ এদাল সূতাত ওলমি দুলি থকা মকৰাৰ দৰে তাৰ লেলাউতিৰ আগ অংশ মাটিৰ ওপৰত দুলি থাকিল। তাৰ কটাৰীৰ কোবত মাটিত সামান্য দাগ হ’ল। তথাপিও মাটিত তাৰ কোব চলি থাকিল। এপাকত সি ভৰি দুটা মেলি দিলে, লুঙীখনৰ ফাঁকেৰে তাৰ অন্তৰ্বাসটো ওলাই পৰিল। কাষৰ হোষ্টেলটোত জেওৰা দিয়াৰ কাম কৰোঁতে কোনোবাই মটৰ চাইকেল মচিবলৈ বুলি থোৱা ফটা অন্তৰ্বাসটো আনি যোৱা কেইবামাহো ধৰি সি পিন্ধি আছে। ফাটি চিৰাচিৰ হৈছে তথাপি সি পিন্ধিবলৈ এৰা নাই। নন্দই মিলিকৰ পৰা চকু ফিৰাই আনিলে।

নন্দ বহাৰ পৰা উঠিল। কোঠাটোৰ চুকত থকা কলহটোৰ পৰা পানী এঘতি লৈ পি খালে। গামোচাখনেৰে মুখখন মচোতে কোঠাটোত এবাৰ চকু পৰিল। কোঠাটো যুদ্ধক্ষেত্ৰৰ দৰেই বিশৃংখল হৈ পৰিছে। অ’ত-ত’ত পৰি থকা বাঁহৰ টুকুৰাবোৰ যেন একো একোজন মৃত সৈনিকহে। আৰু বাঁহৰ চোঁচবোৰ যেন ভাঙি পৰা একো একোপাত অস্ত্ৰ। নন্দই মুখখন ঘূৰাই আনিলে। আজি নিশাটোৰ ভিতৰতে কৰিবলৈ নন্দৰ বহুতো কাম আছে। এক অদৃশ্য সেনা নায়কৰ নিৰ্দেশ মানি গোটেই নিশা কাম কৰিবলৈ সি আজি বাধ্য।

দূৰৈত কোনোবাই ফটকা ফুটাইছে। উকি আৰু চিঞৰ বাখৰবোৰ লাহে লাহে বাঢ়ি আহিছে। তাৰ মাজতে উত্তাল সংগীতৰ সুৰো ভাঁহি আহিল। অতি জোৰকৈ মৰা দুটামান অশ্লীল শব্দৰ ভগ্নাংশ আহি তাৰ মগজুত খুটি পুতিলেহি। এইবাৰ চিঞৰ-বাখৰত চৰাইবোৰ সাৰ নাপালে। নন্দ মাটিতে বহি পৰিল। নাৰিকলৰ জৰীবোৰ সমানকৈ কাটিলে। চাৰিদালকৈ জৰী গাঁথি দি একোডাল শকত ৰচি বনালে। “এইবাৰ বেৰিকেড আৰু মজবুত হ’ব লাগিব। গাঁথিবোৰ আৰু বেছি টান কৰিব লাগিব।”—নন্দই ভাবিলে।

হুটুৰ—

হঠাতে বেৰখনত এটা কোব পৰে। নন্দ উচপ খাই উঠে। গোবৰ-মাটি সনা বেৰখনৰ সৈতে মিলি থকা নোদোকা জেঠী এটাই ক’লা ৰঙৰ ডাঙৰ পোক এটা ধৰি বেৰখনতে এটা কোব দিলে। পাছৰটো কোব নিদিয়া পৰ্যন্ত সি কিছুসময় চকু দুটা মুদি নিশ্চল হৈ ৰ’ল।

হুটুৰ হুটুৰ হুটুৰ হুটুৰ—

নন্দৰ মনলৈ কলহী নদীৰ পাৰত গাঁত খন্দাৰ দৰে শব্দ ভাঁহি আহে। বাৰম্বাৰ এনে শব্দ হয়। বাৰে বাৰে নন্দৰ মনলৈ কলহী নদীৰ পাৰটো মনলৈ আহে। বালিৰে গাঁতটো ঢাকি দিয়াৰ দৰে নন্দই ঘটনাটো মনতে ঢাকিবলৈ যত্ন কৰে, কিন্তু হাৰি যায়। বাৰে বাৰে হাৰি যায়।

অ’ হৰি অ’ ৰাম—শ্লোক উচ্চাৰণৰ মাজতে বগা কাপোৰেৰে ঢকা মহিলাৰ দেহটো গাঁতৰ ভিতৰলৈ সোমাই যায়। মুহুৰ্ততে নোহোৱা হৈ যায় মানুহৰ দেহ এটা। সম্পূৰ্ণ দেহ এটা। কিন্তু ক’তো এটাও উচুপনিৰো শব্দ নাছিল। বতাহৰ চেৰচেৰ শব্দ আৰু ঘাটটোত আচাৰি থকা নদীৰ পানীৰ জৰপ্ জৰপ্ শব্দই যেন নতুন ভংগীমাৰে শোকৰ বতৰা দি গৈছিল। ইমানেই অভিশপ্ত আছিল নে সেই দেহ? যাৰ জুইত পুৰি মুক্তি পোৱাৰো অধিকাৰ নাছিল।

বেৰত পুনৰ শব্দ হয়। নন্দৰ সম্বিৎ ঘুৰি আহে। তেওঁ থিয় হয়। লেমটোৰ ফিটাদাল বঢ়াই দিয়ে। মিলিক তেতিয়াও টুলখনতে মুৰ থৈ শুই আছিল। বেৰত হোৱা শব্দৰ দিশেৰে নন্দৰ চকু গ’ল। বেৰৰ জলঙা ঢাকিবৰ বাবে চৰকাৰী সভা এখনৰ পৰা বুটলি অনা কাগজখনৰ মাজভাগ ঠাৰি ভঙা কলপাতৰ দৰে বেঁকা হৈ আছিল। জেঠীটোৱে কামুৰি ধৰা পোকটো তাৰে এটা চুকত কোবাই আছিল। ছবিখনত থকা কৃষকজনৰ মূৰৰ ওপৰতে জেঠীটোৱে পোকটো কোবাই আছিল। খেতিয়কজনৰ হাতত এফালে ধানৰ দাঙৰি এটা, কাঁচি এখন আৰু আনফালে দুটা সন্তান আৰু হাঁহি থকা তেওঁৰ পত্নী। তেওঁলোকৰ পাছফালে দামুৰীটোৰ সৈতে ঘাঁহ খাই থকা গাই এজনী। আঁতৰত দেখা যায় এখন ভৰুণ পথাৰ। কাগজখনৰ পৰা নন্দই চকু ঘূৰাই আনিলে।

আঁঠু দুটা ভাজ কৰি তাৰ ওপৰতে মূৰটো থৈ নন্দ বহি পৰিল। ভৰি দুটা হাত দুখনেৰে চেপি ধৰিলে। এপাকত মজিয়াখনলৈ তেওঁৰ চকু গ’ল। কোঠাটো বিশৃংখল হৈ পৰিছে। জীৱনটোত কিবা এটা শৃংখলা লাগক বুলি কাম কৰিবলৈ ল’লেই কোঠাটো বিশৃংখল হৈ পৰে। অৱশ্যে কোঠা মানেনো কি, এটা বাঁহৰ চালি দিয়া ষ্ট’ৰ ৰুম। ইয়াতে বিষ্ণু ঠিকাদাৰে চাদ ঢালিবলৈ ভাৰাত দিয়া কাঠৰ তক্তা ৰাখিছিল। যোৱাবছৰ ডাঙৰ বিল্ডিং এটাৰ ঢালাই দিয়া চাদখন তক্তা ভাঙি খহি পৰাৰ পাছৰে পৰা বিষ্ণুৱে এই কাম এৰি দিছিল। ৰুমটো এনেই পৰি থকাত বিষ্ণুৰ মহৰী নুৰুলে নন্দ আৰু মিলিকক ইয়াতে থাকিবলৈ দিছিল।

‘কামটো আজি যেনে তেনে হ’বই লাগিব। নহ’লে পাছত কাম নাপালে মোক নুদূষিবি। এইবোৰ চৰকাৰৰ ঘৰৰ কথা। সিহঁত কাইলৈ আহিব বুলি গম পাইছে। এতেকে আজি ৰাতিৰ ভিতৰতে কামটো কৰি দিবি।’ কুজুৰৰ পুতেকৰ কথাবোৰ নন্দই পাগুলি থাকিল।

কুজুৰৰ পুতেক নুৰুল কুজুৰৰ দৰে সৰল নহয়, কঠোৰ। সি অনবৰতে খঙত থাকে। কুজুৰে সকলো সময়তে হাঁহি মুখে থাকিছিল। কুজুৰে নন্দক কথাই প্ৰতি সাৱটি ধৰিছিল। নুৰুলে কথাই প্ৰতি নন্দক গালি-গালাজ কৰে। নন্দই এনেদৰে তুলনা কৰিলেও মুহূৰ্ততে আকৌ ভাবে—ডেকা তেজ যেতিয়া খংটো অলপ বেছি হ’বই। তদুপৰি নুৰুলে ভাত মুঠিৰ যে যোগাৰ কৰি দিছে সেয়াই বহুত। কাম নথকা দিনবোৰতো সি চাউল, দাইল, টকা-সিকা দি যায়হি।

এৰা, বহুবোৰ কথাই নন্দৰ মনত আছে। কুজুৰে নন্দৰ সৈতে সখী পাতিছিল। সেইদিনা তাৰ নিজকে ৰজাৰ দৰে লাগিছিল। সি বহুদিন ধৰি বাপেকক কুটুৰি আছিল। কুজুৰৰ ঘৰত ভোজ-ভাতৰ আয়োজন হৈছিল। ধান ভঁৰালত তোলাৰ পাছত দুখন গাঁৱৰ মানুহে ভাত, মাংস, মুড়ি, দৈ, চিৰা খাইছিল। সকলোৱে হাতে হাতে অনা উপহাৰবোৰ কুজুৰ আৰু নন্দই পিটিকি পিটিকি চাইছিল। সিহঁত দুটাক আৱৰি লৈ সকলোৱে গাইছিল—

‘অ’ আমাৰ প্ৰাণৰ সখী

আইঅ’ আমাৰ বাৰী

ধান কাইট্যা বাৰীত আনছি

খাইমু ধানে মুড়ি সখীৰে।

অ’ প্ৰাণৰ সখী’

এয়াই আৰম্ভণি। বহুবোৰ কথা শেষ নোহোৱাকৈ ৰাখি সময়বোৰ পাৰ হৈ গৈছিল। নন্দ-কুজুৰহঁতৰ গাওঁ দুখন একেই থাকিল। মানুহবোৰ একেই থাকিল। কিন্তু পথাৰবোৰ নাথাকিল। এদিন প্ৰচণ্ড বানত কুজুৰে খেতি কৰা চাপৰিটো নদীত জাহ গ’ল। কুষ্ঠৰোগীৰ দেহৰ পৰা টুকুৰা-টুকুৰকৈ চিঙি পৰা মাংসপিণ্ডৰ দৰে কুজুৰহঁতৰ বিছ বিঘা মাটিও এৰাতিতে নোহোৱা হৈছিল। নদীৰ পানীত বুৰ যাবলৈ লওঁতেই গৰুৰ পঘা খুলি দি গোহালিটোত কুজুৰে হুকহুকাই কান্দিছিল। সেই কান্দোন, সেই যন্ত্ৰণাৰ আৰু অন্ত নপৰিল। শেষ হ’ব বুলি ভবা কথাবোৰৰ অন্ত নহ’ল। চহৰৰ পৰা আহি চাইকেলত মিঠাই বিকি ফুৰা বেপাৰী এটাৰ সৈতে এদিন কুজুৰৰ পত্নী পলাই গৈছিল। নুৰুলক লৈ কুজুৰে গাঁৱৰ মছজিদৰ এচুকত চালি এখন তৰি থাকিবলৈ ল’লে।

এনেকৈয়ে দিনবোৰ পাৰ হৈ গৈছিল। গাঁও দুখন একেই থাকিল। কিন্তু হঠাতে মানুহবোৰ সলনি হৈছিল। মাজৰ টিং গাঁৱৰ সদায় দেখি থকা মানুহবোৰকে বৰটুমনি গাঁৱৰ মানুহবোৰে বিদেশী বুলি ভাবিবলৈ লৈছিল। গাঁৱত ৰাতি ৰাতি মেল বহিছিল। বাহিৰৰ পৰা মানুহ আহি ভঙা ভঙা অসমীয়াত দিয়া ভাষণৰ টুকুৰা টুকুৰ শব্দ আৰু জয়ধ্বনিয়ে গাঁও দুখনৰ নিশাৰ নিস্তব্ধতা নোহোৱা কৰিছিল।

সেইদিনা শনিবাৰেই আছিলনে?

নন্দই পানী জৰাবলৈ বুলি কুনকুনি বেজৰ ঘৰলৈ গৈছিল। তাৰ পৰা উভতি আহোতে নদীৰ সাঁকোদালৰ ওচৰতে বেয়া গোন্ধ এটা পাই ৰৈ গৈছিল। তেওঁৰ বমি আহিবৰ উপক্ৰম ঘটিছিল। তথাপি মুখত হাত দি সাঁকোদালৰ তললৈ নামি গৈছিল। সাঁকোদালত এটা শ লাগি আছিল। ওচৰৰ পৰা চাই দেখে সেইটো সখীৰ দেহ। কুজুৰৰ দেহ। নন্দই কুজুৰৰ গলিত দেহটো দাংকোলাকৈ লৈ আনোতে ভৰি এটা চিগি আহিছিল। ক্ৰুদ্ধ মাখিবোৰ দেহটোৰ পৰা জাকি মাৰি ওলাই আহিছিল। নন্দক কামুৰিছিল। নন্দই সখীয়েকৰ দেহটো লৈ দৌৰিছিল। পাছে পাছে মাখিবোৰে যেন খেদিহে আহিছিল।

এই ঘটনাৰ পাছদিনা কোনোবাই সাঁকোদালত জুই দিছিল। দুখন গাওঁ বিচ্ছিন্ন হৈ পৰিছিল। সাঁকোদাল আৰু পুনৰ নিৰ্মাণ নহ’ল। নন্দই নদীৰ পাৰত শৌচ কৰিবলৈ বুলি নাওমান সময় ৰ’লেই দেখা পায় নিতৌ ক’ৰবাৰ পৰা টুলুং ভুটুংকৈ অহা শ বোৰ সময়ৰ অন্তৰালত লানি নিচিগাকৈ পাৰ হৈ যায়। মৃতদেহবোৰ ৰ’বলৈ সাঁকোদাল আৰু পুনৰ নিৰ্মাণ নহ’ল। গাওঁ দুখনৰ মানুহে ইতিমধ্যে নিজৰ নিজৰ পথ উলিয়াই লৈছিল।

নন্দই ভাবে-গাঁৱৰ দেখি থকা মানুহবোৰ কেনেকৈ ইমান নৃশংস হ’ব পাৰে? পথাৰত হাল বাওঁতে একেলগে চূণ-তামোল বিলাই খোৱাজনে আনজনৰ কলিজা ফালি কেনেকৈ জুইত পুৰিব পৰা হৈছিল? পদূলি বাহিৰ নোহোৱা জীয়ৰীয়ে ইখন গাঁৱৰ মানুহক ডিঙিলৈকে মাটিত পুতি কেনেকৈ মূৰটো কোৰেৰে কাটিব পৰা হৈছিল? মানুহৰ মনত ইমান ক্ৰোধ কেনেকৈ জমা হয়। কেনেকৈ এটোপ-দুটোপকৈ গোট খায় ঘৃণাৰ বিহ।

নন্দই আৰু ভাবিব নোৱৰা হয়।ভাবিলেই কথাবোৰ লানি নিচিগাকৈ হাতবাউল দি আহে।

চৰচ্ চৰট্ চৰট্ টৰট্—

নন্দৰ কৰতৰ শব্দ চলি থাকে।

ঘট্ ঘট্ ঘট্ ঘট্

মিলিকৰ হোকাৰ শব্দ হয়। সি বেৰিকেড এডালৰ ওপৰতে ডিঙিটো ভাঁজ কৰি হোকা টানে। সি তেওঁৰ ফালে স্থিৰ দৃষ্টিৰে চাই থাকে।

মিলিকৰ পুতেক আৰু ঘৈণীয়েক গাঁৱত থাকে। তাৰ ঘৰৰ সৈতে সম্পৰ্ক নাই বুলিবই পাৰি। মিলিকৰ পুতেকে নিজৰ মাটিত বহা প্লাষ্টিকৰ বাল্টি বনোৱা ফেক্টৰীত চকিদাৰ কৰে। ফেক্টৰীলৈ সোমোৱা মানুহক চালাম দি গেট খুলি দিয়ে। মানুহ আৰু গাড়ীৰ নাম লিখে। কাঢ়া ইষ্ট্ৰী কৰা নীলা ৰঙৰ ইউনিফৰ্ম পিন্ধে। বহুত দায়িত্ব তাৰ। মিলিকে সেই লৈ গৌৰৱ কৰে। তাৰ ঘৰটোৰ কাষতে থকা খালী ভঁৰাল ঘৰটোত ঘৈনীয়েকে ৰাতি ৰাতি মদ বিকে। ৰাতি এপৰলৈকে মদৰ আদ্দা বহে। গিলাচৰ টুং টাং আৰু তাচ খেলত হৰা-জিকাৰ চিঞৰ বাখৰ চলি থাকে। লাহে লাহে ঘৰটোত গাঁৱৰ চিনাকী ছোৱালীবোৰৰ ভিৰ বাঢ়িবলৈ ধৰিলে। অচিনাকী পুৰুষৰ ভিৰো অধিক বাঢ়িল। সি ঘৈণীয়েকক বাধা দিলে। তাই ফেপেৰি পাতি ধৰিলে। কোনেও তাৰ কথা নুশুনিলে। তাৰ আৰু সহ্য নহ’ল। মিলিকে ফেক্টৰীত কাম কৰোতে মেচিনত লাগি ভৰিৰ আঙুলি দুটা হেৰুওৱাৰ পাছতে সি চহৰলৈ চিকিৎসা কৰিম বুলি একেবাৰে গুচি আহিল।

বেৰত জেঠিটোৰ কোব চলি থাকে। মাজতে ৰৈ ৰৈ ডাউকৰ চিঞৰ— ক্ৰিকেট খেল চোৱা ল’ৰাহঁতৰ উকিৰ শব্দ—ভাঁহি অহা ৰেলৰ ক্ষীণ উকি—মুহূৰ্ততে এখন শব্দৰ জালে নন্দক আৱৰি ধৰে। শব্দবোৰে স্মৃতিৰ দুৱাৰ ফালি অহা একোখন ছবি হৈ তেওঁক খেদি ফুৰে। শব্দৰ সেই জাল ভেদি ওলাই যাবলৈ চেষ্টা কৰে। কিন্তু বিফল হয়।

নন্দই দুডাল কামিৰে যোগ চিনটোৰ দৰে বনোৱা জলঙাৰে বাহিৰলৈ চালে। নগ্ন আকাশখনত জোনটো যেন অৱশ হৈ পৰিছে। জলঙাৰ ফুটাৰে দেখাত জোনটো চাৰিফাল হৈ পৰিছে। বেৰেদি বগাই অহা কাঠআলুৰ লতাডালৰ আগটো বতাহত কঁপি উঠিল। কঁপি উঠা লতাডাল জোনটোৰ সোঁমাজতে কঁপি থাকি মায়াৰ সৃষ্টি কৰিলে। কেতিয়াবা ভাবে লতাবোৰ আঁতৰাই পেলাব। কিন্তু তেওঁ লতাডাল আঁতৰাবলৈ গ’লেই যেন তেওঁৰ ডিঙিত আলফুলে মেৰিয়াই ধৰি কয়, দেউতা—।

মেঘৰ বৰণ লোৱা কঠালৰ গুটিৰ পোৰা বাকলিবোৰ মজিয়াত অ’ত ত’ত পৰি আছিল। মৃত্যুমুখী হৈ অস্থি-চৰ্মসাৰ হোৱা মানুহৰ মুখখনৰ দৰে জুহালখনৰ অৱস্থা তথৈবচ। জ্বলাবলৈ অনা লটাৰী টিকটৰ টুকুৰা, গাখীৰৰ পেকেট, চিগাৰেটৰ পেকেট, মদ অনা  কাৰ্টন, শুকান বাঁহপাতবোৰ সিঁচৰতি হৈ পৰিছে। জুহালখনৰ ইটা তিনি টুকুৰাৰ চুকবোৰ ভাগি পৰিছে। কেৰাহী, কেটলি এফাল বেঁকা হৈ পৰে। আঞ্জাত উতল আহিলে জুইত পৰি ফটফট শব্দ হয়। জুহালৰ ওপৰত থকা তেৱাখনলৈ নন্দৰ চকু গ’ল। পকীবেৰত লাগি থকা চিমেন্টৰ অতিৰিক্ত টুকুৰাৰ দৰে টেৱাখনত কাচকলৰ সৰু সৰু টুকুৰাবোৰ লাগি আছিল।

কিয় এনে হ’ল? হঠাতে কি ঘটি গ’ল এইবোৰ? নন্দই বাৰে বাৰে নিজকে এই প্ৰশ্ন কৰে আৰু উত্তৰ দিব নোৱৰাৰ হতাশাত ভাগি পৰে। কোনোৱে কয়- পাপ লাগিল। নন্দৰ দেউতাকৰ মহাপাপ লাগিল। নন্দৰ দেউতাকে মহাপাপ গোটালে। পৰশুৰাম কুণ্ডত গা ধুলেও খণ্ডন নহ’ব। ঘৰ গুচি হুদুৰ বাঁহ হ’ব। সঁচাকৈয়ে দেউতাকে সাত জনমৰ পাপ গোটাইছিল নেকি? এৰা। সেই দিনটোৰ কথা নন্দৰ ভালদৰে মনত আছে। দেউতাকে লগুৱা দুটাৰ সৈতে পথাৰৰ পৰা আহি পাইছিলহে মাত্ৰ। এনেতে দেউতী পুৰোহিতে মাটিৰ সীমাক লৈ তেওঁৰ সৈতে কাজিয়া কৰিছিলহি। দুয়োজনৰ চিঞৰ বাখৰত চোতালৰ পাৰ চৰাই কেইটা পলাই ফাট মাৰিছিল। মাকে বাধা দিছিল নেকি? নাই, নাই বাৰাণ্ডাৰ চুকটোতে তভক মাৰি ৰৈ থকা বগী মুখীয়া মাকজনীৰ আচলত ধৰি নন্দই তেওঁক সাৱটি আছিল। লগুৱা দুটাই তেওঁলোকৰ ওচৰ চাপিবলৈ সাহস কৰা নাছিল। শূন্যত দুখন হাত এবাৰ উঠিছে এবাৰ নামিছে। সিহঁতৰ বাবে এখন যদি অন্নদাতাৰ হাত আন এখন আকৌ ধৰ্মৰ হাত। এনেতে দপদপনি উঠিছিল। শুকান পথাৰত এৰাল চিগা বলধৰ দৰে খেদাখেদি লাগিছিল। দেউতাকৰ হাতত পুৰোহিতৰ লগুণদাল ৰৈ গৈছিল। চিগা লগুণদাল মুঠি মাৰি ধৰি দেউতাকে মাকলৈ কৰুণ দৃষ্টিৰে চাইছিল। মাকে মাটিত পৰি যোৱাৰ আগতে মৰা চিৎকাৰটোৰ সময়ত নন্দই কি কৰিছিল তেওঁৰ মনত নাই।

বাঁহৰ টুকুৰা এটাত নন্দই কৰতখন হেঁচা মাৰি ধৰিলে। এটা কৰ্কশ শব্দ ওলাল। বাঁহৰ গুৰিবোৰে তাৰ ভৰিখন বগা কৰি পেলালে। নোমৰ কূপত গুৰিবোৰ লাগি ধৰি ঘাঁহত পৰি থকা বৰফৰ দৰে জিলিকি উঠিছিল। তেওঁ গুৰিবোৰ জোকাৰি দিলে।

এই ঘটনাটোৰ পাছত দেউতাক জলকা লাগিছিল। খেতি-বাটিত মন নিদিয়া হ’ল। লগুৱা-লিকচৌ ঘৰৰ পৰা আঁতৰিল। এদিন খালী হোৱা ধানৰ টোমত হাত দি মাকে চিৎকাৰ কৰি উঠিছিল- ‘নাই, নাই এনেকৈ নহ’ব।’ মাকে পথাৰ চম্ভালিলে। ঘৰখন ৰ’লগৈ। কিন্তু দেউতাক নৰ’ল। প্ৰায়ে হাত জোৰ কৰি কন্দনামুৱা হৈ থকা দেউতাকক এদিন নন্দই ফুৰাবলৈ লৈ গৈছিল। বাটত মানুহ দেখিলেই সকলোকে বিমৰ্ষ-বিমূঢ় হৈ পৰা দেউতাকে হাত জোৰ কৰি ক্ষমা বিচাৰিছিল। নন্দই দেউতাকক টানি নিছিল। এদিন নামঘৰৰ পৰা তামোল পগতিয়াই আহি থকা দামোদৰ বাপুৱে দেউতাকৰ ফালে পিকাই দিছিল। নেলুকটা ছাগলীৰ ডিঙিৰ পৰা ওলোৱা তেজৰ চিটিকনি কছাইৰ গাত পৰাৰ দৰে ৰাস্তাত পৰা ৰঙা পিকৰ চিটিকনি আহি দেউতাকৰ গাতো পৰিছিল। দেউতাকে হাতজোৰ কৰি তলমুৱা হৈ ৰৈ আছিল। বহু যুগৰ পাপৰ ভৰত যেন দণ্ডায়মান কোনো এক অজামিল অথবা পৰশুৰাম।

‘হেৰ’, সাত জনমৰ পাপ লাগিল তোৰ। বামুণৰ লগুণ চিঙি গাঁৱলৈ পাপ আনিলি। মৰোতে পানী অকণমানো নাপাবি।’—দেউতাকক গালি পাৰি বাপু আঁতৰি গৈছিল। দেউতাক স্থাণুৰ দৰে ৰৈ গৈছিল, অলৰ-অচৰ হৈ।

কৰতখনেৰে বাঁহ কাটিবলৈ এৰি নন্দই চকু দুটা মুদি ধৰে। ঘটনাবোৰ এটা সপোনৰ দৰে পাৰ হৈ গ’লে যাওকচোন। ধুমকেতুৰ দৰে কিবা এটা তেওঁৰ পৰিয়াললৈ আহিছিল আৰু পাৰ হৈ গ’ল। যেতিয়াই চকু মেলি দেখে তেতিয়া বহুতেই সলনি হ’ল। বহুতো নোহোৱা হ’ল।

আন্ধাৰবোৰে ক্ৰমশঃ ঘৰটো গিলি পেলালে। আকাশখনো গিলিলে। ফুটপাথবোৰ গিলিলে। আক্ৰোহী দানৱৰ দৰে দ্ৰুতভাৱে বাঢ়ি অহা চহৰখনো গিলি পেলালে। এনেতে পথৰ নিয়ন লাইটৰ পোহৰ আহি তেওঁৰ গাত পৰিলহি। নিয়নৰ পোহৰত বেৰবোৰ হালধীয়া জাল এখনৰ দৰে দেখা গৈছিল। নন্দই চাকিটো জ্বলাই দিলে। আন্ধাৰৰ ভোক পলাল।

বামুণৰ লগুণ চিঙাৰ কথাটোৱে নন্দক কোনোদিনেই লগ এৰি দিয়া নাছিল। কিবা এটা পোকে অনবৰতে কামুৰি থকাৰ দৰে আতংকৰ বিহ দাঁতে তেওঁক সৰ্বক্ষণে সৰ্বশৰীৰত হানি-খুচি ফুৰিছিল। এদিন হাঁহচৰা পুখুৰীটোত গাটো তিয়াই ৰ’দ লৈ থাকোতে হাতত ট্ৰাংক এটা লৈ আলোমণি ঘৰৰ মুখত হাজিৰ হোৱাৰ খবৰটো কোনোবা এটাই দিছিলহি।

ওন্দোলাই অনা আকাশৰ বৰণৰ চিফনৰ লেতেৰা শাড়ীখনৰ আগটো কামুৰি কামুৰি আলোমণিয়ে কৈছিল- ‘আৰু উভতি নাযাঁও। বিড়ি ফেক্টৰীত কাম কৰা টকাৰে হেনো তাৰ ঘৰ নচলে। ঘৰতে বিড়ি পকাবলৈ মোকো লগাই দিয়ে। মোৰ হাত খৰ নহয়—।’

ট্ৰাংকটো ঘৰৰ ভিতৰলৈ ঠেলি ঠেলি লৈ যাওঁতে খহতা মজিয়াত দাগ বহিছিল। ট্ৰাংকৰ পৰা ওলোৱা টিংটিঙিয়া শব্দৰে ঘৰটো ৰজনজনাই গৈছিল। শব্দটোৰ সমানে আলোমণিৰ মুখো চলি থাকিল। টিঙিচকৈ খং উঠি আহিছিল যদিও নন্দই একো ক’ব নোৱাৰিলে। বৰঞ্চ ভিতৰলৈ সোমাই গৈ আলোমণিক থাকিবলৈ দিবলৈ ঠাই বিচাৰিবলৈ ধৰিলে।

আলোমণি এবাৰ যি ঘৰলৈ সোমাল বহুদিনলৈ আৰু ঘৰৰ বাজ নহ’ল। এদিন যেতিয়া ঘৰৰ বাজ হ’ল তেতিয়া জোৰ কৰিও ঘৰৰ ভিতৰলৈ সুমুৱাব নোৱৰা হ’ল। এদিন ওচৰৰ জীয়ৰী-বোৱাৰীৰ সৈতে বিহু চাবলৈ তাই ওলাই গৈছিল। এয়াই যেন আছিল আৰম্ভণি।

নিশা নন্দৰ টোপনি নাহে। মাজনিশা আলোমণিৰ বিচনাখনত কেৰকেৰনিৰ শব্দ হয়। আলোমণিয়ে তেওঁ শুই থকাৰ উমান লয়। লাহে লাহে দুৱাৰৰ শলখা খোলে। কিছুসময়ৰ পাছত পাছফালৰ আমগছ জোপাৰ সৰা পাতবোৰৰ খৰমৰনি বাঢ়ি যায়। পাছফালৰ বাৰীৰ পৰা দিনকদিনে খৰমৰনিবোৰ বাঢ়ি আহে। এইবোৰ তেওঁৰ চকুৰ সন্মুখতে ঘটে। লাহে লাহে আলোমণিয়ে তেওঁৰ টোপনিৰ উমঘাম নোলোৱা হ’ল। নিশা দপদপাই ঘৰৰ বাহিৰ হয়। দুৱাৰখনো সশব্দে মাৰি থৈ যায়। তাই কেতিয়াবা দিনতেই ওচৰৰ বীয়েৰ ফেক্টৰীৰ মহৰীৰ কেম্পলৈ যাবলৈ ল’লে। তাইৰ কাপোৰ, চেহেৰালৈ পৰিৱৰ্তন আহিল। তাইলৈ তেওঁ আঁৰ চকুৰে চাই থাকে। পেটটোলৈ দৃষ্টি দিয়ে। বাঢ়ি আহিছে নেকি? পল পলকৈ ইঞ্চি ইঞ্চিকৈ পেটটোত গজালি মেলিছে নেকি? তেওঁ তাইলৈ হেপা মেলি মেলি চাই, গা-নোধোৱা হৈছে নেকি লক্ষ্য কৰে। এদিন তাই সেনাৰ চাউনীটোৰ পৰা খাহীৰ জোল আনিছিল। তেওঁ ভাবিছিল সেই মাংসৰ জোলেৰে তেওঁক ভাত দিলেই তাইৰ মুখলৈকে দলিয়াই দিব। হওকচোন। গৰম জোল পৰি তাইৰ মুখখন বিকৃত হৈ পৰিলে পৰকচোন। তেওঁ নোৱাৰিলে। তেওঁ মাংস দলিয়াব নোৱাৰিলে। নোখোৱাকৈ থাকিবও নোৱাৰিলে।

দিনে দিনে আলোমণি বেপৰোৱা হৈ পৰিছিল। তেওঁৰ সন্মুখতে কাপোৰ সলাবলৈকো লাজ নকৰা হৈছিল। আইনাৰ সন্মুখত হিন্দী চিনেমাৰ গান গাই গাই আপোন পাহৰা হৈ তাই গোটেই শৰীৰত চহৰৰ পৰা ঘন দোকানীয়ে আনি দিয়া বগা, গুলপীয়া, হালধীয়া বিভিন্ন ৰঙৰ ক্ৰীম সানিছিল। লাজত তেওঁ চকু নমাই আনিছিল। তাই কাকো গুৰুত্ব নিদিয়া হৈছিল। সমীহ নকৰা হৈছিল। তাইৰ বাবে সকলো পুৰুষ যেন একেই। তাই যেন সমস্ত পুৰুষৰ কামাগ্নিৰ অভিশাপেৰে অভিশপ্ত।

এদিন সন্ধ্যা তেওঁ পথাৰখনৰ ফালে ওলাই গৈছিল। পথাৰ পোৱাৰ আগতেই পোৱা জাৰণিডৰাত কিবা এটা লৰচৰ হৈ থকাটো তেওঁ অনুমান কৰিছিল। ছাঁ-পোহৰৰ খেলাত তেওঁ সহজেই ধৰিব পাৰিছিল সেইয়া কি।

দুডাল সাপ!!!

নৈৰ বালিয়ে পুতি পেলোৱা ধান নোহোৱা পথাৰখনত চলিছিল এক সৃষ্টিৰ উদ্দাম আখৰা। ওচৰ চাপি দেখে সাপ দুডাল ধৰফৰাইছিল। এডালে তেওঁক দেখি লৰালৰিকৈ আঁতৰি গৈছিল। আনডাল ঠাইতে ৰৈ গৈছিল। তেওঁ তেনেকৈয়ে আঁতৰি আহিছিল। আৰু আলোমণি? তাই ঘৰলৈ উভতি যোৱা নাছিল। দুদিনৰ মুৰত তাইৰ গলিত দেহটো ওচৰৰ হাবিৰ মাজৰ পৰা চেঙেলীয়া কেইটামানে মদ খাবলৈ গৈ উদ্ধাৰ কৰি আনিছিল। সৰ্বেশ্বৰ বাপুৱে সাৱধান কৰি দিলে- আত্মঘাতী হোৱা অতৃপ্ত আত্মা। কাৰ গাত বা লম্ভে। অগ্নিত দাহ হোৱাৰ অধিকাৰ এই দেহৰ কেনেকৈয়ে বা থাকিব। কলহী নদীৰ পাৰলৈ ডেকা কেইটামানে দেহটো লৈ গৈছিল।

এটা এটাকৈ ঘটি থকা ঘটনাবোৰ তেওঁৰ বাবে সহজ হৈ পৰিছিল। এই ঘটনাবোৰ গাঁৱৰ মানুহৰ বাবে বামুণৰ লগুণ চিঙাৰ অভিশাপৰ নিৰন্তৰ ব্যাখ্যাৰ উৎস আছিল। ইয়াৰ পাছত তেওঁ পথাৰলৈ যাবলৈ বাদ দিলে। শুকান পথাৰবোৰ দেখিলেই এনে লাগে যেন তাত সাপবোৰ উমলি ফুৰিছে। কোনোডালে ফনা মেলি পথাৰৰ গৰাকীবোৰক খেদি ফুৰিছে। কোনোডালে যোৰ পাতিছে গৰাকীৰ জীয়েক বা ঘৈণীয়েকৰ সৈতে। সেনাৰ চাউনী আৰু বীয়েৰৰ ফেক্টৰীৰ ফালৰ পৰা নোৰা নোৰে সাপবোৰ আহি আছে। গিৰীয়েকে এৰি দিয়া, বিধৱা আৰু ঘৰতে মাক হোৱা গাভৰুবোৰৰ গাৰ পৰা একো একোদাল সাপ ওলাই আহিছে। গোটেই পথাৰখন বীৰ্যৰ দৰে কেচেমা কেচেম গোন্ধাবলৈ লৈছিল —।

মিলিকৰ গেঙনীত নন্দ চক খাই উঠে। তেওঁ বাস্তৱলৈ ঘূৰি আহে। ইমানপৰে কি ভাবি আছিল। পাৰাপাৰ নোহোৱা এই কথাবোৰৰ পৰা তেওঁ কেতিয়া নিষ্পত্তি পাব। মিলিকৰ নিচা ইতিমধ্যে শেষ হৈছিল। জলি থকা চৌকাটোৰ ফালে এপাকত তেওঁৰ চকু গ’ল। ফুট চাইৰ ফিৰিঙতিবোৰ জোনাকী পৰুৱাৰ দৰে উৰি ফুৰিছিল। তেওঁ আলুকেইটা খুচৰি দিলে। অঙঠাবোৰ ট টকৈ ৰঙা হৈ পৰিছে।

ৰচীদাল টানোতে নন্দৰ ক্ষীণকায় হাতখন সামান্য ফুলি উঠে। এইবোৰ টানি টানি তেওঁৰ গাটো দুৰ্বল লাগে। যোৱা দুদিন পানী এটোপাও মুখত দিয়া নাছিল। জ্বৰ জ্বৰ লাগিছিল। বাঁহৰ কেৰেপা দুডালত ৰচি টানি তেওঁ আগতে গৌৰৱ কৰিছিল—কাৰ সাধ্য আছে এই বেৰিকেড ভঙাৰ! কিন্তু আজি তেওঁ অসহায় অনুভৱ কৰিছে। এক অদৃশ্য শক্তিয়ে যেন তেওঁৰ সমস্ত শক্তি শুহি লৈছে। ৰচি টানি টানি তেওঁ ফোঁপাই উঠে।ঘন ঘনকৈ উশাহ লৈ নন্দ মাটিত বহি পৰে।

-কাইলৈ সিহঁত আহিব নেকি অ’ মিলিক?

-শুনিছোঁ।

-এবাৰ চাবিগৈ নেকি সিহঁতক?আজি ধনমণি থকা হ’লে সিও ইহঁতৰ লগতে আহিলহেঁতেন চাগে।-মিলিকে দিয়া চাহৰ বাতিটোত শোহা মাৰি নন্দই ক’লে।

-থ, থ ঐ নন্দ। এইবোৰ হ’ল চৰকাৰ, কোম্পানীৰ বিৰুদ্ধে কোৱা মানুহ। কোম্পানী, ধন নাথাকিলে, ঘৰ নাথাকিলে, গাড়ী-মোবাইল নাথাকিলে কোনে মানুহ বুলি পুচিব অ’ আজিৰ দিনত।- মিলিকে হাতৰ তলুৱাত থকা নিমখ এজেবা জিভাৰ আগটোত লগাই তালুৰ ভিতৰলৈ নি চাহৰ বাতিত দীঘলীয়াকৈ শোহা এটা মাৰিলে। সি বেঁকা হাঁহি এটাৰে ক’লে-‘কোনে জানে, মোৰ ল’ৰাইও কিজানি আগলৈ ধন গোটাব পাৰেই। এদিন মোৰ ল’ৰাইও সুদত ধন ধাৰে দিব। সুদ দিব নোৱাৰিলে মাটি কাঢ়ি ল’ব। আৰু মাটি কাঢ়ি ল’ব নোৱাৰিলে জীয়ৰী-বোৱাৰীক লৈ যাব।’

নন্দই এইবাৰ কথা কওঁতে হাতখনেৰে শৰীৰৰ নিম্নাংশত স্পৰ্শ কৰি অশ্লীল ইংগিত এটা দিলে। নন্দই তাৰ পৰা চকু আঁতৰাই আনে।

ধনমণি নামটো তেওঁৰ মাকেই দিছিল। দুটা ভঁৰালৰ ধান বেচি পোৱা টকাখিনি দুদিনীয়া ধনমণিৰ ভৰিৰ কাষত থৈ মাকে মন্ত্ৰৰ দৰে বিৰবিৰাইছিল– ধনমণি, ধনমণি।

কান্ধত হেঙুল বৰণীয়া বেগটো লৈ ধনমণিয়ে মানুহবোৰক কি ক’বলৈ বিচাৰি আছিল বা। সকলোৱে ধনমণিৰ কথাবোৰ শুনিছিল। তেওঁৰ বুকু ফুলি উঠিছিল। দহোখন গাঁৱৰ মানুহে তাক লৈ প্ৰশংসা কৰিছিল। লাহে লাহে তাৰ কপালৰ সিৰাবোৰ থুপ খাবলৈ ধৰিলে। ঘৰৰ পৰা কেইবাদিনো ধৰি বাহিৰত থকা হ’ল। পথাৰবোৰত ইটা ভাটী, নদীৰ পাৰত বীয়েৰৰ ফেক্টৰী বনোৱাৰ বিৰুদ্ধে সি মানুহবোৰক লৈ মিটিং কৰিবলৈ ল’লে। পথাৰবোৰ কাকো নিবিকিবলৈ মানুহবোৰে শপত ল’লে। নদীৰ পাৰৰ বীয়েৰৰ ফেক্টৰীটোৰ কামো বন্ধ হ’ল। কিন্তু এদিন মকাল বাঁহৰ বৰণৰ চোলা এটা পিন্ধি মিটিঙলৈ বুলি ওলাই যোৱা ল’ৰাটো চাৰিদিন ধৰি উভতি অহা নাছিল।

কাৰোবাৰ মুখৰ পৰা জানিব পাৰি তেওঁ সেনাৰ চাউনী পাইছিলগৈ। কোনেও হাত দাঙিবলৈ কোৱা নাছিল যদিও তেওঁ হাত দাঙি সোমাই গৈছিল। এটা অন্ধকাৰ কোঠালৈ তেওঁক লৈ যোৱা হৈছিল। তেওঁ একো দেখা পোৱা নাছিল। এটা দুৰ্গন্ধ আহি তেওঁৰ নাকত লাগিছিলহি। তেওঁ নাকত হাত দিব নোৱৰা হ’ল! কিজানি হাত নমালেই সিহঁতে গুলীয়ায়। তেওঁ কি চাবলৈ আহিছিল নিজেই ধৰিব নোৱাৰিলে। একো নমনিলে। কেঁচা তেজ আৰু গেলি যোৱা মঙহৰ অসহ্যকৰ ভকেভকোৱা গোন্ধ। সেনাৰ বিষয়া এজনে তেওঁক অভয় দিছিল—‘ল’ৰাক সোনকালেই পাই যাব। দুটামান কথা সুধিবলৈ বাকী আছে মাত্ৰ।’ বিষয়াজনে কথা ৰাখিছিল। কোনোবা এটা নিশা সেনা বাহিনীৰ গাড়ী এখনে তাক দাংকোলাকৈ আনি ঘৰত থৈ গৈছিলহি। সি দুদিন ধৰি হোলোকা হোলোকে তেজ বমি কৰি আছিল। সি বাৰে বাৰে কিবা ক’ব বিচাৰিছিল। কিন্তু শুকান কফে ধৰা তাৰ ডিঙিৰ পৰা ঘেৰঘেৰিয়া শব্দ কিছুমানহে বাহিৰ হৈছিল। সি পানী এটোপাও খাব পৰা নাছিল। সি ৰৈ ৰৈ চিঞৰিছিল। সেউজীয়া ৰঙৰ চোলাটো ৰঙা তেজ বাগৰি মটিয়া ৰং ধৰিছিল। এনেকৈ দুদিন থাকি সি মৰিল।

গাঁৱৰ মানুহবোৰে আকৌ কোৱাকুই কৰিলে- বামুণৰ শাও লাগি পৰিয়ালটো তেনেই উচন হ’ল।

পুতেকক খৰি দি আহি পিৰালিতে তেওঁ বহি আছিল। পোৰা মঙহৰ গোন্ধত তেওঁৰ নাকটো তেতিয়াও বেজবেজাই আছিল। তেনেতে নামঘৰীয়া আৰু দুজনমান আহি কৈছিল- ‘আৰু পাপ নবঢ়াবি বুজিছ নন্দ। পৰিয়ালটো তেনেই উচন হ’ল। হেৰ’ নন্দ এতিয়াও সময় আছে- নামঘৰৰ বাবে ভেটি মাটি অলপ দি দে। যোৱাবোৰ গ’ল। সিহঁতৰ আত্মাবোৰ মুকলি হোৱাৰ ব্যৱস্থা কৰ।’ অলপ নহয়। গোটেই ভেটিটোকে তেওঁ নামঘৰৰ বাবে এৰি দিছিল। এবছৰ হ’ল। নন্দই গাওঁখন এৰি থৈ গুচি আহিল। এনেও মাটি বুলিবলৈ আছিলেগৈ নো কি?

নন্দই প্ৰায়ে এটা সপোন দেখে।— তেওঁ পথাৰৰ মাজত গছৰ তলত জুৰ লৈ আছে। আলোমণিয়ে চাহ-ভাত লৈ আহে। তাই তেওঁৰ গাত লাগি থকা বোকাবোৰ জোকাৰি দিয়ে। এনেতে ধনমণি আহি আলোমণিক জোকায়। তাই তেওঁক আবদাৰ ধৰে। তেওঁ দুয়োটালৈকে চাই মিচিকিয়ায়। হঠাতে অহা মলয়া জাকে কঠিয়া তলিত তোলা মৃদু কঁপনিয়ে তেওঁৰ চকু মুদ খুৱাই দিয়ে। বতাহজাকৰ তালে তালে দুয়োটা ল’ৰা-ছোৱালীয়ে দৌৰা দৌৰি কৰি থাকোতে হঠাতে নোহোৱা হৈ যায়। আকাশৰ পৰা জাল এখন হঠাতে নামি আহে। সেউজীয়া পথাৰখনক লক্ষ্য কৰি জালখন নামি আহে। জালখন বহল হৈ গৈ থাকে। জালৰ সূতাবোৰে একোডাল শিকলিৰ ৰূপ লয়। ফুটাবোৰে দাঁত নিকটোৱা বিকট মুখৰ আকাৰ লয়। ই গছ-বন, পুখুৰী, পথাৰ সকলো সামৰি লয়। ক্ৰমাৎ পথাৰখন পাৰ হৈ তেওঁলোকৰ গাওঁ, পৰ্বত-পাহাৰ, সকলো যেন জালখনে সামৰি লয়। জালখনে লাহে লাহে গোটেই পৃথিৱীখন আৱৰি ধৰে। তেওঁ জালখন টানিবলৈ চেষ্টা কৰে। জালখনত জীয়েক-পুতেকৰ দেহ দুটা লাগি আহে। তেওঁ দেহ দুটা লৈ আগবাঢ়ে। হঠাতে কিবা এটাত উজুতি খাই পৰি যায়। জালখন সামান্য ফাটে আৰু তাৰ পৰা ওলাই মৃতদেহ দুটা বালিত লুকাই পৰে। কেনেকৈ উজুতি খালে! এই মূঢ়াটো ক’ৰ? বালিবোৰ ক’ৰ? ইয়াত থকা গছজোপা কেনি গ’ল? সেউজ পথাৰখন কেনি গ’ল? তেওঁ আৰ্তনাদ কৰি উঠে। চকু দুটা মুদি দিয়ে। তেওঁৰ বুকুৰ যন্ত্ৰণাবোৰে গুড়ি পৰুৱাৰ দৰে থুপ পাতি যেনি তেনি কামুৰি ফুৰে।

নন্দ ঘামে। জেলুক এটাৰ দৰে কপালেদি লাহে লাহে বৈ অহা ঘামৰ টোপাল আহি বুকুৰ সোঁ মাজত ৰয়। ঠিক সেই খিনিতে, যি খিনিত তেওঁৰ মাজে মাজে এতিয়া বিষ এটাই ধৰে।

সিহঁত কাইলৈ সঁচাকৈয়ে আহিব নেকি? ধনমণি আজি জীয়াই থকা হ’লে সি চাগে কাইলৈ সিহঁতৰ লগতে আহিলহেঁতেন। হঠাতে যেন বেৰিকেডবোৰে প্ৰাণ পাই উঠে। ৰচীবোৰে আৰ্তনাদ কৰি উঠে। ৰচীবোৰে মানুহৰ ৰূপ লৈ সৰ্পিল গতিৰে বেৰিকেডৰ পৰা নামি আহে। নন্দক যেন ক’ব— পিতাই কেনে আছ? তই আৰু ইয়াত বাঁহৰ কাম কৰি থাকিব নালাগে। গাঁৱলৈ যাবিগৈ ব’ল। পথাৰবোৰ আকৌ সেউজীয়া হ’ব। পুখুৰীবোৰ চপচপীয়া হ’ব। পথাৰৰ চৰাইবোৰে আকৌ গান গাব। সকলোবোৰ আগৰ দৰেই হ’ব পিতাই। তহঁতৰ হাতত আকৌ বোকা-মাটি লাগিব, আকৌ দাঙৰি বান্ধিবি—। সেইবাবেই আমি আহিছো। তইও আহ আমাৰ লগত। তই আৰু বেৰিকেড নবনাবি। আমাক বাধা নিদিবি। তই কাৰ বাবে বনাইছ এইবোৰ? তইনো কাৰ? কাৰ মানুহ তই পিতাই? কাৰ মানুহ তই? ধনমণিৰ কথাতে সুৰ মিলাই গোটেই ৰচীবোৰেও যেন চিঞৰি উঠে।

নন্দ উঠি আহে। তেওঁৰ নিজকে এইমাত্ৰ কবৰৰ পৰা উঠি অহা এটা প্ৰেতাত্মা যেন লাগিল। বহুদিনৰ বন্দীত্বৰ পাছত ধূলি-বোকা জোকাৰি যেন থিয় হৈছে। ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা বেৰিকেড তিনিটালৈ তেওঁ চালে। যেন তিনিটা গম্বুজহে। গৰ্বোদ্ধত দৃষ্টিৰে চাই তেওঁলৈ যেন মিচিকিয়াইছে। বেৰিকেডৰ স্তুপটোত যেন থুপ খাইছে পৃথিৱীৰ সমস্ত ঘৃণা।

থুই। —নন্দই বেৰিকেড ডাললৈ থুৱাই দিলে। কুমজেলেকুৱা এটা বগাই অহাৰ দৰে বিজল থুখিনিয়ে সাঁচ এটা এৰি লাহে লাহে তললৈ বৈ আহিল। নন্দৰ গাটো বিজবিজাই আহিল। তেওঁৰ নিজৰ ওপৰতে ধিক্কাৰ উপজিল।

বাহিৰৰ পৰা অহা এজাক বতাহত টিপচাকিটো কঁপি উঠিল। বেৰত বিশালকায় ৰূপত পৰি থকা বাহঁৰ স্তুপটোৰ ছাঁ লৰি থাকিল। নন্দ আৰু ৰৈ নাথাকিল। বেৰিকেডৰ ৰচীবোৰ খুলি পেলালে। বেৰিকেডৰ বাঁহবোৰ খোল খাই পৰিল। গম্বুজ তিনিটা নোহোৱা হ’ল। তেওঁ কিছুসময় ৰ’ল। এখন যুঁজৰ পাছৰ বিধ্বস্ত ৰূপত বেৰিকেডডাল টুকুৰা টুকুৰ হৈ পৰিল।

নন্দই এইবাৰ পুনৰ বেৰিকেড সাজিবলৈ ধৰিলে। বাঁহবোৰ সঠিক ঠাইত লগালে। পুনৰ ৰচী দি গাঁথি মাৰিলে। এইবাৰ গাঁথিবোৰ ঢিলা হৈ আছিল। এইবাৰ গাঁথি মাৰোঁতে তেওঁৰ পেশী ফুলি নুঠিল। মুৰৰ পৰা ঘামো নোলাল।

‘সিহঁতে হেঁচা দিলেই ভাগি পৰক। হেঁচা দিলেই ভাগি যাওক।’—নন্দই নিজকে ক’লে।

(সাধুৰ নিয়ম অনুসৰি এতিয়া এনেকৈ কোৱাটো উচিত হ’ব যে আমাৰ কাণি-কাপোৰ ক’লা হ’ল আৰু আমি ঘৰলৈ উভতি আহিলো। সাধু, তাতে আকৌ কুৰি শতিকাৰ। কিন্তু সাধুৱেই হওক বা গল্প, ক’তোৱেই কোনোদিনেই নায়ক হ’ব নোৱৰা নন্দৰ নামটো কিন্তু উভয়তে খাপ খায়।)

Leave a Reply

Your email address will not be published. Required fields are marked *