অনুবাদগল্প

এটা স্বাধীন অংগ (মূলঃ হাৰুকি মুৰাকামী; অনুবাদঃ উপাসনা কৃষ্ণাত্ৰেয়)

(বেচবল খেল চাই থাকোতে ঔপন্যাসিক হোৱাৰ সিদ্ধান্ত লোৱা লেখকজনেই হ’ল হাৰুকি মুৰাকামী৷ এইগৰাকী জাপানী লিখকৰ জন্ম হয় ১৯৪৯ চনৰ ১২ জানুৱাৰীত৷ জনপ্ৰিয় জাপানী লিখকগৰাকীৰ প্ৰায়বোৰ কিতাপেই ৫০-টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে৷ তেওঁৰ কৰ্মৰাজিৰ ভিতৰত Wind up bird chronicle, The elephant vanishes, Sputnik sweetheart, Kafka on the shore, Men without women, 1Q84, Killing Commendatore উল্লেখযোগ্য৷ তেওঁ ইতিমধ্যে Fantasy award, Frank O’ Connor, International Short story award, Franz Kafka Prize, Jerusalem Prize  আদি সন্মানেৰে বিভূষিত হৈছে৷

An Independent Organ (এটা স্বাধীন অংগ) গল্পটি তেওঁৰ ‘Men without women’ নামৰ চুটি-গল্প সংকলনখনৰ ফিলিপ গেব্ৰিয়েলৰ ইংৰাজী অনুবাদৰপৰা লোৱা হৈছে৷)

পৃথিৱীখনত এনে কিছু মানুহ আছে (কি যে এক নিৰ্বোধিতা!) যিসকলে এটা আচৰিত ধৰণৰ কৃত্ৰিম জীৱন যাপন কৰে৷ মই এনেকুৱা মানুহ বৰ বেছি লগ পোৱা নাই, কিন্তু নিশ্চিত যে এনে মানুহ আছে কিছুসংখ্যক৷ আৰু ডাঃ টোকাই আছিল তেনে এজন ব্যক্তি৷

এই তথাকথিত আদৰ্শৱান আত্মাসমূহে এই পাকলগা পৃথিৱীখনত খাপ খাই থাকিবলৈ প্ৰতিদিনেই অতি সাৱধানতাৰে চলিবলগীয়া হয়, যদিও সৰহভাগ ক্ষেত্ৰতে, এই কাৰবাৰটোৰ বাবে যে এটা কষ্টকৰ পৰ্য্যায়ৰ চল-চাতুৰীৰৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, তেওঁলোকে সচেতনভাৱে অনুভৱেই নকৰে৷ তেওঁলোক সম্পূৰ্ণৰূপে আশ্বস্ত যে তেওঁলোক নিতান্তই সৰল মানুহ যি কোনো গোপন উদ্দেশ্য অথবা চল চাতুৰীৰহিত এটা সৎ জীৱন যাপন কৰে৷ আৰু যেতিয়া, যদি কোনো কাৰণে এক বিশেষ জ্যোতিয়ে তেওঁলোকৰ এই জীৱনবোৰৰ আভ্যন্তৰীণ কৰ্ম-কাণ্ডসমূহ যে কিমান কৃত্ৰিম, কিমান অসত্য, সেইটো উদ্ভাসিত কৰে, তেতিয়াই তেওঁলোকৰ জীৱনবোৰে এটা দুঃখজনক অথবা আন কিছু ক্ষেত্ৰত এটা কৌতুকপ্ৰদ কেঁকুৰিত আহি উপনীত হয়৷ তাৰ মাজতো অৱশ্যে কেইজনমানক ভাগ্যৱান বুলি কব পাৰি— যিকেইজনে কেতিয়াও এই জ্যোতিৰ সন্মুখীন নহয় অথবা হ’লেও প্ৰভাৱিত নোহোৱাকৈ আঁতৰি আহিব পাৰে৷

এই টোকাই বোলা মানুহজনৰ বিষয়ে মই যিমান জানোঁ, সেই আটাইখিনি লিপিবদ্ধ কৰি ৰাখিব বিচাৰোঁ৷ ইয়াৰ সৰহখিনিয়ে তেওঁ মোক পোনপটীয়াকৈ কোৱা কথাৰ পৰাই উৎপন্ন হৈছে, অৱশ্যে কিছুখিনি তেওঁৰ অতি ঘনিষ্ঠ তথা বিশ্বস্ত ব্যক্তিয়ে কোৱা তথ্যৰ পৰা আহৰণ কৰা৷ এইটোও স্বীকাৰ্য্য যে মই নিজা পৰ্য্যবেক্ষণৰ দ্বাৰাও সঁচা বুলি ভবা কিছু কথা সংযোগ কৰিছোঁ—, ঠিক দুটা ভিন্ন তথ্যৰ মাজৰ খালী ঠাইখিনি মাংসৰ কিমাৰে লগ কৰি দিয়াৰ দৰে৷ অৰ্থাৎ তেওঁৰ যিখন ছবি গঢ়ি উঠিব সেয়া সম্পূৰ্ণভাৱে তথ্যনিৰ্ভৰ নহয়৷ লগতে, এই টোকাটোৰ লিখক হিচাপে কওঁ, পাঠকসকলে যাতে এইটো কোনো আদালতৰ বিচাৰৰ বাবে দাখিল কৰা প্ৰমাণ অথবা কোনো ব্যৱসায়িক চুক্তিৰ সহায়কাৰী নথি বুলি গণ্য নকৰে (যদিও, ইয়াৰেনো কি ধৰণৰ ব্যৱসায়িক চুক্তি হব, মোৰ কোনো ধাৰণা নাই)৷

কিন্তু আপুনি যদি কেইখোজমান পিছুৱাই যায় (তাৰ আগতে নিশ্চিত হৈ ল’ব যে আপুনি কোনো পৰ্বতশৃংগৰ সন্মুখত থিয় হৈ থকা নাই) আৰু এই ছবিখন কিছু দূৰৰ পৰা চায়, তেন্তে বুজিব পাৰিব যে প্ৰতিটা সৰু বৰ বৰ্ণনাৰ যথাৰ্থতা নিৰ্ণয় কৰাটো বৰ এটা জটিল নহয়৷ মুঠৰ ওপৰত দৰকাৰী কথাটো হ’ল যে ডাঃ টোকাইৰ এখন পৰিষ্কাৰ ছবি উপস্থাপন হ’ব লাগে৷ এজন লিখক হিচাপে অন্ততঃ এইটোৱে মোৰ আশা৷ থোৰতে কবলৈ গ’লে (ঠিক কিদৰে বুজাওঁ) তেওঁক লৈ বৰ বেছি ভুল বুজিবলৈ অৱকাশেই নাই দৰাচলতে৷

ইয়াৰ অৰ্থ এয়া নহয় যে তেওঁ এজন সৰল, সুবোধ্য ব্যক্তি৷ বৰং বহু ক্ষেত্ৰতে তেওঁ আছিল জটিল, বহুতৰপীয়া, দুৰ্বোধ্য৷ এনে কি অন্ধকাৰে তেওঁৰ অৱচেতন মনটো আচ্ছন্ন কৰি ৰাখিছিল, অথবা কি পাপবোধ মনৰ মাজত কঢ়িয়াই ফুৰিছে, মোৰ জানিবৰ কোনো উপায় নাই৷ তথাপি তেওঁৰ ব্যৱহাৰ-পাতিৰ সুসংগত সাঁচৰ পৰা সামগ্ৰিকভাৱে নিখুঁত চিত্ৰ এখন নিৰ্মাণ কৰাটো তুলনামূলকভাৱে সহজ৷ এজন পেছাদাৰী লেখক হিচাপে মোৰ বাবে ই অলপ ধৃষ্টতাপূৰ্ণ কাৰবাৰেই হয়গৈ, কিন্তু সেই সময়ত ঠিক তেনে ধাৰণাই মোৰ হৈছিল৷

টোকাইৰ বয়স বাৱন্ন, অবিবাহিত আৰু আনকি কেতিয়াও কোনো নাৰীৰ সৈতে সহবাসতো থকা নাই৷ ট’কিঅ’ৰ অকণমানি আজাবু জিলাৰ এটা সুন্দৰ অট্টালিকাৰ দুটা বেডৰূমৰ কোঠালিযুক্ত এপাৰ্টমেণ্ট এটাত থাকে৷ ধৰি লওক— এজন চিৰকুমাৰ৷ ঘৰুৱা কামৰ প্ৰায়ভাগ তেওঁ নিজেই কৰে— ৰন্ধা- বঢ়া, কাপোৰ ধোৱা, ইষ্ট্ৰি কৰা, চাফ চিকুণ কৰা ইত্যাদি, আৰু বাকীখিনি পেছাদাৰী চাফাইকৰ্মী মাহত দুবাৰকৈ আহি চম্ভালে৷ মূলতঃ তেওঁ এজন পৰিপাটী মানুহ, সেয়ে ঘৰটো পৰিষ্কাৰকৈ ৰখাটো বৰ এটা টান নহয়৷ প্ৰয়োজনসাপেক্ষে তেওঁ সুস্বাদু ক’কটেইলো প্ৰস্তুত কৰিব পাৰে, আৰু নিকুজাগা ষ্টুৰ পৰা আৰম্ভ কৰি শ্বি বেছ এন পেপিলোটেলৈকে প্ৰায়বোৰ খাদ্য ৰান্ধিব পাৰে (ৰান্ধি ভালপোৱা প্ৰায়বোৰ মানুহৰ দৰেই তেৱোঁ খাদ্যৰ ক্ষেত্ৰত কৃপনালি নকৰে, সেয়ে উৎকৃষ্ট উপাদানসমূহহে ব্যৱহাৰ কৰে আৰু খাদ্যবোৰো সদায়ে সুস্বাদু হয়)। ঘৰটোত মানুহ এজনীৰ অভাৱ কেতিয়াও অনুভৱেই নকৰিলে, অকলশৰে সময় কটাই কাহানিও আমনি পোৱা নাছিল, আৰু অকলে শুয়ো অকলশৰীয়া অনুভৱ কৰা নাছিল— এটা সময়লৈকে৷

তেওঁ এজন কস্মেটিক প্লাষ্টিক চাৰ্জন আৰু ৰপ্পংগীত থকা ‘টোকাই বিউটি ক্লিনিক‘খন চলায়৷ সেইখন তেওঁ দেউতাকৰ পৰা উত্তৰাধিকাৰীসূত্ৰে পাইছে৷ স্বাভাবিকতেই ঢেৰ মহিলা লগ পোৱাৰ সুযোগ তেওঁৰ৷ তেওঁক আপুনি ঠিক সুদৰ্শন বুলিব নোৱাৰিলেও নাক চকুৰ গঢ় সুন্দৰ— অন্ততঃ নিজৰ প্লাষ্টিক চাৰ্জাৰী কৰিব লাগিব বুলি ভাব অহা নাই কেতিয়াও— আৰু ক্লিনিকখনো ভাল চলে বাবে এটা শকত দৰ্মহাও পায়৷ তেওঁ এজন বৰ ভালদৰে প্ৰতিপালিত ব্যক্তি— শিষ্টাচাৰী আৰু সংস্কৃতিবান, কথোপকথনৰ বাবে কেতিয়াও প্ৰসংগৰ অভাৱ নহয়৷ এতিয়াও তেওঁৰ সম্পূৰ্ণ মূৰত চুলি আছে (দুই এডাল পকিবলৈ ধৰিছে অৱশ্যে), আৰু যদিও অলপ শকত হ’বলৈ ধৰিছে, ব্যায়ামগাৰত নিয়মীয়া শৰীৰচৰ্চাই শৰীৰটো যৌৱনোদীপ্ত কৰি ৰাখিছে৷ মানুহে শুনাত বেয়া হ’ব পাৰে, কিন্তু মিলা মিছা কৰিবলৈ তেওঁৰ মহিলাৰ অভাৱ কেতিয়াও হোৱা নাই৷

কি জানোঁ কাৰণে ডেকাকালৰে পৰাই টোকাইৰ বিয়া-বাৰু, সংসাৰ আদিৰ প্ৰতি মন নাছিল৷ তেওঁ প্ৰায় নিশ্চিতই আছিল যে তেওঁ বিবাহিত জীৱনৰ যোগ্য নহয়৷ সেয়ে মহিলাগৰাকী যিমানেই আকৰ্ষণীয় নহওক কিয়, তেওঁ যদি স্থায়ী সংগী বিচাৰি আছে, তেন্তে টোকাইয়ে দূৰত্ব বজাই ৰাখে৷ যাৰ ফলত, তেওঁ প্ৰেমিকা হিচাপে পছন্দ কৰা মহিলাসকল হয় বিবাহিতা নতুবা যাৰ ইতিমধ্যে এগৰাকী মুখ্য প্ৰেমিক থাকে৷ এই ব্যৱস্থা বৰ্তাই ৰখালৈকে তেওঁৰ কোনো এগৰাকী সংগীৰে বিবাহাকাঙ্খা জাগ্ৰত হোৱা নাছিল৷ সৰলভাৱে ক’বলৈ গ’লে টোকাই সদায়ে এজন কেজুৱেল দ্বিতীয় প্ৰেমিক, দুখৰ দিনৰ বাবে সুবিধাজনক পুৰুষ বন্ধু, অথবা কেজুৱেল ফ্লিঙৰ বাবে সুবিধাজনক সংগী৷

আৰু সঁচা কবলৈ গ’লে এনেকুৱা সম্পৰ্কবোৰতহে টোকাই প্ৰকৃতাৰ্থত সহজ হ’ব পাৰিছিল আৰু মহিলাসকলৰ সৈতে সময় কটাবলৈ সুবিধাজনক পাইছিল৷ আন কোনো ব্যৱস্থাই— য’ত মহিলা সকলে স্থায়ী সংগী বিচাৰে—, তেওঁক অশ্বস্তি আৰু শংকাত পেলায়৷

এই মহিলাসকলৰ তেওঁৰ বাহিৰেও আন পুৰুষৰ সৈতে যে যৌন সম্পৰ্ক আছিল, তাকে লৈ তেওঁ বৰ বেছি মূৰ নঘমাইছিল৷ শাৰীৰিক সম্পৰ্কবোৰ মাথোন শাৰীৰিকহে—, চিকিৎসক হিচাপে টোকাইয়ে এনেদৰেই বিশ্বাস কৰিছিল আৰু সংগদায়িনী মহিলাসকলেও একেদৰেই ভাবিছিল৷ টোকাইয়ে কেৱল মাত্ৰ আশা কৰিছিল যে তেওঁৰ সৈতে থকা সময়খিনিত মহিলাগৰাকীয়ে যাতে কেৱল তেওঁৰ কথাকে ভাবে৷ তেওঁলোকৰ নিজা সময়খিনিৰ বাহিৰত মহিলাগৰাকীয়ে কি ভাবিছে অথবা কৰিছে সেয়া তেওঁৰ নিজা কথা, যাক লৈ টোকাইয়ে কোনো ধৰণৰ জল্পনা-কল্পনা নকৰে৷ গতিকে এই সম্পৰ্কৰ বাহিৰৰ তেওঁলোকৰ জীৱনত টোকাইয়ে হস্তক্ষেপ কৰিবলৈ যোৱাটো সুদূৰপৰাহত৷

এই মহিলাসকলৰ সৈতে নৈশ আহাৰ খোৱা, ৱাইন খোৱা আৰু একলগে কথা পতা—এইবোৰেই আছিল টোকাইৰ বাবে অনিৰ্বাচনীয় সুখ৷ যৌনতা আছিল মাথোঁ অতিৰিক্ত সুখ, মূল উদ্দেশ্য কাহানিও নাছিল৷ মূলতঃ তেওঁ কেবাগৰাকী আকৰ্ষণীয় মহিলাৰ সৈতে এক অন্তৰংগ, বৌদ্ধিক সম্পৰ্ক এটা বিচাৰিছিল৷ পাছৰখিনি অৱধাৰিতভাৱে ঘটিছিল মাথোন৷ সেয়েহে মহিলাসকল স্বাভাৱিকভাৱেই তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল, সময়বোৰ উপভোগ কৰিছিল আৰু প্ৰায়ে সম্পৰ্কটোত আগভাগ লৈছিল৷ ব্যক্তিগতভাৱে, মই ভাবোঁ যে পৃথিৱীৰ সৰহভাগ মহিলাই (বিশেষকৈ প্ৰকৃতাৰ্থত আকৰ্ষণীয়সকল) অনবৰতঃ যৌন সম্পৰ্কৰ বাবে ব্যগ্ৰ এই পুৰুষসকলৰ পৰা ইতিমধ্যে বিৰক্ত হৈ পৰিছে৷

টোকাইয়ে মাজে মাজে ভাৱে—, যোৱা ত্ৰিশটা বছৰত এনেকুৱা সম্পৰ্ক কিমানটা হ’ল এটা হিচাপ ৰখা উচিত আছিল হয়তো৷ কিন্তু তেওঁ কেতিয়াও সংখ্যাক লৈ অকণো আগ্ৰহী নাছিল৷ অভিজ্ঞতাসমূহ কিমান মধুৰ হয়, সেয়াহে জৰুৰী৷ মহিলাগৰাকীৰ শাৰীৰিক অৱয়বকলৈও তেওঁ বৰ বেছি মূৰ নঘমায়৷ যেতিয়ালৈকে মহিলা এগৰাকীৰ কোনো বিশেষ খুঁত নাথাকে য’ত তেওঁৰ পেছাদাৰী আগ্ৰহ জন্মে অথবা যেতিয়ালৈকে মহিলাগৰাকীৰ চেহেৰা আমনিদায়ক নহয় যে তেওঁৰ হামিয়াবলগীয়া অৱস্থা হয়, তেন্তে সেয়া যথেষ্ট৷ হাতত টকা-পইচা থাকিলে আপুনি আপোনাৰ মুখমণ্ডল যিমান বিচাৰে আৰু যেনেকৈ বিচাৰে তেনেকৈ ধুনীয়া কৰি লব পাৰে (এই ক্ষেত্ৰত বিশেষজ্ঞ হিচাপে তেওঁ দেধাৰ উদাহৰণ দিব পাৰে) তেওঁ মূলতঃ মেধাসম্পন্ন, বুদ্ধিমতী আৰু হাস্যৰসযুক্ত নাৰীৰ গুণগ্ৰাহী আছিল৷ মহিলা এগৰাকী যদি খুব ধুনীয়া হয়, কিন্তু তেওঁৰ ক’বলৈ একো নাথাকে অথবা নিজা কোনো অভিমত নাথাকে, টোকাইয়ে তেনে ক্ষেত্ৰত আগ্ৰহ অনুভৱ নকৰে৷ কোনো অস্ত্ৰোপচাৰে নাৰীৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি কৰিব নোৱাৰে৷ বুদ্ধিমতী নাৰী এগৰাকীৰ সৈতে নৈশ আহাৰত কিছু সুৰুচিপূৰ্ণ আলাপ-আলোচনা অথবা বিছনাত ইজনে সিজনক ধৰি অলসভাৱে শাক খোৱা-ভাত খোৱা কথা পতা—, এইবোৰেই তেওঁৰ বাবে বহুমূলীয়া মুহূৰ্ত৷

ভাল কথা এয়ে যে মহিলাসকলৰ সৈতে এবাৰো তেওঁৰ কোনো বিশেষ সংঘাত হোৱা নাই, কাৰণ এই লিকটীয়া আৱেগিক দ্বন্দ্ববোৰ তেওঁৰ বাবে নহয়েই৷ আৰু যদিহে কোনো কাৰণে সাম্ভাব্য সংঘাতৰ কলীয়া ডাৱৰ দেখিবলৈ পায়, তেতিয়াও তেওঁ অতি কৌশলেৰে সম্পৰ্কটোৰ পৰা পিছ হুঁহকি আহিব জানে আৰু ই যাতে কোনো গুৰুতৰ সমস্যাৰ সৃষ্টি নকৰে অথবা মহিলাগৰাকীয়ে যাতে দুখ নাপায় তাকো খেয়াল ৰাখে৷ এই কামটো তেওঁ অতি স্বাভাবিক আৰু ক্ষীপ্ৰভাৱে কৰিছিল, ঠিক যিদৰে নামি অহা সন্ধিয়াটোৰ পৰা ছাঁবোৰ লোপ পায়৷ এজন অভিজ্ঞ বেচ্চেলৰ হিচাপে তেওঁ এই কৌশলসমূহত সিদ্ধহস্ত আছিল৷

প্ৰেমিকাসকলৰ সৈতে সম্পৰ্ক বিচ্ছেদ কৰাটো তেওঁৰ বাবে এক নিয়মীয়া কাৰবাৰ আছিল৷ আন এগৰাকী মুখ্য প্ৰেমিক থকা বেছিভাগ মহিলাই এটা সময়ত কৈ দিয়ে,”ক্ষমা কৰিব, মই আৰু আপোনাক দেখা কৰিব নোৱাৰিম, অতি সোনকালেই মোৰ বিয়া৷” সৰহভাগ ক্ষেত্ৰতে মহিলাসকলৰ এই বিয়া হোৱা সিদ্ধান্তটো আহে তেওঁলোক ত্ৰিশ বা চল্লিশৰ দেওনা গচকাৰ আগে আগে৷ ঠিক যিদৰে বছৰ এটা শেষ হোৱাৰ আগে আগে কেলেণ্ডাৰৰ বিক্ৰী ভাল হয়৷ টোকাইয়ে প্ৰতিবাৰেই দুঃখভাৱেৰে হাঁহি এটা মাৰি অতি শান্তভাৱে এনে সংবাদ গ্ৰহণ কৰে৷ ই এক দুৰ্ভাগ্য, কিন্তু কি নো কৰিব পাৰিব? বিবাহ তেওঁৰ বাবে নহয়েই, তথাপি এটা পবিত্ৰ অনুষ্ঠান বাবে যিকোনো মানুহেই ইয়াক সন্মান কৰিবলগীয়া হয়৷

তেনে সময়ত তেওঁ মহিলাগৰাকীক খুব দামী কিবা এটা কিনি বিয়াৰ উপহাৰ দিয়ে৷ “বিবাহ উপলক্ষ্যে অভিনন্দন জনালোঁ”—,তেওঁ কয়৷ “তুমি ইমান বুদ্ধিমতী, আকৰ্ষণীয় আৰু মৰমিয়াল৷ মই বিচাৰোঁ—, তুমি সঁচাকৈয়ে সুখী হোৱা, আৰু তুমি এই সুখ পোৱাৰ যোগ্য৷” আৰু সঁচাকৈয়ে তেওঁ এনেদৰে অনুভৱ কৰিছিল৷ এই মহিলাসকলে তেওঁলোকৰ জীৱনৰ কিছু আপুৰুগীয়া সময় টোকাইৰ সৈতে অতিবাহিত কৰিছে, সেই সময়ৰ পৰা তেওঁ আশা কৰা সঁচা মৰমখিনিয়ে তেওঁৰ জীৱনক উমাল আৰু বিস্ময়কৰ মুহূৰ্ত কিছু প্ৰদান কৰিছে৷ সেইখিনিৰ বাবেই তেওঁ কৃতজ্ঞ৷ আৰুনো তেওঁলোকৰ পৰা কি বিচাৰিব?

কিন্তু এই বিবাহপাশত আৱদ্ধ হোৱা মহিলাসকলৰ প্ৰায় এক তৃতীয়াংশই কিছুবছৰ পাছত পুনৰ টোকাইক ফোন কৰি দেখা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে৷ আৰু তেওঁ সদায়ে এনে এটা মধুৰ আৰু নিশ্চয়েই ‘বৰ এটা পবিত্ৰ নহয়’ ধৰণৰ সম্পৰ্ক গঢ়িবলৈ পাই সুখী হৈছিল৷ তেওঁলোকে দুগৰাকী অবিবাহিত ব্যক্তিৰ মাজৰ কেজুৱেল সম্পৰ্ক এটাক এগৰাকী অবিবাহিত পুৰুষ আৰু এগৰাকী বিবাহিতা মহিলাৰ মাজৰ জটিল সম্পৰ্কলৈ পৰ্যবসিত কৰে— যি আছিল অধিক উপভোগ্য৷ হওঁতে তেওঁলোকে আগতে একেলগে কৰা কামবোৰেই কৰে—, মাথোঁ অধিক পৰিপক্কভাৱে৷ বিয়াত বহা বাকী দুই-তৃতীয়াংশ মহিলাই পুনৰ সংযোগ স্থাপন নকৰে, আৰু টোকাইয়েও তেওঁলোকক দুনাই দেখা পোৱা নাই৷ টোকাইৰ অনুমান—, তেওঁলোক হয়তো সন্তানসহ একোগৰাকী অপূৰ্ব পত্নী ৰূপে সুখী, পৰিপূৰ্ণ বিবাহিত জীৱন এটা উপভোগ কৰি আছে৷ যদি এনেকুৱাই হৈছে, টোকাই তেওঁলোকৰ বাবেও সুখী৷ এই মুহূৰ্তত হয়তো তেওঁ মৰমেৰে লিৰিকি বিদাৰি থকা সেই বিস্ময়কৰ স্তনযুগলৰ পৰা কোনো শিশুৱে পুষ্টি গ্ৰহণ কৰি আছে৷

********

টোকাইৰ প্ৰায়ভাগ বন্ধুৱে বিবাহিত৷ সন্তানো আছে তেওঁলোকৰ৷ তেওঁলোকৰ ঘৰলৈ কেবাবাৰো গৈছে যদিও কেতিয়াও, এবাৰলৈও ঈৰ্ষান্বিত হোৱা নাই৷ যেতিয়া তেওঁলোকৰ ল’ৰা-ছোৱালীবোৰ সৰু আছিল, মৰমেই লাগিছিল, কিন্তু যেতিয়া সিহঁত হাইস্কুল পাইগৈ— ৰুক্ষ হৈ পৰে, ডাঙৰক দেখিব নোৱাৰে আৰু মাক দেউতাকৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ নামত কত যে সমস্যাৰ সৃষ্টি কৰে! মাক-বাপেকৰো চুলি ডাল ডাল হয়গৈ৷ তেওঁলোকৰো এটাই চিন্তা—, কেনেকৈ সন্তানৰ পঢ়াশুনা ভাল কৰিব পাৰি আৰু কেনেকৈ সিহঁতক শীৰ্ষস্থানৰ বিদ্যালয়ত পঢ়ুৱাব পাৰি৷ গতিকে পৰীক্ষাৰ ফলাফল বেয়া হলে পতি-পত্নীৰ মাজতেই উখনা-উখনি আৰম্ভ হয়৷ এই ল’ৰা-ছোৱালীবোৰে ঘৰত কাৰো সৈতে মাতবোল নকৰে, তাৰ সলনি নিজৰ কোঠাতে আৱদ্ধ হৈ লগৰবোৰৰ সৈতে অনলাইন চাট অথবা শিশু-কিশোৰৰ বাবে অনুপযোগী অনলাইন প’ৰ্ণত ব্যস্ত থাকে৷ এনে ল’ৰা-ছোৱালী বিচাৰিব পৰাকৈ টোকাই প্ৰস্তুত নহয়৷ তেওঁৰ বন্ধুবোৰে পিছে ইমানৰ পিছতো নিজা সন্তান থকাটো এটা বিস্ময়কৰ অভিজ্ঞতা বুলি দাবী কৰে, কিন্তু তেওঁ এইবোৰ কথাত ভোল নাযায়৷ তেওঁলোকে হয়তো নিজে চোঁচৰাই থকা বোজাটোকে টোকাইৰ কান্ধটো দিব বিচাৰে৷ স্বাৰ্থপৰৰ দৰে তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকে পোৱা কষ্টখিনি পৃথিৱীৰ আন প্ৰতিটো মানুহেও পাব লাগে৷

মই নিজেই ডেকাকালতে বিয়া পাতিছোঁ, আৰু এতিয়াও বিবাহিত, কিন্তু মোৰ কোনো সন্তান নাই৷ গতিকে তেওঁৰ দৃষ্টিভংগী ময়ো কিছু পৰিমাণে বুজি পাইছোঁ, যদিও ই অলপ বেছিয়ে সৰলীকৃত আৰু অতিৰঞ্জিত বক্তব্য যেন লাগিল৷ কেতিয়াবা ভাবোঁ তেওঁৱেই হয়তো শুদ্ধ৷ যদিও অৱশ্যে সকলো ক্ষেত্ৰতে ইমান বেয়া অবস্থা নহয়৷ এই বিশাল পৃথিৱীখনত মাক-বাপেক আৰু ল’ৰা-ছোৱালীৰ মাজত ঘনিষ্ঠ, উমাল সম্পৰ্ক থকা কিছুমান ধুনীয়া, সুখী পৰিয়াল আছে—, পিছে কিমাননো আছে এনে পৰিয়াল? ঠিক ফুটবলত যিমান হেট্ৰিক হয়, সিমান? এনে দুষ্প্ৰাপ্য, সুখী মা- বাপেক হ’ব পাৰিম বুলি মোৰ অকণো আত্মবিশ্বাস নাই আৰু টোকাইকো দেখাত নালাগে৷

মানুহে ভুল বুজাৰ সম্ভাৱনা আছে যদিও মোৰ মতে টোকাই এজন সৰলমনা ব্যক্তি৷ তেওঁ কোনো হতভাগা বেচেৰা নহয়, কোনো হীনমন্যতা অথবা ঈৰ্ষা নাছিল, কোনো কথাকে লৈ অতিমাত্ৰা অহংকাৰ বা পক্ষপাতিত্ব নাই, কোনো বিশেষ নিচা নাই, অতিমাত্ৰা সংবেদনশীল নহয়, কোনো কট্টৰ ৰাজনৈতিক অভিমত নাই৷ উপৰুৱা দৃষ্টিত অন্ততঃ তেওঁৰ গুণবোৰ চাই অস্থিৰ ব্যক্তিত্বৰ বুলিব নোৱাৰি৷ আটায়ে তেওঁৰ স্পষ্টবাদী, অকপট ব্যক্তিত্ব, তেওঁৰ মাৰ্জিত ব্যৱহাৰ আৰু তেওঁৰ ফুৰ্তিবাজ, যোগাত্মক দৃষ্টিভংগী আদিবোৰ বৰ ভাল পাইছিল৷ টোকাইয়েও তেওঁৰ এই গুণবোৰ মূলতঃ মহিলাসকলক (সি পৃথিৱীৰ আধা জনসংখ্যা) আকৰ্ষণ কৰিবলৈ বৰ কৌশলপূৰ্ণভাৱে ব্যৱহাৰ কৰিছিল৷ মহিলাসকলৰ প্ৰতি দয়া, সহনশীলতা আদি যিবোৰ গুণ তেওঁৰ পেছাৰ বাবে জৰুৰী সেইবোৰ তেওঁৰ জন্মগতভাৱেই আছিল—, যিদৰে কাৰোবাৰ মৰমিয়াল কণ্ঠ থাকে আৰু আন কাৰোবাৰ দীঘল আঙুলি৷ সেইবাবে (আৰু নিশ্চয় যিহেতু তেওঁ এগৰাকী মেধাবী শৈল্যচিকিৎসক), তেওঁৰ ক্লিনিকখনে দোপত দোপে উন্নতি কৰিছিল৷ কোনো বিজ্ঞাপন অবিহনেও ক্লিনিকখন মানুহেৰে ভৰ্তি হৈ থাকিছিল৷

মোৰ পাঠকসকলে নিশ্চয় জানে যে এনেকুৱা সৰল ব্যক্তিসমূহ প্ৰায়ভাগেই ফোপোলা, মধ্যমীয়া বুদ্ধিৰ আৰু আমনিদায়ক হয়৷ অথচ, টোকাই এনে নহয়৷ উইকেণ্ডবোৰত প্ৰায়ে মই তেওঁৰ সৈতে বহি প্ৰায় এঘণ্টামান বিয়েৰ খাই উপভোগ কৰিছিলোঁ৷ তেওঁ আছিল এজন অতিশয় বাকপটু ব্যক্তি, কথা পাতিবলৈ যাৰ আছিল দেধাৰ প্ৰসংগ৷ তেওঁৰ হাস্যৰস আছিল খাৰাংখাচ, বৰ একো জটিল নহয় ধৰণৰ৷ তেওঁ মোক প্লাষ্টিক চাৰ্জাৰীৰ দুনীয়াখনৰ ঢেৰ মজাদাৰ ভিতৰুৱা কাহিনী কৈছিল (অৱশ্যেই গ্ৰাহকসকলৰ পৰিচয় গোপন ৰাখি), আৰু নাৰী সম্পৰ্কে কিছুমান বৰ আশ্চৰ্যকৰ তথ্য ফাদিল কৰিছিল৷ কিন্তু ই কেতিয়াও অশ্লীলতাৰ পৰ্যায় নাপাইছিলগৈ৷ মহিলা বন্ধুসকলৰ কথা তেওঁ সদায়ে বৰ সন্মান আৰু মৰমেৰে কৈছিল আৰু তেওঁলোকৰ ব্যক্তিগত তথ্যবোৰ গোপনে ৰাখিবলৈ যত্ন কৰিছিল৷

“এগৰাকী ভদ্ৰলোকে তেওঁ আদায় দিয়া কৰ আৰু শয্যাসংগ দিয়া নাৰী সম্পৰ্কে আলোচনা নকৰে৷”, তেওঁ মোক এবাৰ কৈছিল৷

“কোনে কৈছে এয়া?” মই সুধিছিলোঁ৷

“মই নিজেই প্ৰস্তুত কৰিছোঁ,” মুখৰ অভিব্যক্তি সলনি নকৰাকৈয়ে তেওঁ কৈছিল৷ “অৱশ্যে কেতিয়াবা মোৰ গাণনিকজনৰ সৈতে কৰ সম্পৰ্কে আলোচনা কৰোঁ৷”

********

একে সময়তে দুগৰাকী বা তিনিগৰাকী প্ৰেমিকা থকাটো টোকাইৰ বাবে অদ্ভূত কথা নাছিল৷ এই মহিলাসকল হয় বিবাহিতা নতুবা তেওঁলোকৰ অন্য প্ৰেমিক আছিল, গতিকে তেওঁলোকৰ সুবিধা অসুবিধাই প্ৰাধান্য পাইছিল, আৰু তেনেদৰে তেওঁলোকৰ সুবিধামতে টোকাইয়ে নিজৰ সময় মিলাইছিল৷ তেওঁৰ মতে কেবাগৰাকীও প্ৰেমিকা থকাটো অতি স্বাভাৱিক ঘটনা, ই কোনো বিশ্বাসঘাতকতা নহয়৷ তথাপি, তেওঁ কেতিয়াও কোনো এগৰাকীকে আনগৰাকীৰ বিষয়ে জানিব নিদিছিল, বৰং ‘কেৱলমাত্ৰ প্ৰয়োজনীয় কথা জনা’ নীতি মানি চলিছিল৷

টোকাইৰ ক্লিনিকখনত এজন সুদক্ষ পুৰুষ চেক্ৰেটাৰী আজি বহু বছৰৰ পৰাই তেওঁৰ সৈতে কাম কৰি আছে৷ এই মানুহজনে তেওঁৰ জটিল সময়সূচীখন এজন অভিজ্ঞ উৰাজাহাজ ট্ৰেফিক ক’ণ্ট্ৰ’লাৰৰ দৰে চোৱাচিতা কৰে৷ তেওঁ টোকাইৰ কেৱল মাত্ৰ কামৰ সময়সূচীখনেই সজাই মেলি নিদিয়ে, বৰং দিন যোৱাৰ লগে লগে তেওঁ টোকাইৰ ব্যক্তিগত প্ৰণয়বিলাসৰ সময়সূচীখনো নিৰ্ধাৰণ কৰাৰ দায়িত্ব লাভ কৰিছে৷ তেওঁ টোকাইৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো ৰঙীন কাহিনী সম্পৰ্কে অৱগত, কিন্তু কেতিয়াও কাৰো আগত টু শব্দ এটাও কোৱা নাই, ইমান ব্যস্ত হৈ থাকিবলগীয়া হোৱা স্বত্তেও মন বেয়া কৰা দেখা নাই, আৰু নিজৰ কাম পাৰদৰ্শিতাৰে কৰি গৈছে৷ যানজট নিয়ন্ত্ৰণত তেওঁ বৰ ভাল আছিল আৰু সেয়ে টোকাই কোনো দুৰ্ঘটনাৰ সন্মুখীন হ’ব লগা হোৱা নাই৷ শুনিবলৈ অবিশ্বাস্য যদিও, তেওঁ আনকি টোকাইৰ প্ৰেমিকাসকলৰ মাহেকীয়া ঋতুচক্ৰৰ হিচাপো ৰাখিছিল৷ টোকাইয়ে যেতিয়া কোনো মহিলাৰ সৈতে ভ্ৰমণলৈ যায়, তেওঁৰ চেক্ৰেটাৰীগৰাকীয়ে ৰেলৰ টিকট আৰু অতিথিশালা বন্দোবস্ত কৰে৷ এই দক্ষ চেক্ৰেটাৰীগৰাকীৰ অবিহনে টোকাইৰ পৰিমাৰ্জিত ব্যক্তিগত জীৱনটো একে নহ’লহেঁতেন৷ ইয়াৰ বাবদ টোকাইয়ে তেওঁৰ সুদৰ্শন চেক্ৰেটাৰীগৰাকীক (যি অৱশ্যেই সমকামী) উৎসৱে-পাৰ্ৱনে উপহাৰ আদিৰে কৃতজ্ঞতা প্ৰকাশ কৰি থাকে৷

সৌভাগ্যক্ৰমে তেওঁৰ মহিলা বন্ধুসকলৰ গিৰিয়েক আৰু প্ৰেমিকসকলে এবাৰো টোকাইৰ সৈতে তেওঁলোকৰ সম্পৰ্কৰ কথা আৱিষ্কাৰ কৰিব নোৱাৰিলে, সেয়ে তেওঁ কোনো গুৰুতৰ সমস্যাৰ সন্মুখীন হ’ব লগা হোৱা নাই আৰু কোনো অস্বস্তিকৰ পৰিস্থিতিতো পৰিবলগীয়া হোৱা নাই৷ তেওঁ এজন সাৱধান আৰু সতৰ্ক ব্যক্তি আছিল আৰু  মহিলা বন্ধুসকলকো সমানেই নিৰ্লিপ্ত হবলৈ সকীয়াই দিছিল৷ মূলতঃ তেওঁ তিনিটা উপদেশ দিছিল— কোনো কথাতে জোৰ নকৰিবা, খৰখেদা নকৰিবা, সময় লোৱা; সহজে ধৰা পেলাব পৰা পেটাৰ্ণ মতে নচলিবা; আৰু যেতিয়া মিছা ক’বলগীয়া হয়, মন কৰিবা যাতে ই সহজ সৰল হয় (এয়া অৱশ্যে চিগালক উৰণ শিকোৱাৰ লেখীয়া কথা, তথাপি তেওঁ তাকে কৰি আশ্বস্ত হৈছিল—একেই কথা)।

এনে নহয় যে এইবোৰ সম্পূৰ্ণ সমস্যাৰহিত আছিল৷ ইমান দিন ধৰি ইমানবোৰ সম্পৰ্ক একে সময়তে বজাই ৰাখিব গ’লে সমস্যা উদ্ভৱ হ’বই৷ বান্দৰো আনকি মাজে সময়ে ডালৰ পৰা সৰি পৰে৷ এবাৰ কোনো কাৰণত তেওঁৰ এগৰাকী মহিলা বন্ধুৱে সন্দেহপৰায়ণ প্ৰেমিকজনক ক্লিনিকৰ ফোন নম্বৰ দিব লগা হৈছিল যাতে তেওঁ ডাক্তৰৰ ব্যক্তিগত জীৱন আৰু নৈতিকতা সম্পৰ্কে সোধপোছ কৰিব পাৰে (তেওঁৰ দক্ষ চেক্ৰেটাৰীগৰাকীয়ে তেওঁৰ পতিয়ণ নিয়াব পৰা ক্ষমতাৰ দ্বাৰা এই মানুহজনৰ অভিযোগসমূহৰ পৰা বিচ্যুত কৰিছিল)৷ আৰু এবাৰ আন এগৰাকী বিবাহিতা মহিলা তেওঁলোকৰ সম্পৰ্কটোত ইমানেই অনুৰক্ত হৈ পৰিছিল যে তেওঁ একধৰণৰ স্বপ্নবিলাসী হৈ পৰিছিল৷ ইফালে মহিলাগৰাকীৰ স্বামী আছিল এজন বিখ্যাত মুষ্টিযোদ্ধা৷ পিছে, এইবাৰো সমস্যাৰ কলীয়া ডাৱৰ আঁতৰিল৷ ডাক্তৰৰো কান্ধ নভগাকে থাকিল৷

“আপুনি বাৰু কেৱলমাত্ৰ ভাগ্যৱানহে, নহয় জানো?” মই সুধিছিলোঁ৷

“হব পাৰে” তেওঁ হাঁহি এটা মাৰি কৈছিল, “হয়তো মোৰ ভাগ্যই ভাল৷ কিন্তু মই ভাবোঁ ই সকলো নহয়৷ কোনোপধ্যেই মই ইমান বুধিয়ক নিশ্চয় নহয়, তথাপি কেতিয়াবা ভাবি আচৰিত মই বাৰু কিমান চতুৰ হব পাৰোঁ”!

“চতুৰ”, মই দোহাৰিলোঁ৷

“ঠিক কিদৰে বুজাওঁ—, যেতিয়াই কথাবোৰ বিষম হোৱা যেন পাওঁ, মোৰ মগজু হঠাতে অতি সক্ৰিয় হৈ পৰে……,” অস্ফুট স্বৰত টোকাইয়ে ক’লে৷ কোনো ভাল উদাহৰণ তেওঁ বিচাৰি নোপোৱা যেন লাগিল অথবা বোধহয় তেওঁ এই বিষয়ে আলোচনা কৰিবলৈ ইতস্ততঃবোধ কৰিছিল৷

“এই যে ফটকৰি ওলাই আহিব পৰা কথাটো,” মই কলোঁ, “মোৰ ফঁচুৱা টুইফোৰ চিনেমা এখনৰ দৃশ্য এটা মনত পৰি গ’ল৷ এগৰাকী মহিলাই মানুহ এজনক কয়, ‘কিছুমান মানুহ নম্ৰ আৰু কিছুমান ক্ষীপ্ৰ হয়৷ এই দুয়োটাই ভাল গুণ যদিও বেছিভাগ সময়তে ক্ষীপ্ৰতাই নম্ৰতাক চেৰ পেলায়৷’ আপুনি চিনেমাখন চাইছেনে?”

“নাই, হয়তো চোৱা নাই,” টোকাইয়ে ক’লে৷

“মহিলাগৰাকীয়ে এটা উদাহৰণ দিয়ে৷ মানুহ এজনে দুৱাৰ এখন খুলি মহিলা এগৰাকীক নগ্ন অৱস্থাত দেখে, তেওঁ কাপোৰ সলাই আছিল৷ নম্ৰ মানুহজনে ক’লে, ‘ক্ষমা কৰিব মহাশয়া,’ আৰু তড়িৎভাৱে দুৱাৰখন বন্ধ কৰি দিয়ে৷ পিছে, যিজনে ‘ক্ষমা কৰিব মহাশয়’ বুলি কয় আৰু দুৱাৰখন বন্ধ কৰে, তেওঁহে প্ৰকৃতাৰ্থত ক্ষীপ্ৰ৷”

“হমম,” টোকাইক প্ৰসন্ন হোৱা যেন লাগিল৷ “এইটো বৰ মজাদাৰ সংজ্ঞা৷ মই হয়তো ধৰিব পাৰিছোঁ তেওঁলোকে কি বুজাব বিচাৰিছে৷ মই নিজেও কেবাবাৰো এনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ৷”

“আৰু প্ৰতিবাৰেই আপুনি মগজুৰ ক্ষীপ্ৰতাৰে নিজকে উলিয়াই আনিবলৈ সক্ষম হৈছিল?”

টোকাইয়ে এক বিষণ্ণ দৃষ্টিৰে চালে৷ “মই নিজকে বৰ বেছি কিবা বুলি ভাবিবলৈ নাযাওঁ, প্ৰকৃততে মোৰ কপাল ভাল৷ সহজ অৰ্থত মই এগৰাকী নম্ৰ, ভাগ্যৱান মানুহ৷ এনেদৰে ভবাই হয়তো আটাইতকৈ ভাল৷”

মুঠৰ ওপৰত টোকাইৰ এই তথাকথিত সৌভাগ্য প্ৰায় ত্ৰিশ বছৰলৈকে বৰ্তি থাকিল৷ ভাবিলে বৰ দীঘলীয়া সময় পিছে৷ কিন্তু এদিন হঠাতে একেবাৰেই অপ্ৰত্যাশিতভাৱে তেওঁ গভীৰ প্ৰেমত পৰিল—, ধূৰ্ত শিয়াল এটাই এদিন হঠাতে নিজকে ফান্দত আৱিষ্কাৰ কৰাৰ দৰে৷

********

প্ৰেমত পৰা মহিলাগৰাকী আছিল তেওঁতকৈ ষোল্ল বছৰে সৰু আৰু বিবাহিতা৷ তেওঁৰ স্বামী আছিল তেওঁতকৈ দুবছৰে ডাঙৰ, যি বিদেশী আই.টি. প্ৰতিষ্ঠান এটাত কৰ্মৰত আৰু তেওঁলোকৰ এটি সন্তানো আছিল— এজনী পাঁচ বছৰীয়া ছোৱালী৷ টোকাইৰ সৈতে তেওঁৰ সম্পৰ্ক আজি প্ৰায় দেৰ বছৰৰ পৰা চলি আছে৷

“মিষ্টাৰ টানিমুৰা,” তেওঁ এবাৰ সুধিছিল,” আপুনি কেতিয়াবা কাৰোবাক অত্যধিকভাৱে ভাল নাপাবলৈ সঁচাকৈয়ে কষ্ট কৰি পাইছেনে?” মোৰ যিমান দূৰ মনত আছে, এয়া জহকালিৰ আৰম্ভণি আছিল, আমি ইজনে সিজনক চিনি পোৱা এবছৰৰ অধিক হৈছিল৷

“নাই, বোধকৰোঁ তেনে হোৱা নাই”- মই তেওঁক কৈছিলোঁ৷

“ময়ো কৰি পোৱা নাছিলোঁ— এতিয়ালৈকে” টোকাইয়ে কৈছিল৷

“কাৰোবাক বহুত বেছি ভাল নাপাবলৈ বৰকৈ কষ্ট কৰা?”

“একদম৷ মই এতিয়া ঠিক তাকেই কৰি আছোঁ৷”

“কিয়?”

“সহজ কথা৷ যদিহে মই তেওঁক খুব বেছি ভাল পাওঁ, ই কষ্টকৰ হ’ব৷ সেইটো মই সহ্য কৰিব নোৱাৰোঁ৷ মই ভাবোঁ মোৰ হৃদয়ে সহ্য কৰিব নোৱাৰিব, সেইকাৰণেইতো মই তেওঁৰ প্ৰেমত নপৰিবলৈ চেষ্টা কৰি আছোঁ৷”

তেওঁ বৰ গহীন ভাৱত আছিল৷ সচৰাচৰ দেখাৰ দৰে মুখত ৰসবোধৰ চিন চাব নাছিল৷

“আপুনি তেওঁক খুব বেছি ভাল নাপাবলৈ প্ৰকৃততে কি কৰি আছে?”

“মই সকলো ধৰণৰ উপায় অৱলম্বন কৰি চাইছোঁ৷” তেওঁ ক’লে৷ “কিন্তু এই সকলো উপায় অৱশেষত গৈ তেওঁ সম্পৰ্কে ইচ্ছাকৃতভাৱে যিমান পাৰি সিমান বেয়া ভবাত শেষ হয়গে৷ মানসিকভাৱে যিমান পাৰি সিমান তেওঁৰ দোষবোৰৰ তালিকা তৈয়াৰ কৰোঁ—তেওঁৰ খুঁতবোৰ বুলি কোৱা উচিত৷ আৰু এইখিনি মই মগজুৰ ভিতৰতে বাৰে বাৰে মন্ত্ৰৰ দৰে জপ কৰি থাকোঁ, নিজকে এই মানুহগৰাকীৰ প্ৰেমত প্ৰয়োজনকৈ বেছিকে নপৰিবলৈ পতিয়ন নিয়াবলৈ৷”

“কিবা ফল পাইছেনে এনে কৰি?”

“ওহোঁ, বৰ এটা লাভ হোৱা নাই৷” এইবুলি টোকাইয়ে তেওঁৰ মূৰটো লৰালে৷ “প্ৰথম কথা, তেওঁৰ বৰ বেছি বেয়া গুণ মই বিচাৰিয়ে নাপালোঁ৷ আৰু এটা কথা যে তেওঁৰ সেই বেয়া গুণবোৰো মোৰ ভাল লাগে৷ আৰু আনটো কথা হ’ল যে মই নিজকে বুজাব নোৱাৰোঁ— মোৰ বাবে অতি বেছিৰ সীমাডালৰ শেষ ক’ত? জীৱনত প্ৰথমবাৰ এনে চেতনাহীন ধৰণৰ অনুভৱ হৈছে৷”

“আপোনাৰ আগতেওতো বহু মহিলাৰ সৈতে এনে সম্পৰ্ক আছিল, কিন্তু এনেকুৱাতো হোৱা নাছিল?” মই সুধিছিলোঁ৷

“এয়াই প্ৰথম” ডাক্তৰে সাধাৰণভাৱে কৈ থ’লে৷ তাৰ পাছত তেওঁ কবৰ খান্দি যেন কিবা পুৰণি স্মৃতি উলিয়াই আনিলে৷ “হাইস্কুলত পঢ়োঁতে খুৱ কম সময়ৰ বাবে এনেকুৱা কিবা এটা অনুভৱ কৰিছিলোঁ৷ সেইটো সময়, যেতিয়া বিশেষ কাৰোবাৰ কথা ভাবি বুকুখন বিষাই গৈছিল, আন একো ভাবিব নোৱাৰা হৈ পৰিছিলোঁ….কিন্তু ই একপক্ষীয় অনুভৱ আছিল আৰু যি কোনো কূল নাপালেগৈ৷ এতিয়া কথাবোৰ বেলেগ৷ এতিয়া মই প্ৰাপ্তবয়স্ক আৰু আমাৰ মাজত প্ৰকৃতাৰ্থত এটা শাৰীৰিক সম্পৰ্ক আছে৷ তথাপি মোৰ মনটো বিশৃংখল হৈ পৰিছে৷ যিমানেই মই তেওঁৰ কথা ভাবোঁ, সিমানেই ই মোক শাৰীৰিকভাৱে প্ৰভাৱিত কৰে, মোৰ আভ্যন্তৰীণ অংগসমূহক, বিশেষকৈ মোৰ পাচনতন্ত্ৰ আৰু শ্বাসতন্ত্ৰক৷”

অলপ পৰ নিশ্চুপ হৈ ৰ’ল তেওঁ, যেন দুয়োটা অংগ পৰীক্ষাহে কৰিছে৷

“আপুনি মোক যিমানখিনি ক’লে”, মই কলোঁ, “এনেকুৱা লাগিছে যেন আপুনি তেওঁৰ প্ৰেমত গভীৰভাৱে নপৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে, কিন্তু তেওঁক হেৰুৱাবও বিচৰা নাই৷”

“একদম৷ মই জানোঁ যে ই পৰস্পৰ বিপৰীতমুখী, স্কিজ’ফ্ৰেনিক৷ মই একে সময়তে দুটা সম্পূৰ্ণ বিপৰীত কথা আশা কৰি আছোঁ৷ মই যিমানেই চেষ্টা নকৰোঁ কিয় ই সম্ভৱ নহয়৷ কিন্তু মোৰ উপায় নাই৷ মই তেওঁক হেৰুৱাব নোৱাৰোঁ৷ যদি তেনে হয়, মই নিজকে হেৰুৱাই পেলাম৷”

“কিন্তু তেওঁ বিবাহিতা আৰু সন্তান এটিও আছে৷”

“ঠিক কৈছে৷”

“তেওঁ এই সম্পৰ্কটোৰ কথা কিদৰে ভাবে?”

টোকাইয়ে মূৰটো অলপ হেলনীয়া কৰি সচেতনতাৰে তেওঁৰ শব্দবোৰ নিৰ্বাচন কৰিলে৷ “মই মাথোঁ আন্দাজ কৰিছোঁ আৰু যিমানেই আন্দাজ কৰিছোঁ, সিমানেই খেলিমেলি লাগিছে৷ কিন্তু তেওঁ মোক অতি স্পষ্টভাৱে জনাইছে যে পতিৰ সৈতে বিবাহ বিচ্ছেদৰ কোনো অভিপ্ৰায় তেওঁৰ নাই৷ তেওঁলোকৰ এটি সন্তানো আছে আৰু তেওঁ পৰিয়ালটো ভাঙিব নিবিচাৰে৷”

“তথাপি তেওঁ আপোনাক দেখা কৰি থাকে৷”

“আমি এতিয়াও লগ হোৱাৰ সুযোগ বিচাৰি থাকোঁ৷ কিন্তু ভৱিষ্যতৰ কথা কোনে জানে? তেওঁৰ ভয়ো আছে গিৰিয়েকে কোনোবাদিনা আমাৰ কথা গম পাব বুলি আৰু তেওঁ কৈছিল হয়তো কোনোবাদিনা মোক দেখা কৰাটো বন্ধ কৰিব লাগিব৷ আৰু হয়তো সঁচাকৈয়ে গিৰিয়েকে আমাক ধৰা পেলাব আৰু আমি মিলা মিছা বন্ধ কৰিব লাগিব৷ অথবা তেওঁ নিজেই আমাৰ এই সম্পৰ্কটোৰ পৰা আমনি পোৱা হব৷ মোৰ কোনো ধাৰণা নাই— কাইলৈ কি হ’ব৷”

“আৰু এই কথাটোকে আপুনি আটাইতকৈ বেছি ভয় কৰে৷”

“হয়, যেতিয়া মই এনে সম্ভাৱনাবোৰৰ কথা ভাবোঁ, আন একো ভাবিব নোৱাৰা হৈ পৰোঁ৷ ডিঙিলৈ ভাত নোযোৱা হয়৷”

********

ডাঃ টোকাই আৰু মোৰ চিনাকী হৈছিল আমাৰ ঘৰৰ ওচৰৰ ব্যায়ামাগাৰটোত৷ তেওঁ প্ৰতি শনি আৰু দেওবাৰে পুৱা ব্যায়ামাগাৰলৈ আহিছিল স্কোৱাছ খেলিবলৈ, আৰু আমি কেবাবাৰো একেলগে খেলিছিলোঁ৷ প্ৰতিপক্ষ হিচাপে তেওঁ ভাল— নম্ৰ, স্বাস্থ্যৱান, জয়ী হ’বলৈ অতিমাত্ৰা উৎকণ্ঠিত নহয় ধৰণৰ, আৰু মই তেওঁৰ বিপৰীতে খেলি উপভোগ কৰিছিলোঁ৷

মই তেওঁতকৈ অলপ ডাঙৰ, কিন্তু প্ৰকৃততে আমি একেটা প্ৰজন্মৰে (এইবোৰ আজি কিছুদিনৰ আগৰ কথা), আৰু স্কোৱাছ খেলাৰ পাৰদৰ্শিতাৰ স্তৰ দুয়োৰে মোটামুটি একে৷ বলটোৰ পিছে পিছে দৌৰি আমি ঘামি যাওঁ, তেতিয়া ওচৰৰ বিয়েৰ কক্ষলৈ গৈ কেইটামান পাইণ্ট খাওঁ৷ সৰহভাগ ভালদৰে প্ৰতিপালিত, উচ্চ শিক্ষিত, আৰু আৰ্থিকভাৱে সুৰক্ষিত ব্যক্তিৰ দৰে ডাঃ টোকাইয়েও কেৱল নিজৰ কথাই ভাবিছিল৷  তথাপি, আগতে উল্লেখ কৰাৰ দৰে তেওঁ এজন যিহেতু এজন বিস্ময়কৰভাৱে বাকপটু ব্যক্তি, মই সঁচাকৈয়ে তেওঁৰ সৈতে কথা পাতি উপভোগ কৰিছিলোঁ৷

যেতিয়া তেওঁ গম পালে যে মই এজন লেখক, তেতিয়া লাহে লাহে নিজৰ বহু ব্যক্তিগত কথা ব্যক্ত কৰিবলৈ ধৰিলে৷ তেওঁ হয়তো ভাবিছিল যে থেৰাপীষ্ট আৰু ধৰ্মগুৰুসকলৰ দৰে লিখকসকলৰো মানুহৰ স্বীকাৰোক্তি শুনাৰ নৈতিক অধিকাৰ (অথবা দায়িত্ব) আছে৷ আন বহু লোকৰ সৈতে মোৰ একেধৰণৰ অভিজ্ঞতা হৈছে৷ তথাপি কিন্তু মই সদায়ে তেওঁৰ কথা শুনি উপভোগ কৰিছিলোঁ আৰু তেওঁৰ ক’বলগীয়াখিনিৰ পৰাও আগ্ৰহ হেৰুওৱা নাছিলোঁ৷ তেওঁ খোলা, সৎ আৰু আত্মানুসন্ধানী আছিল৷ আৰু নিজৰ দুৰ্বলতা আনৰ আগত প্ৰকাশ কৰিবলৈ অকনো ভয় কৰা নাছিল— ই এটা বিৰল গুণ৷

********

তেওঁ মোক কৈছিল, “মই এনে কেবাগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰাখি পাইছোঁ, যি তেওঁতকৈ কেবাগুণে বেছি ধুনীয়া, সুগঢ়ী, উচ্চৰুচিযুক্ত আৰু অধিক বুদ্ধিমতী৷ কিন্তু এই তুলনাবোৰ অৰ্থহীন৷ কাৰণ মোৰ বাবে তেওঁ ‘বিশেষ’৷ মোৰ বোধেৰে আপুনি ক’ব পাৰে— ‘এক সম্পূৰ্ণ উপস্থিতি’৷ তেওঁৰ আটাইবোৰ গুণ এটা মৰ্মস্থলীত সন্নিহিত হৈ আছে৷ আপুনি প্ৰতিটো বৈশিষ্ট্য ভাগ ভাগ কৰি লৈ জুখিব বা বিশ্লেষণ কৰিব নোৱাৰে, অৰ্থাৎ একেখিনি বৈশিষ্ট্যই আন কাৰোবাৰ তুলনাত ভাল বা বেয়া বুলিব নোৱাৰে৷ তেওঁৰ সেই মৰ্মস্থলীয়েহে মোক অত্যন্ত আকৰ্ষিত কৰে— ঠিক যেন এক শক্তিশালী চুম্বক৷ এইবোৰ যুক্তিৰ বাহিৰৰ কথা৷”

আমি ডাঙৰ ব্লেক এণ্ড টেনচ এটা আলু ভাজি আৰু আচাৰৰ সৈতে খাই আছিলোঁ৷

“এতিয়া মোৰ প্ৰেয়সীক দেখি/ আৰু বিদায় জনাই/ মই জানোঁ মোৰ পুৰণি হৃদয়খন কিমান ফোপোলা আছিল/ যেন আগতে কাহানিও প্ৰেম নিচিনিলোঁ…..”

টোকাইয়ে আবৃত্তি কৰিলে৷

“গনচুনাগন আট্চুটাডাৰ কবিতা,” মই কলোঁ৷ নাজানোঁ এইটো মোৰ কিয় মনত আছিল৷

“কলেজত” তেওঁ কৈছিল, “আমাক শিকাইছিল যে ‘দেখা’ৰ অৰ্থ হৈছে প্ৰেমিক-প্ৰেমিকাৰ গোপন মিলন, শাৰীৰিক সম্পৰ্কও য’ত অন্তৰ্ভুক্ত৷ সেই সময়ত ইয়াৰ কোনো বিশেষ অৰ্থ বিচাৰি পোৱা নাছিলোঁ, কিন্তু এতিয়া এই বয়সত মই অৱশেষত বুজিব পাৰিছোঁ কবিয়ে কি অনুভৱ কৰিছিল৷ ভালপোৱা মানুহজনীক লগ পাই, দৈহিক মিলন হৈ বিদায় মাগিবলগীয়া হোৱাৰ পাছত হেৰুওৱাৰ যি গভীৰ চেতনাবোধ, যেন উশাহ বন্ধ হৈ পৰিব৷ হাজাৰ বছৰতো এই আৱেগ সলনি হোৱা নাই৷ আজিলৈকে মোৰ এনে অনুভৱ হোৱা নাছিল আৰু এতিয়া বুজিছোঁ যে মানুহ হিচাপে মই কিমান অসম্পূৰ্ণ আছিলোঁ, যদিও এইটো বুজোতে মোৰ কিছু পলম হ’ল৷”

এনেবোৰ কথাত বেছি আগতীয়া বা বেছি পলম বুলি কথা নাথাকে, মই কলোঁ তেওঁক৷ আপুনি হয়তো অলপ পলমকৈ বুজি পাইছে, কিন্তু একেবাৰে বুজি নোপোৱাতকৈ ই কেবাগুণে ভাল৷

“কিন্তু হয়তো ডেকাকালতেই এই অভিজ্ঞতা হ’লে ভাল হ’লহেঁতেন৷” টোকাইয়ে কৈছিল৷ “তেতিয়া মই প্ৰেমৰ এণ্টিবডী গঢ়ি তুলিব পাৰিলোঁহেঁতেন৷”

কথাবোৰ ইমান সহজ বুলি মই ভবা নাছিলোঁ৷ মই এনে মানুহ বহুতকে জানোঁ যি প্ৰেমৰ এণ্টিবডী গঢ়া দূৰৈৰ কথা, বৰং সুপ্ত, ক্ষয়ংকৰী বেমাৰ কঢ়িয়াই ফুৰিছিল৷ কিন্তু মই এই বিষয়ে নুলিয়ালোঁ, পাতনি মেলোতেই বহু সময় লাগিলেহেঁতেন৷

“মই তেওঁৰ সৈতে সম্পৰ্ক গঢ়া আজি প্ৰায় দেৰবছৰেই হ’ল৷” তেওঁ ক’লে৷ “তেওঁৰ স্বামী প্ৰায়ে বিদেশলৈ ব্যৱসায়িক ভ্ৰমণত যায়, আৰু তেওঁ বাহিৰত থাকোঁতে আমি সদায়ে লগ কৰোঁ, নিশাৰ আহাৰ খাওঁ, মোৰ ঘৰলৈ যাওঁ আৰু একেলগে শোওঁ৷ মানুহজনীয়ে গিৰিয়েকৰ কোনো মহিলাৰ সৈতে সম্পৰ্ক থকা গম পাই মোৰ সৈতে সম্পৰ্ক আৰম্ভ কৰিছিল৷ তেওঁৰ স্বামীয়ে ক্ষমা খুজিছে, সেইগৰাকী মহিলাৰ সৈতে সম্পৰ্কচ্ছেদ কৰিছে আৰু এনে কাহানিও নকৰে বুলি শপত খাইছে৷ কিন্তু এইবোৰে তেওঁক সন্তুষ্ট কৰা নাছিল আৰু তেওঁ মোৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়িলে যাতে তেওঁৰ আৱেগিক ভাৰসাম্য ঘূৰাই আহে৷ ‘প্ৰতিশোধ’ এটা ক্ৰুৰ শব্দ, কিন্তু তেওঁ মানসিক সামঞ্জস্য ৰাখিবলৈ এনে কৰিবলগীয়া হৈছিল৷ এনে ঘটনা হৈয়ে থাকে৷ “

এনে ঘটনা বহুত হয়নে নহয়, মই হয়তো নাজানিম৷ সেয়ে মই মনে মনে তেওঁৰ কথা শুনি আছিলোঁ৷

“আমি নিজৰ মাজতেই বৰকৈ উপভোগ কৰিছিলোঁ৷ চমৎকাৰ বাৰ্তালাপ, কেৱল মাত্ৰ আমি দুয়ো জনা কিছুমান অন্তৰংগ গোপনীয়তা, সংবেদনশীল যৌনতা— মোৰ মতে আমি বৰ সুন্দৰ সময় কিছুমান একেলগে কটাইছোঁ৷ তেওঁ খুব হাঁহিছিল, এটা সোঁচৰা হাঁহি৷ কিন্তু আমাৰ সম্পৰ্কটো আগ বঢ়াৰ লগে লগে মই গভীৰভাৱে তেওঁৰ প্ৰেমত পৰিলোঁ আৰু য’ৰ পৰা ঘূৰি আহিব নোৱাৰিলোঁ৷ আৰু অতি সম্প্ৰতি প্ৰায়ে মোৰ ভাব হ’বলৈ ধৰিছে, মই দৰাচলতে কোন?”

মোৰ এনে লাগিল যেন শেষৰ কথাকেইটা ভালকে শুনা নাপালোঁ (অথবা ভুলকে শুনিলোঁ), সেয়ে পুনৰবাৰ ক’বলৈ কলোঁ৷

“মই প্ৰকৃততে কোন? মই সঁচাকৈ এই বিষয়ে ভাবিবলৈ লৈছোঁ৷” তেওঁ দোহাৰিলে৷

“এইটো এটা টান প্ৰশ্ন” মই কলোঁ৷

“হয়, এটা বৰ টান প্ৰশ্ন,” টোকাইয়ে ক’লে৷ তেওঁ কেইবাবাৰো মূৰটো লৰালে, যেন এইটোৰ নিশ্চিতি দিছে৷ তেওঁ হয়তো মোৰ কথাৰ মাজৰ কটাক্ষখিনি ধৰিব নোৱাৰিলে৷

“মই কোন?”তেওঁ কৈ গ’ল—”ইমানদিনে মই কস্মেটিক প্লাষ্টিক চাৰ্জন হিচাপে কাম কৰি আহিছোঁ, আৰু এই সম্পৰ্কে কেতিয়াও কোনো সন্দেহ হোৱা নাই৷ মেডিকেল কলেজৰ প্লাষ্টিক চাৰ্জাৰী বিভাগৰ পৰা স্নাতক হৈ ওলাই প্ৰথমে দেউতাৰ সহায়ক হিচাপে কাম কৰিছিলোঁ তাৰ পাছত যেতিয়া দেউতাৰ চকুযুৰি দুৰ্বল হ’বলৈ ধৰিলে আৰু তেওঁ অৱসৰ ল’লে তেতিয়া ক্লিনিকখন মোলৈ হস্তান্তৰিত কৰে৷ হয়তো মই কোৱা অনুচিত, কিন্তু মই এজন খুব দক্ষ চাৰ্জন৷ প্লাষ্টিক চাৰ্জাৰীৰ পৃথিৱীখন খুব লেতেৰাও হব পাৰে, আৰু কিছুমান ক্লিনিকে চকমকীয়া বিজ্ঞাপন দিব পাৰে, কিন্তু মানদণ্ড অতি সাধাৰণ৷ মই সদায়ে অতি অন্তঃকৰণেৰে নিজৰ কাম কৰিছোঁ আৰু গ্ৰাহকসকলৰ সৈতে কেতিয়াও কোনো ডাঙৰ সমস্যা হোৱা নাই৷ সেয়ে, এজন পেছাদাৰী হিচাপে মই গৌৰৱান্বিত৷ মই মোৰ ব্যক্তিগত জীৱনটো লৈও সুখী৷ মোৰ ঢেৰ বন্ধু-বান্ধৱ আছে আৰু স্বাস্থ্যও এতিয়ালৈকে ভালে আছে৷ মই জীৱনটো উপভোগ কৰি আছোঁ৷ কিন্তু তথাপি আজিকালি মই বিস্মিত হৈ থাকোঁ— এই  মই দৰাচলতে কোন? আৰু ই এক গুৰুতৰ প্ৰশ্ন৷ আপুনি যদি মোৰ এই প্লাষ্টিক চাৰ্জনৰ পেছা, আৰু মই বাস কৰি থকা সুখকৰ পৰিবেশ কাঢ়ি লৈ যায়, আৰু কোনো কৈফিয়ৎ অবিহনে, সকলো বস্তুৰ পৰা বঞ্চিত কৰি পৃথিৱীত এৰি দিয়ে—, এই পৃথিৱীত মই কি হ’মগে?

টোকাইয়ে মোৰ চকুলৈ পোণে পোণে চাই পঠিয়ালে— কিবা যেন উত্তৰ আশা কৰিছে৷

“হঠাতে আপুনি এনেদৰে কিয় ভাবিব ধৰিলে?” মই সুধিলোঁ৷

“কিছুদিন আগতে নাজী কনচেন্ট্ৰেচন কেম্পৰ বিষয়ে লিখা কিতাপ এখন পঢ়িছিলোঁ কাৰণে নেকি৷ তাত ইণ্টাৰ্নেল মেডিচিনৰ ডাক্তৰ এজনৰ কাহিনী এটা আছে, য’ত তেওঁক যুদ্ধৰ সময়ত অ’চৱিজলৈ পঠাইছিল৷ তেওঁ আছিল এজন ইহুদী আৰু বাৰ্লিনত তেওঁৰ নিজা ক্লিনিক আছিল, কিন্তু এদিন হঠাতে তেওঁক গোটেই পৰিয়ালটোৰে সৈতে আটক কৰি অ’চৱিজলৈকে পঠিয়াই দিছিল৷ তাৰ আগলৈকে তেওঁ পৰিয়ালৰ আদৰ-যত্ন পাইছিল, চৌপাশৰ মানুহৰ পৰা সন্মান আৰু ৰোগীসকলৰ আস্থা লাভ কৰিছিল৷ এটা আটোমটোকাৰী ঘৰত পৰিপূৰ্ণ জীৱন এটা কটাই আছিল৷ তেওঁৰ কেইটামান কুকুৰ আছিল আৰু শনিবাৰ, দেওবাৰবোৰত বন্ধুকেইজনমানৰ সৈতে এমেচাৰ চেম্বাৰ সংগীত গোটত চেল’ বাদন কৰে—প্ৰায়ে তেওঁলোকে স্কুবাৰ্ট আৰু মেণ্ডেলচনৰ সংগীত বজায়৷ জীৱনটো শান্তিময় আৰু পৰিপূৰ্ণ আছিল৷ কিন্তু হঠাতে তেওঁক জীয়া নৰক এখনলৈ নিক্ষেপ কৰা হ’ল৷ তেওঁ আৰু সেই অৱস্থাপন্ন বাৰ্লিনাৰজন হৈ নাথাকিল, সেই সন্মানীয় চিকিৎসকজন— হঠাতে কেৱলমাত্ৰ এজন মানুহ হৈ পৰিল৷ তেওঁক পৰিয়ালৰ পৰা আঁতৰাই পেলোৱা হৈছিল আৰু পথৰ দাঁতিৰ কুকুৰ এটাৰ দৰে ব্যৱহাৰ কৰিছিল, খাবলৈও একো নিদিছিল৷ কেম্প কমাণ্ডেণ্টজনে তেওঁ এজন বিখ্যাত চিকিৎসক আছিল বুলি জানিব পাৰি অন্ততঃ কেইদিনমান গেছ চেম্বাৰৰ  বাহিৰতে ৰাখিলে আৰু কিবা কামত আহিব নেকি তেওঁ, তাকে গুণা গঁথা কৰি আছিল, কিন্তু তেওঁৰ কোনো ধাৰণা নাই কাইলৈ পুৱা কি হ’ব৷ যিকোনো সময়তে তেওঁক গাৰ্ডকেইজনৰ ইচ্ছা গ’লেই লাঠিৰে কোবাই কোবাই মাৰি পেলাব পাৰে৷ ইতিমধ্যে, কিজানি তেওঁৰ পৰিয়ালক মাৰিয়ে পেলাইছে৷”

অলপপৰ স্তব্ধ হৈ পৰিল তেওঁ৷

“এইখিনি পঢ়ি থাকোতে মই শংকিত হৈ পৰিছিলোঁ৷ সময় আৰু স্থান যদি ভিন্ন হ’লহেঁতেন, ময়ো হয়তো সেই একেই ভয়াৱহ পৰিণতিকে সাৱটি ল’ব লগা হ’লহেঁতেন৷ যদি কোনো কাৰণে—মই নাজানো কি কাৰণে—মোক এই বৰ্তমানৰ জীৱনটোৰ পৰা হঠাতে আঁতৰাই নি মোৰ সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি এটা মাত্ৰ সংখ্যালৈ পৰ্যবসিত কৰা হয়— মই কি হ’ম? কিতাপখন জপাই ভাবি আছিলোঁ৷ প্লাষ্টিক চাৰ্জন এজন হোৱাত বাদে আৰু আনৰ পৰা পোৱা আস্থাৰ বাহিৰে মোৰ কোনো পৰিপূৰক কৌশল নাই, অইন কোনো প্ৰতিভাও নাই৷ মই কেৱলমাত্ৰ এজন বাৱন্ন বছৰীয়া মানুহ৷ স্বাস্থ্যৱান যদিও ডেকাকালৰ দৰে বল শক্তি এতিয়া নাই৷ বহুপৰলৈকে কঠোৰ শাৰীৰিক পৰিশ্ৰম এতিয়া সহিব নোৱাৰিম৷ মই যিবোৰ কামত দক্ষ, সেইবোৰ হৈছে— ভাল ‘পিনট নইৰ’ এটা নিৰ্বাচন কৰা, শ্বুচী পোৱা ৰেস্তৰাঁবোৰত সঘনে যোৱা, আন যিবোৰত মোক অতি গুৰুত্বপূৰ্ণ গ্ৰাহক হিচাপে গণ্য কৰে—মহিলাসকলৰ বাবে দেখনিয়াৰ গহনা কিনা, অলপ পিয়ান’ বজোৱা (মই কাগজত চাই চাই শ্বীট সংগীত বজাব পাৰোঁ)৷ পিছে সেয়ানো কি? মোক যদি অ’চৱিজৰ দৰে ঠাই এখনলৈ পঠিয়াই দিয়ে, এইবোৰ একোৰে কাম নহ’ব৷”

মই তেওঁৰ সৈতে একমত হলোঁ৷ কনচেণ্ট্ৰেচন কেম্প এটাত পিন’ট নইৰ, এমেচাৰ পিয়ান’বাদন প্ৰদৰ্শন  আৰু চমৎকাৰ বাকপটুতা কোনো কামত নাহে৷

“আপুনি কেতিয়াবা এনেদৰে ভাবিছেনে, মিষ্টাৰ টানিমুৰা? আপোনাৰ পৰা যদি লিখাৰ ক্ষমতা কাঢ়ি নিয়া হয়, আপুুনি কি হ’ব?”

মই তেওঁক মোৰ স্থিতি বুজালোঁ৷ এজন সাধাৰণ মানুহ হিচাপে মোৰো আৰম্ভণি শূন্যৰ পৰাই হৈছিল— নাঙঠ যেন অৱস্থাৰ পৰা আৰম্ভ কৰা৷ ঘটনাক্ৰমেহে মই লিখিবলৈ লওঁ আৰু ভাগ্য ভাল যে মই লিখি জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হলোঁ৷ সেয়ে মই যে কোনো বিশেষ দক্ষতাৰহিত সাধাৰণ এজন মানুহ, তাকে বুজিবলৈ অ’চৱিজলৈ পঠিওৱা ধৰণৰ নাটকীয় দৃশ্য কল্পনা নকৰিলেও হয়৷

টোকাইয়ে কিছুপৰ চিন্তা কৰিলে৷ এনে লাগিল, তেওঁ যেন জীৱনত প্ৰথমবাৰ শুনিছে যে এনে কোনো মতধাৰাৰ অস্তিত্বও এই পৃথিৱীত আছে৷

“হমম,” তেওঁ কলে,”তেনেদৰে হয়তো জীৱনটো অলপ উজু হ’ব৷”

ইতস্ততঃভাৱে মই আঙুলিয়াই দিলোঁ যে এনেদৰে শূন্যৰ পৰা কেও কিছু নোহোৱা মানুহৰ দৰে আৰম্ভ কৰাটো হয়তো সহজো নহ’ব৷

“আপুনি শুদ্ধ”, টোকাইয়ে ক’লে। “আপুনি সম্পূৰ্ণ শুদ্ধ৷ শূন্যৰ পৰা জীৱন এটা আৰম্ভ কৰা নিশ্চয় কঠিন৷ সেইফালৰ পৰা মই আনতকৈ বহু বেছি ভাগ্যৱান৷ তথাপি, আপোনাৰ যেতিয়া এটা নিৰ্দিষ্ট বয়স হয়, আৰু আপুনি এটা নিজা জীৱনশৈলী আৰু সামাজিক স্থিতি তৈয়াৰ কৰি লৈছে আৰু ঠিক তেতিয়াহে মানুহ হিচাপে আপোনাৰ নিজৰ মূল্য সম্পৰ্কে গাঢ় সন্দেহ হ’বলৈ ধৰে, সেইটো তেতিয়া আন এটা ফালৰ পৰা চাবলৈ গ’লে অতি বিৰক্তিকৰ হৈ পৰে৷ এতিয়ালৈকে জীয়াই থকা মোৰ জীৱনটো অৰ্থহীন, অপচয় যেন লাগিছে৷ মোৰ যদি বয়স কম হ’লহেঁতেন, এইবোৰ সলনি হোৱাৰ স্থল থাকিলেহেঁতেন তেন্তে মোৰো আশা থাকিলেহেঁতেন৷ কিন্তু এই বয়সত অতীতেই মোক ভৰ কৰি আছে৷ এতিয়া নতুনকৈ সকলো আৰম্ভ কৰা সহজ নহয়৷”

“আৰু আপুনি নাজী কনচেণ্ট্ৰেচন কেম্প সম্পৰ্কীয় কিতাপখন পঢ়াৰ পৰা এই বিষয়ে গভীৰভাৱে ভাবিবলৈ ললে?” মই সুধিলোঁ৷

“হয়৷ কিতাপখনে মোক হতচকিত কৰিছে৷ তদুপৰি, ই মহিলাগৰাকীৰ সৈতে মোৰ ভৱিষ্যতো অস্পষ্ট আৰু সাতে-পাঁচে মিলি মোৰ মধ্যবয়সীয়া ডিপ্ৰেচনৰ দৰে হৈছে৷ “মই কোন?” মই নিৰন্তৰে নিজকে এই প্ৰশ্ন সুধিছোঁ৷ কিন্তু যিমানেই নোসোধোঁ লাগে, উত্তৰ বিচাৰি নাপাওঁ৷ মাথোঁ এটা বৃত্ততে পাকঘূৰণি খাই থাকোঁ৷ যিবোৰ কাম কৰি ভাল পাইছিলোঁ, সেইবোৰতো আমনি পোৱা হলোঁ৷ মোৰ ব্যায়াম কৰিবলৈ মন নাযায় অথবা কাপোৰ কিনিবলৈও মন নাযায়৷ পিয়ান’ত বহাটোও এতিয়া কষ্টকৰ যেন লগা হৈছে৷ একো খাবলৈও বিশেষ মন নাযায়৷ তাত বহি মই মাথোঁ তেওঁৰ কথাই ভাবি থাকোঁ৷ আনকি যেতিয়া মই গ্ৰাহক এজনৰ সৈতে ব্যস্ত থাকোঁ, তেতিয়াও মোৰ মন-মগজুত তেওঁৰ চিন্তায়ে ভৰ কৰি থাকে৷ মোৰ সন্দেহ, হয়তো কেতিয়াবা মুখেৰে তেওঁৰ নামো ওলাই গৈছে৷”

“কিমান সঘনে আপুনি তেওঁক লগ পায়?”

“এইটো সদায় বেলেগ বেলেগ হয় আৰু তেওঁৰ স্বামীৰ সময়সূচীৰ ওপৰত নিৰ্ভৰ কৰে৷ মোৰ বাবে এইটো এটা কষ্টকৰ কাম৷ যেতিয়া তেওঁৰ স্বামী দীঘলীয়া ব্যৱসায়িক ভ্ৰমণ সংক্ৰান্তত বাহিৰত থাকে, আমি বহুবাৰ লগ কৰিব পাৰোঁ৷ তেওঁৰ মাক-দেউতাকে শিশুটি চোৱা-চিতা কৰে অথবা তেওঁ শিশুৰখীয়া এগৰাকী নিযুক্তি দিয়ে৷ কিন্তু যেতিয়া তেওঁৰ স্বামী জাপানত থাকে, আমি দেখা নকৰাকৈ কেবাটাও সপ্তাহ গুচি যায়৷ সেই সময়খিনি বৰ বেয়া লাগে৷ শুনিবলৈ সস্তীয়া যেন লাগিব পাৰে, কিন্তু যেতিয়াই মই ভাবোঁ যে হয়তো আৰু তেওঁক দেখা নাপাম,  এনে লাগে যেন মোৰ দুফাল হৈ গৈছে৷”

মই কোনো মন্তব্য নিদিয়াকৈয়ে কথা শুনি আছিলোঁ৷ যদিও তেওঁৰ শব্দৰ বাচনি সাধাৰণ আছিল, কোনোপধ্যেই সস্তীয়া যেন লগা নাছিল৷ বৰং খুব সঁচা যেন ভাব হৈছিল৷

তেওঁ খুব লাহেকৈ, দীঘলীয়া উশাহ এটা ললে আৰু নিশ্বাস এৰিলে৷ “সাধাৰণতে মোৰ কেবাগৰাকীও প্ৰেমিকা থাকে৷ আপুনি হয়তো শুনি আচৰিত হ’ব পাৰে, কেতিয়াবা আনকি একে সময়তে চাৰি-পাঁচগৰাকীও থাকে৷ যেতিয়া এগৰাকীক দেখা কৰিব নোৱাৰোঁ, আন এগৰাকীক দেখা কৰোঁ, যাৰ ফলত কথাবোৰ অত্যন্ত সহজ হৈ পৰে৷ কিন্তু এবাৰ যেতিয়া মই এই বিশেষ মহিলাগৰাকীৰ প্ৰতি আকৰ্ষিত হলোঁ, আনবোৰ মহিলা একো যেন নলগা হ’ল৷ মই যেতিয়া আন কাৰোবাৰ সৈতেও থাকোঁ, তেতিয়াও মই তেওঁৰ মুখখনহে দেখা পাওঁ৷ ইয়াৰ পৰা মই পৰিত্ৰাণ পাব পৰা নাই আৰু ই এটা চিৰিয়াচ কেইচ৷”

এটা ‘চিৰিয়াচ কেইচ’, মই ভাবিলোঁ আৰু টোকাইয়ে ফোন কৰি এম্বুলেন্স এখন মতা দৃশ্য এটা মনতে ভাঁহি আহিল৷ “হেল্ল’? আমাক এখন এম্বুলেন্স লাগে এতিয়াই৷ এইটো সঁচাই এটা ‘চিৰিয়াচ কেইচ’৷ উশাহ লওতে কষ্ট পাইছোঁ, যেন এই মই ফাটি ছিৰাছিৰ হৈ যাম…..”

“এটা ডাঙৰ সমস্যা হ’ল যে যিমানে মই তেওঁৰ বিষয়ে জানিব পাৰিছোঁ, সিমানে বেছিকৈ ভাল পাবলৈ লৈছোঁ৷ আমি প্ৰায় দেৰ বছৰ ধৰি মিলামিছা কৰি আছোঁ, কিন্তু এই মুহূৰ্ততো মই তেওঁৰ প্ৰতি প্ৰথম দিনাৰ দৰেই সন্মোহিত৷ এনে লাগে যেন আমাৰ হৃৎযন্ত্ৰ দুটা ইটো সিটোৰ সৈতে সংযুক্ত হৈ আছে৷ যেনে, যেতিয়া তেওঁৰ হৃদয়ে কিবা এটা অনুভৱ কৰে, মোৰ হৃদয়েও একেদৰেই অনুভৱ কৰে৷ যেন আমি এডাল ৰছীৰে বান্ধি থোৱা দুখন নাও৷ আপুনি যদি ৰছীডাল কাটি পেলাবও খোজে, ৰছীডাল কাটিবৰ জোখাৰে ধাৰ থকা কটাৰীয়েই নাই৷ এনেকুৱা অভিজ্ঞতা আগতে কেতিয়াও হোৱা নাই৷ আৰু সেয়ে মোৰ ভয় লাগে৷ যদি তেওঁৰ প্ৰতি মোৰ অনুৰাগ আৰু শক্তিশালী হয়, মোৰ কি যে হ’ব?”

“হমম”, মই কলোঁ৷ টোকাইয়ে যেন মোৰ পৰা অলপ অধিক মৌলিক উত্তৰ আশা কৰিছিল৷

“মিষ্টাৰ টানিমুৰা, মই কি কৰা উচিত?”

“মই দিব পৰাকৈ কোনো বাস্তৱিক উপদেশ নাই”, মই কলোঁ,”কিন্তু আপুনি যিখিনি ক’লে তাৰ পৰা বুজিব পাৰিছোঁ যে আপোনাৰ এই অনুভৱ স্বাভাৱিক আৰু বোধগম্য৷ প্ৰেমত পৰাটো এনেকুৱাই৷ আপুনি আপোনাৰ আৱেগক নিয়ন্ত্ৰণ কৰিব নোৱাৰে আৰু এনে লাগে যেন কোনো নিষ্ঠুৰ শক্তিয়ে আপোনাক নচুৱাই আছে৷ আপোনাৰ সৈতে যি হৈ আছে, তাত কোনো অস্বাভাৱিক নাই৷ আপুনি মাত্ৰ এগৰাকী মানুহক গভীৰভাৱে ভাল পাইছে আৰু তেওঁক আপুনি হেৰুৱাব নিবিচাৰে৷ আপুনি তেওঁক লগ পাই থাকিব বিচাৰে৷ এইটো স্বাভাৱিক, ই কোনোপধ্যে আচৰিত অথবা অগতানুগতিক কাৰবাৰ নহয়৷ ই মাথো পৰিপূৰ্ণ সাধাৰণ জীৱন এটাৰ এটা অংশহে৷”

ডাঃ টোকাইয়ে নিজৰ হাত দুখন সাৱটি বহিল৷ তেওঁৰ প্ৰত্যয় হৈছে যেন নালাগিল৷ হয়তো তেওঁৰ “পৰিপূৰ্ণ সাধাৰণ জীৱন এটাৰ এটা মাথো অংশহে” বোলা ধাৰণাটো হৃদয়ংগম কৰিবলৈ টান হৈছে৷

আমি বিয়েৰ শেষ কৰি যাবলৈ ওলাইছিলোৱেই, তেনেতে তেওঁ ঠিক যেন গোপন কোনো কথা স্বীকাৰ কৰিব ওলাইছে তেনে ভাবত ক’লে,”মিষ্টাৰ টানিমুৰা, মোৰ আটাইতকৈ ডাঙৰ ভয় আৰু যিয়ে মোৰ মগজুটোত আটাইতকৈ বেছি খেলিমেলি লগায়, সেয়া হ’ল মোৰ ভিতৰৰ ক্ৰোধ৷”

“ক্ৰোধ?” মই আচৰিত হৈ সুধিলোঁ৷ টোকাইৰ দৰে ব্যক্তি এজনে অনুভৱ কৰিব পৰা আৱেগসমূহৰ ভিতৰত ক্ৰোধেই আটাইতকৈ অসম্ভাব্য৷ “কিহৰ ওপৰত ক্ৰোধ?”

টোকাইয়ে মূৰটো লৰালে৷ “মই নাজানোঁ৷ নিশ্চয় ই তেওঁৰ প্ৰতি ক্ৰোধ নহয়৷ কিন্তু যেতিয়াই মই কেইদিনমান তেওঁক দেখা নাপাওঁ, যেতিয়া মই তেওঁক দেখা পাব নোৱাৰোঁ, সেই ক্ৰোধ উতলি আহে৷ মই বুজি নাপাওঁ—এয়া কি৷ কিন্তু এতিয়ালৈকে উঠা খংবোৰৰ ভিতৰত এইবাৰেই তীব্ৰতম৷ এনে লাগে যেন চব লণ্ডভণ্ড কৰি খিৰিকীৰে বাহিৰত দলিয়াই পেলাম, চকীকেইখন, টিভিটো, কিতাপবোৰ, থালবোৰ, ফ্ৰেম কৰি থোৱা ফটোবোৰ—সকলোবোৰ৷ এইবোৰ তলত পৰি যদি কোনো পথচাৰীৰ মূৰত আঘাত কৰি মৃত্যু ঘটায়, তেতিয়াও মোৰ একো আহে নাযায়৷ এয়া হাস্যকৰ, কিন্তু এই মুহূৰ্তত মোৰ এনেকুৱাই লাগিছে৷ সদ্যহতে মই এই ক্ৰোধ নিয়ন্ত্ৰণ কৰিব পাৰোঁ৷ কিন্তু এনে এটা দিন আহিব পাৰে, যেতিয়া মই আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিম৷ আৰু হয়তো মই কাৰোবাক আঘাত কৰিম৷ এইটোৱে মোক ভীতিগ্ৰস্ত কৰে৷ যদি তেনেকুৱাই হ’বলৈ হয়, মই তাতকৈ নিজকে আঘাত কৰিম৷”

মই তেওঁক কি কৈছিলোঁ মনত নাই, নিশ্চয়ে কিবা দায়সৰাধৰণৰ শব্দেৰে সান্ত্বনা দি থৈছিলোঁ৷ কাৰণ সেই সময়ত তেওঁ কোৱা ‘ক্ৰোধ’ৰ অৰ্থ কি— বা কি বুজাইছে,— মই ভালদৰে বুজি পোৱা নাছিলোঁ৷ হয়তো মই আৰু অলপ উপযোগী কিবা কোৱা উচিত আছিল৷ কিন্তু মই কলেও হয়তো তেওঁৰ ভাগ্য বৰ এটা বেলেগ নহলহেঁতেন—মোৰ বিশ্বাস৷

আমি বিল আদায় দি পানশালা এৰি ঘৰাঘৰি যাবলৈ ওলাইছিলোঁ৷ তেওঁ হাতত ৰেকেটৰ বেগটো লৈ কেবত উঠি মোক ভিতৰৰ পৰাই হাত জোকাৰি বিদায় জনালে৷ সেয়াই অন্তিমবাৰৰ বাবে মই তেওঁক লগ পাওঁ৷ তেতিয়া ছেপ্টেম্বৰৰ শেষৰভাগ আছিল, জহকালিৰ গৰমটো একেবাৰে শেষ হোৱা নাছিলেই৷

********

তাৰ পাছত আৰু টোকাইক ব্যায়ামাগাৰত নেদেখা হলোঁ৷ ঘপককে তেওঁক লগ পাই যোৱা আশাৰে মই শনি আৰু দেওবাৰেও গলোঁ, কিন্তু তেখেতৰ দেখা সাক্ষাৎ নাই৷ কোনেও একো শুনাও নাছিল৷ কিন্তু ব্যায়ামাগাৰত এনে ঘটনা ঘটিয়ে থাকে৷ নিয়মীয়াকৈ অহা মানুহবোৰ হঠাতে নহা হয়৷ ব্যায়ামাগাৰটোতো কিবা কৰ্মস্থল নহয়, মানুহবোৰে নিজৰ ইচ্ছামতে অহা-যোৱা কৰে৷ সেয়ে মই এই লৈ বৰ বেছি চিন্তা কৰা নাছিলোঁ৷ দুমাহ বাগৰি গ’ল৷

নৱেম্বৰৰ শেষৰ পিনে এদিন এটা শুকুৰবাৰৰ আবেলি টোকাইৰ চেক্ৰেটাৰীগৰাকীয়ে মোক ফোন কৰিলে৷ তেওঁৰ নামটো আছিল গ’ট’৷ তেওঁৰ মাতটো আছিল গুৰগুৰীয়া আৰু মিঠা—, তাকে শুনি মোৰ বেৰী হোৱাইটৰ গান মনত পৰি গৈছিল, নিশাৰ এফ.এমত যিধৰণৰ গানবোৰ বজায়৷

“ফোনত এইষাৰ কথা ক’বলগীয়া হোৱাটো মোৰ বাবে দুখজনক”, তেওঁ ক’লে,”কিন্তু ডাঃ টোকাই যোৱা বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে৷ এই সপ্তাহৰ সোমবাৰে তেওঁৰ পৰিয়ালে ঘৰুৱাকৈ অন্তোষ্টিক্ৰিয়া অনুষ্ঠান এটা আয়োজন কৰিছে৷”

“শেষ নিশ্বাস ত্যাগ কৰিছে?” মই শব্দহীন হৈ সুধিলোঁ৷ “আজি দুমাহ আগতে লগ পাওতেতো তেওঁ সম্পূৰ্ণ সুস্থ আছিল৷ এনে কি হ’ল?”

গ’ট’ কিছুপৰ মৌন হৈ ৰ’ল৷ “ফোনত মই বিশদভাৱে জনাব নোৱাৰিম একো৷ দৰাচলতে টোকাই জীয়াই থাকোতেই মোৰ হাতত আপোনাক দিবলৈ বস্তু এটা দিছিল৷ আপোনাক দিগদাৰ দিয়া বাবে ক্ষমা কৰিব, কিন্তু আমি অলপ সময়ৰ বাবে লগ হ’ব পাৰিম নেকি? তেতিয়া মই আপোনাক সকলোখিনি খুলি ক’ম৷ মই যিকোনো সময়তে, য’তেই নহওক কিয় লগ পাবলৈ সাজু আছোঁ৷

আজি কেনে হয়? এতিয়াই? মই সুধিলোঁ৷ ঠিক আছে বাৰু, এইবুলি গ’টই উত্তৰ দিলে৷ মই অ’য়ামাৰ ৰাস্তাৰ পৰা এটা পথ পাৰ হৈ ভিতৰুৱা পথ এটাত থকা কেফেটেৰিয়া এখনৰ কথা কলোঁ৷ ছবজাত লগ কৰোঁ বলক, তেওঁক কলোঁ৷ তাত চাগে আমি নিৰিবিলিভাৱে কথা পাতিব পাৰিম৷ গ’ট’ই ঠাইটুকুৰাৰ কথা নাজানিছিল, কিন্তু তেওঁ নিজে বিচাৰি ল’ব পাৰিব বুলি ক’লে৷

********

মই যেতিয়া ছয় বাজিবলৈ পাঁচ মিনিট থাকোঁতেই কেফেটেৰিয়াখন পাইছিলোঁগৈ, গ’ট’ ইতিমধ্যেই তাত বহি আছিলেই, আৰু মোক দেখি ততাতৈয়াকৈ থিয় দিলে৷ গুৰগুৰীয়া মাতটোৰ বাবেই মই তেওঁক শক্তিশালী গঢ়পিটৰ মানুহ বুলি কল্পনা কৰিছিলোঁ, পিছে বাস্তৱত তেওঁ ওখ আৰু ক্ষীণকায়৷ টোকাইয়ে এবাৰ কোৱা কথাটো সঁচা, এওঁ বৰ সুদৰ্শন ব্যক্তি৷ গ’ট’ই মটীয়া ৰঙৰ ঊলৰ ছুট এযোৰ, বগা বাটন ডাউন ছাৰ্ট এটা আৰু গাঢ় সৰিয়হ ফুলৰ ৰঙৰ টাই এডাল পিন্ধিছিল—এযোৰ অতি সুন্দৰ পোছাক৷ তেওঁৰ দীঘলীয়াধৰণৰ চুলিখিনি পৰিপাটিকৈ ৰাখিছিল, কপালত অলপ চুলি ভাল লগা ধৰণে পৰি থাকে৷ দেখাত বয়সটো পয়ত্ৰিছৰ আশে পাশে যেন লাগে আৰু টোকাইৰ পৰা তেওঁ সমকামী বুলি গম নাপালে মই তেওঁক সাধাৰণ, পাৰম্পৰিক, ৰুচিসন্মত ডেকা ব্যক্তি বুলিয়েই ধৰি ললোঁহেঁতেন (ডেকা বুলি কৈছোঁ, কাৰণ এতিয়াও যথেষ্ট যৌৱনোদীপ্ত যেন দেখি)৷ এনেকুৱা লাগে যেন তেওঁৰ ডাঠ দাঢ়ি আছিল৷ তেওঁ এটা ডাবল এছপ্ৰেছ’ খাই আছিল৷

আমি চুটিকৈ ইজনে সিজনক সম্ভাষণ জনালোঁ আৰু ময়ো একেটা অৰ্ডাৰেই দিলোঁ৷

“তেওঁ ইমান হঠাতে ঢুকাই থাকিল, নহয় জানোঁ?” মই সুধিলোঁ৷

ডেকা মানুহজনে উজ্জ্বল পোহৰৰ পিনে চাই থাকিলে চকু কোঁচ খুৱাব লগাৰ দৰে কৰিলে৷ “হয়, তেওঁৰ মৃত্যু বৰ হঠাতে হ’ল৷ মানে আচৰিত৷ তথাপি এই মৃত্যুৱে বহু সময় ললে আৰু বৰ কষ্টকৰভাৱে তেওঁ ঢুকাল৷”

মই একো নকলোঁ, তেওঁ ব্যাখ্যা কৰালৈ বাট চালোঁ৷ কিন্তু তেওঁ ডাক্তৰৰ মৃত্যুৰ সবিশেষ বৰ্ণনা দিবলৈ ইচ্ছা নথকাৰ দৰে কৰিলে— অন্ততঃ ৱেইটাৰগৰাকীয়ে মোৰ কফিকাপ ননালৈকে৷

“ডাঃ টোকাইক মই বহুত সন্মান কৰিছিলোঁ৷” ডেকা মানুহজনে প্ৰসংগ সলনি কৰাৰ দৰে কৰি ক’লে৷ “তেওঁ সঁচাকৈয়ে এজন অপূৰ্ব ব্যক্তি আছিল, এজন চিকিৎসক হিচাপে আৰু এজন মানুহ হিচাপে৷ তেওঁ মোক সকলোধৰণৰ কথাই শিকাইছিল আৰু সদায়ে ধৈৰ্যশীল আৰু দয়ালু আছিল৷ মই ক্লিনিকখনত প্ৰায় দহবছৰ ধৰি কাম কৰিছোঁ আৰু তেওঁক লগ নাপালে মই আজি যিজন মানুহ সেইজন হোৱাটো সম্ভৱ নহলহেঁতেন৷ তেওঁ আছিল স্পষ্টবাদী, মাৰ্জিত, সদায়ে উদ্যমী আৰু কেতিয়াও আঁকোৰগোজ নাছিল৷ মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিছিল আৰু প্ৰত্যেকৰে খেয়াল ৰাখিছিল৷ আটায়ে তেওঁক ভাল পাইছিল৷ মইতো কেতিয়াও কাৰো কথা আনকি এবাৰো বেয়াকৈ কোৱা শুনা নাই৷”

এইখিনিতে মনত পৰিছে যে তেওঁ কাকো গালি-গালাজ কৰাও আনকি শুনা নাই৷

“ডাঃ টোকাইয়ে আপোনাৰো বহুত গুণ বখানিছিল৷” মই কলোঁ৷ তেওঁ কৈছিল যে আপোনাৰ অবিহনে ক্লিনিকখন চলোৱাটো তেওঁৰ বাবে সম্ভৱ নহলহেঁতেন, আৰু তেওঁৰ ব্যক্তিগত জীৱনটো একেবাৰে বিশৃংখল হৈ পৰিলেহেঁতেন”৷

গ’ট’ৰ ওঁঠত এটা শেঁতা, দুখৰ হাঁহি বিৰিঙি উঠিল৷ “তেনে একো গুণী নহওঁ বাৰু মই৷ মই মাথোঁ আঁৰকাপোৰৰ আঁৰত থাকি তেওঁক সহায় কৰিবলৈ যিমান পাৰি সিমান কষ্ট কৰিছিলোঁ৷ আৰু মোৰ ভালো লাগিছিল তাকে কৰি৷”

ৱেইটাৰগৰাকীয়ে মোৰ এচপ্ৰেছ’কাপ আনিলে আৰু তেওঁ যোৱাৰ পাছতহে অৱশেষত গ’ট’ই ডাক্তৰৰ মৃত্যু সম্পৰ্কে ক’বলৈ ধৰিলে৷

“প্ৰথমে মন কৰিছিলোঁ সে তেওঁ দুপৰীয়াৰ আহাৰ নোখোৱা হৈছে৷ তাৰ আগলৈকে সদায়ে কিবা অলপ হলেও খাইছিল—প্ৰতিদিনেই— অতি সাধাৰণ কিবা হলেও৷ যিমানেই ব্যস্ত নাথাকক কিয়, এইটো নিশ্চিত আছিল যে তেওঁ সদায়ে কিবা অকণ খায়৷ কিন্তু এটা সময়ত তেওঁ দুপৰীয়াৰ আহাৰ খাবলৈ একেবাৰেই এৰি দিছিল৷ ‘কিবা এটা নাখাবনে?’ এইবুলি মই অনুগ্ৰহ কৰিছিলোঁ আৰু তেওঁ ‘চিন্তা নকৰিবা, মোৰ ভোক নাই’ বুলি কৈ থৈছিল৷ এয়া আছিল অক্টোবৰৰ আৰম্ভণি৷ এই পৰিৱৰ্তনে মোক চিন্তিত কৰিলে৷ তেওঁ আজি এটা কাইলৈ এটা ধৰণৰ দিনে দিনে অভ্যাস সলনি কৰাধৰণৰ মানুহ নহয়৷ তেওঁ নিয়মানুৱৰ্তিতাকে আটাইতকৈ বেছি গুৰুত্ব দিছিল৷ আৰু মই গম পোৱাৰ আগতেই তেওঁ ব্যায়ামাগাৰ যোৱাও বাদ দিছিল৷ তেওঁ সপ্তাহত তিনিদিনকৈ সাঁতুৰিবলৈ, স্কোৱাছ খেলিবলৈ আৰু শক্তিবৰ্দ্ধক প্ৰশিক্ষণলৈ গৈছিল, কিন্তু হঠাতে তেওঁ যেন আগ্ৰহ হেৰুৱালে৷ আৰু নিজৰ ৰূপ, বেশভূষাৰ প্ৰতি ধ্যান দিবলৈ এৰিলে যেন লগা হ’ল৷ এনেয়ে পৰিপাটি আৰু সুসজ্জিত ব্যক্তিজন জধলা-মধলাকে থাকিবলৈ ললে৷ একেযোৰ কাপোৰকে প্ৰতিদিনে পিন্ধা কৰিলে৷ আৰু যেন কোনো ভাবনাত নিমগ্ন হৈ থাকে আৰু ক্ৰমাৎ মৌন হৈ পৰিল৷ এটা সময়ৰ পাছত একেবাৰেই কথা নোকোৱা হ’ল আৰু অৰ্ধেক সময় যেন তেওঁৰ ভাৱলেশহীন অৱস্থা এটাতেই থাকে৷ মই মাতিলেও তেওঁ যেন শুনা পোৱা নাছিল৷ আৰু আজৰি সময়তো মহিলাসকলৰ সৈতে মিলামিছা কৰিবলৈ এৰি দিছিল৷”

“আপুনি তেওঁৰ সময়সূচীখন চাইছিল, গতিকে তেওঁৰ এই পৰিৱৰ্তনসমূহ নিশ্চয় বৰ পৰিষ্কাৰকৈ চকুত পৰিছিল?”

“ঠিকেই কৈছে৷ মহিলা বন্ধুসকলক লগ কৰাটো তেওঁৰ এটা জৰুৰী দৈনিক কাৰ্য্যসূচী আছিল৷ তেওঁৰ শক্তিৰ উৎস৷ হঠাতে এইবোৰ বন্ধ কৰি দিয়াটো স্বাভাৱিক নাছিল৷ বয়সৰ হিচাপতো এইবোৰ এৰিবলৈ বাৱন্ন বহুত বেছিও নহয়৷ আপুনিও নিশ্চয় জানে তেওঁৰ জীৱন মহিলাসকলকলৈ কিমান উৎসাহী আছিল৷”

“তেওঁ এইবোৰ আচুতীয়াকৈ গোপনে ৰখা নাছিল৷ মানে মই ক’ব বিচাৰিছোঁ যে কেতিয়াও দম্ভালি নামাৰিছিল যদিও এইবোৰ লৈ অতি মুক্তমনাধৰণৰ আছিল৷”

গ’ট’ই মূৰ দুপিয়ালে৷ “তেওঁ সকলোধৰণৰ কথাই কৈছিল৷ সেয়ে এই পৰিৱৰ্তন দেখি বৰ আচৰিত হৈছিলোঁ৷ তেওঁ কথাবোৰ নিজৰ মাজতে সামৰি-সুঁতৰি থলে, আৰু মোৰ আগতো একো ব্যক্ত নকৰিলে৷ মই অৱশ্যে সুধিছিলোঁ কিবা সমস্যা হৈছে নেকি বুলি, অথবা তেওঁক কোনো কথাই আমনি কৰি আছে নেকি, কিন্তু তেওঁ মাথো মূৰটো লৰালে আৰু একো ব্যাখ্যা নকৰিলে৷ সেই সময়ত তেওঁ মোৰ সৈতে কথা প্ৰায় নাপাতে বুলিলেই হয়৷ তেওঁ দিনে দিনে লক্ষ্যনীয়ভাৱে ক্ষীণ আৰু দুৰ্বল হৈ পৰিছিল৷ স্পষ্টতঃ তেওঁ খোৱাবোৱা ভালদৰে কৰা নাছিল৷ কিন্তু মই তেওঁৰ ব্যক্তিগত জীৱনত অনধিকাৰ প্ৰৱেশ কৰিব পৰা নাছিলোঁ৷ এনেয়ে তেওঁ যদিও খোলা ধৰণৰ ব্যক্তি, কিন্তু এটা সীমাৰ পিছত তেওঁৰ ব্যক্তিগত জীৱনটো নিজৰ বাবে আচুতীয়াকৈ ৰাখিছিল৷ ইমান বছৰে মই তেওঁৰ ব্যক্তিগত সচিব হিচাপে কাম কৰিছোঁ, কিন্তু তেওঁৰ ঘৰলৈ মাত্ৰ এবাৰহে গৈ পাইছোঁ, তাকো তেওঁ পাহৰি যোৱা কিবা বস্তু আনিবলৈ৷ খুৱসম্ভৱ কেৱল তেওঁৰ সংগদায়িনী মহিলাসকলৰহে তেওঁৰ ঘৰলৈ যোৱাৰ অধিকাৰ আছিল৷ সেয়ে, মই কেৱল দূৰৰ পৰাই অনুমান কৰি দুঃশ্চিন্তাত ভুগিছিলোঁ৷”

গ’ট’ই সৰুকৈ হুমুনিয়াহ এটা কাঢ়িলে আৰু মানি ল’লে যে টোকাইৰ ঘনিষ্ঠ মহিলাসকলৰ তেওঁৰ ঘৰলৈ যোৱাৰ অধিকাৰ আছিল অথচ তেওঁৰ (গ’ট’ৰ) নাছিল৷

“তেওঁ দিনে দিনে ক্ষীণ আৰু দুৰ্বল হৈ গৈছিল?” মই সুধিলোঁ৷

“হয়, তেওঁৰ চকু দুটা গাঁতত সোমাই গৈছিল, মুখখন কাগজৰ দৰে শেঁতা হৈ পৰিছিল৷ তেওঁৰ খোজবোৰ লৰক-ফৰক হৈছিল আৰু স্কেলপেলডাল আৰু ব্যৱহাৰ কৰিব নোৱাৰা হৈছিল৷ ৰোগীক অস্ত্ৰোপচাৰ কৰাটো আৰু তেওঁৰ পক্ষে সম্ভৱ নাছিল৷ সৌভাগ্যক্ৰমে তেওঁৰ এগৰাকী অতি দক্ষ সহায়ক আছে আৰু তেওঁৱে সাময়িকভাৱে অস্ত্ৰোপচাৰৰ কাৰ্যভাৰ গ্ৰহণ কৰে৷ কিন্তু এনেদৰেতো অনিৰ্দিষ্ট কাললৈ চলিব নোৱাৰে৷ মই সকলোকে ফোন কৰি এপইণ্টমেণ্টবোৰ বাতিল কৰিলোঁ আৰু ক্লিনিকখন সম্পূৰ্ণভাৱে বন্ধ কৰা হ’ল৷ অৱশেষত তেওঁ ক্লিনিকলৈ আহিবলৈ একেবাৰে এৰিলে৷ এয়া আছিল অক্টোবৰৰ শেষৰ ভাগ৷ মই ফোন কৰিলে কোনেও নুঠায়৷ সম্পূৰ্ণ দুদিন মই তেওঁৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলোঁ৷ মোৰ লগত তেওঁৰ এপাৰ্টমেণ্টৰ ছাবি এপাট আছিল আৰু তৃতীয়দিনা ৰাতিপুৱা ছাবিপাট লৈ তেওঁৰ ঘৰ পালোগৈ৷ মই জানো ই অনুচিত কাম, কিন্তু মই চিন্তাত উদ্বিগ্ন হৈ পৰিছিলোঁ৷

“দুৱাৰখন খোলাৰ লগে লগে উৎকট গোন্ধ এটাই নাকত সোপা দি ধৰিলে৷ মজিয়াখন বিভিন্ন বস্তুৰে লেতেৰা হৈ আছিল—কাপোৰবোৰ কেউপিনে সিঁচৰিত— ছুট, নেকটাই, অন্তৰ্বাস৷ এনে লাগিছিল যেন কেবামাহজুৰি এইবোৰ কোনেও চাফা কৰা নাই৷ খিৰিকীবোৰ বন্ধ আৰু বতাহ ওলাবলৈ নাপাই শ্বাসৰুদ্ধকৰ পৰিস্থিতি হৈছে৷ দেখোঁ, তেওঁ বিচনাত নিশ্চুপে পৰি আছে৷”

গ’ট’ই চকু মুদি মূৰটো জোকাৰিলে৷ যেন তেওঁ সেই দৃশ্যটি পুনৰ মনত পেলাইছে৷

“যেতিয়া তেওঁক দেখিলোঁ, মই নিশ্চিত আছিলোঁ যে তেওঁ বাচি থকা নাই৷ মোৰ হৃৎস্পন্দন বন্ধ হ’বৰ উপক্ৰম হ’ল৷ কিন্তু তেওঁৰ মৃত্যু হোৱা নাছিল৷ দুৰ্বল, শেঁতা মুখখন মোৰ পিনে ঘূৰাইছিল, চকু দুটা মেলি মোৰ পিনে চাইছিল৷ কেইবাৰমান তেওঁৰ চকু মেলা-জপা কৰিছিল৷ দুৰ্বলভাৱে উশাহ লৈ আছিল৷ তেওঁ মাথো লৰচৰ নকৰাকে পৰি আছিল, কাপোৰ এখনেৰে ডিঙিলৈকে ঢকা আছিল৷ মই তেওঁক মাতিছিলোঁ কিন্তু তেওঁৰ কোনো উত্তৰ নাছিল৷ শুকান ওঁঠদুটা এনেদৰে জাপ খাই আছিল যেন চিলাই কৰি বন্ধ কৰি থোৱাহে আছে৷ দাঢ়ি খুৰোৱা নাছিল বহুদিন৷ মই অলপ বিশুদ্ধ বতাহ আহক বুলি খিৰিকীখন খুলি দিলোঁ৷ পৰিস্থিতিটো তাৎক্ষণিক পদক্ষেপ ল’ব লগাকৈ জৰুৰীকালীন যেন নালাগিল, আৰু তেওঁক কষ্টত থকা যেনো লগা নাছিল৷ সেয়ে মই এপাৰ্টমেণ্টটো ঠিক কৰাত লাগিলোঁ৷ গোটেই ঘৰটোৰ অৱস্থা নাই৷ সিচঁৰিত হৈ থকা কাপোৰবোৰ সামৰিলোঁ, ৱাচিং মেচিনত ধুব পৰাখিনি ধুলোঁ আৰু ড্ৰাই ক্লিন কৰিবলগীয়াখিনি মোনা এটাত সুমুৱাই থলোঁ৷ বাথৰূমত আৱদ্ধ গা-ধোৱা পানীখিনি মোকলাই দি বাথটাবৰ ভিতৰৰ লেতেৰা হৈ পৰা ৰিংডাল উলিয়াই ঘঁহি মাজি চাফা কৰিলোঁ৷ ডাঃ টোকাই খুব পৰিষ্কাৰ ব্যক্তি, সেয়ে এনে বিশৃংখলতা কল্পনাতীত৷ আঁচবাবসমূহ ধূলি পৰি বগা হৈ গৈছে আৰু এনে লাগিছিল যেন চাফাইকৰ্মীগৰাকীকো আহিবলৈ মানা কৰি থৈছে৷ কিন্তু আচৰিতধৰণে পাকঘৰৰ বেচিনত একো লেতেৰা বাচন-বৰ্তনৰ দম নাই৷ এইটোৱে একমাত্ৰ চাফাকে আছিল৷ নিশ্চয় তেওঁ পাকঘৰটো বেচ কিছুদিনৰ পৰা ব্যৱহাৰ কৰা নাই৷ তাত কেইটামান খালী মিনাৰেল ৱাটাৰৰ বটল আছিল, কিন্তু একো খোৱাৰ চিনচাব নাছিল৷ ফ্ৰিজটো খোলোতে অবৰ্ণনীয়ধৰণৰ ভেকেটাভেকেট গোন্ধ এটা নাকত লাগিলহি৷ ভিতৰৰ খাদ্যবস্তুবোৰ বেয়া হৈ গৈছে—টফু, শাক-পাচলি, ফল-মূল, গাখীৰ, চেণ্ডুইচ, হেম ইত্যাদি৷ সেইবোৰ মই বান্ধি প্লাষ্টিকৰ জাৱৰৰ মোনাত সুমুৱাই এপাৰ্টমেণ্টৰ বাহিৰৰ জাবৰ পেলোৱা ঠাইলৈ লৈ গলোঁ৷

গ’ট’ই খালী এচপ্ৰেছ’কাপ দাঙি বিভিন্ন কোণৰ পৰা চাই চাই কিবা পৰীক্ষা কৰিলে৷ কিছুপৰ পাছত অৱশেষত মূৰ দাঙি চালে৷

“প্ৰায় তিনিঘণ্টামানৰ মূৰত এপাৰ্টমেণ্টটো যেনে হোৱা উচিত তেনে ৰূপলৈ উভটি আহিল৷ মই খিৰিকীকেইখন খুলি থৈছিলোঁ, যাতে মোৰ কাম শেষ হোৱালৈকে উৎকট গোন্ধটো নাইকীয়া হয়৷ কিন্তু ডাঃ টোকাইয়ে ইমানপৰে মুখেৰে টু শব্দ এটাও কৰা নাছিল৷ তেওঁ কেৱল মই কোঠাটোত যিপিনে যাওঁ সেইপিনে চকুৰে অনুসৰণ কৰি আছিল৷ তেওঁ ইমানেই দুৰ্বল হৈ পৰিছিল যে তেওঁৰ চকুদুটা সচৰাচৰতকৈ ডাঙৰ আৰু উজ্জ্বল দেখা গৈছিল৷ কিন্তু তাত কোনো আৱেগ নাছিল৷ চকুদুটাই মোক চাই আছিল, কিন্তু দৰাচলতে একো দেখা নাছিল৷ ঠিক কিদৰে বুজাওঁ ধৰিব পৰা নাই৷ সিহঁতে মাত্ৰ স্বয়ংক্ৰিয় কেমেৰাৰ লেন্সে চলন্ত লক্ষ্যৰ ওপৰত দৃষ্টিনিৱদ্ধ কৰে তেনেদৰে বস্তু এটাৰ গতি বিধিৰ ওপৰত দৃষ্টিনিৱদ্ধ কৰি থৈছিল৷ ঠিক যেন সেইজন ‘মই’ বুলি অথবা ‘মই কি কৰি আছোঁ’ আদি কথালৈ অকণো ভ্ৰূক্ষেপ নাই৷ তেওঁৰ চকু দুটাত ইমান দুখ আছিল, জীয়াই থকালৈ মই পাহৰিব নোৱাৰিম৷”

“মই এডাল বৈদ্যুতিক ক্ষুৰেৰে তেওঁৰ দাঢ়ি কাটি তিতা টাৱেল এখনেৰে মুখখন মছি দিলোঁ৷ তেওঁ অকণো হকাবাধা নকৰিলে৷ তাৰ পাছত মই তেওঁৰ ব্যক্তিগত চিকিৎসকজনক ফোন কৰিলোঁ৷ যেতিয়া মই পৰিস্থিতিটো বুজালোঁ, তেওঁ লগে লগে হাজিৰ হ’ল৷ তেওঁ অলপ পৰীক্ষা-নিৰীক্ষা কৰি দুটামান সাধাৰণ টেষ্ট কৰিবলৈ দিলে৷ ডাঃ টোকাইয়ে মুখেৰে একো মতা নাছিল৷ তেওঁ মাথো সেই আগ্ৰহহীন, শূন্য চকুকেটাৰে আমাৰ মুখলৈ চাই থাকিল৷

“হয়তো এনেদৰে কোৱা অনুচিত, কিন্তু তেওঁক আৰু জীৱিত ব্যক্তি যেন লগা নাছিল৷ এনে লাগিছিল যেন তেওঁক গাঁতত পুতি থৈছে আৰু খাদ্যৰ অভাৱত তেওঁ মামীলৈ ৰূপান্তৰিত হ’ব লাগিছিল, কিন্তু তেওঁ জগতৰ মোহ মায়াৰ পৰা ওলাব পৰা নাই বাবে মামী হ’ব নোৱাৰিলে, সেয়ে চুঁচৰি চুঁচৰি মাটিৰ ওপৰ পালেহি৷ ঠিক তেনেকুৱাই দেখা গৈছিল তেওঁক৷ মই জানোঁ, বৰ্ণনাটো ভয়াৱহ, কিন্তু একেবাৰে তেনেকুৱাই মোৰ অনুভৱ হৈছিল৷ তেওঁ যেন আত্মাটো হেৰুৱালে ক’ৰবাত আৰু ই ঘূৰি আহি পোৱা নাই৷ কিন্তু শৰীৰৰ অংগবোৰে হাৰ মানিব নোৱাৰি, স্বাধীনভাৱে কাম কৰি আছে৷ মোৰ ঠিক এনেকুৱা অনুভৱ হৈছিল৷”

ডেকা মানুহজনে কেইবাৰমান মূৰটো লৰাইছিল৷

“ক্ষমা কৰিব, এইখিনি কওঁতেই মই বহুত পলম কৰিলোঁ৷ শেষ কৰিমেই আৰু৷ ডাঃ টোকাই দৰাচলতে এন’ৰেক্সিয়াৰ দৰে কিবা এটাত ভুগি আছিল৷ তেওঁ একোৱে নোখোৱা হৈছিল আৰু কেৱলমাত্ৰ পানী খাই থকা কাৰণে জীয়াই আছিল৷ সঁচা কবলৈ গলে এইটো এন’ৰেক্সিয়া নহয়, কাৰণ আপুনিও জানে বুলি মই নিশ্চিত যে এন’ৰেক্সিয়া কেৱলমাত্ৰ যুৱতীসকলৰহে হয়৷ তেওঁলোকে ওজন কমাবলৈ আৰু ধুনীয়া দেখিবলৈ উচ্চ  কেল’ৰিযুক্ত খাদ্য কমাবলৈ ধৰে অতিশীঘ্ৰেই ওজন কমোৱাটো নিজৰ বাবে ক্ষতিকাৰক ৰূপ লয় আৰু অৱশেষত নিজকে অনাহাৰে ৰাখে৷ চূড়ান্ত পৰ্যায়ৰ ঘটনাবোৰত এই মহিলাসকলে নিজৰ ওজন শূন্যলৈ পৰ্যবসিত কৰিব খোজে৷ গতিকে, যদিও ই অবিশ্বাস্য যে মধ্যবয়সীয়া মানুহ এজনে কিদৰে এন’ৰেক্সিয়াত ভুগিব পাৰে, ডাঃ টোকাইৰ ক্ষেত্ৰত কিন্তু সাইলাখ তেনেকুৱাই হৈছে৷ অৱশ্যে এই দেখনিয়াৰ হোৱা বাসনাৰ সৈতে কোনো সম্পৰ্ক নাই৷ মোৰ মতে তেওঁ আক্ষৰিক অৰ্থতেই খোৱা বস্তু গিলিব নোৱাৰা হৈছিল৷”

“কাৰণ তেওঁৰ প্ৰেমৰোগ হৈছিল?” মই সুধিছিলোঁ৷

“তেনেকুৱাই কিবা এটা”, গ’ট’ই কৈছিল৷ “অথবা নিজকে শূন্যলৈ পৰ্যবসিত কৰাৰ দৰে আকাংক্ষা এটা৷ হয়তো তেওঁ নিজকে মচি দিব বিচাৰিছিল৷ অন্যথা সাধাৰণ মানুহ এজনে অনাহাৰে থকাৰ কষ্ট ইমান অনায়াসে সহিব নোৱাৰে৷ বোধহয় শৰীৰটো সংকুচিত হৈ শূন্য হৈ পৰাৰ আনন্দই কষ্টখিনি আঁৰ কৰি ৰাখিছিল৷ ঠিক যিদৰে এন’ৰেক্সিয়াত ভোগা মহিলাসকলে নিজৰ সংকুচিত হৈ যোৱা শৰীৰটো চাই চাই আনন্দ পায়৷”

মই ডাঃ টোকাই বিচনাত পৰি প্ৰেমত আচ্ছন্ন হৈ শুষ্ক মামী এটালৈ পৰিৱৰ্তন হোৱা দৃশ্যটো কল্পনা কৰিবলৈ চেষ্টা কৰিলোঁ৷ কিন্তু মোৰ মনলৈ কেৱলমাত্ৰ মই চিনি পোৱা সেই স্ফুৰ্তিবাজ, স্বাস্থ্যৱান, সুসজ্জিত মানুহজনহে আহিল যি ভাল খাদ্যৰ অনুৰাগী৷

“চিকিৎসকজনে তেওঁক পুষ্টিযুক্ত বেজী দিলে আৰু আই.ভি. এটা লগাই তত্ত্বাৱধান কৰিবলৈ নাৰ্চ এগৰাকী নিযুক্তি দিলে৷ কিন্তু পুষ্টিযুক্ত বেজীয়েও নো কিমান কাম কৰিব আৰু ৰোগীয়ে বিচাৰিলে আই.ভি.-ও গুচাই দিব পাৰে৷ মই তেওঁক জোৰ-জবৰদস্তি খুৱাব পাৰিলোঁহেঁতেন, কিন্তু তেতিয়া তেওঁ বমি কৰি উলিয়াই দিলেহেঁতেন৷ মানুহ এজনে যদি হস্পিতালত থাকিব নোখোজে, তেওঁক আপুনি জোৰ কৰি ৰাখিব নোৱাৰে৷ এই মুহূৰ্তত ডাঃ টোকাইয়ে জীয়াই থকাৰ আকাংক্ষা হেৰুৱাই পেলাইছে আৰু নিজকে শূন্যলৈ সংকুচিত কৰাৰ সিদ্ধান্ত লৈছে৷ যিয়েই যি নকৰক, যিমানেই পুষ্টিযুক্ত বেজী নিদিয়ক কিয়, এই অধোগমন অপ্ৰতিৰোধ্য আছিল৷ আমি মাথোন হাত সাৱটি, কাষত থিয় হৈ খাদ্যৰ অভাৱে তেওঁৰ শৰীৰটো খাই পেলোৱা চাবলৈ ৰৈ থাকিব লাগিব৷ সেইবোৰ কষ্টকৰ, কঠিন দিন আছিল৷ মই জানোঁ, মই কিবা কৰা উচিত আছিল, কিন্তু কৰিবলৈও একো নাছিল৷ একমাত্ৰ এটাই ভাল কথা আছিল যে তেওঁক কোনো কষ্টত থকা যেন লগা নাছিল৷ অন্ততঃ মই কোনো কেঁকনি-গেঁথনি দেখা নাছিলোঁ৷ মই প্ৰতিদিনে তেওঁৰ এপাৰ্টমেণ্টলৈ গৈছিলোঁ, কিবা চিঠি-পত্ৰ আহিছে নেকি চাওঁ, চাফ-চিকুন কৰোঁ, আৰু বিছনাত তেওঁৰ কাষত বহি দেশ-দুনীয়াৰ কথা তেওঁৰ আগত কওঁ— কাম সম্পৰ্কীয় কথা, পৰচৰ্চা৷ কিন্তু তেওঁ এষাৰো মাত মতা নাছিল, সামান্যতম প্ৰতিক্ৰিয়াও প্ৰকাশ নকৰিলে৷ মোৰ সন্দেহ, তেওঁ সচেতন অৱস্থাত আছিল নে নাই৷ তেওঁ মাথোঁ মুখাৰ দৰে মুখখনৰ পৰা চকু দুটাৰে নিশ্চুপে মোলৈ ট’ট’ কৈ চাই থাকিছিল৷ সেই চকুকেইটা আছিল আচৰিতধৰণে পৰিষ্কাৰ, যেন সিহঁতে সিটো পাৰেও দেখা পায়৷”

“তেওঁৰ বাৰু মহিলা এগৰাকীৰ সৈতে কিবা হৈছিল নেকি?”, মই সুধিলোঁ৷ “তেওঁ  এগৰাকী সন্তান থকা বিবাহিতা মহিলাৰ প্ৰতি গুৰুতৰভাৱে আসক্ত হৈ পৰা বুলি মোক জনাইছিল৷”

“ঠিকেই কৈছে৷ এইবোৰ হোৱাৰ কিছুদিন আগৰ পৰা তেওঁ মহিলাগৰাকীৰ সৈতে গভীৰভাৱে জড়িত হৈ পৰিছিল৷ ই আৰু কেজুৱেল সম্পৰ্ক হৈ থকা নাছিল৷ তেওঁলোকৰ মাজত গুৰুতৰ কিবা এটা হৈছিল আৰু সেই ‘কিবা এটা’ই তেওঁৰ জীয়াই থকাৰ ইচ্ছা হৰণ কৰিলে৷ মই সেই মহিলাগৰাকীৰ ঘৰলৈ ফোন কৰিছিলোঁ৷ তেওঁৰ স্বামীয়ে ফোনটো উঠালে৷ মই তেখেতক কলোঁ যে মই আমাৰ ক্লিনিকত তেখেতৰ পত্নীৰ এটা এপইণ্টমেণ্ট সন্দৰ্ভত ফোন কৰিছোঁ, তেখেতে ক’লে যে মহিলাগৰাকী এতিয়া আৰু তাত নাথাকে৷ তেখেতৰ সৈতে যোগাযোগ কৰিবলৈ মই ক’ত ফোন কৰিম বাৰু? মই সুধিলোঁ আৰু তেওঁ খুব ৰূক্ষভাৱে তেওঁৰ এইবিষয়ে কোনো ধাৰণা নাই বুলি কৈ ফোনটো কাটি দিলে৷”

গ’ট’ কিছুপৰ মনে মনে ৰ’ল আৰু পুনৰ আৰম্ভ কৰিলে৷

“থোৰতে কৈ থওঁ যে মই তেওঁক বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলোঁ৷  তেওঁ তেওঁৰ স্বামী আৰু সন্তানটো এৰি আন এজন মানুহৰ সৈতে বাস কৰিবলৈ গুচি গৈছে৷”

মই হতভম্ব হৈ ৰলোঁ৷ প্ৰথমে মই ধৰিব পৰা নাছিলোঁ, তেওঁ ক’ব কি বিচাৰিছে৷ “আপুনি ক’ব বিচাৰিছে যে তেওঁ স্বামী আৰু ডাঃ টোকাই দুয়োৰে সৈতে সম্পৰ্ক ছেদ কৰিলে?” অৱশেষত মই সুধিলোঁ৷

“হয়’, গ’ট’ই ভ্ৰূকুটি কৰি ক’লে,”তেওঁৰ তৃতীয় এগৰাকী পুৰুষো আছিল৷ বৰ বিশেষ নাজানোঁ, কিন্তু তেওঁ চাগে মহিলাগৰাকীতকৈ বয়সত সৰু৷ মোৰ এনে লাগিছিল, তেওঁ যেন বৰ এটা ঠিক মানুহ নহয় যাক আপুনি ভাল বুলিব পাৰে—, এয়া মোৰ নিজা অভিমতহে দেই৷ মহিলাগৰাকী ঘৰ-বাৰী এৰি এইজনৰ লগত পলাই গ’ল৷ ডাঃ টোকাই তেওঁৰ বাবে এডাল জখলাহে আছিল মাথোঁ৷ তেওঁক মহিলাগৰাকীয়ে ব্যৱহাৰ কৰিলে৷ তেওঁ মহিলাগৰাকীৰ বাবে বহুত পইচা খৰছ কৰা প্ৰমাণ আছে৷ মই উকীলৰ হতুৱাই বেংক বেলেন্স, ক্ৰেডিট কাৰ্ড একাউণ্ট আদিৰ বিচাৰ খোচাৰ কৰিছিলোঁ, আৰু এইটো কথা জলজল পটপট হৈ পৰিছে৷ তেওঁ হয়তো তেওঁৰ গোটেইখিনি পইচা মহিলাগৰাকীৰ বাবে দামী উপহাৰ কিনি কিনি খৰছ কৰি পেলাইছে অথবা ঋণত পইচা দিছে৷ টকা-পইচাবোৰ ক’ত কেনেদৰে ব্যৱহাৰ হ’ল সঠিক কোনো প্ৰমাণ নাই, আৰু থকাখিনিও বৰ এটা স্পষ্ট নহয়, কিন্তু আমি জানিব পাওঁ যে খুব কম সময়ৰ ভিতৰত তেওঁ বহুত বেছি টকা বেংকৰ পৰা উলিয়াইছিল৷”

মই গভীৰভাৱে হুমুনিয়াহ কাঢ়ি কলোঁ,”এয়া নিশ্চয় তেওঁৰ বাবে কষ্টকৰ আছিল৷”

ডেকা মানুহজনে মূৰ দুপিয়াইছিল৷ “যদি এই মহিলাগৰাকীয়ে তেওঁক ‘মই মোৰ স্বামী আৰু সন্তানক এৰিব নোৱাৰিম, সেয়ে আপোনাৰ সৈতে সম্পৰ্ক ছেদ কৰাৰ সিদ্ধান্ত লৈছোঁ’ বুলি ক’লেহেঁতেন, তথাপি তেওঁ সহ্য কৰিব পাৰিলেহেঁতেন৷ তেওঁ মহিলাগৰাকীক আটাইতকৈ বেছি ভাল পাইছিল, গতিকে নিশ্চয় মৰ্মাহত হ’লহেঁতেন, কিন্তু মোৰ বিশ্বাস—অন্ততঃ মৃত্যুমুখলৈ গতি নকৰিলেহেঁতেন৷ যেতিয়ালৈকে কথাবোৰৰ কিবা অৰ্থ থাকে, আপুনি যিমান দ’লৈকে নপৰে কেলেই, উঠি আহি নিজকে সামৰি-সুঁতৰি ল’ব পাৰিব লাগে৷ কিন্তু তৃতীয় ব্যক্তি এজনৰ আবিৰ্ভাৱ আৰু তেওঁ ব্যৱহৃত হৈছে বুলি হোৱা বোধোদয়—, তেওঁ আৰোগ্য হ’ব নোৱাৰাকৈ আঘাত পালে৷”

মই মৌন হৈ তেওঁৰ কথা শুনি আছিলোঁ৷

“যেতিয়া মৃত্যু হয়, ডাঃ টোকাইৰ ওজন ছয়ত্ৰিছ কেজিৰো কম আছিল”, ডেকা মানুহজনে ক’লে৷ “সাধাৰণতে তেওঁৰ ওজন সত্তৰ কেজিৰ ওপৰত থাকে, গতিকে তেওঁৰ ওজন আধাতকৈ কম হৈ পৰিছিল৷  কামিহাড়কেইডাল সাগৰৰ ঢৌৰ মাজে মাজে ওলাই থকা শিল যেন দেখা হৈছিল৷ আপুনি তেওঁক চাব নিবিচাৰিব, ইমান বীভৎস হৈ পৰিছিল৷ তেওঁৰ অৱস্থাটো দেখি মই বহু আগতে চোৱা ডকুমেণ্টৰী এখনত দেখা নাজী কনচেণ্ট্ৰেচন কেম্পৰ পৰা বাচি অহা শুকাই খীণাই চৰ্মসাৰ হোৱা ইহুদীকেইজনৰ কথা মনলৈ আহিছিল৷”

কনচেণ্ট্ৰেচন কেম্প! তেওঁ হয়তো আগতীয়াকৈ জানিছিল৷ “মই দৰাচলতে কোন? মই সঁচাকৈ এয়াই ভাবি থাকোঁ”৷

গ’ট’ই কৈ গ’ল৷ “চিকিৎসাবিজ্ঞানৰ মতে তেওঁৰ মৃত্যু হৃদযন্ত্ৰ বিকল হোৱা বাবে হ’ল৷ তেওঁৰ হৃদয়ে তেজ পাম্প কৰা শক্তি হেৰুৱাই পেলাইছে৷ কিন্তু মোৰ মতে তেওঁ প্ৰেমত পৰা কাৰণেহে মৃত্যু হ’ল৷ পুৰণি ভাষাত ক’বলৈ গ’লে ‘প্ৰেমৰোগ’৷ মহিলাগৰাকীক মই কেইবাবাৰো ফোন কৰি কি হৈ আছে বৰ্ণনা কৰিছিলোঁ আৰু তেওঁৰ সহায় বিচাৰিছিলোঁ৷ আক্ষৰিক অৰ্থতে মই আঠু কাঢ়ি অনুৰোধ কৰিছিলোঁ, তেওঁ দেখা কৰিবলৈ আহিবলৈ— অলপ সময়ৰ বাবে হলেও৷ মই কৈছিলোঁ যে ডাঃ টোকাই শয্যাশায়ী৷ কিন্তু তেওঁ নাহিল৷ অৱশ্যে মই ভবা নাছিলোঁ যে তেওঁক দেখিলে ডাঃ টোকাইৰ মৃত্যু নহলহেঁতেন৷ কিন্তু হয়তো কিবা আলৌকিক ঘটনা হ’লহেঁতেন৷ অথবা মৃত্যুৰ সময়ত তেওঁৰ অনুভৱ বেলেগ হ’লহেঁতেন৷ অথবা মহিলাগৰাকীক দেখি তেওঁৰ অধিক খেলিমেলি হ’লহেঁতেন আৰু বেছি কষ্টহে পালেহেঁতেন৷ প্ৰকৃততে মোৰ একো ধাৰণা নাই৷ সঁচা ক’বলৈ গ’লে, এই গোটেই কাৰবাৰটো মই একো বুজা নাছিলোঁ৷ তথাপি এটা কথা জানোঁ যে কোনেও প্ৰেমৰোগত পৰি খোৱা-বোৱা সম্পূৰ্ণ বাদ দি মৃত্যুমুখত নপৰে৷ নহয় জানো?”

ময়ো একমত আছিলোঁ৷ এনে কথা কেতিয়াও ক’তো শুনা নাই৷ ডাঃ টোকাই এজন বিশেষ ব্যক্তি আছিল৷ মই এনেদৰে কওঁতে গ’ট’ই হাতেৰে মুখখন ঢাকি অলপপৰ নিঃশব্দে কান্দিলে৷ তেওঁক সান্তনা দিব খুজিছিলোঁ, কিন্তু  একো কৰিবও পৰা নাছিলোঁ৷ অলপ পাছত তেওঁ কান্দোন বন্ধ কৰিলে, পেণ্টৰ পকেটৰ পৰা পৰিষ্কাৰ, বগা ৰূমাল এখন উলিয়ালে আৰু চকুপানীখিনি মচিলে৷

“ক্ষমা কৰিব, আপুনি মোক এই অৱস্থাত দেখিবলগীয়া হ’ল৷”

“অইন কাৰোবাৰ বাবে কন্দাত ক্ষমা খুজিবলগীয়া একো নাথাকে”, মই তেওঁক কলোঁ, “বিশেষকৈ আপুনি আদৰ-যত্ন কৰা কোনোবা, কোনোবা যি এই ধৰা এৰি গুচি গৈছে৷”

“ধন্যবাদ,” গ’ট’ই ক’লে, “শুনি সকাহ পালোঁ৷”

তেওঁ মেজৰ তলৰ পৰা স্কোৱাছ ৰেকেটৰ বাকচটো উলিয়াই আনি মোলৈ আগ বঢ়ালে৷ ভিতৰত এখন একেবাৰে নতুন ব্লেক নাইটৰ ৰেকেট আছিল— বৰ দামীখন৷

“ডাঃ টোকাইয়ে এইখন মোৰ হাতত দি গৈছে৷ এইখন তেওঁ মগাই আনিছিল, কিন্তু আহি পোৱালৈকে তেওঁৰ স্কোৱাছ খেলিবলৈ শক্তি নাইকীয়া হৈ পৰিছিল৷ তেওঁ এইখন মোক আপোনাক দিবলৈ কৈ গৈছে, মিষ্টাৰ টানিমুৰা৷ মৃত্যুৰ আগে আগে খুব কম সময়ৰ বাবে তেওঁ সম্পূৰ্ণ সচেতন হৈ পৰিছিল, আৰু তেতিয়াই তেওঁ মোক কেইটামান বস্তু চম্ভালিবলৈ দিহা দিছিল৷ এই ৰেকেটখনো এখন৷ ভাল লাগে যদি অনুগ্ৰহ কৰি ব্যৱহাৰ কৰিব এইখন৷”

মই তেওঁক ধন্যবাদ দি ৰেকেটখন ললোঁ৷ “ক্লিনিকখনৰ কি হ’ব এতিয়া?” মই সুধিলোঁ৷

“সদ্যহতেতো আমি বন্ধ ৰাখিম”, তেওঁ কলে৷ “হয়তো আমি লাহে লাহে ক্লিনিকখন একেবাৰে বন্ধ কৰিম অথবা বিক্ৰী কৰি দিম৷ অফিচৰ কাম এতিয়াও আছে, গতিকে, মই অলপ সহায় কৰি দিম, কিন্তু তাৰ পাছত কি কৰিম নাজানোঁ৷ মোক ‘অৱসান’ হোৱা অনুভৱটোৰ প্ৰয়োজন, কিন্তু এই মুহূৰ্তত মই সুস্থিৰ মগজুৰে ভাবিব পৰা হৈ থকা নাই৷”

আশা কৰিছোঁ, এই ডেকা মানুহজনে যেন অতি সোনকালে এই অৱস্থাৰ পৰা ওলাব পাৰে৷

আমি যেতিয়া ইজনে সিজনৰ পৰা  বিদায় ল’বলৈ ওলালোঁ, তেওঁ ক’লে, “মিষ্টাৰ টানিমুৰা, মই জানোঁ জাপি দিয়া যেন হয় যদিও আপোনাৰ পৰা মোক এটা সহায় লাগে৷ অনুগ্ৰহ কৰি ডাঃ টোকাইক মনত ৰাখিব৷ তেওঁৰ হৃদয়খন ইমান পবিত্ৰ আছিল৷ মোৰ মতে এই ধৰা এৰি যোৱা মানুহবোৰৰ বাবে আমি কৰিব পৰা কাম এইটোৱে থাকে যে আমি যাতে যিমান দিনলৈ পাৰি তেওঁলোকক মনত ৰাখোঁ৷ কিন্তু শুনিবলৈ সহজ হলেও দৰাচলতে ই ইমান সহজ নহয়৷ মই যাকে তাকেতো এনে অনুৰোধ কৰিব নোৱাৰোঁ৷”

আপুনি সঠিক কথাই কৈছে, মই তেওঁক কলোঁ৷ বহুদিনলৈ কাৰোবাক মনত ৰখাটো মানুহে ভবাৰ দৰে ইমানো সহজ নহয়৷ যিমান দিনলৈ সম্ভৱ, মই তেওঁক মনত ৰাখিবলৈ চেষ্টা কৰিম, কথা দিলোঁ৷ ডাঃ টোকাইৰ হৃদয় কিমান পবিত্ৰ আছিল মই বিচাৰ কৰাৰ কোনো উপায় নাই, কিন্তু এইটো সঁচা যে তেওঁ কোনো এলাপেচা মানুহ নাছিল, আৰু নিশ্চয় স্মৃতিচাৰণ কৰাৰ যোগ্য ব্যক্তি৷ আমি কৰমৰ্দন কৰি বিদায় মাগিলোঁ৷

সেইকাৰণেই হয়তো মই এই টোকাটো লিখি আছোঁ—ডাঃ টোকাইক পাহৰি নাযাবলৈ৷ মোৰ বাবে লিপিবদ্ধ কৰি ৰখাটোৱে পাহৰি নোযোৱাৰ এটা ফলপ্ৰসূ উপায়৷ মই কোনো সমস্যা নহ’বলে নাম, স্থান আদিবোৰ অলপ সালসলনি কৰিছোঁ, কিন্তু এই আটাইবোৰ ঘটনাই মই যিদৰে কৈছোঁ সেইদৰেই সঁচাকৈয়ে ঘটিছে৷ ডেকা গ’ট’ই কেনেবাকৈ এইখন পঢ়িবলৈ পালে ভাল হ’লহেঁতেন৷

********

ডাঃ টোকাইৰ আন এটা কথা মনত আছে মোৰ৷ কেনেকৈ সেই প্ৰসংগ পাইছিলোঁহি, মনত নাই, কিন্তু তেওঁ মোৰ সৈতে সাধাৰণভাৱে মহিলাসকলৰ কথা পাতি আছিল৷

সকলো নাৰীয়ে এটা বিশেষ, স্বাধীন অংগৰে সৈতে জন্মগ্ৰহণ কৰে, যি তেওঁলোকক মিছা ক’বলৈ অনুমতি দিয়ে৷ এয়া ডাঃ টোকাইৰ ব্যক্তিগত অভিমত৷ তেওঁ কয়, তেওঁলোকে কেনেধৰণৰ মিছা কথা কয়, কি পৰিস্থিতিত তেওঁলোকে মিছা কয় আৰু কেনেধৰণে মিছাবোৰ কয়, সি ব্যক্তিবিশেষৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু জীৱনৰ এটা নিৰ্দিষ্ট মুহূৰ্তত সকলো নাৰীয়ে মিছা কথা কয়, আৰু তেওঁলোকে গুৰুত্বপূৰ্ণ বিষয়ত মিছা কয়৷ সৰুসুৰা কথাতো তেওঁলোকে মিছা কয়, কিন্তু তেওঁলোকে অতি জৰুৰী বিষয়বোৰতো মিছা কবলৈ ইতস্ততঃ বোধ নকৰে৷ আৰু তেওঁলোকে যেতিয়া এনে কৰে, সৰহভাগৰে মাত আৰু মুখৰ অভিব্যক্তি অকণো সলনি নহয়, কাৰণ তেওঁলোকে নিজে মিছা কথা নকয়, সেই স্বাধীন অংগটোৱেহে নিজৰ মতে কাম কৰে৷ সেয়েহে, বিশেষ কেইটামান ঘটনাত বাদে, তেওঁলোকে কোৱা কথাবোৰৰ বাবদো শুদ্ধ বিবেকেৰে থাকিব পাৰে আৰু নিদ্ৰাও নহৰে৷

এইখিনি কথা তেওঁ বৰ স্পষ্টভাৱে কৈছিল, সেইকাৰণেই মোৰ ইমান ভালদৰে মনতো আছে৷ মূলতঃ মই তেওঁৰ কথাখিনি সমৰ্থন কৰিব লাগিব, কিন্তু বিশেষ কিছুমান সূক্ষ্ম পাৰ্থক্যৰ সৈতে৷ আমি হয়তো বৰ বেছি পছন্দ নোহোৱা সমাধান সূত্ৰ এটাত উপনীত হলোহেঁতেন, যদিও আমি নিজা নিজা বিচাৰেৰেহে এই সূত্ৰলৈ গৈ পালোঁহেঁতেন৷

মই নিশ্চিত যে মৃত্যুৰ মুখামুখী হোৱা সময়চোৱাত তেওঁৰ এই থিয়’ৰি শুদ্ধ বুলি প্ৰমাণিত হোৱা বুলি জানি অকণো আনন্দ পোৱা নাছিল৷ নক’লেও হ’ব, ডাঃ টোকাইৰ বাবে মোৰ বৰ দুখ লাগে৷ সঁচাকৈয়ে তেওঁৰ মৃত্যুত শোকবিহ্বল হৈছোঁ৷ জানি শুনি নিজ ইচ্ছাই খোৱা-বোৱা এৰি অনাহাৰে থাকি মৃত্যুমুখত পৰিবলৈ যথেষ্ট মনোবলৰ প্ৰয়োজন৷ কিমান শাৰীৰিক আৰু মানসিক কষ্ট তেওঁ পালে সেয়া আমাৰ বোধশক্তিৰ বাহিৰত৷ কিন্তু মই স্বীকাৰ কৰিবলৈ লাজ নকৰোঁ যে তেওঁ যিধৰণে এগৰাকী মহিলাক ভাল পাইছে— তেওঁ কেনে মহিলা আছিল, সেইটো আঁতৰাই থৈ—ইমান দ’কৈ যে নিজকে সংকুচিত কৰিবলৈ ইচ্ছা কৰিলে, তাকে দেখি অকণমান ঈৰ্ষা হয়৷ ইচ্ছা কৰিলে তেওঁ সেই আগৰ কৃত্ৰিম জীৱনটোৱে কটাই থাকিব পাৰিলেহেঁতেন—কেবাগৰাকীও মহিলাৰ সৈতে উপৰুৱাকে একে সময়তে সম্পৰ্ক কৰি, এগিলাছ মিঠা পিনট নইৰ উপভোগ কৰি, তেওঁৰ লিভিং ৰুমৰ ডাঙৰ পিয়ান’টোত ‘মাই ৱে’ বজাই, চহৰখনৰ কোনোবা এটি চুকত অকণমানি প্ৰেম-কাহিনীবোৰ চলাই থাকি৷ কিন্তু তেওঁ ইমান ব্যগ্ৰভাৱে, উদাসীনভাৱে প্ৰেমত পৰিল যে তেওঁ আৰু খাব-ল’ব নোৱাৰা হৈ থাকিল, অইন এখন পৃথিৱীত ভৰি থলে, কেতিয়াও নজনা বস্তু দেখিলে আৰু অৱশেষত নিজকে মৃত্যুমুখলৈ ঠেলি দিলে৷  গ’ট’ই কোৱাৰ দৰে, তেওঁ নিজকে মচি দিলে৷ মই ক’ব নোৱাৰিম এই দুটা জীৱনৰ কোনটোত তেওঁ প্ৰকৃততে সুখী আৰু সঁচা আছিল৷ সেই বছৰৰ চেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈ টোকাইৰ যি হ’ল সেয়া ইমান ৰহস্যৰে পূৰ্ণ যে গ’ট’ৰ দৰে ময়ো একো আঁত নাপাওঁ৷

মই এতিয়াও স্কোৱাছ খেলোঁ, কিন্তু টোকাইৰ মৃত্যুৰ পাছত ঠাই সলোৱা বাবে ব্যায়ামাগাৰো সলাবলগীয়া হ’ল৷ নতুন ব্যায়ামাগাৰত মই সাধাৰণতে ভাৰা কৰা পাৰ্টনাৰৰ সৈতে খেলোঁ৷ পইচা যায় যদিও ই সহজ৷ ডাঃ টোকাইয়ে উপহাৰ দিয়া ৰেকেটখন মই কাচিৎহে ব্যৱহাৰ কৰোঁ,  সেইখন অলপ বেছিয়ে পাতল৷ আৰু যেতিয়াই মই ভাবোঁ ই কিমান পাতল বুলি, মোৰ মনত তেওঁৰ শীৰ্ণকায় ছবিখনহে ভাঁহি আহে৷

“এনে লাগে যেন আমাৰ হৃৎযন্ত্ৰ দুটা ইটো সিটোৰ সৈতে সংযুক্ত হৈ আছে৷ যেনে, যেতিয়া তেওঁৰ হৃদয়ে কিবা এটা অনুভৱ কৰে, মোৰ হৃদয়েও একেদৰেই অনুভৱ কৰে৷ যেন আমি এডাল ৰছীৰে বান্ধি থোৱা দুখন নাও৷ আপুনি যদি ৰছীডাল কাটি পেলাবও খোজে, ৰছীডাল কাটিবৰ জোখাৰে ধাৰ থকা কটাৰীয়েই নাই৷”

পাছত অৱশ্যে আমি আটায়ে বুজিলোঁ যে তেওঁ নিজকে ভুল নাওত বান্ধি থৈছিল৷ কিন্তু কোনেনো জানে? ঠিক সেই তেওঁক মিছা কোৱা এটা স্বাধীন অংগ থকা মহিলাগৰাকীৰ দৰে ডাঃ টোকাইয়েও আন এক অৰ্থত তেওঁৰ স্বাধীন অংগটো প্ৰেমত পৰিবলৈ ব্যৱহাৰ কৰিছিল৷ তেওঁৰ ইচ্ছাৰ বাহিৰৰ কাৰ্য এটা৷ হৈ যোৱা কথাখিনি শুনি দুখীভাৱে মূৰ জোকাৰি আৰু আত্মতুষ্টভাৱে অইনৰ কৰ্মকাণ্ড সমালোচনা কৰাটো সহজ৷ কিন্তু এনে স্বাধীন অংগ একোটাৰ হস্তক্ষেপ অবিহনে, —যি আমাক নতুন উচ্চতালৈ লৈ যায়, গভীৰতালৈ ঠেলি দিয়ে, মগজুক বিশৃংখলতালৈ নিক্ষেপ কৰিব পাৰে, ধুনীয়া ধুনীয়া ভ্ৰম দেখুৱাব পাৰে আৰু কেতিয়াবা মৃত্যুমুখলৈ ঠেলি দিব পাৰে— আমাৰ জীৱনবোৰ নিৰ্লিপ্ত আৰু ৰূঢ় হৈ পৰিব অথবা সৰলভাৱে কৃত্ৰিমতাৰ শৃংখলা এটা হ’ব৷

ডাঃ টোকাই নিজৰ ইচ্ছামৃত্যুৰ শয্যাত দোদুল্যমানভাৱে ওলমি থাকোতে কি ধৰণৰ ধাৰণা মনত ঘূৰি আছিল মোৰ জনাৰ কোনো উপায় নাই৷ কিন্তু দুখ আৰু কষ্টৰ গভীৰতাৰ ভিতৰত যদি অলপ সময়ৰ বাবে হলেও তেওঁৰ মনটো মোক অব্যৱহৃত স্কোৱাচ ৰেকেটখন গটাই দিবলৈ দিহা দিব পাৰিছিল৷ হয়তো তেওঁ মোক কোনো বাৰ্তা পঠিয়াব বিচাৰিছিল৷ হয়তো মৃত্যুৰ ওচৰ চাপোতে তেওঁ অৱশেষত তেওঁৰ ‘মই কোন’ৰ উত্তৰ বিচাৰি পাইছিল আৰু তাকে মোক জনাব খুজিছিল৷ মোৰ এনেকুৱা লাগিছে যে কথাটো সেইটোৱে৷

********

Leave a Reply

Your email address will not be published. Required fields are marked *