নিবন্ধবিবিধ চিন্তা

এটা টেলিভিচন ডিবেইটৰ আঁত ধৰি ঈশ্বৰৰ অস্তিত্ব ‌।‌। দেৱজিৎ নাথ

মুক্ত চিন্তা‌। একাদশ বছৰ‌।‌। দ্বিতীয় সংখ্যা
মাত্ৰ কেইদিনমান আগতে এটা ৰাস্ট্ৰীয় সংবাদ-মাধ্যমত বিশিষ্ট এংকৰ সৌৰভ দ্বিবেদীয়ে পৰিচালনা কৰা ঈশ্বৰৰ অস্তিত্ব সম্পৰ্কীয় এটা অনুস্থানে প্ৰচাৰ আৰু আলোচনাৰে এক অতি ব্যাপক সঁহাৰি লাভ কৰিছিল। শিৰোনাম আছিল ‘Does God Exist?’ এই তৰ্কত ঈশ্বৰ-বিশ্বাসীৰ প্ৰতিনিধি আছিল মুফতী ছামাইল নাদৱী আৰু নিৰীশ্বৰবাদৰ পক্ষত যুক্তিবাদী চিন্তক, বিশিষ্ট কবি, চিত্ৰনাট্যকাৰ জাৱেদ আখটাৰ।তুমুল যুক্তিযুদ্ধত দুয়োজনে নিজৰ দৃষ্টিকোণৰ পৰা বক্তব্য ৰাখিছিল সাধাৰণতে আমি দেখা তৰ্ক-প্ৰতিযোগিতাৰ আৰ্হিত। ছোচ্যিয়াল মিডিয়াত সমগ্ৰ বিশ্বৰ বহু কোটি মানুহে তৰ্কানুস্থাটো চাইছে আৰু কমেন্ট-বক্সত মতামত দিছে। মতামতসমূহলৈ মন কৰিলে এক বিচিত্ৰ মনন উন্মোচিত হয়। তৰ্কৰ বিষয আছিল ভগৱানৰ অস্তিত্ব, পক্ষ আছিল ঈশ্বৰবিশ্বাসী বনাম নিৰীশ্বৰবাদী। কিন্তু ছোচ্যিয়াল মিডিয়াৰ মন্তব্যসমূহ হৈ পৰিছিল ইছলামপন্হী বনাম ইছলামবিৰোধী। অথচ আলোচনাৰ সময়ত ইছলাম বা হিন্দু, ভগৱান বা আল্লাহ আদি শব্দৰ এবাৰলৈও ব্যৱহাৰেই কৰা নাই বক্তাদ্বয়ে।এই আমোদজনক ঘটনাটো হ’ব পাইছে তৎকালীন ভাৰতীয় সমাজখনৰ ধৰ্মভিত্তিক মেৰুবিভাজনৰ বাবেই। সমসাময়িক শক্তিশালী ৰাজনৈতিক স্ৰোতে বাগ্ধাৰা একোটা কিদৰে পৰিচালিত কৰে এয়া তাৰ উদাহৰণ।
আৰু এই কমেন্টবক্সত মতামত দিয়াসকলৰ মাজত নাস্তিক বা নিৰীশ্বৰবাদীৰ সংখ্যা তেনেই নগন্য!
অৰ্থাৎ, এই হাই-ভল্টাজ তৰ্কখন শুনাৰ পাছত ইছলামপন্হীসকলো আস্থাৰ পৰা বিচলিত নহ’ল, ইছলামবিদ্বেষীসকলৰো বিদ্বেষ নকমিল আৰু নিৰীশ্বৰবাদীসকলো বিশেষ প্ৰোৎসাহিত নহ’ল। নিৰীশ্বৰবাদীৰ নিস্পৃহ দুই এটা মত- জাৱেদ চাহাবৰ সলনি আমুকাকক আনিব লাগিছিল ইত্যাদি। অৰ্থাৎ এই সুদীৰ্ঘ তৰ্কানুস্থানৰ পৰা কাৰো মতৰ সমান্য পৰিবৰ্তনৰো উমঘামে দেখা নগ’ল।
এয়া কিহ’ৰ বাবে হয়? মতৰ স্থানুতাৰ আঁৰৰ দৰ্শন কি? সত্য প্ৰাপ্তিৰ আত্মসন্তুষ্টি নে সত্যৰ প্ৰতি অনীহা? বিখ্যাত বৃটিছ গদ্যকাৰ ফ্ৰাঁনসিছ বেইকনৰ বিখ্যাত ৰচনা Of Truthখন আৰম্ভ হৈছে এনেদৰে : “What is truth?” said jesting Pilate and would not stay for an answer. তাত ওলোৱা ব্যাখ্যাসমূহ এনেধৰণৰ- সত্যৰ প্ৰতি উন্নাসিকতা, সত্যৰ প্ৰতি ভয়, মিছাৰ আৰামদায়ক আভৰণ ইত্যাদি। উত্তৰাধুনিক ব্যাখ্যানত হয়তো ই হৈ পৰিব চৰম সত্য বুলি কিবা এটাক অগ্ৰাহ্য কৰা বা eternal postponement of truth. ৰোমান শাসক Pontius Pilateৰ সেয়া হয়তো আছিল এক পৰিহাসমূলক প্ৰশ্ন। ৰাজনৈতিক ক্ষমতাই সত্যক যে নিজে বিচৰাধৰণে প্ৰক্ষেপ কৰিব পাৰে তাৰেই ironical statement. কিন্তু ধাৰ্মিক মানুহ এজনে নিশ্চয় ঈশ্বৰক চৰম সত্য বুলিয়েই বিশ্বাস কৰে। সেয়েহে তাক নিৰীশ্বৰবাদীসকলে বৰ বেছি ভুৱা চেতনা বুলিব পাৰে, মানে গীয়ৰ্গী লুকাকচ্ আৰু পিছলৈ গ্ৰামশ্চিয়েও বিশদ আলোচনা কৰা false consciousness বুলি ক’ব পাৰে।
ঈশ্বৰবিশ্বাস মানৱেতিহাসৰ বিভিন্ন পৰ্যায়ৰ মাজেদি আহি সাংগঠনিক ধৰ্মৰ ৰূপেৰে আজিৰ অৱস্থা পাইছেহি। এই প্ৰক্ৰিয়াত কিন্তু এই বিশ্বাসে প্ৰশ্নৰো সন্মুখীন হৈ আহিছে। অৰ্থাৎ Does God Exist এই প্ৰশ্ন আজিৰ নহয়; বৰং হেজাৰবছৰ আগতেই মানুহে সুধিব আৰম্ভ কৰিছিল  ভগৱান সঁচাকৈয়ে আছেনে? আৰু তেতিয়াই বহুতে কৈছিলো যে ভগৱান বুলি একো নাই। ভাৰতত বৈদিক যুগতেই ভগৱানৰ অস্তিত্ব লৈ প্ৰশ্ন হৈছিল, দ্বিধা-দ্বন্দ্ব আছিল আৰু সেই পৰম্পৰাই চাৰবাক দৰ্শনত নিৰীশ্বৰবাদৰ ৰূপ পাইছিল খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাতেই, মানে আজিৰ পৰা দুহেজাৰ ছয়শ বছৰ আগেই এই ভাৰততে এচাম দাৰ্শনিকে ঈশ্বৰৰ অস্তিত্ব অস্বীকাৰ কৰিছিল।
হেজাৰ হেজাৰ বছৰ ধৰি চলা বিতৰ্ক যেতিয়া এটা চৰম সিদ্ধান্তত উপনীত হোৱাগৈ নাই মুফতী ছামাইল আৰু জাভেদ আখটাৰৰ দুঘন্টীয়া তৰ্কানুষ্ঠানে এজন নাস্তিকক ঈশ্বৰবিশ্বাসী বা ঈশ্ববিশ্বাসীক নাস্তিকলৈ ৰূপান্তৰিত কৰাৰ অৱকাশ শূন্যপ্ৰায়। এই অনুষ্ঠানটোও সেই হেজাৰবছৰীয়া স্ৰোতৰ এক তৰংগহে।
মুফতী আৰু জাৱেদ চাহাবৰ যুক্তিসমূহৰ পৰা প্ৰাথমিক ধাৰণা হয় যে জাৱেদ আখটাৰৰ তুলনাত যেন মুফতীচাহাব অধিক প্ৰস্তুতিৰে পথাৰত নামিছিল। যিকোনো এজন নাস্তিকৰ সাধাৰণ যিবিলাক যুক্তি সেইবোৰেই জাৱেদ আখটাৰে উপস্থাপন কৰাৰ বিপৰীতে মুফতীয়ে বেছ কিছু জাৰগন ব্যৱহাৰ কৰি আপাতত: ঈশ্বৰৰ অস্তিত্ব প্ৰতিস্থা কৰাৰ বাবে শক্তিশালীভাৱে নিজৰ বক্তব্য ৰাখিছে। কিছু কিছু মুহু্ৰ্তত যেন জাৱেদ চাহেব নিৰস্ত্ৰ হৈছে বিশেষকৈ source of morality, contingency argument আদি বিষয়ে মুফতী চাহাবৰ যুক্তি প্ৰক্ষেপনৰ ক্ষেত্ৰত।
মুফতী চাহেবে বিশেষকৈ ঈশ্বৰবিশ্বাসক এই বিশ্বব্ৰহ্মাণ্ডৰ যি প্ৰকৃতি তাৰেই logical conclusion বুলি লৈ কোৱা কথাসমূহ থুলমূলকৈ আছিল এনেধৰণৰ:
1.এই ব্ৰহ্মাণ্ড আপোনাআপুনি সৃষ্টি হোৱা মতৰ বিৰোধিতা কৰি ক’ব খোজে যে যিহেতু সৰু একোটা সৃষ্টিৰে আঁৰত স্ৰস্টা থাকে, ব্ৰহ্মাণ্ডৰ ইমান জটিল আৰু বৃহৎ সংৰচনাৰ আঁৰত এজন কাৰিকৰ নেলাগিবনে?
2.ব্ৰহ্মাণ্ডৰ অস্ত্বিত্বৰ অৰ্থ হ’ল যে তাৰ কোনোবা এটা সময়বিন্দুত আৰম্ভ হৈছিল।এতিয়া অন্তহীন প্ৰশ্নৰে পিছুৱাই গৈ থকাটো একধৰণৰ তাৰ্কিক ভ্ৰান্তি।
3.বিজ্ঞান ভৌতিক পৃথিবীতে সীমাবদ্ধ হোৱাৰ বিপৰীতে ঈশ্বৰ মেটাফিজিক্যাল। সেয়ে ঈশ্বৰৰ অস্তিত্ব কোনো প্ৰয়োগশালাত প্ৰমাণ কৰিব নোৱাৰি। এই ভৌতিক জগতৰ আঁহিলাৰে ঈশ্বৰৰ বিচাৰ কৰা নেযায়, necessary being বা first cause বুলি মানি লোৱাটো এটা logical conclusion.
4.মানুহৰ কৰ্ম এক free willৰ পৰিণতি, তাত ঈশ্বৰৰ হস্তক্ষেপ নেথাকে। সেয়া এক পৰীক্ষা; free will ব্যৱহাৰ কৰি ভাল কাম কৰিলে পুৰস্কৃত হোৱাৰ বিপৰীতে বেয়া কৰিলে শাস্তি পাব। শাস্তি ঈশ্বৰে দিব।
মুফতীৰ বিপৰীতে জাৱেদ চাহেবে সাধাৰণতে নাস্তিক এজনে ৰখা যুক্তিসমূহ ৰাখি বিভিন্ন প্ৰশ্নও কৰিছে মুফতীক। ভগৎ সিং আৰু ৰাছেলৰ চিন্তাৰ আঁত ধৰি সৰ্বব্যাপ্ত, সৰ্বজ্ঞ, সৰ্বশক্তিমান ঈশ্বৰক নাকচ কৰিছে। ভগৎ সিঙৰ Why I am an Atheist  ৰচনাখনৰ সুৰতে প্ৰশ্ন কৰিছে যদি ভগৱান ইমানেই শক্তিশালী তেনে গাজাত সংঘটিত নিষ্পাপ শিশুৰ হত্যাবোৰ বন্ধ নকৰে কিয়? মুফতীৰ উত্তৰ হ’ল ঈশ্বৰে মানুহক free will দি পৰীক্ষা লৈছে, এই জগতৰ কৰ্মৰ পুৰষ্কাৰ বা শাস্তি মৃত্যুৰ পিছত ঈশ্বৰে দিব। এতিয়া কথা হ’ল সেই প্ৰশ্নৰ যদি উত্তৰ এনেকুৱা হয় তৰ্ক সিমানতে শেষ। আৰু মুফতীয়ে আৰম্ভণিতে কৈয়েই লৈছে যে ঈশ্বৰক empiricism ৰ জৰিয়তে সন্ধান কৰিলে নহ’ব। সেই অস্তিত্ব মেটাফিজিক্যাল। গতিকে প্ৰাথমিকভাৱেই এই দুই পক্ষৰ মাজৰ তৰ্ক সমস্যাপূৰ্ণ। এই দুই পক্ষৰ মাজত হোৱা তৰ্কৰ মৌলিক সমস্যা হ’ল-
1.নাস্তিক এজনে empiricism ৰ পথত আগুৱায়। তথ্য, যুক্তি আদিৰ বৈজ্ঞানিক বিশ্লেষণেৰে জগতখন ব্যাখ্যা কৰে। তাৰ বিপৰীতে, ঈশ্বৰবিশ্বাসী এজনৰ বাবে আস্থাই হ’ল শেষ কথা।ঈশ্বৰ Metaphysical অস্তিত্ব !
2.নাস্তিক এজনে প্ৰশ্নৰ পিছত প্ৰশ্ন কৰি যোৱাৰ পথক জ্সত্যানুসন্ধানৰ পথ বুলি গন্য কৰাৰ বিপৰীতে ঈশ্বৰবিশ্বাসীয়ে infinite regressক নস্যাৎ কৰে সেয়া এক ভ্ৰমাত্মক পথ বুলি কয়।
3.ঈশ্বৰবিশ্বাসীয়ে ভগৱান আছে বুলি আস্থা ৰখাটোতেই দায়িত্ব শেষ। বিপৰীতে নাস্তিকৰ বাবে ৰয় ঈশ্বৰ নাই বুলি প্ৰমাণ কৰাৰ burden of proof.
এই পৰিস্থিতিত নাস্তিক আৰু আস্তিকৰ মাজৰ তৰ্কই যে কোনো সহমতত উপনীত নকৰায় সেয়া নিশ্চিত। সেয়ে যুগ যুগ ধৰি এই বিতৰ্ক চলিয়েই আছে। মুফতী চাহাবেও burden of proofৰ দায়িত্ব নোলোৱাকৈ জাৰগন কিছুমান ব্যৱহাৰ কৰি বেছ বাগ্মিতাৰে ঈশ্বৰক ডিফেন্স দিলে। ঈশ্বৰে সকলো নিয়ন্ত্ৰণ কৰে আৰু মানুহৰ test লয়। Testত অনুত্তীৰ্ণজনক মৃত্যুৰ পাছত শাস্তি দিয়ে।জাৱেদ চাহাবেও স্পষ্টকৈ নুসুধিলে যে তোমাৰ ভগৱানে যে এইবিলাক কৰে তেৰাৰ উদ্দেশ্য কি? আৰে তুমিয়েই free will দিবা আকৌ বেয়া কৰিলে শাস্তি দিবা, তাকো কোনেও নেদেখাকৈ, গম নোপোৱাকৈ। উদ্দেশ্য কি? মানৱ সমাজখন সুন্দৰ কৰাটো? তেনেহ’লে দেখোন তুমি সকলোৰে প্ৰকাশ্যে আজিকালি ৰাইজে খুউব ভাল পোৱা instant justiceটাইপত অপৰাধীক শাস্তি দি দিব পাৰা, বা free willটোকে নোহোৱা কৰি মানুহৰ মনৰ পৰা বেয়াবিলাক গুচাই দিব পাৰা!! সেয়া যদি নকৰেই ঈশ্বৰক কোনো এংগলৰ পৰাই পৰম কৰুণাময়, মংগলময়, শক্তিময়, শুভময় বুলিব পৰা নেযাব। এনেবোৰ চিন্তা তেইছ বছৰীয়া ভগৎ সিঙেও কৰিছে এশ বছৰ আগেই।
চলমান এই দ্বন্দ্বত দৰ্শন আৰু বিজ্ঞানে যুগপৎ ইন্ধন যোগাই আহিছে। বিজ্ঞানৰ অগ্ৰগতি আৰু বিজ্ঞানমনস্কতাৰ প্ৰসাৰে ঈশ্বৰবিশ্বাস আৰু আনুষ্ঠানিক ধৰ্মৰ দুৰ্গসমূহ অৱলীলাক্ৰমে ধংস কৰিছে। ঈশ্বৰ পিছ হুহকিছে। ষ্টিফেন হকিঙৰ A Brief History of Time গ্ৰন্হখনৰ The Origin and Fate of the Universe শীৰ্ষক অধ্যায়ত লেখকে এটা অভিজ্ঞতাৰ উল্লেখ কৰিছে। ১৯৮১ চনত জেছুইতসকলে ভেটিকানত ব্ৰহ্মাণ্ডতত্ত্ব বিষয়ত আয়োজন কৰা অভিৱৰ্তন এখনত হকিঙেও অংশগ্ৰহণ কৰিছিল। বিজ্ঞানচিন্তাৰ বিপৰীতে কেথলিক গীৰ্জাই গেলিলিঅ’ৰ লগত যি ভয়ংকৰ অন্যায় কৰিছিল তাৰ তিনি শ বছৰৰো অধিক কাল পাছত ব্ৰহ্মাণ্ডতত্ত্বৰ বিষয়ে কথা ক’বলৈ বিজ্ঞানীসকলক আমন্ত্ৰণ কৰি অনা হ’ল। অভিৱৰ্তনৰ শেষত অংশগ্ৰহণকাৰীসকলক পোপৰ লগত মিলিত হোৱাৰ সুযোগ দিয়া হৈছিল। পোপে হেনো তেওঁলোকক কৈছিল যে মহানাদৰ পাছত বিশ্বব্ৰহ্মাণ্ডৰ ক্ৰমবিকাশৰ বিষয়ে অধ্যয়ণ কৰাত কোনো আপত্তি নাই, কিন্তু মহানাদ চৰ্চা কৰা উচিত নহয়, সেইটো সৃষ্টিৰ মুহূৰ্ত আছিল আৰু সেয়া ঈশ্বৰৰ কাম। গেলিলিঅ’ৰ বিজ্ঞান-চিন্তাক heresy বুলি ঘোষণা কৰা গীৰ্জা-কৰ্তৃপক্ষ মাজৰ এই শতিকাকেইটাত পিছুৱাই গৈ আছে আৰু বিজ্ঞান আগুৱাইছে। ঈশ্বৰবাদী গীৰ্জা হুহকি গৈ মহানাদত খোপনি পুতিব বিছাৰিছে। এইদৰেই বিজ্ঞানে প্ৰকৃতিক নিৰন্তৰ ব্যাখ্যা কৰি আগুৱাইছে, আৰু ঈশ্বৰবাদীসকলে পিছ হুহকি গৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *