ইতিহাসৰ কুহেলিকা : অসম আৰু জাতীয় গণতন্ত্ৰৰ ভৱিষ্যত ।। কমল নয়ন মিশ্ৰ
মুক্ত চিন্তা। একাদশ বছৰ।। দ্বিতীয় সংখ্যা
History is a silent record of people who could not leave, it is a record of those who did not have a choice. ~Prophet Song, Paul Lynch
প্ৰতিটো জনসমষ্টিয়েই ভিন্নধৰণেৰে ইতিহাসৰ সন্মুখীন হ’ব লগা হয়, ইতিহাসৰ গতি নিৰ্ণয় কৰে শক্তিশালী শাসক গোষ্ঠীয়ে সৃষ্টি কৰা অৰ্থনৈতিক তথা সামাজিক ব্যৱস্থাই। ইতিহাস মূলতঃ হিংসা ৰক্তপাত আৰু অৱদমনে সৃষ্টি কৰা নিষ্ঠুৰতাৰ যেন একো একোটা অধ্যায়, কিন্তু একে সময়তে ইতিহাসৰ পাৰাপাৰহীন ফেনিল সমুদ্ৰত সাঁতুৰি জীৱন-মৃত্যুৰ চাকনৈয়াৰ মাজে মাজে মানুহে নিজৰ ভৱিষ্যতক কিছু যুগ অথবা শতাব্দীৰ বাবে একোটা সপোনৰ ফ্ৰেমত বন্দী কৰি থয়, সেই সপোন হয়তো সমূহৰ কল্যাণ অথবা ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ন্যায় আৰু সমতাৰ ভাৱাদৰ্শৰ প্ৰতিষ্ঠা, যাৰ বাবেই সংগ্ৰামৰত মানুহে গণতন্ত্ৰ, জাতীয়তাবাদ, সমাজবাদ আদি ঐতিহাসিক মতাদৰ্শবোৰৰ পক্ষত অৱস্থানেৰে অগ্ৰগতি বা ‘প্ৰগতি’ৰ বুনিয়াদ ৰচনা কৰে। ঊনবিংশ শতিকাত অসমীয়া জাতি গঠনৰ পূৰ্বৰ যি সমাজ, সেই সমাজ আছিল বহুধা বিভক্ত, জাতি ৰাষ্ট্ৰৰ উত্থানৰ ইউৰোপীয় সময়ৰ পৰা তেতিয়াও বহু যোজন দূৰৈৰ তমসাত বুৰ গৈ থকা, ৰাজতন্ত্ৰৰ পতন তথা মানৰ আক্ৰমণ আৰু মহামাৰীৰ দুৰ্ভিক্ষৰে বিভীষিকাময় মৰিশালিত পৰিণত হোৱা এখন সমাজ।
অথচ, অতি পাতল জনবসতিৰ, দেও-ভূত, তন্ত্ৰ-মন্ত্ৰৰ ঠাই বুলি অতীজৰে পৰা কুখ্যাতি লাভ কৰি অহা অসমৰ ভাগ্য দ্ৰুত গতিত সলনি হৈ পৰিছিল বিশেষকৈ ঊনবিংশ শতিকাৰ ঔপনিৱেশিক শাসন আৰু অসমীয়া জাতীয়তাবাদৰ উত্থানৰ পৰৱৰ্তী যুগত।
আমি আজিৰ যুগৰ ৰাজনীতিৰ বিষয়ে কথা ক’বলৈ যাওঁতে অসমৰ আৰু সমকালীন ভাৰতবৰ্ষৰ ঔপনিৱেশিক সময়ৰ ইতিহাসৰ কেতবোৰ পৰিৱৰ্তনৰ দিশৰ বিষয়ে বাৰম্বাৰ আলোচনা কৰিব লগা হয়, অন্যথাই আজিৰ সময়ৰ যি ৰাজনীতিৰ কালিকা, সি আমাক এক অৰ্ধসত্য আৰু পক্ষপাতদুষ্ট ইতিহাসৰ সংকীৰ্ণতাৰ মাজত বুৰাই ৰখাৰ সম্ভাৱনা প্ৰবল, যাৰ ফল হৈ উঠিব একধৰণৰ বৌদ্ধিক দাসত্বক আঁকোৱালি লোৱা আৰু শাসক-শোষক শ্ৰেণীয়ে সমাজত সিঁচি দিয়া ঘৃণাৰ ৰাজনৈতিক আধিপত্যকামী বাগধাৰাৰ ওচৰত বিনাবাক্যে আত্মসমৰ্পন কৰা!
মধ্যপ্ৰাচ্যৰ পৰা আফ্ৰিকাৰ দেশসমূহত এই ঔপনিৱেশিক আগ্ৰাসন আৰু তাৰ প্ৰভাৱ তথা প্ৰতিৰোধৰ মাত্ৰাই সৃষ্টি কৰিছিল ভিন ভিন ঐতিহাসিক পৰিক্ৰমা। ভাৰতীয় উপমহাদেশৰ সমাজ, অৰ্থনীতি আৰু ভৌগোলিক ক্ষেত্ৰক মচিব নোৱৰাকৈ সলাই পেলোৱা ঔপনিৱেশিকতাই ভৱিষ্যতৰ ৰাজনীতিকসকলৰ বাবেও যেন ক্ষমতাৰ আদিপাঠ সৃষ্টি কৰিছিল, সেয়েহে আমি প্ৰত্যক্ষ কৰিবলৈ পাইছোঁ ঔপনিৱেশিকতাৰ বিমোচন অথবা decolonization-ৰ শক্তিশালী চৰকাৰী শ্লোগানৰ সমান্তৰালভাৱেই জাপি দিয়া ডিভাইড এণ্ড ৰুলৰ ঔপনিৱেশিক বিভেদ নীতি; ঔপনিৱেশিক চৰকাৰে গোপনে গ্ৰহণ কৰা উচটনিমূলক ৰাজনৈতিক, প্ৰশাসনিক পদক্ষেপৰ বিপৰীতে এতিয়াৰ শাসকে মুকলিকৈ বিয়পাই দিয়া আগ্ৰাসী ধৰ্মীয় উন্মাদনা, যাক পৰিণত কৰা হয় এক ন্যায্য আৰু যুক্তিসিদ্ধ নিৰ্বাচনী ৰাজনৈতিক অস্ত্ৰত, প্ৰতিনিয়ত হিংসা আৰু উগ্ৰতাৰ ভাষা, নেৰেটিভৰ সৃষ্টিৰে সমাজৰ গৰিষ্ঠসংখ্যক জনগণৰ স্মৃতি আৰু সমকালৰ চেতনাৰ পৰা পাহৰাই দিয়া হয় জনগণৰ উমৈহতীয়া জীৱনৰ স্মৃতিত খোদিত হৈ থকা সম্প্ৰীতি আৰু সহাৱস্থানৰ বহু প্ৰজন্ম জোৰা ইতিহাসক।
ঔপনিৱেশিকতাই মুখ্যতঃ দুইধৰণৰ পৰিৱৰ্তনৰ সূচনা কৰিছিল। প্ৰথমতে, ই ভাৰতীয় সমাজত দুই মেৰু বিভক্ত সাম্প্ৰদায়িক হিন্দু আৰু মুছলিম দুই বদ্ধমূল, পৰস্পৰ বৈৰীভাবাপন্ন ধৰ্মীয় পৰিচিতিৰ বিস্তাৰ ঘটাইছিল, যাৰ মুখ্য আধাৰ আছিল ইউৰোপীয় আৰ্হিৰ একশৈলিক ধৰ্মভিত্তিক জাতিৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ লক্ষ্য। অতীজৰে পৰা ব্ৰাহ্মণ পণ্ডিতসকলে বিভিন্ন জনজাতীয় ৰজা নৃপতি তথা স্থানীয় কৃষ্টি, সংস্কৃতিৰ আৰ্যীকৰণৰ মাজেৰে এই উপমহাদেশত এক বৰ্ণবাদী ব্যৱস্থাক শক্তিশালী কৰিছিল। অসমৰ চুবুৰীয়া বংগদেশত বৌদ্ধ ধৰ্মৰ প্ৰভাৱ আৰু সুদীৰ্ঘ ইছলামিক শাসনৰ পাছতো এনে এক ব্যৱস্থা শক্তিশালী ৰূপত বৰ্তি আছিল, যাৰ ঔৰষতেই কালক্ৰমত তথাকথিত ঔপনিৱেশিক আধুনিকতাৰ জন্ম হৈছিল। বংগদেশত এনে আধুনিকতাই বৈপ্লৱিক ৰূপান্তৰকামী চিন্তাৰ ঐতিহ্য আৰু নৱজাগৰণৰ সৃষ্টি কৰিলেও তাৰ আঁৰত থকা ব্যৱস্থাগত ঐতিহাসিক সংকটৰ বাবেই সি কেতিয়াও সাধাৰণ জনতাৰ মুক্তিৰ কাৰণ হৈ উঠিব নোৱাৰিলে। কেইবা খলপীয়া সামন্তীয় শোষণৰ গুৰিত থকা অত্যাচাৰী জমিদাৰতন্ত্ৰই অগণন মানুহক ভূমিহীন দৰিদ্ৰ, সৰ্বহাৰাত পৰিণত কৰিছিল, বংগদেশত সঘনাই সৃষ্টি হোৱা প্ৰাণনাশী, ভয়াৱহ দুৰ্ভিক্ষবোৰো সেয়েহে কোনো বিচ্ছিন্ন ঘটনা নাছিল। দ্বিতীয়তে, জমিদাৰতন্ত্ৰৰ বিৰুদ্ধে জনতাৰ যি ক্ষোভ, সি যাতে বৃটিছ শাসনৰ বিৰুদ্ধে জংগী বিদ্ৰোহৰ ৰূপ ল’ব নোৱাৰে—সেইবাবেই সেই বিপুল জনসংখ্যাক অন্য ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন হৈছিল। সমগ্ৰ বিশ্বতেই ঔপনিৱেশিক শাসকসকলৰ শোষণ-নিপীড়নে সৃষ্টি কৰা এনে উদ্বৃত্ত জনসংখ্যাক বাহিৰৰ কোনো ঠাইলৈ স্থানান্তৰ কৰা হৈছে যাতে সেই জনসংখ্যাৰেই শ্ৰম আৰু উৎপাদনী শক্তিক পুনৰ মুনাফা সৃষ্টিৰ স্বাৰ্থত ব্যৱহাৰ কৰিব পৰা যায়। পূৰ্ব বংগৰপৰা অসমলৈ হোৱা বিপুল জনপ্ৰব্ৰজনো মুছলমানসকলৰ জনগাঁথনি পৰিৱৰ্তনৰ কোনো দীঘলীয়া ষড়যন্ত্ৰ নাছিল, ই বৃটিছ সাম্ৰাজ্যবাদ, ভাৰতীয় সামন্তবাদ আৰু ১৮৯৭ চনৰ বৰ ভূঁইকপ তথা বানপানীৰ দৰে মহা দুৰ্যোগে কাললৈ সলাই পেলোৱা অসম আৰু পূৰ্ব বংগৰ বিপজ্জনক ভূ-প্ৰাকৃতিক, ৰাজনৈতিক তথা অৰ্থনৈতিক যুগ পৰিৱৰ্তনৰেই এক অৱধাৰিত পৰিণতি আছিল, যাৰ পাকচক্ৰত অসম নামৰ ভূখণ্ড আৰু ইয়াৰ জনগণো সোমাই পৰিছিল। অসম ভূখণ্ডৰ সিংহভাগ ভূমিয়েই আছিল সমূহীয়া, জনজাতীয় উৎপাদন ব্যৱস্থাৰ অন্তৰ্গত। বৰপেটা, গোৱালপাৰা দৰে নামনি অসমৰ বিস্তৃত অঞ্চলত জমিদাৰৰ দখলত থকা তথাকথিত অনুৎপাদনশীল, ছন পৰা মাটিত প্ৰব্ৰজনকাৰী খেতিয়কক বহুৱাই এফালে চৰকাৰী খাজনা বৃদ্ধি আৰু আনফালে অধিক হাৰত বাণিজ্যিক কৃষি উৎপাদনৰে মুনাফা অৰ্জনৰ বাট মুকলি কৰা হৈছিল। এই সম্পৰ্কে বিস্তৃত তথ্য আৰু গৱেষণাৰে অনিল ৰায় চৌধুৰীয়ে লিখি উলিয়াইছিল “নামনি অসমৰ সামাজিক পটভূমি” শীৰ্ষক গ্ৰন্থখন।
ঔপনিৱেশিক বৃটিছ শাসকৰ জনসংখ্যা নীতিৰ ক্ষেত্ৰত আমি মেলথুছিয়ান তত্ত্বৰ প্ৰভাৱ দেখিবলৈ পাওঁ, যি তত্ত্বৰ জ্ঞানক এক বিকৃত লজিকত পৰিণত কৰি আজিৰ শাসকেও সাম্প্ৰদায়িক ভোটবেংক সৃষ্টিৰে ৰাজনৈতিক ক্ষমতা আৰু প্ৰভুত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে। মেলথুছে জনসংখ্যা বৃদ্ধিৰ বিপৰীতে খাদ্য উৎপাদনৰ যি অসামঞ্জস্যতা তাৰ প্ৰতিকাৰৰ ব্যৱস্থা স্বয়ং প্ৰকৃতিয়েই নিৰ্ধাৰণ কৰি ৰাখিছে বুলি এক তত্ত্ব আগ বঢ়াইছিল, যʼত অনাহাৰ, দুৰ্ভিক্ষ, মাৰিমৰক আদিয়ে প্ৰাকৃতিকভাৱেই জনসংখ্যা নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ সক্ষম হʼব বুলি তেওঁ এক যুক্তি আগ বঢ়াইছিল। বৃটিছৰ যি সৰ্বনশীয়া কৰ ব্যৱস্থা তাৰ পৰিণতিত প্ৰায় তিনিৰ পৰা পাঁচ মিলিয়ন লোকৰ মৃত্যু ঘটিছিল, অথচ নিৰাৱেগভাৱে জনসংখ্যা-বিজ্ঞানৰ শীতল যুক্তিৰে এনে হত্যাযজ্ঞক জনসংখ্যাৰ ভাৰসাম্য ৰক্ষাৰবাবেই অপৰিহাৰ্য বুলি গণ্য কৰা হৈছিল। একেই ৰপ্তানিনিৰ্ভৰ বৃটিছ আৰ্থিক নীতিৰ দ্বাৰা ক্ষুধাতুৰ জনতাক বঞ্চিত কৰি আলু তথা অন্যান্য শস্যৰ ৰপ্তানি অব্যাহত ৰখাৰ দ্বাৰা আয়াৰলেণ্ডত প্ৰায় দুই মিলিয়ন লোকক মহা দুৰ্ভিক্ষৰ দ্বাৰা সৃষ্ট মৃত্যুৰ কবলত এৰি দিয়া হৈছিল, বহু হেজাৰ লোকক কৃষিভূমিৰ পৰা বিতাড়িত কৰি প্ৰব্ৰজন কৰিবলৈ বাধ্য কৰোৱা হৈছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত সমগ্ৰ বংগলৈ মৃত্যুদূত হৈ অহা কাল দুৰ্ভিক্ষক মোকাবিলা কৰিবলৈ অধিক খাদ্য শস্য উৎপাদন আঁচনিৰ অধীনত অসমলৈ বংগমূলীয় মুছলমান কৃষকৰ পুনৰ প্ৰব্ৰজনক উৎসাহিত কৰা হৈছিল। ছাদুল্লাৰ নেতৃত্বত থকা অসমৰ মুছলিম লীগৰ চৰকাৰে এই আঁচনিৰে বাছ-বিচাৰবিহীনভাৱে প্ৰব্ৰজনকাৰীৰ বাবে অসমৰ জনজাতীয় ভূমি মুকলি কৰি দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল, কিন্তু এই সমস্ত ঘটনাক খাদ্যৰ পৰিৱৰ্তে মুছলমানৰ জনসংখ্যা বঢ়োৱাৰ আঁচনি আখ্যা দি সেই সময়ৰ বৃটিছ ভাইচৰয় লৰ্ড ৱাভেলে ভাৰতীয় উপমহাদেশত বৃটিছ সাম্ৰাজ্যবাদৰ কুট কৌশলী বিভাজনৰ আওপুৰণি খেলখনকেই আৰু অধিক সুদুৰপ্ৰসাৰী আৰু গজগজীয়া কৰিছিল, ইয়াৰ দ্বাৰা বৃটিছৰ ভয়ানক অত্যাচাৰ, শোষণ আৰু প্ৰব্ৰজনৰ নেপথ্যৰ ইতিহাস সৃষ্টিকাৰী সমগ্ৰ ইতিহাসক পাহৰি কেৱল ছাদুল্লাৰ দৰে নেতা আৰু বংগমূলীয় মুছলমানৰ বিৰুদ্ধেই যাতে অনাগত বহু শতিকালৈ অসমীয়াই যুঁজ-বাগৰ চলাই থাকিব লগা হয় তাৰো এক সু-ব্যৱস্থা যেন বৃটিছেই তৈয়াৰ কৰি গৈছিল।
সাম্প্ৰদায়িকতাক ভোটৰ অস্ত্ৰ হিচাপে লোৱা আজিৰ শাসকে অৱশ্যেই বৃটিছ আৰু ইয়াৰ ঔৰষত পুষ্টি লাভ কৰা মুছলিম লীগৰ ৰোপিত বিভাজনৰ বাটেৰে অসমীয়া জাতিক আগুৱাই লৈ যাব খুজিছে।
বংগ বিভাজনে সমগ্ৰ বাঙালী জাতিকেই ধৰ্মৰ ভিত্তিত ৰক্তাক্ত উন্মত্ততাৰে যেনেদৰে দুফাল কৰিছিল, আজি অসমৰ ইতিহাসকো তেনে এক পৰিণামৰ দিশে ধাৱিত কৰিব খোজা হৈছে, নেপথ্যত আছে সেই শক্তি যিয়ে কলকাতা, নোৱাখলি আদিত হত্যা আৰু তেজৰ ফাকুৰে মৃত্যুৰ তাণ্ডৱ সৃষ্টি কৰা মুছলিম লীগৰ সমান্তৰালভাৱেই বহু আগৰে পৰা সমগ্ৰ বংগ জুৰি এক সাম্প্ৰদায়িক ঘৃণাৰ বাতাবৰণ সৃষ্টিত আগভাগ লৈ আহিছিল। চল্লিছৰ দশকৰ আৰম্ভণিৰ পৰাই ছাভাৰকাৰ আৰু শ্যামা প্ৰসাদ মুখাৰ্জীৰ নেতৃত্বত হিন্দু মহাসভাৰ সংগঠনৰ বৃদ্ধি ঘটিছিল; উত্তৰ বংগৰ দলিত, জনজাতীয়সকলক ব্যাপক শুদ্ধিকৰণ আদি প্ৰক্ৰিয়াৰ জৰিয়তে বহল হিন্দু সমাজত স্থান দিয়াৰ লক্ষ্যৰে প্ৰচাৰ অভিযান সংগঠিত কৰা হৈছিল। ঐতিহাসিক শেখৰ বন্দ্যোপাধ্যায়ে Caste, Culture and Hegemony: Social Dominance in Colonial Bengal শীৰ্ষক গ্ৰন্থত বংগ বিভাজনৰ পূৰ্বৰ বহু অলিখিত ঘটনা, বিশেষকৈ পূৰ্ব বংগ আৰু উত্তৰ বংগৰ প্ৰান্তীয় সমাজৰ প্ৰতিটো স্তৰতেই সাম্প্ৰদায়িক বিভাজনে কেনেদৰে শিপাইছিল, তাক সবিস্তাৰে উন্মোচন কৰিছে। বংগত মুছলিম লীগৰ বিপৰীতে হিন্দু মহাসভাও কিদৰে সক্ৰিয় হৈ উঠিছিল, উপৰিউক্ত গ্ৰন্থত তাৰ সবিশেষ বৰ্ণনা কৰা হৈছে।
বিশেষকৈ ১৯৩৯ চনৰ ফেব্ৰুৱাৰীত খুলনাত হোৱা বংগ প্ৰাদেশিক হিন্দু কনফাৰেন্সত বিনায়ক দামোদৰ ছাভাৰকাৰে দলিত, আদিবাসী, জনজাতীয় সকলো এই দেশৰ অৰ্থাৎ বৃহৎ বংগৰ ভূমিপুত্ৰ, অন্য ধৰ্ম বিশেষকৈ মুছলমানসকলৰ বাবে এই দেশ নহয় বুলি কৰা ঘোষণাৰে সাম্প্ৰদায়িক বংগ বিভাজনৰ ৰণশিঙা বজাইছিল। ইপিনে ১৯৪১ চনত বংগত আৰম্ভ হোৱা লোকপিয়লে সাম্প্ৰদায়িক ৰাজনীতিক এক নতুন, বিপজ্জনক মাত্ৰা প্ৰদান কৰিছিল। হিন্দু মহাসভাই SC তথা নমঃশূদ্ৰ সম্প্ৰদায়ক ‘হিন্দু’ পৰিচয়ত অন্তৰ্ভুক্ত কৰাৰ দাবীত যি অভিযান সংগঠিত কৰিছিল, সি নোৱাখলিৰ কেইবাঠাইতো সাম্প্ৰদায়িক উত্তেজনা আৰু সংঘৰ্ষৰ সৃষ্টি কৰিছিল, একেদৰে পূৰ্ববংগৰ ৰাজশ্বাহী আদিৰ দৰে ঠাইত মুছলিম অধ্যুষিত এলেকাৰ মাজেৰে ধনু, কাঁড়েৰে সৈতে সুসজ্জিত প্ৰায় দুহেজাৰ চাওতাল লোকৰ উপস্থিতিৰে সৰস্বতী পূজাৰ সময়ত ধৰ্মীয় সমদল উলিওৱা হৈছিল, এনেদৰে উচ্চবৰ্ণই নেতৃত্ব দিয়া হিন্দু ধৰ্মৰ ৰক্ষাৰ বাবে জনজাতীয় আদিবাসী লোকসকলক সমুখ সমৰলৈ আগবঢ়াই দিয়া হৈছিল। সন্দেহ নাই যে মুছলমানৰ বিৰুদ্ধে সংখ্যাগৰিষ্ঠতা অৰ্জনৰ যুঁজত এক বৃহৎ সামৰিক হিন্দু ঐক্য গঢ়ি তোলাৰ এনে কুছকাৱাজে চৌদিশে সাম্প্ৰদায়িক দাংগাৰ সূচনা কৰাত সমানেই অৰিহণা যোগাইছিল। ১৯৪১ চনৰ ঢাকা, খুলনা আদিত সংঘটিত এনে দাংগাই দেশ বিভাজনৰ পটভূমি যে সৃষ্টি কৰিছিল তাত কোনো সন্দেহ নাই, আজিৰ ভাৰতবৰ্ষ বিশেষকৈ অসমত মুছলিম লীগ অথবা ছাদুল্লাৰ কোনো অস্তিত্ব নাই, আছে দুশ বছৰীয়া ঔপনিৱেশিক ইতিহাসে দি যোৱা এক জটিল, স্পৰ্শকাতৰ জনগাঁথনি য’ত এক বুজন সংখ্যকেই বংগমূলীয় মুছলমান, অথচ বিজেপি আৰু ইয়াৰ আদৰ্শগত শক্তিটোৱে এই জনসম্প্ৰদায়টোৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰচাৰেৰে বংগ বিভাজনৰ সময়ৰ এক পৰিস্থিতিলৈ অসমক লৈ যাব বিচাৰিছে। দেশবিভাজনৰ সময়ৰ পূৰ্ব বংগ আৰু তাৰ পাছত বাংলাদেশৰ পৰা প্ৰব্ৰজন কৰা পশ্চিম বংগৰ মটুৱা সম্প্ৰদায়কে ধৰি নমঃশূদ্ৰ ভোট বেংকৰ স্বাৰ্থতেই কা আইনখন ৰূপায়ণ কৰা হৈছিল, অতি শেহতীয়াভাৱে নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত আইনখনত উল্লেখ থকা অ-মুছলমান বিদেশী নাগৰিকৰ বৈধতাৰ সময়সীমাক ২০১৪ ৰ পৰা ২০২৪ লৈ ইচ্ছামতে বঢ়াই থকাৰ আঁৰত আমি ইতিমধ্যে উল্লেখ কৰি অহা হিন্দু মহাসভা আৰু মুছলিম লীগৰ বংগকেন্দ্ৰিক চল্লিছৰ দশকৰ সৰ্বনশীয়া ধৰ্মীয় দ্বিজাতি তত্ত্বই কাম কৰি আছে; যাৰ দ্বাৰা ক্লাইমেট চেইঞ্জ, ধৰ্মীয় নিৰ্যাতন অথবা স্বাভাৱিক কাৰণতেই ভৱিষ্যতে বাংলাদেশৰ পৰা হʼব পৰা হিন্দু প্ৰব্ৰজনক একপ্ৰকাৰে আইনগত বৈধতা প্ৰদান কৰা হৈছে, এনেদৰেই ৰক্তাক্ত দেশ বিভাজনৰ আধৰুৱা লক্ষ্যত উপনীত হʼবৰ বাবেই অসমখনক সাম্প্ৰদায়িক যুদ্ধৰ এক অভেদ্য পৰীক্ষাগাৰত পৰিণত কৰা হৈছে । এনে সম্পৰীক্ষাৰ অংশ হিচাপে অসমত হিন্দুত্ববাদী চৰকাৰে পূৰ্বৰ অসম চুক্তিৰ আধাৰিত ১৯৭১ চন ভিত্তিক বিদেশী চিনাক্তকৰণৰ যি এক জাতীয়, আইনগত regime আছিল তাৰ মৃত্যু মাতি খিলঞ্জীয়া, হিন্দু বঙালী বনাম মিঞা মুছলমানৰ এক মহাবিনাশী দ্বিবিভাজনৰ পথ গ্ৰহণ কৰিছে, এনেদৰে হিন্দুত্বই পূৰ্বৰ অসমীয়া জাতি বনাম ধৰ্ম ব্যতিৰেকে বাংলাদেশী পৰিচিতিৰ ‘ধৰ্মনিৰপেক্ষ’ জাতীয়তাবাদী জঞ্জালকো অনায়াসে অতিক্ৰম কৰিছে। সমগ্ৰ ভাৰতীয় উপমহাদেশৰেই এক বৃহৎ কলেৱৰৰ ভাষিক, সাংস্কৃতিক জাতি হিচাপে বংগদেশৰ বিভাজনেও বঙালী জাতিৰ যি ক্ষতি সাধন কৰিব নোৱাৰিলে তাৰ বিপৰীতে এতিয়াও বিকাশমান অৱস্থাতে থকা তেনেই প্ৰান্তীয় অসমীয়া জাতিয়ে এনে ষড়যন্ত্ৰৰ বিষময় পকনীয়াৰপৰা কোনো কালেই ওলাই আহিব নোৱাৰিব, যদিহে বিজেপিয়ে অনা ধৰ্মীয় দ্বিজাতি তত্ত্বক প্ৰতিহত কৰিব পৰা নাযায়।
কোনো এক নিৰ্দিষ্ট পৰিণামৰ ফালে আগবাঢ়ি যোৱা ইতিহাসৰ বহু ঘটনা প্ৰৱাহৰ মাজতেই অনেক সম্ভাৱনা আৰু দুৰ্ভাৱনাৰ বীজ লুকাই থাকে। ইতিহাসক বৈপৰীত্যহীন (flat), একদেশদৰ্শী সাম্প্ৰদায়িক কুদৃষ্টিৰে চোৱাসকলে যুগে যুগে সংগ্ৰামৰত মানুহে সৃষ্টি কৰা বহু ইতিহাসক প্ৰত্যক্ষ কৰিব নোৱাৰে। যেনে ঊনবিংশ শতিকাতেই অসমলৈ প্ৰব্ৰজন কৰা আলী হোছেইন চৰকাৰে ১৮৯৯ চনতেই নগাঁও জিলাৰ মৈৰাবাৰীত প্ৰথমখন অসমীয়া মাধ্যমৰ বিদ্যালয় গঢ়ি তুলিছিল অথবা ১৯০২ চনত নগাঁওৰ আলি টাঙনিত ওছমান আলী সদাগৰে নিৰ্মাণ কৰা আন এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ত বৰদোৱাৰ পৰা আহি মহেন্দ্ৰ চন্দ্ৰ মহন্তদেৱে অসমীয়া বিষয়ৰ পাঠদান কৰিছিল। নামনি-মধ্য অসমৰ মুছলমান অধ্যুষিত প্ৰতিটো অঞ্চলতেই অসমীয়া ভাষাৰ শিক্ষাৰ প্ৰসাৰৰ এনে প্ৰচেষ্টা চলিছিল। ১৯৫৪ চনত গঠিত ভাষাভিত্তিক ৰাজ্য পুনৰ্গঠনৰ আয়োগৰ ওচৰত অবিভক্ত গোৱালপাৰা জিলাক পশ্চিম বংগৰ সৈতে চামিল কৰাৰ যি দাবী উত্থাপন কৰা হৈছিল, তাৰ বিৰুদ্ধে বৃহৎ আন্দোলন গঢ়ি তুলিছিল নামনি অসমত গঠিত ব্ৰহ্মপুত্ৰ উপত্যকা পমুৱা সন্থাই, একেদৰে এই জনসমষ্টিয়ে স্বাধীনতাৰ পিছৰ প্ৰথমটো লোকপিয়লত মাতৃভাষা অসমীয়া লিখি অসমৰ ইতিহাসত পোন-প্ৰথমবাৰৰবাবে অসমীয়া ভাষীৰ সংখ্যাগৰিষ্ঠতাক সুনিশ্চিত কৰিছিল। ১৯৬০ চনৰ ভাষা আন্দোলনৰ সময়ত অসমীয়াবিৰোধীসকলৰ দ্বাৰা ধুবুৰীত ছুৰিকাঘাতত মৃত্যুক আকোঁৱালি লোৱা চাহাবুদ্দিন, ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ সময়ত দুৰ্বৃত্তৰ গুলীত নিহত হোৱা জংঘলপাৰা চাপৰিৰ ওমৰ আলী, জহৰ আলী, চিৰদিনলৈ ঘূণীয়া হোৱা গোলাপ আলী আদি ইতিহাসৰ বহু খ্যাত-অখ্যাত চৰিত্ৰ, জনমানসত সজীৱ হৈ ৰোৱা বহু অলিখিত স্মৃতি, কাহিনী-আখ্যান আদিয়ে অহৰহ আমাক সোঁৱৰাই যে ইতিহাস সাম্প্ৰদায়িকতাবাদীসকলে নিৰ্মাণ কৰা ‘আমি বনাম সিহঁত’-ৰ নিৰ্বোধ প্ৰ’পাগণ্ডাতকৈ বহু বেছি জটিল তথা বিৰোধধৰ্মিতাৰ সমাহাৰ।
এয়া নিশ্চয় উল্লেখনীয় যে ভাষা কোনো এক জাতি বা গোষ্ঠী বিশেষৰ পৈত্ৰিক সম্পত্তি নহয়, কোনোবা এক জনসমষ্টিয়ে ইতিহাসৰ কোনো এক ক্ষণত ভাষাৰ মাজেৰেই যদি এক সন্মিলিত জাতীয় চেতনাৰ পৰিচয় দিব খুজিছিল তেন্তে সেয়া ধৰ্মীয় আগ্ৰাসন আছিল নে মৌলবাদী সংকীণতাৰ ঊৰ্ধত উঠাৰ এক মনস্তাত্বিক প্ৰস্তুতি আছিল? বংগমূলীয় মুছলমানসকলে অসমীয়া ভাষাক আঁকোৱালি ল’বলৈ কুণ্ঠাবোধ নকৰাৰ কাৰণক বুজিব লাগিলে পূৰ্ব বংগীয় সমাজৰ ভাষিক পৰিগঠনৰ এক বিশেষ বাস্তৱতাৰ কথাও আমি বুজিব লাগিব। প্ৰখ্যাত বৃটিছ ঐতিহাসিক এৰিক হ’বছব’মৰ Nations and Nationalism since 1780 শীৰ্ষক গ্ৰন্থৰ উদ্ধৃতিৰে ডঃ ধ্ৰুৱজ্যোতি বৰাই লিখিছিল, বংগদেশৰ জাতীয় ভাষা হিচাপে গঢ়ি তোলা আধুনিক বাংলা ভাষাৰ সংস্কৃতকৰণ আৰু হিন্দুভৱণে অশিক্ষিত বা কম শিক্ষিত বাংলাভাষী মুছলমান সমাজক বৰ আকৰ্ষণটো কৰা নাছিলেই বৰঞ্চ বিকৰ্ষণহে কৰিছিল। আধুনিক সংস্কৃতগন্ধী বাংলা ভাষাক তেওঁলোকে কোনোদিনে নিজৰ ভাষা বুলি আন্তৰিকতাৰে গ্ৰহণ কৰা বা কৰিব পৰা নাছিল। তাৰ ফলত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকালৈ প্ৰব্ৰজন কৰাৰ পাছত সেয়ে অসমীয়া ভাষাক গ্ৰহণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ বিশেষ দ্বিধা বা অসুবিধা হোৱা নাছিল (উৎস: কোন সপোনৰ সন্ধানত, ড: ধ্ৰুৱজ্যোতি বৰা)।
প্ৰাক্ঔপনিৱেশিক যুগত পূৰ্ব বংগীয় মূলৰ লোকসকলৰ যি ভাষা সি এক পৃথক জাতীয় চেতনাৰ জন্ম দিব নোৱাৰিলে, হ’বছব’মে এনেধৰণৰ ভাষাক Cultural artifact অথবা এক সাংস্কৃতিক সঁজুলি আখ্যা দিছিল।
সি যিয়েই নহওঁক, ঔপনিৱেশিক লোকপিয়লে সৃষ্টি কৰা সাম্প্ৰদায়িক ধৰ্মীয় চেতনা যেতিয়া তীব্ৰতৰ হৈ আহিল, তেতিয়া সেই প্ৰত্যাহ্বানক নেওচি বিংশ শতিকাৰ অসমীয়া মূল সূঁতিৰ জাতীয়তাবাদে ঐক্যতা আৰু সমন্বয়ৰ পথ বাচি লৈছিল, য’ত অসমৰ মুছলমান মধ্যশ্ৰেণীয়ে মুছলিম লীগৰ পথক প্ৰত্যাখ্যান কৰিছিল, অসমীয়া বুৰঞ্জীবিদে ভৱিষ্যতৰ নতুন দিনৰ বুৰঞ্জী লিখোঁতে ইতিহাসৰ বিভিন্ন মুছলমান চৰিত্ৰৰ উল্লেখৰ মাজেৰে সেই সমন্বয়ৰ চেতনাক প্ৰকাশ কৰিছিল। এনে আধুনিক ইতিহাস প্ৰণয়নৰ বেলিকা ৰাজবংশৰ লিখিত প্ৰাচীন বুৰঞ্জী, শিলালিপি, পৰিব্ৰাজকৰ টোকা তথা মানুহৰ মুখে মুখে বাগৰি অহা নানা জনপ্ৰিয় লোকগাঁথা আদিকো সমলৰ ৰূপত ব্যৱহাৰ কৰা হৈছে। এনে ইতিহাসেই আমাক সোঁৱৰাই দিছে মীৰজুমলাৰ আক্ৰমণৰ সময়ত বাদুলী ফুকন, জগতৰাম আদিৰ বিশ্বাসঘাতকতাৰ বিপৰীতে মোগলৰ সৈতে সন্ধি স্থাপন কৰিবলৈ যোৱা আহোম ৰজাৰ একান্ত বিশ্বাসী চুলতান গৰীয়াৰ পৰা আৰম্ভ কৰি বাঘ হাজৰিকা, লাইধন খা, ভেকুলী তথা কুটিল ষড়যন্ত্ৰৰ পৰা আতন বুঢ়াগোহাঁইৰ প্ৰাণ ৰক্ষা কৰা বাদল গৰীয়া প্ৰমুখ্যে লিগিৰা জাহানলৈকে ইতিহাসৰ বুকুত হেৰাই যোৱা এই ভূখণ্ডৰ অনেক জীৱনৰ কথা— যিসকলৰ বহুতৰে নাম হয়তো সেই সময়ৰ ৰজাঘৰ অথবা ডা-ডাঙৰীয়াৰ কোনো বুৰঞ্জীয়েই লিপিৱদ্ধ কৰি ৰাখিব নোৱাৰিলে, কিন্তু ৰৈ গ’ল শতিকাৰ পৰা শতিকালৈ বাগৰি অহা বহু জনৰ স্মৃতি আৰু কিংবদন্তিবোৰত। মানৰ বিৰুদ্ধে মৰণপণ যুঁজত, পথৰুঘাটৰ ৰণ, লচিমাৰ কৃষক বিদ্ৰোহ আদি ঐতিহাসিক গণবিদ্ৰোহৰ চেতনাত সামন্তীয় ৰাজতন্ত্ৰৰ অন্ধকাৰ ফালি ওলাই অহা হিন্দু-মুছলমান ৰাজনৈতিক চেতনাবিহীন অসমীয়া ৰাইজে ইতিহাসৰ এক দুৰন্ত অগ্ৰগামী শক্তিত পৰিণত হোৱাৰ ইতিহাসক জানোঁ পাহৰিব পৰা যায়?
অথচ, আজিৰ সাম্প্ৰদায়িকতাৰ যুগত বস্তুনিষ্ঠ ইতিহাসৰ ৰূপত আহোম ৰাজবংশৰ মূল বুৰঞ্জীসমূহত বাঘ হাজৰিকাৰ নাম উল্লেখ নথকা বাবেই বাঘ হাজৰিকাৰ কোনো অস্তিত্ব নাছিল বোলা নতুন দেশপ্ৰেমিক ইতিহাস প্ৰণয়ন কৰা হৈছে।
বংগত যি সময়ত হিন্দু বনাম মুছলিম জাতিৰ ৰণডংকা বাজিবলৈ আৰম্ভ কৰিছিল, পৰাধীন অসমত প্ৰব্ৰজনে সৃষ্টি কৰা গভীৰ শংকাৰ পাছতো অসমীয়া মধ্যশ্ৰেণীৰ কল্পনাত আধুনিকতাৰ ওপৰত প্ৰতিষ্ঠিত এক নতুন গণতান্ত্ৰিক সমাজ-চেতনা প্ৰবুদ্ধ হৈ উঠিছিল। এক মুক্তিকামী, বিপ্লৱী চেতনাৰ নতুন উন্মীলনৰ সেই সময়তেই ‘অসমীয়া স্থাপত্যৰ নৱৰূপ’-ত জ্যোতিপ্ৰসাদ আগৰৱালাই লিখিছিল, “আজি আমি প্ৰগতিবাদী ভাৰতীয় অসমীয়াই থিৰ কৰিছো যে আমাৰ ৰাষ্ট্ৰ কোনো ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হ’ব নালাগে; হ’ব লাগিব ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, আমাৰ সকলো ৰাজহুৱা জাতীয় বস্তুও হ’ব লাগিব সেয়েই, আমাৰ জাতীয় স্থাপত্য নিশ্চয় ধৰ্মনিৰপেক্ষ হ’বই লাগিব”।
জ্যোতিপ্ৰসাদীয় চিন্তাৰ ঐতিহ্যত থকা ঔপনিৱেশিকতাৰ বিমোচন বা decolonization-ৰ পথ কি আছিল? ইউৰোপীয় আৰ্হিৰ ধৰ্মাশ্ৰয়ী সাম্প্ৰদায়িক জাতীয়তাবাদত শৰণ নে তেনে বিপজ্জনক আদৰ্শৰ পৰা জাতীয় মুক্তিৰ সন্ধান কৰা?
সমগ্ৰ বংগ জুৰি দেশবিভাজন আৰু সাম্প্ৰদায়িক দাংগাৰ ভয়াৱহতাই অসমক চুব পৰা নাছিল, অথচ ভূমি দখল, উচ্ছেদ আদিক লৈ অসমত সাম্প্ৰদায়িক বাতাৱৰণ আৰু ঠায়ে ঠায়ে উত্তেজনা বিয়পিছিল, কিন্তু গোপীনাথ বৰদলৈ, মহম্মদ তৈয়বুল্লা, ফকৰুদ্দিন আলী আহমেদৰ দৰে অসমৰ বিচক্ষণ নেতাসকলে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এক যুযুধান, দৃঢ় নৈতিক অৱস্থান গ্ৰহণ কৰিছিল। অসম বিধানসভাৰ যি প্ৰতিনিধি দলে গ্ৰুপিং আঁচনিৰ বিৰোধিতা কৰি দিল্লীলৈ ৰাওনা হৈছিল, সেই দলটোক নেতৃত্ব প্ৰদান কৰিছিল মহম্মদ তৈয়বুল্লাই। আনকি ছাদুল্লাৰ দৰে নেতাইও শেষ পৰ্যন্ত অসমত মুছলিম লীগে চলোৱা উচ্ছেদবিৰোধী আইন অমান্য আন্দোলনৰ পৰা আঁতৰি আহিছিল, একেদৰে সাম্ভাব্য ভোটদানৰ পৰা আঁতৰি থাকি গ্ৰুপিঙৰ বিৰুদ্ধে অসম বিধানসভাই সন্মিলিত প্ৰস্তাৱ গ্ৰহণ কৰাৰ ক্ষেত্ৰত ছাদুল্লাই পৰোক্ষভাৱে কংগ্ৰেছকহে সহায় কৰিছিল।
কিন্তু ইতিহাসৰ কৰুণ পৰিহাস যে অসমত ঔপনিৱেশিকতাবিৰোধী যি সংগ্ৰামী ধাৰা সি এদিন মৰা সুঁতিত পৰিণত হৈ ক্ষমতাৰ উগ্ৰ জাতিদম্ভী ৰাজনীতিত পৰিণত হৈ পৰিল, অসমৰ সীমান্তও অসুৰক্ষিত হৈয়েই ৰল, এক সুস্থ জাতি গঠনৰ পৰিবেশ গঢ় লৈ নুঠিল বৰঞ্চ থলুৱা জনজাতীয় মানুহৰ প্ৰকৃত ভূমি অধিকাৰৰ ৰক্ষা তথা অভিবাসী জনসংখ্যাৰ সৈতে ভৱিষ্যত সহাৱস্থানৰ বাবে গুৰুত্বপূৰ্ণ ৰাজনৈতিক, অৰ্থনৈতিক ৰূপান্তৰ তথা বান, গৰাখহনীয়াৰ সমস্যা দূৰীকৰণৰ দৰে ইকʼলʼজিকেল পৰিৱৰ্তনৰ সম্ভাৱনাক কোনো কালেই সাকাৰ হʼবলৈ দিয়া নহʼল। বৰঞ্চ অৰ্ধসামন্তীয়, উচ্ছিষ্টভোগী এক ব্যৱস্থাত একোটা জনসম্প্ৰদায়ক তেল আৰু পানীৰ দৰে ৰাখি বৃহৎ ভোট বেংকৰ ৰাজনীতিক নিকপকপীয়া কৰা হʼল। ঔপনিৱেশিকতাৰ পৰা মুক্তি লাভ কৰা প্ৰায়বোৰ তৃতীয় বিশ্বৰ দেশতেই একোটা এলিট বুৰ্জোৱা শ্ৰেণীয়ে ক্ষমতা কুক্ষিগত কৰি লুণ্ঠন, গোষ্ঠীগত, সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টিৰে নিজৰ বিৰুদ্ধেই যেন আত্মঘাতী যুদ্ধত অৱতীৰ্ণ হৈছে। এই বাস্তৱতাৰ এক নিৰ্মোহ দলিল স্বৰূপ আলজেৰিয়ান মুক্তি সংগ্ৰামৰ যোদ্ধা, মনোবিজ্ঞানী তথা বিপ্লৱী চিন্তা নায়ক, Frantz Fanon-ৰ ৰচিত The Wretched of the Earth গ্ৰন্থৰ পাতনিতে জ্য পল ছাৰ্ত্ৰেই লিখিছিল—, Read Fanon, you will see that in a time of helplessness, murderous rampage is the collective unconscious of the colonized. This repressed rage, never managing to explode, goes round in circles and wreaks havoc on the oppressed themselves. In order to rid themselves of it they end up massacring each other, tribes battle one against the other since they cannot confront the real enemy….
অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাস আৰু বৰ্তমানৰ পটভূমিত ছাৰ্ত্ৰেই উল্লেখ কৰা সেই সমূহীয়া অৱচেতন অৱস্থা, নিজ ভূখণ্ডৰেই শোষিত কোনো এটা গোষ্ঠীৰ জনগণৰ বিৰুদ্ধে আৰোপিত অৱদমিত ক্ৰোধাগ্নি, নৃশংসতাৰ আঁৰৰ সেই প্ৰকৃত শত্ৰুসকল কোন? নগা বিদ্ৰোহীক ভেটিবলৈ কুকি জনগোষ্ঠীক একালত মণিপুৰৰ পাহাৰত সংস্থাপিত কৰা, কুকি আৰু মেইটেইক লাইন ব্যৱস্থাৰ দ্বাৰা পাহাৰ আৰু ভৈয়ামৰ দুই চিৰবৈৰী পৰিচিতি সত্ত্বা ৰূপে নিৰ্মাণ কৰি ভৱিষ্যতৰ গোষ্ঠী সংঘৰ্ষৰ বাবে এক উৰ্বৰ ক্ষেত্ৰ সৃষ্টি কৰি থোৱা কুটিল বৃটিছ শাসকসকলেই প্ৰকৃত শত্ৰু আছিল নে সুযোগ সন্ধানী নিৰ্লিপ্ততা আৰু উচটনিৰে মণিপুৰৰ দৰে এক অতি প্ৰান্তীয় ৰাজ্যক মাহৰ পিছত মাহ ধৰি জ্বলাই ৰাখিব পৰা শাসন ব্যৱস্থা এটাৰ নেপথ্যৰ নায়কসকল প্ৰকৃততে সেই শত্ৰু?
আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰৰ শিক্ষা বিজ্ঞানমূলক পৰিচৰ্যাৰপৰা (Pedagogical care) বঞ্চিত পুঁজিবাদী বিকাশৰ বাবে অপৰিহাৰ্য সস্তা শ্ৰমৰ বজাৰৰ দৰে ভিৰ কৰা এক উদ্বৃত্ত জনসমষ্টিক বনাঞ্চল, চৰকাৰী মাটিৰ পৰা বুলডোজাৰ হিংসাৰে উচ্ছেদ কৰা আৰু ইয়াৰ দ্বাৰা সন্দেহযুক্ত নাগৰিকৰ সংখ্যা কৃত্ৰিমভাৱে হ্ৰাস কৰাৰ যি মেলথুছীয় ঔপনিৱেশিক নীতি, সি অতি সম্প্ৰতি আমাৰ জাতীয় মানসত এক অদ্ভুত, বিকৃত মধ্যবিত্তীয় সুখানুভূতিৰ সৃষ্টি কৰিছে, কিন্তু সেই সুখানুভূতিৰ আঁৰৰ যি নৈতিক সংকট, যি অমানুষিকতা তাৰ গুৰিতেই আছে, জ্য পল ছাৰ্ত্ৰেই উল্লেখ কৰা উত্তৰ ঔপনিৱেশিক যুগৰ এক অৱদমিত প্ৰতিহিংসাৰ দাৱানল (repressed rage)। এনে উচ্ছেদেৰে এই কথাও বাৰম্বাৰ প্ৰমাণ কৰি দিয়া হয় যে এই ব্যৱস্থাত যিকোনো সাধাৰণ মানুহকেই সামান্য আইনগত সুৰুঙাৰেই স্ব-ভূমিৰ পৰা বিতাড়িত কৰিব পৰা যায়, অসমৰ বহু থলুৱা জনজাতীয় ৰাইজৰো পৰিণতি একেই হ’ব পাৰে। অৰ্থাৎ অসংখ্য সাধাৰণ মানুহে মৌলিক নাগৰিক অধিকাৰ হিচাপে নহয়, বৰঞ্চ এক নিষ্ঠুৰ পুলিচ, আমোলাতন্ত্ৰৰ দয়া আৰু কৃপাতহে নিজস্ব ভূমিত বসবাস কৰি থাকিব পাৰিব।
জাতি এটাই তাৰ প্ৰাণৰস আহৰণ কৰিব পাৰে সামগ্ৰিক বুনিয়াদী জনগণৰ কৰ্মকুশলতা, সৃষ্টিশীল সমৃদ্ধি, বাহিৰৰ নতুন স্বাস্থ্যকৰ উপাদানৰ সংযোগ তথা অহৰহ পৰিৱৰ্তন অভিমুখী যাত্ৰাৰ জৰিয়তে। নৃঃগোষ্ঠীয় ঘৃণাৰ উদ্ৰেকেৰে জাতিৰ কলেৱৰৰপৰা কোনোবা জনসমষ্টিক আত্মিকভাৱে, মনস্তাত্বিকভাৱে পৃথক কৰি দিয়াৰ অৰ্থ জাতীয় গণতন্ত্ৰৰ মৃত্যু মাতি অনা। নাজী নৃশংসতাৰ হেজাৰ অধ্যায়েও ম্লান কৰিব নোৱাৰা ইহুদীসকলৰ আত্মত্যাগৰ গৰিমা, জ্ঞান আৰু উদ্ভাৱনী শক্তিৰ ঐতিহাসিকতাক পেলেষ্টাইনৰ ওপৰত জাইওনিষ্ট ৰাষ্ট্ৰতন্ত্ৰই চলোৱা গণহত্যা আৰু নৃঃগোষ্ঠীয় চাফাইকৰণৰ ভয়াৱহতাই ধূলিসাৎ কৰি পেলাইছে। অসমীয়া জাতি ইহুদী জাতিৰ দৰে কোনো ধৰ্মীয় জাতি নহয়, ইয়াৰ মুখ্য আধাৰ ভাষিক আৰু সাংস্কৃতিক, সেয়েহে ইয়াৰ ভৱিষ্যত নিৰ্ভৰ কৰিছে গণতান্ত্ৰিক সহাৱস্থান আৰু এক নতুনধৰণৰ বৌদ্ধিক আৰু সাংস্কৃতিক আধুনিকতাৰ বিকাশৰ ওপৰত। সেয়েহে উগ্ৰ জাতীয়তাবাদ আৰু হিন্দুত্ববাদে অসমীয়াৰ দৰে আধুনিক জাতিসত্তাক জীয়াই ৰাখিব নোৱাৰে।
দুঃসময়ৰ আঘাতত কম্পিত কবি নীলমণি ফুকনে লিখিছিল, “নেলীত পুতি থোৱা ল’ৰা-ছোৱালীবোৰে যেতিয়া চিঞৰি উঠে, মৃত দেউতাই মনে মনে আহি যেতিয়া মোক সোধেহি, ননী-এই লাওখোলাটো কাৰ, মোৰ একো ক’বলৈ নেথাকে”। কবিৰ সেই স্বীকাৰোক্তিয়ে আমাক নিজৰেই অন্তৰতম সত্ত্বাৰ সৈতে মুখামুখি কৰিব।
আধুনিকতাৰ সেই বিদ্ৰোহ ,হাহাকাৰ আৰু যন্ত্ৰণাক সাম্প্ৰদায়িক হিংসাৰ ৰাজনীতিয়ে শুকুৱাই স্তব্ধ কৰিব পাৰিব নে?

