নিবন্ধবিজ্ঞান-প্ৰযুক্তি

ঈশ্বৰৰ অস্তিত্ব আছেনে?-(মূল- ষ্টিফেন হকিং; অনুবাদ-কমলনয়ন মিশ্ৰ)

বিজ্ঞানে ক্ৰমৱৰ্দ্ধমানভাৱে সেইবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ কৰিছে যিবোৰ ধৰ্মৰ পৰিসৰত থকা প্ৰশ্ন বুলি বিবেচিত হৈ আহিছিল। আমি ক’ৰ পৰা আহিছিলো, আমি কিয় এই পৃথিৱীত আছো; এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ একেবাৰে আদিতম প্ৰয়াস আছিল ধৰ্ম। দূৰ অতীততো উত্তৰটো প্ৰায় একেই আছিল, ঈশ্বৰেই সকলো স্ৰজন কৰিছে। পৃথিৱীখন আছিল বিপদসংকুল ঠাই, আনকি ভাইকিঙছৰ দৰে দৃঢ়চেতা ব্যক্তিয়েও ধুমুহা, বিজুলী ধেৰেকনি, গ্ৰহণ আদি প্ৰাকৃতিক পৰিঘটনাসমূহক অনুধাৱন কৰিবলৈ অলৌকিক শক্তিৰ ওপৰত বিশ্বাস স্থাপন কৰিছিল। আজি বিজ্ঞানে উন্নত আৰু অধিক সংগতিপূৰ্ণ উত্তৰৰ সন্ধান দিবলৈ সক্ষম হৈছে, কিন্তু মানুহ সদায় যেন ধৰ্মৰ বান্ধোনতেই আৱদ্ধ, কাৰণ ধৰ্মই প্ৰদান কৰিছে এক সান্তনা, স্বাচ্ছন্দ্য। তেওঁলোকেই বিজ্ঞানক বিশ্বাসত নলয় বা বুজিব নোৱাৰে।
 
কিছু বছৰ পূৰ্বে The Times কাকতখনে প্ৰথম পৃষ্ঠাতেই এক শিৰোনাম প্ৰকাশ কৰিছিল, য’ত লিখা হৈছিল,  “ঈশ্বৰে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰা নাছিল::হকিঙ।” প্ৰৱন্ধটি বিস্তাৰিত ভাৱে ব্যাখ্যা কৰা হৈছিল। তেওঁলোকে মাইকেল এঞ্জেল’ই অঁকা এখন ছৱিত বজ্ৰ নিনাদিত ৰূপত থকা ঈশ্বৰৰ আৰু আত্মতৃপ্ত বেশত মোৰ এখন ছৱি ছপা কৰিছিল। তেওঁলোকে দেখুৱাব খুজিছিল যেন ঈশ্বৰ আৰু মোৰ মাজত এক সংঘৰ্ষ চলি আছে। কিন্তু ঈশ্বৰৰ বিৰুদ্ধে মোৰ কোনো বিদ্বেষ বা আক্ৰোশ নাই। ঈশ্বৰৰ অস্তিত্বক প্ৰমাণ অথবা নাকচ কৰাটোৱেই মোৰ কাম বুলি ধাৰণা এটি মই দিব খোজা নাই। মোৰ গৱেষণাৰ ভিত্তি মূলতঃ এক যুক্তিসিদ্ধ পৰিকাঠামোৰ সন্ধান যাৰ দ্বাৰা আমাৰ চতুৰ্দিশে বিৰাজমান বিশ্বব্ৰহ্মাণ্ডক বুজি উঠিব পৰা যায়। বহু শতিকা জুৰি বিশ্বাস কৰি অহা হৈছিল যে মোৰ দৰে শাৰীৰিক ভাৱে অক্ষম লোকসকল ঈশ্বৰৰ দ্বাৰা অভিশপ্ত জীৱনৰ গৰাকী। বাৰু, মই ধৰি লৈছো, এয়া সম্ভৱ যে মই কাৰোবাক হয়তো নিৰাশ কৰিছো, কিন্তু মই ভাবো যে সকলো কথাকেই অন্য ধৰণে, প্ৰকৃতিৰ নিয়মসমূহৰ দ্বাৰা ব্যাখ্যা কৰিব পৰা যায়। যদি আপুনি মোৰ দৰেই বিজ্ঞানৰ ওপৰত আস্থা ৰাখিছে, তেতিয়া আপুনিও বিশ্বাস কৰিব যে কিছুমান সূত্ৰ আছে, যিবোৰ সদায়েই প্ৰযোজ্য হয়। আপুনি বিচৰা ধৰণে কব পাৰে যে এই সূত্ৰ বা নিয়ম সমূহেই ঈশ্বৰৰ দ্বাৰা নিৰ্দেশিত কৰ্ম, কিন্তু সেয়া ঈশ্বৰৰ অস্তিত্ব প্ৰমাণতকৈ ঈশ্বৰৰ এক সংজ্ঞাৰ ৰূপতহে অধিক গ্ৰহণযোগ্য হ’ব। খ্ৰী:পূ: ৩০০ ৰ সময়ছোৱাতেই Aristarchus নামৰ দাৰ্শনিক গৰাকীয়ে গ্ৰহণৰ, বিশেষকৈ চন্দ্ৰ গ্ৰহণৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল। চন্দ্ৰগ্ৰহণ প্ৰকৃততে ঈশ্বৰৰ দ্বাৰা সম্ভৱ হৈছে নে নাই সেয়া প্ৰশ্ন কৰিবলৈ তেওঁ যথেষ্ট সাহসী আছিল। Aristarchus আছিল এগৰাকী প্ৰকৃত বৈজ্ঞানিক পথিকৃৎ। তেওঁ সাৱধানতাৰে আকাশ পৰ্যবেক্ষণ কৰি এক শক্তিশালী সিদ্ধান্তত উপনীত হৈছিল,তেওঁ বুজি উঠিছিল যে চন্দ্ৰৰ ওপৰেদি পাৰ হৈ যোৱা পৃথিৱীখনৰ ছাঁ টোৱেই দৰাচলতে চন্দ্ৰ গ্ৰহণ, ই কোনো ঐশ্বৰিক ঘটনা নহয়। এই আৱিষ্কাৰৰ প্ৰেৰণাৰে মুক্ত মনৰ গৰাকী হৈ তেওঁ মূৰৰ ওপৰত ঘটি থকা ঘটনাৱলীক ব্যাখ্যা কৰি উলিয়াইছিল, লগতে চিত্ৰ আঁকি সূৰ্য , পৃথিৱী আৰু চন্দ্ৰৰ মাজত থকা সম্পৰ্কক প্ৰকাশ কৰিছিল। সেই চিত্ৰৰ পৰাই তেওঁ আনকি অতিকৈ উল্লেখনীয় সমাধানত উপনীত হৈছিল। তেওঁ গণনা কৰি উলিয়াইছিল যে পৃথিৱীখন সকলোৱে ভাবি অহাৰ দৰে বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰস্থলত নাই, বৰঞ্চ ই সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰিছে। দৰাচলতে সেই বিশেষ সজ্জাক বুজি উঠাৰ দ্বাৰাই সকলো গ্ৰহণৰে ব্যাখ্যা সম্ভৱ। যেতিয়া পৃথিৱীয়ে ইয়াৰ ছাঁৰে চন্দ্ৰটো ঢাকি ধৰে, তেতিয়া সেয়া হয়গৈ চন্দ্ৰ গ্ৰহণ আৰু যেতিয়া চন্দ্ৰটোৰ ছাঁ পৃথিৱীৰ ওপৰত পৰে সেয়া সূৰ্য্য গ্ৰহণ। কিন্তু Aristarchus য়ে এই সমগ্র ধাৰণাক আৰু অধিক দূৰলৈ প্ৰসাৰিত কৰিছিল। তেওঁ ব্যাখ্যা আগবঢ়ালে যে তৰাবোৰ, তেওঁৰ সমসাময়িক বিদ্বানসকলে ভবাৰ দৰে মহাকাশ তলত থকা কেতবোৰ ছিদ্ৰ নহয়, তৰাবোৰো আমাৰ সূৰ্যৰ দৰেই অন্য সূৰ্য, বহুদূৰ ব্যাপি যিবোৰ বিস্তৃত। ই যে কি এক সুন্দৰতম উপলব্ধি আছিল!
 
বিশ্বব্ৰহ্মাণ্ড এক যন্ত্ৰ যি পৰিচালিত হয় কিছুমান নিয়ম বা সূত্ৰৰ দ্বাৰা , যিবোৰ সূত্ৰ মানুহৰ মগজুৰ দ্বাৰা বুজি পোৱাতো সম্ভৱ। মই এইটো বিশ্বাস কৰোঁ যে এই সূত্ৰসমূহৰ আৱিষ্কাৰেই মানৱজাতিৰ সবাতোকৈ মহৎ কীৰ্তি, কাৰণ আমি কব খোজা প্ৰকৃতিত নিহিত হৈ থকা এই সূত্ৰসমূহেই আমাক কব যে প্ৰকৃততে বিশ্বব্ৰহ্মাণ্ডক ব্যাখ্যা কৰাৰ বাবে আমাক এজন ঈশ্বৰৰ প্ৰয়োজন আছেনে নাই! বস্তু এটাই দৰাচলতে কিদৰে অতীত, বৰ্তমান আৰু ভৱিষ্যত জুৰি ক্ৰিয়াশীল হৈ থাকিব পাৰে তাৰেই এক বিৱৰণ, প্ৰকৃতিৰ এই সূত্ৰসমূহ। টেনিছ খেলৰ বলটো সদায় সেই ঠাইলৈয়ে যাব, য’ত গৈ পৰিব বুলি এই সূত্ৰসমূহে আমাক ক’ব। এইক্ষেত্ৰত আন কিছুমান সূত্ৰইও সমানেই কাম কৰিব। এই সূত্ৰ সমূহেই ঘটি থকা সকলো কথা নিয়ন্ত্ৰণ কৰিছে, শ্বটটো লোৱাৰ কাৰণে কেনেকৈ খেলুৱৈসকলৰ পেশীত শক্তিৰ সৃষ্টি হৈছ , সেই কথাৰ পৰা খেলুৱৈসকলৰ ভৰিৰ তলত গজা ঘাহনিৰ বৃদ্ধিৰ গতিলৈকে সকলো কথা। কিন্তু যিটো কথা যথাৰ্থতে গুৰুত্বপূৰ্ণ সেয়া হ’ল যে এই পদাৰ্থজগতৰ নিয়মাৱলী, অপৰিৱৰ্তনীয় হোৱাৰ লগতে সিবোৰ বিশ্বজনীনো। এই সূত্ৰসমূহ কেৱল টেনিছৰ বলটোৰ ক্ষেত্ৰতেই প্ৰযোজ্য নহ’ব , গ্ৰহসমূহৰ গতিকে ধৰি বিশ্বব্ৰহ্মাণ্ডৰ সকলো ক্ষেত্ৰতেই প্ৰযোজ্য হ’ব। মানুহৰ দ্বাৰা সৃষ্ট যিবোৰ নিয়ম কানুন সিবোৰ পৰিৱৰ্তনীয় তাৰ বিপৰীতে কিন্তু প্ৰকৃতিৰ এই নিয়মবোৰ সলাব বা ভাঙিব পৰা নাযায়, সেইবাবে প্ৰকৃতিৰ নিয়মবোৰ অতি শক্তিশালী। আৰু যেতিয়া ধৰ্মীয় দৃষ্টিভংগীৰে বিচাৰ কৰা যায়, তেন্তে সিবোৰ বিতৰ্কিতও(controversial)। মোৰ নিচিনাকৈ আপুনিও যদি মানি লয় যে প্ৰকৃতিৰ এই নিয়মসমূহ অপৰিৱৰ্তনীয় তেন্তে এই প্ৰশ্ন কৰিবলৈ বেছিপৰ নালাগিব যে ঈশ্বৰৰ ভূমিকা তেন্তে ক’ত?
 
বিজ্ঞান আৰু ধৰ্মৰ মাজত যি অন্তৰ্নিহিত বিৰোধ তাৰ অধিকাংশই এই প্ৰশ্ন সমূহ; যদিওবা মোৰ মতামতে কাকতৰ শিৰোনামত স্থান পাইছিল; সেই বিৰোধ দৰাচলতে বহু পুৰণি। কোনোবাই ঈশ্বৰক প্ৰকৃতিৰ নিয়মাৱলীৰ এক সাকাৰ, মূৰ্ত ৰূপত সংজ্ঞায়িত কৰিব পাৰে; কিন্তু ঈশ্বৰক অধিকাংশ লোকে সেই ৰূপত কল্পনা নকৰিব। তেওঁলোকে ঈশ্বৰ মানে মানৱৰূপী কোনো সত্ত্বাৰ কথা বুজে, যাৰ সৈতে ব্যক্তি এজনে নিঃস্বাৰ্থ সম্পৰ্ক ৰক্ষা কৰিব পাৰে। যেতিয়া আপুনি মহাবিশ্বৰ বিশাল ৰূপৰ ফালে দৃষ্টি নিক্ষেপ কৰিব আৰু তাৰ মাজত মানৱ জীৱনৰ আকষ্মিক,গুৰুত্বহীন অৱস্থিতিৰ কথা লক্ষ্য কৰিব, তেতিয়া ব্যক্তি এজনৰ ঈশ্বৰৰ সৈতে থাকিব পৰা সম্ভাৱনা সবাতোকৈ অসংগত আৰু অযুক্তিকৰ যেন লাগে। মই ঈশ্বৰ শব্দটো এক নৈৰ্ব্যক্তিক ৰূপত প্ৰকৃতিৰাজ্যৰ নিয়মাৱলীৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰো, যিদৰে আইনষ্টাইনেও কৰিছিল। এতেকে ঈশ্বৰৰ ‘মন’ক জনাৰ অৰ্থ আচলতে প্ৰকৃতিৰ নিয়মসমূহক জনা। মোৰ পূৰ্বানুমান এয়াই যে আমি এই শতিকাৰ শেষলৈ ঈশ্বৰৰ মনটোক বুজি উঠিবলৈ সক্ষম হ’ম। এতিয়া বাকী ৰৈছেগৈ অন্য এক ক্ষেত্ৰ য’ত ধৰ্মই ইয়াৰ প্ৰভাৱ দাবী কৰিব পাৰে; সেয়া হৈছে মহাবিশ্বৰ সৃষ্টি সম্পৰ্কীয় জ্ঞানৰ ক্ষেত্ৰ, কিন্তু এই ক্ষেত্ৰতো আনকি বিজ্ঞানৰ অগ্ৰগতি চলিছে আৰু সোনকালেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কিদৰে হৈছিল সেই প্ৰশ্নৰ উত্তৰ লাভ কৰাটোও সম্ভৱ হৈ উঠিব। মই এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিলো, য’ত সোধা হৈছিল যে ঈশ্বৰেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল নেকি? এই প্ৰশ্নই এক উত্তেজনাময় অৱস্থাৰ সৃষ্টি কৰিছিল। মানুহে হতাশ হৈছিল যে এগৰাকী বিজ্ঞানীৰো ধৰ্মৰ বিষয়ৰ ওপৰত কিবা কবলগীয়া থাকিব পাৰে। কাক বিশ্বাস কৰিব লাগিব সেই সম্পৰ্কে কাৰোবাক কবলৈ মোৰ কোনো আকাংক্ষা নাই, কিন্তু মোৰ বাবে ঈশ্বৰ আছেনে নাই সেয়া প্ৰশ্ন কৰাটো বিজ্ঞানৰ বাবেই এক বৈধ আৰু সংগত প্ৰশ্ন। মুঠৰ ওপৰত বিশ্বব্ৰহ্মাণ্ডক কোনে সৃষ্টি কৰিছিল, অথবা ই কাৰ নিয়ন্ত্ৰণাধীন; সেই গুৰুত্বপূৰ্ণ আৰু মৌলিক ৰহস্যৰ ব্যতিৰেকে আন ৰহস্যৰ কথা ভবাটোও মস্কিল।
 
বিজ্ঞানৰ নিয়ম অনুসৰিয়েই এক শূণ্য, ৰিক্ততাৰ পৰা স্বতঃস্ফূৰ্তভাৱে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ মৌলিক ধাৰণা হৈছে বৈজ্ঞানিক নিশ্চয়তাবাদ(scientific determinism)। বিজ্ঞানৰ সূত্ৰসমূহেই বিশ্বব্ৰহ্মাণ্ডৰ এক নিৰ্দিষ্ট দশা বা সময়ৰ সাপেক্ষে ইয়াৰ বিৱৰ্তনক নিৰূপন কৰিছে। এই সূত্ৰ সমূহ ঈশ্বৰে হুকুম জাৰি কৰি সৃষ্টি কৰাটো সম্ভৱ হৈ উঠিব পাৰে অথবা সেয়া সম্ভৱ নহ’বও পাৰে, কিন্তু ঈশ্বৰে তেওঁৰ হস্তক্ষেপৰ দ্বাৰা এই নিয়ম বা সূত্ৰসমূহ উলংঘন কৰিব নোৱাৰে বা ভাঙিব নোৱাৰে। এই কথাই বিশ্বব্ৰহ্মাণ্ডৰ আদি ক্ষণটোক কেৱল নিৰ্বাচন কৰাৰ স্বাধীনতাহে ঈশ্বৰক প্ৰদান কৰিছে, কিন্তু সেই অৱস্থাক নিয়ন্ত্ৰণ কৰিবলৈও যে সূত্ৰবোৰ থাকিব পাৰে সেয়াই প্ৰতীয়মান হয়; অৰ্থাৎ ঈশ্বৰৰ কোনো স্বাধীনতাই নাথাকিব।
 
জটিলতা আৰু বৈচিত্ৰ্যতা সত্বেও বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাণৰ বাবে আপোনাক কেৱল তিনিটি উপাদানৰ আৱশ্যক হ’ব। কল্পনা কৰোহঁক যে আমি সিহঁতক কিবা এক মহাজাগতিক ৰন্ধনপুথিত তালিকা ভুক্ত কৰিছো। গতিকে বিশ্বব্ৰহ্মাণ্ড এখন ঠিক ব্যঞ্জনৰ দৰে প্ৰস্তুত কৰি উলিয়াবলৈ আমাক লগা সেই তিনিবিধ উপাদাননো কি কি হ’ব? প্ৰথমবিধ উপাদান হ’ল পদাৰ্থ যাৰ এক ভৰ থাকিব। ভৰিৰ তলৰ ভূমি আৰু মহাকাশ জুৰি পদাৰ্থ আমাৰ চৌপাশে সকলোতে বিদ্যমান। ধূলি, শিল, বৰফ, জুলীয়া পদাৰ্থ, অসম্ভৱ দুৰত্ব ভেদি থকা গেছৰ দ্বাৰা গঠিত বিশাল ডাৱৰ, বিলিয়ন সংখ্যক সূৰ্য্যৰে ভৰি থকা তৰাৰ বৃহৎ সৰ্পিলাকাৰ গঠন বোৰ,সকলোতে আছে পদাৰ্থ।
আপোনাক লগা দ্বিতীয়বিধ উপাদান হ’ল শক্তি। যদিওবা আপুনি কেতিয়াও ইয়াৰ বিষয়ে ভবা নাই আমি সকলোৱে জানো যে শক্তি আচলতে কি। আমি প্ৰতিদিনেই এই শক্তিৰ মুখামুখি হৈ আছো। সূৰ্য্যটোলৈ চাই পঠিৱাওক আৰু আপুনি আপোনাৰ মুখমণ্ডলত সেই শক্তিক অনুভৱ কৰিব পাৰিব। এয়াই শক্তি যি শক্তিক ৯৩ মিলিয়ন মাইল দুৰত্বত থকা এটি তৰাই সৃষ্টি কৰিছে। এই শক্তিয়েই সমগ্ৰ মহাবিশ্ব জুৰি বিয়পি পৰিছে, এই শক্তিয়ে সেই প্ৰক্ৰিয়াবোৰক চলাই নিছে যিবোৰে বিশ্বব্ৰহ্মাণ্ডক এক গতিশীল, অন্তহীন পৰিৱৰ্তনৰ ক্ষেত্ৰ কৰি ৰাখিছে। গতিকে আমি পদাৰ্থ আৰু শক্তি দুয়োটি উপাদানেই লাভ কৰিলো। তৃতীয়টি উপাদান যাৰ দ্বাৰা বিশ্বব্ৰহ্মাণ্ডৰ নিৰ্মাণ সম্ভৱ হৈ উঠিব সেয়া হ’ল স্থান(space)। বহু বিস্তৃত স্থান। আপুনি বিশ্বব্ৰহ্মাণ্ডক নানা ৰূপেৰে অভিহিত কৰিব পাৰে, ই ধুনীয়া, দুৰন্ত, অতি অশান্ত বা উন্মত্ত, কিন্তু আপুনি ইয়াক জঠৰ, নিঃসাৰ (cramped) বুলি কব নোৱাৰিব। যিফালেই আমি দৃষ্টি দিওঁ সিফালেই কেৱল স্থান; অধিক আৰু অধিকতৰ স্থান, সৰ্বদিশে প্ৰসাৰিত স্থান। আপোনাৰ মূৰ আচন্দ্ৰাই কৰিবলৈ এয়াই যথেষ্ট।
 
ক’ৰ পৰানো পদাৰ্থ, শক্তি আৰু স্থানৰ উদ্ভৱ হ’ল? যোৱা বিংশ শতিকা পৰ্যন্ত এই বিষয়ে আমাৰ কোনো ধাৰণা নাছিল। এই প্ৰশ্নৰ উত্তৰ আহিছিল এগৰাকী ব্যক্তিৰ অন্তৰ্দৃষ্টিৰ পৰা, তেওঁৱেই সম্ভৱতঃ এতিয়ালৈকে পৃথিৱীলৈ অহা সবাতোকৈ ষ্মৰণীয় বিজ্ঞানী। তেওঁ এলবাৰ্ট আইনষ্টাইন। দুখজনক কথা যে মোৰ কেতিয়াও তেওঁক লগ পোৱাটো সম্ভৱ হৈ নুঠিল। কাৰণ তেওঁৰ মৃত্যুৰ সময়ত মোৰ বয়স আছিল মাত্ৰ তেৰ বছৰ। আইনষ্টাইনে কিবা এক বুজি উঠিছিল, যি অতিশয় অসাধাৰণ। তেওঁ বুজিছিল যে বিশ্বব্ৰহ্মাণ্ডক নিৰ্মাণ কৰিব পৰা উপাদান কেইটাৰ দুটা উপাদান অৰ্থাৎ ভৰ আৰু শক্তি মূলতঃ একেটাই, আপুনি কব পাৰে যে একেটা মুদ্ৰাৰেই ইপিঠি সিপিঠি। তেওঁৰ বিখ্যাত সমীকৰণ E= mc2 য়ে সৰলভাৱে ইয়াকেই বুজায় যে পদাৰ্থৰ ভৰক এক শক্তি বুলিয়েই ভাবিব পাৰি। একেদৰে পদাৰ্থত নিহিত থকা শক্তিকো ভৰ বুলি ভাবিব পাৰি। এতেকে তিনিটা উপাদানৰ বিপৰীতে আমি এতিয়া কব পাৰো যে বিশ্বব্ৰহ্মাণ্ডত মাত্ৰ দুটাই উপাদান-শক্তি আৰু স্থান। গতিকে এই সকলো শক্তি আৰু স্থাননো ক’ৰ পৰা আহিল? এই প্ৰশ্নৰ উত্তৰ পোৱা গৈছে বিজ্ঞানী সকলৰ কেবা দশক জোৰা গৱেষণাৰ অন্তত। স্থান আৰু শক্তিৰ স্বতঃস্ফূৰ্ত ভাৱে সৃষ্টি হৈছিল এটা মহাঘটনাৰ মাজেৰে যাক এতিয়া আমি বিগ বেং বা মহানাদ অ্যাখ্যা দিছো। মহানাদৰ মূহুৰ্ততেই স্থানৰে সৈতে এখন সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব সন্মুখলৈ আহিছিল। ই ঠিক যেন ফুৱাই দিয়া বেলুন এটাৰ দৰে প্ৰসাৰিত হৈ পৰিছিল‌। এই সকলোবোৰ শক্তি আৰু স্থান তেন্তে ক’ৰ পৰা আহিছিল? কিদৰে শক্তিৰে পৰিপূৰ্ণ সকলোকে সামৰা এক সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ড এক ৰিক্ত, শূন্য অৱস্থাৰ পৰা প্ৰকাশিত হৈ উঠিছিল? কিছুসংখ্যক লোকৰ বাবে, এয়াই সেই ক্ষণ য’ত ঈশ্বৰ দৃশ্যপটলৈ উভতি আহে, সেইগৰাকী ঈশ্বৰেই আছিল যিজনে শক্তি আৰু স্থানৰ সৃষ্টি কৰিছিল, মহানাদ আছিল সেই সৃষ্টিৰ ক্ষণ। কিন্তু বিজ্ঞানে অন্য এক কাহিনীৰ কথা কয়। মই নিজেই কিছু অথন্তৰত পৰিম বুলি শংকা থকাৰ পিছতো ভাবো যে ভাইকিঙছক ভীতিগ্ৰস্ত কৰি ৰখা প্ৰাকৃতিক পৰিঘটনা সমূহক আমি বেছি গভীৰভাৱে বুজি উঠিব পাৰিছো। আমি আনকি আইনষ্টাইনৰ শক্তি আৰু পদাৰ্থৰ সৌন্দৰ্য্যময় প্ৰতিসাম্য(symmetry) ক অতিক্ৰমিও যাত্ৰা কৰিব পাৰো। প্ৰকৃতিৰ সূত্ৰসমূহ ব্যৱহাৰ কৰিয়েই আমি বিশ্বব্ৰহ্মাণ্ডৰ সেই নিৰ্দিষ্ট সৃষ্টিৰ কথাক ব্যাখ্যা কৰিব পাৰো লগতে ঈশ্বৰৰ অস্তিত্বৰ কথাই কেৱল এই ব্যাখ্যাৰ একমাত্ৰ পথ নেকি, সেয়াও আৱিষ্কাৰ কৰিব পাৰো। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মই যেতিয়া ইংলেণ্ডত ডাঙৰ দীঘল হৈছিলো,সেই সময় আছিল কৃচ্ছ্ৰ সাধনাৰ সময়, আমাক কোৱা হৈছিল যে শূন্যৰ পৰা তুমি একো নাপাবা। কিন্তু এতিয়া এক জীৱন জোৰা কৰ্মসাধনাৰ পিছত মই ভাবো যে প্ৰকৃততে আপুনি এখন সম্পূৰ্ণ বিশ্বব্ৰহ্মাণ্ড লাভ কৰিব পাৰে, সেয়াও মুক্ত ভাৱে, বিনামূলীয়াকৈ। মহানাদৰ আৰত থকা বৃহৎ ৰহস্যপূৰ্ণ কথাটো হ’ল যে কেনেকৈ এখন সম্পূৰ্ণ, অকল্পনীয় ভাৱে বৃহৎ ,স্থান আৰু শক্তিৰে গঠিত বিশ্বব্ৰহ্মাণ্ড শূন্যতাৰ পৰা বাস্তৱিক ৰূপত মূৰ্ত হৈ উঠিব পাৰে। এই ৰহস্য লুকাই আছে মহাবিশ্বৰ আটাইতকৈ আশ্বৰ্য্যকৰ তথ্যসমূহৰ ভিতৰত অন্যতম এক তথ্যৰ মাজত। পদাৰ্থ বিজ্ঞানৰ সূত্ৰই ঋণাত্মক শক্তি(negative energy) ৰ অস্তিত্বক দাবী কৰে। এই আচহুৱা, অদ্ভুত কিন্তু অতি গুৰুত্বপূৰ্ণ ধাৰণাটি বুজাত আপোনালোকক সহায় কৰিবলৈ মই এটি সাধাৰণ তুলনামূলক উদাহৰণ ডাঙি ধৰিব বিচাৰিছো। কল্পনা কৰক যে এজন মানুহে চেপেটা এডোখৰ মাটিৰ ওপৰত এখন পাহাৰ সজাবলৈ থিৰ কৰিছে। পাহাৰ খনেই বিশ্বব্ৰহ্মাণ্ডক সূচাব। পাহাৰখন সাজিবলৈ তেওঁ ভূমিভাগত এটি গাঁত খান্দিলে আৰু গাঁত খান্দি উলিওৱা মাটিখিনি ব্যৱহাৰ কৰিলে পাহাৰ খন সজাত। অৱশ্যেই তেওঁ কিন্তু কেৱল পাহাৰ খনেই সাজি থকা নাই, তেওঁ গাঁতো খান্দি গৈছে, যি কাৰ্যক্ষেত্ৰত সেই পাহাৰ খনৰেই এক ঋণাত্মক সংস্কৰণ। গাঁতত সোমাই থকা পদাৰ্থখিনিয়ে এতিয়া পাহাৰত পৰিণত হৈছে, অৰ্থাৎ সকলোফালৰ পৰাই সমতাপূৰ্ণ হৈ উঠিছে। বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ ক্ষণত যি ঘটিছিল, তাৰ আৰত আছিল এই মূল নীতি। যেতিয়া মহানাদে সৃষ্টি কৰিছিল প্ৰচুৰ পৰিমাণৰ ধনাত্মক শক্তি, সি একেসময়তে সৃষ্টি কৰিছিল সমপৰিমাণৰ ঋণাত্মক শক্তিও। এনেদৰেই ধনাত্মক আৰু ঋণাত্মক শক্তি মিলি শূন্যত পৰিণত হ’ব। এয়াও প্ৰকৃতিৰেই অন্য এক নিয়ম। গতিকে এই ঋণাত্মক শক্তিবোৰ আজি ক’ত আছে? এই শক্তি লুকাই আছে আমাৰ সেই মহাজাগতিক ৰন্ধন পুথিখনত থকা তৃতীয়টো উপাদানৰ মাজত; এই শক্তি আছে স্থানত(space)। এয়া কিছু ব্যতিক্ৰম যেন শুনা যাব পাৰে, কিন্তু বিজ্ঞানৰ সবাতোকৈ প্ৰাচীন সূত্ৰবোৰৰ মাজৰ মাধ্যাকৰ্ষণ আৰু গতি জড়িত প্ৰকৃতিৰ নিয়মবোৰৰ অনুসৰি-স্থান নিজেই ঋণাত্মক শক্তিবোৰৰ এক অসীম সঞ্চয়থলী, যিয়ে সকলো যাতে শূন্যৰ সৈতে যোগ হয় সেয়া নিশ্চিত কৰিবলৈ যথেষ্ট।
 
মই স্বীকাৰ কৰিম যে গণিতশাস্ত্ৰ যদি আপোনাৰ বিষয় নহয়,তেন্তে ইয়াক উপলব্ধি কৰিবলৈ কিছু কঠিন হ’ব। বিলিয়নৰ পিছত বিলিয়ন তাৰকাৰাজ্যৰ সীমাহীন জাল সদৃশ গঠন, য’ত এখনে আনখনক মহাকৰ্ষণৰ বলত টানি থাকে; এই সকলোবোৰে এটা প্ৰকাণ্ড সঞ্চায়ক যন্ত্ৰ(storage device) ৰ দৰে কাম কৰে। বিশ্বব্ৰহ্মাণ্ড এটা বিৰাট বেটাৰী যি ঋণাত্মক শক্তিক সঞ্চিত কৰি ৰাখে। বস্তুবোৰৰ ধনাত্মক ৰূপটিয়েই হৈছে আজি আমি দেখা ভৰ আৰু শক্তি, যি সেই পাহাৰ খনৰ দৰেই। আনহাতে অনুৰূপ যিটো গাঁত বা পদাৰ্থৰ ঋণাত্মক ৰূপ, সেয়া মহাবিশ্বৰ শূন্য স্থানবোৰত বিস্তৃত হৈ আছে। তেন্তে এই কথাবোৰে আমাৰ ঈশ্বৰৰ অন্বেষণৰ ক্ষেত্ৰত কি অৰ্থ বহন কৰিছে? সিবোৰে এই অৰ্থই প্ৰকাশ কৰিছে যদি বিশ্বব্ৰহ্মাণ্ডই কাকোৱেই যোগ নকৰে তেন্তে ইয়াক সৃষ্টি কৰিবলৈ আপোনাক এজন ঈশ্বৰৰ প্ৰয়োজন নাই। বিশ্বব্ৰহ্মাণ্ডই সৰ্বশেষ মূল্যহীন প্ৰাপ্তি(ultimate free lunch)! আমি যিহেতু জানিছো যে ধনাত্মক আৰু ঋণাত্মক শক্তি যোগ হৈ শূন্য হয় গতিকে প্ৰয়োজনীয় যিটো আমি কৰি উলিয়াব লাগিব অথবা প্ৰত্যাহ্বান গ্ৰহণ কৰিও মই যি কব খুজিছো সেয়া হ’ল; কোনে প্ৰথমতে সেই সমূহ প্ৰক্ৰিয়াৰ প্ৰাৰম্ভণি ঘটাইছিল? কি কাৰকৰ প্ৰভাৱত বিশ্বব্ৰহ্মাণ্ড স্বতঃস্ফূৰ্ত ভাৱে দৃশ্যমান হৈ উঠিছিল? প্ৰথমতেই ভাৱ হ’ব এইটো যেন এটা বিফল হৈ পৰিব পৰা সমস্যা, মুঠৰ ওপৰত আমাৰ দৈনন্দিন জীৱনৰ বস্তুবোৰ অপ্ৰত্যাশিত বা অনাহুত ভাৱে মূৰ্তমান হৈ নুঠে। কেৱল আঙুলিৰে শব্দ কৰিয়েই আপুনি ইচ্ছা অনুসৰি একাপ কফিৰ বাবে আদেশ জাৰি কৰিব নোৱাৰে। আপুনি অন্যান্য উপাদানবোৰ যেনে coffee bean, পানী বা সম্ভৱতঃ কিছু গাখীৰ আৰু চেনি ব্যৱহাৰ কৰি কফি কাপ তৈয়াৰ কৰিব লাগিব। কিন্তু কাপটোত থকা কফিখিনিৰ মাজেৰে, গাখীৰৰ কণিকা সমূহৰ মাজেৰে, পৰমাণুৰ পৰ্যায়লৈ আৰু তাৰ পৰা একেবাৰে পৰমাণুৰ অভ্যন্তৰলৈ গৈ আপুনি এখন জগতত প্ৰৱেশ কৰিব য’ত এক ক্ষণিক মূহুৰ্তৰ বাবে হ’লেও যাদুৰ দৰে শূন্যৰ পৰাই কিবা এক সৃষ্টি হোৱাটো সম্ভৱ। কিয়নো, এই অৱস্থাত কণিকা সমূহ বিশেষকৈ প্ৰ’টন বোৰে প্ৰকৃতিৰ নিয়ম অনুসৰিয়েই আচৰণ কৰিবলৈ লয়, যাক আমি কোৱান্টাম বলবিদ্যা বুলি কওঁ। এই কণিকাসমূহে সচাঁকৈয়ে যাদৃচ্ছিক ভাৱে আৱিৰ্ভূত হ’ব পাৰে, কেইটিমান মূহুৰ্তৰ বাবে স্থিৰ হৈ থাকি তাৰ পিছত পুনৰ নাইকীয়া হৈ অন্য এঠাইত গৈ ভুমুকি মাৰিব পাৰে। যিহেতু আমি জানো যে বিশ্বব্ৰহ্মাণ্ড নিজেই এটা সময়ত অতি ক্ষুদ্ৰ আছিল, সম্ভৱ এটা প্ৰ’টনতকৈও ক্ষুদ্ৰতৰ; এই কথাটোৱে অতি উল্লেখনীয় অৰ্থ বহন কৰিছে। অৰ্থ এয়াই যে বিশ্বব্ৰহ্মাণ্ডই ইয়াৰ বিষ্ময়কৰ সুদুৰ প্ৰসাৰিত ৰূপ আৰু জটিলতাক সামৰি লৈ সম্ভৱতঃ সাধাৰণভাৱেই হঠাৎ বিষ্ফোৰিত হৈ প্ৰকৃতিৰ জ্ঞাত নিয়মসমূহক ভংগ নকৰাকৈয়ে সাকাৰ ৰূপ পাইছিল। সেই মুহুৰ্তৰ পৰাই বৃহৎ মাত্ৰাত শক্তি নিৰ্গত হৈছিল, যেতিয়া স্বতঃপ্ৰণোদিত ভাৱে প্ৰসাৰিত হৈছিল স্থান; সন্তুলিত অৱস্থাৰ বাবে প্ৰয়োজনীয় সকলো ঋণাত্মক শক্তিক সঞ্চিত কৰি ৰখাৰ বাবে সেই স্থান। অৱশ্যেই কিন্তু সেই গুৰুত্বপূৰ্ণ প্ৰশ্নটি আকৌ আহিব-ঈশ্বৰেই সেই কোৱান্টাম সূত্ৰবোৰ সৃষ্টি কৰিছিল নেকি যি সূত্ৰসমূহৰ মতে মহানাদ সংঘটিত হৈছিল? সংক্ষেপে মহানাদ নিনাদিত হৈ উঠি যাতে এই সংৰচনা গঢ়ি তুলিব পাৰে তাৰ বাবে আমাক এজন ঈশ্বৰৰ প্ৰয়োজন আছেনে? ঈশ্বৰৰ ওপৰত বিশ্বাস ৰখা কাৰোবাক ক্ষুন্ন কৰাৰ অভিপ্ৰায় মোৰ নাই, কিন্তু মই ভাবোঁ যে এজন স্বৰ্গীয় সৃষ্টিকৰ্তাতকৈ বিজ্ঞানৰ ওচৰত কথাবোৰৰ অধিক শক্তিশালী ব্যাখ্যা আছে। প্ৰতিদিনৰ অভিজ্ঞতাই আমাক ভবাই তোলে যে ঘটি থকা সকলো কথাৰ আৰতেই নিশ্চিত ভাৱে কোনোবা কৰ্তা আছে, যি কাৰ্য বা ঘটনা অতীততো সংঘটিত হৈছিল, সেয়েহে আমাৰ বাবে এয়া ভবাটো স্বাভাৱিক যে কোনোবাই, হয়তো ঈশ্বৰেই বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্বৰ আঁৰৰ কাৰণ। কিন্তু যেতিয়া আমি সামগ্ৰিক দৃষ্টিভংগীৰে মহাবিশ্বৰ কথা কওঁ, তেতিয়া তেনেদৰে ভবাৰ প্ৰয়োজনীয়তা নাথাকে।
 
কল্পনা কৰক এখন নৈৰ কথা, নৈ খন পৰ্বতৰ ওপৰৰ পৰা তললৈ বৈ আহিছে। নৈ খন কোনে সৃষ্টি কৰিছিল? সম্ভৱতঃ বৰষুণে যি পূৰ্বতেই নামি আহিছিল পৰ্বতৰ ওপৰলৈ। বৰষুণক তেন্তে কোনে সৃষ্টি কৰিছিল? তাৰ এক সবল উত্তৰ হ’ব সূৰ্য্য, যি সমুদ্ৰত আলোক ৰশ্মি বিচ্ছুৰিত কৰিছিল আৰু জলীয় বাষ্পক আকাশলৈ তুলি ডাৱৰৰ সৃষ্টি কৰিছিল। অ’কে! তেন্তে কোনে সূৰ্য্যক এনেদৰে ভাস্বৰ আৰু উদ্ভাসিত কৰি ৰাখিছে? বাৰু, যদি আমি সূৰ্য্যৰ অভ্যন্তৰলৈ লক্ষ্য কৰো তেতিয়া দেখিম fusion বা সংলয়নৰ প্ৰক্ৰিয়াক, যি প্ৰক্ৰিয়াত হাইড্ৰ’জেনৰ পৰমাণুবোৰ পৰস্পৰ যুক্ত হৈ হিলিয়ামত পৰিণত হৈছে আৰু নিৰ্গত হৈছে অফুৰন্ত পৰিমাণৰ শক্তি। এতিয়ালৈকে সকলোবোৰ ঠিকেই আছে, so far so good. হাইড্ৰ’জেননো ক’ৰ পৰা আহিল? প্ৰশ্নটিৰ উত্তৰ, মহানাদ। কিন্তু এইখিনিতে এক নিৰ্ণায়ক মুহুৰ্তৰ বাবে থমকি ৰব লাগিব।
 
প্ৰকৃতিৰ সূত্ৰ সমূহেই আমাক কৈছে যে কেৱল এটা প্ৰ’টনৰ দৰে কোনো সহায় অবিহনেই যে বিশ্বব্ৰহ্মাণ্ডই হঠাৎ ইয়াৰ অস্তিত্ব লাভ কৰিছিল তেনে নহয়, বৰঞ্চ এয়া সম্ভৱ যে মহানাদ কোনেও সংঘটিত কৰা নাছিল। কোনোৱেই নাছিল। আৰু মহানাদৰ বাবে বিশ্বব্ৰহ্মাণ্ডক শক্তিৰো প্ৰয়োজন নাছিল। এই ব্যাখ্যা প্ৰযোজ্য হৈছে আইনষ্টাইনৰ সূত্ৰসমূহ আৰু বিশ্বব্ৰহ্মাণ্ডত কিদৰে স্থান আৰু সময় মৌলিকভাৱে সাঙোৰ খাই আছে সেই সম্পৰ্কে তেওঁৰ সুক্ষ্ম অন্তৰ্দৃষ্টিসমূহৰ ক্ষেত্ৰত। সময়ৰ সৈতে কিবা এক অতিশয় চমকপ্ৰদ ঘটনা সংঘটিত হৈছিল মহানাদৰ ক্ষণিক মুহূৰ্তত। সময়ৰেই আৰম্ভণি ঘটিছিল। এই আশ্বৰ্য্যকৰ ধাৰণাটি বুজিবলৈ ওপঙি থকা এটা কৃষ্ণ গহ্বৰৰ কথাই ধৰা যাওক। এটা আদৰ্শ কৃষ্ণ গহ্বৰ হৈছে এক নক্ষত্ৰ যি ইমানেই বিশাল যে নিজৰ মাজতেই তাৰ পতন ঘটিছে। তাৰ প্ৰচণ্ড ভৰৰ বাবে পোহৰ ৰশ্মিও আনকি মাধ্যাকৰ্ষণ শক্তিক ভেদ কৰিবলৈ অক্ষম, সেইবাবে সি প্ৰায় সম্পূৰ্ণ ৰূপে কলা, কৃষ্ণকায়। ইয়াৰ মাধ্যাকৰ্ষণীয় টান ইমানেই শক্তিশালী যে ই কেৱল পোহৰেই নহয় বৰঞ্চ সময়কো ভাজ লগায় আৰু বিকৃত কৰে। এয়া কেনেদৰে সম্ভৱ, তাক প্ৰত্যক্ষ কৰিবলৈ এটা ঘড়ীৰ কথা কল্পনা কৰক যি ঘড়ী কৃষ্ণ গহ্বৰৰ আকৰ্ষণক্ষেত্ৰলৈ সোমাই গৈছে। যিমানেই ঘড়ীটোৱে কৃষ্ণ গহ্বৰৰ ভিতৰলৈ সোমাই গৈছে, সিমানেই ই মন্থৰ হ’বলৈ আৰম্ভ কৰিছে, ঘড়ীটোৰ সময় নিজেই ধীৰ গতিত চলিবলৈ আৰম্ভ কৰিছে। এতিয়া ঘড়ীটোৱে কৃষ্ণ গহ্বৰৰ চৰম মাধ্যাকৰ্ষণিক বলৰ প্ৰভাৱক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে বুলি ধৰি লৈ ঘড়ীটো কৃষ্ণ গহ্বৰৰ ভিতৰলৈ সোমাই যোৱা মুহূৰ্ত খিনিৰ কথা কল্পনা কৰক, আচলতে ঘড়ীটো বন্ধ হৈ পৰিব, এইকাৰণে নহয় যে ঘড়ীটো ভাঙি পৰিছে, বৰঞ্চ এইকাৰণেহে যে কৃষ্ণ গহ্বৰৰ ভিতৰত সময়ৰেই কোনো অস্তিত্ব নাথাকে। আৰু হুবহু সেয়াই সংঘটিত হৈছিল বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিৰ আদি ক্ষণত।
 
যোৱা এশটা বছৰত, আমি বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কে জ্ঞানৰ ক্ষেত্ৰত বিষ্ময়কৰ অগ্ৰগতি লাভ কৰিছো। আমি এতিয়া সেই সূত্ৰবোৰৰ সম্পৰ্কে জ্ঞাত হৈছো যিবোৰে সকলোতে ঘটি থকা উঘটনাবোৰক নিয়ন্ত্ৰণ কৰিছে, আনকি সবাতোকৈ চৰম মুহূৰ্তবোৰত যেনে বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি অথবা কৃষ্ণ গহ্বৰত ঘটা ঘটনাবোৰকো নিয়ন্ত্ৰণ কৰিছে। মই বিশ্বাস কৰো যে বিশ্বব্ৰহ্মাণ্ডৰ আৰম্ভণি ক্ষণতে সময়ৰ যি ভূমিকা আছিল সেই কথাই এজন সৰ্বশ্ৰেষ্ঠ ডিজাইনাৰ বা নিৰ্মাতাৰ প্ৰয়োজনীয়তাক নাকচ কৰাৰ তথা বিশ্বব্ৰহ্মাণ্ড কিদৰে স্বয়ংক্ৰিয় ভাৱে সৃষ্টি হৈছিল সেয়া ব্যাখ্যা কৰাৰো অন্তিমটো চাবিকাঠী। সময়ৰ বিপৰীতে আমি যদি মহানাদৰ ক্ষণলৈকে উভতি যাওঁ, বিশ্বব্ৰহ্মাণ্ড ক্ৰমশঃ সৰু, একেবাৰেই সৰু হৈ গৈ থাকিব এটি বিন্দুত গৈ উপনীত নোহোৱা পৰ্যন্ত, য’ত গোটেই বিশ্বব্ৰহ্মাণ্ডই পৰিৱৰ্তিত হৈ পৰিব এনে এক স্থানলৈ যি ইমানেই ক্ষুদ্ৰ যে বাস্তৱিকতে সি একক, অসীমভাৱে ক্ষুদ্ৰ, অসীম ঘনত্ব সম্পন্ন এটা কৃষ্ণ গহ্বৰ। মহাকাশত ওপঙি থকা, বৰ্তমানে দেখা কৃষ্ণ গহ্বৰবোৰৰ ক্ষেত্ৰতো প্ৰকৃতিৰ নিয়মাৱলীয়ে কিবা এক অভিনৱ, অসাধাৰণ নিৰ্দেশ প্ৰদান কৰিছে। এই নিয়মবোৰেই আমাক কয় যে কৃষ্ণ গহ্বৰৰ ক্ষেত্ৰতো সময় স্তব্ধ হৈ পৰিবই লাগিব। আপুনি মহানাদৰ পূৰ্বৰ কোনো সময়তেই গৈ উপনীত হ’ব নোৱাৰিব, কাৰণ মহানাদৰ পূৰ্বে সময় নাছিলেই। আমি অৱশেষত এনে এক অৱস্থা পালোগৈ যি কাৰ্য কাৰণবিহীন, কিয়নো ‘কাৰণ’ এটা বিদ্যমান হৈ থাকিবলৈ কোনো সময়েই নাছিল। মোৰ বাবে এই কথাৰ অৰ্থ এয়াই যে এজন সৃষ্টিকৰ্তাৰ উপস্থিতিৰ কোনো সম্ভাৱনা ই থাকিব নোৱাৰে, কাৰণ এজন সৃষ্টিকৰ্তাৰ অস্তিত্ব বৰ্তি থাকিবলৈ কোনো সময়েই নাছিল। মানুহে মহা প্ৰশ্ন সমূহৰ উত্তৰৰ সন্ধান কৰে, যেনে এই পৃথিৱীত কিয় আমাৰ অস্তিত্ব সম্ভৱ হৈছে। তেওঁলোকে উত্তৰবোৰ সৰল হোৱাটো কামনা নকৰে, সেয়েহে তেওঁলোক যুক্তি যুদ্ধত অৱতীৰ্ণ হ’বলৈ সাজু হয়। মানুহে যেতিয়া মোক প্ৰশ্ন কৰে যে ঈশ্বৰেই বিশ্বব্ৰহ্মাণ্ডক স্ৰজন কৰিলে নেকি, মই তেওঁলোকক কওঁ যে এই প্ৰশ্নটোৱেই ভিত্তিহীন। মহানাদৰ পূৰ্বে সময়ৰ কোনো অস্তিত্বই নাছিল, সেইবাবে বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ বাবে ঈশ্বৰৰ ওচৰত কোনো সময় নাছিল। এই কথাটো পৃথিৱীৰ দাঁতি বা শেষসীমাৰ সন্ধান কৰাৰ লেখীয়া কথা। পৃথিৱী এক গোলক যাৰ কোনো দাঁতি বা শেষ সীমা নাথাকে, অৰ্থাৎ সীমাৰ সন্ধান কৰাটোৱেই এক নিষ্ফল প্ৰয়াস। মোৰ ধৰ্মীয় বিশ্বাস আছেনে? বিচৰা মতে বিশ্বাস ৰাখিবলৈ আমি প্ৰত্যেকেই মুক্ত, স্বাধীন; আৰু এয়া মোৰ অভিমত; আটাইতকৈ সৰল ব্যাখ্যা এয়াই যে ঈশ্বৰৰ কোনো অস্তিত্ব নাই। বিশ্বব্ৰহ্মাণ্ডক কোনেও সৃষ্টি কৰা নাছিল আৰু আমাৰ ভাগ্যক নিৰূপন কৰিবলৈও কোনো নাই। এই কথাই মোক গভীৰ আত্মোপলব্ধিৰ মুখামুখি কৰাইছে; সম্ভৱতঃ কোনো স্বৰ্গ নাই, আৰু পৰজন্মও নাই। মই ভাবো,পৰজন্মত বিশ্বাস কেৱল মাত্ৰ এক আত্মবিভ্ৰম। পৰজন্ম সম্পৰ্কে কোনো তথ্য প্ৰমাণ নাই, ই আমি জনা সকলো বৈজ্ঞানিক জ্ঞানৰ ওপৰতেই এক মাধমাৰ। কিন্তু এক বোধ, ভাৱনাৰ মাজত; আমাৰ প্ৰভাৱৰ মাজত আৰু আমাৰ সন্তানলৈ প্ৰৱাহিত সেই জিনবোৰৰ মাজত আমি জীয়াই থাকো।
 
বিশ্বব্ৰহ্মাণ্ডৰ এই সৰ্বাত্মক, মহা সংৰচনাক বিমুগ্ধতাৰে উপলব্ধি কৰিবলৈ আমাৰ আছে এই একেটিয়ে জীৱন আৰু সেই জীৱনৰ ওচৰত মই অতিমাত্ৰাই কৃতজ্ঞ।

Leave a Reply

Your email address will not be published. Required fields are marked *