ফেইচবুক-ফ্ৰেইণ্ড -(ড° বসন্ত কুমাৰ বৰা)
নাকটো বেয়াকৈয়ে ভাগিল। হস্পিটেলত গম নাপালো – বিষনাশক বেজীৰ কৃপাত। গেষ্ট্ৰাইটিছৰ বাবে বিষনাশক নোখোৱাত এতিয়া ফৰফৰাই উঠিছে। ইফালে সকলোৱে ভাল ভাল বুলি কোৱা ল’ৰাটোক উতপাৎ কৰি থকাৰ বাবে শ্ৰেণীৰ শিক্ষকে বাৰাণ্ডাত আঁঠু কঢ়াই থ’লে তাৰ যিটো অৱস্থা হয়, মোৰো এতিয়া সেই অৱস্থাই হৈছে। ঘৰৰ মানুহে, বন্ধু-সহকৰ্মী – সকলোৱে যিমানেই আহি সান্ত্বনা নিদিয়ক, ঘটনাটোত মোৰ দোষ নাই নাই বুলি যিমানেই নোদোহাৰক, ৰাজহুৱাকৈ ঘোঁচা খাই নাকত দুটা চিলাই লৈ ঘৰত খবৰ ল’বলগীয়া অৱস্থা এটাত পৰি থকাটোৱেই কমখন লাজ-অপমানৰ কথা হৈছেনে!
ধাৰ-লোণ লৈ মাৰুতি গাড়ীখন কিনা আজি দহ-এঘাৰবছৰ হ’ল; হওঁতে ভগৱানৰ কৃপাত আজিলৈকে এনেকুৱা অৱস্থা এটা হোৱা নাছিল কেতিয়াও। আজি কিনো হ’ল জানো! আৰু অকণমান সাৱধান হোৱাহেঁতেনেই অঘটনটো নঘটে আৰু মই এই অতখন লৰ-জ্বৰ খাবলগীয়া অৱস্থা নহয় নহয়। পৰীক্ষাৰ আগে আগে এতিয়া কলেজৰ ক’ৰ্চবিলাকো শেষ কৰিব লাগে; ক্লাছ ক্ষতি কৰিবও নোৱাৰি। ইফালে ক্লাছৰ ল’ৰা-ছোৱালীবিলাকে বা কি ভাবে! ক’ৰবাত এটুপি খাই-বৈ পৰি-ধৰি এনেখন অৱস্থা হ’ল বুলি নাভাবিলেই হ’ল আৰু! সঁচা কথা কৈ বুজোৱাৰো উপায় নাই তাহাঁতক। গাড়ী এক্সিডেন্ট কৰি সিপক্ষৰ মাৰ খাই এই অৱস্থা হৈছে বুলিনো কোন সতে কওঁ বাৰু!
হওঁতে নিৰপেক্ষভাবে চাবলৈ গ’লে ঘটনাটোত মোৰ সামান্যও দোষ নাই; সাত শতুৰুৱেও সেই কথা স্বীকাৰ কৰিব লাগিব। মই মূল পথটোৰেই আগবাঢ়িছিলো। ন-বজাৰ ক্লাছটোৰ বাবে প্ৰায় চাৰে আঠ বজাতেই ওলাই আহিছিলোঁ–যিহে ট্ৰেফিক-জাম; তাতে এইটো সময়ত অৱস্থাটো আৰু মাৰাত্মক। গাড়ী, মটৰ-চাইকেল, স্কুটাৰ, ৰিক্সা, বাছ, ই-ৰিক্সা – সকলোৰে লৰালৰি; টিঁট্-টিঁট্, পঁট-পঁট, পেঁট-পেঁট। ঘৰৰ পৰা কলেজলৈ ৰাস্তা প্ৰায় মাথোন দহ মিনিটৰ। সোনকালে পালেগৈ ক্লাছটোৰ বাবে কৰা প্ৰিপেয়াৰেশ্বনখিনি আকৈ এবাৰ জুকিয়াই চাব পৰা যাব। সোনকালে নাপালেও কথা নাই; কালিয়েই ভালকৈ ঠিক-ঠাক কৰি আহিছোঁৱেই। মই লাহে লাগেই আগবাঢ়িছিলোঁ। এনেইও পুৰণি গাড়ী, তাতে ভীৰ। এইটো সময়ত যাব বিচাৰিলেও ঘন্টাত ২০-২৫ কিল’মিটাৰতকৈ বেছি বেগত যাব নোৱাৰিয়েই । হঠাতে দুফালে দুটা ঘৰৰ ওখ বাউণ্ডেৰী-দেৱাল থকা গলিটোৰ পৰাযে মানুহজন মটৰ-চাইকেলখন লৈ ভুটুংকৈ ওলাবহি, মইনো কেনেকৈ জানো বাৰু ! আৰু ওলাই আহিওনো বাৰু তেওঁ চিধাই মোৰ গাড়ীখনতেহে খুন্দাটো মাৰি দিব লাগেনে !
খুন্দাটো, খুন্দাটোৰ ফলত হোৱা প্ৰচণ্ড জোকাৰণিটো আৰু খুন্দাটোৰ ফলত সৃষ্টি হোৱা কিংকৰ্তব্যবিমূড়তাখিনি শাম কটাৰ পিছ্মূহুৰ্ততে গাড়ীখন একাষৰীয়া কৰি ৰাখি দুৱাৰখন খুলি ওলাই আহিলোঁ; ভাগ্যে গাড়ীখন তেতিয়াও চলাব পৰা হৈ আছিল । সোঁফালে হাতখনৰ কিলাকুটিটোত বাৰুকৈয়ে আঘাত পাইছিলো । হ’লেও, খুন্দা মাৰি দিয়া মানুহজনৰ চাগৈ বেছিয়েই জখম হ’ব; সেই আশংকা কৰি কৰিয়েই কিলাকুটিটো মোহাৰি মোহাৰি ছীটবেল্টৰ বন্ধনৰ পৰা মুক্ত হৈ ওলাই আহিলো । হেলমেট পিন্ধা নাছিল যদিও মানুহজনে গুৰুতৰ আঘাত পোৱা নাই; মাথো পৰি গৈছিল। নিজে পৰাৰ পৰ উঠি তেওঁ পৰি যোৱা মটৰ-চাইকেলখনো ইতিমধ্যেই লৰালৰিকৈ থিয় কৰিছিল; গোট খোৱা দুজনমানে সহায়ো কৰি দিছিল। মই নৰ’ম বুলি ভাবি তেওঁ যিমান পাৰে লৰালৰিকৈ মটৰ-চাইকেলখন থৈ মোক কিদৰে আৱদ্ধ কৰিব পৰা যায়, সম্ভৱ সেই কথা ভাবি মোৰ গাড়ীখনৰ ফালে চাই আছিল। মই নামি আগবাঢ়ি যোৱাত তেওঁ মোৰে ফালে আগবাঢ়ি আহিল।
- ঐ (অশ্লীল), গাড়ী চলাব নাজানিলে কিয় চলাৱ (অশ্লীল)! – গালি শুনি লাজ লাগিলেও উপায় নাই। ডেকা বয়সীয়া মানুহ; খং উঠিবই আৰু!
পিছে এতিয়া কাৰ ভুলত দুৰ্ঘটনাটো হ’ল, সেয়া বিচাৰৰ সময় নহয়। ক্ষয়-ক্ষতি-আঘাতৰ বুজ লোৱাৰহে দৰকাৰ এতিয়া। পিছে কথাটো ভাবিলোহে, ক’বলৈ একো নাপালোৱেই। বিজুলী-বেগত আগবাঢ়ি আহি মানুহজনে মোক দিলেই পূৰ্ণহতীয়া ঘোঁচা এটা মাৰি। মই কৰ্ফাল খাই পৰিলো; চকুৰে ধোঁৱা-কোঁৱা দেখিলো। উপৰ্য্যুপৰি কেইবাটাও ঘোঁচা পৰিল মোৰ নাকত। ওঁঠেৰে গৰম জুলীয়া পদাৰ্থ বাহিৰ হৈ আহিল; মুখত সোমাল – তেজ। তাৰ পিছত মই ক’ব নোৱাৰোঁ।
সাৰ পালো হস্পিটেলত। নাকত বিষ, হাত দি চালোঁ – বেণ্ডেজ। কাষত শ্ৰীমতী। চকু দেখিয়েই গম পালোঁ – সেইফালৰে কেট্ৰিনা-বুলবুলৰ দৰে বেছ এজাক ঘূৰ্ণি পাৰ হৈ গৈছে। দাদা, বন্ধু-সহকৰ্মী কেইবাজনো ওচৰে-পাজৰে। ডাক্তৰ, নাৰ্চ, বেজী-বতিয়া, দৰৱ, চেলাইন – এইবাৰ সেইবোৰৰ উৎসৱ আৰম্ভ হ’ল। হস্পিটেলৰ বিল হ’ল প্ৰায় বাৰ হাজাৰমান; টেষ্ট, ৰিপ’ৰ্ট আদিকে ধৰি।
সান্ত্বনাৰ কথা হ’ল – জখম বেছি হোৱা নাই। মাথোঁ ঘোঁচাত মোৰ নাকৰ হাঁড় দুডাল ভাগিছে। দুটা চিলাই পৰিছে, পেইন-কিলাৰ আৰু এণ্টিবায়’টিকৰ বেজী কেইটামান ল’ব লাগিব। ভাল হৈ যাব এমাহমানত। সাধ্যতে তিনিদিনমান ৰে’ষ্টৰ দৰকাৰ হ’ব। গম পালো – মটৰ-চাইকেল চলোৱা বীৰপুৰুষজনৰ নাম পৱিত্ৰ বৰুৱা। সুন্দৰ খাপ-খোৱা নাম; যেনে কৰ্ম, তেনে কাম! দুৰ্ঘটনা হোৱা গলিটোৰ ভিতৰতে তেখেতৰ ঘৰ; হাণ্ড্ৰেদ পাৰচেণ্ট ল’কেল। সেইদিনা তেওঁৰ ঘোঁচা খাই মই অচেতন হৈ পৰি গৈছিলো । তেখেতৰ মন শান্ত হোৱা নাছিল; মোৰ ভুলৰ শাস্তি আৰু কিছু দিবলৈ মন আছিল হেনো তেখেতৰ। পিছে মই পৰি যোৱা দেখি ওচৰত গোট খোৱা কেইজনমানে তেওঁক গবা মাৰি ধৰি ক্ৰোধ সম্বৰণ কৰালে। তাৰ পিছত পুলিচ, এম্বুলেন্স, পত্নীলৈ খবৰ, সহকৰ্মী-বন্ধুৰ আগমন, হস্পিটেল, ডাক্তৰ, চিলাই, দৰৱ, কন্দা-কটা, সান্ত্বনা – এইবিলাক চলিল। পৱিত্ৰ বৰুৱাৰ বিশেষ একো হোৱা নাই; মাথোন ফাৰ্মাচীত গৈ দুটামান বেণ্ড-এ’ইড লগোৱাৰ বাহিৰে। তেখতৰ মটৰ চাইকেলো সম্পূৰ্ণ নিখুঁত হৈ আছে। মোৰ গাড়ীৰ পেচেঞ্জাৰ-ছীটৰ দুৱাৰখন একেবাৰে সোমাই গ’ল। উইণ্ডস্ক্ৰীনখনো ভাগিল। গাড়ীখন এতিয়া থানাত। সহকৰ্মী-বন্ধু এজনে যেনিবা মন কৰি স্পে’য়াৰ-টায়াৰটো আৰু বেটাৰীটো খুলি আনি ঘৰত থৈছে; থানাত আকৌ চোৰৰ ভয়! ইন্সিউৰেন্সৰ বাহিৰেও বেছ কেইহাজাৰমান যাব মেৰামতিত। ইয়াকেহে কয়, বোলে ‘খন্তেকৰ ভোজ খাওঁতা নাই’! পৱিত্ৰ বৰুৱাৰ মটৰ-চাইকেল থানাত নাই; তেওঁ লৈ গৈছে, বীৰদৰ্পে চলাই ফুৰিছে। যুক্তিৰ কথা; তেওঁৰ কি ভুলনো; তাতে তেওঁৰ হেনো কানেকশ্বনো ভাল!
এই দুদিন ৰে’ষ্ট লোৱা মানে কেইবাটাও ক্লাছ মিছ হ’ব। ইফালে পৰীক্ষা সমাগত। ইফালে নাকৰ চিলাই কটা, থানাৰ কাৰবাৰবিলাকৰ গত এটা লগোৱা (তলা-নলা বুজা কাৰোবাক বিচাৰি সহায় ল’ব লাগিব), ইন্সিউৰেন্স-ক্লেইম, পৰিবহনৰ বিকল্প ব্যৱস্থা এটা সাময়িকভাবে কৰি লোৱা, গাড়ীখন যিমান পাৰি সোনকালে মেৰামতি কৰোৱা, ডি টি অ’ অফিচ – উস, এনেই সময় নাই; মূহুৰ্ততে ইমানবোৰ যে অযথা নতুন ঝামেলা গাত লাগিল!
পিছে দুদিন যিহেতু ৰে’ষ্ট ল’ব লাগিবই, উপায় নাই। কিতাপ পঢ়ি, টি ভি চাই, স্মাৰ্ট ফ’ন – এইবিলাকতে কটাই আছো আৰু! দুই নম্বৰৰ দিনা আবেলিলৈ বহি বহি আমনি লগাত বিচনাতে পৰি পৰি ম’বাইল ফ’নটো লৈ ফেইচবুক একাউণ্টটোত লগ-ইন কৰিলোঁ। কেইবাটাও ন’টিফিকেশ্বন – চাব লাগিব পিছত। মে’চেজ এটাও নাই। আজিকালি হোৱাট্চ-এপ, ফ’নতে মে’চেজ আদান-প্ৰদান চলে; ফেইচবুকত আৰু কোনে মে’চেজ লিখিব! মন কৰিলোঁ – এট নতুন ফ্ৰেইণ্ড ৰিকুৱে’ষ্ট আছে । মনটো ভাল লাগিল। লাগিবই দিয়কচোন; মানুহ এজন মোৰ বন্ধু হ’ব খুজিছে; মোৰ বাবে গৌৰৱ আৰু আনন্দৰে কথা। ফটাফট আঙুলি চলালোঁ; মোৰ লগত বন্ধু হ’ব খোজা নতুন মানুহজনৰ প্ৰ’ফাইলটো খুলি গ’ল; এতিয়া মাথোন মই তেওঁৰ ফ্ৰেইণ্ড ৰেকুৱেষ্টটো কনফাৰ্ম কৰি দিব লাগে। বছ, নিমিষতে তেওঁ মোৰ বন্ধু হৈ পৰিব। তেনেই সহজ ব্যৱস্থা। তেওঁৰ প্ৰ’ফাইলটো চাই গ’লোঁ – আমাৰখন চহৰতে তেওঁৰ ঘৰ। ফ’ট’খন ডাঙৰ কৰি চালোঁ। জকমকাই ফুলি থকা ফুল এজোপাৰ তলত নিমজ চেহেৰা এটাৰে সুন্দৰ পোছাক এযোৰ পিন্ধি ৰৈ থকা ধুনীয়া মানুহ এজন; দেখিলেই বন্ধু হ’বলৈ মন যোৱা চেহেৰাৰ মানুহ। নাম পৱিত্ৰ বৰুৱা; হয়, সিদিনাৰজনেই। ততালিকে তেওঁৰ ৰিকুৱে’ষ্টটো কনফাৰ্ম কৰি দিলো; ‘হয়, তেওঁ মোৰ বন্ধু’ – এইবুলি। লগে লগে মোৰ ফ্ৰেইণ্ড-লিষ্টত যোগ হ’ল নতুন এজন ফেইচবুক-ফ্ৰেইণ্ড। অতবোৰ দুখ-কষ্টৰ মাজতো মনটো বৰ ফৰকাল ফৰকাল লাগিল।