বিবিধ চিন্তা

ফেচিবাদী হিটলাৰ বনাম সাম্প্ৰতিক ভাৰত ‌।‌। কিশোৰ মোহন বৰ্মন

কুৰি শতিকাৰ বিশ্ব ইতিহাসৰ দুৰ্দান্ত খলনায়ক এডল্ফ হিটলাৰৰ ৰাজনৈতিক পৰিক্ৰমাৰ সৈতে বিজেপি আৰু আৰ.এছ.এছৰ ৰাজনীতিৰ এক সাংঘাটিক সাদৃশ্য পৰিলক্ষিত হয়। মিছা আৰু অতিৰঞ্জিত ৰাজনৈতিক প্ৰচাৰ চলোৱাত হিটলাৰৰ সমানে বিজেপিও সিদ্ধহস্ত। হিটলাৰে কৈছিল যে ইহুদীসকলে জাৰ্মানীৰ কৰ্মসংস্থান, বেপাৰ-বাণিজ্য আদি সকলোতে আধিপত্য বিস্তাৰ কৰি জাৰ্মান লোক তথা যুৱক-যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ ক্ষেত্ৰখন সংকুচিত কৰি পেলাইছে, জাৰ্মান লোকসকলক নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে আৰু এনেদৰে ইহুদীসকলে এদিন জাৰ্মানীক সিহঁতৰ অধীন কৰি পেলাব। জাৰ্মানৰ প্ৰকৃত নাগৰিক হ’ল আৰ্যসকলহে, ইহুদীসকল নহয়। সেয়ে, জাৰ্মানত মাত্ৰ এটাহে জাতি থকাটো উচিত, সেয়া হ’ল আৰ্য। আজি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত বিজেপি, আৰ.এছ.এছেও একেটা সূত্ৰই প্ৰয়োগ কৰি মুছলমানৰ বাবে হিন্দুসকল সংকটত পৰা বুলি নানান প্ৰ’প’গাণ্ডা চলাই আছে। মুছলমানৰ বাবে হিন্দুসকল অস্তিত্বৰ সংকটত পৰিবলগীয়া হৈছে বুলি ভিত্তিহীন প্ৰচাৰ চলোৱা হৈছে। স্বয়ং ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখেৰে কেতবোৰ অযুক্তিকৰ মুছলমান বিদ্বেষী বক্তব্য প্ৰকাশ পাইছে। হিটলাৰে যিদৰে তেজস্বী ভাষণেৰে এক ঘৃণাৰ বাৰ্তা বিয়পাই জাৰ্মান ৰাষ্ট্ৰবাদ প্ৰতিষ্ঠা কৰাৰ কথা সমৰ্থক সকলৰ সন্মুখত ঘোষণা কৰিছিল, ঠিক সেইদৰে ভাৰতবৰ্ষত সম্প্ৰতি আৰ এছ এছৰ কেদাৰ আৰু বিজেপি নেতাসকলেও ভাৰতৰ বৈচিত্ৰপূৰ্ণতাৰ কথা উপলব্ধি নকৰাকৈ এক আগ্ৰাসী মনোভাবেৰে এক ভাৰতীয় ৰাষ্ট্ৰবাদ প্ৰতিষ্ঠাৰ কথা সদম্ভে ঘোষণা কৰি আছে। ইয়াৰ উপৰি হিটলাৰে কমিউনিষ্ট তথা বুদ্ধিজীৱীসকলে দেশৰ ভাল হোৱাটো কামনা নকৰে বুলি এক নেৰেটিভ সৃষ্টি কৰিছিল। ইয়াতেই ক্ষান্ত নাথাকি হিটলাৰে কমিউনিষ্টসকলক ধ্বংস কৰাৰ বাবে ভয়ানক ষড়যন্ত্ৰও ৰচনা কৰিছিল। ১৯৩৩ চনত হিটলাৰে চেঞ্চেলৰ ৰূপে নিযুক্তি লাভ কৰাৰ এমাহমান পাছতে ফেব্ৰুৱাৰী মাহত নাজী বাহিনীৰ দ্বাৰা সংসদ ভৱনত জুই লগাই দিয়ে আৰু এনে এক পৰিস্থিতিৰ সৃষ্টি কৰে যেন বিৰোধী কমিউনিষ্ট পাৰ্টীয়েহে এই ঘটনা সংঘটিত কৰিছে। দৰাচলতে ইয়াৰ দ্বাৰা হিটলাৰে সেই সময়ৰ ৰাষ্ট্ৰপতি হিণ্ডনবাৰ্গক এইটো প্ৰমাণ কৰি দেখুৱাব বিচাৰিছিল যে কমিউনিষ্টসকলে কেতিয়াও দেশৰ মঙ্গল হোৱাতো কামনা নকৰে। অৱশ্যে পাছলৈ এই কাৰ্য যে নাজী বাহিনীয়ে সংঘটিত কৰিছিল সেয়া প্ৰমাণিত হৈছিল। হিটলাৰৰ এই ৰাজনৈতিক অপপ্ৰচাৰ, কূট-কৌশলপূৰ্ণ লক্ষণৰ সাদৃশ্য আৰ.এছ.এছ আৰু বিজেপিৰ মাজতো সমানে পৰিলক্ষিত হয়। ভাৰতৰ ৰাজনৈতিক ক্ষেত্ৰখনতো বিজেপি বা আৰ.এছ.এছৰ প্ৰধান শত্ৰু হ’ল কমিউনিষ্টসকল। এইটো সকলোৱে জনা-শুনা কথা‌- কমিউনিষ্টসকলৰ সৈতে বিজেপি বা আৰ.এছ.এছৰ মূল দ্বন্দ্বটো হ’ল আদৰ্শগত। কমিউনিষ্টসকলে দাবী কৰা “সমতা” আৰু বিজেপিৰ “সবকা কা সাথ, সবকা বিকাশ” -ৰ তফাৎ এইখিনিতেই। বিজেপিৰ নীতি অনুসৰি আদানী, আম্বানীৰ দৰে পুঁজিসকলৰ উন্নতিয়ে ভাৰতবৰ্ষৰ উন্নতি। বিজেপিৰ শাসনকালত অসহিষ্ণুতাৰ মাত্ৰা ইমানেই বৃদ্ধি হ’ল যে কোনোৱে একো ক’ব নোৱাৰা হ’ল। বিৰোধী নেতা, লেখক, সমালোচক সকলোৱে জেললৈ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ’ল। শেহতীয়াকৈ নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি শাসনলৈ অহাৰ পাছৰে পৰা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদি বিশ্ব বৰেণ্য ব্যক্তিসকলৰ বিৰুদ্ধে হকে-বিহকে কিছুমান অপপ্ৰচাৰ চলোৱা হ’ল। অৱশ্যে মহাত্মা গান্ধীক লৈ আৰ.এছ.এছৰ সমস্যা নতুন কথা নহয়। মহাত্মা গান্ধীৰ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীয়ে পূৰ্বেও আৰ.এছ.এছৰ বাবে আহুকালৰ সৃষ্টি কৰিছে আৰু এতিয়াও কৰি আছে। এচাম লোকৰ প্ৰাপ্য অধিকাৰৰ হকে মহাত্মা গান্ধীয়ে প্ৰতিবাদ সাব্যস্ত কৰা কথাটোক আৰ.এছ.এছে হিন্দুত্ববাদী গোড়ামি মানসিকতাৰে উপলব্ধি কৰিব পৰা নাছিল। সেইবাবে তেওঁক হত্যা কৰাৰ কূট-কৌশল ৰচনা কৰিলে। ঠিক সেইদৰে জৱাহৰলাল নেহৰুৰ চৰিত্ৰহননৰো অনেক চেষ্টা চলিল।

২০১৪ চনত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত বিজেপি দলে ক্ষমতালৈ অহাৰ পাছত এনে কিছুমান নীতি বা আইন দেশত বলৱৎ কৰা হৈছে, যাৰ ফলস্বৰূপে দেশৰ জনগণে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈ পৰিছে। দেশত যেতিয়াই চৰকাৰে প্ৰণয়ন কৰা কিবা আইন বা সিদ্ধান্তক লৈ জনসাধাৰণ প্ৰতিবাদ আন্দোলন কৰিছে, তেতিয়াই বিজেপিয়ে সেই প্ৰতিবাদ ৰোধ কৰিবলৈ তাৰ ব্যতিৰেক কাৰ্যসূচী ৰূপায়ন কৰিছে। এই ক্ষেত্ৰত ‘কা-আন্দোলন’ৰ সময়ছোৱাৰ কথা উদাহৰণ হিচাপে উল্লেখ কৰিব পাৰি। ‘কা আন্দোলন’ৰ সময়ছোৱাত এক তীব্ৰ চৰকাৰ বিৰোধী ঢৌ সমগ্ৰ দেশতে সৃষ্টি হৈছিল। অসমত কা আন্দোলনৰ প্ৰভাৱ অধিক ব্যাপক আছিল। পাঁচজনকৈ কম বয়সীয়া ডেকা ল’ৰা সেই আন্দোলনত চৰকাৰৰ গুলিত নিহত হৈছিল। সেই আন্দোলনটোক দুৰ্বল কৰি তোলাৰ বাবে চৰকাৰে তিনিটা পদ্ধতি অৱলম্বন কৰিলে। প্ৰথমে একাংশ নামজ্বলা (বিজেপিৰ চামচা) অভিনেতা, গায়কক কৌশলগতভাৱে আন্দোলনটোত চামিল হ’বলৈ কোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত আন্দোলনটোক লৈ তেওঁলোকৰ দ্বাৰা বিৰূপ মন্তব্য কৰিবলৈ দিয়া হৈছিল, যাতে সাধাৰণ মানুহে এইবোৰ দেখি আশাহত হয়। দ্বিতীয়তে অখিল গগৈৰ দৰে একাংশ নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল, যাতে নেতৃত্ব দিব পৰা নেতাৰ অভাৱত আন্দোলনটো দুৰ্বল হৈ যায়। এই দুটা পদক্ষেপৰ পাছত আন্দোলন লাহেকৈ স্তিমিত হোৱাৰ লগে লগে চৰকাৰে শান্তি সমদল উলিয়াই মানুহৰ প্ৰতিবাদ অস্তিত্বহীন কৰি পেলাইছিল। ঠিক সেইদৰে দিল্লীত কৃষকসকলে কৰা ন্যায়সংগত আন্দোলনটোকো নিষ্প্ৰভ কৰাৰ বিভিন্ন অপচেষ্টা চলোৱা হৈছিল।

শিক্ষক, বুদ্ধিজীৱীসকলক ৰাজহুৱাভাৱে অপদস্থ কৰাৰ লেখীয়া অভূতপূৰ্ব কাৰ্যও বিজেপিৰে অৱদান বুলি ক’লে বাহুল্য কৰা নহ’ব। অসমৰ প্ৰেক্ষাপটত ড° হীৰেন গোহাঁই, উদয়াদিত্য ভৰালী আদি বিশিষ্ট ব্যক্তিসকলৰ উপৰিও সাধাৰণ শিক্ষকসকলক হিমন্ত বিশ্ব‌ শৰ্মাই শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পদৰ পৰা যিমান অপমানসূচক মন্তব্যৰে ভৰ্ৎসনা কৰিছে সেয়া কেৱল ভাৰতবৰ্ষৰে নহয়, সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰতে যেন এক বিৰল উদাহৰণ। আৰ.এছ.এছ আৰু বিজেপিৰ প্ৰধান উদ্দেশ্য হ’ল এচাম তথাকথিত চামচাগিৰি কৰা বুদ্ধিজীৱী অথবা নেতা-মন্ত্ৰীৰ দ্বাৰা সমাজৰ প্ৰগতিশীল বুদ্ধিজীৱীসকলৰ বিৰুদ্ধে ভিত্তিহীন অপমানজনক প্ৰচাৰ চলাই তেওঁলোকৰ বিজ্ঞানসন্মত আৰু প্ৰগতিশীল কথাসমূহৰ পৰা মানুহক আঁতৰাই ৰখা, যাতে সমাজত কুসংস্কাৰ, সাম্প্ৰদায়িকতা, ধৰ্মীয় গোড়ামী আদিবোৰ বৰ্তি থাকে আৰু এইবোৰৰ পাকচক্ৰত অৱগাহন কৰি মানুহে নিজৰ প্ৰকৃত অধিকাৰৰ কথা পাহৰি থাকে আৰু আদানি, আম্বানিসকলে সৰ্বসাধাৰণক লুণ্ঠন কৰি থাকিব পাৰে। প্ৰথমে বছৰ বছৰ ধৰি শিক্ষকৰ অভাৱত ৰাজ্যৰ বিভিন্ন বিদ্যালয়ৰ শৈক্ষিক বাতাবৰণ বিনষ্ট হ’ল, তাৰ বাবে বিদ্যালয়বোৰত ছাত্ৰ-ছাত্ৰী সংখ্যা কমি গ’ল আৰু তাৰ অজুহাতত অনেক সংখ্যক ৰাজহুৱা খণ্ডৰ বিদ্যালয় বন্ধ হ’ল। এতিয়াৰ এই কোটি কোটি টকা খৰচ কৰি স্থাপন কৰা বিদ্যালয়বোৰ চলিবলৈ হ’লে চৰকাৰী বিদ্যালয়বোৰতো বন্ধ হ’বই লাগিব দিয়কচোন! এই চৰকাৰৰ দিনত শিক্ষাৰ সমানে স্বাস্থ্যসেৱাও ব্যয়বহুল হ’ল। শেহতীয়াভাৱে চৰকাৰে স্বাস্থ্যসেৱাৰ মাচুল ২০% বৃদ্ধি কৰিলে। বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ দাম বৃদ্ধি হোৱা বাবে সৰ্বসাধাৰণ লোকৰ মাজত হাহাকাৰ লাগিছে। যেতিয়াই মানুহৰ মাজত এই মৌলিক সমস্যাসমূহক লৈ বাদ-বিবাদ আৰম্ভ হয় তেতিয়াই চৰকাৰে হিন্দু-মুছলমান আদি সাম্প্ৰদায়িক কথাৰে মানুহক লক্ষ্যভ্ৰষ্ট কৰাৰ কৌশল ৰচনা কৰে। সম্প্ৰতি হিন্দুত্ববাদী জোৱাৰটোৱে এনে এক আগ্ৰাসী ৰূপত বিকাশ লাভ কৰিছে পৃথিৱীত যেন ইয়াৰ ওপৰত আন একো বস্তুৱে নাই। পূৰ্বতে যিবোৰ হিন্দুত্ববাদী শক্তি একপ্ৰকাৰ নিষ্ক্ৰিয় অৱস্থাত আছিল আৰ.এছ.এছ, বিজেপিৰ অনুগ্ৰহত সেই শক্তিবিলাক সজীৱ হৈ উঠিছে আৰু সাধাৰণ লোকেও যেন ইয়াক বৰ আগ্ৰহেৰে আকোঁৱালি লৈছে। বিশেষকৈ পূৰ্বে অসমত প্ৰচলিত নোহোৱা বা অসমৰ সমাজ-জীৱনৰ সৈতে খাপ নোখোৱা কেতবোৰ ধৰ্মীয় ৰীতি এতিয়া অসমীয়া লোকৰো বৰ আদৰৰ হিচাপে পৰিগণিত হৈছে। বোল বোম, হনুমান পূজা, বৃহৎ সমদলেৰে গণেশ চতুৰ্থী বা পূজা পালন, কোনো অনুষ্ঠান মুকলিৰ আগত ভূমি পূজন আদিৰ প্ৰতি মানুহৰ অনুৰাগ যথেষ্ট বৃদ্ধি পাইছে। তাৰ বিপৰীতে অসমীয়া মানুহৰ নিজৰ সংস্কৃতি তথা জাতীয় উৎসৱৰ প্ৰতি উদ্যম হ্ৰাস পাইছে বা নিজৰ জাতীয় উৎসৱক নিজেই বিকৃত কৰিবলৈ লৈছে। যিবোৰ কথা কৈ ২০১৪ চনত বিজেপি দলটোৱে শাসনত অধিষ্ঠিত হ’বলৈ সক্ষম হৈছিল সেইবোৰ কথা মানুহৰ মনৰ পৰা আতঁৰাবলৈ এতিয়া হিন্দুত্বৰ নিচাটো বিজেপিয়ে মানুহক খুৱাই আছে আৰু তাৰ আস্বাদনত মানুহবোৰেও যেন বৰ মজা লাভ কৰি আছে।

হিটলাৰে আনকি ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামকো চৰম উপহাস কৰিছিল। হিটলাৰে অপমান কৰি ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকল “এছিয়াটিক জগলাৰ” বুলি অভিহিত কৰিছিল। অৰ্থাৎ ভাৰতৰ স্বাধীনতা সংগ্ৰাম হিটলাৰৰ বাবে ভেল্কিবাজী সদৃশ ধেমেলীয়া কথাহে আছিল। ভাৰতীয় স্বাধীনতা আন্দোলনক তেওঁ “উচ্চ ইংৰাজ জাতিৰ বিৰুদ্ধে নিম্ন ভাৰতীয় জাতি”ৰ বিদ্ৰোহ বুলি অভিহিত কৰিছিল। ব্ৰিটিছে ভাৰতবাসীৰ ওপৰত চলোৱা কঠোৰ শাসন আৰু দমন নীতিৰ বাবে ব্ৰিটিছ চৰকাৰক তেওঁ প্ৰশংসা কৰিছিল আৰু ভাৰত ব্ৰিটিছৰ অধীন হৈ থকা বিচাৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ বিৰুদ্ধে ভাৰতবাসীৰ যি ৰক্তক্ষয় সংগ্ৰাম তাৰ মূল্য হিটলাৰৰ নিচিনা এগৰাকী ফেচিষ্ট শাসকৰ বাবে ভেল্কিবাজী বা মূল্যহীন হ’লেও স্বাধীনতা প্ৰয়াসী ভাৰতীয়ৰ বাবে সেই সংগ্ৰাম নিজৰ প্ৰাণৰ তুলনাতো বহু উচ্চ আছিল। সেয়ে, ভাৰতবাসীয়ে কঠোৰ ইংৰাজ শাসনৰ বিৰুদ্ধে মৰণপণ যুঁজ দিবলৈকে কুণ্ঠাবোধ কৰা নাছিল। ইয়াৰ উপৰি মাহাত্মা গান্ধীৰ দৰে এগৰাকী নেতাৰ অহিংসা নীতি বা আন্দোলনৰ মৰ্মাৰ্থ হিটলাৰৰ নিচিনা এজন ক্ৰুৰ মানসিকতাৰ একছত্ৰী শাসকে কিদৰে উপলব্ধি কৰিব পাৰিব‌? স্বাধীনতা আন্দোলনৰ ইতিহাস সমগ্ৰ ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দস্তাবেজ। কিন্তু আজি স্বাধীনতাৰ প্ৰায় আঠটা দশকৰ পাছতো ভাৰতবাসীয়ে জীৱনৰ বাবে অতিকৈ প্ৰয়োজনীয় কেতবোৰ ব্যৱস্থা সুচাৰুৰূপে লাভ কৰিবলৈ সক্ষম হোৱা নাই। মানুহৰ স্বাস্থ্য সুৰক্ষা, শিক্ষাৰ্থীৰ শিক্ষা সুৰক্ষা, পৰিৱেশ সুৰক্ষা আৰু নাগৰিকৰ কৰ্মসংস্থাপনৰ নিৰাপত্তা আদি সঠিকৰূপে প্ৰদানৰ ক্ষেত্ৰত সাম্প্ৰতিক ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাই যথোচিত ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাই। তদুপৰি কেতবোৰ অহেতুক বিবাদপূৰ্ণ পৰিস্থিতি, যেনে – সাম্প্ৰদায়িকতা, ধৰ্মীয় উন্মাদনা, জাতিবাদ, কুসংস্কাৰ আদিৰ বিপৰীতে এক শান্তিপূৰ্ণ, যুক্তিবাদী বিজ্ঞানমনস্ক পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰতো শাসনযন্ত্ৰ তথা ৰাজনৈতিক শক্তিসমূহ ব্যৰ্থ হৈ আছে। হিটলাৰে ভাৰতীয়সকলৰ প্ৰতি কৰা উপহাস এতিয়া যেন সত্য প্ৰমাণিত নহয়, তাৰবাবে শাসক-বিৰোধী আৰু জনগণ প্ৰত্যেকৰে দেশখনৰ বাবে যথেষ্ট কৰণীয় আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *