ফৰিং (মূল: এণ্টন ছেখভ; ইংৰাজীৰ পৰা অনুবাদ: ড° বসন্ত কুমাৰ বৰা)
[অনুবাদকৰ টোকা: ছেখভৰ The Grasshopper গল্পটো তেখেতৰ শ্ৰেষ্ঠ গল্পবিলাকৰ ভিতৰত এটা বুলি ধৰা হয়। গল্পটোত ছেখভে সমসাময়িক ৰুছিয়ান সমাজৰ চিত্ৰ এখন সফলভাৱে ফুটাই তোলাৰ লগে লগে পৰকীয়া প্ৰেমত হাবুডুবু খাই শেষপৰ্য্যন্ত সৰ্বশ্ৰান্ত হোৱা এগৰাকী অসুখী নাৰীৰ চৰিত্ৰও অংকন কৰিছে। গল্পটোৰ নায়িকা, অলগা ইভান’ভনা এগৰাকী স্বাৰ্থপৰ নাৰী; তাই নিজৰ দেৱোসম পতি, ডায়ম’ভক দীৰ্ঘদিন প্ৰতাৰণা কৰি আহিছে। শেষত তাই নিজেও প্ৰতাৰিত হোৱাৰ পিছত যেতিয়া ডায়ম’ভৰ ওচৰলৈ ঘূৰি যাব খুজিছে; তেতিয়ালৈ বহু দেৰি হৈ গৈছে। নিজে চিকিৎসক আছিল বাবেই সম্ভৱ, ছেখভে তেতিয়াৰ ৰুছিয়ান সমাজ-ব্যৱস্থাত চিকিৎসকসকলে সন্মুখীন হোৱা ঘাত-প্ৰতিঘাতবিলাকৰ চিত্ৰণো অন্য বহু গল্পত কৰাৰ দৰে প্ৰশংসনীয়ভাৱে কৰিবলৈ সক্ষম হৈছে।]
(১)
অলগা ইভান’ভনাৰ সকলো বন্ধু-বান্ধৱ আৰু মিতিৰ-কুটুম বিয়ালৈ আহিল ।
“চোৱাচোন তেওঁক, তেওঁৰ কিবা এটা আকৰ্ষণ আছে, নহয়নে?”, তাইৰ গিৰিয়েকৰ ফালে দেখুৱাই তাই বন্ধু-বান্ধৱবিলাকক ক’লে; এনেকুৱা লাগিল যেন তাই সিহঁতৰ আগত যুক্তি দৰ্শাই আছিল, কিয়নো তাই এই নিতান্তই সাধাৰণ আৰু আকৰ্ষণহীন মানুহজনৰ লগত বিয়াত বহিল!
তাইৰ গিৰিয়েক, অ’চিপ ষ্টেপানিচ্চ ডায়ম’ভ এজন চিকিৎসক। তেওঁৰ পদমৰ্য্যাদা এজন সাধাৰণ কেৰাণীতকৈ বেছি নহয়। তেওঁ দুখন চিকিৎসালয়ত কাম কৰে; এখনত ৱাৰ্ড-শল্যচিকিৎসক হিচাপে আৰু এখনত কটা-ছিঙা চিকিৎসাৰ নিৰ্দেশক হিচাপে। প্ৰতিদিনাই ন-বজাৰ পৰা বাৰ বজালৈ তেওঁ ৰোগী চাই নিজৰ ৱাৰ্ডত ব্যস্ত থাকে, বাৰ বজাৰ পিছত তেওঁ ট্ৰামেৰে আনখন চিকিৎসালয়লৈ যায় য’ত তেওঁ নিৰ্দেশকৰ কাম কৰে। ব্যক্তিগতভাৱে তেওঁ কেইজনমান ৰোগী চায়; তাৰ পৰা পিছে বছৰি পাঁচশ ৰুবলতকৈ বেছি উপাৰ্জন নহয়। সেয়াই; তেওঁৰ বিষয়ে ক’বলৈনো কি আছে আৰু! আনহাতে অলগা ইভান’ভনা আৰু তাইৰ বন্ধু-বান্ধৱ, মিতিৰ-কুটুম – একেবাৰেই সাধাৰণ মানুহ নহয়। তেওঁলোকৰ প্ৰত্যেকেই নিজৰ নিজৰ গুণেৰে বিশিষ্ট, কম-বেছি পৰিমাণে বিখ্যাত, সমাজত এটা স্থান আছে আৰু সমাজৰ শীৰ্ষস্থানীয় লোক হিচাপে বিবেচিত – বৰ্তমানে নহ’লেও অন্ততঃ পিছলৈ হোৱাৰ যোগ্যতা আছে। এজন আছে নাটক দলৰ অভিনেতা – তেওঁৰ অভিনয়-প্ৰতিভাও বিখ্যাত আৰু তেওঁ নিজেও অজন সম্ভ্ৰান্ত, গুণী লোক। এজন বক্তা, তেওঁ অলগা ইভান’ভনাক আবৃত্তি কৰিবলৈ শিকায়। আন এজন আকৌ নাট্যদলৰ গায়ক – এজন শান্ত শকত মানুহ – তেওঁ এক হুমুনিয়াহেৰে অলগা ইভান’ভনাক বুজায়, কেনেকৈ তাই নিজৰ অনিষ্ট কৰিছে। তেওঁ আৰু বুজাই যে তাই যদি নিজকে সৈমান কৰাব পাৰে আৰু এলাহ ত্যাগ কৰে, তেন্তে তাই এগৰাকী সুকণ্ঠী গায়িকা হ’ব পাৰে। আৰু আছে কেইবাজনো শিল্পী; তেওঁলোকৰ প্ৰধানজন আছিল ৰিয়াব’ভ্স্কি – এজন অতি সুদৰ্শন, ধুনীয়া পঁচিশ বছৰীয়া ডেকা – তেওঁ আধুনিক চিত্ৰ, প্ৰাণীৰ ছবি আৰু নৈসৰ্গিক দৃশ্যৰ ছবি আঁকে। তেওঁ প্ৰদৰ্শনীতো যথেষ্ট সফল হৈছে – তেওঁৰ শেষৰখন ছবি প্ৰায় পাঁচশ ৰুবলত বিক্ৰী কৰিছে। তেওঁ অলগা ইভান’ভাৰ ৰেখা-চিত্ৰবিলাক চুই চাইছিল আৰু কৈছিল, তাই চিত্ৰ-কলাত সুনাম কৰিব পাৰিব। আৰু আছে এজন দোতাৰা-বাদক – তেওঁ অতি বিষাদভৰাকৈ দোতাৰা বজাব পাৰিছিল; তেওঁ মুকলিকৈ ঘোষণা কৰিছিল যে তেওঁৰ চিনাকী সকলো মহিলাৰ ভিতৰত কেৱল অলগাহে তেওঁৰ লগত বজাব পৰাকৈ উপযুক্ত। এজন আকৌ আছে সাহিত্যিক – তেওঁ বয়সত সৰু, কিন্তু ইতিমধ্যেই সুখ্যাত আছিল; তেওঁ গল্প, উপন্যাস আৰু নাটক লিখে। আৰু আৰু …? হয়, ভেছিলি ভাছিলীট্ছো আছে; তেওঁ এজন জমিদাৰ তথা আলোচনীৰ চিত্ৰশিল্পী আৰু কিতাপৰ বেটুপাতৰ শিল্পী – তেওঁ পুৰণি ৰোমান শিল্প-নীতি, যেনে পুৰণি সংগীতালেখ্য আৰু মহাকাব্যিক নাটক, আদিৰ প্ৰতি আকৃষ্ট। কাগজ, চীনামাটি, ধোঁৱা লগোৱা ফলক আদিত তেওঁ মহান শিল্পৰ সৃষ্টি কৰিছে। এনেবোৰ শৈল্পিক সংগৰ মাজত ডায়ম’ভ একেবাৰে অপ্ৰত্যাশিত, খাপ নোখোৱা ধৰণৰ। যদিও তেওঁ নম্ৰ আৰু ভদ্ৰ, কিন্তু তেওঁ এজন সাধাৰণ চিকিৎসক – যাক কেৱল অসুস্থতাৰ সময়তহে দৰকাৰ হয়। তাৰোপৰি তেওঁৰ নামটোও আন দহটা নামৰ দৰে তেনেই সাধাৰণ – তেওঁ সুগঢ়ী যদিও এনেবোৰ বন্ধুৰ মাজত তেওঁক ক্ষুদ্ৰ আৰু গুৰুত্বহীন যেন লাগে। এনে লাগে যেন তেওঁ অন্য কাৰোবাৰ ঠাইতহে তাত আছে, তেওঁৰ দাড়িকেইডাল সাধাৰণ দোকানী এজনৰ দৰেহে লাগে। তেওঁ এজন লেখক অথবা শিল্পী হোৱাহেঁতেনো মানুহে তেওঁক দেখিলে (লেখক এমিল) জ’লাৰ দৰে লাগে বুলিহে ক’লেহেঁতেন।
এজন শিল্পীয়ে অলগা ইভান’ভাক ক’লে যে তাইৰ সোণালী চুলিকোছা আৰু বিয়াৰ সাজেৰে তাইক বসন্ত কালত ধুনীয়াকৈ ফুলি উঠা ফুলেৰে ঢকা এজোপা সুগঢ়ী চেৰী গছৰ দৰে।
“অ’, শুনা”, অলগা ইভান’ভাই তেওঁৰ হাতখন ধৰি কৈ উঠিল, “কেনেকৈযে হঠাতে সকলোবোৰ হৈ গ’ল! শুনা, আচলতে মোৰ দেউতা আৰু ডায়ম’ভ চিকিৎসালয়ত একেলগে কাম কৰিছিল। দেউতা যেতিয়া বেমাৰত পৰিছিল, ডায়ম’ভে তেওঁক দিনে-ৰাতিয়ে শুশ্ৰূষা কৰিছিল। ইমান আত্মোৎসৰ্গা! শুনা, শিল্পী ৰিয়াব’ভ্স্কি, বৰ মজাৰ কথা! ওচৰলৈ আহা। তেওঁ ইমান আত্মোৎসৰ্গা কৰিছিল, কিমান সঁচা সহানুভূতি দেখুৱাইছিল! ময়ো দেউতাৰ লগত বহি থাকিছিলোঁ আৰু ৰাতি-দিন নোশুৱাকৈ আছিলোঁ। আৰু এনেকৈয়ে হঠাতে ৰাজকুমাৰীয়ে তেওঁৰ নায়কৰ হৃদয় জিনিলে – ডায়ম’ভ মনে-প্ৰাণে প্ৰেমত পৰিল। সঁচাই, ভাগ্যক কেতিয়াবা ইমান আচৰতি লাগে। সি যি নহওক, দেউতাৰ মৃত্যুৰ পিছত তেওঁ মাজে মাজে মোক দেখা কৰিবলৈ আহিছিল, ৰাস্তাতো লগ পাইছিল – আৰু এদিন এটা ধুনীয়া আবেলি তেওঁ মোক প্ৰস্তাৱ দিলে – মোৰ মূৰত যেন বৰফহে পৰিল – গোটেই ৰাতি মই সাৰে থাকিলোঁ, কান্দিলোঁ আৰু সম্পূৰ্ণকৈ তেওঁৰ প্ৰেমত পৰিলোঁ। আৰু চোৱা, আজি মই তেওঁৰ পত্নী। তেওঁৰ সঁচাকৈয়ে কিবা এটা আছে, নহয়নে? কিবা এটা শক্তিশালী আৰু মৰমলগা? এতিয়া তেওঁ আমাৰ ফালে আধামান ঘূৰি আছে, আৰু পোহৰো কম; কিন্তু তেওঁ পূৰাকৈ ঘূৰিলে তেওঁৰ কপালখনলৈ চাবাচোন। ৰিয়াব’ভ্স্কি, কি ক’বা তুমি তেওঁৰ কপালখনৰ বিষয়ে? – ডায়ম’ভ, আমি তোমাৰ কথাই পাতি আছিলোঁ।” তাই ডায়ম’ভক চিঞৰিলে, “এইফালে আহাঁ, ৰিয়াব’ভ্স্কিৰ লগত চিনাকী হোৱা – বন্ধু হোৱা।”
এটা নিৰীহ আৰু মুকলি হাঁহিৰে ডায়ম’ভে ৰিয়াব’ভ্স্কিলৈ হাতখন আগবঢ়াই দিলে আৰু ক’লে, “লগ পাই ভাল লাগিল। চিকিৎসা-শাস্ত্ৰ পঢ়াৰ সময়ত মোৰো ৰিয়াব’ভ্স্কি নামৰ এজন সহপাঠী আছিল। তেওঁ আপোনাৰ সম্পৰ্কীয় নেকি?”
(২)
অলগা ইভান’ভনাৰ বয়স আছিল বাইছ আৰু ডায়ম’ভৰ একত্ৰিশ। বিয়াৰ পিছত তেওঁলোক সুন্দৰকৈ মিলি গৈছিল। অলগা ইভান’ভনাই গোটেই বহা-কোঠাটোত তাইৰ নিজৰ আৰু আনৰ ছবিবিলাক আঁৰি থৈছিল – কিছুমান ফ্ৰে’মত বন্ধাই আৰু কিছুমান নবন্ধোৱাকৈ। পিয়ান’খনৰ ওচৰত আৰু চুকবিলাক চকুত লগাকৈ সজাইছিল – সৰু সৰু জাপানী ছাতি, ছবি অঁকা ষ্টেণ্ড, চুৰি, আৱক্ষ মূৰ্তি, আলোকচিত্ৰ আদিৰে। খোৱা-কোঠাটোৰ দেৱালবিলাক সজাইছিল হাতে-সজা কাঠৰ বস্তু, গছৰ বাকলিৰ জোতা, কাঁচি আদিৰে; আৰু চুকত সজাইছিল এখন ঘাঁহ-কটা টুল আৰু জবকা – পূৰা-পূৰি ৰুছিয়ান শৈলীৰে।
শোৱা-কোঠাটোৰ বৰচাং আৰু দেৱালবিলাকত লগাইছিল ডাঠ ৰঙৰ কাপোৰ, যাতে কোঠাটো ধুনীয়াকৈ আবুৰ হৈ থাকে। বিছনাৰ ওপৰত ওলোমাই ৰাখিছিল এটা পুৰণি ডিজাইনৰ লেম্প আৰু দুৱাৰখত লগাই ৰাখিছিল এযোৰ যাঠি আৰু যুদ্ধৰ কুঠাৰ। আৰু সকলোৱে সেই নতুন দম্পতীহালৰ সৰু ঘৰখনৰ প্ৰশংসা কৰিছিল।
পুৱা এঘাৰ বজাত উঠি অলগা ইভান’ভনাই পিয়ান’খন বজাইছিল; নহ’লে বতৰ ফৰকাল হ’লে তেল-ৰঙেৰে কিবা আঁকিছিল। বাৰ বজাৰ পৰা একবজাৰ ভিতৰত তাই গাড়ীখন লৈ গৈছিল তাইৰ দৰ্জীজনীৰ ওচৰলৈ। যিহেতু সিহঁতৰ পইচা-পাতি বৰ বেছি নাছিল (কেৱল কোনোমতে চলি যাব পৰাকৈহে ঘটিছিল), তাই আৰু তাইৰ দৰ্জীজনীয়ে তাইৰ পোছাকবিলাক কৌশলেৰে সদায় নতুন যেন দেখাকৈ আৰু চকুত পৰাকৈ তৈয়াৰ কৰিছিল। প্ৰায়ে পুৰণি পোছাক এটাৰপৰাই, অকণো খৰছ নোহোৱাকৈ অকণমানি জালিকা এখন, ৰছী এডাল, পাট এডোখৰ আদিৰেই সুন্দৰ পোছাক একোটা তৈয়াৰ কৰিছিল – দেখিলেই চকুত লগাকৈ! দৰ্জীজনীৰ ওচৰৰ পৰা অলগা ইভান’ভনা গৈছিল তাইৰ চিনাকী কোনোবা অভিনেত্ৰী এগৰাকীৰ ঘৰলৈ – নাট্য-জগতৰ শেহতীয়া খবৰ-খাতি শুনিবলৈ আৰু পাৰিলে কোনোবা নাটক অথবা বিচিত্ৰানুষ্ঠানৰ প্ৰথম-নিশাৰ টিকট যোগাৰ কৰিবলৈ। তাৰ পিছত তাই গৈছিল কোনোবা শিল্পীৰ ষ্টুডিঅ’লৈ অথবা কোনোবা প্ৰদৰ্শনীলৈ অথবা কোনোবা জনা-শুনা লোকৰ ঘৰলৈ – কেতিয়াবা এনেই, কেতিয়াবা ঘৰলৈ নিমন্ত্ৰণ জনাবলৈ অথবা কেতিয়াবা কথা পাতিবলৈকে। সকলো ঠাইতে তাই লাভ কৰিছিল এক উমাল বন্ধুত্বপূৰ্ণ সম্ভাষণ – সকলোৱেই তাইক ভাল পাইছিল, তাইৰ বিষয়ে ভাল মতামত দিছিল। তাইৰ দৃষ্টিত যিসকল বিখ্যাত আৰু জনাজাত আছিল, তেওঁলোকেও তাইক সমভাৱেই, তেওঁলোকৰ এজন হিচাপেই গ্ৰহণ কৰিছিল আৰু এই কথা একেমুখে প্ৰকাশ কৰিছিল যে তাইৰ প্ৰতিভা, চখ আৰু বুদ্ধিমত্তাৰে তাই অলপ মনোযোগ দিলে তাইও হয়তো সুখ্যাতি লাভ কৰিবলৈ সক্ষম হ’ব। তাই গীত গাইছিল, পিয়ান’ বজাইছিল, তেল-ৰঙেৰে ছবি আঁকিছিল, কাঠত খোদাই কৰিছিল আৰু সুকুমাৰ কলাতো তাই অংশ লৈছিল – আৰু এই সকলোতে তাই নিজৰ পাৰদৰ্শিতা দেখুৱাব পাৰিছিল। তাই ছায়াছবিৰ বাবে লেম্পেই বনাওক, অথবা কাৰোবাক সজাওক-পৰাওক – সকলোতেই তাই যথেষ্ট পাৰ্গতালি আৰু শিল্পী-সুলভতা দেখুৱাইছিল। কিন্তু এই সকলোবোৰতকৈ তাই বেছি পাৰদৰ্শী আছিল বিখ্যাত লোকসকলৰ লগত সহজে চিনাকী হৈ অন্তৰংগ হৈ পৰাত। যেতিয়াই কোনোবা এজন কিবা কাৰণত বিখ্যাত হৈ পৰে, মানুহে তেওঁৰ বিষয়ে কথা পাতিবলৈ লয়, তাই লগে লগেই তেওঁৰ লগত চিনাকী হৈ একেদিনাই অন্তৰংগ হৈ পৰে আৰু তেওঁক নিজৰ ঘৰলৈ আমন্ত্ৰণ জনায়। প্ৰত্যেকজন নতুন চিনাকীয়েই তাইৰ বাবে আছিল এক গৌৰৱৰ বিষয়। তাই মানুহৰ প্ৰশংসা কৰিছিল, তেওঁলোকক লৈ গৌৰৱ কৰিছিল আৰু সদায় তেওঁলোকৰ সপোন দেখিছিল। তাই সদায় তেওঁলোকৰ সংগ বিচাৰিছিল, তথাপি কেতিয়াও তেওঁলোকৰ সংগে তাইক সন্তুষ্ট কৰিব নোৱাৰিছিল। তাই পুৰণি চিনাকীসকলক এৰি আহিছিল আৰু পাহৰি পেলাইছিল, নতুন নতুন লোকৰ লগত চিনাকী হৈছিল – অচিৰেই তেওঁলোকৰ লগতো আমনি পাবলৈ লৈছিল আৰু পুনৰ নতুন জনাজাত মানুহৰ সন্ধান কৰিছিল – এৰা-ধৰাৰ এই চক্ৰাকাৰ গতি চলি আছিল। কিন্তু কিয়?
চাৰিৰ পৰা পাঁচ বজাৰ ভিতৰত তাই ঘৰত তাইৰ স্বামীৰ লগত আহাৰ খায়। তাৰ সৰলতা, সু-চিন্তা আৰু মৰমীয়াল অন্তৰখনে তাইক স্পৰ্শ কৰিছিল আৰু তাইক উৎসাহিত কৰিছিল। তাই জঁপিয়াই ফুৰিছিল আৰু মাজে মাজে তাক সাৱটি ধৰি বাৰে বাৰে চুমা খাইছিল ।
“তুমি বুদ্ধিমান আৰু উদাৰচিতীয়া মানুহ, ডায়ম’ভ”, তাই প্ৰায়েই কয়, “কিন্তু তোমাৰ এটা ডাঙৰ বদগুণ আছে। তোমাৰ শিল্পৰ ওপৰত একেবাৰে ৰাপ নাই। তুমি সংগীত আৰু চিত্ৰকলাও ভাল নোপোৱা”।
“মই সেইবোৰ বুজিয়েই নাপাওঁ”, সি লাহেকৈ কৈছিল, “গোটেই জীৱন মই প্ৰাকৃতিক বিজ্ঞান আৰু চিকিৎসা-শাস্ত্ৰ পঢ়ি কটালোঁ – কেতিয়াও মই শিল্পকলাৰ ওপৰত মন দিবলৈ সময়েই নাপালোঁ।”
“কিন্তু জানানে ডায়ম’ভ, সেইটো কিমান বেয়া লগা কথা!”
“কিন্তু কিয়? তোমাৰ বন্ধুবিলাকে প্ৰকৃতি-বিজ্ঞান অথবা চিকিৎসা-শাস্ত্ৰৰ বিষয়ে একোতো নাজানে – কিন্তু সেইবুলি তুমি তেওঁলোকক বেয়াতো নোপোৱা। মই প্ৰাকৃতিক দৃশ্য অথবা নৃত্য-নাটিকাৰ কথা বুজি নাপাওঁ হয়, কিন্তু মই ভাবোঁ যে যিহেতু কেইজনমান বুদ্ধিমান মানুহে তাৰ বাবে গোটেই জীৱন পাত কৰিছে আৰু আন কেইজনমানে সেয়া চাবলৈ অলেখ টকা-পইচা ব্যয় কৰিছে, সেইবোৰ নিশ্চয় দৰকাৰী কথাই হ’ব। মই সেইবোৰ বুজি নাপাওঁ, কিন্তু বুজি নোপোৱা মানে এয়া নহয় যে মই সেইবোৰ বিশ্বাস নকৰোঁ।”
“মই তোমাৰ সততাক সন্মান জনাওঁ।”
আহাৰৰ পিছত অলগা ইভান’ভনা গাড়ী লৈ কোনোবা বন্ধুৰ ওচৰলৈ যায়, তাৰ পিছত যায় হয়তো কোনোবা নাটকলৈ অথবা সাংস্কৃতিক সন্ধিয়ালৈ, আৰু ঘূৰি আহে মাজৰাতিৰ পিছত। এনেকৈয়ে দিনবিলাক গৈ থাকে।
এদিন বুধবাৰে তাই “ঘৰত” অনুষ্ঠান কৰিলে। এই “ঘৰত” অনুষ্ঠানত গৃহিণী আৰু তেওঁৰ অতিথিসকলে তাছ নেখেলে অথবা নানাচে, তাৰ সলনি বিভিন্ন শিল্পকলাৰ সহায়ত নিজৰ মনোৰঞ্জন কৰে। ড্ৰামাটিক নাট্যদলৰ এজন অভিনেতাই আবৃত্তি কৰিলে, এজন গায়কে গান গালে, অলগা ইভান’ভনাৰ ওচৰত থকা বহুতো এলবামত চিত্ৰকৰসকলে ছবি আঁকিলে, বেহেলাবাদকজনে বেহেলা বজালে; আৰু গৃহিণীয়ে নিজেই ছবি আঁকিলে, খোদাই কৰিলে, গীত গালে আৰু বাদ্য বজালে। আবৃত্তি, গীত, বাদ্য আদিৰে মাজে মাজে তেওঁলোকে কথা পাতিলে আৰু সাহিত্য, নাটক আৰু চিত্ৰৰ বিষয়ে তৰ্ক কৰিলে। সেইদিনা তাত অন্য ভদ্ৰমহিলা নাছিল, কাৰণ অলগা ইভান’ভনাৰ মতে অভিনেত্ৰীসকল আৰু তাইৰ দৰ্জীজনীক বাদ দি সকলো মহিলায়েই আমনিদায়ক আৰু অসভ্য হয়। পিছে, প্ৰতিবাৰ দুৱাৰ বে’ল বাজোঁতে গৃহিণীয়ে ‘এইজন তেওঁ আহিল’ – এইদৰে নোকোৱাকৈ এটা কাৰ্য্যসুচীও পাৰ নহ’ল। এই ‘তেওঁ’ মানে তাই বুজাইছিল অৱশ্যেই এজন নতুন বিখ্যাত লোকক। ডায়ম’ভ চ’ৰা-ঘৰত নাছিল – আৰু তেওঁৰ উপস্থিতিৰ বিষয়ে কোনোৱেই মন দিয়া নাছিল। কিন্তু চাৰে এঘাৰ বজাৰ লগে লগে চ’ৰা-ঘৰলৈ সোমোৱা দুৱাৰখন খোল খালে, ডায়ম’ভ তেওঁৰ খোলা, মধুৰ হাঁহিটোৰে সোমাই আহিল আৰু হাত দুখন মোহাৰি মোহাৰি কৈ উঠিল,
“ভদ্ৰলোকসকল, ৰাতিৰ আহাৰৰ বাবে আহক।”
তেওঁলোক খোৱা-কোঠালৈ গ’ল আৰু প্ৰত্যেকবাৰৰ দৰেই খোৱা-মেজত সজাই পৰাই ৰখা পালেগৈ – এবিধ শামুকৰ জোল, এডোখৰ গাহৰিৰ বা গৰুৰ মঙহ, চাৰদিন মাছ, চীজ, কেভিয়েৰ, কাঠফুলা, ভদ্কা, আৰু দুপিপা মদ।
“মৰমৰ ৰান্ধনিজন!”, অলগা ইভান’ভনাই উৎসাহেৰে হাত দুখন খামুচি ধৰি ক’ব, “তুমি ইমান ভাল! বন্ধুসকল, তেওঁৰ কপালখনলৈ চোৱা! ডায়ম’ভ, অলপ ঘূৰি থিয় হোৱাচোন। চোৱাঁ, তেওঁৰ মুখখন বাঘৰ দৰে, কিন্তু অভিব্যক্তি ভালুকৰ দৰে মৰমলগা আৰু নম্ৰ! অ’ মোৰ প্ৰিয়তম!”
আলহীসকলে খায় আৰু ডায়ম’ভলৈ চাই চাই ভাবে, “তেওঁ সঁচাই এজন ভাল মানুহ”; পিছে অচিৰেই তেওঁলোকে তেওঁক পাহৰি যায় আৰু আকৌ নাটক, সংগীত আৰু চিত্ৰকলাৰ কথা পাতিবলৈ আৰম্ভ কৰে।
ডেকা বয়সীয়া সেই মানুহবিলাক সুখী আছিল আৰু কোনো খেলি-মেলি অবিহনে এনেকৈ তেওঁলোকৰ জীৱনবিলাক কাটি গৈ আছিল।
সি যি নহওক, তেওঁলোকৰ মধুচন্দ্ৰিকাৰ তৃতীয় সপ্তাহটো বৰ সুখেৰে পাৰ হ’বলৈ নাপালে – আচলতেই দুখেৰেই পাৰ হ’ল বুলিব লাগে। ডায়ম’ভ চিকিৎসালয়তে এ’ৰিচিপেলাছ হৈ ছদিন বিচনাতে থাকিবলগীয়া হ’ল আৰু তেওঁৰ ধুনীয়া ক’লা চুলিখিনি চুটি-চুটিকৈ কাটি পেলাবলগীয়া হ’ল। অলগা ইভান’ভনা তেওঁৰ কাষত বহি বহি দুখেৰে উচুপি থাকিল, কিন্তু তেওঁৰ যেতিয়া অলপ ভাল হ’ল, তাই তেওঁৰ তপা মূৰটোত বগা কাপোৰ এখন মেৰিয়াই তেওঁক বেদুইনৰ দৰে সজালে। আৰু তেওঁলোকৰ মনবোৰ প্ৰফুল্লিত হৈ উঠিল। তেওঁ পুনৰ চিকিৎসালয়লৈ চাকৰি কৰিবলৈ যাবলৈ ধৰিলে, কিন্তু তিনিদিনৰ পিছতে দেখা দিলে আন এক দুৰ্ভাগ্যই।
“মাজনী, মোৰ আজি ভাগ্য ভাল নহয়,” এদিন ৰাতিৰ আহাৰৰ সময়ত তেওঁ ক’লে, “আজি মই চাৰিজন ৰোগীৰ কটা-ছিঙা কাম কৰিবলগীয়া আছিল আৰু তাৰে কোনোবা এটাত মোৰ আঙুলি দুটা কাটিলে । কিন্তু ঘৰ আহি পাইহে কথাটো মই গম পালোঁ।”
অলগা ইভান’ভনাই ভয় খালে। তেওঁ মিচিকিয়ালে আৰু ক’লে যে এইটো কোনো ডাঙৰ কথা নহয়, এনেকুৱা চিকিৎসাৰ সময়ত প্ৰায়েই এনেকুৱা জখম হয়।
“মাজনী, আচলতে মই কামত সোমাই পৰোঁ আৰু অলপ অসাৱধান হৈ পৰোঁ।”
অলগা ইভান’ভাই তেজৰ সংক্ৰমণ হ’ব পাৰে বুলি ভয় খালে আৰু প্ৰতি নিশাই সেয়া নহ’বলৈ প্ৰাৰ্থনা কৰিলে, পিছে সকলো ঠিকে-ঠাকেই গ’ল। পুনৰ জীৱন হৈ পৰিল শান্তিপূৰ্ণ আৰু সুখী, আঁতৰি গ’ল দুখ আৰু দুঃচিন্তা। বৰ্তমান সকলো সুখী, আৰু লগে লগে আহি পালেহি বসন্ত – ইতিমধ্যে আগন্তুক হাজাৰ আনন্দৰ বতৰা লৈ বসন্তৰ আগমন ঘটা দেখা গৈছেই। তেওঁলোকৰ আনন্দৰো সীমা নাথাকিব। এ’প্ৰিল, মে’ আৰু জুনত নগৰৰ পৰা যথেষ্ট আঁতৰৰ এটা গ্ৰীষ্মকালীন ঘৰত থাকিব, ফুৰিব, ছবি আঁকিব, মাছ ধৰিব, কুলিৰ মাত শুনিব; তাৰ পিছত জুলাইৰ পৰা হেমন্তৰ সময়তে ভল্গা নৈত আয়োজিত হৈছে এটা শিল্পীৰ ভ্ৰমণৰ – সেইটোত অলগা ইভান’ভা নোযোৱাৰ প্ৰশ্নই নাহে। তাই ইতিমধ্যেই নিজৰ বাবে দুযোৰ লাইনেনৰ কাপোৰ চিলালেই; তাৰোপৰি ৰং, ব্ৰাছ, ছবি অঁকা পট আৰু এখন নতুন ৰং সনা ফলি কিনিছেই। প্ৰায় প্ৰতিদিনাই ৰিয়াব’ভ্স্কি তাইৰ ওচৰলৈ আহি আছে, তাইৰ ছবি অঁকা কিমানদূৰ আগবাঢ়িছে চাবলৈ। তাই যেতিয়া তেওঁক তাই অঁকা ছবি দেখুৱাই, তেওঁ পকেটত হাত দুখন ভৰাই দিয়ে, ওঁঠ দুটা চেঁপা মাৰি ধৰে, শুঙি চায় আৰু কয়,
“ৱা…হ, তোমাৰ সেই ডাৱৰখিনিয়ে যেন বাৰে বাৰে কৈ আছে, আবেলি হোৱা নাই এতিয়াও। সমুখৰ মাটিখিনি কিবা যেন খাপ-চেৰা হৈছে, আৰু কিবা এটা যেন, ধৰিব পাৰিছানে … ঠিক হোৱা নাই … তোমাৰ সেই জুপুৰীটো অ-সম হৈছে আৰু বিষণ্ণ ধৰণৰ হৈছে। কোণটো আৰু অলপ ছাঁ হ’ব লাগিছিল। কিন্তু সামগ্ৰিকভাৱে বেয়া হোৱা নাই; মই ভালেই পাইছোঁ।”
আৰু তেওঁ যিমানেই বেছি বুজি নোপোৱাকৈ কৈছিল, সিমানেই অলগা ইভান’ভনাই তেওঁক বেছি ভালকৈ বুজি পাইছিল।
(৩)
তিনিটি সপ্তাহৰ দ্বিতীয় দিনাখনৰ ৰাতিৰ আহাৰৰ পিছত ডায়ম’ভে অলপ মিঠাই আৰু স্মৃতি-চিন কিনি আনিলে আৰু পত্নীক দেখা কৰিবলৈ তাই ভাড়ালৈ লোৱা হাউলীটোলৈ গ’ল। এসপ্তাহ ধৰি তেওঁলোকে ইজনে সিজনক লগ পোৱা নাই, আৰু তেওঁৰ তাইলৈ খুব মনত পৰিছিল। যেতিয়া তেওঁ ৰে’লত বহি আছিল আৰু পিছত যেতিয়া ডাঙৰ হাবিখনৰ মাজত থকা তেওঁলোকৰ হাউলীটোৰ ফালে আগবাঢ়িছিল, তেওঁৰ তেতিয়া ভোক আৰু আমনি লাগিছিল; সপোন দেখিছিল, কেনেকৈ তেওঁ পত্নীৰ লগত আনন্দেৰে ৰাতিৰ আহাৰ কৰিব আৰু বিছনাত পৰিব আৰু টোপনি যাব। তেওঁ লৈ অহা টোপোলাটোত আছিল এটা কেভিয়েৰ, চীজ আৰু বগা-চালমন মাছ; সেইটো লৈ তেওঁ বৰ আনন্দ মনেৰে আহি আছিল।
গন্তব্যস্থান পাই নিজৰ ঘৰটো চিনি পোৱালৈ বেলি লহিয়াইছিল। পুৰণি লগুৱাজনে জনাইছিল যে গৰাকিনী ঘৰত নাই, কিন্তু অতি সোনাকালেই পাবহি কিজানি। ঘৰটো আছিল একেবাৰে আকৰ্ষণহীন, বৰচাংবিলাক আছিল চাপৰ আৰু তাত লিখিবলৈ ব্যৱহাৰ কৰা কাগজ লগাই থোৱা আছিল; মজিয়াবিলাক আছিল অসমান আৰু গাঁত-গোটেৰে ভৰা – ঘৰটোত আছিল মাথোন তিনিটা কোঠা। তাৰে এটাত আছিল এখন বিছনা, দ্বিতীয়টোত আছিল ছবি অঁকা কেনভাছ কিছুমান, বুৰুজ, তেল-ঘঁহা কাগজ আৰু তাত থকা চকীকেইখন আৰু খিৰিকীত ওলমি আছিল পুৰুষৰ অ’ভাৰকোট আৰু বহল টুপী কেইটামান। তৃতীয়টোত ডায়ম’ভে পালে তিনিজন অচিনাকী মানুহ – তাৰে দুজন আছিল ক’লা-চুলীয়া, তেওঁলোকৰ দাড়িও আছিল; আনজন আছিল দাড়ি নিমজকৈ খুৰাই ৰখা আৰু শকত, তেওঁ নিশ্চয় অভিনেতা হ’ব। মেজৰ ওপৰত এটা চাম’ভাৰত পানী উতলি আছিল।
“কি লাগে তোমাক?”, বিৰক্তিৰে ডায়ম’ভলৈ চাই গহীন মাতেৰে অভিনেতাজনে সুধিলে, “অলগা ইভান’ভনাক লাগে নেকি? এক মিনিট ৰ’বা, তাই চিধা ইয়ালৈকে আহিব।”
ডায়ম’ভ বহি পৰিল আৰু অপেক্ষা কৰিবলৈ ধৰিলে। এজন ক’লা-চুলীয়া মানুহে তেওঁলৈ চাওঁ-নাচাওঁকৈ চালে আৰু কলমটিয়াই কলমটিয়াই চাহ একাপ বাকি আগবঢ়াই দি সুধিলে,
“তুমি কিজানি চাহ একাপ পালে ভাল পাবা?”
ডায়ম’ভৰ ভোকো লাগিছিল, পিয়াহো লাগিছিল, কিন্তু চাহ খালে ৰাতিৰ আহাৰ খাব নোৱাৰিব বুলি চাহকাপ নাখালে। অচিৰেই তেওঁ খোজৰ শব্দ আৰু এটা চিনাকী হাঁহিৰ শব্দ শুনা পালে। দুৱাৰ এখন ধমকৈ বন্ধ হ’ল আৰু অলগা ইভান’ভনা দৌৰ মাৰি কোঠাটোলৈ সোমাই আহিল। তাইৰ মূৰত আছিল এটা বহল টুপী আৰু হাতত কঢ়িয়াই আনিছিল এটা বাকচ; তাইৰ পিছে পিছে আনন্দেৰে সোমাই আহিল ৰিয়াব’ভ্স্কি, তেওঁৰ হাতত আছিল এটা ডাঙৰ ছাতি আৰু এখন সৰু টুল।
“ডায়ম’ভ!”, অলগা ইভান’ভনাই চিঞৰি উঠিল, আৰু স্ফূৰ্তিত তাই ৰঙচুৱা হৈ উঠিল। “ডায়ম’ভ!”, তাই আকৌ চিঞৰিলে আৰু তেওঁৰ বুকুত মূৰটো আৰু দুয়োখন হাত হেঁচি ধৰিলে, “এয়া তুমিয়েইনে? ইমান দিন কিয় অহা নাছিলা? কিয়? কিয়?”
“কেনেকৈ আহোঁ, মাজনী? মই সদায়েই ব্যস্ত; আৰু যেতিয়া কোনোমতে অলপ সময় পাওঁ, তেতিয়া ৰে’লখন নিমিলে।”
“তোমাক দেখি যে মোৰ কিমান স্ফূৰ্তি লাগিছে! গোটেই ৰাতি, গোটেই ৰাতি মই তোমাৰ সপোনেই দেখি থাকোঁ; মোৰ ভয় লাগিছিল, তোমাৰ গায়েই বেয়া নেকি। অ’, তুমিযে কিমান ভাল! তুমি একেবাৰে সময়ত আহিছা; মই এতিয়াহে মুক্তি পাইছোঁ! তুমিয়েইহে মাত্ৰ মোক বচাব পাৰিবা। কাইলৈ ইয়াত ডাঙৰ বিয়া এখন অনুষ্ঠিত হ’ব।”, তাই হাহিঁ হাহিঁ আৰু গিৰিয়েকৰ টাইডাল বান্ধি বান্ধি কৈ গ’ল, “ষ্টেচনৰ এজন ডেকা টেলিগ্ৰাফ-কেৰাণী, চ্চিকেলডিয়েভৰ বিয়া। ল’ৰাটো ধুনীয়া; জানানে? বুধিয়কো – তাৰ মুখখনত শক্তিশালী কিবা এটা আছে – এজন ডেকা নৰ্মানৰ নিচিনা। গৰমৰ দিনত অহা আমিবোৰে তাক যথেষ্ট ভাল পাওঁ আৰু তাৰ বিয়াত থাকিম বুলি কথা দিছিলোঁ। সি অকলশৰীয়া, নিঃকিন, আৰ্থিকভাৱেও বৰ টনকীয়াল নহয় – তাক অলপ সহানুভূতি নেদেখুৱালে লাজৰে কথা হ’ব। কল্পনা কৰাচোন, মন্ত্ৰ-পাঠৰ পিছত বিয়া হ’ল, আমি গীৰ্জাৰ পৰা কইনাৰ ঘৰলৈ গ’লোঁ, বননিত চৰাইবোৰে গীত গাইছে, ঘাঁহনিত ছেগা-চোৰোকাকৈ ৰ’দ পৰিছে, আৰু সেই ডাঠ সেউজীয়া পটভূমিত আমাক সকলোকে বেলেগ বেলেগ ৰঙত দেখা গৈছে – একদম নতুন ধৰণৰ, ফৰাছী কলাকাৰসকলৰ ছবিৰ দৰে। কিন্তু ডায়ম’ভ, মই কি পিন্ধি গীৰ্জালৈ যাওঁ, কোৱা?”, প্ৰায় কান্দো কান্দোকৈয়ে অলগা ইভান’ভনাই ক’লে। “ইয়াত মোৰ এক্কোৱেই নাই দেখোন! কাপোৰ-কানি নাই, ফুল নাই, হাতমোজা নাই … মোক তুমি বচাব লাগিব। ভাগ্যইহে তোমাক আনি এইখিনি পোৱাইছেহি দেই। সোণটো, চাবিকোছা লৈ ঘৰলৈ যোৱা আৰু আলমাৰিৰ পৰা মোৰ গুলপীয়া পোছাকযোৰ লৈ আনাগৈ। তোমাৰ মনত থাকিব, সেইযোৰ সমুখতে ওলমি থাকে … আৰু আমাৰ ষ্ট’ৰ-ৰুমটোৰ মজিয়াত, সোঁফালে, দুটা ডাঠ কাগজৰ বাকচ দেখিবা। ওপৰৰটো খুলিলে তুমি এনেচা সূতা দেখিবা, আচলতে এদ’ম সূতা, আৰু বিভিন্ন ধৰণৰ কাপোৰৰ টুকুৰা দেখিবা, তাৰ তলত পাবা ফুলবিলাক। ফুলবোৰ সাৱধানে উলিয়াবা, চাবা যাতে নাভাঙে দেই; তাৰপৰা মই বিচাৰি ল’ম পিছত … আৰু মোলৈ এযোৰ হাত-মোজা কিনি আনিবা।”
“ঠিক আছে”, ডায়ম’ভে ক’লে, “মই কাইলৈ গৈ সেইবোৰ তোমালৈ পঠাই দিম।”
“কাইলৈ?”, অলগা ইভান’ভনা একেবাৰেই আচৰিত হৈ সুধিলে, “কাইলৈ তুমি সময়েই নাপাবা। কাইলৈ প্ৰথমখন ৰে’ল যাব ন-টাত, আৰু এঘাৰ বজাত বিয়া। নহ’ব, সোণটো, আজিয়েই আনিব লাগিব, একদম আজিয়েই। কাইলৈ তুমি আহিব নোৱাৰিলে, অন্য কাৰোবাৰ হাতত পঠাই দিবা। এতিয়া, যোৱা; ৰ’বলৈ সময় নাই। যাত্ৰীবাহী ৰে’লখন চিধা পাবহিয়েই, সেইখন নেৰিবা সোণটো।”
“ঠিক আছে বাৰু।”
‘অহ্, তোমাক যাবলৈ দি মোৰযে কিমান দুখ লাগিছে!”, অলগা ইভান’ভনাই ক’লে আৰু তাইৰ চকুপানী ওলাই আহিল, “কিয়যে মই সেই কেৰাণীজনক কথা দিছিলো, কি বুৰ্বক মই!”
ডায়ম’ভে ততাতৈয়াকৈ চাহ একাপ খালে, খুৰমা এটা ল’লে আৰু মিচিকিয়াই হাঁহি ষ্টেচনলৈ গ’লগৈ। আৰু কেভিয়েৰটো, চীজখিনি আৰু বগা চালমন মাছখিনি সেই ক’লা ভদ্ৰলোককেইজন আৰু শকত অভিনেতাজনে উদৰস্থ কৰিলে।
(৪)
জুলাই মাহৰ এটা নিথৰ জোনাক ৰাতি অলগা ইভান’ভনাই ভল্গা নদীত টহলি থকা এখন ভাপ-নাৱৰ ডেকত থিয় হৈ এবাৰ পানীলৈ আৰু এবাৰ সুদৃশ্য পাৰৰ ফালে চাই আছে। তাইৰ কাষত থিয় হৈ আছে ৰিয়াব’ভ্স্কি, তেওঁ তাইক কৈ আছে যে পানীত দেখা ক’লা ছাঁবিলাক আচলতে ছাঁ নহয়, সেইবোৰ একো একোটা সপোন। তেওঁ আৰু কৈ আছে, এনে সুশোভিত পৰিবেশ, চিক্মিক পানীৰ জিলিকনি, এই নিষ্কলুষ আকাশ – এই সকলোবোৰে যেন এক আমাৰ জীৱনৰ খন্তেকীয়তা, আৰু কিবা এক বিশাল বহুলতাৰ কথাই প্ৰতীয়মান কৰিছে আৰু এনে এক পৰিবেশত পাহৰণিৰ গৰ্ভত হেৰাই যাবলৈ, মৃত্যুৰ কোলাত শুই পৰিবলৈ কিমান শান্তি লাগিব! অতীত আছিল অস্বস্তিকৰ আৰু আমনিদায়ক, ভৱিষ্যত কি হ’ব, ক’ব নোৱাৰি; আৰু এই সুশীতল আবেগিক নিশাটো এসময়ত শেষ হ’ব, হেৰাই যাব মহা-শূন্যত – তেন্তে জীৱনৰ আৰু অৰ্থ কি থাকিব?
অলগা ইভান’ভনাই এবাৰ ৰিয়াব’ভস্কিৰ কণ্ঠ আৰু এবাৰ নিশাটোৰ নিৰ্জনতাবোৰ কাণ পাতি শুনি থাকিল, আৰু নিজকে মৃত্যুহীন বুলি কল্পনা কৰি চালে। পানীখিনিৰ আগতে কেতিয়াও নেদেখা যেন সেউজ-নীলা ৰংখিনি, অকাশখন, নদীৰ দুপাৰ আৰু ক’লা ছাঁবিলাক, আৰু তাইৰ অন্তৰখন ওফন্দি উঠা সীমাহীন আনন্দখিনি – এইবিলাকে যেন তাইক কৈ গৈছে যে তাই এগৰাকী মহান শিল্পী নিশ্চয় হ’ব পাৰিব; আৰু যেন কোনোবা দূৰণিত, জোনাকৰ সীমাৰ বাহিৰৰ কোনোবাখিনিত তাইৰ বাবে সাফল্য, গৌৰৱ আৰু জনতাৰ ভালপোৱাই অপেক্ষা কৰি আছে … চকুৰ পতা নেপেলোৱাকৈ তাই যেতিয়া দূৰলৈ দৃষ্টি দিছে, তাই দেখা পাইছে মানুহৰ জুম, আলোক-সজ্জা, সংগীতৰ বিজয়-সুৰ, উৎসাহৰ চিঞৰ; এই সকলোবোৰৰ মাজত তাই থিয় হৈ আছে শুধ-বগা পোছাকেৰে আৰু কেউফালৰ পৰা তাইৰ ওপৰত সৰি সৰি পৰিছে ফুলৰ সুগন্ধি পাহিবোৰ! তাই আৰু ভাবিলে যে তাইৰ কাষত, ভাপ-নাওখনৰ ৰেলিঙত কিলাকুটিৰে ভেজা দি ৰৈ আছে এজন মহান লোক, এজন অসামান্য মানুহ, এজন ভগৱানৰ মহৎ সন্তান। তেওঁ এতিয়া পৰ্য্যন্ত যিমান সৃষ্টি কৰিছে সেয়া সকলো মহৎ, নতুন আৰু অসাধাৰণ – কিন্তু আহিবলগীয়া সময়ত আৰু সম্পূৰ্ণ নিপুণতা আৰু অভিজ্ঞতাৰে তেওঁ যি সৃষ্টি কৰিব, সেয়া হ’ব আশ্বৰ্য্যকৰ, মুধাফুটা – তেওঁৰ মুখলৈ চালেই, তেওঁৰ প্ৰকাশভংগী আৰু প্ৰকৃতিলৈ মন কৰিলেই সেয়া অনুভৱ কৰা যায়। ছাঁয়াৰ বিষয়ে, সন্ধিয়াৰ বিষয়ে, জোনাকৰ বিষয়ে তেওঁ অতি সুন্দৰভাৱে ক’ব পাৰে – তেওঁৰ নিজস্ব এক ভাষাত – তাৰপৰা প্ৰকৃতিৰ ওপৰত যেন তেওঁৰ অনুভৱক বুজিব পাৰি। তেওঁ সুদৰ্শন, সজীৱ, আৰু তেওঁৰ জীৱন সাধাৰণ পাৰ্থিৱ তুচ্ছতাৰ পৰা যেন মুক্ত – তেওঁ যেন এক মুক্ত বিহংগ!
“ঠাণ্ডা লাগিছে”, অলগা ইভান’ভনাই ক’লে আৰু কান্ধখন জোকাৰি দিলে।
ৰিয়াব’ভ্স্কিয়ে তাইক তেওঁৰ কোটটোৰে ঢাকি দিলে আৰু কৈ উঠিল, “মোৰ এনেকুৱা লাগিছে যেন আজি মোক তোমাৰ শক্তিয়ে গ্ৰাস কৰি পেলাইছে, মই হৈ পৰিছোঁ তোমাৰ দাস। তুমি কিয় আজি ইমান ৰমনীয় হৈ পৰিছা?”,
তেওঁ তাইৰ ফালে একেৰাহে চাই থাকিল – তেওঁৰ চকুত কিহৰ অভিব্যক্তি! তাইৰ তেওঁৰ ফালে চাবলৈ সাহস নহ’ল।
“মই তোমাক পাগলৰ দৰে ভাল পাওঁ”, তেওঁ তাইৰ গালত নিশাহ পেলাই ফুছফুছালে, “মোক এবাৰ মাত্ৰ কোৱাঁ, মই মোৰ জীৱন দি দিম, মোৰ সমগ্ৰ শিল্প-কলা ত্যাগ কৰিম …”, তেওঁ অদ্ভুতভাৱে বিৰবিৰাই উঠিল। “এবাৰ মোক ভাল পোৱা, মাথোন এবাৰ …।”
“কেনেকুৱা কথা কৈছা তুমি”, অলগা ইভান’ভনাই দুয়োচকু বন্ধ কৰি ক’লে, “এয়া উচিত নহয়। ডায়ম’ভৰ কি হ’ব?”
“ডায়ম’ভৰ কি হ’ব? ডায়ম’ভ কিয়? ডায়ম’ভৰ লগত মোৰ কি লেনা-দেনা? এই ভল্গা, চন্দ্ৰিমা, এই সুন্দৰতা, প্ৰেম, আবেগ; ডায়ম’ভ বুলি একোৱেই নাই। অহ্, মই এইবোৰ নাজানো, অতীতৰ প্ৰয়োজন নাই; মোক মাথো এটা মুহূৰ্ত দিয়া, মাথো এটা পলক …। ”
অলগা ইভান’ভনাৰ বুকুখন কঁপি উঠিল। তাই তাইৰ স্বামীৰ কথা ভাবিবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ সমগ্ৰ অতীত, ডায়ম’ভৰ লগত তাইৰ বিয়া, সিহঁতৰ অন্তৰংগ মুহূৰ্তবিলাক তাইৰ অতি তুচ্ছ, অসাৰ্থক, অলাগতিয়াল আৰু অপ্ৰকৃত যেন লাগিল, … আৰু দূৰণিলৈ দৃষ্টি দিলে … হয়তো, ডায়ম’ভৰ কি মূল্য? তেওঁৰ লগত তাইৰ কি লেনা-দেনা? তেওঁ সঁচাই আছিলনে, নে তেওঁ আছিল মাথো এটা সপোন?
“তেওঁৰ বাবে তেওঁ যে সাধাৰণ, সৰল আৰু সুখী মানুহ – সেয়াই যথেষ্ট”, তাই দুয়োখন হাতেৰে মুখখন ঢাকি ভাবিলে, “মানুহে মোক গৰিহণা দিয়ক, শাওপাত দিয়ক, কিন্তু এই সকলোবোৰৰ সত্ত্বেও মই আজি যেন ধ্বংস হৈ যাব খোজোঁ, শেষ হৈ যাব খোজোঁ। হয়, মই জীৱনত বহু কিবাকিবি কৰিব খোজোঁ। হে’ ভগৱান, এয়া নিশ্চয় পাপ; কিন্তু এফালে কিমান গৌৰৱৰ কথা!”
“আহাঁচোন”, ৰিয়াব’ভ্স্কিয়ে তাইক আকোৱালি ধৰি বিৰবিৰালে আৰু তাই তেওঁক বলেৰে ঠেলি আঁতৰাবলৈ চেষ্টা কৰা হাত দুখনত লুভীয়াৰ দৰে চুমা খাবলৈ ধৰিলে। “তুমি মোক ভাল পোৱা? হয়নে? হয়নে? অহ্, কেনে এক নিশা এয়া, কেনে এক বিনন্দীয়া নিশা!”
“নিশ্চয়, কেনে এক বিনন্দীয়া নিশা!”, তাই তেওঁৰ চকুলোৰে উজ্জ্বল দুচকুলৈ চাই বিৰবিৰালে। তাই ততালিকে ঘূৰিল, তেওঁক দুহাতেৰে সাৱটি ধৰিলে আৰু তেওঁৰ ওঁঠযোৰত নিজৰ ওঁঠযোৰ হেঁচি ধৰিলে।
“আমি কিনেচম’ পাইছোঁহি!”, ডেকৰ সিফালে কোনোবাই কৈ উঠিল।
তেওঁলোকে গধুৰ খোজৰ শব্দ শুনিবলৈ পালে, সেয়া আছিল চাহ খোৱা বাৰৰ ৱে’ইটাৰ এজন।
“ৱে’ইটাৰ”, অলগা ইভান’ভনাই আনন্দত হাঁহি হাঁহি চিঞৰিলে, “অলপ মদ আনাচোন।”
আবেগত শেঁতা পৰা শিল্পীজনে প্ৰশংসা আৰু কৃতজ্ঞতাৰ দৃষ্টিৰে অলগা ইভান’ভনালৈ চাই চাই বহি পৰিল, আৰু আগ্ৰহহীনভাৱে মিচিকিয়াই কৈ উঠিল, “মই ভাগৰুৱা …” আৰু তেওঁ ৰেলিঙত মূৰটো এৰি দিলে।
(৫)
দ্বিতীয় ছেপ্তেম্বৰৰ দিনটো আছিল গৰম আৰু নিথৰ, কিন্তু ডাৱৰীয়া। পুৱা সোনকালেই ভল্গাৰ ওপৰত পাতলীয়া কুঁৱলী ওলমি থাকিল আৰু ন-বজামানত পাতলকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে। আকাশ মুকলি হোৱাৰ কোনো লক্ষণেই দেখা পোৱা নগ’ল। পুৱাৰ চাহৰ সময়ত ৰিয়াব’ভ্স্কিয়ে অলগা ইভান’ভনাক ক’লে, ছবি অঁকাটো আটাইতকৈ কৃতজ্ঞতাহীন আৰু আমনিদায়ক কাম আৰু তেওঁ নিজে চিত্ৰকৰ নহয়েই; আচলতে তেওঁৰ কোনো প্ৰতিভা আছে বুলি মূৰ্খইহে ভাবিব। হঠাতে কোনো প্ৰসংগ অথবা কাৰণ নোহোৱাকৈ তেওঁ চুৰি এখন লৈ তেওঁৰ আটাইতকৈ ধুনীয়া ছবিখনৰ ওপৰত ৰেপ মাৰি দিলে। চাহ খাই উঠি তেওঁ দুখমনেৰে খিৰিকীৰ কাষত বহি পৰিল আৰু ভল্গাৰ ফালে চাই থাকিল। ভল্গাখন আছিল গোমোঠা, যেন এটা চিৰাচৰিত অনুজ্জ্বল ৰঙেৰে আবৃত আৰু নিস্তেজ। প্ৰতিটো বস্তুৱেই শুকান, বিৰক্তিকৰ হেমন্তলৈ মনত পেলাই দিছিল। এনেকুৱা লাগিছিল যেন প্ৰকৃতিয়ে ভল্গাৰ দুয়োপাৰৰ পৰা চকু-জুৰোৱা সেউজ আৱৰণবিলাক, পোহৰৰ চিক্মিকনিবিলাক, পাতল স্বচ্ছ নীলা দিগন্তবিলাক, সুদৃশ্য দৃশ্যবিলাক – সকলো আঁতৰাই লৈ গৈছিল আৰু অহা বসন্তলৈকে সকলোবিলাক গোটাই-পিটাই ক’ৰবাত থৈ দিছিল। কাউৰীবিলাকেও যেন ভল্গাৰ ওপৰে ওপৰে উৰি উৰি ‘শূন্য, শূন্য’ বুলি কান্দি ফুৰিছিল ।
ৰিয়াব’ভস্কিয়ে কাউৰীবিলাকৰ চিঞৰ শুনিবলৈ পালে; অনুভৱ হ’ল, তেওঁ নিশ্চিহ্ন হৈ গৈছে, তেওঁৰ সকলো প্ৰতিভা নোহোৱা হৈ গৈছে। তেওঁ অনুভৱ কৰিলে, পৃথিৱীৰ সকলো কথাই তুলনাত্মক, চৰ্তসাপেক্ষ আৰু যুক্তিহীন। তেওঁৰ এনেকুৱা উপলব্ধি হ’ল যেন এইজনী নাৰীৰ সৈতে তেওঁৰ কোনো মিল দৰাচলতে নাই … তেওঁ সকলো আনন্দ-স্ফুৰ্তি হেৰুৱাই হতাশ হৈ পৰিল।
অলগা ইভান’ভনা বিছনাৰ ওপৰত পৰ্দাখনৰ পিছফালে বহি আছিল, তাইৰ ধুনীয়া চুলিটাৰিৰ মাজেৰে সুগঢ়ী আঙুলিবিলাক ফুৰাই আছিল। তাই নিজকে এবাৰ বহা কোঠাত, এবাৰ শোৱা কোঠাত, এবাৰ গিৰিয়েকৰ পঢ়া কোঠাত দেখা পাইছিল; তাই কল্পনাতে নাটঘৰলৈ, তাইৰ কাপোৰ-সিয়া দৰ্জীজনৰ ওচৰলৈ, তাইৰ বন্ধুবিলাকৰ ওচৰলৈ গুচি গৈছিল। সিহঁতে এতিয়া বাৰু কি কৰি আছে? তাইৰ কথা কোনোবাই ভাবিছেনেকি? নাটকৰ ঋতু আৰম্ভ হ’বৰ হৈছে, তাইৰ ‘ঘৰত’ অনুষ্ঠানটোৰ বিষয়ে হয়তো ভাবিবৰ হৈছে। আৰু ডায়ম’ভ? বেচেৰা! কিমান অময়িকভাৱে আৰু শিশু-সুলভভাৱে তেওঁ তেওঁৰ চিঠিবিলাকত তাইক লৰালৰিকৈ ঘৰলৈ যাবলৈ কুটুৰি আছে। প্ৰত্যেক মাহে তেওঁ তাইলৈ পয়সত্তৰ ৰুবল পঠাই দিয়ে; যেতিয়া তাই কয় যে তাই সেই শিল্পীজনক এশ ৰুবল ধাৰলৈ দিছে, তেওঁ সেই এশ ৰুবলো তাইলৈ পঠাই দিয়ে। কিমান এজন মৰমিয়াল আৰু উদাৰ মানুহ! ভ্ৰমণ কৰি কৰি অলগা ইভান’ভনা ভাগৰি পৰিছিল, আমনিও লাগিছিল; আৰু তাই সেই খেতিয়কবিলাকৰ পৰা, নদীখনৰ সেমেকা গোন্ধৰ পৰা আঁতৰি আহিব খুজিছিল, খেতিয়কবিলাকৰ সৰু সৰু জুপুৰীবিলাকত থাকি আৰু গাঁৱে গাঁৱে ঘূৰি ফুৰাৰ বাবে তাইৰ মনত অনবৰত ক্ৰিয়া কৰি থকা লেতেৰা লেতেৰা ভাৱটোৰ পৰা মুক্তি বিচাৰিছিল। ৰিয়াব’ভ্স্কিয়ে বিশ ছেপ্টেম্বৰলৈকে সিহঁতৰ লগত থাকিম বুলি কথা নিদিয়াহেঁতেন, সিহঁতে সেইদিনাই গুচি গ’লহেঁতেন। তেতিয়া কিমানযে ভাল হ’লহেঁতেন!
“ভগৱান!”, ৰিয়াব’ভ্স্কিয়ে ভোৰভোৰাই উঠিল, “বেলিটো কেতিয়াবা ওলাবগৈনে বাৰু? বেলিটো নোলালে মই বাৰু কেনেকৈ উজ্জ্বল দৃশ্য এটা আঁকিব পাৰোঁ …!”
“কিন্তু তুমি দেখোন এখন গোমা বতৰৰ দৃশ্যও আঁকিছিলা”, অলগা ইভান’ভনাই ক’লে, “মনত আছেনে, সোঁহাতে সমুখত আছিল কিছুমান গছ, বাওঁফালে আছিল কিছুমান গাই গৰু আৰু হাঁহ? সেইখনকে শেষ নকৰা কিয়?”
“উস!”, শিল্পীজনে জকজকাই উঠিল, “হুঃ, শেষ নকৰা কিয়? আচলতে গম পাইছানে, মই কিনো কৰিব বিচাৰোঁ, বুৰ্বকৰ দৰে তাকেই ধৰিব পৰা নাই।”
“অঃ, তুমি মোৰ কাৰণে বহু বেলেগ হৈ গ’লা!”, অলগা ইভান’ভনাই হুমুনিয়াহ কাঢ়িলে।
“ভালেই হৈছে দিয়া!”
অলগা ইভান’ভনাৰ মুখখন কঁপি উঠিল, তাই জুহালৰ ওচৰলৈ আঁতৰি গ’ল আৰু উচুপিবলৈ ধৰিলে।
“এঃ, এইটোৱেই, চকুপানীয়েই তোমালোকৰ শেষ অস্ত্ৰ। বাদ দিয়াহে। মোৰো হাজাৰটা কাৰণ আছে, কান্দি থাকিবলৈ; কিন্তু মইতো কন্দা নাই।”
“হাজাৰটা কাৰণ!”, অলগা ইভান’ভনাই কান্দি কান্দি ক’লে, “তাৰে মূল কাৰণটো হ’ল – তুমি মোক লৈ আৰু সুখী নহয়, হয়নে নহয়?”, তাইৰ কান্দোনৰ গতি ক্ষীপ্ৰ হ’ল, “সঁচা কথা ক’বলৈ গ’লে, আমাৰ ভালপোৱা এতিয়া তোমাৰ লজ্জাৰ কাৰণ। তুমি অন্য শিল্পীসকলৰ আগত সেই কথা লুকুৱাবলৈ চেষ্টা কৰি থাকিলেও কিন্তু তুমি লুকুৱাব নোৱাৰা; তেওঁলোকে এইবোৰ কথা বহু আগৰপৰাই গম পায়।”
“অলগা, এটা কাকূতি কৰোঁ”, শিল্পীজনে এক প্ৰাৰ্থনাৰ কণ্ঠেৰে হাতখন বুকুত দি কৈ উঠিল, “এটা কথা – মোক অশান্তি নিদিবা! তোমাৰ পৰা মই তাৰ বাহিৰে একো নিবিচাৰোঁ।”
“কিন্তু, তুমি মোক এতিয়াও ভাল পোৱা বুলি শপত খাই কোৱাচোন।”
“কি বিৰক্তি!”, শিল্পীজনে দাঁত কৰচি জাঁপ মাৰি উঠিল, “মই হয় ভল্গাত জঁপিয়াই মৰিম নহ’লে পাগল হৈ যাম দেই! মোক অলপ অকলে থাকিবলৈ দিয়াচোন।”
“আহাঁ তেনে, মোক মাৰি পেলোৱাহি”, অলগা ইভান’ভনাই চিঞৰি উঠিল, “মাৰি পেলোৱাহি মোক।”
তাই আকৌ কান্দি থাকিল আৰু পৰ্দাৰ সিফালে গুচি গ’ল। ঘৰটোৰ খেৰৰ চালৰ ওপৰত এজাউৰি বৰষুণ পৰিলহি। ৰিয়াব’ভ্স্কিয়ে দুয়োহাতেৰে মূৰটো চেঁপি ধৰি ঘৰটোত কিছু সময় ইফাল-সিফাল কৰি থাকিল; তাৰ পিছত কঠিন মুখ এখনেৰে (যেন তেওঁ কাৰোবোৰ আগত কিবা এটা প্ৰমাণ কৰিবলৈহে গৈছে) টুপীটো পিন্ধিলে, কান্ধত বন্দুকটো ওলোমাই ল’লে আৰু জুপুৰীটোৰ পৰা ওলাই গ’ল।
তেওঁ যোৱাৰ পিছত বহু সময় অলগা ইভান’ভনা কান্দি কান্দি বিছনাত পৰি থাকিল। প্ৰথমে তাই ভাবিলে, তাই বিষ খাই মৰি যাব – ৰিয়াব’ভ্স্কিয়ে যেন আহি তাইৰ মৃতদেহটো পায়হি। কিন্তু পিছমূহুৰ্ততে তাই নিজকে গিৰিয়েকৰ বহা-কোঠাত, পঢ়া-কোঠাত কল্পনা কৰিলে; তাই যেন ডায়ম’ভৰ ওচৰত শান্ত-সমাহিত পৰিৱেশত স্থিৰ হৈ বহি আছে; আবেলি বহি আছে নাটঘৰত – মাজিনিৰ সুৰ শুনি শুনি। লাহে লাহে সভ্য সমাজ, নগৰৰ হট্টগোল আৰু ওচৰ-সম্বন্ধীয় মানুহখিনিৰ প্ৰতি তাইৰ অন্তৰত যেন এক আকাংক্ষাৰ সৃষ্টি হ’ল। ঘৰটোলৈ এগৰাকী মহিলা সোমাই আহিল আৰু ৰাতিৰ আহাৰ তৈয়াৰ কৰিবলৈ লাহে-ধীৰে ষ্ট’ভটো জ্বলাবলৈ ল’লে। কয়লাৰ ধোঁৱাৰ গোন্ধ ওলাল আৰু বতাহত কয়লাৰ নীলা ধোঁৱাবিলাক উৰি ফুৰিবলৈ ধৰিলে। বোকা-লগা জোতা আৰু বৰষুণত তিতা মুখেৰে শিল্পীজন সোমাই আহিল, ছবিবিলাকৰ স্কেচ্ছবিলাক পৰীক্ষা কৰিলে আৰু যেন সিহঁতক সান্ত্বনা দিলে যে বেয়া বতৰতো ভল্গাৰ সৌন্দৰ্য্য আছে। দেৱালত সস্তীয়া ঘড়ীটোৱে টিক-টিকাই থাকিল। মাখিবিলাকে ঠাণ্ডা পাই চুকত গোট খালেগৈ আৰু চকীৰ আসনবিলাকৰ তলত পইঁতাচোৰাবিলাকে খচ-মচাই থাকিল।
ৰিয়াব’ভ্স্কি বেলি ডুবাৰ সময়ত পাইছিলহি। সি টুপীটো মেজত দলিয়াই দিলে আৰু বোকা-লগা জোতাযোৰ নোখোলাকৈয়ে ভাগৰত বেঞ্চখনত বহি চকু দুটা জপাই দিলে।
“বৰ ভাগৰ লাগিছে …”, কৈ সি চকু দুটা মেলিবলৈ চেষ্টা কৰি চেলাউৰি কোঁচালে।
তাক ভালৰি লগাবলৈ আৰু তাইৰ যে তাৰ প্ৰতি খং নাই, তাকে দেখুৱাবলৈ অলগা ইভান’ভনা তাৰ ওচৰ পালেগৈ, মনে মনে এটা চুমা খালে আৰু তাৰ চুলিখিনি ফণিয়াই দিলে।
“কি হ’ল?”, কিবা শীতল বস্তুৱে স্পৰ্শ কৰাৰ দৰে সি চকু দুটা মেলি ধৰিলে, “কি হ’ল? মোক অকলে থাকিবলৈ দিয়া।”
সি তাইক ঠেলি দিলে আৰু আঁতৰি গ’ল। তাই তাৰ চকুত বিৰক্তি আৰু তাইক পৰিহাৰ কৰাৰ অভিব্যক্তি দেখিবলৈ পালে।
মহিলাগৰাকীয়ে সাৱধানেৰে তালৈ দুহাতেৰে ধৰি এবাতি কবিৰ চুপ লৈ আহিছিল। অলগা ইভান’ভনাই দেখা পালে মহিলাগৰাকীয়ে তাত শকত শকত আঙুলিকেইটা ডুবাই আনিছে। গাঁৱলীয়া লেতেৰা মহিলাগৰাকীয়ে আগবাঢ়ি আহি বাতিটো আগবঢ়াই দিলে আৰু ৰিয়াব’ভ্স্কিয়ে ততাতৈয়াকৈ খাবলৈ ধৰিলে। যিটো জুপুৰী আগতে তাইৰ ইমান ভাল লাগিছিল, শিল্পীসুলভ লাগিছিল, জীৱনৰ পৰিপূৰ্ণতা অনুভৱ কৰিছিল – সেইটো এই মুহূৰ্তত তাইৰ অসহ্যকৰ লাগিল। নিজকে তাই হাঁহিয়াতৰ পাত্ৰ যেন অনুভৱ কৰিলে আৰু অত্যন্ত শীতলতাৰে ক’লে,
“আমি কিছুদিনৰ বাবে বেলেগ বেলেগ হোৱা উচিত, নহ’লে আমি কাজিয়া কৰি কৰি মৰিম। এনেকৈ নোৱাৰি আৰু, মই আজি যামগৈ।”
“কেনেকৈ? যাদু কৰি উৰি যাবা নেকি?”
“আজি বৃহস্পতিবাৰ; চাৰে ন বজাত জাহাজখন আহি পাবহি।”
“অ’ হয়তো। ঠিক আছে, যোৱাগৈ তেন্তে …”, ৰিয়াব’ভস্কিয়ে নেপকিনৰ সলনি গামোচা এখনেৰেই মুখখন মোহাৰি লাহেকৈ ক’লে, “তুমি একেবাৰে নিৰস আৰু ইয়াত তোমাৰ কৰিবলৈ একো নাই। তোমাক লগত ৰাখিবলৈ হ’লে মই বিৰাট আত্মাভিমানী মানুহ হ’ব লাগিব। ঘৰলৈ যোৱাগৈ; বিশ তাৰিখৰ পিছত আকৌ লগ পাম।”
আনন্দত অলগা ইভান’ভনাই বস্তু সামৰিবলৈ ধৰিলে। যাবলৈ পাই তাইৰ গাল দুখন স্ফুৰ্তিত উজ্জ্বল হৈ উঠিল। তাই সঁচাকৈয়ে অচিৰেই নিজৰ বহা-কোঠাত বহি লিখিবলৈ, নিজৰ শোৱা-কোঠাত শুবলৈ আৰু ধুনীয়া মেজঢাকনি এখন পৰা মেজ এখনত বহি খাবলৈ পাবনে বাৰু? ভিতৰৰ পৰা যেন তাইৰ এটা ভৰ কমি গ’ল; শিল্পীজনৰ ওপৰত তাইৰ খং লাহেকৈ নোহোৱা হৈ পৰিল।
“মোৰ ৰং আৰু বুৰুজবিলাক এৰি থৈ গৈছোঁ, ৰিয়াব’ভ্স্কি”, তাই ক’লে, “কিবা থাকিলে লৈ আহিবা … পিছে এতিয়া মই গ’লেগৈ এলাহ কৰি নিৰাশ হৈ নাথাকিবা। কাম কৰি থাকিবা। তুমি প্ৰতিভাবান, ৰিয়াব’ভ্স্কি!”
দহ বজাত ৰিয়াব’ভ্স্কিয়ে তাইক এটা বিদায়-চুম্বন দিলে, তাইৰ এনেকুৱা লাগিল যেন জাহাজত উঠাই দিয়াৰ সময়ত তেওঁ তাইৰ কপালত অন্য শিল্পীসকলৰ আগত চুমা খাব বিচৰা নাই। তাৰ পিছত তেওঁ তাইৰ লগত জাহাজ-ঘাট পালেগৈ। অচিৰেই তাই জাহাজত উঠি গ’লগৈ।
আঢ়ৈ দিনৰ পিছত তাই ঘৰ পালেগৈ। উত্তেজনাত প্ৰায় বাকৰুদ্ধ হৈ তাই টুপী অথবা জেকেট নোখোলাকৈয়ে বহা-কোঠা পালেগৈ আৰু তাৰপৰা খোৱা-কোঠালৈ সোমাই গ’ল। ডায়ম’ভে তাতে কেৱল কঁকাললৈ পৰা চুয়েটাৰটো (তাকো বুটাম নমৰাকৈ) পিন্ধি কটাৰী এখন কাঁটাচামুচত ধৰাই ধৰাই বহি আছিল; তাৰ আগত আছিল এটা ৰন্ধা মাংসৰ বাতি। তাই ফ্লেটটোলৈ যাওঁতে ভাবিছিল যে তাই গিৰিয়েকৰ পৰা সকলো কথা লুকুৱাই ৰাখিব; তদুপৰি সেয়া কৰিবলৈ তাইৰ সামৰ্থ্য আৰু কৌশল – দুয়োটাই আছে। কিন্তু এতিয়া তাই তেওঁৰ বহল, শান্ত আৰু আনন্দৰ হাঁহিটো দেখি, তেওঁৰ উজ্জ্বল, স্ফুৰ্তিবাজ চকুদুটা দেখি অনুভৱ হ’ল যে তেওঁক ঠগি অহাটো সঁচাই বেয়া কথা হৈছে। তাই আৰু কথাবিলাক তেওঁৰ পৰা লুকুৱাই ৰাখিব নোৱাৰে বুলি অনুভৱ হ’ল আৰু সোনকালেই তেওঁক সকলো কথা খুলি ক’বলৈ মনস্থ কৰিলে। তেওঁক চুমা খাবলৈ আৰু সাৱটি ধৰিবলৈ এৰি তাই তেওঁৰ আগত আঁঠু কাঢ়ি বহি পৰিল আৰু মুখখন লুকুৱাই ধৰিলে।
“কি হ’ল, মাজনী?”, তেওঁ মৰমেৰে সুধিলে, “ঘৰলৈ মনত পৰিছিল নেকি?”
তাই মুখখন দাঙিলে; লাজত তাই ইতিমধ্যে ৰঙা পৰিছিল আৰু মুখত বিয়পি পৰিছিল এক দোষী দোষী ভাব।
“নাই নাই”, তাই ক’লে, “একো নাই …।”
“বহাচোন”, তেওঁ তাইক তুলি ধৰি বহুৱাই দিলে, “মাংস খোৱা। তোমাৰ ভোক লাগিছে, বেচেৰী সোণজনী।”
ঘৰটোৰ বতাহখিনিত তাই দীঘলকৈ উশাহ ল’লে আৰু মাংসখিনি খালে; তেওঁ মৰমেৰে তাইলৈ চাই ৰ’ল আৰু আনন্দত মিচিকিয়ালে।
(৬)
সম্ভৱতঃ শীতৰ মাজভাগতে ডায়ম’ভে সন্দেহ কৰিবলৈ ধৰিছিল যে তেওঁ ঠগ খাই আছে। তেওঁ নিশ্চয় কিংকৰ্তব্যবিমূ্ঢ় হৈ পৰিছিল; তেওঁ ঘৈণীয়েকলৈ চিধাকৈ চাব পৰা নাছিল, তাইলৈ চাই ধুনীয়াকৈ হাঁহি এটা মাৰিব নোৱাৰিছিল আৰু তাইৰ লগত অকলশৰে থকাৰ পৰা বাচিবলৈ প্ৰায়েই সহকৰ্মী ক’ৰ’ষ্টেলেভক ৰাতিৰ আহাৰৰ বাবে লগত আনিবলৈ লৈছিল। ক’ৰ’ষ্টেলেভ আছিল এজন চুটি-চুলিৰ আদবয়সীয়া মানুহ; অলগা ইভান’ভনাৰ লগত কথা পাতোঁতে তেওঁ লাজত নিজৰ ডাঠ জেকেটটোৰ বুটামবিলাক এবাৰ খুলিছিল আৰু এবাৰ বন্ধ কৰিছিল আৰু সোঁহাতখনেৰে বাওঁফালৰ মোচকোচা ছিঙি থাকিছিল। ৰাতিৰ আহাৰৰ সময়ত মধ্যচ্ছদাৰ অসুবিধাৰ লগত হৃৎপিণ্ডৰ ৰোগৰ সম্পৰ্কৰ কথা অথবা শেহতীয়াকৈ বেছিকৈ আহিবলৈ ধৰা স্নায়ুৰ ৰোগীসকলৰ কথা অথবা আগদিনা ডায়ম’ভে ক্ষয়ংকাৰী ৰক্তহীনতাত ঢুকুৱা এজন ৰোগীৰ ব্যৱচ্ছেদ কৰোঁতে তলপেটৰ কৰ্কট ধৰা পৰা –এনেকুৱা ধৰণৰ কথা পাতিছিল। এনেকুৱা লাগিছিল যেন সিহঁতে অলগা ইভান’ভনাক মনে মনে থকাৰ, অৰ্থাৎ মিছা কথা ক’বলগীয়া নোহোৱাৰ সুবিধা দিয়াৰ বাবেহে এইবোৰ ডাক্তৰী-বিদ্যাৰ কথা পাতিছিল। আহাৰৰ পিছত ক’ৰ’ষ্টেলেভ পিয়ান’ত বহিছিল, ডায়ম’ভে হুমুনিয়াহ কাঢ়িছিল আৰু কৈছিল,
“বন্ধু, বঢ়িয়া। অলপ বিষাদৰ গীত বজোৱাহে!”
আস্তিন কোঁচাই আৰু আঙুলিবোৰ বহলকৈ মেলি ক’ৰ’ষ্টেলেভে বজাইছিল আৰু এটা তীক্ষ্ণ কণ্ঠেৰে গাবলৈ আৰম্ভ কৰিছিল, “মোক সেই স্বৰ্গৰ ঠিকনা দিয়া, য’ত ৰুছিয়ান কৃষকসকলে হামৰাও কাঢ়িব নালাগে।” ডায়ম’ভে আকৌ হুমুনিয়াহ কাঢ়িছিল আৰু হাতৰ মুঠিত মূৰটো সুমুৱাই চিন্তাৰ সাগৰত ডুব মাৰিছিল।
শেহতীয়াকৈ অলগা ইভান’ভনাৰ আচাৰ-ব্যৱহাৰ একেবাৰে বেপৰোৱা হৈ পৰিছে। সদায় পুৱা তাই দুখমনেৰে সাৰ পায়; এনেকুৱা লাগে যেন তাই আৰু ৰিয়াব’ভ্স্কিৰ কথা নভবা হৈছে, আৰু যেন ভগৱানৰ কৃপাত কথাবোৰ এতিয়া ভাললৈ আহিছে। কিন্তু কফি খোৱাৰ সময়ত তাই অনুভৱ কৰে যে ৰিয়ব’ভ্স্কিয়ে তাইক ডায়ম’ভৰ ওচৰৰ পৰা কাঢ়ি লৈ গৈছে আৰু এতিয়া তাই ডায়ম’ভৰো নহয়, আনহাতে ৰিয়াব’ভ্স্কিৰো হৈ থকা নাই। তাইৰ প্ৰদৰ্শনী এখনৰ বাবে ৰিয়াব’ভস্কিয়ে আঁকি থকা ছবি এখনৰ বিষয়ে চিনাকী মানুহবিলাকে কথা পতা মনত পৰে। ছবিখন ব্যতিক্ৰমী, পলিয়েন’ভৰ আৰ্হিৰে কৰা শৈলী আৰু প্ৰাকৃতিক দৃশ্যৰ সমাহাৰ। ৰিয়াব’ভ্স্কিৰ ষ্টুডিঅ’ত সোমোৱা প্ৰত্যেকজনেই সেই ছবিখনৰ কথা নোকোৱাকৈ থাকিব নোৱাৰে; আৰু তাই ভাবে, ৰিয়াব’ভ্স্কিয়ে তাইৰ ভালপোৱাৰ প্ৰেৰণাতে সেই ছবিখন আঁকিছে (তাইৰ প্ৰেৰণাই তেওঁক ভালৰ ফালে সলনি কৰিছে; ভাল কথা)। তাইৰ প্ৰেৰণা তেওঁৰ কাৰণে ইমানেই ফলদায়ী আৰু এৰাব নোৱৰা যেন তাই এৰি গ’লে তেওঁ ধ্বংস হৈ যাব। তাইৰ মনতে পৰে শেষৰবাৰ তেওঁ তাইৰ ওচৰলৈ আহোঁতে তেওঁ সৰু সৰু নক্সা থকা এটা ডাঠ কোট আৰু এডাল নতুন গলবন্ধা পিন্ধি আহিছিল আৰু তাইক আগ্ৰহহীনভাবে সুধিছিল,
“মোক ধুনীয়া দেখাইছে নে?”
মনোমোহা কমনীয়তা, দীঘল পকোৱা চুলিখিনি, আৰু নীলা চকুহালৰে তেওঁক সঁচাই অতি সুন্দৰ দেখাইছিল (কিজানি তেনেকুৱাকৈ তাই ভাবিছিলহে), আৰু তেওঁ তাইৰ প্ৰতি যথেষ্ট মৰম দেখুৱাইছিল।
বহু কথা ভাবি-গুণি আৰু মনত পেলাই, অলগা ইভান’ভনাই কাপোৰ-কানি পিন্ধি অতি উদ্বিগ্ন মনেৰে ৰিয়াব’ভ্স্কিৰ ষ্টুডিঅ’ পায়গৈ। তেওঁ বৰ স্ফুৰ্তিত থাকে; তেওঁৰ প্ৰকৃততেই অসামান্য ছবিখনেৰে আপোন-পাহৰা হৈ থাকে। তেওঁ বুৰ্বকৰ দৰে নাচি ফুৰে, আৰু গভীৰ কথাতো ধেমালি কৰে। অলগা ইভান’ভনা ছবিখক লৈ ঈৰ্ষান্দ্বিত হয় আৰু ছবিখনক সেইবাবেই ঘৃণা কৰিবলৈ ধৰে; কিন্তু ভদ্ৰতাৰ খাতিৰত ছবিখনৰ আগত পাঁচমিনিট থিয় হৈ ৰয়। আৰু ঈশ্বৰৰ মূৰ্তিৰ আগত কৰাৰ দৰে হুমুনিয়াহ কাঢ়ি লাহেকৈ কয়,
“হয়, আগতে তুমি এনেকুৱা ছবি অঁকা নাই। জানানে, ছবিখন সঁচাকৈয়ে অতিপাত মনোমোহা হৈছে!”
তাৰ পিছত তাই তেওঁক কাকূতি কৰিবলৈ ধৰে, তেওঁ যেন তাইক ভাল পায়, তাইক এৰি নিদিয়ে; তাইৰ দুখ-যাতনাৰ সময়ত মৰম দিয়ে। তাই চকুলো টোকে, তেওঁৰ হাতত চুমা খায় আৰু তেওঁৰ পৰা তাইক ভাল পোৱাৰ প্ৰতিশ্ৰুতি বিচাৰে; তাই কয়, তাইৰ প্ৰেৰণা অবিহনে তেওঁ বিপথে যাব আৰু ধ্বংস হৈ যাব। তেওঁৰ স্ফুৰ্তিত চেঁচাপানী ঢালি, নিজকে উপেক্ষিত যেন বোধ কৰি তাই তাইৰ দৰ্জীগৰাকী অথবা কোনোবা অভিনেত্ৰী অথবা অন্য চিনাকী মানুহৰ ওচৰলৈ গৈ নাটকৰ টিকেট এটা পাবলৈ চেষ্টা কৰেগৈ।
তেওঁক ষ্টুডিঅ’ত নাপলে তাই চিঠি এখন লিখি থৈ আহে; লিখে, যদি তেওঁ তাইৰ ওচৰলৈ সিদিনাই নাহে, তাই বিহ খাই মৰিব। তেওঁ ভয় খায়, তাইৰ ওচৰলৈ আহে আৰু ৰাতিৰ আহাৰলৈ ৰয়। গিৰিয়েকৰ সন্মুখতে তেওঁ তাইক টান কথা শুনায়, আৰু তায়ো একেদৰেই উত্তৰ দিয়ে। দুয়ো অনুভৱ কৰে দুয়ো দুয়োৰে বাবে একো একোটা বোজা হৈ পৰিছে, ইজন সিজনৰ শত্ৰু আৰু পৰস্পৰৰ প্ৰতি বিৰক্তিৰে ভৰা। এই বিৰক্তিত সিহঁতে এয়াও লক্ষ্য নকৰে যে সিহঁতৰ এই ব্যৱহাৰ বৰ দৃষ্টিকটূ হৈছে; অন্ততঃ ক’ৰ’ষ্টেলেভৰ সন্মুখত। ৰাতিৰ আহাৰৰ পিছত ৰিয়াব’ভ্স্কিয়ে ততাতৈয়াকৈ বিদায় লৈ গুচি যোৱাৰ লৰালৰি কৰে।
“ক’লৈ যোৱা তুমি?”, অলগা ইভান’ভনাই বাৰাণ্ডাত তালৈ ঘৃণাৰে চাই সোধে।
চকুকেইটা খঙত ডাঙৰ ডাঙৰ আৰু ঘোপা কৰি, তেওঁ এগৰাকী চিনাকী মহিলাৰ কথা কয়। বুজা যায়, তেওঁ তাইৰ ঈৰ্ষাক ইতিকিং কৰিছে আৰু তাইক জ্বলাব বিচাৰিছে। তাই শোৱাকোঠালৈ যায় আৰু বিছনাত পৰি থাকে ঈৰ্ষা, খং আৰু উপেক্ষিত হোৱাৰ লাজেৰে তাই গাৰুটো কামুৰি ডাঙৰকৈ উচুপিবলৈ ধৰে। ডায়ম’ভে ক’ৰ’ষ্টেলেভক বহা-কোঠাত এৰি শোৱা-কোঠালৈ সোমায়; লাজ আৰু হতাশাৰে কোমলকৈ কয়,
“ডাঙৰকৈ নাকান্দিবা মাজনী। মনে মনে থাকা। মানুহে গম পালে কি হ’ব বাৰু! যি হ’ল হৈ গ’ল আৰু; নোহোৱা কৰিবতো নোৱাৰি।”
কিদৰে তাইৰ মূৰটো ভৰি অহা ঈৰ্ষাক নিয়ন্ত্ৰণ কৰিব, সেয়া নজনাকৈয়ে আৰু সকলো ঠিক হৈ যাব বুলি আশা কৰি তাই মুখখন ধুই, চকুলোৰে তিতা মুখখনত পাউডাৰ অকণমান লগাই ৰিয়াব’ভ্স্কিয়ে কোৱা মহিলাগৰাকীৰ ঘৰ পায়গৈ। তাত ৰিয়াব’ভ্স্কি নাথাকে; তাই আৰু দুঘৰ মানুহলৈ যায়।
প্ৰথমে তাই এইদৰে ঘূৰি ফুৰিবলৈ লাজ পাইছিল, কিন্তু পিছলৈ সেয়া সাধাৰণ কথা হৈ পৰিল। শেষত এনেকুৱা হ’লগৈ যে কোনোবা এদিন ৰাতি তাই তাইৰ সকলো চিনাকী মানুহৰ ঘৰলৈ ৰিয়াব’ভ্স্কিক বিচাৰি মুকলিকৈয়ে একোটা পাক মাৰিবলৈ ধৰিলে।
এদিনাখন তাই ৰিয়াব’ভ্স্কিক গিৰিয়েকৰ কথা ক’লে,
“এই মানুহটোৱে মোক তেওঁৰ মহানতাৰে ধ্বংস কৰিব।”
এই কথাষাৰে তাইক ইমান আকৰ্ষিত কৰিছিল যে যেতিয়াই তাই তাইৰ আৰু ৰিয়াব’ভস্কিৰ সম্পৰ্কৰ কথা গম পোৱা কোনোবা শিল্পীক লগ পাইছিল, তাই হাতখন জোকাৰি জোকাৰি এইষাৰ কথাৰেই পুনৰাবৃত্তি কৰিছিল,
“এই মানুহটোৱে মোক তেওঁৰ মহানতাৰে ধ্বংস কৰিব।”
সিহঁতৰ জীৱনটো আগৰ বছৰৰ দৰেই চলি গৈছিল। বুধবাৰবিলাকত সিহঁত ‘ঘৰত’ অনুষ্ঠান কৰিছিল, কোনোবা শিল্পীয়ে আবৃত্তি কৰিছিল, কোনোবাই ছবি আঁকিছিল। বেহেলাবাদকজনে বেহেলা বজাইছিল, গায়কজনে গীত গাইছিল, আৰু কোনোদিনা খেলি-মেলি নোহোৱাকৈ চাৰে এঘাৰ বজাত খোৱা-কোঠাৰ দুৱাৰখন খোল খাইছিল আৰু ডায়ম’ভে হাঁহি হাঁহি মাত লগাইছিল,
“আহাৰৰ বাবে আহক, ভদ্ৰলোকসকল।”
আগৰ দৰেই অলগা ইভান’ভনাই নতুন নতুন বিখ্যাত লোকক বিচাৰি ফুৰিছিল, লগ পাইছিল; আৰু ভাল নালাগিলেই অন্য নতুন বিখ্যাত লোক বিচাৰিবলৈ লৈছিল। আগৰ দৰেই ৰাতি দেৰিকৈ তাই ঘূৰি আহিছিল; কিন্তু এতিয়া ডায়ম’ভ আগৰ বছৰৰ দৰে শুই নাথাকিছিল, তাৰ সলনি পঢ়া-কোঠাত কিবা একোটা কাম কৰি থাকিবলৈ লৈছিল। তিনি বজাত সি শুবলৈ গৈছিল আৰু আঠ বজাত শুই উঠিছিল।
এদিন আবেলি যেতিয়া তাই নাটক চাবলৈ সাজু হৈছিল আৰু ডাঙৰ আয়নাখনৰ সন্মুখত বহি আছিল, ডায়ম’ভ কোট আৰু গলবান্ধনি এডাল পিন্ধি শোৱা-কোঠালৈ সোমাই আহিল। সি ধুনীয়াকৈ হাঁহি আছিল আৰু উৎসাহেৰে ঘৈণীয়েকৰ মুখলৈ চাই আছিল। পুৰণি দিনবিলাকৰ দৰে তাৰ মুখখন উজ্জ্বল হৈ আহিছিল।
“মই এইমাত্ৰ মোৰ গৱেষণা-পত্ৰখনৰ কথা কৈ আছিলোঁ”, বহি লৈ আঠুৰ কাপোৰ সমান কৰি কৰি সি কৈছিল।
“কৈ আছিলা মানে?” অলগা ইভান’ভনাই সুধিলে।
“অ’, মানে”, সি ডিঙিটো মেলি ঘৈণীয়েকৰ মুখখন আয়নাত চাইছিল, কাৰণ তাই তেতিয়াও চুলি আঁচুৰি আঁচুৰি তাৰ ফালে পিঠি দি আছিল। “মানে”, সি পুনৰ কৈছিল, “মানে মই সাধাৰণ ৰোগবিদ্যাত পদ এটা পোৱাৰ সম্ভাৱনা দেখিছোঁ। হ’বগৈ লাগে।”
তাৰ উৎসাহিত আৰু সুখী মুখখনৰ পৰা ভালকৈয়ে দেখা গৈছিল, তাৰ বিজয়ৰ আনন্দখিনি অলগা ইভান’ভনাই ভগাই ল’লে সি তাইক এতিয়াৰ আৰু অতীতৰো সকলো কথাই ক্ষমা কৰি দিব আৰু সেইবোৰ পাহৰিও যাব। কিন্তু তাই ‘পদ’ বা ‘সাধাৰণ ৰোগবিদ্যা’ কিনো বুজিয়েই পোৱা নাছিল; তাৰোপৰি তাই নাটকলৈ দেৰি হ’ব বুলি লৰালৰি কৰিছিল। তাই মনে মনে থাকিল।
সি দুই মিনিটমান বহি দোষী দোষী ভাবেৰে হাঁহি এটা মাৰি ওলাই গ’ল।
(৭)
বৰ অশান্তিৰ দিনটো!
ডায়ম’ভৰ বিৰাট মূৰৰ বিষ, পুৱাৰ আহাৰ খোৱা নাই আৰু চিকিৎসালয়লৈকো নগ’ল; পঢ়া কোঠাৰ চোফা এখনত পৰি পৰিয়েই দিনটো কটাই দিলে। দুপৰীয়া অলগা ইভান’ভনা সদায় যোৱাৰ দৰে তাইৰ স্থিৰ-চিত্ৰৰ ছবিখন দেখুৱাবলৈ আৰু আগদিনা আবেলি তেওঁ কিয় নাহিল সুধিবলৈ ৰিয়াব’ভস্কিৰ ঘৰলৈ গ’ল। ছবিখন আছিল নিতান্তই তাৰ ঘৰলৈ যোৱাৰ এটা অজুহাত মাথোন।
তাই দুৱাৰৰ ঘণ্টাটো নবজোৱাকৈয়ে সোমাই গ’ল আৰু জোতাযোৰ খুলি থাকোঁতেই ষ্টুডিঅ’ৰ ভিতৰত কোনোবা লাহেকৈ দৌৰ মৰাৰ শব্দ শুনা পালে। কোনোবা নাৰীৰ স্কাৰ্টৰ শব্দ। তাই জুমি চালে; চকুত পৰিল ডাঙৰ ছবি এখনৰ সিফালে লুকাবলৈ ধৰা কোনোবা এজনীৰ মুগা ৰঙৰ স্কাৰ্ট এটাৰ একাংশ; ছবিখন এখন ক’লা কাপোৰেৰে ষ্টেণ্ডডালৰ সৈতে ঢাকি থোৱা থাকে। নিশ্চয় কোনোবা এজনী সেইফালে লুকাইছে। কিমানবাৰ অলগা ইভান’ভনা নিজেই তাত লুকাইছে!
ধৰিব পৰাকৈ লাজ পোৱা ৰিয়াব’ভ্স্কিয়ে দুই হাত তাইলৈ মেলি ধৰিলে; যেন তাইৰ আগমনত সি আচৰিত হৈছে। জোৰকৈ মৰা হাঁহি এটাৰে সি ক’লে,
“অ’, তুমি অহাত বৰ ভাল পালোঁ। নিশ্চয় কিবা ভাল খবৰ?”
অলগা ইভান’ভনাৰ দুচকু পানীৰে ভৰিল। তাই লাজ আৰু দুখ পালে; তাই কিজানি কোটি টকা দিলেও এগৰাকী বাহিৰা নাৰীৰ আগত কথা ক’ব বিচৰা নাছিল; বিশেষকৈ, যিজনীয়ে তাইক ঠগিছে, তাইৰ প্ৰতিদ্বন্দী আৰু এতিয়া ছবিখনৰ পিছফালে থিয় হৈ আছে আৰু নিশ্চয় এতিয়া তাইক ইতিকিং কৰি খুকখুকাই হাঁহি আছে।
“মই ছবি এখন আনিছিলোঁ”, তাই সৰুকৈ ক’লে। তাইৰ ওঁঠ দুটা কঁপি উঠিল, “স্থিৰ চিত্ৰ।”
“অ’, এখন ছবি?”
শিল্পীজনে হাতত ছবিখন ল’লে আৰু সেইখন পৰীক্ষা কৰাৰ দৰে চাই চাই যান্ত্ৰিকভাবে সিটো কোঠালৈ সোমাই গ’ল।
অলগা ইভান’ভনাই তাক অনুসৰণ কৰিলে।
“স্থিৰ চিত্ৰ”, সি খোজৰ তালে তালে ভোৰভোৰালে, “স্থিৰ চিত্ৰ … চিত্ৰ … চিত্ৰ …”
ইফালে, ষ্টুডিঅ’ৰ পৰা লৰালৰিকৈ আঁতৰি যোৱা কাৰোবাৰ খোজৰ শব্দ আৰু স্কাৰ্টৰ শব্দ শুনা গ’ল।
তাৰমানে সেইজনী গ’লগৈ। অলগা ইভান’ভনাৰ ডাঙৰকৈ চিঞৰি দিওঁ যেন লাগিল; গধুৰ কিবা এডালেৰে শিল্পীজনক মূৰত কোবাবলৈ ইচ্ছা গ’ল – কিন্তু তাই চকুলোৰ মাজেৰে একোৱেই দেখা নাপালে। তাই লাজত আধামৰা হ’ল; নিজকে অলগা ইভান’ভনা বা এগৰাকী শিল্পীৰ সলনি তেনেই সামান্য কীট এটা যেন অনুভৱ হ’ল।
“মোৰ আমনি লাগিছে”, শিল্পীজনে ছবিখনলৈ চাই আগ্ৰহহীনভাবে কৈ উঠিল; এনেকুৱা লাগিল যেন তেওঁৰ আমনিত চকুহালেই মুদ খাই গৈছে! “এইখন ভাল হৈছে নিশ্চয়; কিন্তু এই আজি এখন ছবি, যোৱা বছৰ এখন, অহামাহত অন্য এখন … তোমাৰ আমনি লগা নাইনে বাৰু? তোমাৰ ঠাইত মই হোৱাহেঁতেন মই ছবি অঁকা এৰি সংগীত বা অন্য কিবাত মনোযোগ দিলোঁহেঁতেন। তুমি শিল্পী-মানুহ নহয়, এগৰাকী গায়িকাহে আচলতে। … সঁচাকৈ মোৰ ইমান আমনি লাগিছে, নুবুজিবা। অলপ চাহ আনিবলৈ কওঁ; নে কি কোৱা?”
তেওঁ কোঠাটোৰ পৰা ওলাই গ’ল আৰু অলগা ইভান’ভনাই তেওঁ লগুৱাজনক নিৰ্দেশ দিয়া শুনিবলৈ পালে। বিদায়- মুহূৰ্ত আৰু কিছুমান মিছা ব্যাখ্যা এৰাই চলিবলৈ, তাৰোপৰি কান্দোনত ভাগি পৰাৰ পৰা বাচিবলৈ, তাই যিমান বেগেৰে পাৰে দুৱাৰৰ ফালে দৌৰ মাৰিলে; যাতে ৰিয়াব’ভ্স্কি অহাৰ আগতেই তাই ঘৰটোৰ পৰা ওলাই যাব পাৰে। ৰবৰৰ জোতাযোৰ পিন্ধি তাই যেতিয়া ৰাস্তা পালেগৈ; তেতিয়াহে তাই উশাহ ঘূৰালে; তাই অনুভৱ কৰিলে এতিয়াহে তাই ৰিয়াব’ভ্স্কি, ছবি, তেওঁৰ ষ্টুডিঅ’টোত পোৱা লাজ-যন্ত্ৰণা – সকলোৰে পৰা একেবাৰে মুক্তি পাইছে। এই সকলোবোৰ বেদনা একেবাৰে অন্ত পৰিছে।
তাই দৰ্জীগৰাকীৰ ঘৰ পালেগৈ; তাৰ পৰা বাৰ্নেইৰ ঘৰলৈ গ’ল (বাৰ্নেই আগদিনা আহি পাইছেহে মাথোন), বাৰ্নেইৰ ঘৰৰ পৰা পালেগৈ এখন গান-বাজনাৰ সামগ্ৰীৰ দোকান। গোটেইখিনি সময় তাই ভাবি থাকিল কিদৰে তাই ৰিয়াব’ভ্স্কিলৈ এখন স্পষ্ট কঠিন আত্মসন্মানেৰে ভৰা চিঠি লিখিব আৰু অহা বসন্ত বা গ্ৰীষ্মত কেনেকৈ ডায়ম’ভৰ লগত ক্ৰাইমিয়ালৈ ফুৰিবলৈ যাব। তাই ভাবি থাকিল, ক্ৰাইমিয়াতে তাই নিজকে অতীতটোৰ পৰা মুক্ত কৰি পেলাব আৰু নতুন জীৱন এটা আৰম্ভ কৰিব।
সন্ধিয়া দেৰিকৈ ঘৰ পাই তাই কানি-কাপোৰ নোখোলাকৈয়ে বহাকোঠাত বহি পৰিল। চিঠিখন লিখিবলৈ তাই আৰম্ভ কৰিলে। ৰিয়াব’ভ্স্কিয়ে কৈছিল, তাই হেনো আচলতে শিল্পীয়েই নহয়; তাৰ প্ৰতিশোধকল্পে তাই লিখিলে যে তেৱোঁ প্ৰত্যেক বছৰেই একেবোৰ ছবিকেই আঁকে, সদায় একেবোৰ কথাকেই কৈ থাকে আৰু তেওঁ এটা নিতান্তই গতিহীন মানুহ; এতিয়া আৰু তেওঁৰ হাতৰপৰা আগতকৈ একো বেছি সৃষ্টি নহয়। তাই লিখিব খুজিছিল যে তাইৰ পৰা পোৱা প্ৰেৰণাই তেওঁক জীৱনত বহুত কিবাকিবি দিছে; আৰু এতিয়া যদি তেওঁ ভুল ৰাস্তাৰে যাবলৈ আৰম্ভ কৰিছে, তাৰ কাৰণ হ’ল তাই ইমানদিনে দি অহা প্ৰেৰণাক আজি ছবিখনৰ পিছফালে লুকাই থকাজনীৰ দৰে কিছুমান সন্দেহজনক মানুহে নষ্ট কৰি পেলাইছে।
“মাজনী!”, ডায়ম’ভে পঢ়া-কোঠাৰ পৰা দুৱাৰখন নেমেলাকৈয়ে মাত দিলে।
“কি হ’ল?”
“কোঠাৰ ভিতৰলৈ নাহিবা, দুৱাৰমুখলৈকে আহাঁচোন। … হ’ব। পৰহি মোৰ চিকিৎসালয়তে সম্ভৱ ধনুষ্টংকাৰ সংক্ৰমণ হ’ল; এতিয়া গা বেয়া হৈছে মোৰ। লৰালৰিকৈ ক’ৰ’ষ্টেলেভক মাতি পঠোৱাচোন।”
অলগা ইভান’ভনাৰ মূৰত যে আকাশী স্বৰ্গ ভাগি পৰিল! তাই সদায় গিৰিয়েকক উপাধিটোৰে মাতিছিল, যেনেকৈ তাই চিনাকী সকলো পুৰুষকে মাতিছিল। তাৰ ধৰ্মসন্মত অ’চিপ নামটো তাই বৰ বেয়া পাইছিল; কাৰণ সেইটোৱে তাইক গগলৰ লিখাৰ অ’চিপ চৰিত্ৰটোলৈ মনত পেলাই দিছিল – তাত সকলোৱে অ’চিপক জোকাইছিল। কিন্তু এতিয়া তাই চিঞৰি উঠিল,
“অ’চিপ, কি কৈছা তুমি!”
“তাক মাতি দিয়াচোন, মোৰ বৰ বেয়া লাগিছে।” দৰ্জাৰ সিফালে ডায়ম’ভে ক’লে; আৰু তাই শুনিলে, সি সিফালে গৈ চোফাত বাগৰ দিছে। “মাতি দিয়া!”, তাৰ ক্ষীণ মাতটো আকৌ শুনিলে তাই।
“হে’ ভগৱান!”, অলগা ইভান’ভনাই ভাবিলে। ভয়ত তাই শীতল হৈ গৈছে, “কিমান মাৰাত্মক কথা হ’ল!”
বিনাকাৰণেই তাই মমডাল লৈ শোৱা-কোঠা পালেগৈ আৰু কি কৰা উচিত হ’ব ঠিৰাং কৰিবলৈকে কিজানি ডাঙৰ আৰ্চীখনলৈ চকু দিলে। তাইৰ মুখখন ভয়ত বিবৰ্ণ হৈ পৰিছে; গাত হাতকটা চুৱেটাৰ এটা; বক্ষস্থলত হালধীয়া দাগ; স্কাৰ্টটোত কোণীয়া-কোণীকৈ আঁচ – নিজকে তাই এটা ভয়ংকৰ আৰু অসহ্য ৰূপত আৱিষ্কাৰ কৰিলে। হঠাতে তাই ডায়ম’ভৰ বাবে অত্যন্ত দুখী অনুভৱ কৰিলে। তাইৰ প্ৰতি, তাৰ নিজৰ প্ৰতি, আনকি তাৰ বহুদিন ধৰি শুই নোপোৱা অকলশৰীয়া অকণমানি বিছনাখনৰ প্ৰতিও তাৰ ইমান মৰম। তাৰ অভ্যাসগত, ভদ্ৰজনোচিত আৰু মিঠা হাঁহিটোলৈও তাইৰ মনত পৰিল। তাই উচুপি উচুপি কান্দিবলৈ ধৰিলে আৰু ক’ৰ’ষ্টেলেভলৈ এখন আৱেগপূৰ্ণ চিঠি লিখিলে। ৰাতি তেতিয়া দুই বাজিছিল।
(৮)
পুৱা আঠমান বজাত অলগা ইভান’ভনাই এটা টোপনি-গধুৰ মগজুৰে আৰু অবিন্যস্ত চুলিৰে শোৱা কোঠাৰ পৰা ওলাই আহিল; তাইৰ মুখত দোষী-দোষী ভাব। তাইৰ সকলো কমনীয়তা হেৰাই গৈছিল। দুৱাৰৰ ফালে ক’লা দাড়িৰে এজন মানুহ তাইক পাৰ হৈ গুচি গ’ল। দৰৱৰ গোন্ধ ওলাইছে আৰু পঢ়া-কোঠাৰ দুৱাৰত বাওঁফালৰ মোচকোঁচা সোঁহাতেৰে পকাই পকাই ঠিয় দি আছে ক’ৰ’ষ্টেলেভ।
“ক্ষমা কৰিব, ভিতৰলৈ যাব নোৱাৰিব আপুনি”, ক’ৰ’ষ্টেলেভে অলগা ইভান’ভনাক ক’লে, “ৰোগটোৱে বেয়াকৈ ধৰিছে। তাৰোপৰি এতিয়া আৰু আশা দেখা নাই। তেওঁৰ মানসিক স্থিতিও অতি দুৰ্বল।”
“তেওঁৰ সঁচাই ধনুষ্টংকাৰ হৈছেনেকি?” অলগা ইভান’ভনাই ফুচফুচালে।
“যি নিজেই ইচ্ছাকৃতভাবে সংক্ৰমণ বিচাৰি লয়, সি এনেকুৱা শাস্তি পাবৰে যোগ্য”, অলগা ইভান’ভনাৰ প্ৰশ্নৰ উত্তৰ নিদি ক’ৰ’ষ্টেলেভে ভোৰভোৰালে, “আপুনি জানেনে, তাৰ কিয় সংক্ৰমণ হ’ল? মংগলবাৰে সি ধনুষ্টংকাৰ হোৱা ল’ৰা এটাৰ পৰা পিপেট এটাৰে চুহি কফ উলিয়াই আছিল। কি দৰকাৰ আছিল! সেইটো আছিল পূৰাপূৰি মুৰ্খামি …”
“এতিয়া সাংঘাতিক বেয়া অৱস্থানেকি ?” অলগা ইভান’ভনাই সুধিলে।
“হয়; এইটো শেষ অৱস্থা বুলিয়েই কোৱা হয়। আমি চ্ৰেকক বিচাৰি পঠাবই লাগিব।”
অকণমানি নাক এটা আৰু ইহুদীৰ সুৰেৰে কথা কোৱা চুটি চুটিকৈ কটা ৰঙা-চুলীয়া মানুহ এজন ওলালহি; তাৰ পিছত আহিল এজন ওখ, কুঁজা আৰু জধলা মানুহ – তেওঁ সম্ভৱ এজন সহকাৰী যাজক। শেষত আহিল এজন শকত-আবত ৰঙা-মুখীয়া চশমা পিন্ধা ডেকা মানুহ। এওঁলোক আছিল নিজৰ সহকৰ্মীক এজন এজনকৈ চাবলৈ অহা চিকিৎসকসকল। নিজৰ পাল শেষ হোৱাৰ পিছতো ক’ৰ’ষ্টেলেভ ঘৰলৈ নগ’ল; কোঠাবিলাকত অতৃপ্ত প্ৰেতাত্মা এটাৰ দৰে পায়চাৰি কৰি ফুৰিলে। আলধৰা মহিলাগৰাকীয়ে বেলেগে বেলেগে চিকিৎসকসকলৰ বাবে চাহ আনি থাকিল, বাৰে বাৰে দৰৱৰ দোকানলৈ গৈ থাকিল; ফলত ঘৰুৱা কাম কৰিবলৈ কোনো নাথাকিল। ঘৰটোত এটা গোমোঠা স্থবিৰতাই বিৰাজ কৰিলে।
অলগা ইভান’ভনাই শোৱা কোঠাত বহি ভাবি থাকিল যে ভগৱানে তাইক নিশ্চয় গিৰিয়েকক ইমানদিন ঠগি অহাৰ বাবে শাস্তি দিছে। সেই শান্ত-সমাহিত, অভিযোগহীন আৰু তেনেই ৰাগবিহীন মানুহজন, অত্যন্ত সহানুভূতি-ভৰা অন্তৰ এখনেৰে দুৰ্বল সেই মানুহজন আজি নিজৰ চোফাখনৰ এচুকত মনে মনে কাকো অসুবিধা নিদিয়াকৈ অসুস্থ হৈ পৰি আছে। আৰু ভ্ৰম-অৱস্থাতো যদি তেওঁ ক’লেহেঁতেন, কাষত থকা চিকিৎসককেইজনে নিশ্চয় গম পালেহেঁতেন যে কেৱল ধনুষ্টংকাৰেই তেওঁক কষ্ট দিয়া নাই। সিহঁতে তেতিয়া ক’ৰ’ষ্টেলেভক সুধিলেহেঁতেন। তেওঁ সকলো জানে; আৰু সেইবাবেই তেওঁৰ অলগা ইভান’ভনাৰ প্ৰতি দৃষ্টিত এইটো পৰিস্ফূত হৈছে যেন আচল দোষী আচলতে তাইহে; ধনুষ্টংকাৰ এটা অজুহাতহে মাথোন। এতিয়া তাই আৰু ভল্গাৰ পাৰত জোনাক ৰাতিৰ কথা ভবা নাই, ৰোমাণ্টিক কথা-বতৰা বা কৃষকৰ ঘৰত কটোৱা কবিতা কবিতা লগা দিনবোৰৰ কথাও ভবা নাই। তাই মাথোন ভাবিছে যে অনাহক অহংকাৰ আৰু অতিপাত স্বাৰ্থপৰতাৰে তাই নিজৰ মূৰৰ পৰা ভৰিলৈ এনেকুৱা কিছুমান লেতেৰা, দুৰ্গন্ধময় বোকা সানি ল’লে যাক হয়তো আৰু কেতিয়াও ধুই নিকা কৰিব পৰা নাযাব …
“অহ্, মই কি এখন অলীক জগতত বাস কৰিছিলোঁ!”, তাই ৰিয়াব’ভ্স্কিৰ প্ৰতি থকা অনাহক প্ৰেমৰ কথা মনত পৰি ভাবিলে, “সব জহন্নামে যাওক সেইবোৰ … !”
চাৰি বজাত তাই ক’ৰ’ষ্টেলেভৰ লগত আহাৰ খালে। তেওঁ চকু ঘোপা কৰি থাকিল আৰু ৰঙা মদ খালে; খোৱা-বস্তু নুচুলেই। তাইও একো নাখালে। একোবাৰ তাই মনে মনে ভগৱানৰ ওচৰত শপত খালে যে ডায়ম’ভ যদি ভাল হৈ উঠে, তেন্তে তাই তেওঁক পুনৰ ভাল পাব; এজনী বিশ্বাসী পত্নী হ’ব। একোবাৰ নিজকে পাহৰি তাই ক’ৰ’ষ্টেলেভলৈ চালে আৰু ভাবিলে, “এনেকুৱা এজন শীতল, বিশেষত্বহীন মানুহ হোৱাটোও কিমান আমনিদায়ক কথা – এনেকুৱা এখন সোঁতোৰা পৰা মুখ আৰু অভদ্ৰ ব্যৱহাৰেৰে!”
এইবাৰ তাইৰ মনত পৰিল যে সংক্ৰমণৰ ভয়ত তাই এবাৰলৈও গিৰিয়েকৰ কোঠালৈ সোমোৱা নাই; তাৰ বাবে ভগৱানে নিশ্চয় তাইক এতিয়াই মাৰি নিব। তাইৰ মনটো এটা তীব্ৰ হতাশাই আৱৰি ধৰিলে; তাই নিশ্চিত হ’ল, তাইৰ জীৱনটো ইতিমধ্যে ধ্বংস হৈ গৈছে, মেৰামতিৰ একো উপায় আৰু নাই …
ৰাতিৰ আহাৰৰ পিছত নিৰৱতা নামি আহিল। অলগা ইভান’ভনা বহাকোঠালৈ সোমাই গ’ল; তাত ক’ৰ’ষ্টেলেভে সোণালী সূতাৰে নক্সা কৰা পাটৰ কুচন এটা শিতানত লৈ চোফাত শুই আছিল।
“ঘৰ …ৰ …ৰ”, তেওঁ নাকেৰে ঘোঙাই আছিল, “ঘৰ …ৰ …ৰ ।”
যিকেইজন চিকিৎসক পাল পাতি অহা-যোৱা কৰি আছিল, তেওঁলোকে এই বিশৃংখলাবিলাক লক্ষ্য কৰা নাছিল। এই বহা-কোঠাত শুই শুই ঘোঙাই অদ্ভূত মানুহজন, দেৱালৰ সুন্দৰ সুন্দৰ ছবিবিলাক আৰু কোঠাটোত সজাই ৰখা চকুত লগা সামগ্ৰীবিলাক, অথবা ঘৰটোৰ একেবাৰে অশৃংখল আৰু অপৰিপাটি যেন লগা গৃহস্থনীগৰাকী – এইবিলাক কথাই এতিয়া আৰু কাকো নোচোৱে। এজন চিকিৎসকে কিবা কথাত হঁহাৰ দুঃসাহস কৰিলে; কিন্তু হাঁহিৰ শব্দটো ইমানেই আচৰিত আৰু শীতল শুনা গ’ল যেন শুনোতাৰ বুকু বিষাই উঠিব।
আকৌ এবাৰ যেতিয়া অলগা ইভান’ভনা বহা-কোঠালৈ সোমাই গ’ল, ক’ৰ’ষ্টেলেভ তেতিয়া শোৱাৰপৰা উঠিছিল; তেওঁ বহি বহি চিগাৰেট খাই আছিল।
“তেওঁৰ নাকৰ ভিতৰত ধনুষ্টংকাৰ লাগিছে”, তেওঁ সৰু সৰুকৈ ক’লে, “তেওঁৰ হৃৎপিণ্ডই এতিয়া ভালকৈ কম কৰা নাই। কথাবিলাক আচলতে বেয়াৰ ফালেহে গৈ আছে।”
“কিন্তু আপুনি চ্ৰেকক মাতি পঠাব নহয়?”, অলগা ইভান’ভনাই সুধিলে।
“তেওঁ আহিছিল। ৰোগটো নাকত ধৰাৰ কথা তেওঁৱেই লক্ষ্য কৰিছিল। তেওঁনো পিছে কি কৰিব; তেওঁ কৰিবলৈ আছেনো কিটো এতিয়া! মই যেনেকৈ ক’ৰ’ষ্টেলেভ, তেওঁ চ্ৰেক; সিমানেই। আৰু একো নাই।”
সময় ভয়ংকৰ ধীৰ গতিত আগবাঢ়িল। অলগা ইভান’ভনাই দিনটো পিন্ধি থকা কাপোৰ-কানিৰেই বিচনাত বাগৰ দিলে আৰু ততালিকে টোপনিত পৰিল। তাই সপোন দেখিলে, সিহঁতৰ গোটেই ঘৰটো, মজিয়াৰ পৰা বৰচাঙলৈ, এডোখৰ কঠিন লোহাই আৱৰি পেলাইছে। সিহঁতে যদি সেইডোখৰ আঁতৰাব পাৰে, তেন্তে সিহঁতৰ হৃদয়ৰ বোজাবিলাক পাতলি যাব আৰু সিহঁত সুখী হ’ব পাৰিব। সাৰ পাই তাই ধৰিব পাৰিলে, লোহা নহয়, আচলতে ডায়ম’ভৰ অসুখটোৱেহে তাইক হেঁচা মাৰি ধৰিছে।
“স্থিৰ চিত্ৰ … ”, তাই ভাবিলে আৰু পুনৰ চিন্তাৰ সাগৰত ডুব দিলে। “ক’ৰ’ষ্টেলেভ … চ্ৰেক … চ্ৰেকেনো কি কৰিব! চ্ৰেক … আৰু মোৰ বন্ধুবিলাক ক’ত? তেওঁলোকে জানেনে আমাৰ এই বিপদৰ কথা? ভগৱান, ৰক্ষা কৰা আমাক! চ্ৰেক …”
লোহাডোখৰ আকৌ আৱিৰ্ভাব হ’ল। যদিও তলৰ মহলাত ঘড়ীটোৱে ঘনাই ঘণ্টা বজাই থাকিল, সময় ধীৰ গতিত আগবাঢ়িল। চিকিৎসকসকল অহা-যোৱা কৰি থাকিল আৰু দুৱাৰৰ ঘণ্টাটো বাৰে বাৰে বাজি থাকিল। আলধৰা মহিলাগৰাকী এখন খালী ট্ৰে’ হাতত লৈ সোমাই আহিল আৰু সুধিলে, “বিছনা পাৰি দিমনেকি, বাইদেউ?” উত্তৰ নাপাই তাই গুচি গ’ল।
তলৰ ঘড়ীটোৱে সময়ৰ সংকেত দিলে। তাই ভল্গাৰ পাৰত বৰষুণৰ সপোন দেখিলে। আকৌ তাইৰ কোঠালৈ কোনোবা সোমাই আহিল। কোনোবা অচিনাকী মানুহ বুলি তাই জাঁপ মাৰি উঠিল আৰু দেখিলে, সেইজন ক’ৰ’ষ্টেলেভ।
“সময় কিমান হ’ল?”, তাই সুধিলে।
“তিনিমান বাজিছে।”
“বাৰু; কিবা লাগিছিল?”
“আচলতে মই ক’বলৈ আহিছিলোঁ … তেওঁ আৰু নাই …”
তেওঁ উচুপি উঠিল, তাইৰ ওচৰতে বিছনাত বহি পৰিল আৰু চকুপানীবোৰ আস্তিনেৰে মোহাৰিলে। তাই তৎক্ষণাত একো ধৰিবই নোৱাৰিলে; কিন্তু যেতিয়া পাৰিলে, তাই সম্পূৰ্ণ শীতল হৈ পৰিল আৰু হাতেৰে বুকুত ক্ৰছ আঁকিবলৈ ধৰিলে।
“তেওঁ আৰু নাই”, ক’ৰ’ষ্টেলেভে আকৌ সেহাই সেহাই কৈ উঠিল আৰু আকৌ উচুপি উঠিল। “তেওঁ নিজকে উৎসৰ্গা কৰিলে; সেইবাবেই ঢুকাল তেওঁ। বহুত ক্ষতি হ’ল আমাৰ!” তেওঁ দুখেৰে কৈ উঠিল, “আমাৰ নিচিনাবোৰৰ লগত তেওঁৰ তুলনাই নহয়। তেওঁ আছিল এজন মহান মানুহ, এজন অসাধাৰণ মানুহ। প্ৰতিভাও আছিল তেওঁৰ। আমি তেওঁৰ পৰা আৰু বহুত আশা কৰিছিলোঁ”, ক’ৰ’ষ্টেলেভে হাত দুখন মোহাৰি মোহাৰি কৈ থাকিল, “কৰুণাময়, তেওঁ সঁচাই এজন বিজ্ঞানী আছিল; তেনেকুৱা এজন মানুহ আৰু আমি নাপাম। অ’চিপ ডায়ম’ভ, কি কৰিলা তুমি; ভগৱান, ভগৱান!”
ক’ৰ’ষ্টেলভে দুয়োখন হাতেৰে হতাশাত মূৰটো চেপি ধৰিলে আৰু জোকাৰি থাকিল।
“আৰু তেওঁৰ নৈতিকতা”, ক’ৰ’ষ্টেলেভে কৈ থাকিল; যেন তেওঁ কাৰোবাৰ প্ৰতি অধিকৰ পৰা অধিকতৰ ক্ষোভিত হৈ পৰিছে, “তেওঁ সাধাৰণ মানুহ নাছিল; তেওঁ আছিল এজন প্ৰকৃত মহান আত্মা; স্ফটিকৰ দৰে স্বচ্ছ। তেওঁ বিজ্ঞানক বহুত দিলে আৰু বিজ্ঞানৰ বাবেই মৃত্যু হ’ল তেওঁৰ। বলধ গৰুৰ দৰে তেওঁ দিনে-ৰাতিয়ে খাটিছিল। সকলোৱে তেওঁক কামত লগাইছিল। তেওঁ এইবিলাকৰ জোৰা মাৰিবলৈ নিজৰ শক্তি-সময় খৰছ কৰি ব্যক্তিগত কাম কৰিব লগীয়া হৈছিল আৰু আনকি অনুবাদকৰ কামো কৰিব লগা হৈছিল। ফাল্টু চব !”
ক’ৰ’ষ্টেলেভে ঘৃণাৰে অলগা ইভান’ভনালৈ চালে; কাপোৰখন দুই হাতেৰে থপিয়াই নিলে আৰু খঙেৰে সেইখন দুডোখৰ কৰি ফালি পেলালে; যেন সকলো দোষ কাপোৰখনৰে।
“তেওঁ নিজৰ ব্যৱহাৰ কৰিলে আৰু তেওঁক আনেও ব্যৱহাৰ কৰিলে। ধেইৎ, এইবোৰ কথা কৈ আৰু কি লাভ আছে!”
“হয়, তেওঁ আছিল এজন বিৰল মানুহ।”, বহাকোঠাৰ পৰা কোনোবাই গলগলীয়া মাতেৰে ক’লে।
অলগা ইভান’ভনাৰ আৰম্ভণিৰে পৰা শেষলৈ ডায়ম’ভৰ লগত কটোৱা গোটেই জীৱনটোলৈ, প্ৰত্যেকটো সৰু সৰু কথালৈ মনত পৰিল। তাই উপলব্ধি কৰিলে, সঁচাই তেওঁ আছিল এজন অসাধাৰণ, বিৰল আৰু তাই জনা সকলো মানুহৰ তুলনাত এজন মহান মানুহ। তাইৰ মনত পৰিল, তাইৰ দেউতাক আৰু সকলো চিকিৎসকে তেওঁৰ লগত যি ধৰণৰ ব্যৱহাৰ কৰিছিল, তাৰপৰা বুজা গৈছিল, তেওঁ সঁচাকৈয়ে ভৱিষ্যতে এজন বিখ্যাত লোক হ’লগৈহেঁতেন। দেৱালখন, বৰচাংখন, লণ্ঠনটো, মজিয়াৰ দলিছাখন – সকলোৱে যেন তাইৰ প্ৰতি ভ্ৰূকুতি কৰিছে; সকলোৱে যেন তাইক ক’ব, “তুমি অন্ধ আছিলা! তুমি অন্ধ আছিলা!” এটা আৰ্তনাদ কৰি, তাই শোৱা কোঠাৰ পৰা দৌৰি ওলাই আহিল (কোনোবাই তেওঁক ৰখাবৰ চেষ্টাও কৰিলে) আৰু গিৰিয়েকৰ পঢ়া-কোঠাটোলৈ সোমাই গ’ল। তেওঁ চোফাত নিস্পন্দ হৈ পৰি আছে; কঁকাললৈকে এখন কম্বলেৰে ঢকা আছে। তেওঁৰ মুখখন ভয়লগাকৈ শুকাই-ক্ষীনাই গৈছে; জীৱন্ত মানুহৰ মুখত দেখা নোযোৱা এটা গোমা কজলা ৰং ধৰিছে। কপালখন, ক’লা চেলাউৰিযোৰ আৰু মুখত লাগি থকা চিনাকী হাঁহিটোৰ পৰাহে তেওঁক ডায়ম’ভ বুলি ধৰিব পাৰি। অলগা ইভান’ভনাই লৰালৰিকৈ গিৰিয়েকৰ বুকুখন, কপালখন আৰু হাত দুখনত হাত বুলাই দিলে। তেওঁৰ বুকুখন তেতিয়াও গৰম হৈ আছিল; কিন্তু কপালখন আৰু হাত দুখন সাংঘাতিক শীতল হৈ পৰিছে আৰু আধামেলা চকুহালে অলগা ইভান’ভনালৈ নহয়, কম্বলখনলৈ চাই আছে।
“ডায়ম’ভ!”, তাই চিঞৰিলে, ‘ডায়ম’ভ!”, তাই ক’ব খুজিলে, তাই ভুল কৰিছে হয়; কিন্তু সকলো শেষ হৈ যোৱা নাই। জীৱনটো আকৌ সুন্দৰ আৰু সুখী হ’ব পাৰে আৰু তেওঁ এজন অসাধাৰণ, বিৰল, মহান লোক। তাই ক’ব খুজিলে, তাই তাইৰ গোটেই জীৱন তেওঁক পূজা কৰিব, তেওঁৰ সন্মুখত নতজানু আৰু শ্ৰদ্ধাশীল হৈ থাকিব।
“ডায়ম’ভ!”, ডায়ম’ভৰ কান্ধত থপৰিয়াই তাই মাতিলে; হয়তো তাই এইটো কথা বিশ্বাস কৰিব খুজিলে যে তেওঁ আৰু কেতিয়াও সাৰ নাপাব, “ডায়ম’ভ! ডায়ম’ভ!”
বহা-কোঠাত ক’ৰ’ষ্টেলেভে তেতিয়া আলধৰা মহিলাগৰাকীক কৈ আছিল, “কিনো সুধি আছা? গীৰ্জালৈ যোৱা আৰু সোধা, তেওঁলোক ক’ত থাকে। তেওঁলোকে মৃতদেহটো ধুৱাব, কবৰ দিব আৰু যি কৰিব লাগে, সকলো কৰিব। যোৱা।”