কবিতাৰ জঞ্জাল-(প্রদীপ গগৈ)
(ক)
ধৰ্মকাই ধৰ্মকাই তুমি তীৰ্থ ভ্রমণ কৰি ফুৰা
ঘৰলৈ আহি ওচৰ চুবুৰীয়াক নিতৌ গালি পাৰা
তীৰ্থ নকৰা সকলে হজম কৰে তোমাৰ যত নিন্দা
ওভতি ধৰিলে তুমিযে কাকো নেৰাখিবা জিন্দা
কোনেনো বুজিব পাৰে তোমাক কি ধাতুৰে গঢ়া!
(খ)
সৰু মহ এটাই সৃষ্টি কৰিছে ৰাজ্যত নৰ-সংহাৰ
প্রমোদ ভ্রমণেৰে মন্ত্রীয়ে বুজালে জীৱন ইয়াত অসাৰ
কিমান দুখত বা তেওঁ ওলাই গ’ল ৰাজ্যখনৰ পৰা
দুৰ্গত লোকৰ দুখতকৈ কিজানি তেওঁৰহে দুখ চৰা
এৰাসৱেইতো কঢ়িয়াইছে গৌৰৱ আমাৰ ভাৰত মাতাৰ!
(গ)
ভুলেই হওক বা শুদ্ধই হওক চকু মুদি থাকাঁ
তাৰ বাবে জানো বিচাৰিছা পাকিস্তানৰ টকা
বাঘৰ দৰে গুঁজৰিবাঁ নিজে শিয়াল হৈ
ধৰ বুলিলে ধৰিবাঁ নেজ পকাই লৈ
আগ-পাছ নুগুনি দৌৰিবাঁ শক্তিমানে বজালে ৰণ-ডংকা!
(ঘ)
গোটেই দেশতে সমবিকাশ কৰি চৰকাৰে হেৰুৱাইছে বল
হোঁহকা-পিছলাৰ চানেকিটোৰ নাম হিন্দুস্তান কাগজ কল
চৰকাৰে ভুগিছে ভাল নোহোৱা বেমাৰ উদফাই
কোনো কাৰণতে শ্রমিকে নলয় হাতত কাৰ্ফাই
‘জয় শ্রীৰাম’ ধ্বনি তুলিলেহে আন্দোলনে দিব নেকি সুফল!