অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰচতুৰ্থ বছৰ (চতুৰ্থ সংখ্যা)

ফ্ৰেডেৰিক এংগেলছৰ জীৱন, কৰ্ম আৰু সৃষ্টিৰাজি (টুনুজ্যোতি গগৈ)

ফ্ৰেডেৰিক এংগেলছ

প্ৰখ্যাত জাৰ্মান সমাজবিজ্ঞানী, লেখক, ৰাজনৈতিক তাত্ত্বিক, দাৰ্শনিক আৰু মহামতি কাৰ্ল মাৰ্ক্স (১৮১৮-১৮৮৩)ৰ নাম উচ্চাৰণ কৰাৰ লগে লগে জিভাৰ আগলৈ আহে ফ্ৰেডেৰিক এংগেলছ (১৮২০-১৮৯৫)ৰ নাম। সমাজবাদ বা মাৰ্ক্সবাদৰ অন্যতম প্ৰবক্তা এংগেলছৰ নামো মাৰ্ক্সৰ দৰেই যুগে যুগে পৰিৱৰ্তনকামী আৰু স্থিতাৱস্থাবিৰোধী মানুহৰ মাজত গুৰুত্বসহকাৰে চৰ্চিত হৈ আহিছে আৰু ভৱিষ্যতলৈও থাকিব। এই আপাহতে এংগেলছকো মাৰ্ক্সৰ ক্ষেত্ৰত প্ৰয়োগ কৰা বিশেষণসমূহেৰে বিভূষিত কৰি তেওঁক পৃথিৱীৰ এজন অন্যতম ৰূপান্তৰৰ পথিকৃৎ হিচাবে আখ্যা দিব পাৰি। সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ চিন্তা, আদৰ্শ আৰু সংগ্ৰামী আন্দোলনৰ ইতিহাসত গভীৰ বন্ধুত্বৰ এক উৎকৃষ্ট উদাহৰণ হৈ ৰোৱা মাৰ্ক্স-এংগেলছ যুটীয়ে মানৱ সভ্যতাৰ চৰম সংকটৰ সময়ত, পুঁজিবাদী সমাজ আৰু ৰাষ্ট্ৰ ব্যৱস্থাই সৃষ্টি কৰা ভয়াৱহ দুৰ্যোগৰ ক্ষণত দুৰ্গত মানৱ সমাজক সমাধানৰ নিৰ্ণায়ক পথ দেখুৱাই আহিছে। আজিও মাৰ্ক্স-এংগেলছৰ বন্ধুত্বই মানুহৰ মাজত শ্ৰদ্ধা আৰু বিস্ময়ৰ ভাব সৃষ্টি কৰে। এই দুই কীৰ্তিমানৰ প্ৰজ্ঞা আৰু আদৰ্শৰ সুষম সমন্বয় নঘটা হ’লে মানৱ জাতিয়ে নিশ্চয় বহু উল্লেখযোগ্য সৃষ্টিৰাজিৰ পৰা বঞ্চিত হৈ ৰ’লহেঁতেন।

এংগেলছৰ জন্ম হৈছিল জাৰ্মানীৰ প্ৰুছিয়া প্ৰদেশৰ অন্তৰ্গত বাৰমেনত, এক সম্ভ্ৰান্ত ব্যৱসায়ী পৰিয়ালত। তেওঁৰ দেউতাক আছিল বস্ত্ৰশিল্প কাৰখানাৰ এজন মালিক। তেওঁৰ শৈশৱ এক ৰক্ষণশীল আৰু গোড়া ধৰ্মীয় পৰিৱেশত অতিবাহিত হ’লেও ধৰ্মৰ প্ৰতি তেওঁৰ মনত কোনোধৰণৰ অনুৰাগ সৃষ্টি হোৱা নাছিল, বৰং অতিমাত্ৰা ধৰ্মীয় নিয়ন্ত্ৰণত অতিষ্ঠ হৈ তেওঁ ধৰ্মৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়াহে প্ৰকাশ কৰিছিল। বুজন হোৱাৰ লগে লগে তেওঁ ধৰ্মৰ প্ৰয়োজনীয়তাৰ সম্পৰ্কত বিভিন্ন প্ৰশ্ন তুলি নিৰীশ্বৰবাদী চিন্তা-চৰ্চাত গুৰুত্ব দিয়াত খ্ৰীষ্টান ধৰ্মত বিশ্বাসী মাক-দেউতাকৰ সৈতে তেওঁৰ মানসিক দূৰত্ব বৃদ্ধি পাবলৈ ধৰে। উল্লেখ্য যে ডেভিড স্ট্ৰাউছ নামৰ এজন লেখকৰ ‘যীশুৰ জীৱন’ শীৰ্ষক গ্ৰন্থখনি পঢ়াৰ পাছত তেওঁৰ মনত ধৰ্মক লৈ বেছি সংশয় আৰু প্ৰশ্নৰ উদ্ৰেক হৈছিল।

এংগেলছৰ ব্যৱসায় আৰু ৰাজনীতিৰ প্ৰতি বিশেষ আগ্ৰহ আছিল বাবে তেওঁ আনুষ্ঠানিক পঢ়া-শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। ১৭ বছৰ বয়সতে আনুষ্ঠানিক শিক্ষা ত্যাগ কৰি দেউতাকৰ ব্যৱসায়ত হাত দিয়ে। দেউতাকেও তেওঁৰ পুত্ৰক এজন সফল ব্যৱসায়ী ৰূপে চাবলৈ বিচাৰিছিল বাবে পুত্ৰক হাতে-কামে ব্যৱসায় শিকোৱাত উদ্যোগ লৈছিল। সেই উদ্দেশ্যৰে দেউতাকে তেওঁক ১৮৩৮ চনত বাৰমেনৰ এটি কাৰখানাত কেৰাণী হিচাবে নিয়োগ কৰিছিল। এংগেলছে ব্যৱসায়ৰ কাম-কাজ শিকাৰ সমান্তৰালভাৱে তদানীন্তন ৰাজনৈতিক বিষয় আৰু হেগেলীয় দৰ্শনৰ পঠন-পাঠন আৰম্ভ কৰে।

এংগেলছে ১৮৪১ চনৰ ছেপ্টেম্বৰ মাহত প্ৰুছিয়া সেনা বিভাগত পদাতিক সেনা ৰূপে যোগদান কৰি ১৮৪২ চনৰ ১৮ অক্টোবৰ পৰ্যন্ত সেৱা আগ বঢ়াইছিল। সেনা বিভাগৰ চাকৰিয়াল হিচাবে তেওঁ বাৰ্লিনলৈ বদলি হৈছিল। বাৰ্লিনলৈ গৈ তেওঁ বাৰ্লিন বিশ্ববিদ্যালয়ৰ বিভিন্ন অধ্যাপকৰ নিয়মীয়া ভাষণসমূহ শুনিবলৈ লৈছিল আৰু বিশ্ববিদ্যালয়ৰ হেগলীয় দৰ্শনৰ প্ৰতি আকৃষ্ট তৰুণ ছাত্ৰসকলৰ সান্নিধ্য লাভ কৰিছিল। সেই সময়ছোৱাতে তেওঁ বিশ্বৰ সমকালীন সামৰিক নীতি সম্পৰ্কেও জ্ঞান অৰ্জন কৰিছিল। বাৰ্লিনত থাকোঁতেই তেওঁ দাৰ্শনিক ফায়াৰবাখেৰৰ ‘খ্ৰীস্টান ধৰ্মৰ সাৰকথা’ গ্ৰন্থখনি অধ্যয়ন কৰি বেছি বস্তুবাদী হৈ পৰিল।

এংগেলছে ধীৰে ধীৰে হেগেলীয় দৰ্শনৰ সীমাবদ্ধতাবোৰ উপলব্ধি কৰাৰ বিপৰীতে বিভিন্ন বস্তুবাদী দৰ্শনৰ প্ৰতি আকৃষ্ট হোৱাৰ উপৰি তদানীন্তন কেতবোৰ প্ৰচলিত সমাজবাদী চিন্তাৰ সৈতে পৰিচিত হ’বলৈ ধৰে। সেই বস্তুবাদী দৰ্শন আৰু সমাজবাদী চিন্তাধাৰাই তেওঁৰ মনত নতুন চিন্তাৰ বাট কাটিবলৈ আৰম্ভ কৰে। তেতিয়াৰ পৰাই তেওঁ শ্ৰমিক শ্ৰেণীৰ দুৰৱস্থাক লৈ সংবেদনশীল হৈ পৰিছিল। তেওঁৰ এই মানসিক পৰিৱৰ্তনক ‘অধঃপতন’ৰ লক্ষণ বুলি ভাবি দেউতাক খুবেই চিন্তিত হৈছিল আৰু তেওঁক পুনৰ ধৰ্মীয় দিশৰ প্ৰতি আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল।

সেনা বিভাগৰ চাকৰি এৰাৰ পাছত অৰ্থাৎ ১৮৪২ চনৰ শেষৰ ফালে এংগেলছক দেউতাকে ইংলেণ্ডৰ উদ্যোগ নগৰী মানচেষ্টাৰলৈ পঠিয়ায়। মানচেষ্টাৰত দেউতাকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ‘আৰমেন এণ্ড এংগেলছ’ৰ বস্ত্ৰ কাৰখানা আছিল। দেউতাকে ভাবিছিল, পুত্ৰই এইবাৰ ব্যৱসায় আৰু প্ৰশাসনিক কাম-কাজবোৰ ভালদৰে শিকিব। কিন্তু, এংগেলছে দেউতাকৰ বস্ত্ৰ কাৰখানাৰ কাম-কাজত গুৰুত্ব দিয়াতকৈ উদ্যোগ নগৰীখনৰ শ্ৰমিকসকলৰ সুখ-দুখৰ খবৰ লোৱাতহে বেছি গুৰুত্ব দিলে। তেওঁ মানচেষ্টাৰৰ বস্তি অঞ্চলসমূহ সঘনাই ভ্ৰমণ কৰি শ্ৰমিকসকলৰ মাজত মিলি গৈছিল। উল্লেখ্য যে তদানীন্তন ইংলেণ্ডত ধনতান্ত্ৰিক সমাজৰ পূৰ্ণ বিকাশ ঘটিলেও বিভিন্ন উদ্যোগ প্ৰতিষ্ঠানত কৰ্মৰত শ্ৰমিকসকলৰ অৱস্থা অলপো সন্তোষজনক নাছিল। হাড়ভঙা পৰিশ্ৰম কৰিও উপযুক্ত মজুৰি নোপোৱা শ্ৰমিকসকলৰ দুৰৱস্থা, শিশু শ্ৰম আদি বিষয়বোৰে তেওঁক গভীৰভাৱে স্পৰ্শ কৰিছিল। সেই বাস্তৱ অভিজ্ঞতাৰ ভেটিতে তেওঁ ‘ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ অৱস্থা’ ( ১৮৪৫) গ্ৰন্থখন প্ৰণয়ন কৰিছিল। মানচেষ্টাৰত থকাৰ সময়তে তেওঁ চাৰ্টিষ্ট আন্দোলনৰ সৈতেও জড়িত হৈ পৰিছিল।
এংগেলছ ১৮৪৪ চনৰ মাজভাগলৈ মানচেষ্টাৰত আছিল। তাৰ পাছত তেওঁ ১৮৪৮ চনলৈকে ব্ৰাছেলছ আৰু পেৰিছত বসবাস কৰিছিল। এই ঠাই দুখনতো তেওঁ বস্তুবাদী চিন্তা-চৰ্চা অব্যাহত ৰাখিছিল আৰু শ্ৰমিকসকলৰ সুখ-দুখৰ সমভাগী হৈছিল। উল্লেখ্য যে পেৰিছতেই তেওঁ ১৮৪৪ চনৰ ছেপ্টেম্বৰ মাহত মাৰ্ক্সৰ সৈতে প্ৰথমবাৰৰ বাবে মুখামুখি হৈছিল। মুখামুখি হোৱাৰ পূৰ্বে তেওঁলোকৰ মাজত চিঠিৰ আদান-প্ৰদান চলিছিল বুলি জনা যায়। ইপিনে, পল লাফাৰ্গ নামৰ লেখক এজনে ‘এংগেলছ স্মৃতি’ (১৯০৫) শীৰ্ষক লেখা এটিত ১৮৪২ চনৰ নৱেম্বৰ মাহৰ শেষৰ ফালে ‘ৰাইনিছ চাইটুং’ নামৰ পত্ৰিকাখনৰ সম্পাদনা বিভাগত এংগেলছ জড়িত হোৱাৰ ফলত মাৰ্ক্স আৰু তেওঁৰ মাজত প্ৰথম সাক্ষাৎ হয় বুলি উল্লেখ কৰিছে। সেই প্ৰথম সাক্ষাৎ সম্ভৱতঃ সাধাৰণ সৌজন্যমূলক সাক্ষাতহে আছিল।

১৮৪৬ চনৰ ফেব্ৰুৱাৰি মাহত মাৰ্ক্স আৰু এংগেলছে সমভাবাপন্ন ব্যক্তিসকলক লৈ গঠন কৰিছিল কমিউনিষ্ট কৰেছপণ্ডিং কমিটি। ইউৰোপৰ বিভিন্ন সমাজবাদী সংগঠনসমূহৰ সৈতে যোগাযোগ কৰাৰ উদ্দেশ্যৰেই কমিটিখন গঠন কৰা হৈছিল। ইউৰোপেৰ বিভিন্ন সমাজবাদী সংগঠনসমূহৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হোৱাৰ পাছত দুই বন্ধুৱে সমাজবাদী আন্দোলনৰ তত্ত্বগত ভ্ৰান্তিৰ বিৰুদ্ধে সংগ্ৰাম আৰম্ভ কৰিলে। সেই সময়ত ইউৰোপত পেটি বুৰ্জোৱা সমাজবাদী আৰু ইউটোপীয় সমাজবাদী তত্ত্বই প্ৰাধান্য লাভ কৰিছিল। ইপিনে, ক্ৰমশঃ সংঘবদ্ধ হৈ অহা ইউৰোপৰ কমিউনিষ্ট সংগঠনসমূহে মাৰ্ক্স-এংগেলছক সমাজবাদৰ মূল নীতিসমূহ থিৰাং কৰাৰ দায়িত্ব দিছিল আৰু তাৰ পৰিণতিতে ১৮৪৮ চনত তেওঁলোকৰ বিখ্যাত গ্ৰন্থ ‘কমিউনিষ্ট ইস্তাহাৰ’ প্ৰকাশ হৈছিল।

১৮৪৮ চনৰ ২৩ ফেব্ৰুৱাৰিত ফ্ৰান্সত প্ৰথম সমাজবাদী বিপ্লৱ আৰম্ভ হৈ পশ্চিম ইউৰোপৰ বিভিন্ন দেশত বিয়পি পৰে। বিপ্লৱৰ জৰিয়তে ফ্ৰান্সৰ ৰজা ফিলিপক সিংহাসনচ্যুত কৰা হৈছিল। ফেব্ৰুৱাৰি মাহত আৰম্ভ হোৱা বাবে সেই বিপ্লৱক ফেব্ৰুৱাৰি বিপ্লৱ বুলিও জনা গৈছিল। এংগেলছে ১৮৪৮ চনৰ ২১ মাৰ্চত ব্ৰাছেলছ এৰি ফেব্ৰুৱাৰি বিপ্লৱৰ ঘাটি পেৰিছলৈ যায়। সেই সময়ত পেৰিছত মাৰ্ক্সকে ধৰি জাৰ্মানীৰ বহু বিপ্লৱীয়েই অৱস্থান কৰিছিল। তেওঁলোক ফ্ৰান্সৰ বিপ্লৱৰদ্বাৰা গভীৰভাৱে প্ৰভাৱিত হৈছিল আৰু জাৰ্মানীতো ১৮৪৮ চনত সামন্তবাদৰ বিৰুদ্ধে কৃষক-শ্ৰমিকৰ বিপ্লৱ আৰম্ভ কৰিছিল। পেৰিছত থাকিয়েই মাৰ্ক্স-এংগেলছে নিজৰ দেশত বিপ্লৱ জোৰদাৰ কৰি তোলাৰ স্বাৰ্থত জাৰ্মানীৰ প্ৰবাসী বিপ্লৱীসকলৰ ওচৰত ১৭ দফা দাবী সম্বলিত এক কৰ্মসূচী তুলি ধৰিলে। সেই ১৭ দফা কৰ্মসূচী ‘জাৰ্মান কমিউনিষ্ট পাৰ্টি’ৰ নামত কমিউনিষ্ট লীগৰ সদস্যসকলৰ স্বাক্ষৰসহ প্ৰচাৰ কৰা হয়। তাৰ লগে লগে প্ৰায় ৩০০ জাৰ্মান বিপ্লৱীক নিজ দেশৰ মাটিত বিপ্লৱ জোৰদাৰ কৰি তুলিবলৈ সৰু সৰু গোটত ভাগ কৰি পেৰিছৰ পৰা প্ৰেৰণ কৰা হৈছিল।

জাৰ্মানীত বিপ্লৱৰ গতি বৃদ্ধি হোৱাত মাৰ্ক্স-এংগেলছ ১৮৪৮ চনৰ সাত এপ্ৰিলত নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে আৰু প্ৰুছিয়াৰ ৰাইন অঞ্চলৰ কোলন চহৰত বাহৰ পাতে। তেওঁলোকে ব্যাপক তৎপৰতাৰে এপ্ৰিল মাহৰ ভিতৰতে জাৰ্মানীৰ কেইবাটাও শ্ৰমিক সংগঠনক ঐক্যবদ্ধ কৰি তুলিছিল আৰু জুলাই মাহৰ মাজভাগলৈ কোলনৰ তিনিটা শ্ৰমিক সংগঠনক লৈ এখন সংগ্ৰাম সমিতি গঠন কৰিছিল। তেওঁলোকে ‘নিউ ৰাইনিছ চাইটুঙ’ৰ সম্পাদনাৰ দায়িত্ব লৈয়ো কাকতখনক বিপ্লৱী শ্ৰমিক-কৃষকৰ সবল প্ৰতিবাদী কণ্ঠলৈ ৰূপান্তৰিত কৰিছিল। সেই বছৰৰে ১৩ৰ পৰা ১৫ আগষ্ট পৰ্যন্ত কোলনত ৰাইন অঞ্চলৰ গণতান্ত্ৰিক আৰু শ্ৰমিক সংগঠনসমূহৰ এখন সন্মিলন অনুষ্ঠিত হৈছিল।

এই সময়ছোৱাতে প্ৰুছিয়াৰ ৰজা আৰু বৃহৎ বুৰ্জোৱা শ্ৰেণীৰ মাজত ক্ষমতাকেন্দ্ৰিক সংঘাতে দেখা দিলে। সেনা বাহিনীয়ে ৰজাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব নে সংবিধানৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব, সেই লৈ দ্বন্দ্ব আৰম্ভ হ’ল। ৰজাই এক কৌশল অৱলম্বন কৰি ডেনমাৰ্কৰ বিৰুদ্ধে যুদ্ধ ঘোষণাৰ নামত সৈন্যবাহিনীক নিজৰ নিয়ন্ত্ৰণলৈ নিলে। কিন্তু, কিছুদিনৰ পাছতে ডেনমাৰ্কৰ সৈতে এক লজ্জাজনক চুক্তি কৰিলে। এইবাৰ ৰজাৰ বিৰুদ্ধে জাতীয় স্বাৰ্থৰ প্ৰতি বিশ্বাসঘাতকতাৰ অভিযোগত জনমত সৃষ্টি হ’বলৈ ধৰিলে। মাৰ্ক্স-এংগেলছে ১৩ ছেপ্টেম্বৰত কোলনত প্ৰায় ছয় হেজাৰ শ্ৰমিক ৰাইজৰ উপস্থিতিত এক নিৰাপত্তা সমিতি গঠন কৰিলে। সমিতিৰ উদ্যোগত সমগ্ৰ জাৰ্মানীত জনসভা, প্ৰতিবাদী আন্দোলন আদি আৰম্ভ হ’ল। ইপিনে, শাসকপক্ষই শ্ৰমিক সংগঠনৰ বিপ্লৱক দমন কৰিবলৈ উঠি-পৰি লাগিল।

ছেপ্টেম্বৰৰ শেষৰ পিনে ৰজাই কমিউনিষ্ট লীগৰ নেতাসকলৰ ওপৰত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ লগতে শ্ৰমিক আৰু গণতান্ত্ৰিক সংগঠনৰ কাম-কাজত হস্তক্ষেপ আৰম্ভ কৰে। বিপ্লৱৰ পক্ষত থকা সংবাদপত্ৰকো নিষিদ্ধ কৰাত ‘নিউ ৰাইনিছ চাইটুং’ পত্ৰিকাখন বন্ধ হৈ পৰে। শাসক পক্ষই বিপ্লৱী চিন্তা প্ৰচাৰ-প্ৰসাৰত ভাগ লোৱাৰ বাবে মাৰ্ক্স-এংগেলছৰ ওপৰত বেছি নজৰ ৰাখিছিল। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ এংগেলছ বাৰমেনলৈ পলাই যায়। তাতো শাসকপক্ষই তেওঁৰ সন্ধান চলোৱাত তেওঁ ব্ৰাছেলছত আশ্ৰয় গ্ৰহণ কৰে। তাৰ পাছত তেওঁ ছুইজাৰলেণ্ডলৈ গুচি যায়। চুইজাৰলেণ্ডত থকাৰ সময়ত তেওঁ চুইছ শ্ৰমিকৰ আন্দোলনত ভাগ লৈছিল আৰু বাৰ্নেত অনুষ্ঠিত শ্ৰমিক সন্মিলনতো উপস্থিত আছিল। তেওঁ চুইজাৰলেণ্ডৰ সংবাদ-পত্ৰত জাৰ্মান শাসকপক্ষ আৰু পেটি বুৰ্জোৱা গণতন্ত্ৰীসকলৰ ভাবধাৰাক কঠোৰ ভাষাৰে সমালোচনা কৰি কেইবাটাও প্ৰবন্ধ লিখিছিল।

১৮৪৯ চনৰ জানুৱাৰি মাহত এংগেলছে চুইজাৰলেণ্ডৰ পৰা জাৰ্মানীৰ কোলনলৈ পুনৰ ঘূৰি আহে। তেতিয়ালৈ জাৰ্মানীত বিপ্লৱৰ দুৰ্দিন আৰম্ভ হৈছিল। পেটি বুৰ্জোৱা শ্ৰেণীৰ দোদুল্যমানতা, সুবিধাবাদিতা, পলায়নবাদিতা আদিয়েই বিপ্লৱক দুৰ্বল কৰি আনিছিল। হঠাতে মে’ মাহৰ শেষৰ ফালে জাৰ্মানীৰ দক্ষিণ আৰু পশ্চিম দিশত বিপ্লৱৰ অগ্নি জ্বলি উঠে। প্ৰুছিয়াৰ ৰজাসহ সামন্তীয় শক্তিয়ে ফ্ৰাংকফুৰ্ট জাতীয় পৰিষদৰ এক সিদ্ধান্তক নাকচ কৰাৰ বাবেই বিপ্লৱ আৰম্ভ হৈছিল। কিন্তু, শাসকপক্ষই সামৰিক আক্ৰমণেৰে বিপ্লৱ প্ৰতিহত কৰিছিল। এংগেলছে কিছুদিনৰ বাবে লেখা-মেলা এৰি নিজৰ জন্মস্থান বাৰমেনলৈ গৈ নিজে হাতত বন্দুক তুলি বিপ্লৱ জীয়াই ৰখাৰ চেষ্টা কৰিলে। তেওঁ কেইবাশ শ্ৰমিকক সশস্ত্ৰ বিপ্লৱী হিচাবে গঢ়ি তুলিব বিচাৰিেলও সফল হ’ব নোৱাৰিলে। তেওঁ এইবাৰ কোলনলৈ প্ৰত্যাৱৰ্তন কৰি ‘ৰাজকীয় সংবিধানৰ কাৰণে জাৰ্মান অভিযান’ শীৰ্ষক এটি বিশ্লেষণমূলক প্ৰবন্ধ লিখিছিল, য’ত পেটি বুৰ্জোৱা নেতাই বিপ্লৱৰ নেতৃত্ব লৈ বিপ্লৱক দুৰ্বল কৰি তোলাৰ কথা আলোচনা কৰিছিল। উল্লেখ্য যে মাৰ্ক্স-এংগেলছে পেটি বুৰ্জোৱা শ্ৰেণীক আক্ৰমণ কৰি কেইবাটাও লেখা লিখিছিল।

তাৰ পাছত এংগেলছে চুইজাৰলেণ্ডলৈ যায়। চুইজাৰলেণ্ডত কিছুদিন থাকি দেউতাকৰ উপদেশ মতে ইংলেণ্ডলৈ গমন কৰে। উল্লেখ্য যে মাৰ্ক্সেও ইংলেণ্ডত নিৰ্বাসিত জীৱন আৰম্ভ কৰিবলৈ লৈছিল। ইংলেণ্ডলৈ যোৱাৰ পাছত মাৰ্ক্সৰ সৈতে লগ লাগি তেওঁ বিভিন্ন সাংগঠনিক আৰু বৌদ্ধিক কাম-কাজত লিপ্ত হয়। তেওঁলোকে বিপ্লৱৰ শিক্ষা আৰু বিপ্লৱী জীৱনৰ অভিজ্ঞতাক লৈ গভীৰ বিশ্লেষণমূলক লেখা ৰচনাত মনোনিৱেশ কৰে। সেই সময়ছোৱাত অৰ্থাৎ ১৮৫০ চন মানত আৰ্থিক অনাটনে মাৰ্ক্স-এংগেলছক জুৰুলা কৰি তোলে। এংগেলছ ধনী পৰিয়ালৰ সন্তান হ’লেও দেউতাকৰ পৰা আৰ্থিক সাহায্য ল’বলৈ এৰাৰ বাবে তেওঁকো দৰিদ্ৰতাই পিষ্ট কৰি পেলাইছিল। উপায়হীন হৈ এংগেলছে দেউতাকৰ মানচেষ্টাৰত অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত পুনৰ চাকৰি কৰিবলৈ বাধ্য হৈ পৰে। তেওঁ চাকৰি কৰি পোৱা দৰমহাৰ কিছু টকা মাৰ্ক্সলৈ পঠিয়াবলৈ আৰম্ভ কৰে। আৰ্থিক সাহায্য লাভ কৰি মাৰ্ক্সে ব্ৰিটিছ লাইব্ৰেৰীলৈ গৈ অধ্যয়ন কৰিবলৈ ধৰে। মাৰ্ক্সে ফ্ৰান্সৰ বিপ্লৱৰ সম্পৰ্কত দুটিমান গুৰুত্বপূৰ্ণ প্ৰবন্ধ লিখাৰ বিপৰীতে এংগেলছে ‘জাৰ্মানীত কৃষক সংগ্ৰাম’ আৰু ‘জাৰ্মানীত বিপ্লৱ আৰু প্ৰতিবিপ্লৱ’ শীৰ্ষক দুটা উল্লেখযোগ্য প্ৰবন্ধ লিখে।

১৮৫১ চনৰ আগষ্ট মাহত মাৰ্ক্সে আমেৰিকাৰ ‘ডেইলী ট্ৰিবিউন’ কাকতত কিছু পাৰিশ্ৰমিকৰ বিনিময়ত লেখা-মেলাৰ সুযোগ পায়। কিন্তু, তেতিয়ালৈ তেওঁ ইংৰাজী ভাষাত লেখা-মেলা কৰিব পৰাকৈ দক্ষ হোৱা নাছিল বাবে তেওঁক এংগেলছে সহায় কৰিছিল। এংগেলছে বন্ধুক সহায় কৰাৰ মানসেৰে ইংৰাজী ভাষাত প্ৰবন্ধ লিখি মাৰ্ক্সলৈ পঠিয়াইছিল আৰু মাৰ্ক্সে নিজৰ নামত প্ৰবন্ধবোৰ ‘ডেইলী ট্ৰিবিউন’ কাতত প্ৰকাশ কৰিছিল। কেইবাবছৰ ধৰে মাৰ্ক্সে সেই পত্ৰিকাখনত লেখা-মেলা কৰিছিল আৰু তাত প্ৰকাশিত প্ৰায় এক-তৃতীয়াংশ লেখা এংগেলছৰ আছিল। সেই লেখাবোৰত এংগেলছৰ বিস্তৰ সামৰিক জ্ঞানৰ পৰিচয় ফুটি উঠিছিল।

১৮৫২ চনৰ অক্টোবৰ আৰু নৱেম্বৰত জাৰ্মানীৰ কলোন চহৰত কমিউনিষ্ট লীগৰ ১১ বন্দী সদস্যৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। তেওঁলোকক দীৰ্ঘম্যাদী কাৰাদণ্ড বিহা হয়। সেই বছৰৰে ১৭ নৱেম্বৰত মাৰ্ক্সৰ প্ৰস্তাৱ অনুসৰি কমিউনিষ্ট লীগক আনুষ্ঠানিকভাৱে বিলুপ্ত বুলি ঘোষণা কৰা হয়। উপদলীয় কাৰ্যকলাপ আৰু সদস্যসকলৰ ওপৰত দমন-পীড়ন বাঢ়ি যোৱাৰ বাবে লীগৰ অস্তিত্ব বজাই ৰখাটো সময়োচিত নহ’ব বুলি বিবেচনা কৰিয়েই সেই সিদ্ধান্ত লোৱা হৈছিল। তেনেদৰেই সংগ্ৰামৰ এটি অধ্যায়ৰ সমাপ্তি ঘটিল।

আৰ্থিক অনাটনৰ বাবে এংগেলছে দেউতাকৰ প্ৰতিষ্ঠানত চাকৰি কৰিবলৈ বাধ্য হ’লেও চাকৰি কৰি তেওঁ অলপো সুখী হোৱা নাছিল। চাকৰি জীৱনক তেওঁ ‘কঠোৰ বন্দীদশা’ বুলি অভিহিত কৰি আশা কৰিছিল যে অতি সোনকালেই সেই ‘বন্দীদশা’ৰ সমাপ্তি ঘটিব। কিন্তু, তেওঁ ১৮৫০ চনৰ পৰা ১৮৭০ চনলৈ ২০ বছৰ ধৰি চাকৰি কৰিবলগীয়া হয়। প্ৰথমতে তেওঁ দেউতাকৰ ‘আৰমেন এণ্ড এংগেলছ’ প্ৰতিষ্ঠানত বাণিজ্যিক সংবাদদাতা হিচাবে নিযুক্ত হৈছিল আৰু ১৮৬০ চনৰ পৰা প্ৰতিনিধি হিচাবে কাম কৰিছিল। ১৮৬৪ চনত দেউতাকৰ মৃত্যু হোৱাত তেওঁ প্ৰতিষ্ঠানটোত ব্যৱসায়িক অংশীদাৰ হিচাবে সেৱা আগ বঢ়ায়।

২০ বছৰ চাকৰি কৰাৰ পাছত এংগেলছে ভাবিলে যে ইমানদিনে সঞ্চয় কৰা অৰ্থৰে জীৱনৰ বাকীছোৱা সময় অতিবাহিত কৰিব পৰা যাব। তেওঁ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ অংশীদাৰিত্ব বিক্ৰী কৰি মানচেষ্টাৰৰ পৰা লণ্ডনলৈ গুচি আহিল। তেওঁ লণ্ডনত মাৰ্ক্সৰ ঘৰৰ ওচৰতে নিজৰ ঘৰ ল’লে। লণ্ডনলৈ অহাৰ পাছত মাৰ্ক্স-এংগেলছে প্ৰতিদিনেই মিলিত হৈছিল আৰু ঘন্টাৰ পাছত ঘন্টা বিভিন্ন বিষয়ত আলোচনা কৰিছিল।

উল্লেখ্য যে ১৮৬৪ চনৰ ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে লণ্ডনৰ চেন্ট মাৰ্টিন হলত প্ৰথমবাৰৰ বাবে কমিউনিষ্টসকলৰ আন্তৰ্জাতিক সংগঠন ‘আন্তৰ্জাতিক শ্ৰমিক সংঘ’ গঠন কৰা হৈছিল। এই সংঘৰ সৈতে প্ৰথমাৱস্থাত ইংলেণ্ডৰ সংস্কাৰকামী শ্ৰমিক সংগঠন, ইটালীৰ মাজিনিপন্থী, ৰাছিয়াৰ নৈৰাজ্যবাদী আদি যুক্ত হৈছিল আৰু সকলোৱে মাৰ্ক্সক নেতা হিচাবে মানি লৈছিল। সংঘৰ এখন সন্মিলন ১৮৬৯ চনৰ ছেপ্টেম্বৰ মাহত বাচলত অনুষ্ঠিত হৈছিল আৰু তাত ছদ্মৱেশী বিপ্লৱী মতবাদৰ বিপৰীতে মাৰ্ক্স-এংগেলছৰ চিন্তাধাৰাই প্ৰাধান্য পাইছিল। ১৮৭০ চনত এংগেলছ লণ্ডনলৈ অহাত মাৰ্ক্সৰ প্ৰস্তাৱ মতে তেওঁক সংঘৰ সাধাৰণ পৰিষদৰ সদস্য হিচাবে মনোনীত কৰা হয়। এংগেলছে নিজৰ পাণ্ডিত্য, বিচাৰশক্তি, দূৰদৰ্শিতা আৰু ভাষাজ্ঞানৰ বলত কম সময়ৰ ভিতৰতে সংঘৰ অন্যতম নেতা হিচাবে পৰিগণিত হয়। মাৰ্ক্স-এংগেলছৰ অক্লান্ত প্ৰচেষ্টাত সংঘৰ কাম-কাজ ১০খনৰো অধিক দেশত প্ৰসাৰ হৈছিল। ১৮৭৬ চন পৰ্যন্ত প্ৰথম আন্তৰ্জাতিক শ্ৰমিক সংঘৰ অস্তিত্ব বৰ্তি আছিল। দ্বিতীয় আন্তৰ্জাতিক শ্ৰমিক সংঘ ১৮৮৯ চনৰ জুলাই মাহতহে গঠিত হৈছিল।

১৮৮৮ চনৰ আঠ আগষ্টত এংগেলছে বাৰ্লিন হৈ সাগৰীয়া পথেৰে গোপনে আমেৰিকালৈ গৈছিল। আমেৰিকাত তেওঁ এমাহৰো বেছি দিন কটাইছিল। সেই সময়ছোৱাত তেওঁ আমেৰিকা তথা ইউৰোপৰ বিভিন্ন দেশৰ শ্ৰমিক নেতাসকলৰ সৈতে ভাব বিনিময় কৰিছিল। ২৯ ছেপ্টেম্বৰত তেওঁ লণ্ডনলৈ ঘূৰি আহি পুনৰ লেখা-মেলাৰ লগতে সাংগঠনিক কাম-কাজত জড়িত হয়। ১৮৮৯ চনৰ ১৪ জুলাইত পেৰিছত ২০ খন দেশৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰতিনিধিসকলৰ উপস্থিতিত আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত হৈছিল। তাতেই দ্বিতীয় আন্তৰ্জাতিক শ্ৰমিক সংঘ প্ৰতিষ্ঠা কৰা হয়। সন্মিলনত এংগেলছে ব্যক্তিগতভাৱে উপস্থিত থাকিব নোৱাৰিলেও শ্ৰমিক সংঘ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অনন্যসাধাৰণ ভূমিকা পালন কৰিছিল। ১৮৯০ চনৰ চাৰি মে’ত লণ্ডনত আন্তৰ্জাতিক শ্ৰমিক সংহতি সমাৱেশ অনুষ্ঠিত হৈছিল আৰু তাত বিভিন্ন দেশৰ শ্ৰমিক নেতাসকলে অংশগ্ৰহণ কৰিছিল। সমাৱেশত প্ৰায় তিনি লাখ শ্ৰমিক উপস্থিত আছিল আৰু তাত এংগেলছেও ভাগ লৈছিল।

১৮৫৬ চনত এংগেলছে আয়াৰলেণ্ডলৈ গৈছিল। সেই সময়ত ইংলেণ্ড চৰকাৰে আয়াৰলেণ্ডক নামমাত্ৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰদান কৰিছিল। তেওঁ এই বিষয়টো পৰ্যবেক্ষণ কৰি মাৰ্ক্সক চিঠিৰ জৰিয়তে জনাইছিল যে আয়াৰলেণ্ডৰ সৰ্বত্ৰ চৰকাৰৰ ‘লৌহ হস্ত’ বিদ্যমান, ক’তো আত্মনিয়ন্ত্ৰণৰ চিহ্ন নাই। ইংলেণ্ড চৰকাৰে আয়াৰলেণ্ডক উপনিৱেশ হিচাবেই শাসন কৰিছে। আইৰিছ অৰ্থনীতিৰ লগতে ঐতিহ্য-সংস্কৃতি এপিনৰ পৰা নিঃশেষ কৰি পেলাইছে। এই উদাহৰণটোৰ পৰা স্পষ্ট হয় যে এংগেলছে পৃথিৱীৰ সকলো দেশৰ শোষিত-পীড়িত মানুহৰ কাষত থিয় হৈছিল, বাস্তৱিকতে পৃথিৱীৰ সকলো শ্ৰমজীৱী মানুহ ঐক্যবদ্ধ হোৱাটো বিচাৰিছিল।

ব্যক্তি হিচাবে এংগেলছ আছিল অতি উদাৰমনা আৰু বন্ধুত্ববৎসল। সকলো সময়তে বয়োকনিষ্ঠ আৰু তৰুণসকলে তেওঁৰ সান্নিধ্য বিচাৰিছিল আৰু তেৱোঁ সকলোৰে লগত হাঁহি-মাতি মিলি গৈছিল। দেওবাৰৰ দিনটোত তেওঁৰ ঘৰ বন্ধু-বান্ধৱেৰে ভৰি আছিল আৰু সকলোৱে গল্প কৰি একেলগে এসাঁজ খাইছিল। অৱশ্যে, কোনো অন্যায়-অনীতি তেওঁ সহ্য কৰিব পৰা নাছিল। ক’ৰবাত অন্যায়-অনীতি দেখিলে তেওঁ খঙত ফাটি পৰিছিল আৰু উচ্চ স্বৰে প্ৰতিবাদ সাব্যস্ত কৰিছিল। নক’লেও হয় যে এংগেলছৰ ক্ৰোধ-বিদ্বেষ সাধাৰণ মানুহৰ মংগলৰ স্বাৰ্থতহে ব্যৱহৃত হৈছিল। তেওঁৰ বিষয়ে মাৰ্ক্সৰ কন্যা এভলিঙে লিখিছিল যে তেওঁ প্ৰৱঞ্চনা কেতিয়াও সহ্য কৰিব পৰা নাছিল। তেওঁক বা তেওঁ জড়িত হৈ থকা দল-সংগঠনক প্ৰৱঞ্চনা কৰাজনক তেওঁ কেতিয়াও ক্ষমাৰ চকুৰে চোৱা নাছিল।

স্পষ্টবাদিতা আৰু আপোচহীনতা তেওঁৰ চৰিত্ৰৰ অন্য এক উজ্জ্বল বৈশিষ্ট্য আছিল। কোনো সভা বা আলোচনাত তেওঁ স্পষ্টভাৱে নিজৰ মত প্ৰকাশ কৰিছিল। তেওঁৰ বক্তব্যত কোনো দোদুল্যমানতা কেতিয়াও নাছিল। কোনোবাই তেওঁক কিবা প্ৰশ্ন কৰিলে তেওঁ সংক্ষিপ্তভাৱে, নিৰ্ভৰযোগ্য আৰু প্ৰামাণ্য তথ্যৰ ভিত্তিত উত্তৰ দিছিল। ছয় ফুট উচ্চতাৰ এংগেলছ নিজৰ ব্যক্তিত্ব, সাজ-পোছাক আদিৰ ক্ষেত্ৰত খুবেই সচেতন আছিল। সকলো সময়তে পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ আছিল আৰু পৰিপাটিকৈ কাপোৰ-কানি পিন্ধিছিল। সন্দেহ নাই, সেনা বাহিনীত চাকৰি কৰি থকাৰ সময়তেই তেওঁ এনেবোৰ গুণ আয়ত্ত কৰি লৈছিল।

জীৱনত প্ৰতিষ্ঠিত বা বিখ্যাত মানুহ হোৱাৰ তেওঁৰ কোনো উচ্চাকাংক্ষা নাছিল। সাধাৰণ শ্ৰমজীৱী মানুহৰ প্ৰতি সদায়ে সহমৰ্মিতা অনুভৱ কৰা আৰু তেওঁলোকৰ হিতৰ কথা চিন্তা কৰা এংগেলছে যি কাম কৰিছিল, খুব মনোযোগেৰে কৰিছিল। সেয়ে নিজে নভবাকৈয়ে তেওঁ বিশ্বৰ এগৰাকী আগশাৰীৰ চিন্তানায়ক হিচাবে পৰিগণিত হৈছিল। অৱশ্যে, মাৰ্ক্সৰ সান্নিধ্যই তেওঁৰ মানসিক দিগন্ত ব্যাপ্ত কৰি তুলিছিল বুলি স্বীকাৰ কৰি গৈছে। উল্লেখ্য যে এংগেলছে মাৰ্ক্সৰ বহু চৰ্চিত গ্ৰন্থ ‘পুঁজি’ৰ গৱেষণা আৰু ৰচনাৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰাই নহয়, মাৰ্ক্সৰ মৃত্যুৰ পাছত তেওঁ গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দুটিও সম্পাদনা কৰিছিল। এংগেলছৰ পৰা নিয়মীয়া আৰ্থিক সাহায্য নোপোৱা হ’লে মাৰ্ক্সৰ পক্ষে ইংলেণ্ডত বসবাস কৰা আৰু সমাজবাদী গৱেষণা চলোৱাটো সম্ভৱপৰ নহ’লহেঁতেন।

মাৰ্ক্সৰ মৃত্যুৰ পাছত এংগেলছৰ লণ্ডনৰ বাসগৃহটি সমগ্ৰ বিশ্বৰ সৰ্বহাৰাসকলৰ পৰ্যটনৰ স্থলীলৈ ৰূপান্তৰিত হৈছিল। ইউৰোপ, আমেৰিকাৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ সৰ্বহাৰাৰ নেতাসকলে এংগেলছক দেখা কৰিবৰ বাবে ইংলেণ্ডলৈ গৈছিল। সৰ্বহাৰা বাহিনীৰ নেতাসকলৰ বাবেই নহয়, সাধাৰণ কৰ্মীসকলৰ বাবেও তেওঁৰ ঘৰৰ দুৱাৰ সদায় খোলা আছিল। উল্লেখ্য যে এংগেলছৰ কেইবাটাও ভাষাৰ ওপৰত দখল আছিল বাবে তেওঁ বিভিন্ন দেশৰ বন্ধু-বান্ধৱৰ সৈতে তেওঁলোকৰ মাতৃভাষাত আলাপ কৰিব পাৰিছিল। তেওঁ জাৰ্মান, ফৰাচী আৰু ইংৰাজী ভাষা নিখুঁতভাৱে ক’ব আৰু লিখিব পাৰিছিল। সেইদৰে, ইটালিয়ান, স্পেনিছ, ডেনিছ, ৰাছিয়ান, ৰুমানিয়ান আদি ভাষাও কম-বেছি পৰিমাণে জানিছিল।

মানচেষ্টাৰত থকাৰ সময়তে এংগেলছে মেৰী বাৰ্নছ নামৰ এগৰাকী আইৰিছ বংশোদ্ভূত সংস্কাৰকামী তৰুণীৰ সান্নিধ্যলৈ আহিছিল আৰু মেৰীৰ মৃত্যুৰ আগলৈকে তেওঁলোকৰ সম্পৰ্ক অটুট আছিল। ১৮৬৩ চনৰ ছয় জানুৱাৰিত মেৰীৰ মৃত্যু হোৱাত তেওঁ মেৰীৰ ভগ্নী লিজি বাৰ্নছৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। কিছুমানৰ মতে এংগেলছে মেৰী আৰু লিজিৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। আন কিছুমানে আকৌ বিবাহবিৰোধী মানসতাৰ এংগেলছে তেওঁলোকৰ সৈতে বিবাহ পাশত আবদ্ধ নোহোৱাকৈ ওচৰ সম্পৰ্ক ৰাখিছিল বুলি ক’ব খোজে। বিবাহ পাশত আবদ্ধ হ’লেও এংগেলছৰ কোনো সন্তান নাছিল। ১৮৭৮ চনৰ ১২ ছেপ্টেম্বৰত লিজিৰো মৃত্যু হয়। ৭৪ বছৰ বয়সত মৃত্যুবৰণ কৰা এংগেলছে মৃত্যুৰ আগে আগে এক ইচ্ছাপত্ৰৰ জৰিয়তে তেওঁ নিজৰ প্ৰকাশিত গ্ৰন্থসমূহ আৰু সেইবোৰৰ স্বত্ব, প্ৰকাশিত গ্ৰন্থৰ পৰা লাভ কৰা অৰ্থ আৰু সঞ্চিত নগদ অৰ্থ জাৰ্মানীৰ ছ’চিয়েল ডেমক্ৰেটিক পাৰ্টিৰ নামত উৎসৰ্গা কৰি থৈ গৈছিল।

৷৷ এংগেলছৰ সৃষ্টিৰাজি ৷৷

এংগেলছে সৰুতে কাব্য চৰ্চাত মনোনিৱেশ কৰিলেও পাছলৈ কাব্যচৰ্চা ত্যাগ কৰি চিন্তামূলক আৰু গৱেষণামূলক ৰচনাতহে মনোনিৱেশ কৰিছিল। প্ৰথমাৱস্থাত তেওঁ কল-কাৰখানাৰ শ্ৰমিকসকলৰ হাড়ভঙা পৰিশ্ৰম দেখি শিল্পায়নৰ সামাজিক ব্যাধি সম্পৰ্কত বিভিন্ন কাকতে-পত্ৰই লিখিবলৈ আৰম্ভ কৰে। ‘জাৰ্মান টেলিগ্ৰাফ’ কাকতত প্ৰকাশিত ‘ভুপাৰতেলৰ পত্ৰ’ নামৰ প্ৰবন্ধটোত শ্ৰমিকৰ ওপৰত চলোৱা শোষণৰ বিৰুদ্ধে, জমিদাৰ শ্ৰেণীৰ অত্যাচাৰ আৰু সামন্ততান্ত্ৰিক ভূমি মালিকানাৰ বিৰুদ্ধে কঠোৰভাৱে লিখিছিল। তেওঁ এখন শ্ৰেণীহীন সমাজ গঢ়াৰ আৰু সৰ্বহাৰাৰ একনায়কত্ববাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য সন্মুখত লৈয়েই সৃষ্টিকৰ্মত আত্মনিয়োগ কৰিছিল বাবে তেওঁৰ সকলো চিন্তা-চৰ্চাই প্ৰগতিশীল আছিল। তেওঁ কৈছিল যে সৰ্বহাৰা শ্ৰেণীয়ে কেৱল শ্ৰম শক্তি বিক্ৰী কৰিহে জীৱিকাৰ সন্ধান কৰে, কোনোধৰণৰ পুঁজিৰ মুনাফাৰ দ্বাৰা নহয়। তেওঁলোকৰ সম্পূৰ্ণ অস্তিত্ব নিৰ্ভৰশীল শ্ৰমশক্তিৰ চাহিদাৰ ওপৰতে। এক কথাত সৰ্বহাৰা শ্ৰেণী হ’ল ঊনবিংশ শতিকাৰ শ্ৰমিক শ্ৰেণী।

এংগলছে মাৰ্ক্সৰ সৈতে যুটীয়াভাৱে প্ৰণয়ন কৰা গ্ৰন্থবোৰ হ’ল –‘পৱিত্ৰ পৰিয়াল’ (১৮৪৫), ‘কমিউনিষ্ট ইস্তাহাৰ’ (১৮৪৮), ‘জাৰ্মান ভাবাদৰ্শ’ (১৮৮৪, প্ৰকাশিত ১৯৩২) আদি। এককভাৱে ৰচিত গ্ৰন্থবোৰ হ’ল– ‘পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি’ (১৮৮৪), ‘এণ্টি-ডুৰিং’ (১৮৭৮), ‘কাল্পনিক আৰু বৈজ্ঞানিক সমাজবাদ’ (১৮৮০), ‘প্ৰকৃতিৰ দ্বান্দ্বিকতা’ (১৮৮৩), ‘লুডুউইগ ফয়েৰবাক’ (১৮৯২) আদি।

১৮৪৪ চনত পেৰিছত মাৰ্ক্সৰ সৈতে সাক্ষাৎ হোৱাৰ পাছত মাৰ্ক্সে এংগেলছক প্ৰস্তাৱ দিয়ে যে তেওঁলোক দুয়ো ব্ৰুনো বাউৱেৰ ভ্ৰাতৃদ্বয়ৰ হেগেল সম্পৰ্কীয় ব্যাখ্যাসমূহক খণ্ডন কৰি এখন কিতাপ প্ৰকাশ কৰা উচিত। সেই অনুসৰি যুটীয়াভাৱে প্ৰণয়ন কৰে– ‘পৱিত্ৰ পৰিয়াল’ (১৮৪৫)। গ্ৰন্থখনিৰ সম্পূৰ্ণ নাম হ’ল– ‘The Holy Family or Critique of Critical Criticism : Against Bruno Bauer and Company’. উল্লেখ্য যে বাউৱেৰ ভ্ৰাতৃদ্বয়ৰ ভ্ৰান্ত দৃষ্টিভংগীয়ে তদানীন্তন সময়ত বিদ্যায়তনিক পৰ্যায়ত খুবেই প্ৰভাৱ বিস্তাৰ কৰিছিল। তেনে দৃষ্টিভংগীয়ে জাৰ্মানীৰ গণতান্ত্ৰিক আন্দোলনক বিভ্ৰান্ত কৰি অহাৰ বাবেই মাৰ্ক্স-এংগেলছ যৌথভাৱে গ্ৰন্থখন লিখিছিল। গ্ৰন্থখনিৰ সম্পৰ্কত লেনিনে কৈছিল – ‘দাৰ্শনিক বাউৱেৰ ভ্ৰাতৃদ্বয় আৰু তেওঁলোকৰ অনুগামীসকলকে ‘পৱিত্ৰ পৰিয়াল’ বুলি ব্যংগ কৰা হৈছিল। সেই ভদ্ৰলোকসকলে প্ৰচাৰ কৰা সমালোচনাবোৰৰ বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাছিল। মাৰ্ক্স-এংগেলছে তেনেধৰণৰ উদ্ভট আৰু ক্ষতিকাৰক প্ৰৱণতাৰ বিৰোধিতা কৰিছিল।’

মাৰ্ক্স-এংগেলছে যুটীয়াভাৱে ৰচনা কৰা ‘কমিউনিষ্ট ইস্তাহাৰ’ (১৮৪৮) গ্ৰন্থখনিয়ে পৰিৱৰ্তনকামীসকলক এখন নতুন পৃথিৱী গঢ়াৰ বাট দেখুৱাই আহিছে। ‘কমিউনিষ্ট ইস্তাহাৰ’ সমাজবাদী দলবোৰৰ ঘোষণা-পত্ৰৰূপে পৰিগণিত হোৱাই নহয়, সমাজবাদৰ প্ৰবক্তাসকলৰ বাবে নিৰ্ভৰযোগ্য আৰু অতুলনীয় হাতপুথি হিচাবে পৃথিৱীজুৰি পৰিচিত হৈ পৰে। গ্ৰন্থখনিৰ আৰম্ভণিতেই কোৱা হৈছিল–‘বৰ্তমান ইউৰোপত এক ভূত দেখা গৈছে, কমিউনিজমৰ ভূত। পুৰণি ইউৰোপৰ সকলো শক্তি এই ভূতক খেদিবৰ বাবে একগোট হৈছে।’ ইস্তাহাৰত ঘোষণা কৰা হৈছিল–‘কঠোৰ শৃংখলৰ বাদে সৰ্বহাৰাৰ হেৰুৱাবলৈ একো নাই, কিন্তু জয় কৰিবলৈ আছে এখন পৃথিৱী। কমিউনিষ্টসকলে নিজৰ মতবাদ আৰু উদ্দেশ্য গোপন কৰিবলৈ কোনো কুণ্ঠাবোধ নকৰে। তেওঁলোকে মুকলিভাৱেই ঘোষণা কৰে যে কেৱল প্ৰচলিত সমাজ ব্যৱস্থাৰ বলপূৰ্বক উৎখাতৰ দ্বাৰাহে তেওঁলোকৰ উদ্দেশ্য সাধন হ’ব পাৰে। সকলো দেশৰ শ্ৰমজীৱী মানুহ – এক হওক।’

মাৰ্ক্স-এংগেলছ যুটীয়ে ছমাহজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত বিস্তৰ তথ্য-পাতিৰে লিখি উলিয়াইছিল ৩০০ পৃষ্ঠাৰ ‘জাৰ্মান ভাবাদৰ্শ’ গ্ৰন্থখন। ১৮৪৬ চনৰ মে’ মাহৰ ভিতৰত লিখি উলিওৱা গ্ৰন্থখনে প্ৰতিষ্ঠা কৰিব বিচৰা মূল দৃষ্টিভংগীটো হ’ল– সমাজৰ ৰূপান্তৰৰ ক্ষেত্ৰত বা সামাজিক-ৰাজনৈতিক ইতিহাসৰ গতি নিৰ্ণয়ৰ ক্ষেত্ৰত অৰ্থনীতিয়ে মূল ভূমিকা গ্ৰহণ কৰে। তেওঁলোকে এই সিদ্ধান্ততো উপনীত হৈছিল যে চেতনাই জীৱনক নিৰ্ধাৰণ নকৰে, বৰং জীৱনেহে চেতনাক নিৰ্ধাৰণ কৰে। সমাজৰ উৎপাদন পদ্ধতিৰ ওপৰতে সামাজিক আৰু ৰাজনৈতিক সম্পৰ্কৰ প্ৰকৃতি নিৰ্ভৰ কৰে আৰু এই সম্পৰ্কসমূহই দৰ্শন, নৈতিকতা, ধৰ্ম ইত্যাদি চেতনাগত বিষয়সমূহ নিৰ্ধাৰণ কৰে। ক’বলৈ গ’লে, এই গ্ৰন্থখনিৰ জৰিয়তেই তেওঁলোকে প্ৰথমবাৰৰ বাবে ঐতিহাসিক বস্তুবাদৰ সম্পৰ্কত ঐকমত্য পোষণ কৰিছিল আৰু ইয়াৰ পাছৰ পৰাই তেওঁলোকে উক্ত মতবাদক গভীৰ চিন্তা-চৰ্চাৰে প্ৰতিষ্ঠা কৰিবলৈ সচেষ্ট হৈছিল। এই অমূল্য গ্ৰন্থখনিয়ে তেওঁলোকৰ জীৱন কালত প্ৰকাশৰ মুখ নেদেখিলে, তেওঁলোকৰ মৃত্যুৰ পাছত অৰ্থাৎ ১৯৩২ চনতহে গ্ৰন্থখনি ছোভিয়েট ইউনিয়নত প্ৰকাশৰ মুখ দেখিলে। এইখিনিতে ক’ব লাগিব যে এংগেলছে নিজৰ চিন্তা-চৰ্চাৰ উত্তৰণৰ ক্ষেত্ৰত জাৰ্মান দৰ্শনৰ অৰিহণাক সদায়ে স্বীকাৰ কৰিছিল।

এংগেলছে মাৰ্ক্সৰ ‘পুঁজি’ গ্ৰন্থখনৰ দ্বিতীয় আৰু তৃতীয় খণ্ড দুটি সম্পাদনা কৰাৰ উপৰি মাৰ্ক্সৰ ‘উদ্বৃত্ত মূল্য তত্ত্ব’ বিষয়ক মূল্যৱান টোকাসমূহো একত্ৰিত কৰি ‘পুঁজি’ৰ চতুৰ্থ খণ্ড হিচাবে প্ৰকাশ কৰিছিল।

এংগেলছে এককভাৱে প্ৰণয়ন কৰা ‘পৰিয়াল, ব্যক্তিগত সম্পত্তি আৰু ৰাষ্ট্ৰৰ উৎপত্তি’ (১৮৮৪) গ্ৰন্থখনিয়ে মানুহৰ চিন্তা-চেতনাক যুগে যুগে জাগ্ৰত আৰু প্ৰভাৱিত কৰি আহিছে। গ্ৰন্থখনিত পৰিয়াল আৰু ৰাষ্ট্ৰৰ উৎপত্তিৰ ইতিহাস, ব্যক্তিগত সম্পত্তিৰ ধাৰণা, শ্ৰম বিভাজন, শ্ৰেণী শোষণ আদিৰ বিষয়ে বস্তুনিষ্ঠভাৱে আলোচিত হৈছে। তেওঁ প্ৰতিষ্ঠা কৰিব বিচৰা মতটো হ’ল– মানৱ সমাজৰ অৰ্থনৈতিক বিকাশৰ বাবে ইতিহাসৰ এক বিশেষ স্তৰত অনিবাৰ্যভাৱেই শ্ৰম বিভাজনৰ সৃষ্টি হৈছিল। সেই শ্ৰম বিভাজনৰ ফলত শ্ৰেণী বিভাজন আৰু শ্ৰেণী শোষণ আৰম্ভ হৈছিল। সেইদৰে, শ্ৰেণী শোষণৰ ভিত্তিতেই ৰাষ্ট্ৰৰ সৃষ্টি হৈছিল। তাৰ পূৰ্বে ৰাষ্ট্ৰৰ কোনো অস্তিত্ব নাছিল।
বাস্তৱ পৰ্যবেক্ষণৰ আধাৰত আৰু ব্যাপক গৱেষণাৰ অন্তত প্ৰণয়ন কৰা তেওঁৰ ‘ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ অৱস্থা’ (১৮৪৫) গ্ৰন্থখনিত ইংলেণ্ডৰ শ্ৰমিক শ্ৰেণীৰ প্ৰকৃত অৱস্থা চিত্ৰায়িত হৈছিল। সেই গ্ৰন্থখনি অধ্যয়নেৰে শ্ৰমিকসকল তেওঁলোকৰ ন্যায্য অধিকাৰ সম্পৰ্কে সচেতন হৈ পৰিছিল।

‘এণ্টি-ডুৰিং’ (১৮৭৮) এংগেলছৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ। তিনিটা পৰিচ্ছেদত বিভক্ত গ্ৰন্থখনিত মাৰ্ক্সবাদৰ মতাদৰ্শগত ঐশ্বৰ্য ভাস্বৰিত হৈছে। গ্ৰন্থখনিত কেৱল মাৰ্ক্সবাদৰ পক্ষই সমৰ্থন কৰা নাই, সৰ্বহাৰাৰ বৈপ্লৱিক তত্ত্বৰ কেতবোৰ নতুন নীতিগত প্ৰশ্নও উত্থাপন কৰিছে। গ্ৰন্থখনিৰ ভূমিকাত সমাজবাদৰ বিষয়ে এংগেলছে কৈছিল– ‘সমাজবাদ কোনো অলৌকিক প্ৰাজ্ঞৰ আকস্মিক আৱিষ্কাৰ নহয়। সমাজবাদ হ’ল ইতিহাসৰ সৃষ্টি, দ্বন্দ্বমান শ্ৰেণী সৰ্বহাৰা আৰু পুঁজিপতিৰ সংগ্ৰামৰ পৰিণাম।’ এই গ্ৰন্থখনিক বহুতে মাৰ্ক্সবাদৰ বিশ্বকোষ বুলিও অভিহিত কৰে।

‘কাল্পনিক আৰু বৈজ্ঞানিক সমাজবাদ’ (১৮৮০) গ্ৰন্থখন প্ৰথম ফ্ৰান্সত প্ৰকাশিত হয়। এই গ্ৰন্থখন তেওঁৰ পূৰ্বৰ গ্ৰন্থ ‘এন্টি-ডুৰিং’ গ্ৰন্থৰ ভূমিকা, তৃতীয় খণ্ড আৰু দ্বিতীয় পৰিচ্ছেদৰ ভিত্তিত লিখা হৈছিল। শিৰোনামেই ইংগিত দিয়ে, গ্ৰন্থখনিত কাল্পনিক সমাজবাদ আৰু বৈজ্ঞানিক সমাজবাদৰ মাজৰ পাৰ্থক্য যুক্তিসহ ব্যাখ্যা কৰা হৈছে। এংগেলছে ‘প্ৰকৃতিৰ দ্বান্দ্বিকতা’ (১৮৮৩) গ্ৰন্থত দ্বন্দ্বতত্ত্বৰ তিনিটা নীতিৰ বিষয়ে বিশদভাৱে আলোচিত হৈছে। গ্ৰন্থখনত সন্নিৱিষ্ট ‘বান্দৰৰ পৰা মানুহলৈ উত্তৰণত শ্ৰমৰ ভূমিকা’ ৰচনাখনিত তেওঁ মানুহৰ দেহযন্ত্ৰ গঠন, ভাষাৰ উৎপত্তি আৰু মানৱ সমাজ গঠনৰ ক্ষেত্ৰত শ্ৰমৰ ভূমিকা সম্পৰ্কে আলোচনা কৰিছিল।

লক্ষণীয় যে এংগেলছৰ আকৰ্ষণীয় ৰচনাশৈলীয়ে মাৰ্ক্সবাদ বা দ্বন্দ্বমূলক ঐতিহাসিক বস্তুবাদৰ সামাজিক বিশ্লেষণ আৰু দাৰ্শনিক মতসমূহক জনপ্ৰিয় কৰি তোলাত বিশেষভাৱে সহায় কৰিছিল। তেওঁৰ প্ৰতিখন গ্ৰন্থই মাৰ্ক্সবাদৰ প্ৰতিপক্ষৰ অভিমতক যুক্তিসহকাৰে খণ্ডন কৰিছিল আৰু আপোন প্ৰজ্ঞাৰ আধাৰত মাৰ্ক্সবাদক জনপ্ৰিয় কৰি তুলিছিল।

তথ্য উৎস :
গ্ৰন্থ
1. Berlin, Isaiah : Karl Marx: His Life and Environment, 4th ed. 1978, New York and Oxford: Oxford University Press, 1996
2. Green, John : Engels: A Revolutionary Life, London: Artery Publications, 2008 
3. Henderson, William Otto : The Life of Friedrich Engels, Psychology Press. 1976

ৱেব ছাইট

1. https://www.marxists.org/archive
2. https://en.wikipedia.org/wiki/Friedrich_Engels
3. https://isreview.org
4. http://pubs.socialistreviewindex.org.uk/isj65/german.htm
5. http://socialistreview.org.uk/378/engels-revisited
6. http://links.org.au/node/1218
7. http://www.indepthinfo.com/communist-manifesto/
8. https://www.ncbi.nlm.nih.gov/pmc/articles/PMC1447947/
9. https://spartacus-educational.com/TUengels.htm

Leave a Reply

Your email address will not be published. Required fields are marked *