ভাৰতৰ ন্যায় ব্যৱস্থা আৰু জি এন ছাইবাবা ।। তৰালী শৰ্মা
জি. এন. ছাইবাবা কোন বুলি প্ৰশ্ন কৰিলে একেই আষাৰতে তেওঁৰ পৰিচয় দাঙি ধৰাটো সহজ নহয়। পেছাগতভাৱে চাবলৈ গ’লে তেওঁ এজন শিক্ষক। প’লিঅ’ ত আক্ৰান্ত হৈ শৰীৰৰ ৯০ শতাংশই অক্ষম হৈ হুইল চেয়াৰতেই জীৱনৰ বাকীছোৱা কাল কটাবলগীয়া হোৱা সত্বেও তেওঁৰ কষ্টসাধ্য প্ৰচেষ্টাৰ ফলতেই দিল্লী বিশ্ববিদ্যালয়ৰ ৰামলাল আনন্দ কলেজৰ ইংৰাজী বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত হৈ আছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষক গোটৰ সদস্য হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজতো জনপ্ৰিয় আছিল, ছাত্ৰ সমাজৰ বিভিন্ন সমস্যাৰ লগতো তেওঁ জড়িত হৈ পৰি গণতান্ত্ৰিকভাৱে সেইবোৰ সমাধানৰ চেষ্টা চলাইছিল, লগতে তেওঁ আছিল এজন মানৱ অধিকাৰ কৰ্মী। জি.এন. ছাইবাবাই বহু বছৰ ধৰি ইংৰাজী সাহিত্য শিকাইছিল আৰু তেওঁৰ গৱেষণা আফ্ৰিকান মহান লেখক গুগি ৱা থিয়ংগোৰ কাহিনী আৰু উপন্যাসৰ ওপৰত কেন্দ্ৰিত আছিল। লগতে তেওঁ আছিল অন্ধ্ৰ প্ৰদেশ জনসাধাৰণৰ সুৰক্ষা আইন ১৯৯২ৰ অধীনত ২০১২ চনৰ আগষ্ট মাহত এ পি চৰকাৰে বিধ্বংসী কাৰ্যকলাপৰ অভিযোগত নিষিদ্ধ কৰা ৰিভল্যুচনেৰী ডেম’ক্ৰেটিক ফ্ৰণ্ট (আৰ ডি এফ) ৰ সদস্য। ২০০৫ চনৰ পৰাই তেওঁ এই সংগঠনৰ লগত জড়িত হৈ আছিল। ২০০৯ চনত তেওঁ অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, ছট্টিশগড় আদিত অ’পাৰেশ্বন গ্ৰীণ হাণ্টৰ নামত আদিবাসী লোকসকলৰ ওপৰত ৰাষ্ট্ৰই চলোৱা সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে তেওঁ প্ৰতিবাদী কণ্ঠস্বৰ হিচাপে পৰিগণিত হৈছিল। এই অভিযানৰ গইনা লৈ সামৰিক বাহিনীয়ে কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাওবাদী) সকলক উৎখাত কৰাৰ বাবে অন্ধ্ৰপ্ৰদেশ, ছট্টিশগড়ৰ সীমান্ত অঞ্চলত বাস কৰা আদিবাসী লোকসকলৰ ঘৰ জ্বলাই দিয়া, ধৰ্ষণ, হত্যাৰ দৰে অমানৱীয় পন্থাৰ আশ্ৰয় লোৱাৰ লগতে পিচিপিএ (PCPA) -য়ে নিৰ্মাণ কৰা জনস্বাস্থ্য কেন্দ্ৰসমূহ অৰ্ধসামৰিক বাহিনীয়ে দখল কৰে আৰু ঔষধবোৰ লৈ যায়। এনে পৰিস্থিতিত সেইসকল লোকে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে, জীৱন ৰক্ষাৰ বাবে, নিজৰ বাসভূমি ৰক্ষাৰ্থে, অমানৱীয় অত্যাচাৰৰ বিৰুদ্ধে যুঁজ দিবলৈ অস্ত্ৰ তুলি ল’বলৈ বাধ্য হৈছিল। অপাৰেশ্যন গ্ৰীণ হাণ্টৰ বিৰোধিতা কৰি বিশিষ্ট ৰাজনৈতিক চিন্তাবিদ তথা সেইসময়ৰ দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ৰণধীৰ সিঙে উল্লেখ কৰিছিল যে “বৰ্তমানৰ চৰকাৰে মানুহৰ বিৰুদ্ধে কৰা যুদ্ধত সকলো ধৰণৰ সশস্ত্ৰ বাহিনীৰে নিজকে সজ্জিত কৰি ৰাখিছে। দেশৰ বহু প্ৰান্তত… ভাৰত ৰাষ্ট্ৰৰ আচৰণক সন্ত্ৰাসবাদী ৰাষ্ট্ৰ বুলিহে অভিহিত কৰিব পাৰি। এই দেশত যি ঘটি আছে সেয়া বহু কাহিনীৰ উন্মোচিত নোহোৱা অংশ। কংগ্ৰেছ হওক বা বিজেপি হওক, সকলোৱেই নব্য উদাৰবাদী পুঁজিবাদী উন্নয়নৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ বিপৰীতে জনসাধাৰণে উন্নয়নৰ বিকল্প পথ অনুসৰণ কৰি সংগ্ৰাম কৰিবলগীয়া হৈছে।” অপাৰেশ্যন গ্ৰীণ হান্টৰ আঁৰৰ একমাত্ৰ উদ্দেশ্য হৈছে আদিবাসী লোকসকলৰ দ্বাৰা অধ্যুষিত অঞ্চলসমূহৰ মাটি তেওঁলোকৰ পৰা কাঢ়ি লৈ বৃহৎ পুঁজিপতিক দিয়া। গতিকে নব্য উদাৰবাদী পুঁজিবাদী উন্নয়নৰ স্বাৰ্থত আৰু ব্যক্তিগত লাভালাভৰ বাবে এই শাসনাধিষ্ট চৰকাৰখনে সাধাৰণ লোকৰ বলিৰ পঠা সজাবলৈও কুণ্ঠাবোধ নকৰে। ভাৰতৰ গণতান্ত্ৰিক (!) চৰকাৰে প্ৰতিবাৰেই সাধাৰণ লোকৰ দাবী বা ন্যায় বিচাৰক অৱমাননা কৰি অহা পৰিলক্ষিত হয়। এই সংঘাত কেৱল মাত্ৰ মাওবাদী সকল আৰু অৰ্ধসামৰিক বাহিনীৰ নহয়, এই সংঘাত ভাৰতৰ জণগন আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ সংঘাত, চৰকাৰৰ উন্নয়নমূলক আঁচনি আৰু জনগণৰ বিকল্প উন্নয়নৰ ধাৰণাৰ সংঘাত। যি ব্যৱস্থাত সাধাৰণ লোক লাঞ্চিত হৈছে, বঞ্চিত হৈছে নিজৰ অধিকাৰৰ পৰা, আৰু তেওঁলোকেই পিছত এই পুঁজিবাদৰ ৰক্ষক চৰকাৰৰ চকুত হৈ পৰিছে ৰাষ্ট্ৰদোহী।
এয়া এনে এজন ব্যক্তিৰ কাহিনী যিয়ে জীৱনৰ এটা দশক কাৰাগাৰৰ অন্ধ কুঠৰিত কটাব লগীয়া হৈছিল অতিকৈ নিৰীহ কিছু লোকৰ লগত হোৱা অন্যায় অবিচাৰৰ বিপক্ষে মাত মতা বাবে, তেওঁলোকৰ সংগ্ৰামৰ প্ৰতি সমৰ্থন আগবঢ়োৱা বাবে। ২০১৪ চনৰ ৯ মে’। বিশ্ববিদ্যালয়ৰ পৰীক্ষা সংক্ৰান্তীয় কাম সম্পন্ন কৰি ঘৰলৈ ওভতাৰ পথত অন্ধ্ৰপ্ৰদেশ আৰক্ষীয়ে ছাইবাবাক চকুত কলা কাপোৰ বান্ধি চহৰৰ পৰা নিলগলৈ লৈ যায় আৰু বহু পলমকৈ হে তেওঁৰ পত্নীক এই সম্পৰ্কে অৱগত কৰোৱা হয়। গতিকে ভাৰতৰ আইনী ব্যৱস্থাৰ এই ধৰণৰ প্ৰদৰ্শনে ভাৰতক বিশ্বৰ দৰবাৰত কলঙ্কিত কৰিছে। গতিকে প্ৰশ্ন হয় যে বৃহৎ গণতন্ত্ৰ ভাৰতবৰ্ষত ইয়াৰ নাগৰিকে অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে বিৰোধ কৰাৰ অধিকাৰ আছে নে নাই আৰু যদি জন বিৰোধী চৰকাৰী নীতিৰ বিৰুদ্ধে মাত মতাটো বেআইনী বুলি ঘোষণা কৰিব পাৰে তেন্তে ভাৰতৰ গণতন্ত্ৰ কি পৰ্যায়ত আছে ? ২০১৭ চনত গোচৰৰ ৰায়দান কৰাৰ পিছত সাত বছৰ তেওঁ নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত এটা অতি দুৰ্বিসহ জীৱন কটাবলগীয়া হৈছিল। কাৰাবন্দী সময়চোৱাত তেওঁৰ দৰৱৰ যোগান বন্ধ কৰি দিয়া হৈছিল আৰু জেইলৰ ভিতৰত এজন হুইল চেয়াৰত চলাচল কৰিব লগীয়া মানুহৰ বাবে কোনো সুবিধা নাছিল। সকলো কামৰ বাবেই তেওঁ আনৰ ওপৰত নিৰ্ভৰশীল হ’ব লগীয়া হৈছিল। দুজন আদিবাসী ল’ৰাই তেওঁৰ এই গোটেই সময়ছোৱাত তেওঁক কঢ়িয়াই ফুৰিছিল আৰু তেওঁৰ কামবোৰ কৰাত সহায় কৰিছিল। জেইলত থকা সময়চোৱাত তেওঁলৈ পৰিয়ালৰ মানুহে দৰববোৰ নিয়মীয়াকৈ পঠাই থকাৰ পিছতো সেইবোৰ তেওঁক দিয়া হোৱা নাছিল বৰং যিকোনো স্বাস্থ্যজনিত সমস্যাৰ বাবেই পেইন কিলাৰহে খাব দিয়া হৈছিল। ফলত তেওঁ অনশন ধৰ্মঘট কৰিব লগীয়া হৈছিল। তেওঁক আটক কৰাৰ সময়ত আৰক্ষীয়ে তেওঁৰ বাওঁ হাতখনত ধৰি চোঁচোৰাই নিয়া বাবে তেওঁৰ বাওঁ হাতখনো বিকল হৈ পৰে। উচ্চ বৰ্গৰ বা ৰাজনৈতিক প্ৰভাৱ থকা অপৰাধীয়ে ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা লাভ কৰাৰ সুবিধা লাভ কৰে যদিও জেলসমূহত অনুসূচিত জাতি আৰু অনুসূচিত জাতি সম্প্ৰদায়ৰ বন্দী বোৰে কিন্তু নূন্যতম চিকিৎসাও লাভ কৰা নাছিল। ছাইবাবাও তেওঁলোকৰ মাজৰেই এজন বাবে তেওঁকো চিকিৎসাৰ ব্যৱস্থা কৰা হোৱা নাছিল। একেটা কুঠৰিতেই একেটা অভিযোগতেই অভিযুক্ত পাণ্ডু নাৰোটেৰ সাধাৰণ জ্বৰতেই মৃত্যু হৈছিল। ছাইবাবাই এই সংক্ৰান্তত অভিযোগ তুলিছিল যে আজিৰ এনে উন্নত চিকিৎসা প্ৰযুক্তিৰ যুগত এজন লোকৰ সাধাৰণ জ্বৰত কেনেকৈ মৃত্যু হ’ব পাৰে। নিজৰ কুঠৰিতেই যেতিয়া তেওঁৰ চকু আৰু প্ৰস্বাৱত ৰক্তক্ষৰণ হ’বলৈ ধৰে তেতিয়াও তেওঁক চিকিৎসালয়লৈ নিয়াৰ কোনো ব্যবস্থা গ্ৰহণ কৰা হোৱা নাছিল। পাণ্ডু নাৰোটেৰ মৃত্যু এক স্বাভাৱিক মৃত্যু নহয়, এয়া জেইল কতৃপক্ষই পৰিকল্পিতভাৱে কৰা হত্যা। ছাইবাবাৰ উকিল Surendra Gadling যিয়ে আদালতত অতি শক্তিশালীভাৱে যুক্তি দাঙি ধৰিছিল, ছাইবাবাৰ হৈ বিচাৰ কৰাৰ বাবেই তেওঁৰ ক্ষেত্ৰতো ভুৱা গোচৰ তৰি কাৰাবন্দী কৰা হয়। যোৱা পাঁচ বছৰ ধৰি তেওঁও জেইলৰ অন্ধকাৰ কুঠৰিত বন্দী হৈ আছে। তেওঁৰ ক্ষেত্ৰতো ছাইবাবাৰ দৰেই একে ঘটনা সংঘটিত হৈছে। Vertigoৰ দৰে বেমাৰৰ বাবে চৰকাৰী চিকিৎসালয়ৰ চিকিৎসকে সেৱন কৰিব দিয়া দৰৱবিধো তেওঁক যোগান ধৰা হোৱা নাই আৰু তাৰ বাবে Surendra Gadling এ জেইল কতৃপক্ষৰ বিৰুদ্ধে পৰিকল্পিত হত্যাৰ গোচৰ ৰুজু কৰিছে। ২০২২ চনত উচ্চ ন্যায়ালয়ে অপৰাধ সংঘটিত কৰাৰ কোনো পৰ্যাপ্ত সাক্ষ্যপ্ৰমাণ নথকা বাবে ছাইবাবাক এই গোচৰৰ পৰা মুকলি কৰি দিয়ে যদিও তেওঁৰ বিৰুদ্ধে অপৰাধমূলক কাৰ্য্য সংঘটিত কৰাৰ গোচৰ তৰাৰ বাবে তেওঁ তেওঁৰ বিশ্ববিদ্যালয়ৰ চাকৰিটোও হেৰুৱাব লগীয়া হয়। কিন্তু আচৰিত ধৰণে পিছদিনা উচ্চতম ন্যায়ালয়ৰ ৰায়দান বন্ধ থকাৰ পিছতো উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ স্থগিত ৰাখি ছাইবাবাৰ মুক্তি স্থগিত ৰাখে। এয়া এক নাভুত-নাশ্ৰুত ঘটনা। শাৰীৰিক অক্ষমতা স্বত্তেও এই কাৰাবন্দী সময়চোৱাত তেওঁৰ ওপৰত চলা বিভিন্ন শাৰীৰিক, মানসিক অত্যাচাৰকো সহ্য কৰি যিয়ে নিজৰ আদৰ্শগত স্থিতিত অটল থকাৰ সাহস ৰাখিব পাৰে, প্ৰতি নিয়ত নিজৰ পৰিবৰ্তনকামী বৈপ্লৱিক চিন্তা-চেতনা আৰু কৰ্মৰে সমাজক উদ্বুদ্ধ কৰি ৰাখিব পাৰিছিল। এয়া জি. এন. ছাইবাবাৰ কাহিনী। এয়া কেৱল এজন নিৰ্দিষ্ট ব্যক্তিৰ কাহিনী হৈও ই নৈৰ্ব্যক্তিক। নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা সময়চোৱাত তেওঁ তেওঁৰ সহধৰ্মিনী বসন্থা কুমাৰীলৈ এই কবিতাটো লিখি পঠিয়াইছিল-
I REFUSED TO DIE
When I refused to die
my chains were loosened
I came out
Into the vast meadows
Smiling at the leaves of grass
My smile caused intolerance in them
I was shackled again
Again, when I refused to die
tired of my life
my captors released me
I walked out
into the lush green valleys under the rising sun
smiling at the tossing blades of grass
Infuriated by my undying smile
They captured me again
I still stubbornly refuse to die
The sad thing is that
They don’t know how to make me die
Because I love so much
The sounds of growing grass.
উক্ত কবিতাটোত প্ৰকাশ পাইছে জীয়াই থকাৰ তীব্ৰ বাসনা (কবিতাটিৰ অসমীয়া অনুবাদ এই সংখ্যাৰ “মুক্ত চিন্তা”-ত পঢ়িবলৈ ইয়াতে টিপক)। শাসনাধিষ্ট চৰকাৰখনৰ তেওঁলোকৰ জন বিৰোধী কামত বিধি পথালি দিয়া সমাজ সচেতক ব্যক্তিসকল, এক্টিভিষ্টবোৰক হত্যাৰ যি পৰিকল্পনা চলিছে তাৰ মাজতো মৃত্যু জয় কৰি ওলাই আহিব খোজা ছাইবাবাৰ এয়া এক অতি শক্তিশালী ভাষ্য। তেওঁ অৱদমনীয় ইচ্ছা শক্তি আৰু দৃঢ়তা যে তেওঁ জীৱন্তে সেই সেই অন্ধকাৰ কুঠৰিৰ পৰা ওলাই আহিব আৰু আকৌ তেওঁৰ সংগ্ৰাম অব্যাহত ৰাখিব। সেই নিপীড়িত জনগণৰ লগত থিয় দিব। কবিতাটোৰ শেষত তেওঁ কৈছে যে তেওঁলোকে নাজানে মোক কেনেকৈ হত্যা কৰিব পাৰিব, কিয়নো তেওঁ ভাল পাই বৰ্দ্ধিষ্ণু ঘাঁহৰ শব্দ অৰ্থাৎ ইয়াত বৰ্দ্ধিষ্ণু ঘাঁহে এক আশাবাদৰ ৰেঙণি কঢ়িয়াই আনিছে।
অধ্যাপক জি.এন.ছাইবাবাৰ “Why Do You Fear My Way So Much-Poems and Letters from Prison”ত ভাৰতৰ কাৰাগাৰৰ চাৰি দেৱালৰ ভিতৰত প্ৰচলিত অমানৱীয়তাক চিত্ৰিত কৰা হৈছে, যিয়ে কাৰাগাৰৰ ভিতৰত কিদৰে কাৰাবন্দীসকলৰ ওপৰত হোৱা বৰ্বৰ আচৰণৰ চিত্ৰায়ণ কৰিছে। ভাৰতৰ ন্যায়পালিকা যে বৰ্তমান শাসক শ্ৰেণীৰ সম্পূৰ্ণ বশৱৰ্তী হৈ আছে ছাইবাবাৰ কাহিনীটোৱে তাৰ সৰ্বোত্তম দৃষ্টান্ত। বিভিন্ন আইন প্ৰণয়ন কৰি কেনেদৰে সক্ৰিয় কৰ্মী সকলক, বিপ্লৱী সকলক কাৰাগাৰৰ কুঠৰিলৈ ঠেলি দিছে, এই কথাবোৰ অতি সূক্ষ্মভাৱে চিত্ৰিত কৰা হৈছে। স্বাধীনতাৰ পাছতো দেশৰ জনগণে সেই স্বাধীনতা উপভোগ কৰিব পৰা নাই, এতিয়াও সেই ঔপনিৱেশিক শাসনেই চলি আহিছে। কাৰাগাৰৰ দেৱালৰ পৰিসীমাৰ ভিতৰত এজন ৰাজনৈতিক বন্দীৰ ফেচিবাদৰ বিৰুদ্ধে যুঁজাৰ সংকল্প কেনেকৈ অধিক তীব্ৰতৰ হৈ পৰে তাৰ এক আভাস আমি এই গ্ৰন্থখনত পাওঁ। এই গ্ৰন্থখন ভাৰতৰ সকলো নিপীড়িত জনগণৰ কণ্ঠ স্বৰূপ হৈ পৰিছে।
কমিটি ফৰ প্ৰটেকচন অৱ ডেম’ক্ৰেটিক ৰাইটছৰ অৰুণ ফেৰেইৰাই ৰায়দানৰ সম্পৰ্কত কয় যে কেনেকৈ ন্যায়াধীশগৰাকীৰ পক্ষপাতিত্বই লাহে লাহে বগুৱা বাই আহি ন্যায়িক যুক্তিৰ পৰিৱেশ মেঘাছন্ন কৰি তুলিছিল। উদাহৰণস্বৰূপে, তেওঁ নিজৰ ৰায়দানত ৬৫ বাৰ ৰিভল্যুচনেৰী ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নাম উল্লেখ কৰিছিল আৰু ইয়াক দোষাৰোপো কৰিছিল, ছাইবাবা এই সংগঠনৰ এজন সদস্য আছিল। ইউএপিএৰ (UAPA) অধীনত ই নিষিদ্ধ সংগঠন বুলি বিবেচিত নোহোৱা সত্ত্বেও ছাইবাবাক ইয়াৰ লগত জড়িত থকাৰ বাবে ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয়। তদুপৰি ন্যায়াধীশজনে উল্লেখ কৰিছিল যে তেওঁ গাডচিৰোলি অঞ্চলত “উন্নয়ন”ৰ বিৰোধিতা কৰাৰ বাবে ছাইবাবা আৰু তেওঁৰ সহযোগীসকলক আজীৱন কাৰাদণ্ডতকৈও কঠোৰ শাস্তি – অৰ্থাৎ মৃত্যুদণ্ড – আৰোপ কৰিব বিচাৰে! প্ৰতিজন সচেতন ব্যক্তিৰে মনত এই প্ৰশ্নৰ নিশ্চিতভাৱে উদয় হ’ব যে মৃত্যুদণ্ডেৰে দণ্ডিত হ’ব লগাকৈ ছাইবাবাৰ অপৰাধ কি? আনকি চিকিৎসাৰ বাবে বেইলৰ বাবে আবেদন কৰাৰ পিছতো তেওঁৰ আবেদন বাৰে বাৰে নাকচ কৰা হৈছিল আৰু ইয়াৰ কাৰণ সংক্ৰান্তত ন্যায়ালয়ে জনাই যে তেওঁৰ ওপৰত আৰোপিত গোচৰটো সঁচা বুলি প্ৰমাণ কৰিবলৈ ন্যায়ালয়ৰ হাতত বহুত তথ্য মজুত আছে আৰু লগতে কোৱা হৈছিল যে জেইলত তেওঁৰ চিকিৎসাৰ সু-ব্যৱস্থা আছে কিন্তু দেখা গ’ল যে জেইললৈ যোৱাৰ সময়ত তেওঁৰ দেহৰ তলৰ অংশ কাৰ্যক্ষম হৈ নথকাৰ বাদে বেলেগ গুৰুতৰ বেমাৰ নাছিল কিন্তু ২০২৪ চনত তেওঁ এই গোচৰৰ পৰা মুক্ত হোৱাৰ সময়লৈ তেওঁ বিভিন্ন বেমাৰৰ দ্বাৰা ভাৰাক্ৰান্ত হৈছিল। তেওঁৰ শাৰীৰিক অসুস্থতাৰ বাবেই ২০২৪ চনৰ ১২ অক্টোবৰ তাৰিখে তেওঁ মৃত্যুবৰণ কৰে। বিভিন্ন আশা আৰু কাৰ্যপন্থা আছিল যদিও তেওঁ এইবোৰক কাৰ্যকৰী কৰাৰ বাবে সময় নাপালে। তেওঁৰ মাতৃ যিয়ে তেওঁক প’লিঅ’ আক্ৰান্ত হৈ শাৰীৰিক ভাৱে অক্ষম হৈ পৰাৰ পিছতো হাৰি যাব দিয়া নাছিল, যাৰ অনুপ্ৰেৰণাৰ বাবেই তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদত নিযুক্তি লাভ কৰিছিল সেই গৰাকী ব্যক্তিৰ মৃত্যুৰ সময়তো তেওঁক এবাৰ চাবলৈ বা তেওঁৰ শেষকৃত্য সম্পন্ন কৰিবৰ বাবে কৰা বেইলৰ আবেদন খাৰিজ কৰা হৈছিল। কিন্তু বহু হত্যা, ধৰ্ষণৰ গোচৰত অভিযুক্ত অপৰাধীবোৰৰ বেইল সহজেই মঞ্জুৰ কৰা হৈ আহিছে।
ইউএপিএৰ(UAPA) অধীনত থকা গোচৰত আৰক্ষীয়ে কোনো অপৰাধ সংঘটিত হোৱাৰ সঠিক তাৰিখ দেখুৱাব নালাগে। আৰু অপৰাধসমূহ আনকি কোনো বিশেষ ৰাজনৈতিক মতাদৰ্শৰ সমৰ্থন কৰা কিছুমান সাহিত্য বা পেমফ্লেট ৰখালৈকে বিস্তৃত হ’ব পাৰে, যদিও নিষিদ্ধ সাহিত্যৰ কোনো আইনী সংজ্ঞা নাই।
ছাইবাবাৰ ক্ষেত্ৰতো একেই ঘটনা সংঘটিত হৈছিল। নথি-পত্ৰত উল্লেখ কৰা মতে ছাইবাবাক চকুত কাপোৰ বান্ধি কৰ্মস্থলীৰ পৰা ঘৰ অভিমুখে আহি থকাৰ বাটতে উঠাই নিয়াৰ যিটো তাৰিখ সেইটো উল্লেখ নকৰি দুদিন পাছৰহে এটা তাৰিখ উল্লেখ কৰা হৈছে। সেই দুদিনত তেওঁৰ লগত হোৱা অত্যাচাৰ বা বাকী কোনো কথা সম্পৰ্কে ন্যায়ালয় অৱগত নহয়। “কিন্তু ইউএপিএৰ বিশেষত্ব সেইটোৱেই যে ইয়াৰ অধীনত যিকোনো ব্যক্তিক যিকোনো কামৰ বাবে আটক কৰিব পৰা যাব,”। ইউএপিএই (UAPA) নিৰ্ধাৰণ কৰা মতে “অপৰাধ”ৰ সংজ্ঞা আচলতে কি? প্ৰকৃততে এই আইনখনে মানুহক কোনো হিংসাত্মক অপৰাধ সংঘটিত কৰাৰ বাবে নহয়, তেওঁলোকৰ ৰাজনৈতিক বিচাৰ-বুদ্ধি আৰু কোনো নিৰ্দিষ্ট ৰাজনৈতিক দল বা আদৰ্শত বিশ্বাস ৰখাৰ বাবেও অপৰাধী বুলি গণ্য কৰিব পাৰে। ইউএপিএৰ প্ৰয়োগৰ জৰিয়তে একেৰাহে বহু সময় ধৰি ক্ষমতাত থকা চৰকাৰে ব্যক্তি আৰু সংগঠনসমূহক নিৰ্যাতন চলাই আহিছে, তেওঁলোকক ৰাজনৈতিক আৰু আইনী বন্দীলৈ ৰূপান্তৰিত কৰিছে। এজন শাৰীৰিক অক্ষমতাৰ বাবে হুইল চেয়াৰতেই অৱস্থান কৰিব লগীয়া ব্যক্তি লৈ চৰকাৰী পক্ষৰ ইমান ভয় কিয় ? আচলতে শাসক পক্ষই ভয় কৰে ‘বিবেক’ক। ছাইবাবাৰ বিচাৰৰ সময়ত ন্যায়ালয়তো এই কথাটো কোৱা হৈছিল, “He is the Brain” তেওঁলোকে বিবেকবান লোকসকললৈ ভয় কৰে যিয়ে চৰকাৰৰ অভিসন্ধিবোৰ ভালদৰেই বুজে সেয়ে ভাৰতবৰ্ষত চলিছে বুদ্ধিজীৱীৰ নিধন কাৰ্য।
নাগপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ সেই পৰিৱেশত যিকোনো মানুহেই নিজৰ অস্তিত্ব পাহৰি পেলাব পাৰে। ছাইবাবাই কৈছিল জেললৈ যোৱাৰ আগলৈ তেওঁ কেতিয়াও নিজৰ শাৰীৰিক অক্ষমতাক তেওঁৰ কাম, তেওঁৰ চিন্তাৰ ক্ষেত্ৰত অন্তৰায় হ’ব দিয়া নাছিল, তেওঁৰ দৈনন্দিন সকলো কাম নিজেই কৰিছিল, কিন্তু কাৰাগাৰৰ চাৰিবেৰৰ মাজত তেওঁৰ শাৰীৰিক অক্ষমতা দৃশ্যমান হৈ পৰিল আৰু তেওঁৰ দুখ-কষ্টবোৰ ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিলে। দোষ মুক্ত হোৱাৰ পিছত তেওঁ চৰকাৰক এইটো অনুৰোধ কৰিছিল যে তেওঁ ছাত্ৰ-ছাত্ৰীৰ লগত সময় কটাব বিছাৰিছিল। কিন্তু তেওঁক এই অধিকাৰৰ পৰাও বঞ্চিত কৰা হয়। জেইলত পুথিভঁৰাল নাছিল, কেৱল আগৰ কয়দীবোৰে এৰি যোৱা কিছু কিতাপহে তেওঁলোকে পঢ়িব পাইছিল। তেওঁৰ সহধৰ্মিনী বসন্থাই তেওঁলৈ কিছু কিতাপ-পত্ৰ পঠিয়াইছিল। কাৰাগাৰত থকা সময়চোৱাতেই তেওঁ ফেইজ আহমদ্ ফেইজ ৰ ১২০ টাকৈ কবিতা তেওঁৰ মাতৃভাষালৈ অনুবাদ কৰিছিল। উৰ্দু শিকিছিল আৰু বসন্থাই তেওঁক উৰ্দু কিতাপ যোগান ধৰিছিল। এখন চিঠিত তেওঁ লিখিছে, “মই এতিয়াও অহৰহ সপোন দেখিছোঁ যে মই এটা শ্ৰেণীকোঠাত ছাত্ৰ-ছাত্ৰীক পঢ়াই আছোঁ। শ্ৰেণীকোঠা, ব্লেকবৰ্ড আৰু ছাত্ৰ-ছাত্ৰীৰ অবিহনে মোৰ জীৱনটো কল্পনা কৰিব নোৱাৰো।” এজন মানৱ অধিকাৰৰ কৰ্মী হিচাপে তেওঁ এই কথা ভালকৈয়ে অনুধাৱন কৰিছিল যে আদিবাসী বা নিম্ন শ্ৰেণীৰ লোকসকলক শিক্ষিত কৰাতো কিমান বেছি প্ৰয়োজনীয়। গতিকে কয়দীসকলক পঢ়িবলৈ শিকাইছিল আৰু এইটোৱে তেওঁৰ সপোনটোক আৰু বেছি তীব্ৰ কৰিছিল।
ছাইবাবাৰ কাহিনী আধৰুৱা হৈ ৰ’ব যদিহে ইয়াত তেওঁৰ সহধৰ্মিনী বসন্থা কুমাৰীৰ উল্লেখ নাথাকে। বসন্থা আৰু ছাইবাবাৰ এই সম্পৰ্কটো অতিকে সংবেদনশীল আৰু মধুৰ। ৩৩ বছৰীয়া বৈবাহিক জীৱনৰ শেষৰ এই এটা দশক তেওঁলোক ইজনে আনজনৰ পৰা দূৰত থাকিব লগীয়া হয়। বসন্থাই কৈছিল, “ ছাইবাবাৰ অবিহনে বসন্থাৰ কোনো অস্তিত্ব নাই।” ছাইবাবাইও ঠিক একেই কথাকে কৈছিল। এই ন্যায় ব্যৱস্থাই কেৱল মাত্ৰ এজন ব্যক্তিৰ স্বাধীনতা খৰ্ব কৰা নাই, তেওঁৰ লগতে তেওঁৰ পৰিয়ালটোকো এক কঠিন সময়ৰ মুখামুখি হ’বলৈ এৰি দিয়ে।
“I think of your evergreen smile
and love sitting in my solitary
prison cell far away from
your shining eyes of hope while my heart
whines and body pains.”
(“I Think of Your Evergreen Smile” কবিতাটোৰ পৰা)
ছাইবাবাই বসন্থাক কৈছিল, ‘মই এটা সৰু কাৰাগাৰৰ ভিতৰত আছোঁ, আৰু তুমি বাহিৰত এটা বিশাল কাৰাগাৰত আছা।’ এই এটা দশকত ছাইবাবাই যিমান কষ্ট সহ্য কৰিব লগীয়া হৈছে সিমানেই বসন্থাইও কৰিছে। প্ৰথম অৱস্থাত চিঠিৰ আদান প্ৰদান হৈছিল যদিও ভাষাতো তেওঁলোকৰ আবেগবোৰ প্ৰকাশৰ বাটত হেঙাৰ হৈছিল। কিয়নো তেওঁলোকক কেৱল হিন্দী বা ইংৰাজীতহে চিঠি লিখিবলৈ বাধ্য কৰোৱা হৈছিল। আনকি জেইলত লগ কৰিবলৈ গ’লেও কেৱল হিন্দী আৰু ইংৰাজীতহে কথা পতাৰ অনুমতি আছিল। তেওঁৰ পিছফালে ৰৈ থকা মহিলা ৰক্ষীজনে তেওঁলোকক এই কথা সোঁৱৰাই থাকিছিল। ছাইবাবাই কোৱা অনুসৰি তেনে অৱস্থাত তেওঁলোকৰ মনত পুঞ্জীভূত হৈ থকা আবেগবোৰ প্ৰকাশৰ কোনো পৰিৱেশেই নাছিল। কাৰাগাৰৰ ভিতৰত ছাইয়ে অনবৰত নিজৰ নিৰ্দোষিতা প্ৰমাণৰ বাবে অহৰহ চেষ্টা চলাইছিল, তাৰ সমান্তৰালভাৱে বসন্থাইও তেওঁৰ এই আইনী যুঁজখন ফলপ্ৰসূ কৰাত সহায় আগবঢ়ায় গৈছিল। বসন্থাই কৈছিল, “এই ৰাজনৈতিক নেতাবোৰ এটা নিজৰাৰ দৰে, সময়ৰ লগত ইহঁতো সলনি হৈ থাকিব। গতিকে এই ব্যৱস্থাটোক দোষাৰোপ কৰি থকাৰ কোনো কাৰণ নাই তাৰ পৰিৱৰ্তে আমি এই অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত ৰাখিব লাগে।” ছাইবাবাৰ এই সংগ্ৰামটো চলাই নিয়াত বসন্থাৰ যথেষ্ট অৰিহণা আছে।
“I read your messages
of hope between the
spaces of the lines and the
words, staring closely at the
curves of your scribbled
letters that dropped from
your beautiful fingers.”
(তেওঁ বসন্থালৈ লিখা ‘Your Letters Defeat My Solitary Cell’ কবিতাটোৰ এটা পংক্তি)
যিদৰে লোক-কথাবোৰ এটা প্ৰজন্মৰ পৰা আনটোলৈ মুখে মুখে প্ৰচলিত হৈ থাকে ঠিক তেনেদৰে ছাইবাবাৰ কাহিনীটোৱে প্ৰজন্ম প্ৰজন্ম ধৰি মানুহক বহু কথা সোঁৱৰাই যাব।
বৰ্তমান সময়ত ছাইবাবাৰ কাহিনীটোৱে সমাজৰ বিভিন্ন স্তৰৰ লোকক প্ৰভাৱিত কৰিছে। বহুতেই তেওঁৰ শাৰীৰিক অক্ষমতাৰ পিছতো তেওঁৰ লগত হোৱা অত্যাচাৰৰ বাবে তেওঁৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে । বিপ্লৱী ৰাজনৈতিক সত্বাত বিশ্বাসী কিছু সংখ্যক লোকেহে ছাইবাবাৰ কাহিনীটোক সঠিকভাৱে অনুধাৱন কৰিব পাৰিছে, বুজি উঠিছে ভাৰতৰ ন্যায় ব্যৱস্থাৰ স্বৰূপ। বিশ্বৰ বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ বুলি ঢাক-ঢোল বজাই থকা ক্ষমতাধিস্থ চৰকাৰেই গণতন্ত্ৰৰ মৃত্যু ঘন্টা বজাইছে। এয়া অতিকৈ চিন্তনীয় যে ভাৰতবৰ্ষৰ দৰে বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনত ধৰ্ষণকাৰীক ডিঙিত ফুলৰ মালা পিন্ধাই আদৰণি জনোৱা হয় আৰু ছাইবাবাৰ দৰে এজন শিক্ষক, সমাজ সচেতক ব্যক্তিক কাৰাগাৰৰ আন্ধাৰ কুঠৰিত মৰিবলৈ এৰি দিয়া হয়। আমি ভাৰতৰ ন্যায়পালিকাৰ যি অৱদমন ঘটিছে সেয়া উপলব্ধি কৰা, ৰাষ্ট্ৰযন্ত্ৰই গণতন্ত্ৰৰ মৃত্যু ঘন্টা বজাই কিদৰে কেৱল এক স্বেচ্ছাচাৰী শাসন চলাই চৰকাৰী নীতিৰ বিৰোধী লোকক ভয়-ভাবুকি দি নিজৰ দাবী পূৰণৰ চেষ্টা চলাইছে সেইবোৰ বুজা লগতে এই অন্যায়ৰ বিৰুদ্ধে একত্ৰিত হোৱাটোৱেই হ’ব ছাইবাবাৰ প্ৰতি আমাৰ অতিকৈ শ্ৰেষ্ঠ শ্ৰদ্ধাঞ্জলি।
তথ্যসূত্ৰ:
-
https://countercurrents.org/2021/06/g-n-saibaba-great-son-of-our-land/
-
https://m.thewire.in/article/rights/the-unbreakable-gn-saibaba/amp
-
https://m.thewire.in/article/rights/g-n-saibaba-and-a-community-of-absence
-
‘প্ৰফেচাৰ জি. এন. ছাইবাবা আৰু ভাৰত ৰাষ্ট্ৰৰ ন্যায় ব্যৱস্থা’, নৱজ্যোতি বৰগোহাঁই, নতুন পদাতিক
-
Wikipedia