ঘেণ্টা ছেকুলাৰিজম-(জিতেন বেজবৰুৱা)
ভাৰতীয় মূলসুঁতিৰ হে মহান লিবাৰেলসকল,
এটা ঐতিহাসিক মুহূৰ্তত থিয় হৈ এয়া আমি তোমালোকলৈ লিখিছো। লোকসভাত গৃহীত হৈ অহাৰ পাছতো নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে ৰাজ্যসভাত গৃহীত কৰাৰ চেষ্টা বাদ দিবলগা হ’ল (০৯-০১-১৯)। তাৰ একমাত্ৰ কাৰণ হ’ল অসম তথা ত্ৰিপুৰাকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত বিধেয়কখনৰ বিৰুদ্ধে হোৱা জংগী আৰু মৰণপণ প্ৰতিবাদ। একমাত্ৰ অসমীয়া তথা উত্তৰ-পূবৰ ৰাইজৰ প্ৰতিবাদৰ বাবেই ভাৰতীয় সংবিধানৰ ওপৰত কুঠাৰাঘাত কৰা বিধেয়কখন আজি বাতিল হ’ল। অৱশ্যে বিধেয়কখন যাত্ৰা স্থগিতহে হ’ল, তাৰ মৃত্যু ঘটা নাই। কিন্তু এইটো নিশ্চিত যে ভৱিষ্যতে বিধেয়কখনৰ কফিনত শেষ গজালটো নমৰালৈকে অসমীয়া আৰু উত্তৰ-পূবৰ ৰাইজ ক্ষান্ত নহ’ব। হে মহান লিবাৰেলসকল, তোমালোকে কি কৰি আছিলা?
তোমালোক হ’লা ছেকুলাৰিজমৰ সোচ্চাৰ প্ৰবক্তা। টেলিভিছনৰ পৰ্দাত তোমালোকৰ ডাঙৰ ডাঙৰ লেকচাৰ আমি প্ৰায়ে শুনো – ছেকুলাৰিজমৰ বিষয়ে, গণতন্ত্ৰৰ বিষয়ে, সংবিধানৰ বিষয়ে। কিন্তু এই কালান্তক বিধেয়কখন সন্মুখত দেখিও তোমালোকে কি ঘেণ্টাটো কৰি আছিলা? আমি হ’লো ভাৰতৰ প্ৰান্তত বাস কৰা জংঘলী মানুহ। এই জংঘলীবিলাকেই যে তোমালোকৰ ছেকুলাৰিজমটোক মৃত্যুৰপৰা ৰক্ষা কৰিবলগা হ’ল, বিশ্বৰ আগত ভাৰতৰ নাকটো বচাবলগা হ’ল, তোমালোকে কি ঘেণ্টাটো কৰি আছিলা? সেইবাবেই আমি তোমালোকৰ ছেকুলাৰিজমক কওঁ – ঘেণ্টা ছেকুলাৰিজম।
নাগৰিকত্ব সংশোধনী বিধেয়কখনে কেৱল বিজেপিৰ সাম্প্ৰদায়িক এজেণ্ডাকে প্ৰতিনিধিত্ব কৰা নাই – সি তোমালোককো নগ্ন কৰি পেলালে। বিধেয়কখনৰ ইতিহাসটো ভালকৈ চোৱা – দেখিবা তাত তোমালোকৰ লজ্জাজনক অজ্ঞতা, ঘৃণনীয় স্বাৰ্থপৰতা আৰু অসীম ভণ্ডামি। তোমালোকৰ নিজৰ গাত জুই নালাগিলে তোমালোকে জুইকুৰাও নেদেখা, মূলসুঁতিৰ ভাৰতত সমস্যা নহ’লে তোমালোকে ক’তোৱেই সমস্যা নেদেখা – অসম, উত্তৰ-পূবৰ মানুহ লাগিলে মৰিয়েই যাওক। বিধেয়কখন গৃহীত কৰিলেও তোমালোকৰ তাত একো ডিষ্টাৰ্ব নহয়। গতিকে কোনো চিন্তা নাই, নিশ্চিন্তমনে ছেকুলাৰিজমৰ আলোচনা কৰিব পাৰা। ইমানেই তোমালোকৰ স্বাৰ্থপৰতা, ইমানেই তোমালোকৰ ভণ্ডামি। সেইবাবে আমি কওঁ – তোমালোক ঘেণ্টা ছেকুলাৰ।
তোমালোকে আমাৰ বিষয়ে কি কি জানা? জানা যে আমি জংঘলী – আধুনিকতাৰ জখলাত আমি তোমালোকতকৈ বহুত পিছত যেনেতেনে ওলমি লাগি আছো। আমাৰ ইয়াত সন্ত্ৰাসবাদ আছে – তোমালোকৰ আৰ্মিয়ে সেই সন্ত্ৰাসবাদ দমন কৰি দেশ আৰু জাতিক ৰক্ষা কৰে। কিন্তু তোমালোকে নাজানা যে আধুনিকতাৰেই সৃষ্টি আমাৰ সমাজৰ এই জটিলতাবোৰ, আধুনিকতাৰ বিকাশ-পথৰ বিভিন্ন দ্বন্দ্বয়েই কোঙা কৰি ৰাখিছে আমাৰ অঞ্চলক। আধুনিক ৰাষ্ট্ৰৰ পলিচি আৰু লজিকেই সৃষ্টি কৰিছে এই সন্ত্ৰাসবাদ, নৃগোষ্ঠীয় হিংসা-সংঘাতৰ জটিল পৰিবেশ। সেই ভাৰত ৰাষ্ট্ৰ, যি তোমালোকৰ আপোন আৰু যাৰ তোমালোক সুবিধাভোগী। আমাৰ বাবে সেই ৰাষ্ট্ৰ আজিও আপোন হৈ উঠিব পৰা নাই – যি ৰাষ্ট্ৰই আজিও আমাক ভাবে এক বন্য বিশৃংখলা বুলি, যাক কেৱল বশীভূত আৰু দমন কৰিব লাগে। তোমালোকে কোৱা ভাৰতৰ মহানতাৰ কথা, বৈচিত্ৰ্যৰ কথা। কিন্তু তোমালোকেতো নাজানা যে তোমালোকৰ পৃথিৱীখন এখন সমতল ক্ষেত্ৰ আৰু একঘেয়ে – সেয়ে তোমালোকে বাহিৰৰ পৃথিৱীখনকো তেনেকৈয়ে ভাবা। কিন্তু আমাৰ পৃথিৱীখনত বহুত বৈচিত্ৰ্য, জীৱনৰ বহুৰঙী-বহুস্তৰীয় ৰূপ – সেয়ে তোমালোকৰ সমতলীয় বিচাৰে তাৰ পাত্তা নাপায়। তথাপি তোমালোকে উচ্চবাচ্য কৰা সৰ্বজ্ঞৰ দৰে, নৈতিকতাৰ উচ্চভূমিত অৱস্থান কৰা। সেইবাবেই আমি তোমালোকক মূঢ় বুলি কওঁ, ভণ্ড বুলি কওঁ।
তোমালোকে বাস কৰা ভাৰতৰ মূল ভূখণ্ডত, ভাৰত ৰাষ্ট্ৰৰ কেন্দ্ৰবিন্দুত। আমি বাস কৰো এচুকত। আমাৰ চিঞৰ গৈ নপৰেগৈ তোমালোকৰ কাণত, আমাৰ মেলা হাতে ঢুকি নাপায়গৈ তোমালোকক – কাৰণ তোমালোকলৈ ইয়াৰপৰা বহু দূৰ। সেইবাবেই আমাৰ চিৰন্তন হীনমন্যতা – আমাৰ অৱস্থানক লৈ, আমাৰ যোগ্যতাক লৈ, আমাৰ ষ্টেণ্ডাৰ্ডক লৈ। তোমালোকৰ অকণমান মাতষাৰ পালেই আমাৰ বুকু ফুলি উঠে, তোমালোকে অকণমান ঠাই দিলেই আমাৰ বিশ্বজয়ৰ বাসনা পূৰণ হয়। তোমালোকে অহংকাৰৰ যিমান উচ্চ শিখৰত অৱস্থান কৰা, আমি ভীৰুতাৰ সিমানেই গহ্বৰত মূৰ গুঁজি থাকো। দীৰ্ঘদিনৰ ভূ-ৰাজনৈতিক অৱস্থানে আনি দিয়া এয়া আমাৰ মানসিক দাসত্ব।
কিন্তু আজি আমি ছিঙি পেলাইছো মানসিক দাসত্বৰ সেই শিকলি। আজি আমি এনে এক ঐতিহাসিক মুহূৰ্তত থিয় হৈ আছো, য’ত তোমালোকৰ আৰু আমাৰ মাজৰ সমীকৰণটো সম্পূৰ্ণ ওলোটা হৈ পৰিছে। আমি জংঘলী মানুহবিলাকে ভাৰতীয় সংবিধানৰ আত্মাটোক সুৰক্ষিত কৰিলো আৰু তোমালোকে বুৰ্বকৰ দৰে চাই থাকিলা। এনেকৈয়ে তোমালোক আমাৰ পুতৌৰ পাত্ৰত পৰিণত হ’লা।
এই সমীকৰণ আকৌ উলটিব – তোমালোকৰ অহংকাৰেই উচ্চ শিখৰত অৱস্থান কৰি থাকিব। কাৰণ তোমালোকৰ হাতত বাস্তৱিক সম্বল আছে। ৰাষ্ট্ৰ তোমালোকৰ তেনেই ওচৰৰ, আমাৰ বাবে যি আচহুৱা আৰু দূৰণিবটীয়া। কিন্তু তোমালোকৰ ফোঁপোলা স্বৰূপ আমাৰ মনত থাকিব। আমাৰ মনত থাকিব যে তোমালোক কেনেকৈ পুতৌৰ পাত্ৰ হৈছিলা।
সেইবাবেই কওঁ – তোমালোকৰ ছেকুলাৰিজম হ’ল ঘেণ্টা ছেকুলাৰিজম। নিপাত যাওক তেনে ছেকুলাৰিজম।