গল্প-কবিতা

ঘোলা কণী ঘোলা খেতি (কিশোৰ দাস)

মুক্ত চিন্তা, ৩য় বছৰ, ২য় সংখ্যা

 

খৰে ধৰা হালোৱা গলধনত
ৰঙা পৰা শাকনিডৰা

বলধযোৰৰ চকুলোৰ দাগত দেখোঁ
শুকুৱা নাঙলৰ ফালৰ মাটি

মাটি সোমোৱা নখত দিন গণি
মূৰে-কপালে হাত দিয়া
খেতিয়কৰ শেষ তেজকণেই জি এছ টি।

নীতিশিক্ষা :
চহৰত এতিয়া ধন্য-গণ্য
ঘোলা কণী পুতি খেতি ঘোলা কৰা মানুহজন।।

Leave a Reply

Your email address will not be published. Required fields are marked *