চেতনা উদ্দীপ্তকাৰী গ্ৰন্থ- “গভীৰ আস্থাৰ গান” -( মীনাক্ষী বৰুৱা)
“গভীৰ আস্থাৰ গান- ভূপেন্দ্ৰ সংগীতৰ পৰ্যালোচনা (প্ৰথম খণ্ড)” পঢ়িলোঁ। একে আষাৰতে মন ভৰি যোৱা এখন গ্ৰন্থ। গ্ৰন্থখনৰ লেখিকা ড০ বৰ্ণালী বৰুৱা দাস। গ্ৰন্থখনত তেওঁ ড০ ভূপেন হাজৰিকাৰ কেইবাটাও গীতৰ পৰ্যালোচনা ৮ টা মূল লেখাৰে সামৰি লৈছে। লগতে আলোচিত গীতসমূহ পঢ়ুৱৈয়ে শুনিব পৰাকৈ লেখাৰ সৈতে “ক’ড টীকা”ৰ ব্যৱস্থাও কৰিছে। পৰিশিষ্টত সন্নিৱিষ্ট হৈছে “গোপন ৰেলপথৰ গান” শীৰ্ষক এটি প্ৰাসংগিক লেখা। লগতে স্বৰলিপি, ষ্টাফ ন’টেশ্বন আৰু ক’ডটীকা ব্যৱহাৰৰ নিৰ্দেশনাও দিয়া হৈছে। গ্ৰন্থখনৰ “মুম্বাইৰ ৰঙীন বজাৰত ভূপেন হাজৰিকাৰ গানবোৰ” শীৰ্ষক লেখাটোত ভূপেন হাজৰিকাৰ শেহতীয়া জীৱনৰ বজাৰমুখী সৃষ্টি আৰু তাৰ আঁৰৰ কথাবোৰ লেখিকাই যুক্তিৰে ফঁহিয়াই দেখুৱাইছে। প্ৰতিটো পৰ্যালোচনাতে লেখিকাৰ গভীৰ অন্তৰ্দৃষ্টি আৰু অধ্যয়নপুষ্টতা পৰিস্ফুট হৈ উঠিছে। নামৰূপ সংগীত মহাবিদ্যালয়ৰপৰা ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু ভায়লিনৰ শিক্ষা গ্ৰহণ কৰা ড০ বৰ্ণালী বৰুৱা দাসে তেওঁৰ আলোচনাত সমাজতাত্ত্বিক আৰু কাৰিকৰী দুয়োটা দিশকেই সামৰি লৈছে। ১৩৬ পৃষ্ঠাৰ আৰু ১৫০ টকা মূল্যৰ এই মূল্যবান গ্ৰন্থখনিৰ প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ, পানবজাৰ। প্ৰচ্ছদ অতি আকৰ্ষণীয় আৰু অৰ্থবহ। অংকন কৰিছে সমুদ্ৰ কাজল শইকীয়াই। গীতসমূহৰ বিশ্লেষণত লেখিকাৰ নিৰ্মোহ, প্ৰগতিশীল দৃষ্টিভংগীৰ উমান পোৱা যায়। গ্ৰন্থখনিৰ আৰম্ভণিতে তেওঁ ভূপেন্দ্ৰ সংগীতে জীৱনৰ বিশাল অংশ অধিকাৰ কৰি থকাৰ কথা উল্লেখ কৰিছে। তেওঁ কৈছে, “১৯৩৯ চনৰপৰা ১৯৮০/৮৫ লৈকে ৰচিত ভূপেন হাজৰিকাৰ একো একোটি গীতৰ গৱেষণা বা অধ্যয়ন হোৱা উচিত।” হয়, শিল্পী এগৰাকীৰ প্ৰকৃত পৰিচয় থাকে তেওঁৰ সৃষ্টিত। ব্যক্তি পূজাৰদ্বাৰা কোনো শিল্পীৰ শুদ্ধ মূল্যায়ন সম্ভৱ হৈ নুঠে। ভূপেন হাজৰিকাৰ ক্ষেত্ৰতো লাহে লাহে তেনে হোৱাই দেখা গৈছে। সৃষ্টিৰ পৰ্যালোচনাতকৈ ব্যক্তি পূজাৰ গুৰুত্ব অধিক হ’লেই বিপদ। ভূপেন হাজৰিকা কেৱল “সুধাকণ্ঠ”ই নাছিল। তেওঁ আছিল এজন বিপ্লৱী আৰু মানৱতাবাদী সংগীত শিল্পী। শব্দতকৈ কণ্ঠক অধিক গুৰুত্ব আৰোপ কৰিলে সৃষ্টিৰ মূল্যায়ন অসম্পূৰ্ণ হৈ পৰে। গণনাট্য সংঘৰ সৈতে জড়িত হাজৰিকাৰ বহু গীতত সাম্যবাদৰ প্ৰভাৱ স্পষ্ট। তেওঁৰ শব্দ, কণ্ঠ আৰু সুৰত শ্ৰোতাই বিচাৰি পায় প্ৰাণৰ সংযোগ। ব্যক্তিপ্ৰেমৰপৰা দেশপ্ৰেমলৈ, মানৱতাবাদৰপৰা জাতীয়তাবাদলৈ তেওঁৰ গীতত প্ৰগতিশীল বাৰ্তা বিৰাজমান। দৰিদ্ৰ আৰু নিষ্পেষিত জনতাৰ মুক্তিৰ আহ্বান, জাতিভেদ, বৰ্ণভেদৰ তীব্ৰ বিৰোধ, প্ৰেম, ভাতৃত্ববোধ আদি মানৱীয় আবেদনেৰে হাজৰিকাৰ সৃষ্টিয়ে শ্ৰোতাৰ মননত বিপ্লৱৰ বীজ ছটিয়াই দিয়ে। “অগ্নি যুগৰ ফিৰিঙতি”, “মুক্তিকামী লক্ষজনৰ”, “ৰাইজ আজি ভাৱৰীয়া”, “এন্ধাৰ কাতিৰ নিশাতে”, “যুৱতী অনামিকা গোস্বামী” আদি তেনে কেতবোৰ প্ৰতিবাদী গীত। লেখিকাই যদিও কৈছে, আলোচনাসমূহ বিদ্যায়তনিক চৰ্চা বোলাতকৈ ব্যক্তিগত বিক্ষিপ্ত চিন্তা বুলিলেহে শুদ্ধ হ’ব, প্ৰকৃততে এয়া এক শুদ্ধ অধ্যয়ন বুলিলেহে সত্য হ’ব। সংগীতৰ মহাসমুদ্ৰত অবগাহন কৰা হাজৰিকাৰ কিছুমান গীতৰ গভীৰতা আৰু শব্দৰ ঐন্দ্ৰজালিক শক্তিক অনুভৱ কৰাৰ ক্ষমতা সাধাৰণ শ্ৰোতাৰ বাবে জটিল হোৱাই স্বাভাৱিক। তাৰোপৰি একোটা গীতৰ ভিন্ন ব্যাখ্যাও থাকে। গীত এটি ৰচনাৰ সময় আৰু পৰিস্থিতিৰ ওপৰতে এই কথা নিৰ্ভৰ কৰে। এই কঠিন কামটোকে দীৰ্ঘদিনীয়া প্ৰস্তুতি, ধৈৰ্য্য আৰু নিষ্ঠা সহকাৰে ড০ বৰ্ণালী বৰুৱা দাসে সাধাৰণ শ্ৰোতাও উপকৃত হোৱাকৈ প্ৰস্তুত কৰি তুলিছে। এয়া ভূপেনপ্ৰেমীৰ বাবে নিতান্তই সুখৰ খবৰ। গীত কেৱল শ্ৰব্য শিল্পই নহয়। ই মানুহৰপৰা মানুহলৈ, সমাজৰপৰা সমাজলৈ প্ৰবাহিত হোৱা পৰিবৰ্তনকাৰী এক শক্তিশালী মাধ্যম। ভূপেন হাজৰিকা আছিল এই মাধ্যমৰ বিস্ময়কৰ প্ৰতিভা। ড০ বৰ্ণালী বৰুৱা দাসে এই গ্ৰন্থৰ জৰিয়তে গীতবোৰক শুদ্ধ বিশ্লেষণেৰে শ্ৰোতাৰ মাজলৈ নিয়াৰ প্ৰয়াস কৰিছে। উদাহৰণস্বৰূপে “অতীতৰ বুৰঞ্জী লিখকে” গীতটিৰ কথাই অনুকিয়াব পাৰি। এই গীতটিৰ আলোচনাৰ মাধ্যমেৰে লেখিকাই নীল নদীৰ পাৰত বহি ৰচনা কৰা ভূপেন হাজৰিকাৰ শিল্পী মনস্তত্বৰ ব্যাখ্যাও আগবঢ়াইছে। তেওঁ লিখিছে, “গীতৰ মাধ্যমেৰে মানুহৰ শোষণৰ বিৰুদ্ধে শৈল্পিক প্ৰতিবাদ আৰু মানৱ মুক্তিৰ সপোন নিহিত হৈ আছে গোটেই গীতটোতে।” আফ্ৰিকা মহাদেশৰ ভূমিহীন কৃষক “ফাল্লাহীন”ৰ বুকুৰ বেথা, মিছিছিপিৰ পাৰৰ কপাহ খেতিত কৃষ্ণাংগ ক্ৰীতদাস “জন”ৰ অবৰ্ণনীয় দুখ-যাতনাই গীতিকাৰ ভূপেন হাজৰিকাক সোঁৱৰাই দিয়ে আপোন গাঁৱৰ নিগৃহীত খেতিয়ক “ৰংমন”লৈ। সামন্ত প্ৰথাৰ দ্বাৰা নিষ্পেষিত ফাল্লাহীনৰ বুকুৰ বেথা এই গীতটিৰ যোগেদি শ্ৰোতাক অৱগত কৰোৱা হৈছে। তেনেকৈ “অস্ত আকাশৰে” গীতটিৰ পৰ্যালোচনাও মন কৰিবলগীয়া। এই গীতটিত কিছুমান বিভ্ৰান্তিকৰ ব্যাখ্যাও পঢ়িবলৈ পোৱা যায়। কোনো কোনোৱে এই গীতটিত আধ্যাত্মিক ভাব নিহিত হৈ থকা বুলিও ক’ব খোজে। ড০ দিলীপ কুমাৰ দত্তৰ মতে ই জাতীয় প্ৰেমৰ গীত। সেই ব্যাখ্যা নস্যাৎ কৰি লেখিকাই গীতটিৰ ভাবাৰ্থ পতিয়নযোগ্যকৈ ব্যাখ্যা কৰিছে। গীতটিৰ শেষ অন্তৰাত আছে বাস্তৱ সমাজৰ প্ৰতি নিৰ্লিপ্ত হৈ কেৱল ৰোমাণ্টিক কলা চৰ্চাত নিমগ্ন হৈ থকা শিল্পীৰ প্ৰতি এক শ্লেষৰ সুৰ। গীতিকাৰে প্ৰকৃততে ক’ব খুজিছে, “বেলি যে যায়, বেলি যে যায়’ … সময় গৈ আছে, সভ্যতাৰ বুৰঞ্জীত লুকাই থকা সাধাৰণ মানুহৰ দুখ-কষ্ট-হুমুনিয়াহবোৰ চোৱা। এইবোৰ নেদেখিলে ‘জীৱনৰ অপাৰ দিগন্ত’ কেনেকৈ দেখিবা?” “বৰ বৰ মানুহৰ দোলা”ত দোলাভাৰীৰ দুখ, গীতৰ ছন্দ, লয়, সুৰ আৰু গায়কীৰ হৃদয়স্পৰ্শী ব্যাখ্যা আগবঢ়োৱা হৈছে। লগতে গীতটিৰ বাংলা, হিন্দী, নেপালী ৰূপান্তৰ সম্পৰ্কীয়ো কিছু গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়োৱা হৈছে। “এন্ধাৰ কাতিৰ নিশাতে” গীতটিৰ পৰ্যালোচনাত লেখিকাই বিদ্ৰোহিনী মাতৃ পানেইৰ চৰিত্ৰটিৰ মাজেৰে ফুটি উঠা নাৰীবাদৰ সবল স্থিতিক শ্ৰোতাৰ দৃষ্টিগোচৰ কৰাৰ প্ৰয়াস হৈছে। ইয়াৰ পিছতে আছে “চেনেহীৰ ফটা ৰিহা” আৰু “বিস্তীৰ্ণ পাৰৰে” গীতৰ পৰ্যালোচনা। কিতাপখন পঢ়ি স্বাভাৱিকতেই অনুমান কৰিব পাৰি ড০ বৰ্ণালী বৰুৱা দাস সংগীত-জ্ঞানেৰে পুষ্ট এগৰাকী নিখুঁত পৰ্যালোচক। গীত এটি “এনেই শুনা” আৰু “বুজি শুনা”ৰ মাজৰ যি পাৰ্থক্য সেই পাৰ্থক্যৰ মাদকতা “গভীৰ আস্থাৰ গান” পঢ়ি নতুনকৈ উপলব্ধি কৰিছোঁ। বুৰঞ্জী প্ৰসিদ্ধ ঠাই এখন ভ্ৰমণ কৰোঁতে ঠাইখনৰ ইতিহাস নাজানিলে ভ্ৰমণৰ মাদকতা নাথাকে। একেই কথা গানৰ ক্ষেত্ৰতো খাটে। গীত এটি কাণৰ পৰা মগজু পাবলৈ তাৰ ভাবাৰ্থ উদ্ধাৰ কৰিব পাৰিবই লাগিব। এই কাম ড০ বৰ্ণালী বৰুৱা দাসে নিষ্ঠাৰে কৰি ৰাইজৰ মাজলৈ আগবঢ়াই দিছে। শেষত পুনৰ কওঁ, “গভীৰ আস্থাৰ গান” শ্ৰোতাৰ চেতনা জাগ্ৰতকাৰী এখন অনন্য গ্ৰন্থ। এইখন প্ৰথম খণ্ড। পৰৱৰ্তী খণ্ডসমূহলৈ আগ্ৰহেৰে বাট চাই ৰলোঁ। আশাকৰোঁ গ্ৰন্থখনিয়ে পঢ়ুৱৈ আৰু সংগীত প্ৰেমীৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব।