গণ চেতনাৰ এটি জুইসুৰীয়া গান বিষ্ণুপ্ৰসাদ ৰাভা – (টুনুজ্যোতি গগৈ)
দেখি-শুনি বা ভাবি আচৰিত লাগে যে একালত অসম চৰকাৰৰ বাবে ‘অঘৈয়া হুল’ হোৱা, ৰাজঘৰীয়া সাংবাদিক-বুদ্ধিজীৱীৰ দৃষ্টিত ‘নষ্ট চৰিত্ৰৰ যাযাবৰ’ হোৱা, দেশীয় পুঁজিপতিসকলৰ মানত ‘ৰাষ্ট্ৰদ্ৰোহী ডকাইত’ আখ্যাৰে বিভূষিত হোৱা গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাক আজি ন্যস্ত স্বাৰ্থ পূৰ্ণ কৰাৰ সুৱৰ্ণ সুযোগ বিচাৰি সেইসকলেই ‘কলাগুৰু’ৰ মুকুট পিন্ধাই, ধুপ-ধূনা জ্বলাই পূজা কৰে, হেজাৰ হেজাৰ অৰ্থ ব্যয় কৰি ৰাজকীয়ভাৱে ৰাভা দিৱসৰ আয়োজন কৰে। তেওঁলোকৰ বাবে বিষ্ণু ৰাভা যেন এবিধ আকাৰহীন, জুলীয়া দ্ৰব্য — কলহত থ’লে কলহৰ ৰূপ ল’ব, কাঁহীত থ’লে কাঁহীৰ ৰূপ ল’ব! কোনো বুৰ্জোৱাই তেওঁক ‘কলাগুৰু’ পাতিলে আৰু অনেক লোকে তাত হয়ভৰ দি ক’লে যে বিষ্ণু ৰাভাই কলাৰ খাতিৰতে কলাৰ সাধনা কৰিছিল। কিন্তু, শত-সহস্ৰ পীড়িত মানুহৰ বিষাদঘন, ৰক্তাক্ত জীৱন-সংগ্ৰামৰ সোঁতত সাঁতুৰি-নাদুৰি ফুৰা বিষ্ণু ৰাভাই যে অসমৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক জীৱনত এটা অগ্ৰগামী গতি দিবলৈ অহোপুৰুষাৰ্থ কৰিছিল সেই কথা তেওঁলোকে কৌশলেৰে ঢাকি ৰাখে।
সাংঘাতিক লাজৰ কথা – ১৯৬২ চনত যিজন বিষ্ণু ৰাভাক পঘাৰে কঁকালত বান্ধি চৰকাৰে পুলিচৰ হতুৱাই তেজপুৰৰ ৰাজপথেদি গৰু-ছাগলীৰ দৰে চোঁচৰাই কাৰাগাৰলৈ নিছিল, আজি সেইজন বিষ্ণু ৰাভাৰ নামতেই চৰকাৰে বঁটা প্ৰদান কৰে, গ্ৰন্থ প্ৰকাশ কৰে, স্মৃতি দিৱস উদযাপন কৰে। ৰাভাক ৰজাঘৰেই হওক বা প্ৰজাঘৰেই হওক, কেৱল কলাগুৰুৰ মুকুট পিন্ধাই নানা ধৰণে নচুৱাব খোজা চেষ্টাৰ অন্তৰালত যে এক ৰহস্য নিহিত হৈ আছে, সেই কথা সচেতন মহলে ইতিমধ্যে বুজিবলৈ সক্ষম হৈছে। অৱশ্যে, সৰ্ব গুণৰ আকৰ ৰাভাৰ জীৱনাদৰ্শৰ দ্বাৰা সঁচা অৰ্থতেই প্ৰভাৱান্বিত হৈ যিসকল খাটিখোৱা নিপীড়িত আৰু পৰিৱৰ্তনকামী ৰাইজে, ঘাইকৈ পুৰণিক ভাঙি নতুনকৈ গঢ়াৰ স্বপ্নেৰে আলোকিত নতুন পুৰুষে তেওঁৰ পদানুসৰণ কৰিবলৈ আগ বাঢ়ি আহিছে, সেইসকলৰ প্ৰতি আমাৰ আন্তৰিক অভিনন্দন সদায়েই থাকিব।
বিষ্ণু ৰাভাৰ বিশাল কৰ্মৰাজিৰ সবাতোকৈ স্মৰণযোগ্য দিশটো হ’ল – ৰাজনৈতিক আদৰ্শ গ্ৰহণ আৰু সেয়া কাৰ্যকৰীকৰণৰ পথত আত্মনিয়োগ কৰা। ৰাভাই লক্ষ্য কৰিছিল যে ১৯৩৯ চনৰপৰা ১৯৪৫ চনলৈকে চলা দ্বিতীয় বিশ্বযুদ্ধৰ সময়তে পৃথিৱীৰ চুকে-কোণে প্ৰগতিশীল মানৱতাবাদী চিন্তাবিদসকলে যুদ্ধবিৰোধী জনমত গঢ়ি তুলি বিশ্ব শান্তি প্ৰতিষ্ঠাৰ অৰ্থে চিন্তা-চৰ্চা কৰিবলৈ লৈছে। যুদ্ধ শেষ হোৱাৰ লগে লগে বিশ্ব শান্তি আন্দোলন আৰম্ভ হ’ল। সেই আন্দোলনৰ মূল ধ্বনি আছিল – বিশ্বত যেতিয়ালৈকে সাম্ৰাজ্যবাদ থাকিব, তেতিয়ালৈকে যুদ্ধ থাকিব; যেতিয়ালৈকে যুদ্ধ থাকিব, তেতিয়ালৈকে বিশ্ব শান্তিৰ প্ৰক্ৰিয়া আৰম্ভ নহ’ব। গতিকে বিশ্বশান্তিৰ স্বাৰ্থত যুদ্ধ বন্ধ কৰিব লাগিব, যুদ্ধ বন্ধ কৰিবলৈ হ’লে বিশ্বৰ ঔপনিৱেশিক দেশসমূহৰপৰা সাম্ৰাজ্যবাদী শাসন ওফৰাই পেলাব লাগিব, জাতীয় আন্দোলনেই হওক বা স্বাধীনতাৰ আন্দোলনেই হওক তাক তড়িৎ গতিত শক্তিশালী কৰিব লাগিব। এই ঐতিহাসিক কাৰ্য সম্পাদন কৰিবৰ বাবে প্ৰয়োজন হ’লে জাতীয় বুৰ্জোৱা শ্ৰেণীৰ লগতো চামিল হৈ আন্দোলন কৰিব লাগিব। সন্দেহ নাই, বিষ্ণু ৰাভাই এই ৰাজনৈতিক দৃষ্টিভংগীকেই গ্ৰহণ কৰিছিল। তেওঁ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল যে ভাৰতৰ জাতীয় কংগ্ৰেছে ভাৰতৰ স্বাধীনতা আন্দোলনক নেতৃত্ব দিলেও এই কংগ্ৰেছে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ লগত যিকোনো মুহূৰ্ততে আপোচ কৰিব পাৰে। তেওঁ এয়াও উপলব্ধি কৰিছিল যে জাতীয় মুক্তি আন্দোলনৰ মাজেদি গঢ়ি উঠা অন্যান্য ৰাজনৈতিক দল, ঘাইকৈ কংগ্ৰেছ ছ’চিয়েলিষ্ট পাৰ্টি, কমিউনিষ্ট পাৰ্টি আদিয়ে পৰিস্থিতিৰ দাবীত পৰি কেতিয়া কি ভূমিকা গ্ৰহণ কৰে, সেয়া সঠিককৈ ক’ব নোৱাৰি।
বিষ্ণু ৰাভা নিঃসন্দেহে আকৰ্ষিত হৈছিল সুভাষ চন্দ্ৰ বসুৰ আপোচহীন সংগ্ৰামী ভূমিকাৰ প্ৰতিও। ১৯১৭ চনত ৰুছদেশত বিশ্বৰ সৰ্বপ্ৰথম সমাজতান্ত্ৰিক বিপ্লৱ আৰম্ভ হোৱাৰ লগে লগে সেই বিপ্লৱৰ বীজ ভাৰততো গজি উঠিল। ৰাভাই ভাবিছিল যে এই বিপ্লৱৰ ধাৰাই হ’ব বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ মুকুতিৰ ধাৰা। সেইবাবে তেওঁ নিৰ্দ্বিধাই ১৯৪৫ চনত তেওঁৰ চিন্তাধাৰাৰ লগত সম্পূৰ্ণ মিল থকা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ দলত যোগদান কৰিলে। উল্লেখ্য যে তৎকালীন কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক নেতা আছিল ৰবীন্দ্ৰনাথ ঠাকুৰৰ নাতিয়েক সৌমেন্দ্ৰ নাথ ঠাকুৰ। সৌমেন্দ্ৰৰ সান্নিধ্যত ৰাভাৰ আপোন আভা বিয়পি পৰিল। তেওঁ লগ পোৱা অন্যান্য কমিউনিষ্ট নেতাসকল আছিল – অসমৰ খগেন বৰবৰুৱা, গুজৰাটৰ ৰসিক ভাট, পশ্চিমবংগৰ পান্নালাল দাসগুপ্ত, বলৰাম চট্টোপাধ্যায়, বিমলানন্দ মুখোপাধ্যায়, কাশ্মীৰৰ আনন্দ মিশ্ৰ, ৰাজস্থানৰ কিশোৰী প্ৰসাদ শৰ্মা, অনন্ত মাণ্ডেকাৰ ইত্যাদি।
ৰাভাই এইসকল কমিউনিষ্ট নেতাৰ সান্নিধ্যলৈ আহি কৈছিল – ‘ভাৰতৰ বিপ্লৱী সাম্যবাদী দলৰ লগত সংশ্লিষ্ট থাকি মাৰ্ক্সীয় দৰ্শন, মাৰ্ক্সীয় অৰ্থনীতি, দ্বন্দ্ববাদৰ লগত পৰিচিত হৈ আৰু লেনিনবাদৰ সম্যক জ্ঞানৰ উপলব্ধিৰ আগত ৰাইজৰ হিয়াৰ আমঠু, ৰাইজৰ প্ৰাণৰ লগৰী আৰু ৰাইজৰ লগত একেলগে মিলিজুলি ৰাইজক মাৰ্ক্সীয় দৰ্শনৰ প্ৰতি উদ্বুদ্ধ কৰাৰ কাৰণে নিজৰ সকলো শক্তি নিয়োগ কৰোঁ।’ স্মৰ্তব্য যে ১৯৪৫ চনৰ নৱেম্বৰত দক্ষিণ কামৰূপৰ ভাওৰিপাৰাত এক বিৰাট কৃষক সমাৰোহ অনুষ্ঠিত হৈছিল। প্ৰায় ৫০ হেজাৰ কৃষক উপস্থিত হোৱা এই সমাৰোহৰ সভাত সভাপতিত্ব কৰিছিল বিষ্ণু ৰাভাই। ৰাভাৰ কথা আৰু গীতে সমাৰোহস্থলীৰ হেজাৰ হেজাৰ কৃষকক উদ্বেলিত কৰি তুলিছিল।
লক্ষণীয় যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ব্ৰিটিছ তথা অন্যান্য ঔপনিৱেশিক শক্তিবোৰৰ মেৰুদণ্ড ভাগি পৰিল। তৎকালীন পৰিস্থিতিত ঔপনিৱেশবাদৰ বিৰুদ্ধে পৰাধীন দেশসমূহৰ সংগ্ৰামো প্ৰবল হৈ পৰিছিল। ভাৰততো ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিক্ষোভ সংঘটিত হ’বলৈ ধৰিলে। মুম্বাইত নাবিকসকলে, পঞ্জাব তথা মধ্যপ্ৰদেশত চিপাহীসকলে আৰু ৰাণীগঞ্জৰ কয়লা শ্ৰমিকসকলে বিদ্ৰোহ কৰিবলৈ লোৱাত ব্ৰিটিছ চৰকাৰ শংকিত হৈ পৰিল। কি নীতি বা ব্যৱস্থা গ্ৰহণ কৰি সেই পৰিস্থিতি চম্ভলা হ’ব, সেই লৈ ইংলেণ্ডত ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সভা বহিল। সভাই ঠিক কৰিলে যে বিশ্বৰ চুকে-কোণে থকা উপনিবেশবোৰত এনেভাৱে স্বাধীনতা দিয়া হওক, যাতে স্বাধীনতা দিয়াৰ পাছতো সেই দেশবোৰত ব্ৰিটিছৰ বজাৰ বা অৰ্থনৈতিক শোষণৰ ক্ষেত্ৰ বাহাল থাকে। অৰ্থাৎ ব্ৰিটিছ চৰকাৰে পৰিকল্পিতভাৱে অৰ্থনৈতিক নিয়ন্ত্ৰণবোৰৰ মূল সঁচাৰকাঠি নিজৰ হাতত ৰাখি তেওঁলোকৰ পৃষ্ঠপোষকতাতেই সৃষ্টি হোৱা দেশীয় দালালবোৰৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰি শোষণৰ পথ মসৃণ কৰি ল’লে। ব্ৰিটিছ চৰকাৰে সিদ্ধান্ত ল’লে যে ভাৰতক ধৰ্ম আৰু জাতিৰ ভিত্তিত দুভাগ কৰিহে স্বাধীনতা প্ৰদান কৰা হ’ব। সেই মতেই ১৯৪৭ চনৰ ১৫ আগষ্টত হিন্দুস্তান আৰু পাকিস্তান নামৰ দুখন ৰাষ্ট্ৰ সৃষ্টি কৰি ভাৰতক স্বাধীনতা দিয়া হ’ল।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ মূল দাবী আছিল – ‘অখণ্ড ভাৰতৰ পূৰ্ণ স্বাধীনতা’। কিন্তু, ভাৰতবাসীয়ে গ্ৰহণ কৰিবলগীয়া হ’ল– ‘দ্বি-খণ্ডিত ভাৰতৰ অসম্পূৰ্ণ স্বাধীনতা।’ অন্য অৰ্থত, ভাৰতবাসীয়ে, ঘাইকৈ সৰ্বসাধাৰণে বহু আকাংক্ষিত স্বাধীনতা নাপালে। কোৱা বাহুল্য, সাম্ৰাজ্যবাদীৰ ‘ডিভাইড এণ্ড ৰোল পলিচি’ মতে দেশ বিভাজন কৰি স্বাধীনতা গ্ৰহণ নকৰা হ’লে কাশ্মীৰ সমস্যাক কেন্দ্ৰ কৰি তিনিখনকৈ ভাৰত-পাকিস্তান যুদ্ধ সংঘটিত নহ’লহেঁতেন বা পাকিস্তানৰ ভিতৰতে গৃহযুদ্ধ লাগি বাংলাদেশ নামৰ আৰু এখন তৃতীয় ৰাষ্ট্ৰৰ সৃষ্টি নহ’লহেঁতেন। ৰিফিউজি সমস্যা, ভোটাৰ তালিকাৰ সমস্যা, সাম্প্ৰদায়িক সংঘৰ্ষ, সীমা বিবাদ আদি এশ এটা সমস্যাৰো সৃষ্টি নহ’লহেঁতেন। স্বীকাৰ্য যে দেশ বিভাজন কৰা সাম্ৰাজ্যবাদী ষড়যন্ত্ৰৰ বিৰুদ্ধে সেই মুহূৰ্তত কেৱল ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টিয়েহে প্ৰতিবাদ কৰিছিল। সেই পাৰ্টিয়েই ১৯৪৭ চনৰ ১৫ আগষ্টত দেশজুৰি পালন কৰা প্ৰথম স্বাধীনতা দিৱসৰ দিনা ক’লা পতাকা উৰুৱাই ঘোষণা কৰিছিল—‘এই স্বাধীনতা ভুৱা স্বাধীনতা।’ স্বাধীনতা প্ৰাপ্তিৰ আনন্দত মতলীয়া সৰহসংখ্যক লোকে বিপ্লৱী কমিউনিষ্ট পাৰ্টিক পাগল বুলি গালি-গালাজ কৰিছিল। তেওঁলোকে ভাবিছিল যে দেশ স্বাধীন হ’ল যেতিয়া ভাৰতলৈ পুনৰ ‘সত্য যুগ’ উভতি আহিব, দেশবাসীৰ অৱস্থা জয় জয় ময় ময় হ’ব, অন্যায়-অবিচাৰ, দুৰ্নীতি-চোৰাং কাৰবাৰ নাথাকিব ইত্যাদি। কিন্তু, সৰ্বসাধাৰণৰ এই সপোন ধূলিসাৎ হ’বলৈ বেছিদিন নালাগিল— সমাজৰ সকলো স্তৰতে স্খলন ঘটিবলৈ ধৰিলে; লাখ লাখ জনতাই হাঁ ভাত, হাঁ কাপোৰ, হাঁ ঘৰ বুলি হাহাকাৰ কৰিবলৈ ধৰিলে। পুঁজিবাদী সমাজব্যৱস্থাৰ পৰাই যে এই প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি হ’ল, সেই বিষয়ে সন্দেহ নাই।
স্বাধীনোত্তৰ কালত ভাৰতৰ এই পুঁজিবাদী সমাজব্যৱস্থাক ওফৰাই সমাজতান্ত্ৰিক অৰ্থনীতি প্ৰৱৰ্তন কৰিবলৈ আৰু সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ৰাষ্ট্ৰযন্ত্ৰ দখল কৰিবলৈ বিপ্লৱী কমিউনিষ্ট পাৰ্টিয়ে চেষ্টা কৰিছিল। কমিউনিষ্ট পাৰ্টিয়ে এই লক্ষ্য আগত ৰাখিয়েই গাঁও অঞ্চলৰ কৃষকৰ মাজত বা নগৰাঞ্চলৰ কল-কাৰখানাৰ শ্ৰমিকৰ মাজত গণবাহিনী গঠন কৰি অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিছিল। এনে গণবাহিনী গঠনৰ ক্ষেত্ৰত বিষ্ণু ৰাভাই বিপ্লৱী গীত ৰচনা আৰু পৰিবেশন কৰি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল।
(দুই)
বাংলা সাহিত্যিক অন্নদাশংকৰ ৰায়ে ৰাভাৰ দৰে হাতত বন্দুক লৈ, গান গাই, ছবি আঁকি জীৱন সংগ্ৰামত আগুৱাই যোৱাৰ অবিস্মৰণীয় ছবি ইটালীয় নৱন্যাসৰ পটভূমিত প্ৰত্যক্ষ কৰিছিল। তেওঁ ৰাভাক সব্যসাচীৰ লগত তুলনা কৰি কৈছিল–‘ৰাভাৰ সমগ্ৰ কৰ্ম প্ৰচেষ্টাক ধৰি ৰখাৰ চেষ্টা কৰা উচিত।’ ৰাভাই ক্ৰিষ্ট’ফাৰ কডৱেলৰ বিষয়ে পঢ়িছিলোঁ বুলি ক’তো উল্লেখ নকৰিলেও দেখা যায় যে কডৱেলৰ দৰে ৰাভাও বহু দিশত বহু প্ৰতিভা বিকশিত এক উজ্জ্বল ব্যক্তিত্ব আছিল। ৰাভাই মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰিছিল নিৰ্যাতিত-নিপীড়িত জনগণৰ চকুলোৰ ভাষা; পঁজা ঘৰৰ মানুহজনৰ কটনা কটা ভাতমুঠি তৃপ্তিৰে খাব পাৰিছিল, কেতিয়াবা অনাহাৰে আৰু কেতিয়াবা উজাগৰে গাঁৱে গাঁৱে নিষ্ঠাৰে খোজ কাঢ়ি ঘূৰি ফুৰিছিল। সঁচা ক’বলৈ গ’লে, অৱনত-অৱহেলিত গ্ৰামাঞ্চলৰ সাধাৰণ অথচ অসাধাৰণ জনগণই আছিল বিষ্ণু ৰাভাৰ সাংস্কৃতিক চৈতন্যৰ আধাৰ। উত্তৰাধিকাৰ সূত্ৰে পোৱা সহস্ৰ বিঘা মাটি দুখীয়া খেতিয়কক বিলাই দি আৰু চৰকাৰী চাকৰি প্ৰত্যাখ্যান কৰি তেওঁ ওৰেটো জীৱন কেৱল সংগ্ৰামেই কৰিলে। তেওঁ বুকু ভৰি আছিল নিৰ্যাতিত মানুহৰ মুকুতিৰ অনিবাৰ্য স্বপ্নেৰে।
বিষ্ণু ৰাভাৰ জীৱনৰ আদৰ্শ পুৰুষ আছিল– শংকৰদেৱ-মাধৱদেৱ। সামন্তযুগীয় সামাজিক ভেদাভেদ, জাতিভেদ আঁতৰাবলৈ প্ৰচেষ্টা চলোৱা শংকৰদেৱৰ দ্বাৰা বিষ্ণু ৰাভাই জীৱনৰ আগ বয়সত প্ৰভাৱান্বিত হৈ শংকৰী সংস্কৃতিৰে পুষ্ট এক সমৃদ্ধিশালী সমাজ গঢ়াৰ সপোন দেখিছিল। ক’ব পাৰি, সেই বয়সত তেওঁ নিতান্তই ভাববাদী দৰ্শনেৰে প্ৰভাৱান্বিত হৈছিল। কাৰণ, শংকৰদেৱ এক বিশাল ব্যক্তিত্ব হ’লেও সাম্প্ৰতিক কঠিন সমস্যাৰ সমাধান তেওঁ দেখুৱাই যোৱা পথেৰে কেতিয়াও সম্ভৱপৰ নহয়। সেইদৰে, ৰাভাই জন্মান্তৰবাদত বিশ্বাস কৰি ৰচনা কৰিছিল– ‘পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা…।’ এইবোৰে নিশ্চয় ৰাভাৰ জীৱন সম্পৰ্কে বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱকে প্ৰমাণ কৰে।
কথাবোৰ এনেদৰেও ভাবিব পাৰি যে ধৰ্মীয় ভাবাদৰ্শতকৈ ৰাভাক আকৰ্ষিত কৰিছিল শংকৰদেৱৰ বহুমুখী ব্যক্তিত্ব, আপোচহীন চাৰিত্ৰিক দৃঢ়তা আৰু আকাশলংঘী প্ৰতিভাই। পৈণত বয়সত তেওঁ মাৰ্ক্সবাদ-লেনিনবাদৰ আদৰ্শ গ্ৰহণ কৰি আৰু শ্ৰমিক-সৰ্বহাৰাৰ মুক্তি সংগ্ৰামত লিপ্ত হৈ কৈছিল যে যতদিন শোষণ-দমন থাকিব; ততদিন বুদ্ধ, যীশু, গান্ধী, শংকৰ-মাধৱৰ অহিংসা হ’ব অসাৰ। সন্দেহ নাই, বাঘ ছাল-ভষ্ম-সাপ পৰিহিত শিৱ শংকৰহে যে শোষিত-পীড়িত মানুহৰ প্ৰতীক, সেয়া প্ৰমাণ কৰিবৰ বাবেই তেওঁ শিৱৰ তাণ্ডৱ নৃত্য ভাৰত বিখ্যাত কৰি তুলিছিল আৰু ‘তাণ্ডৱৰত ভোলা শিৱ শংকৰ তাণ্ডৱ নৃত্য সদাশিৱ গান, তাণ্ডৱ ভংগিমাত বাজে মহা তাল’ বুলি শিৱস্তুতিও ৰচনা কৰিছিল। তেওঁ প্ৰেমৰ সহজাত তাড়নাত ৰোমাণ্টিক আৱেগভৰা প্ৰেমৰ গীত-কবিতা লিখিলেও প্ৰেমকেই জীৱনৰ সৰ্বস্ব বুলি কেতিয়াও ভবা নাছিল। ডেকা বয়সৰ বাদে অন্য বয়সত ৰোমাণ্টিক আৱেগভৰা গীত-কবিতা লিখিবলৈ আহৰি নোপোৱা ৰাভা আছিল প্ৰকৃত অৰ্থত শ্ৰমিক-কৃষক-তলমজলীয়া সৰ্বহাৰা প্ৰেমীহে। সন্দেহ নাই, অষ্ট প্ৰহৰ সংগ্ৰাম কৰি কৰি বিকশিত হোৱা ৰাভা প্ৰতিভা হ’ল বিপ্লৱী সমাজবীক্ষাৰ জ্যোতিৰে জ্যোতিষ্মান।
ৰাভাই ব্যক্তিগত জীৱনৰ অনেক সমস্যা আৰু অনেক হতাশা হেলাৰঙে প্ৰতিহত কৰি ধুমুহা বিজয়ী মনৰ গৰাকী হৈ এদিন হুংকাৰ দিছিল দুৰ্গম গিৰি অতিক্ৰম কৰি হ’লেও অসমী আইৰ মলিন মুখ উজলাই তোলাৰ। জন্মসূত্ৰে বড়ো জনজাতিৰ ৰাভাই তেওঁৰ জীৱন কালতে প্ৰমাণ কৰি দেখুৱালে অসমৰ সংখ্যালঘু-অৱহেলিত জনজাতিসমূহৰ মানুহো কেনেদৰে শ্ৰেষ্ঠতম অসমীয়াসকলৰ পৰ্যায়লৈ উন্নীত হ’ব পাৰে। ৰাভাই জনজাতি হিচাবে গৌৰৱ কৰিও আৰু সেই আপোন পৰিচয় অটুট ৰাখিও প্ৰথম শ্ৰেণীৰ এজন ভাল অসমীয়া হিচাবে স্বীকৃতি লাভ কৰিলে। তেওঁ অসমৰ প্ৰতিটো অৱহেলিত জনজাতিৰ কাৰণে দেহে-কেহে খাটিছিল, তেওঁলোকৰ সুখ-দুখৰ কাহিনী লিখিছিল আৰু অসমৰ সমূহ জনজাতিৰ সমবেত জয়যাত্ৰাৰ ঊষা-গীত কণ্ঠ খুলি গাইছিল।
ৰাভাই ‘জনজাতীয় সংস্কৃতিত শিৱ’ শীৰ্ষক প্ৰবন্ধ এটাত কৈছিল–‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। নিজৰ ধৰ্ম, কৃষ্টি,সমাজ আৰু সংস্কৃতিৰ উপৰি আনৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান থকা উচিত। পৰস্পৰৰ ভিতৰত অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ৰাখি কালৰ ৰথৰ চকাৰ অগ্ৰগতিৰ তালে তালে প্ৰগতিৰ অসীম বাটেদি অগ্ৰসৰ হোৱা উচিত।’ ৰাভাৰ এই মন্তব্য কিতাপ গন্ধী নাছিল, জনজাতিসমূহৰ প্ৰতি থকা নিবিড় আত্মিক অনুভূতিয়েহে তেওঁৰ এই চিন্তা উন্মোচন কৰিছিল। এই প্ৰসংগত তেওঁ আধুনিক নৃ-বিজ্ঞানী সমাজৰ প্ৰকাৰ্যত্মবাদীসকলৰ অনুগামী আছিল বুলি ক’লেও অত্যুক্তি কৰা নহ’ব নিশ্চয়। বাৰে বৰণীয়া জনজাতীয় গোষ্ঠীৰে ভৰা অসমৰ বিশাল সাংস্কৃতিক জগতখনত যে অনাৰ্য উপাদান প্ৰচুৰ বা প্ৰচুৰ হোৱাটোৱেই স্বাভাৱিক, সেই কথা সকলোৱে জানে। কিন্তু, অসমৰ তথাকথিত বিদ্বৎ সমাজখন বহুবছৰ ধৰি আৰ্য চেতনাৰ দ্বাৰা চলিত হৈ থকা বাবেই এই অনাৰ্য উপাদানসমূহ আৱিষ্কাৰ কৰাৰ প্ৰচেষ্টা অসমত চলা নাছিল। কাজেই, জনজাতীয় ৰাইজক জাগ্ৰত হ’বলৈ তেওঁ আহ্বান জনালে–‘ট্ৰাইবেল, জাগ ট্ৰাইবেল/তিয়াগি ঘুমটি তোৰ কউটিকলীয়া/অতীত গৰিমা তোৰ পাহৰাই নিয়ায নয়ন কুসুম মেল।’
ৰাভাই অনুভৱ কৰিছিল যে ক্ৰমাৎ বাঢ়ি অহা আৰ্যপ্ৰীতিয়ে অসমীয়া জাতিৰ গৌৰৱোজ্জ্বল অতীত ধূলিসাৎ কৰিব আৰু সাংস্কৃতিকভাৱে অসমত ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি কৰিব। এনে পৰিস্থিতিত বহুধাবিভক্ত অসমীয়া সমাজক একগোট কৰিব পাৰিলেহে আমাৰ আৰ্থিক, ভাষিক আৰু সাংস্কৃতিক উন্নয়নৰ পথ সুগম হ’ব আৰু আমি মূৰ দাঙি জীয়াই থাকিব পাৰিম। ‘জনজাতীয় সংস্কৃতিত শিৱ’ নামৰ প্ৰবন্ধটোত ৰাভাই জনজাতীয়সকলৰ সমস্যাৰ কেতবোৰ আলোকসন্ধানী বিশ্লেষণ আগ বঢ়াই কৈ গৈছে যে অসমৰ পৰ্বত আৰু ভৈয়ামৰ জনজাতিৰ বিষয়ে ভালকৈ ‘তাত্ত্বিক’ আৰু ‘তাথ্যিক’ আলোচনা তথা ‘গূঢ় গৱেষণা’ হোৱা নাই। তাৰ ফলশ্ৰুতিত অনেক সমস্যা আৰু বিসংগতিৰ সৃষ্টি হৈছে। এই সমস্যা আৰু বিসংগতিবোৰ আঁতৰ কৰিবলৈ হ’লে গৱেষকসকল ‘জনজাতিৰ হিয়াৰ আমঠু, কলিজাৰ এডুখৰি আৰু বুকুৰ এফাল হ’বলৈ শিকিব লাগিব।’
(ৰচনাকাল : ২০০১)
সাম্প্ৰতিক প্ৰেক্ষাপটত এনে এটি বিষয়ৰ আলোচনা খুবেই ভাল লাগিল।